শ্যাম কানু দূৰকে নাযাবা
দিহাঃ শ্যাম কানু দূৰকে নাযাবা
সোণৰ বাঁহী গঢ়াই থৈছো ঘৰতে বজাবা
শ্যাম কানু দূৰকে নাযাবা।
পদঃ কি- অ’ তুমি যাবা দূৰ দেশে
আমাৰ মনে ধান্দা হৰি
আমাৰ মনে ধান্দা হৰি অ’
তোমাৰ হাতৰ মোহন বাঁহী
থৈ যোৱা বান্দা
শ্যাম কানু কি- অ’ তুমি যাবা নাৱে নাৱে
আমি যাইবো ঘাটে ঘাটে অ’
দুয়োজনৰ মিলন হৈবো
অ’ ত্রিবেণীৰ ঘাটে
শ্যাম কানু..............
কি- অ’ তোমাৰ হাতৰ মোহন বাঁহী
পাইব লাগি যাইবো হৰি
পাইব লাগি যাইবো হৰি অ’
তোমাকে ধৰি হৰি
হিয়াই বান্ধি থৈবো অ’
শ্যান কানু দূৰকে নাযাবা।।