অ মন বলিয়া অ... অ মন বলিয়া...

দিহাঃ অ মন বলিয়া অ... অ মন বলিয়া। 

গৰল ভুঞ্জিয়া বৈলি অমৃত তেজিয়া।।

পদঃ পুত্র জীক লাগি ৰান্ধে পর্বতবে ভাব। 

মাধৱৰ নামে নেদো অগনিত খেব।।

 চিন্তো এৱে পুত্র ভাৰ্য্যা কেনে ভালে খাই।

 নিচিন্তো নিজক কালে কি কৰে বিলায়।।

 মিছা মৰ মিছা অর্থ তাকে চিত্তি মবো।

 পৰমাৰ্থ নিজ ঘৰ মই মনতে নকৰো।। 

পিতা, মাতা শহুৰক মানো উপকাৰী। 

গুৰু সাধু ব্রাহ্মণক দেখি লওঁ বাৰি।। 

স্ত্রী মদ্য খোৱা লোৱা তাবে কৰো মেল। 

মুখে মাধৱৰ নাম নাহে কোনো কাল।। 

কৃষ্ণপুৰী শুনে মোৰ কিহব উপায়। 

কুবুদ্ধিত পৰি মই হাৰাইলো কানাই।।