অ’ সুন্দৰী ৰাধে মাও বৃন্দাবন ছাৰিয়া
দিহা : অ' সুন্দৰী ৰাধে মাও বৃন্দাবন ছাৰিয়া
কৃষ্ণ মথুৰাক যায়।
পদ : কান্দে গোপী গণ কান্দে বৃন্দাবন
কান্দিলে বিৰিখৰ পুলি,
আকুলি ব্যাকুলি কান্দে মাই যশোৱা
মোৰে ৰাম কানু বুলি।। হে ৰাম...
দুষ্ট কংস মামাই কানুক নিব যমপুৰ
, চুৰি কৰি নিলে
হাতৰ কাণৰ সবাকো বিকিলো (তেজিলো)
মিলিলা অনৰ্থ ঘোৰ।। হে ৰাম...
কাহাক লিপিবা অগৰু চন্দন
কাহাকে সেৱিবা পাৱ,
কাহাকে যাচিবা় পুত্ৰৰ চুম্বন
কাৰে মলচিবা গাৱ।। হে ৰাম.…...
আহা সখীসৱ চৰণতে ধৰো
নাযাওক আমাক এৰি,
নহ'লে সবেও তেজিবো পৰাণ
যমুনাৰ জলে পৰি হে ৰাম
অ’ সুন্দৰী ৰাধে মাও