গুৰু মোৰে দয়া নাচাৰিবা

 দিহাঃ গুৰু মোবে দয়া নাচাৰিবা

গুৰু মোবে দয়া নাচাৰিবা।

 মই বৰ পাপৰে পাপী 

গুৰু চৰণে ৰাখিবা।  


পদঃ  দয়া মোৰে দয়া মোৰে গুৰু 

দয়া মোৰে প্ৰাণ।

কিনো বস্তু হ’ব পাৰে গুৰু  দয়াৰে সমান।।

দয়াৰে সমান।।

ইকুলো নাপাইলোঁ গুৰু মই

সিকুলো নাপাইলোঁ।

মাজ সাগৰতে পৰি গুৰু

জাঁজী হৈয়া ৰৈলোঁ।

জাঁজী হৈয়া ৰৈলোঁ গুৰু মই    

মাণিক পাবৰ আশে, 

সাগৰ শুকাল মাণিক লুকাইল গুৰু

নিজ কর্ম দোষে।।