নিৰ্বাচন আৰু প্ৰতিনিধিত্ব | ( Election And Representation ) | Chapter 3 | Class 11 political Science Question and Answer | Class 11 Political Science Solution | Class 11 Political Science Question And Answer Assamese Medium |


নিৰ্বাচন আৰু প্ৰতিনিধিত্ব 

(Election And Representation)

Chapter 3 

 প্রশ্নাৱলী 


 ৰচনাধর্মী প্রশ্ন : 

 ১। নির্বাচন কাক বোলে? প্রত্যক্ষ আৰু পৰোক্ষ নিৰ্বাচনৰ মাজৰ পাৰ্থক্য কি  কি ? 

উত্তৰঃ সাধাৰণতে প্ৰত্যেকজন ব্যক্তিয়েই সমূহীয়াকৈ তেওঁলোকৰ নিজৰ আশা-আকাংক্ষা চৰকাৰৰ সন্মুখত উত্থাপন কৰিবৰ বাবে তথা তাক বাস্তবায়িত কৰিবৰ বাবে একোজন প্ৰতিনিধি বাছি উলিয়ায়। প্ৰতিনিধি বাছি উলিয়াবৰ বাবে অৱলম্বন কৰা পদ্ধতিটোকে নিৰ্বাচন বুলি কোৱা হয়। 

প্ৰত্যক্ষ আৰু পৰোক্ষ নিৰ্বাচনৰ মাজৰ পাৰ্থক্য হৈছে-

(i) প্ৰত্যক্ষ নিৰ্বাচন সাধাৰণতে এক পক্ষীয় আনহাতে পৰোক্ষ নিৰ্বাচন দুই পক্ষীয়।

(ii) প্ৰত্যক্ষ নিৰ্বাচনে জনসাধাৰনক ৰাজনৈতিক শিক্ষা দিয়াত সহায় কৰে আনহাতে পৰোক্ষ  নিৰ্বাচনে জনসাধাৰণক ৰাজনৈতিক শিক্ষা লোৱাৰ পৰা বহিস্কাৰ কৰে।

(iii) প্ৰত্যক্ষ নিৰ্বাচন পদ্ধতি সহজ আৰু সৰল আনহাতে পৰোক্ষ নিৰ্বাচন পদ্ধতি জটিল।

২। প্রত্যক্ষ আৰু পৰোক্ষ নির্বাচন কাক বোলে? উভয়ৰে গুণ আৰু দোষবোৰ আলোচনা কৰা।

উত্তৰঃ যি নিৰ্বাচন পদ্ধতিত ভোটাধিকাৰসকলে পোনপটীয়াকৈ তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে তাকে প্ৰত্যক্ষ নিৰ্বাচন বোলে।

প্ৰত্যক্ষ নিৰ্বাচন পদ্ধতিৰ গুণবোৰ ঃ (ক) প্ৰত্যক্ষ নিৰ্বাচন পদ্ধতি সম্পূৰ্ণৰূপে গণতান্ত্ৰিক হয়।

(খ) প্ৰত্যক্ষ নিৰ্বাচন পদ্ধতিত জনসাধাৰণ আৰু প্ৰতিনিধিসকলৰ মাজত এটা মধুৰ সম্পৰ্ক স্থাপিত হয়।

(গ) প্ৰত্যক্ষ নিৰ্বাচন পদ্ধতিত সাধাৰণতে জনসাধাৰণৰ ৰাজনৈতিক শিক্ষা লাভ কৰিব পাৰে।

 (ঘ) প্ৰত্যক্ষ নিৰ্বাচন পদ্ধতিত ভোটাৰসকলৰ সংখ্যা বেছি হয় কাৰণে দুৰ্নীতিৰ প্ৰভাৱ কমকৈ দেখিবলৈ পোৱা যায়।

প্ৰত্যক্ষ নিৰ্বাচন পদ্ধতিৰ দোষবোৰঃ (ক) প্ৰত্যক্ষ নিৰ্বাচনত উপযুক্ত প্ৰাৰ্থীসকল নিৰ্বাচিত হোৱাৰ আশাৰ সংখ্যক কম হয়।

(খ) প্ৰত্যক্ষ নিৰ্বাচন দলীয় স্বাৰ্থই অধিক গুৰুত্ব লাভ কৰাৰ ফলত দলীয় সংঘৰ্ষ হ'ব পাৰে বুলি আনুমানিক কৰিব পৰা যায়।

(গ) প্ৰত্যক্ষ নিৰ্বাচন পদ্ধতিত অতিক্ষয় টকা-পইচা খৰছ হয় বাবে ৰাজহুৱা ধনৰ অপব্যয় হয় বুলি ক'ব পাৰি।


আনহাতে যি নিৰ্বাচন পদ্ধতিত ভোটাৰ সকলে তেওঁলোকৰ প্ৰতিনিধি পৰোক্ষভাৱে নিৰ্বাচন কৰে তাকে পৰোক্ষ নিৰ্বাচন বোলে। 

পৰোক্ষ নিৰ্বাচন পদ্ধতিৰ গুণবোৰঃ (ক) মধ্যৱৰ্তী ভোটাৰসকলে তেওঁলোক জ্ঞানী আৰু অভিজ্ঞতা থকা বাবে ভাল বেয়া বিচাৰ কৰি উপযুক্ত প্ৰতিনিধি নিৰ্বাচন কৰি বিচাৰ কৰিব পাৰে।

(খ) পৰোক্ষ নিৰ্বাচন পদ্ধতিত টকা-পইচা খৰচ কম হয় বাবে ৰাজহুৱা টকা-পইচাৰ অপব্যয় নহয়।

(গ) পৰোক্ষ নিৰ্বাচন পদ্ধতি দলীয় স্বাৰ্থই বেলেগৰ ফালে পৰিচালিত কৰাৰ সুযোগ সুবিধা কম থাকে।

পৰোক্ষ নিৰ্বাচন পদ্ধতিৰ দোষবোৰঃ (ক) পৰোক্ষ নিৰ্বাচন পদ্ধতি প্ৰকৃত গণতন্ত্ৰৰ পৰিপন্থী।

(খ) পৰোক্ষ নিৰ্বাচন পদ্ধতিত সাধাৰণতে জনসাধাৰণে ৰাজনৈতিক শিক্ষাৰ পৰা বঞ্চিত থাকিব লগা হয়। 

(গ) পৰোক্ষ নিৰ্বাচন পদ্ধতিত দুৰ্নীতিৰ সম্ভাৱনা বেছি হোৱাৰ কাৰণে ভোটাৰৰ সংখ্যা কম হোৱা বাবে সহজে ভোটাদাতা সকলক প্ৰলোভিত কৰাব পৰা যায়।

 ৩। আমাক কিয় এক স্বাধীন নির্বাচন আয়োগৰ প্ৰয়োজন ব্যাখ্যা কৰা।                                                           [HS(XI) 2019]                                                                         


উত্তৰঃ


 ৪। নির্বাচন কাক বোলে আৰু ভাৰতীয় নির্বাচন সম্পর্কে চমুকৈ বর্ণনা কৰা।

উত্তৰঃ সাধাৰণতে প্ৰত্যেকজন ব্যক্তিয়েই সমূহীয়াকৈ তেওঁলোকৰ নিজৰ আশা-আকাংক্ষা চৰকাৰৰ সন্মুখত উত্থাপন কৰিবৰ বাবে তথা তাক বাস্তবায়িত কৰিবৰ বাবে একোজন প্ৰতিনিধি বাছি উলিয়ায়। প্ৰতিনিধি বাছি উলিয়াবৰ বাবে অৱলম্বন কৰা পদ্ধতিটোকে নিৰ্বাচন বুলি কোৱা হয়।  



৫। First Past the Post System মানে কি বুজা? ভাৰতত এই ব্যৱস্থাটো কিয় গ্ৰহণ কৰিছিল?

উত্তৰঃ 

৬। “ভাৰতীয় গণতন্ত্র এতিয়া First Past the Post System-ৰ পৰা আনুপাতিক প্রতিনিধিত্ব পদ্ধতিলৈ পৰিৱৰ্তন কৰিবলৈ সাজু।”  —এই উক্তিৰ লগত তুমি একমত নে? এই উক্তিৰ সপক্ষে বা বিপক্ষে যুক্তি দর্শোৱা।

উত্তৰঃ

 ৭। ভাৰতৰ নিৰ্বাচন পদ্ধতিটো আলোচনা কৰা। 

উত্তৰঃ

 ৮। ভাৰতৰ নিৰ্বাচনী আয়োগৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।                                                [HS(XI) 2015]

  

উত্তৰঃ

৯। ভাৰতৰ নিৰ্বাচন আয়োগৰ চাৰিটা কাৰ্য উল্লেখ কৰা।

                                                                                    [HS(XI) 2017]     

উত্তৰঃ                                                                   

 ১০। বৰ্তমানৰ ভাৰতৰ নিৰ্বাচন ব্যৱস্থাৰ দোষবিলাক ব্যাখ্যা কৰা।

উত্তৰঃ

 ১১। ভাৰতৰ নিৰ্বাচন ব্যৱস্থাটোৰ সংস্কাৰৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা। 

উত্তৰঃ

 ১২। ভাৰতত নিৰ্বাচনী সংস্কাৰৰ বাবে চাৰিটা পৰামৰ্শ দিয়া?

                                                                                     [HS(XT) 2018]

উত্তৰঃ 

১৩। সমষ্টি সংৰক্ষণ পদ্ধতি আৰু সুকীয়া নির্বাচক বৰ্ণ পদ্ধতিৰ মাজত পার্থক্য  কি? সংবিধান প্রণেতাসকলে কিয় গোচৰটো নাকচ কৰিছিল। 

উত্তৰঃ

 ১৪। এখন গণতান্ত্রিক ৰাষ্ট্ৰত নিৰ্বাচনৰ কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ

 ১৫। সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিটো উদাহৰণ দি বুজাই লিখা। 

উত্তৰঃ

১৬। ভাৰতৰ ৰাজ্যসভাৰ নিৰ্বাচন পদ্ধতিটো বৰ্ণনা কৰা।

উত্তৰঃ

১৭। এলেকা হিচাপে প্ৰতিনিধি নির্বাচন কৰা পদ্ধতিৰ গুণ আৰু আসোঁৱাহ আলোচনা কৰা।

উত্তৰঃ

১৮। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ বুলিলে কি বুজা? – বহলাই আলোচনা কৰা।  

উত্তৰঃ

১৯। ভাৰতে কিয় "প্রথম স্থান দখল কৰিলেই (FPIP)” জয়ী হোৱা নির্বাচন পদ্ধতি গ্ৰহণ কৰিলে? বুজাই লিখা।

উত্তৰঃ  ভাৰতবৰ্ষই জন প্ৰতিনিধি নিৰ্বাচনৰ কাৰণে দুটা পদ্ধতি অৱলম্বন কৰিছে। জনসাধাৰণক পোনপটীয়াকৈ প্ৰতিনিধিত্ব কৰা  লোকসভা বিধানসভা আৰু স্থানীয় চৰকাৰৰ নিৰ্বাচনৰ বাবে একক প্ৰতিনিধি সমষ্টিৰ বাবে ''প্ৰথম স্থান দখল কৰিলেই বিজয়ী হোৱা'' পদ্ধতি অৱলম্বন কৰিছে। অন্যহাতে জনসাধাৰণে পোনপটীয়াকৈ নিৰ্বাচন নকৰা ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচনৰ বাবে সীমিত পৰিসৰৰ আনুপাতিক প্ৰতিনিধিত্বৰ পদ্ধতি অৱলম্বন কৰিছে। ভাৰতীয় গণতন্ত্ৰত পৰোক্ষভাৱে নিৰ্বাচিত প্ৰতিনিধিসকলতকৈ জনসাধাৰণৰ দ্বাৰা প্ৰত্যেক্ষভাৱে নিৰ্বাচিত প্ৰতিনিধিৰ গুৰুত্ব আৰু ভূমিকা অধিক। জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰি পঠিওৱা প্ৰতিনিধিসকলৰ ক্ষেত্ৰত প্ৰতিটো সমষ্টিত যিজন প্ৰাৰ্থীয়ে বেছি ভোট পায় অথবা প্ৰথম স্থান দখল কৰে তেওঁকেই বিজয়ী বুলি ঘোষনা কৰাৰ অন্তৰালত কেতবোৰ গুৰুত্বপূৰ্ণ কাৰণ নিহিত হৈ আছে।

(১) বৃটিছ সংসদীয় ব্যৱস্থাৰ পৰা আহৰণ কৰা অভিজ্ঞতাঃ ঔপনিবেশিক শাসন কালতেই বৃটিছসকলে ভাৰতবৰ্ষত সীমিত হাৰত প্ৰতিনিধিত্বমূলক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। এই প্ৰতিনিধিত্বমূলক ব্যৱস্থাও বৃটিছ সংসদীয় ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱান্বিত আছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতৃত্বদায়ীসকল তথা জনসাধাৰণ বৃটিছ সংসদীয় ব্যৱস্থাটোৰ স'তে পৰিচিত হৈউঠিছিল। বৃটিছ সংসদীয় ব্যৱস্থাও ''প্ৰথম স্থান দখল কৰিলেই বিজয়ী হোৱা'' পদ্ধতিৰ দ্বাৰা পৰিচালিত।

(২) ভাৰতীয় সমাজৰ বহুত্ববাদী চৰিত্ৰ আৰু তাৰ প্ৰতিনিধিত্বঃ ভাৰতীয় সমাজৰ চৰিত্ৰ অত্যন্ত বৈচিত্ৰ্যপূৰ্ণ। ৰাজনৈতিক ক্ষেত্ৰত তথা নিৰ্বাচনী প্ৰক্ৰিয়াটোত তাৰ প্ৰভাৱ পৰিছে। সেয়েহে ভাৰতবৰ্ষই বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এনে ব্যৱস্থাত প্ৰতিটো নিৰ্বাচনত বহুবোৰ ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে। এনে অৱস্থাত কোনো প্ৰাৰ্থী বিজয়ী হ'বৰ বাবে যদি মুঠ ভোটৰ সংখ্যাগৰিষ্ঠতা (৫০% +১) বাধ্যতামূলক হয় তেতিয়া বেছিভাগ সমষ্টিতে বাৰে বাৰে ভোটগ্ৰহণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'লহেঁতেন।

(৩) প্ৰতিনিধি আৰু জনসাধাৰণৰ মাজত প্ৰত্যক্ষ যোগাযোগঃ আনুপাতিক প্ৰতিনিধিত্বৰ নীতিয়ে জনসাধাৰণ আৰু জনসাধাৰণৰ প্ৰতিনিধিৰ মাজত প্ৰত্যক্ষ যোগাযোগ স্থাপন নকৰে। সেই ব্যৱস্থাত ৰাজনৈতিক দলেহে প্ৰাধান্য লাভ কৰে। ফলত কোনো এটা অঞ্চলৰ জনসাধাৰণে নিজৰ অঞ্চলৰ সমস্যা সম্পৰ্কত জনপ্ৰতিনিধিক পোনপটীয়াকৈ জগৰীয়া আৰু দায়বদ্ধ কৰিব নোৱাৰে। কিন্তু ভাৰতবৰ্ষই প্ৰত্যক্ষ নিৰ্বাচনৰ বাবে গ্ৰহণ কৰা ''প্ৰথম স্থান পোৱাজনেই বিজয়ী হোৱা'' আৰু এটা সমষ্টিৰ পৰা এজনেই মাত্ৰ প্ৰতিনিধি নিৰ্বাচিত কৰা ব্যৱস্থাই জনসাধাৰণ আৰু জনপ্ৰতিনিধিৰ মাজত প্ৰত্যক্ষ যোগাযোগ সুবিধা প্ৰদান কৰিছে।


 ২০। সমষ্টি সংৰক্ষণ আৰু সমষ্টি নিৰ্ধাৰণ আয়োগ সম্পর্কে বুজাই লিখা। 

উত্তৰঃ কোন সমষ্টি কাৰ বাবে সংৰক্ষিত কৰা হ'ল সেই সিদ্ধান্ত এক স্বাধীন কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰা হৈছে আৰু এই কৰ্তৃপক্ষৰ নাম হ'ল সমষ্টি নিৰ্ধাৰণ আয়োগ। এই আয়োগক নিযুক্তি দিয়ে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে। ভাৰতীয় নিৰ্বাচন আয়োগৰ সতে লগ লাগি এই আয়োগক সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰে। এই আয়োগে দেশৰ সকলোবোৰ সমষ্টিৰে সীমা নিৰ্ধাৰণ বা পুনৰনিৰ্ধাৰণ কৰে। ভাৰতবৰ্ষৰ লোকসভা আৰু বিধানসভাসমূহৰ মুঠ সদস্যৰ সংখ্যা লক্ষ্য কৰিলে দেখা পোৱা যায় যে এই সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে, অৰ্থাৎ নতুন নতুন সমষ্টি গঠন কৰা হৈছে। এই সমষ্টি নিৰ্ধাৰণৰ কামো এই আয়োগেই কৰে। এই আয়োগেই প্ৰথমে সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰে আৰু তাৰ পাছত সেই সমষ্টিসমূহৰ জনগাঁথনি লক্ষ্য কৰে। যিবোৰ সমষ্টিত অনুসূচিত জনজাতিৰ লোক সংখ্যাধিক্য সেই সমষ্টিসমূহ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। অৰ্থাৎ কেৱল অনুসূচিত জনজাতিৰ লোককহে এই দুটা সমষ্টিত প্ৰাৰ্থীত্ব দিব পাৰি। এই দুয়োটা সমষ্টিতে অনুসূচিত জনজাতিৰ, বিশেষকৈ মিছিং লোকৰ সংখ্যা অধিক।

    অনুসূচিত জাতিৰ বাবে আসন বা সমষ্টি সংৰক্ষণ বেলিকা পৃথক নীতি অৱলম্বন কৰা হয়। এইটো এই কাৰণে কৰা হয় কিয়নো অনুসূচিত লোক প্ৰায়বিলাক অঞ্চলতে সিঁচৰতি হৈ ঐছে। সেয়েহে অনুসূচিত জাতিৰ বাবে আসন সংৰক্ষণ কৰোতে বিভিন্ন সমষ্টিত তেওঁলোকৰ সংখ্যাধিক্য লক্ষ্য কৰাৰ উপৰিও তেওঁলোকৰ বাবে সংৰক্ষণ কৰিবলগীয়া আসনসমূহ ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ মাজত ভাগ কৰি দিয়া হয়। 

 ২১। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ বুলিলে কি বুজা? ইয়াৰ   সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি দিয়া।      [HS(XI) 2015]                                             

উত্তৰঃ

চমু উত্তৰৰ প্রশ্ন (Short answers questions) :

 ১। ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ যিকোনো চাৰিটা দুর্বলতা উল্লেখ কৰা।                                                                           [HS(XI) 2016]  

উত্তৰঃ

২। নির্বাচন কাক বোলে?

উত্তৰঃ   প্ৰতিনিধি বাছি উলিয়াবৰ বাবে অৱলম্বন কৰা পদ্ধতিটোকে নিৰ্বাচন বুলি কোৱা হয়।

৩। পৰোক্ষ নির্বাচন কাক বোলে উদাহৰণ দি বুজাই দিয়া।

উত্তৰঃ যি নিৰ্বাচন পদ্ধতিত ভোটাৰ সকলে তেওঁলোকৰ প্ৰতিনিধি পৰোক্ষভাৱে নিৰ্বাচন কৰে তাকে পৰোক্ষ নিৰ্বাচন বোলে। 

 ৪। ভাৰতে ‘প্রথম জনেই বিজেতা পদ্ধতি গ্রহণ কৰাৰ দুটা কাৰণ উল্লেখ কৰা।  

উত্তৰঃ


৫। প্রত্যক্ষ নিৰ্বাচনৰ দুটা গুণ আৰু দুটা দোষ উল্লেখ কৰা।  

উত্তৰঃ

৬। সমানুপাতিক প্রতিনিধিত্ব মানে কি বুজা? এই প্রথা প্রচলন থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা।  

উত্তৰঃ

৭। সমষ্টি নিৰ্ধাৰণ আয়োগ সম্পর্কে চমু বর্ণনা দিয়া।

উত্তৰঃ  

৮। সংখ্যালঘুৰ প্ৰতিনিধিত্বই কি বুজায়? সংখ্যালঘুৰ প্ৰতিনিধিত্বৰ দুটা পদ্ধতি উল্লেখ কৰা। 

উত্তৰঃ

 ৯। নির্বাচনী আয়োগৰ পাঁচটা ক্ষমতা উল্লেখ কৰা।

উত্তৰঃ নিৰ্বাচনী আয়োগৰ পাচঁটা ক্ষমতা হৈছে-

(ক) ভোটাৰ তালিকাৰ প্ৰস্তুতকৰণঃ ১৮ বছৰ বয়সত  ভৰি দিয়া সকলো ভাৰতীয়কে ভোটাধিকাৰ প্ৰদান কৰা হয়। প্ৰতিটো নিৰ্বাচনত নতুনকৈ ১৮ বছৰত ভৰি দিয়া ভাৰতীয়ক ভোটাধিকাৰ প্ৰদান কৰিবৰ বাবে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাটো যিদৰে গুৰুত্বপূৰ্ণ ঠিক সেইদৰে ইতিমধ্যে মৃত্যু হোৱা লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। এই গোটেই কামটো তদাৰক কৰা, নিৰ্দেশন দিয়া আৰু নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব নিৰ্বাচনী আয়োগৰ হাতত অৰ্পণ কৰা হৈছে। অসমৰ দৰে ৰাজ্যত ভোটাৰ তালিকা প্ৰস্তুত কৰাটো আৰু অধিক জটিল।

(খ) নিৰ্বাচনৰ সময় নিৰ্ধাৰণ আৰু নিৰ্বাচন সূচী প্ৰস্তুতকৰণঃ ২০০৯ বৰ্ষত অনুষ্ঠিত পঞ্চদশ লোকসভা নিৰ্বাচনৰ সময়তে অসমৰ বহুবোৰ সংগঠনে অভিযোগ উত্থাপন কৰিছিল যে নিৰ্বাচনী আয়োগে অসমত ৰঙালী বিহু চলি থকাৰ সময়তে নিৰ্বাচনৰ দিন নিৰ্ধাৰম কৰিছে। এই কথাটোৱে এইটোকে সূচায় যে নিৰ্বাচনৰ তাৰিখ ঠিক কৰাটোও অত্যন্ত প্ৰত্যাহ্বানৰ কথা। পৰীক্ষা, বিভিন্ন ৰাজ্যৰ উৎসৱ-পাৰ্বন তথা বতৰৰ কথাও মনত ৰাখিবলগীয়া হয় নিৰ্বাচন আয়োগে। এই সকলোবোৰ দিশ বিবেচনা কৰিয়েই নিৰ্বাচন আয়োগে বিভিন্ন নিৰ্বাচনৰ দিন নিৰ্ধাৰণ কৰে। তাৰ উপৰিও নিৰ্বাচন আয়োগে নিৰ্বাচনী সূচীও তৈয়াৰ কৰে। নিৰ্বাচনী সূচী মানে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা, মনোনয়ন-পত্ৰ দাখিলৰ প্ৰথম আৰু শেষ তাৰিখ, মনোনয়ন-পত্ৰ পৰীক্ষাৰ শেষ তাৰিখ তথা মনোনয়ন-পত্ৰ উঠাই লোৱাৰ শেষ তাৰিখ নিৰ্ধাৰণ কৰা, নিৰ্বাচনৰ দিন আৰু ভোটগণনাৰ দিন নিৰ্ধাৰণ কৰা আৰু ফলাফল ঘোষণা কৰা।

(গ) মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাঃ নিৰ্বাচনৰ সময়ত সংঘটিত ঘটনাবোৰলৈ মনত পেলোৱাচোন। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত বহুতো নিৰ্বাচনী কেন্দ্ৰত বলপূৰ্বক ভোটদান বা তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়। সেইবোৰ কেন্দ্ৰত নিৰ্বাচনী আয়োগে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰে। নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে কিছুমান আচৰণ-বিধি (Code of Conduct) প্ৰস্তুত কৰে। যেনে -- নিৰ্বাচন অনুষ্ঠিত হোৱাৰ এক নিৰ্দিষ্ট সময়ৰ আগতে প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ বন্ধ তকৰিব লাগে। এই আচৰণ বিধি ৰাজনৈতিক দলসমূহে তথা প্ৰাৰ্থীসকলে পালন কৰিছে নে নাই সেইবোৰ নিৰ্বাচনী আয়োগে নিৰীক্ষণ কৰিব লাগে। ভোট গণতাত খেলি-মেলি হ'লে পুনৰ ভোট গণনাৰ ব্যৱস্থা কৰিব লাগে। এই সকলোবোৰ ব্যৱস্থা সুচাৰুৰূপে পৰিচালিত হ'লেহে মুক্ত আৰু নিকা নিৰ্বাচন সম্ভৱপৰ হৈ উঠে।

(ঘ) ৰাজনৈতিক দলৰ স্বীকৃতি আৰু দলীয় চিহ্ন প্ৰদানঃ কোনো এটা ৰাজনৈতিক দল গঠিত হ'লে সেই দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ যোগ্যতা আহৰণ কৰিবলৈ নিৰ্বাচনী আয়োগৰ অনুমতি লাভ কৰিব লাগে। তাৰ উপৰিও নিৰ্বাচনী আয়োগে বিভিন্ন ৰাজনৈতিক দলক দলীয় চিহ্ন প্ৰদান কৰে। দলীয় চিহ্ন প্ৰদানৰ বেলিকাও নিৰ্বাচনী আয়োগে সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। কাৰণ ভাৰতবৰ্ষৰ গৰিষ্ঠসংখ্যক ভোটাৰ দলীয় চিহ্ন চাই ভোটদান কৰে। গতিকে একেটা চিহ্ন একে সময়তে দুটা দলে লাভ কৰিব নোৱাৰে। অৱশ্যে বেলেগ বেলেগ দুখন ৰাজ্যৰ দুটা আঞ্চলিক দলক একেটা চিহ্ন প্ৰদান কৰিলে বিশেষ অসুবিধা নহয়। 


  ১০। নির্বাচন আৰু গণতন্ত্ৰৰ সম্পৰ্ক – চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ 

 ১১। নির্বাচন নিকা আৰু নিৰপেক্ষ কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ?  

উত্তৰঃ

১২। প্রথম স্থান লাভ কৰিলেই বিজয়ী হোৱা পদ্ধতি (FPTP) আৰু সমানপাতিক প্রতিনিধিত্ব পদ্ধতিৰ মাজৰ চাৰিটা পার্থক্য উল্লেখ কৰা।                                                                [HS(XI) 2018]

                                                                                      

উত্তৰঃ

  ১৩। ভাৰতত কিয় প্রথম স্থান দখল কৰিলেই জয়ী হোৱা পদ্ধতি গ্ৰহণ কৰিছে?  

উত্তৰঃ

১৪। ১৯৮৯ চনৰ পৰা ভাৰতত নতুন ধাৰা কি?

উত্তৰঃ

 ১৫। ভাৰতীয় সংবিধানৰ অধীনত আসন সংৰক্ষণৰ ব্যৱস্থা ব্যাখ্যা কৰা।  

উত্তৰঃ

১৬। মুখ্য নির্বাচনী কমিচনাৰৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ

১৭। মুক্ত আৰু নিকা নিৰ্বাচনৰ তিনিটা বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ 

 ১৮। ভাৰতত নির্বাচন ব্যবস্থা অনুষ্ঠিত কৰাৰ তিনিটা ব্যৱস্থা ব্যাখ্যা কৰা।

উত্তৰঃ

১৯। ভাৰতত সমস্তিবিলাক কেনেকৈ নিৰ্ধাৰণ কৰা হয়?

উত্তৰঃ


 অতি চমু উত্তৰৰ প্রশ্ন (Very short questions):

১। গণতন্ত্ৰ কি ?

উত্তৰঃ গণতন্ত্ৰ হ'ল কোনো ৰাষ্ট্ৰৰ বা কোনো সংগঠনৰ এনে এটি শাসন ব্যৱস্থা য'ত প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ বা চৰকাৰী প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ থাকে। 

 ২। আমাক নির্বাচন কিয় লাগে?

উত্তৰঃ

  ৩। ভাৰতত নির্বাচন সংস্কাৰৰ প্ৰয়োজন কিয়?

উত্তৰঃ বৰ্তমানৰ নিৰ্বাচনী ব্যৱস্থাত কেইবাটাও অনুভূত অভাৱ আৰু প্ৰত্যাহ্বানৰ বাবে ভাৰতত নিৰ্বাচনী সংস্কাৰ আলোচনা আৰু বিতৰ্কৰ বিষয় হৈ পৰিছে। মতামত বেলেগ বেলেগ হ’ব পাৰে যদিও ভাৰতত নিৰ্বাচনী সংস্কাৰৰ পোষকতা কৰাৰ কিছুমান সাধাৰণ কাৰণ হ’ল-

প্ৰথম-পাষ্ট-দ্য-পোষ্ট ব্যৱস্থা (FPTP): ভাৰতে বৰ্তমান FPTP নিৰ্বাচনী ব্যৱস্থা অনুসৰণ কৰে, য’ত সমষ্টিত সৰ্বাধিক ভোট পোৱা প্ৰাৰ্থীয়ে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও জয়ী হয়। সমালোচকসকলে যুক্তি আগবঢ়ায় যে এই ব্যৱস্থাই ৰাজনৈতিক দলসমূহৰ তিৰ্যক প্ৰতিনিধিত্বৰ সৃষ্টি কৰিব পাৰে আৰু ভোটাৰৰ পছন্দৰ বৈচিত্ৰ্যক সঠিকভাৱে প্ৰতিফলিত নকৰিবও পাৰে।

আনুপাতিক প্ৰতিনিধিত্ব: কিছুমানে আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থা গ্ৰহণৰ পক্ষত যুক্তি আগবঢ়ায়, যিয়ে নিশ্চিত কৰে যে বিধায়িনী দলৰ আসনৰ বিতৰণ প্ৰতিটো দলৰ বাবে দিয়া ভোটৰ অনুপাতৰ সৈতে অধিক ঘনিষ্ঠভাৱে মিল খায়। সমৰ্থকসকলৰ মতে ইয়াৰ ফলত অধিক ন্যায্য আৰু অধিক প্ৰতিনিধিত্বমূলক ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ’ব।

আঞ্চলিক ভাৰসাম্যহীনতা: বৰ্তমানৰ ব্যৱস্থাৰ ফলত কেতিয়াবা আঞ্চলিক ভাৰসাম্যহীনতা হ’ব পাৰে, কিছুমান অঞ্চলৰ প্ৰভাৱ আৰু প্ৰতিনিধিত্ব আনতকৈ বেছি। সংস্কাৰৰ সমৰ্থকসকলে এই ভাৰসাম্যহীনতাসমূহ দূৰ কৰাৰ বাবে ব্যৱস্থাৰ প্ৰস্তাৱ দিব পাৰে আৰু ৰাজনৈতিক ক্ষমতাৰ অধিক ন্যায্য বিতৰণ নিশ্চিত কৰিব পাৰে।

ৰাজনীতিক অপৰাধমূলককৰণঃ ভাৰতীয় ৰাজনীতিত অপৰাধমূলক পটভূমিৰ ব্যক্তিৰ উপস্থিতি বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্ৰকাশ পাইছে। নিৰ্বাচনী সংস্কাৰৰ ভিতৰত অপৰাধমূলককৰণ ৰোধৰ ব্যৱস্থা, যেনে প্ৰাৰ্থীৰ বাবে কঠোৰ যোগ্যতাৰ মাপকাঠী বা ৰাজনৈতিক পুঁজিৰ ক্ষেত্ৰত স্বচ্ছতা বৃদ্ধি আদি অন্তৰ্ভুক্ত হ’ব পাৰে।

ৰাজনীতিত ধনৰ ক্ষমতাঃ ভাৰতৰ নিৰ্বাচনত প্ৰায়ে যথেষ্ট ব্যয় জড়িত হৈ থাকে, আৰু নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পেলোৱাত ধনৰ ভূমিকাক লৈ উদ্বেগ প্ৰকাশ পায়। সংস্কাৰৰ ব্যৱস্থাৰ লক্ষ্য হ’ব পাৰে প্ৰচাৰৰ বিত্তীয় সাহায্য আৰু ব্যয়ৰ ওপৰত কঠোৰ নিয়ম ৰূপায়ণ কৰি এই সমস্যাটো সমাধান কৰা।

ভোটাৰৰ সুলভতাঃ নিৰ্বাচনী প্ৰক্ৰিয়াটো যাতে প্ৰান্তীয় গোটকে ধৰি সকলো নাগৰিকৰ বাবে সুলভ হয়। সংস্কাৰসমূহে ভোটাৰ শিক্ষাৰ উন্নতি, অংশগ্ৰহণৰ বাধাসমূহ আঁতৰোৱা, আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক অধিক অন্তৰ্ভুক্ত কৰিবলৈ প্ৰযুক্তি গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব পাৰে।

নিৰ্বাচন আয়োগৰ সংস্কাৰঃ কিছুমানে ভাৰতৰ নিৰ্বাচন আয়োগৰ ভিতৰত সংস্কাৰৰ বাবে যুক্তি আগবঢ়ায় যাতে ইয়াৰ স্বায়ত্তশাসন, স্বচ্ছতা, আৰু কাৰ্যক্ষমতা বৃদ্ধি পায়। নিৰ্বাচনী যন্ত্ৰপাতি শক্তিশালী কৰিলে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সামগ্ৰিক বিশ্বাসযোগ্যতা আৰু ন্যায়পৰায়ণতাত অৰিহণা যোগাব পাৰে।

মিত্ৰজোঁটৰ ৰাজনীতি: সঘনাই মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰেক্ষাপটত মিত্ৰজোঁটৰ ৰাজনীতিৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ, যেনে স্থিতিশীলতা, শাসনৰ দক্ষতা, আৰু সৰু দলসমূহৰ প্ৰতিনিধিত্ব আদিৰ সৈতে মোকাবিলা কৰিবলৈ সংস্কাৰৰ আহ্বান জনোৱা হ’ব পাৰে।

  ৪। মনোনয়ন-পত্ৰৰ অৰ্থ কি?

উত্তৰঃ

 ৫। নিৰ্বাচনৰ সময়ত দলসমূহক নির্বাচনী প্রতীক কিয় দিয়া হয়?

উত্তৰঃ

 ৬। ভাৰতত অনুসূচীত জাতি আৰু জনজাতিৰ বাবে সমষ্টি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে কিয়?

উত্তৰঃ

 ৭। ভাৰতৰ নির্বাচন ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।  

উত্তৰঃ

৮। ভাৰতীয় ভোটাৰৰ দুটা অৰ্হতা উল্লেখ কৰা।

উত্তৰঃ

  ৯। তোমাৰ ৰাজ্যৰ পৰা লোকসভালৈ কেইজন আৰু ৰাজ্যসভালৈ কেইজন সদস্য নির্বাচিত হয়। 

উত্তৰঃ

১০। সাৰ্বজনীন বয়স্ক ভোটাধিকাৰ কি?  [HS(XT) 2017]               

উত্তৰঃ

 ১১। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ সপক্ষে দুটা যুক্তি দিয়া।

উত্তৰঃ

  ১২। নির্বাচনী প্রচাৰৰ দুটা কৌশল উল্লেখ কৰা ।

উত্তৰঃ

 ১৩। ভোটাধিকাৰ অধিকাৰৰ গুৰুত্ব কি? 

উত্তৰঃ

 ১৪। শুদ্ধ নির্বাচনী ব্যৱস্থাৰ দুটা পৰীক্ষা উল্লেখ কৰা।

উত্তৰঃ

 ১৫। প্রত্যক্ষ নির্বাচনৰ দুটা আসোঁৱাহ দাঙি ধৰা।

উত্তৰঃ

 ১৬। গণতন্ত্রত নির্বাচনৰ প্ৰয়োজনীয়তা কি ব্যাখ্যা কৰা। 

উত্তৰঃ

১৭। বিশেষ সংখ্যাগৰিষ্ঠতা কি ব্যাখ্যা কৰা। 

উত্তৰঃ

১৮। নির্বাচন আয়োগৰ সাংবিধানিক স্থান নির্ণয় কৰা।

উত্তৰঃ

১৯। আনুপাতিক প্রতিনিধিত্ব বুজায় লিখা।

উত্তৰঃ অনুপাতিক প্ৰতিনিধিত্বৰ বৃহৎ এটা ভৌগলিক অঞ্চলক এটা সমষ্টি বুলি ধৰা হয়। গোটেই দেশখনো এটা মাত্ৰ সমষ্টি হ'ব পাৰে। এটা সমষ্টিৰ পৰা একাধিক প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়। ভোটাৰসকলে ৰাজনৈতিক দলক ভোট দিয়ে। প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনত লাভ কৰা ভোটৰ শতাংশৰ অনুপাতে বিধানমণ্ডলত আসন লাভ কৰে। নিৰ্বাচিত প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰে। উদাহৰণস্বৰূপে- ইজৰাইল, নেদাৰলেণ্ড। 

 ২০। সমষ্টি সীমা নিৰ্ধাৰণ আয়োগৰ বিষয়ে লিখা। 

উত্তৰঃ সাধাৰণতে কোন সমষ্টি কাৰ বাবে সংৰক্ষিত কৰা হ'ল সেই সিদ্ধান্ত এক স্বাধীন কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰা হৈছে আৰু সেই কৰ্তৃপক্ষৰ নাম হ'ল সমষ্টি নিৰ্ধাৰণ আয়োগ। এই আয়োগক নিযুক্তি দিয়ে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে। ভাৰতীয় নিৰ্বাচনৰ আয়োগৰ সতে লগ লাগি এই আয়োগক সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰে। এই আয়োগে দেশৰ সকলোবোৰ সমষ্টিয়ে সীমা নিৰ্ধাৰণ বা পুনৰনিৰ্ধাৰণ কৰে। ভাৰতবৰ্ষৰ লোকসভা আৰু বিধানসভাসমূহৰ মুঠ সদস্যৰ সংখ্যা লক্ষ্য কৰিলে দেখা যাব যে এই সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে , অৰ্থাৎ নতুন নতুন সমষ্টি গঠন কৰা হৈছে। এই সমষ্টি নিৰ্ধাৰণৰ কামো এই আয়োেগেই কৰে। এই আয়োগেই প্ৰথমে সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰে আৰু তাৰ পাছত সেই সমষ্টিসমূহৰ জনগাঁঠনি লক্ষ্য কৰে। যিবোৰ সমষ্টিত অনুসূচিত জনজাতিৰ লোক সংখ্যাধিক্য সেই সমষ্টিসমূহ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰা হয়। উদাহৰণস্বৰূপে অসম বিধানসভাৰ ঢকুৱাখনা আৰু ধেমাজি- এই দুয়োটা সমষ্টিয়ে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। অৰ্থাৎ কেৱল অনুসূচিত জনজাতিৰ লোককহে এই দুটা সমষ্টিত প্ৰাৰ্থীত্ব দিব পাৰি। এই দুয়োটা সমষ্টিতে অনুসূচিত জনজাতিৰ, বিশেষকৈ মিছিং লোকৰ সংখ্যা অধিক। 


 প্রশ্নাবলী (Objective type questions ) 

 ১। প্ৰত্যেকজন নাগৰিকেই একোজন ভোটাৰনে? 

উত্তৰঃ

২। নির্বাচন আৰু গণতন্ত্র পৰস্পৰ সম্পর্কযুক্ত হয়নে?

উত্তৰঃ

৩। প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তি কি?  

উত্তৰঃ প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তি হৈছে- বয়স। 

৪। সার্বজনীন ভোটাধিকাৰৰ সপক্ষে এটা যুক্তি দিয়া। 

উত্তৰঃ

 ৫। সমানুপাতিক প্রতিনিধিত্বৰ নীতি অনুসৰণ কৰা এখন দেশৰ নাম লিখা।  

উত্তৰঃ

৬। সকলো নাগৰিকেই ভোটাৰ। (হয় বা নহয় লিখা)। 

উত্তৰঃ

৭ । ভাৰতৰ ৰাষ্ট্ৰপতিক পৰোক্ষ নির্বাচন পদ্ধতি অনুসৰি নিৰ্বাচিত কৰা হয়।                                             (শুদ্ধ নে অশুদ্ধ লিখা)

উত্তৰঃ 


৮। ভাৰতৰ নিৰ্বাচন আয়োগৰ সদস্য কেইজন ? 

উত্তৰঃ

 ৯। ভোটাৰসকলে ভোটদান কৰি প্ৰতিনিধি বাচি দিয়া পদ্ধতিতে নির্বাচন বোলে। (শুদ্ধ নে অশুদ্ধ লিখা) 

উত্তৰঃ

১০। উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত জনসাধাৰণে ভোটদান কৰে। 

(শুদ্ধ নে অশুদ্ধ লিখা) 

উত্তৰঃ

 ১১। প্রতিনিধিত্বমূলক গণতন্ত্র কি?  

উত্তৰঃ

১২। প্রত্যক্ষ নির্বাচন কি ?  

উত্তৰঃ যি নিৰ্বাচন পদ্ধতিত ভোটাধিকাৰসকলে পোনপটীয়াকৈ তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে তাকে প্ৰত্যক্ষ নিৰ্বাচন বুলি কয়।

১৩। সাম্প্ৰদায়িক প্ৰতিনিধিত্ব মানে কি বুজা ?

উত্তৰঃ

শুদ্ধ উত্তৰ বাচি উলিওৱা (Choose the correct answer ):

১। ভোটাধিকাৰৰ অৰ্থ হ'ল-

(ক) নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা     

(খ) ভোট দিয়াৰ অধিকাৰ 

(গ) চৰকাৰী চাকৰি পােৱাৰ অধিকাৰ   

(ঘ) সংঘ গঠনৰ অধিকাৰ

উত্তৰঃ (খ) ভোট দিয়াৰ অধিকাৰ। 

২। তলত উল্লেখ কৰা কোন প্রত্যক্ষভাৱে নির্বাচিত হয় -

 (ক) ভাৰতৰ ৰাষ্ট্ৰপতি    (খ) ভাৰতৰ উপ-ৰাষ্ট্ৰপতি

(গ) ৰাজ্যিক বিধানসভাৰ সদস্যসকল    (ঘ) ৰাজ্যসভাৰ সদস্য

উত্তৰঃ

৩। ভাৰতৰ ভোটাধিকাৰ লাভ কৰিবলৈ কমেও বয়স হ'ব লাগে-

(ক) ১৮ বছৰ  (খ) ২৫ বছৰ     (গ) ২৪ বছৰ    (ঘ) ২০ বছৰ

উত্তৰঃ (ক) ১৮ বছৰ। 

৪। নির্বাচন গণতান্ত্রিক কৰাৰ কাৰণে তলৰ কোনটোৰ প্ৰয়োজন নাই। 

 (ক) এটা ভোট                          

(খ) মুক্ত আৰু নিকা নিৰ্বাচন

(গ) প্ৰতিটো ভোটৰ মূল্য সমান হ'ব লাগে।  

(ঘ) চৰকাৰী যন্ত্ৰ ব্যৱহাৰ  

উত্তৰঃ


 ৫। নির্বাচন আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে -

 (ক) সংসদে                                 (খ) ৰাষ্ট্ৰপতিয়ে   

 (গ) প্ৰধানমন্ত্ৰীয়ে                            (ঘ) ৰাজ্যপালে

উত্তৰঃ


৬।   তলৰ কোনটো প্ৰত্যক্ষ গণতন্ত্রৰ লগত বেছি খাপ খায়?  

(ক) পাৰিবাৰিক সভাৰ আলোচনা  

(খ) শ্রেণী প্রতিনিধিৰ নিৰ্বাচন 

(গ) ৰাজনৈতিক দলৰ দ্বাৰা প্ৰাৰ্থী নির্বাচন 

(ঘ) গাঁও সভাৰ সিদ্ধান্তসমূহ

উত্তৰঃ (ঘ) গাওঁ সভাৰ সিদ্ধান্তসমূহ।

৭। তলৰ কোনবোৰ কার্য নির্বাচন আয়োগে সম্পাদন কৰে—

(ক) নির্বাচনী তালিকা প্রস্তুত       

(খ) প্রার্থী মনোনয়ন

(গ) ভোট গ্রহণ কেন্দ্র স্থাপন     

(ঘ) আদর্শ আচৰণ বিধি ৰূপায়ণ 

(ঙ) পঞ্চায়ত নির্বাচন পৰিচালনা

উত্তৰঃ (ঙ) পঞ্চায়ত নিৰ্বাচন পৰিচালনা।

৮। ৰাজ্যসভা আৰু লোকসভাৰ সদস্য নিৰ্বাচনৰ বাবে কোনটো নিৰ্বাচন পদ্ধতি উমৈহতীয়া— 

(ক) ১৮ বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকেই ভোটাৰ হোৱাৰ উপযুক্ত।

(খ) ভোটদাতাসকলে বিভিন্ন প্রার্থীৰ বাবে পছন্দৰ ক্ৰম দিব পাৰে। 

(গ) প্ৰতিটো ভোটৰ মূল্য সমান। 

(ঘ) জয়লাভ কৰোতাজনে আধাতকৈ বেছি ভোট পাব লাগিব। 

উত্তৰঃ (ক) ১৮ বছৰৰ এপৰৰ প্ৰতিজন নাগৰিকেই ভোটাৰ হোৱাৰ উপযুক্ত।

৯। সর্বাধিক FPTP পদ্ধতিত কেইজন প্রার্থীক বিজেতা ঘোষণা কৰা হয়-

(ক) যি ডাকযোগে প্ৰেৰিত ভোট লাভ কৰে 

(খ) দেশৰ সৰ্বাধিক ভোট লাভ কৰা দলটোৰ সদস্য

(গ) সমষ্টিটোৰ অন্যান্য প্রার্থীতকৈ বেছি ভোট আছে/পাইছে 

(ঘ) ৫০শতাংশতকৈ অধিক ভোট লাভ কৰি প্ৰথম স্থান পায়। 

উত্তৰঃ (গ) সমষ্টিটোৰ অন্যান্য প্ৰাৰ্থীতকৈ বেছি ভোট আছে/পাইছে।

 ১০। তলৰ কোনবিলাক উক্তি অশুদ্ধ? সেইবোৰ চিনাক্ত কৰি মাথোন এটা শব্দ বা খণ্ডবাক্যৰ সহায়ত বিকল্প, অতিৰিক্ত বা পুনৰ গঠন  (rearranging)- দ্বাৰা সেইবোৰ শুধৰোৱাঃ

(ক) ভাৰতৰ সকলো নিৰ্বাচনৰ কাৰণে FPTP পদ্ধতি অনুসৰণ কৰা হয়

(খ) নির্বাচন আয়োগে পঞ্চায়ত আৰু পৌৰ নিৰ্বাচন পৰিচালনা (Supervise) নকৰে 

(গ) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নির্বাচন আয়ুক্তক অপসাৰণ কৰিব নোৱাৰে 

(ঘ) নির্বাচন আয়োগত এজনতকৈ বেছি নির্বাচনী আয়ুক্ত নিয়োগ কৰাটো বাধ্যতামূলক 

 ১১। এখন নতুন দেশৰ সংবিধানৰ বিষয়ে আলোচনা কৰাৰ কাৰণে তলত এখন অধিৱেশনত প্ৰকাশ কৰা কিছুমান ইচ্ছাৰ ( Wishes ) কথা কোৱা হ’ল ৷ ইয়াৰ প্ৰতিটোৰ বিপৰীতে FPTP বা আনুপাতিক প্রতিনিধিত্বৰ কোনটো পদ্ধতি ইচ্ছাবোৰ পূৰণ বেছি কৰিবলৈ উপযুক্ত হ’ব লিখা । 

(ক) জনসাধাৰণে তেওঁলোকৰ প্রতিনিধি কোন সেইটো ভালদৰে জানিব লাগিব 

(খ) আমাৰ দেশৰ চাৰিওফালে সৰু সৰু ভাষিক সংখ্যালঘুসকল সিঁচৰতি হৈ আছে , আমি তেওঁলোকৰ উপযুক্ত প্রতিনিধিত্বৰ ব্যৱস্থা কৰিব লাগে

(গ) বেলেগ বেলেগ দলৰ বাবে ভোট আৰু আসনৰ মাজত কোনো বৈষম্য থকা উচিত নহয় 

(ঘ) জনসাধাৰণে ৰাজনৈতিক দল এটা ভাল নাপালেও সেই দলৰ উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচিত কৰিব পৰা উচিত 


১২। নির্বাচন আয়োগ—

 (ক) ৰাজনৈতিক দলক অনুমোদন জনায়

(খ) প্রধানমন্ত্ৰীৰ নিৰ্বাচন পৰিচালনা কৰে 

(গ) নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থী মনোনীত কৰে

(ঘ) কেন্দ্ৰীয় সংসদৰ নিৰ্বাচনৰ পৰিচালনা নকৰে

উত্তৰঃ

 ১৩। ভাৰতত ভোটাধিকাৰ নিৰ্দিষ্ট কৰে—

 (ক) সম্পত্তিৰ অৰ্হতাৰ ওপৰত     

(খ) শিক্ষা  

(গ) বাসস্থানৰ মৰ্য্যদা

(ঘ) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ 

উত্তৰঃ (ঘ) সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ।

১৪। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তি হৈছে বয়স / শিক্ষা / সম্পত্তি । ( শুদ্ধ উত্তৰটো বাছি উলিওৱা )                 [HS(XI) 2016]

উত্তৰঃ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তি হৈছে- বয়স।



 Type: Himashree Bora.

Author: Pompi Hazarika 



Post ID : DABP003317