ও গোপাল গোৱালীপাৰাতে নাচে

               


ঘোষাঃ ও গোপাল 

গোৱালীপাৰাতে নাচে চৰণ 

চলাই 
নুপূৰ বজাই মধুৰ মধুৰ হাসে।।


পদঃ পীত ধটি বাটি

কাচনি কাচিয়া


আগ-পাছ লাসে ঢাৱে।


বালকৰ ভাৱ


দেখায়া কানাই


গোপীৰ মন ভুলাৱে।


দধি বিকি আসি


শুনিল গুৱালী


হৰি নাচিবৰ কথা।


পসাৰ পেলাই


লৱৰন্তে যাই


কৃষ্ণক বেঢ়িলা তথা৷৷