সোণৰ বাঁহী নেলাগে ৰূপৰ বাঁহী নেলাগে
সোণৰ বাঁহী নেলাগে ৰূপৰ বাঁহী নেলাগে
মোহন বাঁহী নেলাগে মোক।।
বান্দৰে খায়ন্ত দধি আমাক কৰাহ বন্দী
সঁচা মিছা নকৰা বিচাৰ।
পৰৰ পুত্ৰৰ ব্যথা পৰৰ মাৱে বুজে কিবা
হেন চিত্ত বুজিলো তোমাৰ
গোৱালীৰ শিশু গণে দধি খায় মনে মনে
কিল পৰে কৃষ্ণৰ পিঠিত।
বেঢ়ি মাৰে গোপী গণে তুমি থাকা মনে মনে
এনে তোমাৰ নিদাৰুণ চিত।।
নাখাওঁ তোমাৰ দধি আই নাচাৰিম মই গৰুগাই
আৰু নাযাইবু বৃন্দাবনে।
বৃদ্ধ বয়সতে আৰু নবজাও সোণৰ বাঁহী
দেখি হাসে ব্রজবাসী গণে।।