ও জীবন, ছাড়িয়া নাযাইস...  

ও জীৱন, ছাড়িয়া নাযাইস মোকে,  

তুই জীৱন ছাড়িয়া গেইলে  

আদৰ কৰিবে কে (জীৱন ৰে)।  

কচুৰ পাতাৰ জল যেমন ৰে 

জীৱন, টল-মল টল-মল কৰে।  

ওই মত মাইন্‌ষেৰ জীৱন  

কোন দিন ঢলিয়া পৰে (জীৱন ৰে)।  

ধান কাটে ধানুৱা ভাই ৰে 

জীৱন ছাড়িয়া কাটে নাৰা।  

ওই মতন নৰেৰ দেহা  

জীৱন গেইলে মৰা (জীৱন ৰে)।  

দুনো জনে যুক্তি কৰিয়া  জীৱন, 

আসিলং ভবেৰ হাটে।  

তুই জীৱন ছাড়িয়া নায়াইস্ 

নিধুৱা পাথাৰে (জীৱন ৰে) 

তুই জীৱন ছাড়িয়া গেইলে ৰে 

জীৱন, কান্দিবে বাপ-ভাই।  

শ্মশান-ঘাটে সোণাৰ দেহা  

পুৰিয়া কৰিবে ছাই (জীৱন ৰে)।  

ভাই বলো, ভতিজা ৰে বলো ৰে  

জীৱন, সম্পত্তিৰে ভাগী।  

মৰণ কালে কেউ কাৰো নয়, 

গোবিন্দ নাম সাথী (জীৱন ৰে)।