এ প্রাণ গোপাল পাতিলা মায়াৰে খেলা


দিহাঃ এ প্রাণ গোপাল পাতিলা মায়াৰে খেলা ।
ও মোৰ দয়াল অ'....।

পদ : এক গুটি ঘৰ যিবা খাবৰ জীৱৰ আছে; 
সিও ঘৰ লৈয়া গৈলা ধুমুহা বতাহে। 
প্রাণ.…...

ঘৰ গুটি বান্ধে মনাই দুৱাৰখানি ছান্দা; । 
আপোনাৰ ঘৰ এৰি পৰক লেগি কান্দা
প্ৰাণ....

এক গুটি কন্যা আছে ঘৰৰে ঘৰণী;

তাৰ কাষক যি নাযায় সিও মহামুনি।
প্রাণ....

আৰু এটা নদী আছে বয় তীক্ষ্ণ ধাৰে; 
কাল-বিকাল দুটা পখী ইপাৰে সিপাৰে। 
ন ফালে বসি আছে নৱটি দুৱৰী; 
তাৰ মাজে বসি আছে পূৰ্ণানন্দ হৰি। 
উৰি গৈলা ৰাজহংস পৰি ৰৈলা পাখি, 
সিও দেহা পৰি ৰৈলা যমুনাৰে বালি।
প্রাণ....