গৌৰীপুৰীয়া বন্ধু

গৌৰীপুৰীয়া মাহুত বন্ধু  

তোমৰা হাতীৰ পিঠিত চৰেন 

তোমৰা হাতীৰ পিঠিত চৰিয়া ৰে মাহুত 

বনুৱা হাতী ধৰেন ৰে।।  


হাতীৰ পিঠিত থাকিয়া ৰে মাহুত  

হাতীৰ মায়া কৰেন  

ঘৰেৰ মায়া ছাড়িয়া ৰে মাহুত 

বনতে বাস কৰেন ৰে ৷৷

  

বনত আছে পশু পাখী  

তাৰ ও আছে মায়া  

বনতে থাকিয়া তোমৰা  

ছাড়লেন ছাওয়া পোয়া ৰে।। 

 

দিন যায় মোৰ ৰাতি হয় ৰে  

ঘৰত বসিয়া ভাবং  

তোমৰাও গেইলেন হাতী ধৰিব  

কেমন ঘৰত থাকং ৰে ৷৷  


তোমৰা গেইলেন শিকাৰ বাড়ী 

বনুৱা হাতীৰ নিশাত 

ছাওয়া পোয়া সগাই কান্দে 

তোমাৰ আশাত ৰে।।