প্ৰথম অধ্যায়  

মানৱৰ বিৱৰ্তন (Evolution of Humankind)


MODEL QUESTION & ANSWER  

অতি চমু প্ৰশ্ন 

১। প্ৰাইমেট কি ? (What is primate?)

উত্তৰঃ  প্ৰাইমেট হল এটা উপশাখা বা বৰ্গ ।

২। হ'মিনিডসমূহ কোন গোত্ৰৰ অন্তৰ্গত ? (Hominid belonged to which family?)

উত্তৰঃ হ'মিনিডসমূহ হ'মিনিডি গোত্ৰৰ অন্তৰ্গত ।

৩। অষ্ট্ৰল'পিথিকাছৰ অৰ্থ কি ? (What is the meaning of Austrlopethecus?)

উত্তৰঃ  অষ্ট্ৰল'পিথিকাছৰ অৰ্থ হল দক্ষিণফালৰ নেজবিহীন বান্দৰ । 

৪। প্ৰস্তৰ যুগ কাক কয় ? (What is stone age?)

উত্তৰঃ যিখিনি সময়ত মানুহে কেৱল শিলৰ আহিলা-পাতিৰ ব্যৱহাৰ জানিছিল সেইছোৱা সময়ক প্ৰস্তৰ যুগ বুলি কোৱা হয়।

৫। হ'ম' ইৰেক্টাছে নিৰ্মাণ কৰা হাতকুঠাৰ ক'ত আৱিষ্কৃত হৈছে ? (In which place the hand-axe made by homo ereetus discovered?)

উত্তৰঃ  হ'ম ইৰেক্টাছে নিৰ্মাণ হাতকুঠাৰ টানজানিয়াৰ অলডুবাই জৰ্জত আৱিস্কৃত হৈছে । 

৬। মাইক্ৰ'লিথ মানে কি? (What is MIcrolith?)

উত্তৰঃ  মাইক্ৰ'লিথ মানে হ'ল- সৰু, মিহি, চোকা আৰু ক্ষুদ্ৰ আকৃতিৰ আহিলা।

৭। কৃষিৰ আৰম্ভণি কোন যুগত হৈছিল ? (In which period agriculture begins?)

উত্তৰঃ  কৃষিৰ আৰম্ভণি নৱপ্ৰস্তৰ যুগত হৈছিল । 

৮। কেতিয়াৰ পৰা পশুপালনৰ আৰম্ভণি হৈছিল ? (From which period, animal husbandry begins?)

উত্তৰঃ  নৱপ্ৰস্তৰ যুগৰ পৰা পশুপালনৰ আৰম্ভণি হৈছিল । 

চমু প্ৰশ্ন

১। প্ৰস্তৰ যুগৰ যিকোনো দুটা ভাগ উল্লেখ কৰা। (Mention any two division of stone Age.)

উত্তৰঃ  প্ৰস্তৰ যুগৰ যিকোনো দুটা ভাগ তলত উল্লেখ কৰা হল 

ক) প্ৰাচীন প্ৰস্তৰ বা প্ৰত্নপ্ৰস্তৰ যুগ ।

খ)  মধ্যপ্ৰস্তৰ যুগ । 

২। প্ৰত্ন প্ৰস্তৰ যুগৰ যিকোনো দুটা ভাগ উল্লেখ কৰা। (Mention any two divisions of Palaeolithic Age.)

উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুগৰ যিকোনো দুটা ভাগ হল 

ক)  নিম্ন বা আদি  প্ৰত্নপ্ৰস্তৰ যুগ ।

খ) মধ্য প্ৰত্নপ্ৰস্তৰ যুগ । 

৩। হ'ম'ৰ যিকোনো দুটা প্ৰজাতি উল্লেখ কৰা। (Mention any two species of homo.)

উত্তৰঃ হ'মৰ যিকোনো দুটা প্ৰজাতি হল 

ক) হ'ম হেবিলিচ ।

খ) হ'ম ইৰেক্টাছ ।

৪। প্ৰত্ন প্ৰস্তৰ যুগৰ শিলৰ আহিলাৰ দুটা ভাগ উল্লেখ কৰা। (Mention any two types of Palaeolithic stone tools.)

 উত্তৰঃ  প্ৰত্ন প্ৰস্তৰ যুগৰ শিলৰ আহিলাৰ দুটা ভাগ হল 

ক) গোটা শিলেৰে তৈয়াৰী আহিলা

খ)  ধাৰ থকা শিলৰ আহিলা।

৫। মধ্য প্ৰস্তৰ যুগৰ দুটা বৈশিষ্ট্য লিখা। (Write two charateristics of Mesolithic Period.)

উত্তৰঃ  মধ্য প্ৰস্তৰ যুগৰ দুটা বৈশিষ্ট্য হল 

ক) পশুপালন পদ্ধতিৰ প্ৰচলন ।

খ) খাদ্য সংৰক্ষণৰ জ্ঞান । 

৬। আদিম মানৱে কৰা দুবিধ কৃষি উল্লেখ কৰা । (Mention two agricultural products of early men.)

উত্তৰঃ আদিম মানৱে ব্যৱহাৰ কৰা দুবিধ কৃষি উল্লেখ কৰা হল 

ক) ধান ।

খ) গোমধান ।

৭। আদিম মানৱে পালন কৰা দুবিধ জন্তু উল্লেখ কৰা। (Mention two animals domimesticated by early men.)

উত্তৰঃ আদিম মানৱে পালন কৰা দুবিধ জন্তু উল্লেখ কৰা হল 

ক) ভেড়া ।

খ) গাহৰি । 

চমুটোকা 

১। প্ৰত্নপ্ৰস্তৰ যুগৰ সঁজুলি (Palaeolithic tools)

উত্তৰঃ  প্ৰত্নপ্ৰস্তৰ যুগত ব্যৱহাৰ কৰা আহিলাসমূহ প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰিব পৰা যায় ।

ক) গোটা শিলেৰে তৈয়াৰী আহিলা ।

খ) দুই মূৰে ধাৰ থকা আহিলা, হাতকুঠাৰ ইত্যাদি ।

গ) চটাচট শিলেৰে তৈয়াৰী আহিলা ।

ঘ) ধাৰ থকা শিলৰ আহিলা ।

প্ৰথম অৱস্থাত আদিম মানৱে বনৰীয়া জন্তু বধ কৰিবৰ বাবে  একোটা হাতেৰে ধৰিব পৰা জোখৰ শিল ব্যৱহাৰ কৰিছিল । ক্ৰমে একোচটা শিলৰ চলিৰে  তেওঁলোকে কুঠাৰ, কটাৰী, হাতুৰী আদি নিৰ্মাণ কৰিবলৈ শিকে । ৰাচলৈ সৰু চেপেটা শিলত কাঠৰ নাল লগাই কুঠাৰ তৈয়াৰ কৰিছিল । এই আহিলাসমূহ তেওঁলোকে মাটি খন্দা, গছ কটা, কাঠত ধাৰ কৰা আদি কাৰ্যত ব্যৱহাৰ কৰিছিল । ধাৰ থকা আহিলাসমূহ জন্তুৰ ছাল ফলা আদি কাৰ্যত ব্যৱহাৰ কৰিছিল । আদিম মানৱৰ এই আহিলা নিৰ্মাণ কাৰ্যত ব্যৱহাৰিক জ্ঞান আৰু প্ৰযুক্তি কৌশল মন কৰিবলগীয়া । তেওঁলোকে প্ৰক্ষেপণ শিলসমূহৰ এটা মূৰ বা দুয়োটা মূৰ জোঙা কৰি লৈছিল । ডাঙৰ ডাঙৰ শিলসমূহৰ এটা ফাল গুচাই তলৰ ফালটো ধাৰ থকা আহিলা হিচাপে ব্যৱহাৰ কৰিছিল । প্ৰয়োজনৰ ওপৰতলক্ষ্য ৰাখি আহিলাসমূহ নিৰ্মাণ কৰা হৈছিল । প্ৰথম অৱস্থাত আদিম মানৱে খহটা অস্ত্ৰ তৈয়াৰ কৰিছিল । কিন্তু পাচলৈ ক্ৰমে মিহি আৰু চোকা আহিলা নিৰ্মাণ কৰিব পৰা যায় । মগজুৰ বিকাশৰ ফলত হাতৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু জটিল নিৰ্মাণকাৰ্য সম্পন্ন কৰিব পৰা যায় । তদুপৰি জন্তুৰ নোমাল ছালসমূহ মানুহে পিন্ধিবলৈ আৰম্ভ কৰে ।

২। কৃষিৰ আৰম্ভণি (Beginning of Agriculture)

উত্তৰঃসকলো জীৱৰে জীয়াই থকাৰ প্ৰধান উপাদান হল খাদ্য । আদিম মানৱৰ খাদ্য-অভ্যাস সম্পৰ্কে এতিয়াও এক সঠিক তথ্য উদ্ধাৰ হোৱা নাই । তথাপি মানৱৰ ক্ৰমবিকাশৰ লগে-লগে খাদ্যভ্যাসৰ পৰিৱৰ্তন হৈ আহিছিল বুলি প্ৰাপ্ত তথ্যসমূহৰ পৰা জানিব পাৰি । আদিম মানৱৰ খাদ্যৰ বিষয়ে জানিবৰ বাবে প্ৰধান আহিলাসমূহ হল তেওঁলোকে দৈনন্দিন ব্যৱহাৰ কৰা আহিলা-পাতি, নৰকংকাল, জীৱাশ্মসমূহ, আদিম মানৱৰ বাসগৃহ, বিভিন্ন চিত্ৰকলা ইত্যাদি । এই তথ্যসমূহৰ ওপৰত অধ্যয়ন চলাই পণ্ডিতসকলে প্ৰাগ-ঐতিহাসিক যুগৰ মানুহৰ খাদ্যভ্যাসৰ ওপৰত আলোকপাত কৰিছে । এতিয়ালৈকে উদ্ধাৰ হোৱা নৰকংকাল, জীৱজন্তুৰ জকা, দাঁত আৰু হাড় আদিৰ ওপৰত ভিত্তি কৰি প্ৰথম অৱস্থাত মানুহে আন জীৱ-জন্তুৰ সৈতে প্ৰায় একেই খাদ্য গ্ৰহণ কৰিছিল বুলি মতপোষণ কৰিছে । হ'মিনিডবিলাকৰ মগজুৰ আকৃতি সৰু হোৱাৰ লগতে দাঁতৰ হনুৰ আকাৰ যথেষ্ট হাঙৰ আছিল । হ'মিনিড আৰু অষ্ট্ৰল'পিথিকাছসমূহে অন্যান্য জন্তুৰ কেঁচা মাংস ক্ষভণ কৰিছিল বুলি এই কথাৰ পৰা অনুমান কৰিব পাৰি ।

আদিম মানৱৰ খাদ্য আহৰণৰ প্ৰধান উপায় আছিল ।

ক) খাদ্য সন্ধান তথ্য সংগ্ৰহ ।

খ) চিকাৰ ।

তেওঁলোকে বিভিন্ন উদ্ভিদজাত খাদ্যবস্তু যেনে বিভিন্ন বীজ, ৰসাল ফল, টান বা খোলাজাতীয় ফল আৰু বিভিন্ন বনৰীয়া ফলমূল সংগ্ৰহ কৰি এঠাইৰ পৰা আন ঠাইলৈ ঘুৰি ফুৰিছিল । 

৩। পশুপালন (Animal Housbandy)

উত্তৰঃ পশুপালনৰ আৰম্ভণি মানৱ সভ্যতা বিকাশৰ আন এক উল্লেখযোগ্য ঢাপ । নৱপ্ৰস্তৰ যুগতে পশুপালনৰো আৰম্ভণি হৈছিল । পূৰ্বৰ চিকাৰী আৰু সংগ্ৰহকাৰী হিচাপে জীৱন নিৰ্বাহ কৰা আদিম মানৱে লাহে-লাহে জীৱ-জন্তুৰ ঘৰচীয়াকৰণ কৰিবলৈ শিকিছিল । জীৱ-জন্তুবিলাক লগত ৰখাৰ লগে লগে তেওঁলোকে জীৱ-জন্তুবিলাকৰ আদৰ-যত্ন লোৱাও আৰম্ভ কৰিছিল । কৃষিৰ আৱিস্কাৰৰ লগতে জীৱ-জন্তুসমূহো লগত উপলব্ধ হোৱাৰ ফলত আদিম মানৱে খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘুৰি ফুৰিবলগীয়া নোহোৱা হল । ফলত তেওঁলোকে একে ঠাইতে স্থায়ীভাৱে বাস কৰিবলৈ আৰম্ভ কৰে । কৃষিৰ লগতে পশুপালনেওঁ আদিম সমাজৰ গুৰুত্ব লাভ কৰিছিল । পশুপালনৰ পৰা আদিম মানৱে লাভ কৰা সুবিধাসমূহ হল 

ক) মাংস হিচাপে ব্যৱহাৰ ।

খ) চিকাৰত সুবিধা ।

গ) কৃষিকাৰ্যত পশুৰ ব্যৱহাৰ ।

গ) প্ৰতিৰক্ষামূলক কামত ব্যৱহাৰ ।

পশুৰ পৰা পোৱা এনে সুবিধাৰ বিপৰীতে আদিম মানবেও পশুৰ লালন-পালনৰ দায়িত্ব লৈছিল । ফলত বহুতো লোকে পশুপালক হিচাপে জীৱন-নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে । পশ্চিম এছিয়াত এতিয়াৰ পৰা ১৪,০০০ বছৰ পূৰ্বে কুকুৰ পোহাৰ তথ্য পোৱা গৈছে । একে ঠাইতে খ্ৰীঃ ৮,০০০ বছৰ পৰা খ্ৰীঃ পূঃ ৭,০০০ ৰ ভিতৰত ভেৰা আৰু ছাগলীৰ ঘৰচীয়াকৰণ কৰা হৈছিল । মেছোপটেমীয়া সভ্যতাৰ সময়ত পশুপালনৰ তথ্য পোৱা গৈছে । মেছোপটেমীয়াত খ্ৰীঃপূঃ ৭,০০০ ত ছাগলী, ৬.৭০০ খ্ৰীঃপূঃত ভেড়া, আৰু ৬.৫০০ খ্ৰীঃপূঃত গাহৰি ঘৰচীয়াকৰণ কৰা হৈছিল । এই সভ্যতাৰ এখন উল্লেখযোগ্য নগৰ এৰেডুত খ্ৰীঃপূঃ ৪,০০০ ত ঘোঁৰা পালনৰ তথ্য পোৱা গৈছে । 

ৰচনাধৰ্মী প্ৰশ্ন

১। মানৱৰ বিৱৰ্তনৰ ওপৰত এটি টোকা লিখা। (Write a note on human evolution.)

উত্তৰঃ মানৱৰ বিৱৰ্তনৰ ইতিহাস এটা দীঘলীয়া ইতিহাস । পৃথিৱী সৃষ্টিৰ পৰা বহু নিযুত বৰ্ষলৈ পৃথিৱীত মানুহ নামৰ প্ৰজাতিটোৰ কোনো অস্তিৃৃতই নাছিল । ভূ-তাত্ত্বিক দিশৰ পৰা মেচ'জইক যুগত স্তন্যপায়ী প্ৰাণীৰ আৱিৰ্ভাৱ হৈছিল । প্ৰায় ৩৬-৪২ নিযুত বৰ্ষ পূৰ্বে স্তন্যপায়ী শ্ৰেণীৰ প্ৰাইমেট নামৰ এটা উপশাখা বা বৰ্গ সৃষ্টি হয় । খৰানেজীয়া বান্দৰ যেনে- গৰিলা, চিম্পাঞ্জী, গিবন, দীঘলনেজীয়া বান্দৰ, মানুহ আদি এই প্ৰাইমেট বৰ্গৰ ভিতৰত পৰে। প্ৰায় ২৪ নিযুত বৰ্ষ পূৰ্বে এই প্ৰাইমেটৰ উপবৰ্গ হমিনইডৰ বিকাশ হয় । খৰানেজীয়া বান্দৰ, মানুহ এই হমিনইড, উপবৰ্গৰ অন্তৰ্গত । হমিনইডসমূহৰ পুনৰ বিৱৰ্তন হৈ হমিনিড নামৰ অন্য এক জীৱৰ বিকাশ হয় । হমিনিডসমূহ হমিনিডি গোত্ৰত পৰে । হমিনইড আৰু হমিনিডৰ মাজত থকা প্ৰধান পাৰ্থক্য আছিল মগজুৰ আকৃতি আৰু খোজকঢ়াৰ ভংগীমা । হমিনিডৰ মগজু তুলনামূলকভাৱে ডাঙৰ হোৱাৰ লগতে তেওঁলোকে দুই ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়িব পাৰিছিল । হমিনিডবিলাকৰ শৰীৰৰ আগভাগ থিয় হোৱাৰ লগতে দুই ভৰিত ভৰ দি খোজকঢ়াৰ ফলত তেওঁলোকে হাতদুখন কামত লগাব পাৰিছিল । হমিনিডবিলাকে হাতেৰে বিভিন্ন আহিলা ব্যৱহাৰ কৰিব পাৰিছিল । হমিনিডবিলাকক পুনৰ কিছুমান গণত ভাগ কৰা হৈছে । ইিয়াৰে দুটা উল্লেখযোগ্য হল অষ্ট্ৰেল'পিথেকাছ আৰু হ'ম । প্ৰায় ৫.৬ নিযুত বৰ্ষ পূৰ্বে পৃথিৱীত অষ্ট্ৰেল'পিথেকাছ শব্দটো অষ্ট্ৰাল আৰু পিথেকাছ শব্দ দুটাৰ পৰা আহিছে । অষ্ট্ৰাল শব্দৰ অৰ্থ হল দক্ষিণ ফাল আৰু পিথেকাছৰ অৰ্থ হল নেজবিহীন বান্দৰ বা লেটিন শব্দ অষ্ট্ৰেলপিথেকাছৰ অৰ্থ হল দক্ষিণফালৰ নেজবিহীন বান্দৰ । 

২। প্ৰত্ন প্ৰস্তৰ আৰু মধ্য প্ৰস্তৰ সংস্কৃতিৰ ব্যাখ্যা কৰা। (Explain palaeolithic and Mesolithic Culture)

উত্তৰঃ মানৱ সভ্যতা সমবিকাশত সম্পৰ্কে আমি কেইবাটাও বিভাগত ভাগ কৰি আলোচনা কৰিব পাৰো এই ভাগবোৰ হ'ল-

১। আদি প্ৰত্ন প্ৰস্ত যুগ

২। মধ্য প্ৰত্নপ্ৰস্ত যুগ

৪। তাম যুগ আৰু ব্ৰঞ্জ যুগ

৫। লৌহ যুগ 

        এই ভাগবোৰৰ ভিতৰত আমি আদি প্ৰত্নপ্ৰস্ত যুগ আৰু মধ্য প্ৰত্ন প্ৰস্তযুগৰ সংস্কৃতি বিষয়ে আলোচনা কৰিম ।

আদি প্ৰত্নপ্ৰস্ত যুগঃ  ইতিহাসৰ ভিন ভিন সমল অধ্যয়নৰ জৰিয়তে আদিম মানুহৰ জীৱন নিৰ্বাহ প্ৰণালী কেনে আছিল তেওঁলোকৰ খাদ্যআভাস কেনে আছিল, সাজ-পাৰ কি আছিল আদি বিষয়ে বহু তথ্য লাভ কৰিব পাৰো। প্ৰত্ন প্ৰস্তযুগক প্ৰাচীন প্ৰস্তযুগ বুলিও জনা যায়। এই যুগটোৱে আছিল সকলোতকৈ দীঘলীয়া । আজিৰ পৰা প্ৰায় ২০ লাখ বছৰ পূৰ্বেও মানৱ আকৃতি জীৱ প্ৰজাতিয়ে শিলৰ হাঠিয়া তৈয়াৰ কৰি ব্যৱহাৰ কৰিবলৈ লোৱাৰ পৰা আৰম্ভ হোৱা আৰু প্ৰায় ১২০০০ খ্ৰীঃ পূঃ আগৰ পৰা প্ৰস্তযুগ বিস্তিত আছিল। ভাৰত বৰ্ষত এই যুগৰ আৰম্ভণি হোৱা সময় ৬০০০০০ বছৰ অধিক নহয়। বৰ্তমান মহাৰাষ্ট্ৰ গুৰিত আৱিষ্কৃত ভগ্নাশেষৰ পৰা প্ৰত্নপ্ৰস্তযুগৰ বিষয়ে জানিব পাৰি । সেই অঞ্চলত আদি মানৱ প্ৰজাতিয়ে শিলৰ কুঠা, কটাৰী আদিৰে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিছিল। বৰ্তমান পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ চেনাৱ চোৱান নদীৰ অৱবাহিকা অঞ্চলত বহুতো প্ৰাচীন প্ৰস্তযুগৰ নিৰ্মিত সা-সৰঞ্জাম আৱিষ্কাৰ হৈছে। ইয়াৰউপৰিও সেইযুগত শিলৰ গুহাবোৰত চিত্ৰ অংকন কৰা দেখিবলৈ পোৱা গৈছিল।

মধ্য প্ৰত্নপ্ৰস্ত যুগঃ  গ্ৰীষ্ম প্ৰধান আৰু বসবাসৰ উপযোগী অৰণ্য অঞ্চলত মানৱ প্ৰজাতিয়ে প্ৰত্ন প্ৰস্তযুগৰ আহিলাবোৰ নতুন পৰিৱেশ পৰিস্থিতি ব্যৱহাৰ কৰিব পৰাকৈ উন্নত কৰি লৈছিল। সেইযুগটোকে পুৰাতত্ববিদ ঐতিহাসিক সকলে মধ্য প্ৰত্ন প্ৰস্তযুগ বুলি অভিহিত কৰিছে। মধ্য প্ৰত্ন প্ৰস্তযুগৰ মানুহে নদীৰ পাৰত বা পাহাৰৰ শিলৰ গুহাত আশ্ৰয় লয় বসবাস কৰিবলৈ লৈছিল। যাতে তেওঁলোকে হাঠিয়াৰ তৈয়াৰ কৰিবৰ বাবে প্ৰয়োজনীয় সমল পাব পাৰে। এই যুূগটোক পথ পৰিৱৰ্তনৰ যুগ বুলি ক'ব পাৰি। অতীতৰ শিলৰ হাঠিয়াৰ সমূহৰ ঠাইত কাঠ আৰু বাঁহৰ অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰিবলৈ লোৱা হৈছিল। মধ্য প্ৰস্তযুগৰ মানুহে আহাৰৰ বাবে খাদ্য হিচাপে জীৱ-জন্তু চিকাৰ আৰু মাছ ধৰাৰ ওপৰত নিৰ্ভৰশীল আছিল। অৱশ্যে পৰৱৰ্তি কালত খাদ্যৰ বাবে তেওঁলোকে পশু-পালন কাৰ্যত মনোনিৱেশ কৰিবলৈ লৈছিল। মধ্য প্ৰত্ন প্ৰস্তযুগৰ ভৰতবৰ্যত মানুহৰ স্থান সমূহ বিশেষকৈ ৰাজস্থান, মধ্য প্ৰদেশ আদিত আছিল। মধ্য প্ৰত্নপ্ৰস্ত যুগটো মানৱ সমাজৰ উত্তৰণৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক ধাৰা ৰূপে ৯০০০ BC পৰা ৪০০০ B

৩। খাদ্য উৎপাদনৰ (আদিম মানৱৰ) ওপৰত এলাপূৰ্বলৈ বৰ্তি আছিল।নি ৰচনা লিখা। (Write an essay on food production of early human)

উত্তৰঃ  সকলো জীৱৰে জীয়াই থকাৰ প্ৰধান উপাদান হ'ল খাদ্য। আদিম মানৱৰ খাদ্যভ্যাস সম্পৰ্কে এতিয়াও এক সঠিক তথ্য উদ্ধাৰ হোৱা নাই। তথাপি মানৱৰ ক্ৰমবিকাশৰ লগে লগে খাদ্যাভ্যাসৰ পৰিৱৰ্তন হৈ আহিছিল বুলি প্ৰাপ্ত তথ্যসমূহৰ পৰা জানিব পাৰি। আদিম মানৱৰ খাদ্যৰ বিষয়ে জানিবৰ বাবে প্ৰধান উসসমূহ হ'ল তেওঁলোকে দৈনদ্নিন ব্যৱহাৰ কৰা আহিলা-পাতি, নৰকংকাল, জীৱাষ্মসমূহ, আদিম মানৱৰ বাসগৃহ, ঐতিহাসিক যুগৰ মানুহৰ খাদ্যাভ্যাসৰ ওপৰত আলোকপাত কৰিছে। এতিয়ালেকে উদ্ধাৰ হোৱা নৰকংকাল, জীৱ-জন্তুৰ জকা, দাঁত আৰু আদিৰ ওপৰত ভিত্তি কৰি প্ৰথম অৱস্থাত মানুহে অন্য জীৱ-জন্তুৰ সৈতে প্ৰায় একেই খাদ্য গ্ৰহণ কৰিছিল বুলি সতপোষণ কৰিছে। হ'মিনিডবিলাকৰ মগজুৰ আকৃতি সৰু হোৱাৰ লগতে দাঁতৰ হনুৰ আকাৰ যথেষ্ট ডাঙৰ আছিল। হ'মিনিড আৰু অষ্ট্ৰল'পিথিকাছসমূহে অন্যান্য জন্তুৰ কেঁচা মাংস ভক্ষণ কৰিছিল বুলি এই কথাৰ পৰা অনুমান কৰিব পাৰি।

 আদিম মানৱৰ খাদ্য আহৰণৰ প্ৰধান উপায় আছিল-

                            ১। খাদ্য সন্ধান তথা সংগ্ৰহ (Food Gather)

                            ২। চিকাৰ(Hunting)।                

                     তেওঁলোকে বিভিন্ন উদ্ভিদজাত খাদ্যবস্তু যেনে- বিভিন্ন বীজ, ৰসাল ফল, টান বা খোলাজাতীয় ফল আৰু বিভিন্ন বনৰীয়া ফলমূল সংগ্ৰহ কৰি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। অৱশ্যে এনেদৰে খাদ্য সংগ্ৰহ ৰকাৰ কোনো প্ৰত্যক্ষ প্ৰমাণ বা তথ্য এতিয়ালৈকে উদ্ধাৰ হোৱা নাই । ঐতিহাসিকসকলে অনুমানৰ ভিত্তিতহে এনে চিত্ৰ এখন দাঙি ধৰিছে। তদিপৰি চিকাৰ শব্দটো লৈও পণ্ডিতসকলৰ মাজত মতানৈক্য দেখিবলৈ পোৱা যায়। বেছিভাগ পণ্ডিতৰ মতেই আদিম হ'মিনিডবিলাকে অন্য হিংস্ৰ জন্তুৰ চিকাৰৰ অৱশিষ্ট খাইহে জীৱন ধাৰণ কৰিছিল। অৱশ্যে তেওঁলোকে সৰু-সুৰা জীৱ-জন্তু যেনে- কেকেৰ্টৱা, নিগনি, বিভিন্ন পোক-পতংগ আদি নিজেই ধৰিও খাইছিল।

Author_ Ali rani Kakati ( Ba in History Major) 





Post ID: DABP004679