গোপাল কিমতে তেজিম মায়া...

দিহাঃ গোপাল কিমতে তেজিম মায়া। 

বিষে জৰাজৰ সুখে গেল কায়া।। 

অমৃতক তেজিয়া বিষক খায়া।।  


পদঃ ভাৰ্য্যা পুত্রধন বিষয়ৰ আশে।  

মিছাতে বন্দী হৈলো এমায়া পাশে।।  

বিষয়ৰ সুখ ভুঞ্জিলো নিত।  

হৰি ভকতত নিদিলো চিত।।  

গলত ধৰিয়া বিঘিনি গিলে।  

শুনি ভাৱি চোৱা কি সুখ মিলে।।  

মায়াক তেজিবাৰ কাহাৰ শকতি।  

কহে হৰিদাসে গোৱিন্দ পতি।