পাৰ কৰা ৰঘূনাথ  

পাৰ কৰা ৰঘুনাথ ও 

ও প্রভু সংসাৰ সাগৰে। 

দিন গেল কাল গেল পৰি  

ৰৈলো মায়াজালে।।  


হিয়াৰ মাজে নিৰঞ্জন সাগৰ মাজে বালি 

উৰি গৈল ৰাজহংস দেহা হৈল খালী।।  

উৰিয়া উৰিয়া হংস নাযায় বহুদূৰে।  

ফিৰিয়া ফিৰিয়া চাহে নিৰঞ্জন পুৰে।।  

নগৰতে লোক নাই বৈসে চালে চালে। 

কোন বালাত দোকান দিছে বণিজ কৰে৷ কাৰে।।  

পুখুৰীতে পানী নাই পাৰ কেনে বুৰে।  

পানীৰে ভুমুকা জল পানীতে লুকায়।  

বিৰিখতে পানী নাই জাকে জাকে উৰে। 

দেহাৰে ভুমুকা ৰস দেহাতে শুকায়।। 

দেখিও নেদেখা মন নাই তত্ত্বজ্ঞান।  

মায়া মোহে পৰি ৰৈলো হৰাইলো চেতন।। 

কহয় মাধৱ মতি নিচিনিলে নাই।  

চিনি পালে সেই বস্তু হৃদয়তে পায়।।