কৃষ্ণ উপজিলা


কৃষ্ণ উপজিলা কেৱে নাজানিলা ও

ধুৱাব নাপালু পানী

ক'লা নে বগা দেখাও নাপালু

কোলাতে নললু আনি।। কি ও মোৰ বাছা প্রাণ ধন তই

ক’লীয়া সুন্দৰ। তোক লাগি অভাগিনীৰ

দহিছে অন্তৰ।।

কংস ভাই মাৰি নিলা।

পুত্র ছয় গুটি

তাহাৰ শোকতে মোৰ

প্রাণ যাই ফুটি।