কানাই পাৰ কৰাহে বেলি' পৰিল ছায়া


দিহা : কানাই পাৰ কৰাহে বেলি’ পৰিল ছায়া 
নষ্ট হৈল দধিৰ ভাও বজাৰ হৈল বয়া।

পদ ঃ নাও ভৈলা তুলু বুলু বৈথা ভৈলা ভাৰী, 
কেমনে কৰিব পাৰ ৰাধিকা সুন্দৰী।

কাঠৰে দেশতে থকা কাঠৰ কিবা দুখ, 
ভাঙা নৌকাত পাৰ কৰি কিবা পাবা সুখ।

ভাঙা নহয় চিঙা নহয় গামেৰীৰ সাৰ, 
হস্তি ঘোঁড়া পাৰ কৰো ৰাধাৰ কিমান ভাৰ৷

ৰাধে বোলে অহে কানু কিনো ছল কৰা,

মথুৰাৰ ঘাটে যাওঁ শীঘ্ৰে পাৰ কৰা।

অন্য ৰাধেক পাৰ কৰিলে লওঁ আনা আনা,

তুমি ৰাধেক পাৰ কৰিলে লাগবো কাণৰ সোণা।

কাণৰ সোণা দিয়া ৰাধে পাৰ হৈয়া যায়, 
জগততে খ্যাতি ৰাখে নন্দেৰ কানাই।