বিধামমণ্ডল | (Legislature) | Chapter 5 | Class 11 political Science Question and Answer | 1st Year Political Science Question and Answer Assamese Medium | Class 11 political Science Solution | ভাৰতীয় সংবিধান একাদশ শ্ৰেণীৰ বিধানণ্ডলৰ প্ৰশ্ন আৰু উত্তৰ |

বিধানমণ্ডল

(Legislature)

Chapter 5

প্ৰশ্নাৱলী

ৰচনাধৰ্মী প্ৰশ্নঃ

১। সংসদ কাক কয়? আমাক এখন সংসদ কিয় লাগে যুক্তি দর্শোৱা।                                                                      [HS(XI) 2019] 

উত্তৰঃ প্ৰত্যেক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগটো হ'ল বিধানমণ্ডল। ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডলক সংসদ বুলি কোৱা হয়। গণতান্ত্ৰিক ৰাষ্ট্ৰৰ শাসনকাৰ্য পৰিচালনাত ইয়াৰ প্ৰয়োজনীয়তা অপৰিসীম। তলত আমাক এখন সংসদ কিয় লাগে তাৰ কাৰণবোৰ হ'ল।

প্ৰথমঃ ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভাৰতৰ শাসনব্যৱস্থা সুচাৰুৰূপে পৰিচালনাৰ বাবে জনসাধাৰণে নিৰ্বাচন কৰি দিয়া প্ৰতিনিধিৰে সংসদ গঠন কৰা হয়। সংসদৰ প্ৰথম আৰু প্ৰধান কাম হ'ল জনসাধাৰণৰ কল্যাণৰ হকে প্ৰয়োজনীয় আইন প্ৰণয়ন কৰা। সংসদ প্ৰণীত আইনৰ জৰিয়তে চৰকাৰে শাসন পৰিচালনা কৰে।

দ্বিতীয়ঃ সংসদৰ আইনে গণতান্ত্ৰিক চৰকাৰ এখন সুচাৰুৰূপে পৰিচালিত হোৱাত সহায় কৰে। কাৰ্যপালিকাই সংসদে প্ৰণয়ন কৰা আইন উলাই কৰি স্বেচ্ছাচাৰী শাসন প্ৰৱৰ্তন কৰিব নোৱাৰে।

তৃতীয়ঃ সুসভ্য জীৱন যাপনৰ বাবে আইনৰ প্ৰয়োজনীয়তা কোনেও নুই কৰিব নোৱাৰে। সংসদেহে সুসভ্য জীৱন যাপনৰ প্ৰয়োজনীয় আইন প্ৰণয়ন কৰে।

চতুৰ্থঃ যোগ্য, বিজ্ঞ আৰু ৰাজনৈতিক সজাগতা থকা গণপ্ৰতিনিধি অবিহনে গণতন্ত্ৰৰ কথা কল্পনা কৰিব নোৱাৰি। সংসদৰ সদস্যসকল জনসাধাৰণৰ ওচৰত দায়িত্বশীল। গতিকে সংসদ হ'ল প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ মূল ভেঁটি।

পঞ্চমঃ সংসদ কেৱল এটা আইন প্ৰণয়নকাৰী সংস্থাই নহয়; সকলো গণতান্ত্ৰিক ৰাজনৈতিক প্ৰক্ৰিয়াৰ ই কেন্দ্ৰস্থল। ই বিভিন্ন উপায়, যেনে- সদন ত্যাগ, বিৰোধিতা, বিক্ষোভ, প্ৰশ্ন উত্থাপন আদি প্ৰদৰ্শন কৰি দেশৰ স্বাৰ্থ থকা সকলো গুৰুত্বপূৰ্ণ উদ্দেশ্য সাধন কৰে।

২। ভাৰতীয় সংসদৰ গঠন আৰু কাৰ্যাৱলী আলোচনা কৰা।                                                                                          [HS(XI) 2015]  

উত্তৰঃ ভাৰতীয় সংসদৰ গঠন আৰু কাৰ্যাৱলীবোৰ হৈছে-

সংসদৰ গঠনঃ সংবিধানৰ ৭৯-নং অনুচ্ছেদ অনুযায়ী ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডল সংসদ দ্বি-সদনবিশিষ্ট। ৰাষ্ট্ৰপতি দুখন সদনেৰে সংসদ গঠিত। এই সদন দুখনৰ এখনক উচ্চ সদন বা ৰাজ্যসভা আৰু আনখনক নিম্ন সদন বা লোকসভা বুলি জনা যায়। ৰাজ্যসভা মুঠ ২৫০ জন সদস্যক লৈ গঠিত। ইয়াৰে ২৩৮ জন বিভিন্ন ৰাজ্যৰ পৰা নিৰ্বাচিত আৰু ১২জন হ'ল ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত। নিম্ন সদন লোকসভাৰ মুঠ সদস্যৰ সংখ্যা হ'ল ৫৪৫ জন। বিভিন্ন ৰাজ্যৰ জনসাধাৰণে প্ৰত্যক্ষ নিৰ্বাচনত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত তেওঁলোকক নিৰ্বাচিত কৰে। 

৩। লোকসভাৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। 

উত্তৰঃ লোকসভাৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী সমূহ হৈছে-

লোকসভাৰ গঠনঃ ভাৰতৰ সংসদৰ প্ৰথম সদনক লোকসভা বোলা হয়। সংবিধানৰ ৮১-নং অনুচ্ছেদ অনুসৰি লোকসভালৈ ৰাজ্যবিলাকৰ পৰা সৰ্বোচ্চ ৫৩০ জন সদস্য নিৰ্বাচিত হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সৰ্বোচ্চ ২০ জন সদস্য লোকসভালৈ নিৰ্বাচিত হ'ব। তদুপৰি লোকসভালৈ ৰাষ্ট্ৰপতিয়ে ইঙ্গ-ভাৰতীয় সম্প্ৰদায়ৰ পৰা দুজন সদস্য মনোনীত কৰিব পাৰিব যদি তেওঁ ভাবে যে লোকসভাত ইঙ্গ-ভাৰতীয় সম্প্ৰদায়ৰ ভালদৰে প্ৰতিনিধিত্ব হোৱা নাই।

    বৰ্তমান লোকসভা ৫৪৩ জন সদস্য লৈ গঠন কৰা হৈছে। তদুপৰি লোকসভালৈ ৰাষ্ট্ৰপতিয়ে ২জন ইঙ্গ-ভাৰতীয় সম্প্ৰদায়ৰ সদস্য মনোনীত কৰিছে। গতিকে লোকসভাত ৫৪৫ জন সদস্য আছে। ইয়াৰে ১৪ জন সদস্য অসমৰ পৰা নিৰ্বাচিত হয়।

 ভাৰতৰ সংবিধানে ৰাজ্যসভাতকৈ লোকসভাৰ ওপৰত অগ্ৰাধিকাৰ দিছে। লোকসভাৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ হৈছে-

(১) শাসনসংক্ৰান্তীয় ক্ষমতাঃ লোকসভাৰ প্ৰধান কৰ্তব্য হৈছে শাসনব্যৱস্থা নিয়ন্ত্ৰণ কৰা। সংবিধানৰ ৭৫(৩)-নং অনুচ্ছেদ মতে মন্ত্ৰীপৰিষদ যুটীয়াভাৱে লোকসভাৰ ওচৰত দায়ী। লোকসভাই চৰকাৰ গঠনত এটি উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ সদস্যসকলে তেওঁলোকৰ নেতা নিৰ্বাচিত কৰে আৰু সেই নেতাক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী পদত নিয়োগ কৰে। লোকসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনৰ ওপৰতহে মন্ত্ৰীপৰিষদৰ কাৰ্যকাল নিৰ্ভৰ  কৰে। লোকসভাৰ অনাস্থা প্ৰস্তাৱযোগে মন্ত্ৰীপৰিষদৰ পতন ঘটাব পাৰে। এই সভাৰ সদস্যসকলে প্ৰশ্ন আৰু মূলতবী প্ৰস্তাৱৰ জৰিয়তে যিকোনো বিষয়ৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। এওঁলোকে সদনত চৰকাৰক সমালোচনাও কৰিব পাৰে। চৰকাৰৰ নীতিসমূহ লোকসভাই গ্ৰহণ নকৰিলে মন্ত্ৰীপৰিষদে পদত্যাগ কৰিব লাগে। এতেকে দেখা গ'ল যে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত লোকসভাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে।

(২) আইন প্ৰণয়ন ক্ষমতাঃ আইন প্ৰণয়ন কৰোঁতে ৰাষ্ট্ৰপতি, লোকসভা এই তিনিওৰে সন্মতিৰ প্ৰয়োজন। সাধাৰণ আইন প্ৰণয়নৰ ক্ষেত্ৰত উভয় সদন, সমানে ক্ষমতাশালী। যিকোনো বিল লোকসভা বা ৰাজ্যসভাত উত্থাপন কৰিব পাৰি। লোকসভাৰ সন্মতি নহ'লে কোনো বিল আইনত পৰিণত হ'ব নোৱাৰে। সাধাৰণ বিল অনুমোদনৰ ক্ষেত্ৰতো লোকসভাৰ প্ৰাধান্য বেছি। দুয়ো সদনৰ মাজত এই সম্পৰ্কে মতানৈক্য ঘটিলে সংবিধানৰ ১০৮-নং অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিয়ে যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে। এই অধিৱেশনত উপস্থিত আৰু ভোটদানকাৰী সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনত বিলখন গ্ৰহণ কৰিব পাৰি। কেন্দ্ৰীয় আৰু যুগ্ম তালিকাভুক্ত বিষয়সমূহৰ ওপৰত যিকোনো বিল লোকসভাত উত্থাপন কৰিব পাৰি।

(৩) নিৰ্বাচনী ক্ষমতাঃ লোকসভাৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতিৰ নিৰ্বাচিত অংশগ্ৰহণ কৰে। এই সভাৰ সকলো সদস্যই উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰকসকলৰ অপসাধাৰণৰ ক্ষেত্ৰতো লোকসভাই অংশগ্ৰহণ কৰে।

(৪) সাংবিধানিক ক্ষমতাঃ লোকসভাই সংবিধান সংশোধনত অংশগ্ৰহণ কৰে। ইয়াৰ সমৰ্থন অবিহনে সংবিধান সংশোধন কৰিব নোৱাৰি। সংবিধান সংশোধনৰ ক্ষেত্ৰত দুয়ো সদনৰ মাজত মতানৈক্য ঘটিলে এই ক্ষেত্ৰতো লোকসভাৰ প্ৰাধান্য দেখা যায়। কৰণ যুটীয়া অধিৱেশনত এখন বিল পাছ কৰা লোকসভাৰ পক্ষে সহজ হয়।

(৫) বিবিধ ক্ষমতাঃ ৰাষ্ট্ৰপতিৰ  দ্বাৰা ঘোষিত জৰুৰী অৱস্থা বলবৎ ৰাখিবলৈ হ'লে সংসদৰ উভয় সদনে ঘোষণাৰ প্ৰতি অনুমোদন জনাব লাগিব। সংসদে অনুমোদন নকৰিলে জৰুৰী অৱস্থা অন্ত পৰে। লোকসভাই অধিকাৰ ভংগৰ বাবে কোনো সদস্যক বা আন কোনো ব্যক্তিক শাস্তি দিব পাৰে। চৰকাৰৰ বিৰুদ্ধে নিন্দাসূচক প্ৰস্তাৱ আনি লোকসভাই কোনো মন্ত্ৰী বা চৰকাৰৰ কাৰ্যাৱলী সমালোচনা কৰিব পাৰে। লোকসভাই চৰকাৰে গঠন কৰা সকলো আয়োগৰ প্ৰতিবেদন আলোচনা কৰি নিজস্ব মতামত ব্যক্ত কৰিব পাৰে।

৪। লোকসভাৰ অধ্যক্ষৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।                                                                          [HS(XI) 2016]  

উত্তৰঃ ভাৰতৰ লোকসভাৰ অধ্যক্ষৰ পদটো এটা অতি গুৰুত্বপূৰ্ণ আৰু সন্মানীয় পদবী। যি গৰাকী ব্যক্তিয়ে লোকসভাৰ অধিৱেশনত সভাপতিত্ব কৰে তেওঁকে অধ্যক্ষ বোলা হয়। পদমৰ্যাদাৰ তালিকাত অধ্যক্ষৰ স্থান সপ্তম।

ক্ষমতা আৰু কাৰ্যাৱলীঃ 

(১) লোকসভাৰ সভাপতিঃ অধ্যক্ষই লোকসভাৰ আটাইবোৰ অধিৱেশনত সভাপতিত্ব কৰে। তেওঁ সংসদনৰ যুটীয়া অধিৱেশনতো সভাপতিত্ব কৰিব লাগে। সভা পৰিচালনাৰ নিয়ম-কানুন অধ্যক্ষই ব্যাখ্যা কৰে। অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষই সভাৰ কাম পৰিচালনা কৰে।

(২) লোকসভাৰ কাৰ্যসূচী নিৰ্ধাৰণঃ অধ্যক্ষই লোকসভা পৰিচালনা বিধি অনুযায়ী ইয়াৰ অধিৱেশন পৰিচালনা কৰে। সভাত কোনটো প্ৰস্তাৱ উত্থাপন কৰা হ'ব, সদস্যসকলক কি প্ৰশ্ন সুধিবলৈ দিয়া হ'ব, কোন প্ৰস্তাৱৰ আলোচনাৰ জাননী গৃহীত হ'ব, সভাত উত্থাপিত অতিৰিক্ত প্ৰশ্ন বৈধ হয় নে নহয়, দৃষ্টি আকৰ্ষণকাৰী প্ৰস্তাৱ দাঙি ধৰাৰ অনুমতি দিয়া হ'ব নে নাই- এই সকলো বিষয়ত অধ্যক্ষৰ সিদ্ধান্তই টূড়ান্ত।

(৩) সংসদৰ সদস্যসকলৰ অধিকাৰ ৰক্ষাঃ অধ্যক্ষই লোকসভাৰ সদস্যসকলৰ অধিকাৰসমূহৰ ৰক্ষা কৰিব লাগে। লোকসভাৰ সদস্যসকলে কিছুমান বিশেষাধিকাৰ ভোগ কৰে। কোনো সদস্যৰ অধিকাৰ ভংগ হ'লে অধ্যক্ষই যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰে। কোনোবাই সদনক অৱমাননা কৰিলে অধ্যক্ষই যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰি শাস্তি প্ৰদান কৰিব পাৰে।

(৪) প্ৰশাসনীয় কাৰ্যঃ লোকসভাৰ অধ্যক্ষই ইয়াৰ সচিবালয় সৰ্বোচ্চ ক্ষমতা ভোগ কৰে। লোকসভাত যিসকল কৰ্মচাৰীয়ে কাম কৰে, তেওঁলোকৰ প্ৰশাসনৰ দায়িত্ব অধ্যক্ষৰ। এইসকল কৰ্মচাৰীয়ে অধ্যক্ষৰ নিৰ্দেশত আৰু অধীনত কাম কৰে। সংসদৰ পাঠাগাৰ, দপ্তৰ আৰু গেলাৰী আদিৰ তত্বাৱধানৰ দায়িত্ব অধ্যক্ষৰ। লোকসভাৰ যেতিয়া অধিৱেন নাথাকে তেতিয়াও অধ্যক্ষই সংসদত নিজৰ দপ্তৰত উপস্থিত থাকি প্ৰশাসনিক দায়িত্ব পালন কৰে।

(৫) অৰ্থবিল চিনাক্তকৰণঃ সদনত উত্থাপন কৰা কোনো বিল অৰ্থবিল হয় নে নহয় সেই মতানৈক্য হ'লে সেই বিষয়ত অধ্যক্ষই সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁৰ সিদ্ধান্তকে চূড়ান্ত বুলি বিবেচনা কৰা হয়।

(৬) সংসদ কমিটিৰ যুটীয়া অধিৱেশনত সভাপতিত্বঃ সংসদৰ দুয়ো সদনৰ যুটীয়া অধিৱেশন হ'লে সেই যুটীয়া অধিৱেশনত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে। এই ক্ষেত্ৰত লোকসভাৰ অধ্যক্ষৰ ক্ষমতা ৰাজ্যসভাৰ সভাপতিতকৈ অধিক।

(৭) সদনৰ কমিটি গঠনৰ ক্ষমতাঃ লোকসভাৰ কিছুমান কমিটি আছে। এটি কমিটিসমূহৰ পৰিচালনাত অধ্যক্ষই গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব লাগে। তেওঁ বিভিন্ন কিমিটি গঠন কৰে আৰু এই কমিটিসমূহৰ সভাপতিসকলক নিয়োগ কৰে। অধ্যক্ষই নিজেও কিছুমান কমিটিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।

(৮) সদনৰ মৰ্যাদা ৰক্ষাঃ অধ্যক্ষই লোকসভাৰ অধিৱেশনত ইয়াৰ নিয়ম-শৃংখলা ৰক্ষা কৰে। অধ্যক্ষৰ অনুমতি লৈ আৰু অধ্যক্ষক সম্বোধন কৰি সদস্যসকলে নিজৰ বক্তব্য দাঙি ধৰিব লাগে। মন্ত্ৰীসকলক প্ৰশ্ন সুধিবলৈ হ'লে অধ্যক্ষৰ জৰিয়তে সুধিব পাৰে। চৰকাৰে যাতে কোনো ক্ষেত্ৰতে সদনৰ কাৰ্যত হস্তক্ষেপ কৰিব নোৱাৰে তাৰ প্ৰতি অধ্যক্ষই দৃষ্টি ৰাখিব লাগে। মন্ত্ৰীসকলে প্ৰশ্নৰ উত্তৰ সন্তোষজনকভাৱে নিদিলে সদস্যসকলে অধ্যক্ষক মন্ত্ৰীসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ অনুৰোধ কৰিব পাৰে। সেইদৰে কোনো সদস্য বক্তব্য সংসদীয় নীতিবিৰুদ্ধ হ'লে অধ্যক্ষই সেই সদস্যক সতৰ্ক কৰি দিব পাৰে, অশোভনীয় আচৰণ কৰিলে তেওঁক তিৰস্কাৰ কৰিব পাৰে বা সভাৰ পৰা উলিয়াই দিব পাৰে। সভাত শান্তি আৰু শৃংখলা প্ৰতিষ্ঠা সম্ভৱ নহয় বুলি যদি অধ্যক্ষই ভাবে, তেতিয়া তেওঁৰ সভাৰ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিব পাৰে।

(৯) ৰাষ্ট্ৰপতি আৰু লোকসভাৰ মাজৰ যোগসূত্ৰঃ অধ্যক্ষই ৰাষ্ট্ৰপতি আৰু লোকসভাৰ মাজত যোগসূত্ৰ স্থাপন কৰে। ৰাষ্ট্ৰপতিৰ বাণী, বাৰ্তা আদি অধ্যক্ষৰ জৰিয়তে লোকসভাত উপস্থাপন কৰা হয়। লোকসভাৰ সকলো কাৰ্যবিৱৰণী অধ্যক্ষই ৰাষ্ট্ৰপতিক জনাব লাগে।

(১০) নিৰ্ণায়ক ভোটদানৰ ক্ষমতাঃ সাধাৰণ অৱস্থাত লোকসভাৰ অধ্যক্ষই ভোটদান কৰিব নালাগে। কিন্তু সদনৰ মজিয়াত কোনো বিষয় লৈ ভোটদান হ'লে আৰু উভয় পক্ষৰ মাজত সমান সংখ্যক ভোট হ'লে বিষয়টোৰ জটিলতা দূৰ কৰাৰ অৰ্থে অধ্যক্ষই নিৰ্ণায়ক ভোট প্ৰদান কৰিব লাগে।

    লোকসভাৰ অধ্যক্ষৰ অন্যান্য কিছুমান ক্ষমতাও আছে। তেওঁ ৰাষ্ট্ৰপতি আৰু লোকসভাৰ সদস্যসকলৰ মাজত যোগসূত্ৰ হিচাপে কাৰ্যপালন কৰে। তেওঁ সদস্যসকলৰ পদত্যাগ-পত্ৰ গ্ৰহণ কৰে। সদস্যই স্ব-ইচ্ছাত পদত্যাগ কৰিছে নে নাই সেইটোও অধ্যক্ষই স্থিৰ কৰিব লাগে। লোকসভাৰ সদস্যসকলৰ বাসস্থানৰ ব্যৱস্থা কৰাও অধ্যক্ষৰ আন এটি দায়িত্ব। কোনো বিষয়ৰ ওপৰত ভোটগ্ৰহণ কৰিবলগীয়া হ'লে অধ্যক্ষই ভোট গ্ৰহণ কৰে। অধ্যক্ষই নিজে ভোটদান নকৰে, কিন্তু উভয় পক্ষৰ ভোট সমান হ'লে তেওঁ নিৰ্ণায়ক ভোট দি বিষয়টোৰ মীমাংসা কৰে।

৫। ৰাজ্যসভাৰ ক্ষমতা আৰু কার্যাৱলী আলোচনা কৰা।                                                                                              [HS(XI) 2018)  

উত্তৰঃ ৰাজ্যসভাৰ ক্ষমতা আৰু কাৰ্যসমূহক প্ৰধানতঃ পাচঁটা ভাগত ভগাব পাৰি। সেইকেইটা হৈছে- আইন প্ৰণয়নবিষয়ক ক্ষমতা, অৰ্থসংক্ৰান্তীয় ক্ষমতা, সংবিধায়ী  আৰু বিবিধ ক্ষমতাসমূহ। তলত সেইবিলাক আলোচনা কৰা হ'লঃ 

(১) আইন প্ৰণয়নবিষয়ক ক্ষমতাঃ অৰ্থসংক্ৰান্তীয় বিলৰ বাহিৰে আন সকলো বিল ৰাজ্যসভাত উত্থাপন কৰিব পাৰি। এই সভাৰ সন্মতি নহ'লে কোনো বিলেই আইনত পৰিণত হ'ব নোৱাৰে। ৰাজ্যসভাই সাধাৰণ বিল অনুমোদনৰ ক্ষেত্ৰত লোকসভাৰ দৰে ক্ষমতা ভোগ কৰে। কোনো বিলৰ বিষয়ে দুয়ো সদনৰ মাজত মতানৈক্য ঘটিলে ৰাষ্ট্ৰপতিয়ে উভয় সদনৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে। এই সভাত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে। সভাত উপস্থিত সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনত বিল সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় তালিকা আৰু যুগ্ম তালিকাভুক্ত বিষয়সমূহৰ ওপৰত সংসদে আইন প্ৰণয়ন কৰিব পাৰে।

(২) অৰ্থসংক্ৰান্তীয় ক্ষমতাঃ ৰাজ্যসভাত কোনো অৰ্থসংক্ৰান্তীয় বিল উত্থাপন কৰিব নোৱাৰি। আৰ্থিক বিষয়ত ইয়াৰ বিশেষ ক্ষমতা নাই। লোকশবাৰ দ্বাৰা গৃহীত অৰ্থবিল ৰাজ্যসভাৰ বিবেচনাৰ বাবে পঠিওৱা হয়। ৰাজ্যসভাই বিল পোৱাৰ ১৪ দিনৰ ভিতৰত লোকসভাৰ ওচৰত নিজৰ মতামত পঠিয়াব লাগিব। ইয়াৰ মতামত লোকসভাই গ্ৰহণ কৰিব বা নকৰিবও পাৰে। ৰাজ্যসভাই ১৪ দিনৰ ভিতৰত বিলখন ওভতাই নপঠিয়ালে লোকসভাই সিদ্ধান্ত গ্ৰহণ কৰে যে ৰাজ্যসভাই বিলখন গ্ৰহণ কৰিছে। তেতিয়া সেই বিল ৰাষ্ট্ৰপতিৰ সন্মতিৰ কাৰণে পঠিওৱা হয়।

(৩) শাসনসংক্ৰান্তীয় ক্ষমতাঃ চৰকাৰ গঠন, ইয়াৰ কাৰ্যকাল নিয়ন্ত্ৰণ আৰু অপসাৰণত ৰাজ্যসভাৰ প্ৰকৃত ক্ষমতা নাই। ৰাজ্যসভাই কাৰ্যপালিকাক লোকসভাৰ দৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে মন্ত্ৰীপৰিষদৰ বিৰুদ্ধে ই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰে। কিন্তু চৰকাৰক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্যসভাৰ যথেষ্ট ক্ষমতা আছে। ই চৰকাৰক সমালোচনা কৰিব পাৰে আৰু নানা প্ৰশ্ন সুধিব পাৰে। চৰকাৰে ৰাজ্যসভাৰ অস্তিত্বক উপেক্ষা কৰিব নোৱাৰে। কাৰণ, জনমতৰ ওপৰত ৰাজ্যসভাৰ যথেষ্ট প্ৰভাৱ আছে। মন্ত্ৰীসকলে ইয়াৰ আলোচনাত অংশগ্ৰহণ কৰে আৰু সদস্যসকলৰ প্ৰশ্নৰ উত্তৰ দিয়ে।

(৪) সাংবিধানিক ক্ষমতাঃ ৰাজ্যসভাই লোকসভাৰ সৈতে কিছুমান সাংবিধানিক ক্ষমতা ভোগ কৰে। ৰাজ্যসভাত সংবিধান সংশোধনী বিল উত্থাপন কৰিব পাৰি। এই সম্পৰ্কত দুয়ো সদনেই সমানে ক্ষমতাশালী। সংবিধান সংশোধনী বিল উভয় সদনত বেলেগ বেলেগকৈ নিৰ্ধাৰিত সংখ্যাধিক্য ভোটত গৃহীত হ'ব লাগিব।

(৫) বিবিধ ক্ষমতাঃ ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰে। ৰাজ্যসভাই ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ বিচাৰকসকলৰ অপসাৰণতো অংশগ্ৰহণ কৰে। ৰাজ্যসভাই ইয়াৰ দুই-তৃতীয়াংশ সদস্যৰ সংখ্যাধিক্য ভোটত প্ৰস্তাৱ গ্ৰহণ কৰি জাতীয় স্বাৰ্থ সংৰক্ষণৰ কাৰণে সংসদক কোনো ৰাজ্য তালিকাভুক্ত বিষয়ৰ ওপৰত আইন-প্ৰণয়ন কৰিবলৈ ক্ষমতা দিব পাৰে। বিভিন্ন আয়োগে ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰা তালিকাভুক্ত বিষয়ৰ ওপৰত আইন-প্ৰণয়ন কৰিবলৈ ক্ষমতা দিব পাৰে। বিভিন্ন আয়োগে ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰা প্ৰতিবেদনসমূহ উভয় সদনতে দাখিল কৰিব লাগে। ৰাষ্ট্ৰপতিয়ে ঘোষনা কৰা জৰুৰী অৱস্থাৰ প্ৰতিও ৰাজ্যসভাই সন্মতি দান কৰিব লাগিব। এইবিলাক বিষয়ত ৰাজ্যসভা আৰু লোকসভা উভয়েই সমানে ক্ষমতাশালী। ৰাজ্যসভাৰ প্ৰস্তাৱমৰ্মে সংসদে জাতীয় স্বাৰ্থত সৰ্বভাৰতীয় সেৱাৰ ব্যৱস্থা কৰিব পাৰে।

(৬) ৰাজ্যসভাৰ ভূমিকাঃ ৰাজ্যসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰিলে দেখা যায় যে সংবিধান ৰচয়িতাসকলে ইচ্ছা কৰিয়েই ৰাজ্যসভাক লোকসভাতকৈ কম ক্ষমতা প্ৰদান কৰিছে। অৰ্থসংক্ৰান্তীয় বিষয়ত ৰাজ্যসভাৰ ক্ষমতা নাই বুলিলেও হয়। এই বিষয়ত ৰাজ্যসভাৰ মত প্ৰকাশৰ বাহিৰে অন্য ক্ষমতা নাই। সংবিধানে ৰাজ্যসভাক মাত্ৰ এটি সংশোধনী সদন হিচাপে সৃষ্টি কৰিছে।

    কিছুমানৰ মতে ৰাজ্যসভাৰ একেবাৰে ক্ষমতা নাই আৰু ভাৰতৰ নিচিনা দুখীয়া দেশত ইয়াৰ কোনো প্ৰয়োজনীয়তা নাই। তেওঁলোকৰ মতে ৰাজ্যসভা নাথাকিলেও ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ একো অনিষ্ট নহয়। এই যুক্তি গ্ৰহণ কৰিব নোৱাৰি। ভাৰতৰ নিচিনা এখন বিশাল ৰাষ্ট্ৰত কেন্দ্ৰীয় বিধানমণ্ডল দ্বি-সদনীয় হোৱা যুক্তিপূৰ্ণ। এখন সদনৰ পক্ষে সকলো কথাৰ প্ৰতি লক্ষ্য ৰখা সম্ভৱপৰ নহয়। তদুপৰি ৰাজ্যসভাৰ অৱস্থিতিৰ বাবে বিভিন্ন ধৰণৰ স্বাৰ্থৰ প্ৰতিনিধিত্ব কৰা সম্ভৱপৰ হৈছে। সংসদৰ দায়িত্ব ইমানেই বৃদ্ধি পাইছে যে লোকসভাৰ পক্ষে সকলো নিয়াৰিকৈ পালন কৰা অসম্ভৱ। ৰাজ্যসভাই লোকসভাৰ যিকোনো কামৰ পুনৰ্বিচাৰ কৰি ইয়াৰ দোষসমূহ আঁতৰ কৰাৰ বাবে সহায় কৰে। গতিকে ভাৰতৰ ৰাজ্যসভাৰ প্ৰয়োজনীয়তা আছে। ই ৰাষ্ট্ৰৰ শাসনব্যৱস্থা আৰু আইন প্ৰণয়নৰ ক্ষেত্ৰত ধাৰাবাহিকতা ৰক্ষা কৰাতো সহায় কৰে।

    ৰাজ্যসভাৰ কৰ্মতৎপৰতাৰ পৰা দেখা যায় যে ইয়াৰ মৰ্যাদা একেবাৰে নগণ্য নহয়। ৰাজ্যসভাৰ সদস্যসকলে দেশৰ শাসনকাৰ্য পৰিচালনা আৰু আইন প্ৰণয়নৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যসভাক অ-লাগতিয়াল সদনৰূপে অভিহিত কৰিব নোৱাৰি। ইয়াৰ সদস্যসকলৰ যোগ্যতা আৰু অভিজ্ঞতা উচ্চ মানবিশিষ্ট। ৰাজ্যসভাৰ সদস্যসকলে সদনৰ বৈঠকত উপস্থিত থাকি ইয়াৰ কাৰ্যপালনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ৰাজ্যসভাৰ ক্ষমতা সীমিত হ'লেও এই সীমাবদ্ধতাৰ মাজত থাকিও ই ইয়াৰ দায়িত্বসমূহ ভালদৰে পালন কৰি জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছে। সাংবিধানিক সংকট সৃষ্টি নকৰিবৰ বাবে সংবিধানে ইয়াক কাম প্ৰাধান্য দিছে। কাৰণ, সংসদীয় গণতন্ত্ৰত নিম্ন সদনত অধিক ক্ষমতা দিয়া হয়। ৰাজ্যসভাই দেশৰ প্ৰগতিত বাধা দান কৰা নাই। ৰাজ্যসভাত যিকোনো বিষয় ভালদৰে আলোচনা কৰা হয় আৰু সদস্যসকলেও ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ভাৰতৰ ৰাজ্যসভাই এটি সংশোধনী সদন হিচাপে ইয়াৰ দায়িত্ব ভালদৰে পালন কৰি আছে। চৰকাৰেও এই সদনৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে। চৰকাৰৰ কাৰ্যাৱলীৰ প্ৰতি ৰাজ্যসভা বৰ সচেতন। অকল যোগ্য ব্যক্তিক এই সদনৰ সদস্য নিৰ্বাচন কৰিলে ইয়াৰ মৰ্যাদা বহু পৰিমাণে বৃদ্ধি পাব।

৬। আমাৰ দেশত দুখন সদনৰ প্ৰয়োজন আছে নে? কাৰণ দর্শোৱা। 

উত্তৰঃ  কোনো এখন ৰাষ্ট্ৰৰ আইন প্ৰণয়নকাৰী বিভাগটোক বিধানমণ্ডল বা আইনসভা বুলি জনা যায়। ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডলক সংসদ বুলি কোৱা হয়। অৰ্থাৎ সংসদ শব্দটোৰ দ্বাৰা ভাৰতৰ জাতীয় বা ৰাষ্ট্ৰীয় বিধানমণ্ডলক বুজোৱা হৈছে। আনহাতে ৰাজ্যবোৰৰ বিধানমণ্ডলক ৰাজ্যিক বিধানমণ্ডল বুলি আখ্যা দিয়া হয়। ইংলেণ্ড আদি দেশৰ দৰে ভাৰতৰ সংসদো দ্বি-সদনবিশিষ্ট। ইয়াৰে উচ্চ সদনক ৰাজ্যসভা আৰু নিম্ন সদনক লোকসভা বুলি কোৱা হয়। ভাৰতৰ সংবিধানে ৰাজ্যবোৰক একসদনীয় বা দ্বি-সদনীয় বিধানমণ্ডল গঠন কৰাৰ পূৰ্ণ স্বাধীনতা অৰ্পণ কৰিছে।

    বৰ্তমান ভাৰতৰ পাঁচখন ৰাজ্যতহে দ্বি-সদনীয় বিধানমণ্ডল আছে। ইয়াৰ উচ্চ সদনক পৰিষদ আৰু নিম্ন সদনক বোলা হয়।

    তলত দ্বি-সদনীয় বিধানমণ্ডল থকা ৰাজ্যকেইখনৰ নাম উল্লেখ কৰা হ'লঃ

১। বিহাৰ

২। জম্মু আৰু কাশ্মীৰ

৩। কৰ্ণাটক

৪। মহাৰাষ্ট্ৰ

৫। উত্তৰ প্ৰদেশ

 ভাৰত যুক্তৰাষ্ট্ৰৰ মুঠ ২৮ খন ৰাজ্যৰ ভিতৰত বৰ্তমান ওপৰত উল্লেখ কৰা পাচঁখন ৰাজ্যতহে বিধান পৰিষদ আছে। আমাৰ সংসদৰ দুখন সদনৰ সপক্ষে কেইটামান কাৰণ হৈছে-

(১) বৃহৎ ৰাষ্ট্ৰৰ বাবে উপযোগীঃ বৈচিত্ৰ্য়ৰ যাদুঘৰ ভাৰত এখন বৃহৎ দেশ। দেশৰ সকলো শ্ৰেণীৰ লোকৰ প্ৰতিনিধিত্ব কৰিবলৈ আৰু দেশৰ ভৌগলিক সীমাত বসবাস কৰা জাতিগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰিবলৈ আমাক দুখন সদনৰ প্ৰয়োজন আছে।

(২) সঠিক আইন প্ৰণয়ন সম্ভৱঃ আইনসভাৰ দুটা সদন থাকিলে সুচিন্তিত আৰু সঠিক আইন প্ৰণয়ন কৰা সম্ভৱ হয়। উচ্চ সদনে নিম্ন সদনৰ কাৰ্যাৱলীৰ পৰ্যালোচনা কৰে।

(৩) ব্যক্তিস্বাধীনতাৰ ৰক্ষাকৱচঃ দ্বি-সদনীয় বিধানমণ্ডলে ব্যক্তিস্বাধীনতাৰ ৰক্ষাকৱচ হিচাপে কাম কৰে। একে সদনযুক্ত বিধানমণ্ডল স্বেচ্ছাচাৰী হ'ব পাৰে।

দ্বি-সদনীয় বিধানমণ্ডলৰ এক সদনে আন সদনক সংযত কৰি ৰাখে।

(৪) যোগ্য আৰু বিজ্ঞ লোকক আইন প্ৰণয়নৰ লগত সংযুক্ত কৰাঃ ভাৰতৰ ক্ষেত্ৰত আন এটা যুক্তি হৈছে এই যে বিভিন্ন শ্ৰেণীৰ যোগ্য আৰু প্ৰতিভাৱান লোকক আইন প্ৰণয়নৰ লগত সংযুক্ত কৰা সম্ভৱ হয় উচ্চ সদনৰ মাধ্যমেৰে। কিয়নো নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিবলৈ অনিচ্ছুক অনেক লোক আছে যাৰ সহায় লাভ কৰিলে আইন প্ৰণয়ন বিভাগ উপকৃত হয়।

(৫) জনসাধাৰণৰ ৰাজনৈতিক শিক্ষা লাভঃ বিধানমণ্ডল দ্বি-সদনীয় হ'লে উচ্চ সদনত প্ৰত্যেকখন বিল ভালদৰে আলোচনা কৰা হয় আৰু ইয়াৰ ফলত জনসাধাৰণে ৰাজনৈতিক শিক্ষা লাভ কৰিব পাৰে। দ্বি-সদনীয় বিধানমণ্ডলৰ অনেক ত্ৰুটি আছে যদিও ইয়াৰ প্ৰয়োজনীয়তা বেছি। দ্বি-সদনীয় বিধানমণ্ডল তুলি নিদি ইয়াৰ গঠন প্ৰণালী অধিক গণতন্ত্ৰসন্মত কৰা উচিত। তেতিয়া ই সংশোধনকাৰী সদন হিচাপে কাৰ্যপালন কৰিব আৰু লগতে জনসাধাৰণৰ কল্যাণ সাধনত ব্ৰতী হ'ব পাৰিব।

৭। আলোকে ভাবে যে এখন ৰাষ্ট্ৰত জনসাধাৰণৰ কল্যাণৰ বাবে চিন্তা কৰা সুদক্ষ চৰকাৰ এখনৰ প্ৰয়োজন। সেইবাবে আমি যদি প্রধানমন্ত্রী আৰু মন্ত্ৰীসকলক নির্বাচিত কৰি চৰকাৰৰ কাম তেওঁলোকৰ হাতত অৰ্পণ কৰো তেতিয়াহ'লে আমাৰ বিধানমণ্ডলৰ প্ৰয়োজন নহ'ব। এই বিষয়ত তুমি একমত নে? তোমাৰ উত্তৰৰ বাবে যুক্তি দৰ্শোৱা।  

উত্তৰঃ

৮। কাৰ্যপালিকাক ৰাজ্যসভাতকৈ লোকসভাই কিয় বেছি ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰে?  

উত্তৰঃ 

৯। সংসদে কি কি বিভিন্ন উপায়েৰে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰিব পাৰে?  

উত্তৰঃ সংসদে বিভিন্ন উপায়েৰে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰিব পাৰে।

(১) পৰ্যালোচনা আৰু আলোচনাঃ আমাৰ সংবিধানে ৭৫-নং অনুচ্ছেদ অনুযায়ী কাৰ্যপালিকা মন্ত্ৰীসভা সংসদৰ ওচৰত দায়িত্বশীল। সেয়ে সংসদৰ  সদস্যসকলে কাৰ্যপালিকাই গ্ৰহণ কৰা নীতি-নিৰ্দেশনা কিদৰে বাস্তবায়িত কৰা হয় সেই বিষয়ে পৰ্যালোচনা কৰিব পাৰে। পৰ্যালোচনা নিয়ন্ত্ৰণৰ উপৰিও সদনত আলোচনা হোৱা সাধাৰণ আলোচনাৰ ওপৰতো নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে।

(২) প্ৰশ্নোত্তৰ কালঃ কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ চলোৱাৰ আন এটা অন্যতম উপায় হৈছে প্ৰশ্ন উত্থাপন। সংসদীয় গণতন্ত্ৰত মন্ত্ৰীসকল সংসদৰ সদস্য। তেওঁলোকে সদনত উপস্থিত থাকে আৰু সংসদৰ সদস্যই সোধা প্ৰশ্নৰ উত্তৰ দিব লাগে। পৰিপূৰক প্ৰশ্ন সোধাৰ ব্যৱস্থা থাকে। সংসদীয় ব্যৱস্থাৰ প্ৰচলন থকা দেশৰ বিধানমণ্ডলত এক ঘণ্টা সময় প্ৰশ্ন সোধাৰ কাৰণে আছুটীয়াকৈ ৰখা হয়। এই কালছোৱাক প্ৰশ্নোত্তৰ কাল বোলা হয়। প্ৰশাসনৰ ত্ৰুটি-বিচ্যুতি সম্পৰ্কে সদস্যসকলে বিভাগীয় মন্ত্ৰীক প্ৰশ্ন সুধিব পাৰে আৰু মন্ত্ৰীয়ে এনে প্ৰশ্নৰ যথাযথ উত্তৰ দিয়াৰ নিয়ম। প্ৰশ্নৰ জৰিয়তে সদনত জনসাধাৰণৰ অভাৱ-অভিযোগ আদি উত্থাপন কৰিব পৰা যায় আৰু এনে অভাৱ-অভিযোগ পূৰণৰ কাৰণে মন্ত্ৰীৰ পৰা আশ্বাস পোৱাৰ সম্ভাৱনা থাকে।

    সদনৰ শূন্য কালৰ সময়ছোৱাত সদস্যসকলে যিকোনো গুৰুত্বপূৰ্ণ বিষয় অলোচনা কৰাৰ কাৰণে প্ৰশ্ন উত্থাপন কৰিব পাৰে। অৱশ্যে এনে প্ৰশ্নৰ উত্তৰ দিবলৈ মন্ত্ৰীসকল বাধ্য নহয় যদিও সোধা প্ৰশ্নৰ উত্তৰ দিয়ে। ইয়াৰ উপৰিও, সদস্যসকলে সভাস্থগিত প্ৰস্তাৱো আনিব পাৰে। এনে ধৰণৰ প্ৰস্তাৱৰ জৰিয়তে সংসদে কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰিব পাৰে।

    প্ৰশ্নোত্তৰ কাল হ'ল কাৰ্যপালিকা আৰু চৰকাৰী প্ৰশাসনীয় সংস্থাসমূহক আওতাৰ ভিতৰত ৰখাৰ আটাইতকৈ কাৰ্যকৰী উপায়। প্ৰশ্নোত্তৰ কালছোৱাত সদস্যসকলে সদনত উপস্থিত থাকি দেশৰ গুৰুত্বপূৰ্ণ  সমস্যা কিছুমান, যেনে- বস্তুৰ মূল্য বৃদ্ধি, সমাজৰ দুৰ্বল শ্ৰেণীৰ ওপৰত চলা অত্যাচাৰ, খৰাং বতৰ, বানপানী সমস্যা, প্ৰশাসনীয় দুৰ্নীতি, কৃষকৰ অনাটন, জনজাতিৰ সমস্যা ইত্যাদি এশ-এবুৰি প্ৰশ্ন উত্থাপনকৰে। ইয়াৰ উপৰিও, সদস্যসকলে নিজৰ নিজৰ সমষ্টিৰ অভাৱ-অভিযোগ আদিও দাঙি ধৰাৰ সুবিধা পায়।

(৩) বিত্তীয় নিয়ন্ত্ৰণঃ চৰকাৰী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ প্ৰয়োজনীয় বিত্ত বাজেটৰ জৰিয়তে মঞ্জুৰ কৰা হয়। বিধানমণ্ডলৰ অনুমোদনৰ বাবে বাজেট প্ৰস্তুত আৰু উত্থাপন কৰিবলৈ চৰকাৰ সাংবিধানিকভাৱে বাধ্য বিধানমণ্ডলৰ অনুমোদনক্ৰমে চৰকৰে ধন খৰচ কৰাৰ অধিকাৰ পায়। বিত্তমন্ত্ৰীয়ে প্ৰথমে সংসদৰ নিম্ন সদন লোকসভাত প্ৰত্যেক আৰ্থিক বছৰৰ আৰম্ভণিতে বাজেট উত্থাপন কৰে। ইয়াৰ পিছত বাজেটৰ সাধাৰণ আলোচনা হয়। এই আলোচনাৰ  সয়মত চৰকাৰে অৰ্থ বিচৰাৰ কাৰণসমূহ আলোচনা কৰিব পাৰে আৰু অৰ্থনৈতিক নীতিৰ সমালোচনা কৰি ইয়াৰ আসোঁৱাহসমূহ দাঙি ধৰিব পাৰে। দাবী মঞ্জুৰিৰ আলোচনা কালত সদস্যসকলে বিভাগত দেখা দিয়া শোষণ, দুৰ্নীতি আদিৰ বিষয়ে আলোচনা কৰি এইবোৰ বন্ধ কৰাৰ কাৰণে বিভাগীয় মন্ত্ৰীৰ পৰা আশ্বাস আদায় কৰিব পাৰে। তদুপৰি নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক আৰু চৰকাৰী হিচাপ কমিটিৰ প্ৰতিবেদন অনুসৰি লোকসভাই পুঁজিৰ অপব্যৱহাৰ ঘটাৰ বিষয়ে অনুসন্ধান কৰিব পাৰে। এইদৰে বিত্তীয় নিয়ন্ত্ৰণৰ জৰিয়তে চৰকাৰক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব পাৰে।

(৪) সভাস্থগিত প্ৰস্তাৱঃ  বিশেষ পৰিস্থিতিৰ সৃষ্টি হ'লে সদনৰ কোনো সদস্যই সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰাৰ সুযোগ গ্ৰহণ কৰিব পাৰে আৰু এনে প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাৰ জৰিয়তে বিধানমণ্ডলে কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ চলোৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। অৱশ্যে সভাস্থগিত প্ৰস্তাৱ বিধানমণ্ডলত আলোচনা হ'ব নে নহ'ব সেইটো সদনৰ সভাপতিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে।

(৫) অনাস্থা প্ৰস্তাৱঃ কাৰ্যপালিকাৰ দায়বদ্ধতাক নিশ্চিত কৰিবলৈ সংসদৰ হাতত থকা আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে অনাস্থা প্ৰস্তাৱ। অৰ্থাৎ কাৰ্যপালিকাই মন্ত্ৰীসভাৰ বিৰুদ্ধে লোকসভাত অনাস্থা প্ৰস্তাৱ নাইবা নিন্দাসূচক প্ৰস্তাৱ উত্থাপন কৰিব পাৰে। চৰকাৰী নীতি কাৰ্যকাৰী কৰাত চৰকাৰ ব্যৰ্থ হ'লে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ ব্যৱস্থা আছে। অৱশ্যে যেতিয়ালৈকে চৰকাৰে লোকসভাৰ সংখ্যাগৰিষ্ঠ দলটো বা সংযুক্ত দলসমূহৰ সমৰ্থন লাভ কৰি থাকে তেতিয়ালৈকে লোকসভাই চৰকাৰ ভংগ কৰিব নোৱাৰে। মুঠতে লোকসভাৰ আস্থা হেৰুওৱা মন্ত্ৰীসভাৰ ক্ষমতাত থকাৰ অধিকাৰ নাথাকে। এনেবোৰ প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাৰ জৰিয়তে বিধানমণ্ডলে কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ চলাব পাৰে।

(৬) সন্মতি আৰু অনুমোদনঃ সংসদৰ সন্মতি আৰু অনুমোদন সংসদীয় নিয়ন্ত্ৰণৰ এটা অন্যতম উপায়। সংসদৰ অনুমোদন অবিহনে কোনো আইনৰ সৃষ্টি হ'ব নোৱাৰে। সংসদত সংখ্যাগৰিষ্ঠতা থকা চৰকাৰ এখনে কোনো বিধেয়ক সদনত অনুমোদন কৰোৱাত কোনো অসুবিধা নাই। সংখ্যাগৰিষ্ট দল হিচাপে মন্ত্ৰীসকলৰ সিদ্ধান্ত সংসদত প্ৰত্যাখ্যান হোৱাৰ কোনো অসুবিধা নাই। অৱশ্যে বহু সময়ত অনুমোদন সহজলভ্য নহবও পাৰে। সংযুক্ত মৰ্চ্চাৰ সদস্যসকলৰ মাজত আৰু কেতিয়াবা বিৰোধী দলৰ মাজতো বুজাবুজি আৰু আলোচনাৰ ফলতহে সম্ভৱ হয়। অৱশ্যে তেনে ক্ষেত্ৰতো কেতিয়াবা কোনো বিধেয়ক নাকচ হোৱাৰ উদাহৰণ আমাৰ সংসদীয় ব্যৱস্থাত আছে। ১৯৭৭ চনৰ জনতা চৰকাৰৰ শাসনৰ সময়ত আৰু ২০০২ চনত ভাৰতীয় জনতা মৰ্চ্চা চৰকাৰৰ সময়ত লোকসভাত সংখ্যাগৰিষ্ঠতা থকা সত্ত্বেও ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নথকাৰ বাবে ''লোকপাল'' বিধেয়ক আৰ সন্ত্ৰাসবাদ নিবাৰণ বিধেয়ক ৰাজ্যসভাত বাতিল হোৱা বাবে নাকচ হয়।

    এইদৰে বিধানমণ্ডলে বিভিন্ন উপায়েৰে কাৰ্যপালিকাক নিয়ন্ত্ৰণৰ আওতাৰ ভিতৰত ৰাখি চৰকাৰৰ জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতা নিশ্চিত কৰিব পাৰে। প্ৰশাসনক নিয়ন্ত্ৰণৰ কাৰণে গ্ৰহণ কৰা ভূমিকাক তাৎপৰ্যহীন আখ্যা দিব নোৱাৰি। অৱশ্যে প্ৰয়োজনীয় কথা হ'ল সদনৰ সদস্যসকল যিকোনো বিষয়ৰ আলোচনাত অংশগ্ৰহণৰ বাবে আগ্ৰহী হ'ব লাগিব।

১০। লোকসভা আৰু ৰাজ্যসভাৰ মাজৰ সম্পৰ্ক বিচাৰ কৰা।  নাইবা, ভাৰতৰ সংসদৰ দুয়োটা সদনৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।                                                       [HS(XI) 2016]  

উত্তৰঃ লোকসভা আৰু ৰাজ্যসভাৰ মাজৰ সম্পৰ্ক-

আগতে কৈ অহা হৈছে যে ভাৰতৰ কেন্দ্ৰীয় সংসদ দুখন সদনক লৈ গঠিত - লোকসভা আৰু ৰাজ্যসভা। লোকসভাই জনসাধাৰণক পোনপটীয়াকৈ প্ৰতিনিধিত্ব কৰে। - ৰাজ্যসভাও জনসংখ্য়াৰ ভিত্তিত প্ৰতিষ্ঠিত। কিন্তু ই অন যুক্তৰাষ্ট্ৰীয় দ্বি-সদনৰ দৰে ৰাজ্যসমূহৰ প্ৰতিনিধিত্ব কৰিব নোৱাৰে। ইয়াত ৰাজ্যসমূহৰ সমান প্ৰতিনিধিত্ব নাই। সংসদৰ কাৰ্য সম্পাদনত যদিও দুয়ো সদনৰ সহযোগিতাৰ প্ৰয়োজন, তথাপি সংবিধানে লোকসভাক ৰাজ্যসভাতকৈ অধিক ক্ষমতা প্ৰদান কৰিছে। সংসদীয় গণতন্ত্ৰত দ্বি-সদনযুক্ত বিধানমণ্ডলৰ দুয়ো সদনক সাধাৰণতে সমান ক্ষমতাশালী কৰা নহয়। এনে কৰিলে দুয়ো সদনৰ মাজত সঘনে মতানৈক্যৰ সৃষ্টি হ'ব। সংসদীয় গণতন্ত্ৰত দ্বিতীয় সদনতকৈ প্ৰথম সদনক অধিক ক্ষমতা দিয়া হয়। কাৰণ, এই সদনে জনসাধাৰণক প্ৰতিনিধিত্ব কৰে আৰু ইয়াৰ ওচৰত দায়িত্বশীল। সেয়েহে ভাৰতৰ লোকসভাক অধিক ক্ষমতা দিয়া হৈছে।

    লোকসভা আৰু ৰাজ্যসভাৰ সমান ক্ষমতাঃ কিছুমান বিষয়ত লোকসভা আৰু ৰাজ্যসভাৰ সমান ক্ষমতা থকা দেখা যায়ঃ 

(১) সাধাৰণ আইন প্ৰণয়নত সমান কৰ্তৃত্বঃ অৰ্থবিলৰ বাহিৰে অন কোনো বিল সংসদৰ যিকোনো সদনত উত্থাপন কৰিব পাৰি। এই বিল আইনত পৰিণত হ'বলৈ হ'লে উভয় সদনে ইয়াক অনুমোদন কৰিব লাগিব। দুয়ো সদনৰ মাজত বিল সম্পৰ্কত মতানৈক্যই দেখা দিলে ছমাহৰ পিছত ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে। এই অধিৱেশনত সংখ্যাগৰিষ্ঠ ভোটত বিলখন অনুমোদন কৰিব পাৰি।

(২) ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত থকা সম্পৰ্কঃ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত দুয়ো সদনৰ সদস্যসকলে অংশগ্ৰহণ কৰে আৰু সকলোৰে ভোটৰ মূল্য সমান। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিসকলৰ অপসাৰণৰ ক্ষেত্ৰতে দুয়ো সদনে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব।

(৩) সংবিধান সংশোধনত উভয় সদনৰ সম্পৰ্কঃ সংবিধান সংশোধনৰ ক্ষেত্ৰত ৰাজ্যসভা আৰু লোকসভাৰ ক্ষমতা সমান। সংবিধান সংশোধনী বিল যিকোনো সদনত উত্থাপন কৰিব পাৰি আৰু ইয়াত দুয়ো সদনৰ সন্মতিৰ প্ৰয়োজন। 

(৪) জৰুৰী অৱস্থা অনুমোদনৰ ক্ষেত্ৰতঃ ৰাষ্ট্ৰপতিৰ জৰুৰী অৱস্থাসংক্ৰান্তীয় ঘোষণা সংসদৰ উভয় সদনত অনুমোদনৰ বাবে উত্থাপন কৰা হয়। ইয়াত দুয়ো সদনৰ অনুমোদনৰ প্ৰয়োজন।

(৫) বিশেষাধিকাৰ উপভোগৰ ক্ষেত্ৰতঃ দুয়ো সদনে আৰু দুয়ো সদনৰ সদস্যসকলে একে ধৰণৰ বিশেষাধিকাৰ আৰু অব্যাহতিৰ অধিকাৰ ভোগ কৰে। 

(৬) ন্যায়াধীশ অপসাৰণৰ ক্ষেত্ৰতঃ ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ বিচাৰপতিসকলক অপসাৰণ কৰাৰ ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভা সমান ক্ষমতাৰ অধিকাৰী।

লোকসভাৰ প্ৰাধান্যঃ কিছুমান বিষয়ত লোকসভাৰ প্ৰাধান্য দেখা যায়ঃ 

(১) অৰ্থবিল অকল লোকসভাতহে উত্থাপন কৰিব পাৰি। ৰাজ্যসভাত এই বিল প্ৰথমে দাঙি ধৰিব নোৱাৰি।

(২) কোনো বিল অৰ্থবিল হয় নে নহয় সেইটো স্থিৰ কৰিব লোকসভাৰ অধ্যক্ষই। এই ক্ষেত্ৰত তেওঁৰ সিদ্ধান্তক চূড়ান্ত বুলি বিবেচনা কৰা হয়।

(৩) ৰাজ্যসভাত বাজেট সম্পৰ্কে সাধাৰণ আলোচনা কৰা হয়। কিন্তু ব্যয় মঞ্জুৰিৰ দাবী আৰু অৰ্থ অধিগ্ৰহণ বিল ৰাজ্যসভাৰ অনুমোদনৰ কাৰণে পঠিওৱা নহয়। এইবিলাক লোকসভাৰ অনুমোদনত কাৰ্যকৰী কৰা হয়।

ৰাজ্যসভাৰ  প্ৰাধান্যঃ কিছুমান বিষয়ত ৰাজ্যসভাৰ প্ৰাধান্য আছেঃ

(১) ৰাজ্যসভা এখন স্থায়ী সদন। ইয়াৰ এজন সদস্যৰ কাৰ্যকাল ৬ বছৰ। ৰাষ্ট্ৰপতিয়ে এই সদন ভংগ কৰিব নোৱাৰে। সেই কাৰণে এই লদনে শাসন আৰু আইন প্ৰণয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰে। লোকসভাৰ স্থায়িত্ব নাই। যিকোনো সময়ত ৰাষ্ট্ৰপতিয়ে এই সদন ভংগৰ আদেশ দিব পাৰে।

(২) সংবিধানৰ ২৪৯-নং অনুচ্ছেদ অনুসৰি ৰাজ্যসভাই জাতীয় স্বাৰ্থত ৰাজ্য তালিকাভুক্ত কোনো বিষয়ত আইন প্ৰণয়ন কৰিবলৈ সংসদক অনুৰোধ কৰিব পাৰে। এই ক্ষেত্ৰত ৰাজ্যসভাক প্ৰাধান্য দিয়া হৈছে। কাৰণ, ই ৰাজ্যসমূহৰ প্ৰতিনিধিত্ব কৰে বুলি ধৰি লোৱা হয়।

(৩) সংবিধানৰ ৩১২-নং অনুচ্ছেদ মতে ৰাজ্যসভাই উপস্থিত সদস্যৰ দুই-তৃতীয়াংশৰ ভোটত যদি প্ৰস্তাৱ গ্ৰহণ কৰে যে জাতীয় স্বাৰ্থত সৰ্বভাৰতীয় সেৱা সৃষ্টি কৰা প্ৰয়োজন, তেন্তে সংসদে এই সম্পৰ্কে আইন প্ৰণয়ন কৰিব পাৰে। ইয়াতো ৰাজ্যসভাৰ প্ৰাধান্য স্বীকাৰ কৰা হৈছে। 

১১। ভাৰতৰ সংসদৰ আইন প্রণয়ন পদ্ধতি বিশ্লেষণ কৰা। 

উত্তৰঃ সংসদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হ'ল জনসাধাৰণৰ কল্যাণৰ বাবে আইন প্ৰণয়ন কৰা। আইন প্ৰণয়নৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰণ কৰা হয়। সংবিধানৰ ১০৭-নং অনুচ্ছেদৰ পৰা ১২২-নং অনুচ্ছেদলৈ আইন প্ৰণয়ন পদ্ধতিৰ উল্লেখ আছে। প্ৰচলিত ব্যৱস্থাৰ সৈতে সংগতি ৰাখি সংসদে নতুন আইন প্ৰণয়ন কৰে অথবা পুৰণি আইন সংশোধন কৰি নতুন ৰূপত প্ৰকাশ কৰে। আইন প্ৰণয়ন প্ৰক্ৰিয়া এটা কাৰিকৰী আৰু দীঘলীয়া প্ৰক্ৰিয়া।

    সংসদৰ অনুমোদনৰ বাবে আইনৰ যি প্ৰস্তাৱ উত্থাপন কৰা হয় তাক বিল বা বিধেয়ক বোলা হয়। বিল হ'ল প্ৰস্তাৱিত আইন এখনৰ খচৰা। সংসদৰ অনুমোদনৰ কাৰণে যিবোৰ বিল উত্থাপন কৰা হয় সেইবোৰক দুভাগত বিভক্ত কৰা হয়- (১) চৰকাৰী বিল আৰু (২) বে-চৰকাৰী বিল। মন্ত্ৰীয়ে প্ৰস্তাৱ কৰা বিলক চৰকাৰী বিল আৰু মন্ত্ৰীৰ বাহিৰে আন সদস্যই উত্থাপন কৰা বিলক বে-চৰকাৰী সংসদৰ বিল বুলি কোৱা হয়। চৰকাৰী বিলক আকৌ দুভাগত বিভক্ত কৰা হয়ঃ (ক) অৰ্থবিল আৰু (খ) সাধাৰণ বিল।

    সংসদৰ বিল এখন উত্থাপনৰ প্ৰয়োজনীয়া সম্পৰ্কে যথেষ্ট বিতৰ্ক আগতে হ'ব পাৰে। চৰকাৰ পক্ষই নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষাৰ অৰ্থে আগন্তুক নিৰ্বাচনত জয়লাভৰ আশাৰে কোনো বিষয়ৰ বিল উত্থাপন ব্যৱস্থা কৰিব পাৰে। কেতিয়াবা আকৌ স্বাৰ্থগোষ্ঠী, সংসবাদ মাধ্যম বা নাগৰিক মঞ্চয়ো বিশেষ কোনো আইনৰ প্ৰয়োজনীয়তাৰ কাৰণে চৰকাৰক হেঁচা প্ৰয়োগ কৰিব পাৰে। গতিকে আইন প্ৰণয়নৰ লগত বহু সময়ত ৰাজনৈতিক স্বাৰ্থ জড়িত হৈ থাকে। বৰ্তমান আমাৰ দেশত চলা সংযুক্ত ৰাজনীতিত চৰকাৰী বিল সহযোগী দলবিলাকৰ মনঃপুত হ'ব লাগে। আইন এখন প্ৰণয়ন কৰাৰ আগতে মন্ত্ৰীসভাত গৃহীত হ'ব লাগে।

    প্ৰতিখন বিলৰ কেইটামান অংশ আছে। প্ৰথমতে, বিলৰ বিষয় লিপিবদ্ধ কৰি এটি প্ৰস্তাৱনা ৰচনা কৰা হয়। দ্বিতীয়তে, বিলৰ বিষয়-বস্তু অনুচ্ছেদ অনুযায়ী বিবৃত থাকে। তৃতীয়তে, বিলৰ লক্ষ্য, উদ্দেশ্য আৰু প্ৰয়োজনীয়তা বিবৃত থাকে আৰু চতুৰ্থতে, বিলখন আইনত ৰূপান্তৰিত হৈ কাৰ্যকৰী হ'লে আৰ্থিক দায় কি হ'ব সেই সম্পৰ্কে এক আৰ্থিক স্মাৰকলিপি থাকে। সংবিধানৰ ১০৭(২)-নং অনুচ্ছেদত কোৱা হৈছে যে কোনো বিল সংসদৰ দুয়ো সদনে অনুমোদন নকৰিলে য়েই বিল সংসদৰ দ্বাৰা গৃহীত হৈছে বুলি বিবেচিত নহ'ব।

১২। ভাৰতীয় সংসদৰ আটাইতকৈ গুৰুত্বপূর্ণ ক্ষমতাটো কি? ব্যাখ্যা কৰা।                                                              [HS(XI) 2015]  

উত্তৰঃ ভাৰতীয় সংসদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষমতাটো হৈছে- চৰকাৰক নিয়ন্ত্ৰণ কৰা।

১৩। ভাৰতৰ সংসদত কি পদ্ধতিৰে সাধাৰণ বিধেয়ক গৃহীত হয় আলোচনা কৰা।  

উত্তৰঃ   সাধাৰণ বিধেয়ক মন্ত্ৰী নাইবা সংসদৰ আন সদস্যসকলে উত্থাপন কৰিব পাৰে। সংসদত সাধাৰণ বিধেয়ক উত্থাপন কৰিবলৈ ইচ্ছা কৰা সদস্যজনে নিজৰ উদ্দেশ্য ব্যক্ত কৰি বিধেয়কখন উত্থাপন কৰিব বিচৰা সদনৰ পৰা অনুমতি ল'ব লাগে। সদনৰ পৰা অনুমতি লাভ কৰাৰ পিছত সদস্য গৰাকীয়ে সেই সদসখনত বিধেয়কখন উত্থাপন কৰিব পাৰে।

    সাধাৰণ বিধেয়ক এখন আইনত পৰিণত হ'বৰ বাবে তিনিটা স্তৰ অতিক্ৰম কৰিব লাগে। সেইকেইটা হ'ল-

১। প্ৰথম পাঠ:- বিধেয়ক উত্থাপন কৰাৰ বাবে অনুমতি লাভ কৰাৰ পিছত বিধেয়ক উত্থাপনকাৰীয়ে সংশ্লিষ্ট সদনত বিধেয়কখনৰ শিৰোনামাটো পাঠ কৰি দিয়ে। ইয়াক বিধেয়কখনৰ প্ৰথম পাঠ বোলা হয়। ইয়াৰ পিছত বিধেয়কখন জনসাধাৰণৰ জ্ঞাতাৰ্থে ভাৰতৰ ৰাজপত্ৰত প্ৰকাশ কৰা হয় আৰু ইয়াৰ ছপা প্ৰতিলিপি সদনৰ প্ৰতিজন সদস্যক দিয়া হয়।

২। দ্বিতীয় পাঠ:- বিধেয়ক এখন আইনত পৰিণত কৰাৰ ক্ষেত্ৰত দ্বিতীয় পাঠ অতিশয় গুৰুত্বপূৰ্ণ। প্ৰথম পাঠ অন্ত হোৱাৰ পিছত সদনে নিৰ্দিষ্ট কৰি দিয়া দিন আৰু সময়ত দ্বিতীয় পাঠ আৰম্ভ হয়।দ্বিতীয় পাঠৰ সময়ত বিধেয়ক উত্থাপনকাৰীয়ৰ সন্মুখত চাৰিটা পছন্দ থাকে আৰু তেওঁ যিকোনো এটা গ্ৰহণ কৰিব লাগে। পছন্দকেইটা হ'ল-

(ক) বিধেয়কখন সদনত আলোচনাৰ বাবে গ্ৰহণ কৰা হওঁক।

(খ) বিধেয়কখন বাছনি কমিটিলৈ প্ৰেৰণ কৰা হওঁক। 

(গ) বিধেয়কখন জনসাধাৰণৰ মতামতৰ বাবে প্ৰচাৰ কৰা হওঁক।

(ঘ) বিধেয়কখন উভয় সদনৰ যুটীয়া কমিটিলৈ পঠোৱা হওঁক।

    বিধেয়কখন অতিশয় গুৰুত্বপূৰ্ণ হ'লেহে তৎকালীনভাৱে সদনত আলোচনা কৰা হয় আৰু বিধেয়কখন বিতৰ্কিতধৰণৰ হ'লেহে জনমতৰ বাবে প্ৰচাৰ কৰা হয়। সাধাৰণতে দেখা পোৱা যায় বিধেয়কবোৰ বিবেচনা কৰি তাৰ ওপৰত প্ৰতিবেদন দাখিল কৰাৰ বাবে বাছনি কমিটিলৈ প্ৰেৰণ কৰা হয়।

৩। তৃতীয় পাঠ:- তৃতীয় পাঠৰ সময়ত বিধেয়কখনৰ ওপৰত সবিশেষ আলোচনা কৰা নহয়;কাৰণ সকলোধৰণৰ আলোচনা দ্বিতীয় পাঠৰ সময়ত শেষ হয়। তৃতীয় পাঠৰ সময়ত বিধেয়কখনৰ ওপৰত সামগ্ৰিকভাৱে আলোচনা কৰা হয় আৰু প্ৰয়োজন হ'লে মৌখিক সংশোধনৰ বাবেহে অনুমতি দিব পাৰে। ইয়াৰ পিছত বিধেয়কখনৰ ওপৰত পুনৰ ভোট গ্ৰহণ কৰা হয় আৰু ভোট দিয়াসকলৰ গৰিষ্ঠ সংখ্যকে সমৰ্থন জনালে বিধেয়কখন সদনত গৃহীত হোৱা বুলি ধৰি লোৱা হয়।

১৪। অর্থবিল বুলিলে কি বুজা? সংসদত কেনেদৰে অৰ্থবিল গৃহীত হয়?  

উত্তৰঃ যিবোৰ বিল চৰকাৰৰ আৰ্থিক বিষয়ৰ সৈতে জড়িত সেইবোৰক অৰ্থবিল বোলা হয়। অৰ্থবিলক সাধাৰণতে দুভাগত বিভক্ত কৰিব পাৰি- ৰাজহসংক্ৰান্তীয় আৰু ব্যয়মঞ্জুৰ সংক্ৰান্তীয়। সংবিধানৰ ১১০-নং অনুচ্ছেদত কি কি বিলক অৰ্থবিল বুলি ক'ব পাৰি সেইটো উল্লেখ কৰা হৈছে। তলত দিয়া বিষয় সম্পৰ্কীয় বিলসমূহক অৰ্থবিল বুলিব পাৰিঃ 

(১) কোনো কৰ ধাৰ্য, বাতিল, ৰেহাই, পৰিৱৰ্তন বা নিয়ন্ত্ৰণ কৰা;

(২) চৰকাৰৰ দ্বাৰা কোনো ঋণৰ নিয়ন্ত্ৰণ বা চৰকাৰে গ্ৰহণযোগ্য কোনো আৰ্থিক দায়িত্ব সম্পৰ্কীয় কোনো আইনৰ সংশোধন;

(৩) সন্মিলিত ৰাজকোষ বা আকস্মিক ব্যয় ভাণ্ডাৰ ৰক্ষণাবেক্ষণ আৰু ইয়াত টকা জমা দিয়া বা তুলি অনা;

(৪) সন্মিলিত ৰাজকোষৰ পৰা অৰ্থ ব্যয়;

(৫) সন্মিলিত ৰাজকোষৰ পৰা কোনো ব্যয়ক অনুমোদনীয় ব্যয় বুলি ঘোষণা কৰা বা এনেকুৱা ঘোষিত ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰা।

১৫। সংসদীয় কমিটি ব্যৱস্থাই সংসদৰ আইন প্রণয়নৰ তত্বাৱধান আৰু মূল্য নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায়?  

উত্তৰঃ জন. ষ্টুৱাৰ্ট মিলে কৈছিল যে কোনো বৃহৎ আইনসভাৰ পক্ষে কোনো বিষয় ভালদৰে আলোচনা কৰা সম্ভৱ নহয়। ভাৰতীয় সংসদৰ ক্ষেত্ৰতো এই উক্তিটো প্ৰযোজ্য। ভাৰতৰ সংসদৰ কাৰ্যাৱলী অত্যধিক বৃদ্ধি পাইছে। ইয়াৰ অলপ দিনৰ বাবে হোৱা অধিৱেশনত সকলো বিষয় সম্পৰ্কে ভালদৰে পৰীক্ষা কৰি চোৱা সম্ভৱপৰ নহয়। তদুপৰি আইন প্ৰণয়নৰ দৰে এটা জটিল কাৰ্যৰ বাবে বিশেষ অভিজ্ঞতা আৰু জ্ঞানৰ প্ৰয়োজন। সেই কাৰণে আইন প্ৰণয়নৰ কাৰ্যত সহায় কৰিবৰ কাৰণে কমিটিসমূহ বৰ প্ৰয়োজনীয়। সেয়েহে ভাৰতীয় সংসদে ইয়াৰ কাৰ্যাৱলীত সহায় কৰিবৰ বাবে কিছুমান কমিটি গঠন কৰে।

কমিটিসমূহে কৰেঃ

(১) বিভিন্ন বিধায়িনী  উদ্দেশ্যত কম সংখ্যক সদস্যক লৈ কমিটিসমূহক নিযুক্তি দিয়া হয়। এই কমিটিসমূহে আইন প্ৰণয়নৰ প্ৰস্তাৱসমূহ ভালদৰে পৰীক্ষা কৰাৰ উপৰিও সদনৰ দৈনন্দিন কাৰ্যসমহতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ ফলত উন্নত ধৰণৰ আইন প্ৰণয়ন কৰা সম্ভৱপৰ হয়।

(২) কমিটিসমূহত বিশেষজ্ঞসকল থাকে। তেওঁলোকে যিকোনো বিষয়ক ভালদৰে বিচাৰ-বিশ্লেষণ কৰিব পাৰে। সেয়েহে এই কমিটিসমূহৰ প্ৰয়োজনীয়তা আছে।

(৩) কমিটিসমূহে আইনৰ প্ৰস্তাৱ ভালদৰে ৰচনা কৰে। ইয়াৰ ফলত সংসদৰ সদস্যসকলে ভালদৰে এই প্ৰস্তাৱসমূহ কম সময়ৰ ভিতৰত আলোচনা কৰিব পাৰে। এইদৰে কমিচিসমূহে সদনৰ মূল্যৱান সময় বচায়।

(৪) কমিটিয়ে বিভিন্ন মন্ত্ৰণালয়ৰ পৰা উত্থাপিত ধনৰ মঞ্জুৰি দাবীসমূহৰ অধ্যয়ন, বিভিন্ন বিভাগৰ আয়-ব্যয় পৰীক্ষা কৰি চোৱা, দুৰ্নীতিৰ ঘটনা অনুসন্ধান কৰা আদি গুৰুত্বপূৰ্ণ কাৰ্য সংসদীয় কমিটিৰ। জৰিয়তে অনুসন্ধান কৰে। ভাৰতীয় সংসদৰ কমিটিসমূহক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি। (ক) স্থায়ী কমিটি আৰু (খ) অস্থায়ী কমিটি। অস্থায়ী কিমিটি কিছুমান নিৰ্দিষ্ট কাৰ্য সম্পাদনৰ বাবে নিযুক্ত কৰা হয়। সেই কাম শেষ হোৱাৰ লগে লগে কমিটিৰ কাৰ্যকালো শেষ হৈ যায়।

    ১৯৮৩ চনৰ পৰা স্থায়ী সংসদীয় কমিটি গঠন কৰা হয়। স্থায়ী কমিটিসমূহে বিভিন্ন বিভাগৰ কাম, সেই বিভাগসমূহৰ বাজেট ব্যয় আৰু সদনলৈ অহা একোটা বিভাগৰ লগত জড়িত বিধেয়কৰ তত্ত্বাৱধান কৰে। বৰ্তমান এনে ধৰণৰ স্থায়ী কমিটিৰ সংখ্যা কুৰিখন। লোকসভাৰ স্থায়ী কমিটিসমূহৰ ভিতৰত কেইখনমানক বৰ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। যেনে- আনুমানিক ব্যয় পৰীক্ষা কমিটি, চৰকাৰী হিচাপ পৰীক্ষা কমিটি, নিয়মাৱলী সংক্ৰান্ত কমিটি ইত্যাদি।

১৬। সংসদত কমিটিৰ ভূমিকা আলোচনা কৰা।  

উত্তৰঃ সংসদত কমিটিৰ ভূমিকাঃ 

    ভাৰতীয় সংসদৰ দুয়ো সদনে নিজৰ নিজৰ কমিটি গঠন কৰিব পাৰে। সংসদৰ দুয়ো সদনৰ সদস্যসকলক লৈ যুটীয়া সংসদীয় কমিটি গঠন কৰা হয়। বিত্তীয় খেলি-মেলি অনুসন্ধান আদিৰ দৰে কোনো বিষয়ৰ আলোচনাৰ বাবে যুটীয়া সংসদীয় কমিটি গঠন কৰা হয়।

    ভাৰতীয় সংসদৰ কমিটিসমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। কমিটি ব্যৱস্থা থকাৰ বাবে সংসদৰ বহুতো সময় বাচি যায়। সাধাৰণতে কমিটিৰ পৰামৰ্শত সংসদে অনুমোদন জনায়। কমিটিৰ সহায়ত দল নিৰপেক্ষ মতামত গঠন কৰি প্ৰশাসনৰ ওপৰত হেঁচা দিব পাৰি। অৱশ্যে আইনৰ ফালৰ পৰা চাবলৈ গ'লে সংসদৰ বিনা অনুমোদনত কোনো বিধেয়ক আইনত পৰিণত হ'ব নোৱাৰে আৰু বাজেটো মঞ্জুৰ নহয়।

১৭। ভাৰতৰ সংসদৰ আইন প্রণয়নৰ প্ৰক্ৰিয়াটো আলোচনা কৰা।                                                                 [HS(XI) 2015, 2019]  

উত্তৰঃ সংসদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কাম হ'ল জনসাধাৰণৰ কল্যাণৰ বাবে আইন প্ৰণয়ন কৰা। আইন প্ৰণয়নৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰণ কৰা হয়। সংবিধানৰ ১০৭-নং অনুচ্ছেদৰ পৰা ১২২-নং অনুচ্ছেদলৈ আইন প্ৰণয়ন পদ্ধতিৰ উল্লেখ আছে। প্ৰচলিত ব্যৱস্থাৰ সৈতে সংগতি ৰাখি সংসদে নতুন আইন প্ৰণয়ন কৰে অথবা পুৰণি আইন সংশোধন কৰি নতুন ৰূপত প্ৰকাশ কৰে। আইন প্ৰণয়ন প্ৰক্ৰিয়া এটা কাৰিকৰী আৰু দীঘলীয়া প্ৰক্ৰিয়া।

    সংসদৰ অনুমোদনৰ বাবে আইনৰ যি প্ৰস্তাৱ উত্থাপন কৰা হয় তাক বিল বা বিধেয়ক বোলা হয়। বিল হ'ল প্ৰস্তাৱিত আইন এখনৰ খচৰা। সংসদৰ অনুমোদনৰ কাৰণে যিবোৰ বিল উত্থাপন কৰা হয় সেইবোৰক দুভাগত বিভক্ত কৰা হয়-

(১) চৰকাৰী বিল আৰু (২) বে-চৰকাৰী বিল। মন্ত্ৰীয়ে প্ৰস্তাৱ কৰা বিলক চৰকাৰী বিল আৰু মন্ত্ৰীৰ বাহিৰে আন সদস্যই উত্থাপন কৰা বিলক বে-চৰকাৰী সংসদৰ বিল বুলি কোৱা হয়।চৰকাৰী বিলক আকৌ দুভাগত বিভক্ত কৰা হয়ঃ (ক) অৰ্থবিল আৰু (খ) সাধাৰণ বিল।

     সংসদৰ বিল এখন উত্থাপনৰ প্ৰয়োজনীয়তা সম্পৰ্কে যতেষ্ট বিতৰ্ক আগতে হ'ব পাৰে। চৰকাৰ পক্ষই নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষাৰ অৰ্থে আগন্তুক নিৰ্বাচনত জয়লাভৰ আশাৰে কোনো বিষয়ৰ বিল উত্থাপনৰ ব্যৱস্থা কৰিব পাৰে। কেতিয়াবা আকৌ স্বাৰ্থগোষ্ঠী, সংবাদ মাধ্যম বা নাগৰিক মঞ্চয়ো বিশেষ কোনো আইনৰ প্ৰয়োজনীয়তাৰ কাৰণে চৰকাৰক হেঁচা প্ৰয়োগ কৰিব পাৰে। গতিকে আইন প্ৰণয়নৰ লগত বহু সময়ত ৰাজনৈতিক স্বাৰ্থ জড়িত হৈ থাকে। বৰ্তমান আমাৰ দেশত চলা সংযুক্ত ৰাজনীতিত চৰকাৰী বিল সহযোগী দলবিলাকৰ মনঃপুত হ'ব লাগে। আইন এখন প্ৰণয়ন কৰাৰ আগতে মন্ত্ৰীসভাত গৃহীত হ'ব লাগে।

    প্ৰতিখন বিলৰ কেইটামান অংশ আছে। প্ৰথমতে, বিলৰ বিষয় লিপিবদ্ধ কৰি এটি প্ৰস্তাৱনা ৰচনা কৰা হয়। দ্বিতীয়তে, বিলৰ বিষয়-বস্তু অনুচ্ছেদ অনুযায়ী বিবৃত থাকে। তৃতীয়তে, বিলৰ লক্ষ্য, উদ্দেশ্য আৰু প্ৰয়োজনীয়তা বিবৃত থাকে আৰু চতুৰ্থতে, বিলখন আইনত ৰূপান্তৰিত হৈ কাৰ্যকৰী হ'লে আৰ্থিক দায় কি হ'ব সেই সম্পৰ্কে এক আৰ্থিক স্মাৰকলিপি থাকে। সংবিধানৰ ১০৭(২)-নং অনুচ্ছেদত কোৱা হৈছে যে কোনো বিল সংসদৰ দুয়ো সদনে অনুমোদন নকৰিলে সেই বিল সংসদৰ দ্বাৰা গৃহীত হৈছে বুলি বিবেচিত নহ'ব।

১৮। ভাৰতৰ সংসদে কেনেকৈ কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰে ব্যাখ্যা কৰা।                                                              [HS(XI) 2018 ]

উত্তৰঃ ভাৰতৰ সংসদে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰা উপায়বোৰ হৈছেঃ

(১) পৰ্যালোচনা আৰু আলোচনাঃ আমাৰ সংবিধানে ৭৫-নং অনুচ্ছেদ অনুযায়ী কাৰ্যপালিকা মন্ত্ৰীসভা সংসদৰ ওচৰত দায়িত্বশীল। সেয়ে সংসদৰ  সদস্যসকলে কাৰ্যপালিকাই গ্ৰহণ কৰা নীতি-নিৰ্দেশনা কিদৰে বাস্তবায়িত কৰা হয় সেই বিষয়ে পৰ্যালোচনা কৰিব পাৰে। পৰ্যালোচনা নিয়ন্ত্ৰণৰ উপৰিও সদনত আলোচনা হোৱা সাধাৰণ আলোচনাৰ ওপৰতো নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে।

(২) প্ৰশ্নোত্তৰ কালঃ কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ চলোৱাৰ আন এটা অন্যতম উপায় হৈছে প্ৰশ্ন উত্থাপন। সংসদীয় গণতন্ত্ৰত মন্ত্ৰীসকল সংসদৰ সদস্য। তেওঁলোকে সদনত উপস্থিত থাকে আৰু সংসদৰ সদস্যই সোধা প্ৰশ্নৰ উত্তৰ দিব লাগে। পৰিপূৰক প্ৰশ্ন সোধাৰ ব্যৱস্থা থাকে। সংসদীয় ব্যৱস্থাৰ প্ৰচলন থকা দেশৰ বিধানমণ্ডলত এক ঘণ্টা সময় প্ৰশ্ন সোধাৰ কাৰণে আছুটীয়াকৈ ৰখা হয়। এই কালছোৱাক প্ৰশ্নোত্তৰ কাল বোলা হয়। প্ৰশাসনৰ ত্ৰুটি-বিচ্যুতি সম্পৰ্কে সদস্যসকলে বিভাগীয় মন্ত্ৰীক প্ৰশ্ন সুধিব পাৰে আৰু মন্ত্ৰীয়ে এনে প্ৰশ্নৰ যথাযথ উত্তৰ দিয়াৰ নিয়ম। প্ৰশ্নৰ জৰিয়তে সদনত জনসাধাৰণৰ অভাৱ-অভিযোগ আদি উত্থাপন কৰিব পৰা যায় আৰু এনে অভাৱ-অভিযোগ পূৰণৰ কাৰণে মন্ত্ৰীৰ পৰা আশ্বাস পোৱাৰ সম্ভাৱনা থাকে।

    সদনৰ শূন্য কালৰ সময়ছোৱাত সদস্যসকলে যিকোনো গুৰুত্বপূৰ্ণ বিষয় অলোচনা কৰাৰ কাৰণে প্ৰশ্ন উত্থাপন কৰিব পাৰে। অৱশ্যে এনে প্ৰশ্নৰ উত্তৰ দিবলৈ মন্ত্ৰীসকল বাধ্য নহয় যদিও সোধা প্ৰশ্নৰ উত্তৰ দিয়ে। ইয়াৰ উপৰিও, সদস্যসকলে সভাস্থগিত প্ৰস্তাৱো আনিব পাৰে। এনে ধৰণৰ প্ৰস্তাৱৰ জৰিয়তে সংসদে কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰিব পাৰে।

    প্ৰশ্নোত্তৰ কাল হ'ল কাৰ্যপালিকা আৰু চৰকাৰী প্ৰশাসনীয় সংস্থাসমূহক আওতাৰ ভিতৰত ৰখাৰ আটাইতকৈ কাৰ্যকৰী উপায়। প্ৰশ্নোত্তৰ কালছোৱাত সদস্যসকলে সদনত উপস্থিত থাকি দেশৰ গুৰুত্বপূৰ্ণ  সমস্যা কিছুমান, যেনে- বস্তুৰ মূল্য বৃদ্ধি, সমাজৰ দুৰ্বল শ্ৰেণীৰ ওপৰত চলা অত্যাচাৰ, খৰাং বতৰ, বানপানী সমস্যা, প্ৰশাসনীয় দুৰ্নীতি, কৃষকৰ অনাটন, জনজাতিৰ সমস্যা ইত্যাদি এশ-এবুৰি প্ৰশ্ন উত্থাপনকৰে। ইয়াৰ উপৰিও, সদস্যসকলে নিজৰ নিজৰ সমষ্টিৰ অভাৱ-অভিযোগ আদিও দাঙি ধৰাৰ সুবিধা পায়।

(৩) বিত্তীয় নিয়ন্ত্ৰণঃ চৰকাৰী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ প্ৰয়োজনীয় বিত্ত বাজেটৰ জৰিয়তে মঞ্জুৰ কৰা হয়। বিধানমণ্ডলৰ অনুমোদনৰ বাবে বাজেট প্ৰস্তুত আৰু উত্থাপন কৰিবলৈ চৰকাৰ সাংবিধানিকভাৱে বাধ্য বিধানমণ্ডলৰ অনুমোদনক্ৰমে চৰকৰে ধন খৰচ কৰাৰ অধিকাৰ পায়। বিত্তমন্ত্ৰীয়ে প্ৰথমে সংসদৰ নিম্ন সদন লোকসভাত প্ৰত্যেক আৰ্থিক বছৰৰ আৰম্ভণিতে বাজেট উত্থাপন কৰে। ইয়াৰ পিছত বাজেটৰ সাধাৰণ আলোচনা হয়। এই আলোচনাৰ  সয়মত চৰকাৰে অৰ্থ বিচৰাৰ কাৰণসমূহ আলোচনা কৰিব পাৰে আৰু অৰ্থনৈতিক নীতিৰ সমালোচনা কৰি ইয়াৰ আসোঁৱাহসমূহ দাঙি ধৰিব পাৰে। দাবী মঞ্জুৰিৰ আলোচনা কালত সদস্যসকলে বিভাগত দেখা দিয়া শোষণ, দুৰ্নীতি আদিৰ বিষয়ে আলোচনা কৰি এইবোৰ বন্ধ কৰাৰ কাৰণে বিভাগীয় মন্ত্ৰীৰ পৰা আশ্বাস আদায় কৰিব পাৰে। তদুপৰি নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক আৰু চৰকাৰী হিচাপ কমিটিৰ প্ৰতিবেদন অনুসৰি লোকসভাই পুঁজিৰ অপব্যৱহাৰ ঘটাৰ বিষয়ে অনুসন্ধান কৰিব পাৰে। এইদৰে বিত্তীয় নিয়ন্ত্ৰণৰ জৰিয়তে চৰকাৰক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব পাৰে।

(৪) সভাস্থগিত প্ৰস্তাৱঃ  বিশেষ পৰিস্থিতিৰ সৃষ্টি হ'লে সদনৰ কোনো সদস্যই সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰাৰ সুযোগ গ্ৰহণ কৰিব পাৰে আৰু এনে প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাৰ জৰিয়তে বিধানমণ্ডলে কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ চলোৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। অৱশ্যে সভাস্থগিত প্ৰস্তাৱ বিধানমণ্ডলত আলোচনা হ'ব নে নহ'ব সেইটো সদনৰ সভাপতিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে।

(৫) অনাস্থা প্ৰস্তাৱঃ কাৰ্যপালিকাৰ দায়বদ্ধতাক নিশ্চিত কৰিবলৈ সংসদৰ হাতত থকা আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে অনাস্থা প্ৰস্তাৱ। অৰ্থাৎ কাৰ্যপালিকাই মন্ত্ৰীসভাৰ বিৰুদ্ধে লোকসভাত অনাস্থা প্ৰস্তাৱ নাইবা নিন্দাসূচক প্ৰস্তাৱ উত্থাপন কৰিব পাৰে। চৰকাৰী নীতি কাৰ্যকাৰী কৰাত চৰকাৰ ব্যৰ্থ হ'লে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ ব্যৱস্থা আছে। অৱশ্যে যেতিয়ালৈকে চৰকাৰে লোকসভাৰ সংখ্যাগৰিষ্ঠ দলটো বা সংযুক্ত দলসমূহৰ সমৰ্থন লাভ কৰি থাকে তেতিয়ালৈকে লোকসভাই চৰকাৰ ভংগ কৰিব নোৱাৰে। মুঠতে লোকসভাৰ আস্থা হেৰুওৱা মন্ত্ৰীসভাৰ ক্ষমতাত থকাৰ অধিকাৰ নাথাকে। এনেবোৰ প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাৰ জৰিয়তে বিধানমণ্ডলে কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ চলাব পাৰে।

(৬) সন্মতি আৰু অনুমোদনঃ সংসদৰ সন্মতি আৰু অনুমোদন সংসদীয় নিয়ন্ত্ৰণৰ এটা অন্যতম উপায়। সংসদৰ অনুমোদন অবিহনে কোনো আইনৰ সৃষ্টি হ'ব নোৱাৰে। সংসদত সংখ্যাগৰিষ্ঠতা থকা চৰকাৰ এখনে কোনো বিধেয়ক সদনত অনুমোদন কৰোৱাত কোনো অসুবিধা নাই। সংখ্যাগৰিষ্ট দল হিচাপে মন্ত্ৰীসকলৰ সিদ্ধান্ত সংসদত প্ৰত্যাখ্যান হোৱাৰ কোনো অসুবিধা নাই। অৱশ্যে বহু সময়ত অনুমোদন সহজলভ্য নহবও পাৰে। সংযুক্ত মৰ্চ্চাৰ সদস্যসকলৰ মাজত আৰু কেতিয়াবা বিৰোধী দলৰ মাজতো বুজাবুজি আৰু আলোচনাৰ ফলতহে সম্ভৱ হয়। অৱশ্যে তেনে ক্ষেত্ৰতো কেতিয়াবা কোনো বিধেয়ক নাকচ হোৱাৰ উদাহৰণ আমাৰ সংসদীয় ব্যৱস্থাত আছে। ১৯৭৭ চনৰ জনতা চৰকাৰৰ শাসনৰ সময়ত আৰু ২০০২ চনত ভাৰতীয় জনতা মৰ্চ্চা চৰকাৰৰ সময়ত লোকসভাত সংখ্যাগৰিষ্ঠতা থকা সত্ত্বেও ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নথকাৰ বাবে ''লোকপাল'' বিধেয়ক আৰ সন্ত্ৰাসবাদ নিবাৰণ বিধেয়ক ৰাজ্যসভাত বাতিল হোৱা বাবে নাকচ হয়।

    এইদৰে বিধানমণ্ডলে বিভিন্ন উপায়েৰে কাৰ্যপালিকাক নিয়ন্ত্ৰণৰ আওতাৰ ভিতৰত ৰাখি চৰকাৰৰ জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতা নিশ্চিত কৰিব পাৰে। প্ৰশাসনক নিয়ন্ত্ৰণৰ কাৰণে গ্ৰহণ কৰা ভূমিকাক তাৎপৰ্যহীন আখ্যা দিব নোৱাৰি। অৱশ্যে প্ৰয়োজনীয় কথা হ'ল সদনৰ সদস্যসকল যিকোনো বিষয়ৰ আলোচনাত অংশগ্ৰহণৰ বাবে আগ্ৰহী হ'ব লাগিব।

    তেওঁলোকে যুক্তিসহকাৰে সদনত প্ৰস্তাৱ উত্থাপন কৰি মন্ত্ৰীসকলক জবাবদিহি কৰিব পাৰিব লাগিব। কিছুমান ক্ষেত্ৰত চৰকাৰ আৰু বিৰোধী দলসমূহ বুজা-পৰাৰ বাবে ইচ্ছুক হ'ব লাগিব। সংসদত হোৱা আলোচনা, তৰ্ক-বিৰ্তক আদি অৰ্থহীন হ'ব নালাগে। কিন্তু পৰিতাপৰ বিষয় যোৱা দুটা দশকত সংসদ আৰু ৰাজ্যিক বিধানমণ্ডলৰ অধিৱেশনত অযথা তৰ্ক, বিতৰ্ক, সদন ত্যাগ আদি কাৰ্যই সদনৰ মৰ্যাদা যথেষ্ট অবনমতি কৰাৰ লগতে দেশৰ প্ৰগতিতো বাধা আৰোপ কৰিছে। ইয়াৰ ফলত সংসদীয় নিয়ন্ত্ৰণো বহু পৰিমাণে হ্ৰাস পাইছে।

চমু উত্তৰৰ প্রশ্ন (Short answer questions)    

১। ভাৰতীয় সংসদৰ চাৰিটা কাৰ্য ব্যাখ্যা কৰা।  

উত্তৰঃ 

২। ভাৰতৰ সংসদৰ গঠন প্রণালী সংক্ষেপে উল্লেখ কৰা।                                                                                              [HS(XI) 2017]                                                                               উত্তৰঃ  সংবিধানৰ ৭৯-নং অনুচ্ছেদ অনুযায়ী ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডল সংসদ দ্বি-সদনবিশিষ্ট। ৰাষ্ট্ৰপতি আৰু দুখন সদনেৰে সংসদ গঠিত। এই সদন দুখনৰ এখনক উচ্চ সদন বা ৰাজ্যসভা আৰু আনখনক নিম্ন সদন বা লোকসভা বুলি জনা যায়। ৰাজ্যসভা মুঠ ২৫০ জন সদস্যক লৈ গঠিত। ইয়াৰে ২৩৮ জন বিভিন্ন ৰাজ্যৰ পৰা নিৰ্বাচিত আৰু ১২ জন হ'ল ৰাষ্ট্ৰপতিৰ  দ্বাৰা মনোনীত। নিম্ন সদন লোকসভাৰ মুঠ সদস্যৰ সংখ্যা হ'ল ৫৪৫ জন। বিভিন্ন ৰাজ্যৰ জনসাধাৰণে প্ৰত্যক্ষ নিৰ্বাচনত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত তেওঁলোকক নিৰ্বাচিত কৰে।

৩। সংসদে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰাৰ চাৰিটা আহিলা বর্ণনা কৰা।  

উত্তৰঃ সংসদৰ কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰাৰ চাৰিটা আহিলা হৈছে-

 (১) পৰ্যালোচনা আৰু আলোচনাঃ আমাৰ সংবিধানে ৭৫-নং অনুচ্ছেদ অনুযায়ী কাৰ্যপালিকা মন্ত্ৰীসভা সংসদৰ ওচৰত দায়িত্বশীল। সেয়ে সংসদৰ  সদস্যসকলে কাৰ্যপালিকাই গ্ৰহণ কৰা নীতি-নিৰ্দেশনা কিদৰে বাস্তবায়িত কৰা হয় সেই বিষয়ে পৰ্যালোচনা কৰিব পাৰে। পৰ্যালোচনা নিয়ন্ত্ৰণৰ উপৰিও সদনত আলোচনা হোৱা সাধাৰণ আলোচনাৰ ওপৰতো নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে।

(২) সভাস্থগিত প্ৰস্তাৱঃ  বিশেষ পৰিস্থিতিৰ সৃষ্টি হ'লে সদনৰ কোনো সদস্যই সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰাৰ সুযোগ গ্ৰহণ কৰিব পাৰে আৰু এনে প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাৰ জৰিয়তে বিধানমণ্ডলে কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ চলোৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। অৱশ্যে সভাস্থগিত প্ৰস্তাৱ বিধানমণ্ডলত আলোচনা হ'ব নে নহ'ব সেইটো সদনৰ সভাপতিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে।

(৩) অনাস্থা প্ৰস্তাৱঃ কাৰ্যপালিকাৰ দায়বদ্ধতাক নিশ্চিত কৰিবলৈ সংসদৰ হাতত থকা আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে অনাস্থা প্ৰস্তাৱ। অৰ্থাৎ কাৰ্যপালিকাই মন্ত্ৰীসভাৰ বিৰুদ্ধে লোকসভাত অনাস্থা প্ৰস্তাৱ নাইবা নিন্দাসূচক প্ৰস্তাৱ উত্থাপন কৰিব পাৰে। চৰকাৰী নীতি কাৰ্যকাৰী কৰাত চৰকাৰ ব্যৰ্থ হ'লে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ ব্যৱস্থা আছে। অৱশ্যে যেতিয়ালৈকে চৰকাৰে লোকসভাৰ সংখ্যাগৰিষ্ঠ দলটো বা সংযুক্ত দলসমূহৰ সমৰ্থন লাভ কৰি থাকে তেতিয়ালৈকে লোকসভাই চৰকাৰ ভংগ কৰিব নোৱাৰে। মুঠতে লোকসভাৰ আস্থা হেৰুওৱা মন্ত্ৰীসভাৰ ক্ষমতাত থকাৰ অধিকাৰ নাথাকে। এনেবোৰ প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাৰ জৰিয়তে বিধানমণ্ডলে কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ চলাব পাৰে।

(২) প্ৰশ্নোত্তৰ কালঃ কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ চলোৱাৰ আন এটা অন্যতম উপায় হৈছে প্ৰশ্ন উত্থাপন। সংসদীয় গণতন্ত্ৰত মন্ত্ৰীসকল সংসদৰ সদস্য। তেওঁলোকে সদনত উপস্থিত থাকে আৰু সংসদৰ সদস্যই সোধা প্ৰশ্নৰ উত্তৰ দিব লাগে। পৰিপূৰক প্ৰশ্ন সোধাৰ ব্যৱস্থা থাকে। সংসদীয় ব্যৱস্থাৰ প্ৰচলন থকা দেশৰ বিধানমণ্ডলত এক ঘণ্টা সময় প্ৰশ্ন সোধাৰ কাৰণে আছুটীয়াকৈ ৰখা হয়। এই কালছোৱাক প্ৰশ্নোত্তৰ কাল বোলা হয়। প্ৰশাসনৰ ত্ৰুটি-বিচ্যুতি সম্পৰ্কে সদস্যসকলে বিভাগীয় মন্ত্ৰীক প্ৰশ্ন সুধিব পাৰে আৰু মন্ত্ৰীয়ে এনে প্ৰশ্নৰ যথাযথ উত্তৰ দিয়াৰ নিয়ম। প্ৰশ্নৰ জৰিয়তে সদনত জনসাধাৰণৰ অভাৱ-অভিযোগ আদি উত্থাপন কৰিব পৰা যায় আৰু এনে অভাৱ-অভিযোগ পূৰণৰ কাৰণে মন্ত্ৰীৰ পৰা আশ্বাস পোৱাৰ সম্ভাৱনা থাকে।

৪। সংসদৰ প্ৰধান ক্ষমতা আৰু কার্যাৱলী আলোচনা কৰা।                                                                                          [HS(XI) 2017]  

উত্তৰঃ সংসদৰ প্ৰধান ক্ষমতা আৰু কাৰ্যাৱলীবোৰ হ'ল

(১) বিধায়ী ক্ষমতাঃ সংসদ ভাৰতৰ বিধায়ী অংগ। কেন্দ্ৰীয়সূচী আৰু সমৱৰ্তীসূচীৰ অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত ই আইন প্ৰণয়ন কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিলে আৰু ৰাজ্যসভাই প্ৰস্তাৱ গ্ৰহণ কৰিলে ৰাজ্যিকসূচীৰ অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত সংসদে আইন প্ৰণয়ন কৰিব পাৰে। ইয়াৰ উপৰিও, জাতীয় স্বাৰ্থৰ হকে নাইবা বৈদেশিক চুক্তি, সন্ধি আদি কাৰ্যকৰী কৰিবলৈ সংসদৰ আইন প্ৰণয়নৰ কৰ্তৃত্ব আছে।

(২) প্ৰশাসনীয় ক্ষমতাঃ সংসদে ভাৰত চৰকাৰক নিয়ন্ত্ৰণ কৰে। কাৰ্যপালিকা বা মন্ত্ৰীসভা ইয়াৰ বিভিন্ন বিভাগৰ কাম-কাজৰ বাবে সংসদৰ ওচৰত দায়ী থাকে। সংসদৰ সদস্যসকলে অৱতাৰণা কৰা বিভিন্ন বিষয়ৰ প্ৰশ্নৰ উত্তৰ মন্ত্ৰীসকলে দিবলৈ বাধ্য থাকে। চৰকাৰে বিভিন্ন  বিভাগৰ কামত কৰা খৰচ-পাতিৰ হিচাপ আদি প্ৰকল্প কমিটিৰ দ্বাৰা পৰীক্ষা কৰাব পাৰে।সংসদৰ নিম্ন সদন লোকসভাই চৰকাৰৰ বাজেট বা কোনো নীতি প্ৰত্যাখ্যান কৰি মন্ত্ৰীসভাৰ পতন আনিব পাৰে।

(৩) বিত্তীয় ক্ষমতাঃ সংসদে ভাৰতৰ ৰাজকোষ নিয়ন্ত্ৰণ কৰে। সংসদৰ বিনা অনুমতিত চৰকাৰে পইচা এটাও খৰচ কৰিব নোৱাৰে। চৰকাৰে কোন বিভাগত কিমান ধন খৰচ কৰিব ইত্যাতি সকলোতে সংসদৰ অনুমোদনৰ আৱশ্যক। সংসদৰ বিনা অনুমতিত কোনো মতুম কৰ ধাৰ্য আৰু আদায় কৰিব নোৱাৰে। চৰকাৰৰ আয়-ব্যয় সম্পৰ্কে সমালোচনা কৰিব বা কৈফিয়ং তলব কৰিবৰ অধিকাৰ সংসদৰ আছে।

(৪) নিৰ্বাচনী ক্ষমতাঃ ভাৰতীয় সংসদৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। উভয় সদনৰ সদস্যসকলে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰিব লাগে।

(৫) সংবিধান সংশোধন ক্ষমতাঃ সংবিধানৰ কোনো দফা সংশোধন, পৰিৱৰ্তন বা পৰিবৰ্ধন কৰাৰ ক্ষেত্ৰত সংসদৰ ক্ষমতা একচেটীয়া। সংসদৰ বিনা অনুমোদনত সংবিধান সংশোধন হ'ব নোৱাৰে।

৫। কেৱল লোকসভাই প্ৰয়োগ কৰা যিকোনো দুটা ক্ষমতা উল্লেখ কৰা।                                                              [HS(XI) 2019]  

উত্তৰঃ কেৱল লোকসভাই প্ৰয়োগ কৰা যিকোনো দুটা ক্ষমতা হৈছে-

(১) নিৰ্বাচনী ক্ষমতাঃ লোকসভাৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰে। এই সভাৰ সকলো সদস্যই উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰকসকলৰ অপসাৰণৰ ক্ষেত্ৰতো লোকসভাই অংশগ্ৰহণ কৰে।

(২) সাংবিধানিক ক্ষমতাঃ লোকসভাই সংবিধান সংশোধনত অংশগ্ৰহণ কৰে। ইয়াৰ সমৰ্থন অবিহনে সংবিধান সংশোধন কৰিব নোৱাৰি। সংবিধান সংশোধনৰ ক্ষেত্ৰত দুয়ো সদনৰ মাজত মতানৈক্য ঘটিলে এই ক্ষেত্ৰতো লোকসভাৰ প্ৰাধান্য দেখা যায়। কাৰণ যুটীয়া অধিৱেশনত এখন বিল পাছ কৰা লোকসভাৰ পক্ষে সহজ হয়।

৬। এটা শ্ৰেণীত দ্বি-সদনীয় ব্যৱস্থাৰ গুণাগুণ সম্পর্কে বিতর্ক চলি আছে। আলোচনাত তলত উল্লেখ কৰা যুক্তিবোৰ  আগবঢ়োৱা হৈছে। যুক্তিবোৰ পঢ়ি চোৱা আৰু সেইবোৰৰ লগত ভূমি সহমত হয় নে নহয় কাৰণ দর্শোৱা।  

(ক) বীণাই কৈছে যে দ্বি-সদনীয় বিধানমণ্ডলে কোনো উদ্দেশ্য সাধন নকৰে। 

উত্তৰঃ

(খ) হৰেণে যুক্তি দৰ্শাইছে যে দ্বিতীয় সদনলৈ বিশেষজ্ঞ মনোনীত হোৱা উচিত।  

উত্তৰঃ

(গ) অশোকে কৈছে যে ৰাষ্ট্ৰ এখন যুক্তৰাষ্ট্ৰীয় প্ৰকৃতিৰ নহ'লে দ্বিতীয় সদনৰ প্ৰয়োজন নাই। 

উত্তৰঃ

৭। সংসদ অধিক কার্যকৰী কৰিবলৈ কেইটামান প্রস্তাৱ আগবঢ়োৱা হৈছে। তোমাৰ মতামত প্ৰত্যেকটোৰে ক্ষেত্ৰত কাৰণসহ উল্লেখ কৰা। এই পৰামৰ্শবোৰ গৃহীত হ'লে কি লাভ হ'ব?  

(ক) সংসদে দীঘলীয়া সময়ৰ বাবে কাম কৰা উচিত।  

উত্তৰঃ

(খ) সংসদৰ সদস্যসকলৰ উপস্থিতি বাধ্যতামূলক কৰিব লাগে।

উত্তৰঃ

(গ) সংসদৰ কাম-কাজত বাধা প্ৰদান কৰিলে সদস্যসকলক শাস্তি দিব পৰা ক্ষমতা অধ্যক্ষৰ থকা উচিত।  

উত্তৰঃ

৮। তলত উল্লেখ কৰা কোনটো বিবৃতিক তুমি আটাইতকৈ বেছি সমর্থন জনাবা? কাৰণ দৰ্শোৱা।

(ক) বিধানমণ্ডলৰ সদস্যসকলে তেওঁলোকৰ ইচ্ছা অনুসৰি যিকোনো দলত যোগদান কৰিব পাৰিব লাগে। 

উত্তৰঃ

(খ) দলত্যাগ বিৰোধী আইনে দলীয় নেতাসকলক, বিধানমণ্ডলৰ সদস্যসকলক নিয়ন্ত্রণ কৰাত সহায় কৰিছে। 

উত্তৰঃ

(গ) দলত্যাগ সদায় স্বার্থ পূৰণৰ কাৰণেহে হয় আৰু সেইবাবে যিসকল বিধানমণ্ডলৰ সদস্যই আন দলত যোগদান কৰিব  বিচাৰে তেওঁলোকক পিছৰ দুবছৰলৈ মন্ত্ৰী হোৱাৰ বাবে বাৰণ কৰিব লাগে। 

উত্তৰঃ

৯। এখন বিধেয়ক আইনত পৰিণত হোৱাৰ বিভিন্ন স্তৰসমূহ শুদ্ধ আৰু শৃংখলাবদ্ধভাৱে সজোৱা।  

(ক) বিধেয়ক এখন আলোচনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। 

(খ) বিধেয়কখন ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিওৱা হৈছে, তেওঁ যদি স্বাক্ষৰ নকৰে কি হ'ব লিখা।  

(গ) বিধেয়কখন আনখন সদনলৈ পঠিওৱা হয় আৰু গৃহীত হয়। 

(ঘ) যি সদনত বিলখন উত্থাপন কৰা হৈছিল তাত ই গৃহীত হৈছে। 

(ঙ) বিধেয়কখনত দফাবোৰ এটা-এটাকৈ পাঠ কৰি ভোটগ্ৰহণৰ বাবে দিয়া হয়।  

(চ) বিধেয়কখন উপ-কমিটিলৈ পঠিওৱা হয়—কমিটিয়ে কিছু সংশোধন কৰি সদনলৈ আলোচনাৰ বাবে পঠিয়ায়। 

(ছ) বিভাগীয় মন্ত্রীয়ে বিধেয়কখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্রস্তাৱ উত্থাপন কৰে।  

(জ) আইন মন্ত্রণালয়ৰ আইন প্রণয়ন বিভাগে বিধেয়কৰ খচৰা প্ৰস্তুত কৰে।

 ১০। সংসদৰ যিকোনো দুটা কাৰ্য আলোচনা কৰা । 

উত্তৰঃ সংসদৰ যিকোনো দুটা কাৰ্য হৈছে-

(১) নিৰ্বাচনী ক্ষমতাঃ ভাৰতীয় সংসদৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। উভয় সদনৰ সদস্যসকলে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰিব লাগে।

(২) সংবিধান সংশোধন ক্ষমতাঃ সংবিধানৰ কোনো দফা সংশোধন, পৰিৱৰ্তন বা পৰিবৰ্ধন কৰাৰ ক্ষেত্ৰত সংসদৰ ক্ষমতা একচেটীয়া। সংসদৰ বিনা অনুমোদনত সংবিধান সংশোধন হ'ব নোৱাৰে।

১১। ভাৰতৰ দ্বি - সদন থকা ৰাজ্যকেইখনৰ নাম লিখা । 

উত্তৰঃ 

১২। ৰাজ্যসভাৰ বিশেষ ক্ষমতাসমূহ কি কি ? 

উত্তৰঃ ৰাজ্যসভাৰ বিশেষ ক্ষমতাসমূহ হ'লঃ

(১) আইন প্ৰণয়নবিষয়ক ক্ষমতাঃ অৰ্থসংক্ৰান্তীয় বিলৰ বাহিৰে আন সকলো বিল ৰাজ্যসভাত উত্থাপন কৰিব পাৰি। এই সভাৰ সন্মতি নহ'লে কোনো বিলেই আইনত পৰিণত হ'ব নোৱাৰে। ৰাজ্যসভাই সাধাৰণ বিল অনুমোদনৰ ক্ষেত্ৰত লোকসভাৰ দৰে ক্ষমতা ভোগ কৰে। কোনো বিলৰ বিষয়ে দুয়ো সদনৰ মাজত মতানৈক্য ঘটিলে ৰাষ্ট্ৰপতিয়ে উভয় সদনৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে। এই সভাত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে। সভাত উপস্থিত সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনত বিল সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় তালিকা আৰু যুগ্ম তালিকাভুক্ত বিষয়সমূহৰ ওপৰত সংসদে আইন প্ৰণয়ন কৰিব পাৰে।

(২) অৰ্থসংক্ৰান্তীয় ক্ষমতাঃ ৰাজ্যসভাত কোনো অৰ্থসংক্ৰান্তীয় বিল উত্থাপন কৰিব নোৱাৰি। আৰ্থিক বিষয়ত ইয়াৰ বিশেষ ক্ষমতা নাই। লোকশবাৰ দ্বাৰা গৃহীত অৰ্থবিল ৰাজ্যসভাৰ বিবেচনাৰ বাবে পঠিওৱা হয়। ৰাজ্যসভাই বিল পোৱাৰ ১৪ দিনৰ ভিতৰত লোকসভাৰ ওচৰত নিজৰ মতামত পঠিয়াব লাগিব। ইয়াৰ মতামত লোকসভাই গ্ৰহণ কৰিব বা নকৰিবও পাৰে। ৰাজ্যসভাই ১৪ দিনৰ ভিতৰত বিলখন ওভতাই নপঠিয়ালে লোকসভাই সিদ্ধান্ত গ্ৰহণ কৰে যে ৰাজ্যসভাই বিলখন গ্ৰহণ কৰিছে। তেতিয়া সেই বিল ৰাষ্ট্ৰপতিৰ সন্মতিৰ কাৰণে পঠিওৱা হয়।

(৩) শাসনসংক্ৰান্তীয় ক্ষমতাঃ চৰকাৰ গঠন, ইয়াৰ কাৰ্যকাল নিয়ন্ত্ৰণ আৰু অপসাৰণত ৰাজ্যসভাৰ প্ৰকৃত ক্ষমতা নাই। ৰাজ্যসভাই কাৰ্যপালিকাক লোকসভাৰ দৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে মন্ত্ৰীপৰিষদৰ বিৰুদ্ধে ই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰে। কিন্তু চৰকাৰক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্যসভাৰ যথেষ্ট ক্ষমতা আছে। ই চৰকাৰক সমালোচনা কৰিব পাৰে আৰু নানা প্ৰশ্ন সুধিব পাৰে। চৰকাৰে ৰাজ্যসভাৰ অস্তিত্বক উপেক্ষা কৰিব নোৱাৰে। কাৰণ, জনমতৰ ওপৰত ৰাজ্যসভাৰ যথেষ্ট প্ৰভাৱ আছে। মন্ত্ৰীসকলে ইয়াৰ আলোচনাত অংশগ্ৰহণ কৰে আৰু সদস্যসকলৰ প্ৰশ্নৰ উত্তৰ দিয়ে।

(৪) সাংবিধানিক ক্ষমতাঃ ৰাজ্যসভাই লোকসভাৰ সৈতে কিছুমান সাংবিধানিক ক্ষমতা ভোগ কৰে। ৰাজ্যসভাত সংবিধান সংশোধনী বিল উত্থাপন কৰিব পাৰি। এই সম্পৰ্কত দুয়ো সদনেই সমানে ক্ষমতাশালী। সংবিধান সংশোধনী বিল উভয় সদনত বেলেগ বেলেগকৈ নিৰ্ধাৰিত সংখ্যাধিক্য ভোটত গৃহীত হ'ব লাগিব।

১৩। সংসদীয় কার্যপালিকাক নিয়ন্ত্ৰণৰ আহিলাসমূহ উল্লেখ কৰা ।                                                                    [HS ( XI ) 2017]

 উত্তৰঃ                                                                                                                                               

১৪। ৰাজ্যসভাৰ ভূমিকা সম্পর্কে এটি টোকা প্ৰস্তুত কৰা । 

উত্তৰঃ ৰাজ্যসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰিলে দেখা যায় যে সংবিধানৰ ৰচয়িতাসকলে ইচ্ছা কৰিলয়েই ৰাজ্যসভাক লোকসভাতকৈ কম ক্ষমতা প্ৰদান কৰিছে। অৰ্থসংক্ৰান্তীয় বিষয়ত ৰাজ্যসভাৰ ক্ষমতা নাই বুলিলেও হয়। এই বিষয়ত ৰাজ্যসভাৰ মত প্ৰকাশৰ বাহিৰে অন্য ক্ষমতা নাই। সংবিধানে ৰাজ্যসভাক মাত্ৰ এটি সংশোধনী সদন হিচাপে সৃষ্টি কৰিছে।

    কিছুমানৰ মতে ৰাজ্যসভাৰ একেবাৰে ক্ষমতা নাই আৰু ভাৰতৰ নিচিনা দুখীয়া দেশত ইয়াৰ কোনো প্ৰয়োজনীয়তা নাই। তেওঁলোকৰ মতে ৰাজ্যসভা নাথাকিলেও ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ একো অনিষ্ট নহয়। এই যুক্তি গ্ৰহণ কৰিব নোৱাৰি। ভাৰতৰ নিচিনা এখন বিশাল ৰাষ্ট্ৰত কেন্দ্ৰীয় বিধানমণ্ডল দ্বিৃসদনীয় হোৱা যুক্তিপূৰ্ণ। এখন সদনৰ পক্ষে সকলো কথাৰ প্ৰতি লক্ষ্য ৰখা সম্ভৱপৰ নহয়। তদুপৰি ৰাজ্যসভাৰ অৱস্থিতিৰ বাবে বিভিন্ন ধৰণৰ স্বাৰ্থৰ প্ৰতিনিধিত্ব কৰা সম্ভৱপৰ হৈছে। সংসদৰ দায়িত্ব ইমানেই বৃদ্ধি পাইছে যে লোকসভাৰ পক্ষে সকলো নিয়াৰিকৈ পালন কৰা অসম্ভৱ। ৰাজ্যসভাই লোকসভাৰ যিকোনো কামৰ পুনৰ্বিচাৰ কৰি ইয়াৰ দোষসমূহ আঁতৰ কৰাৰ বাবে সহায় কৰে। গতিকে ভাৰতৰ ৰাজ্যসভাৰ প্ৰয়োজনীয়তা আছে। ই ৰাষ্ট্ৰৰ শাসনব্যৱস্থা আৰু আইন প্ৰণয়নৰ ক্ষেত্ৰত ধাৰাবাহিকতা ৰক্ষা কৰাতো সহায় কৰে। 

    ৰাজ্যসভাৰ কৰ্মতৎপৰতাৰ পৰা দেখা যায় যে ইয়াৰ মৰ্যাদা একেবাৰে নগণ্য নহয়। ৰাজ্যসভাৰ সদস্যসকলে দেশৰ শাসনকাৰ্য পৰিচালনা আৰু আইন প্ৰণয়নৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যসভাক অ-লাগতিয়াল সদনৰূপে অভিহিত কৰিব নোৱাৰি। ইয়াৰ সদস্যসকলৰ যোগ্যতা আৰু অভিজ্ঞতাও উচ্চ মানবিশিষ্ট। ৰাজ্যসভাৰ সদস্যসকলে সদনৰ বৈঠকত উপস্থিত থাকি ইয়াৰ কাৰ্যপালনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ৰাজ্যসভাৰ ক্ষমতা সীমিত হ'লেও এই সীমাবদ্ধতাৰ মাজত থাকিও ই ইয়াৰ দায়িত্বসমূহ ভালদৰে পালন কৰি জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছে। সাংবিধানিক সংকট সৃষ্টি নকৰিবৰ বাবে সংবিধানে ইয়াক কম প্ৰাধান্য দিছে। কাৰণ, সংসদীয় গণতন্ত্ৰত নিম্ন সদনক অধিক ক্ষমতা দিয়া হয়। ৰাজ্যসভাই দেশৰ গতিত বাধা দান কৰা নাই। ৰাজ্যসভাত যিকোনো বিষয় ভালদৰে আলোচনা কৰা হয় আৰু সদস্যসকলেও ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ভাৰতৰ ৰাজ্যসভাই এটি সংশোধনী সদন হিচাপে ইয়াৰ দায়িত্ব ভালদৰে পালন কৰি আছে। চৰকাৰেও এই সদনৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে। চৰকাৰৰ কাৰ্যাৱলীৰ প্ৰতি ৰাজ্যসভা বৰ সচেতন। অকল যোগ্য ব্যক্তিক এই সদনৰ সদস্য নিৰ্বাচন কৰিলে ইয়াৰ মৰ্যাদা বহু পৰিমাণে বৃদ্ধি পাব। 

১৫। সংসদে নিজকে কেনেকৈ নিয়ন্ত্ৰণ কৰে ? 

উত্তৰঃ  সংবিধান অনুযায়ী কেন্দ্ৰীয় বিধানমণ্ডল সংসদ হ'ল ভাৰতীয় জাতীয় মহাসভা। ইয়াক এখন বিৰ্তকৰ মঞ্চ বুলিও কোৱা হয়। দেশৰ স্বাৰ্থ থকা সকলো বিষয় বিৰ্তকৰ জৰিয়তে ইয়াত বিশদভাৱে আলোচনা কৰা হয় অৰ্থাৎ বিৰ্তকৰ জৰিয়তে ইয়াত সকলো কাৰ্য সম্পাদন কৰা হয়। সমগ্ৰ দেশৰ স্বাৰ্থৰ জড়িত থকা এই আলোচনাবোৰ অৰ্থবহ আৰু সুশৃংখল হ'ব লাগে যাতে অনাহকত সংসদৰ বহুমূলীয়া ব্যয়বহুল সময় নষ্ট নকৰি সকলো কাম-কাজ সুকলমে আগবঢ়াই নিব পাৰে আৰু তেতিয়াহে জাতীয় মহাসভাখনৰ মৰ্যাদা অক্ষুণ্ণ থকাৰ লগতে জনসাধাৰণৰ কল্যাণ সাধন হয়। সংসদৰ কাৰ্যক্ৰমণিকা সুচাৰুৰূপে যাতে পৰিচালিত হয় তাৰ বাবে সংবিধানে কিছুমান নীতি-নিয়ম বান্ধি দিছে। সেই মতে বিধানমণ্ডলৰ কাৰ্য-কলাপ নিয়ন্ত্ৰণৰ বাবে বিধানমণ্ডলৰ সভাপতি (অধ্যক্ষ)-ক চূড়ান্ত কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

    অধ্যক্ষই সদনত সভপতিত্ব কৰে। সদনৰ কাৰ্যাৱলীৰ তত্ত্বাৱধান লয় আৰু প্ৰয়োজন সাপেক্ষে সদস্যসকলক নিয়ন্ত্ৰণ কৰে। কিয়নো সদনৰ আইন-শৃংখলা ৰক্ষাৰ দায়িত্ব অধ্যক্ষৰ। তেওঁ সদস্যসকলক নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব পালন কৰে। আমাৰ দেশত বহুদলীয় ব্যৱস্থাৰ প্ৰচলন থকাৰ ফলত বিধানমণ্ডলৰ সৰহ সংখ্যক সদস্যই দলীয় টিকটত সংসদলৈ নিৰ্বাচিত হৈ আহে। যিহেতু স্বাধীনতাৰ পিছত বহু বছৰলৈ আমাৰ দেশত দল ত্যাগৰ কোনো নীতি-নিয়ম নাছিল সেয়ে বহু সময়ত ভালেমান সদস্যই ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে দল-বাগৰা ৰাজনীতি আৰম্ভ কৰে। ১৯৮৫ চন পৰ্যন্ত দল-বাগৰা কাৰ্য ৰোধ কৰাৰ কাৰণে কোনো মনাধানৰ সূত্ৰ ওলোৱা নাছিল। অৱশেষত সকলো ৰাজনৈতিক দল এক মতত উপনীত হৈছিল যে এটা ৰাজনৈতিক দলৰ টিকটত নিৰ্বাচিত হৈ সেই দল ত্যাগ কৰি আন দলত যোগদান কৰাত বাধা আৰোপ কৰিব লাগে। সেইমতে ১৯৮৫ চনত সংবিধান সংশোধনীৰ (৫২তম) জৰিয়তে সংসদত দলত্যাগ বিৰোধী আইন গৃহীত হয়। ইয়াৰ পিছত সংবিধানৰ ৯১তম (২০০৩) সংশোধনীৰ জৰিয়তে এই আইনৰ কিছু সালসলনি ঘটোৱা হয়। এই আইনৰ বিধান মতে কোনো এটা দলৰ নেতাই হুইপ্ জাৰি কৰিলে অৰ্থাৎ কোনো সদস্যই দলৰ নেতাৰ নিৰ্দেশ অমান্য কৰি সদনত উপস্থিত নাথাকিলে বা দলীয় নিৰ্দেশনাৰ বিপৰীতে ভোটদান কৰিলে বা ইচ্ছাকৃতভাৱে দলত্যাগ কৰিলে তেতিয়া সেইজন সদস্যই দলত্যাগ কৰা বুলি ধৰি লোৱা হয়। কোনো সদস্যই দলত্যাগ কৰাৰ ক্ষেত্ৰত সদনৰ অধ্যক্ষৰ শেষ সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব আছে আৰু তেতিয়া তেওঁ সদনৰ সদস্য পদ হেৰুৱাবলগা হয়। তেওঁ কোনো ৰাজনৈতিক বিষয়-বাব গ্ৰহণৰ বাবে অৰ্হতাহীন হয়।

১৬। লোকসভাৰ সদস্য পদপ্ৰাৰ্থীৰ যোগ্যতাবোৰ লিখা । 

উত্তৰঃ লোকসভাৰ সদস্যপদৰ প্ৰাৰ্থী হ'বলৈ এজন ব্যক্তি ভাৰতীয় নাগৰিক হ'ব লাগিব। তেওঁৰ বয়স অন্ততঃ ২৫ বছৰ হ'ব লাগিব। সংসদে আইন প্ৰণয়ন কৰি প্ৰাৰ্থীসকলৰ অন্যান্য যোগ্যতা স্থিৰ কৰিব পাৰে। কোনো ব্যক্তি এখন সদনৰহে সদস্য হ'ব পাৰে। একেলগে তেওঁ দুখন বিধানমণ্ডলৰ সদস্যপদ ধাৰণ কৰিব নোৱাৰে। কোনো ব্যক্তি ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত লাভজনক পদত থাকিলে, পগলা আৰু দেউলীয়া হ'লে আৰু বিদেশী নাগৰিকতা গ্ৰহণ কৰিলে, তেওঁক লোকসভাৰ সদস্যপদৰ প্ৰাৰ্থিত্বৰ বাবে অযোগ্য বুলি বিবেচনা কৰা হ'ব।

১৭। ৰাজ্যসভাত কিমান মনোনীত সদস্য আছে ? তেওঁলোক কেনেকৈ মনোনীত হয় ?  

উত্তৰঃ ১২জনক ৰাজ্যসভাৰ সদস্যৰূপে মনোনীত কৰে। 

    সংবিধানৰ ৮০-নং অনুচ্ছেদত ৰাজ্যসভাৰ গঠন সম্পৰ্কে উল্লেখ কৰা হৈছে। ইয়াৰ সদস্য সংখ্যা ২৫০ জনতকৈ অধিক হ'ব নোৱাৰে। ইয়াৰ ১২জন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে আৰু ২৩৮ জন সদস্যক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হয়। সাহিত্য, বিজ্ঞান, চাৰুকলা, সমাজসেৱা আদি ক্ষেত্ৰত সুপৰিচিত ব্যক্তিসকলৰ মাজৰ পৰা ৰাষ্ট্ৰপতিয়ে ১২ জনক ৰাজ্যসভাৰ সদস্যৰূপে মনোনীত কৰে। সাধাৰণতে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শক্ৰমে এই সদস্যসকলক মনোনীত কৰে।

১৮। লোকসভাত কিমানজন মনোনীত সদস্য থাকে ? তেওঁলোক কেনেকৈ মনোনীত হয় ? 

উত্তৰঃ লোকসভাত ২জন মনোনীত সদস্য থাকে।

    সংবিধানৰ ৮১-নং অনুচ্ছেদ অনুসৰি লোকসভালৈ ৰাজ্যবিলাকৰ পৰা সৰ্বোচ্চ ৫৩০ জন সদস্য নিৰ্বাচিত হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সৰ্বোচ্চ ২০ জন সদস্য লোকসভালৈ নিৰ্বাচিত হ'ব। তদুপৰি লোকসভালৈ ৰাষ্ট্ৰপতিয়ে ইঙ্গ-ভাৰতীয় সম্প্ৰদায়ৰ ভালদৰে প্ৰতিনিধিত্ব হোৱা নাই। বৰ্তমান লোকসভা ৫৪৩ জন সদস্য লৈ গঠন কৰা হৈছে। তদুপৰি লোকসভালৈ ৰাষ্ট্ৰপতিয়ে ২জন ইঙ্গ-ভাৰতীয় সম্প্ৰদায়ৰ সদস্য মনোনীত কৰিছে। গতিকে লোকসভাত ৫৪৫ জন সদস্য আছে। ইয়াৰে ১৪ জন সদস্য অসমৰ পৰা নিৰ্বাচিত হয়।

১৯। লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে ? কোন সম্প্ৰদায়ৰ লোকৰ মাজৰ পৰা এই সদস্য মনোনীত কৰা হয় ?                                                               [HS ( XI ) 2016] 

উত্তৰঃ লোকসভালৈ ২ জন সদস্য মনোনীত কৰিব পাৰে। ইঙ্গ-ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ মাজৰ পৰা এই সদস্য মনোনীত কৰা হয়।

২০। সংসদৰ নিৰ্বাচনী কার্য কি ? 

উত্তৰঃ ভাৰতীয় সংসদৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। উভয় সদনৰ সদস্যসকলে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰিব লাগে।

২১। ৰাজ্যসভা কেনেকৈ গঠন কৰা হয় ?

উত্তৰঃ সংবিধানৰ ৮০(১) অনুচ্ছেদ অনুসৰি মুঠ ২৫০ জন সদস্যক লৈ ৰাজ্যসভা গঠিত হয়। ইয়াৰ ২৩৮ গৰাকী ৰাজ্যৰ বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা নিৰ্বাচন কৰি পঠিওৱা হয় আৰু বাকী ১২ গৰাকী সদস্য ৰাষ্ট্ৰপতিয়ে সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত প্ৰতিষ্ঠা কৰা ব্যক্তিসকলৰ মাজৰ পৰা নিযুক্ত কৰে।

২২। ৰাজ্যসভা আৰু লোকসভাৰ তিনিটা সমান ক্ষমতা উল্লেখ কৰা।  

উত্তৰঃ ৰাজ্যসভা আৰু লোকসভাৰ তিনিটা সমান ক্ষমতা হৈছেঃ 

 (১) সাধাৰণ আইন প্ৰণয়নত সমান কৰ্তৃত্বঃ অৰ্থবিলৰ বাহিৰে অন কোনো বিল সংসদৰ যিকোনো সদনত উত্থাপন কৰিব পাৰি। এই বিল আইনত পৰিণত হ'বলৈ হ'লে উভয় সদনে ইয়াক অনুমোদন কৰিব লাগিব। দুয়ো সদনৰ মাজত বিল সম্পৰ্কত মতানৈক্যই দেখা দিলে ছমাহৰ পিছত ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে। এই অধিৱেশনত সংখ্যাগৰিষ্ঠ ভোটত বিলখন অনুমোদন কৰিব পাৰি।

(২) ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত থকা সম্পৰ্কঃ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত দুয়ো সদনৰ সদস্যসকলে অংশগ্ৰহণ কৰে আৰু সকলোৰে ভোটৰ মূল্য সমান। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিসকলৰ অপসাৰণৰ ক্ষেত্ৰতে দুয়ো সদনে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব।

(৩) সংবিধান সংশোধনত উভয় সদনৰ সম্পৰ্কঃ সংবিধান সংশোধনৰ ক্ষেত্ৰত ৰাজ্যসভা আৰু লোকসভাৰ ক্ষমতা সমান। সংবিধান সংশোধনী বিল যিকোনো সদনত উত্থাপন কৰিব পাৰি আৰু ইয়াত দুয়ো সদনৰ সন্মতিৰ প্ৰয়োজন। 

২৩। কেন্দ্রীয় তালিকাৰ তিনিটা বিষয় উল্লেখ কৰা।  

উত্তৰঃ 

২৪। সমৱর্তী সূচীত থকা তিনিটা বিষয় উল্লেখ কৰা। 

উত্তৰঃ 

২৫। দলত্যাগ মানে কি বুজা? ইয়াৰ প্ৰতিকাৰৰ অৰ্থে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে।  

উত্তৰঃ কোনো সদস্যই দলৰ নেতাৰ নিৰ্দেশ অমান্য কৰি সদনত উপস্থিত নাথাকিলে বা দলীয় নিৰ্দেশনাৰ বিপৰীতে ভোটদান কৰিলে বা ইচ্ছাকৃতভাৱে দলত্যাগ কৰিলে তেতিয়া সেইজন সদস্যই দলত্যাগ বুলি কোৱা হয়। 

    দলত্যাগ আইন গ্ৰহণ আৰু সংশোধন কৰা হ'ল যদিও ইয়াৰ ভালেমান দোষ-ত্ৰুটি থাকি গ'ল। দলীয় স্বাৰ্থক আগত ৰাখি এই আইনখন পাছ আৰু সংশোধন কৰা হৈছিল। কিন্তু যোৱা বিশ/পঁচিশ বছৰৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰি যে দলত্যাগ বিৰোধী আইনে দলত্যাগ ৰোধ বা কমাবলৈ সক্ষম হোৱা নাই। আনহাতে দল বা পদবীৰ লোভত দল-বাগৰা ৰাজনীতি চলি আছে। এনে ব্যৱস্থাই আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোক দুৰ্বল কৰে।

অতি চমু উত্তৰৰ প্ৰশ্ন (Very short answer Questions) 

১। ভাৰতীয় সংসদ সদন কেইখন?  

উত্তৰঃ ভাৰতীয় সংসদ সদন দুখন।

২। ৰাজ্যসভা কেনেদৰে গঠন হয়? 

উত্তৰঃ সংবিধানৰ ৮০(১) অনুচ্ছেদ অনুসৰি মুঠ ২৫০ জন সদস্যক লৈ ৰাজ্যসভা গঠিত হয়। ইয়াৰ ২৩৮ গৰাকী ৰাজ্যৰ বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা নিৰ্বাচন কৰি পঠিওৱা হয় আৰু বাকী ১২ গৰাকী সদস্য ৰাষ্ট্ৰপতিয়ে সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত প্ৰতিষ্ঠা কৰা ব্যক্তিসকলৰ মাজৰ পৰা নিযুক্ত কৰে।

৩। লোকসভাৰ সদস্যৰ দুটা অৰ্হতা লিখা।  

উত্তৰঃ লোকসভাৰ সদস্যৰ দুটা অৰ্হতা হ'ল-

(১) বৰ্তমান লোকসভা ৫৪৩ জন সদস্য লৈ গঠন কৰা হৈছে। তদুপৰি লোকসভালৈ ৰাষ্ট্ৰপতিয়ে ২ জন ইঙ্গ-ভাৰতীয় সম্প্ৰদায়ৰ সদস্য মনোনীত কৰিছে।

(২) লোকসভাত ৫৪৫ জন সদস্য আছে। ইয়াৰে ১৪ জন সদস্য অসমৰ পৰা নিৰ্বাচিত হয়।

৪। ভাৰতৰ দুখন দ্বি-সদনীয় বিধানমণ্ডল থকা ৰাজ্যৰ নাম লিখা। 

উত্তৰঃ ভাৰতৰ দুখন দ্বি-সদনীয় বিধানমণ্ডল থকা ৰাজ্যৰ নাম- 

(১) বিহাৰ আৰু (২) কৰ্ণাটক।

৫। লোকসভাৰ অৰ্থনৈতিক ক্ষমতা কি?  

উত্তৰঃ 

৬। ৰাজ্যৰ বিধানসভাৰ গঠন, ক্ষমতা আৰু কার্যাৱলী আলোচনা কৰা।                                                        [HS(XI) 2015)  

উত্তৰঃ বিধানসভা হ'ল ৰাজ্যিক বিধানমণ্ডলৰ নিম্নসদন। বিধানসভাৰ সদস্যসকলক জনসাধাৰণে প্ৰত্যক্ষ ভোটদানৰ জৰিয়তে নিৰ্বাচিত কৰে। সংবিধানৰ ১৭০ নং অনুচ্ছেদ অনুসৰি ৰাজ্যিক বিধানসভাৰ সদস্যসংখ্যা সৰ্বোচ্চ ৫০০ জন আৰু সৰ্বনিম্ন ৬০ জন হ'ব লাগিব।ৰাজ্যপালে আৱশ্যক অনুসৰি ইংগ ভাৰতীয় সম্প্ৰদায়ৰ পৰা এজন বা দুজন সদস্য বিধানসভাত মনোনীত কৰিব পাৰে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জন-গাথঁনিৰ ভিত্তিত তেওঁলোকৰ বাবে কিছুমান সমষ্টি সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে। বিধানসভাৰ সদস্যসকলে প্ৰতিনিধিত্ব কৰা অঞ্চলক একোটা 'সমষ্টি' বোলা হয়।সংবিধান অনুসৰি প্ৰত্যেক ৭৫,০০০ ভোটদাতাক লৈ একোটা সমষ্টি গঠন কৰা হয় আৰু লোকপিয়লৰ পিছত সমষ্টিবোৰ পুনৰ গঠন কৰি সমষ্টিৰ সংখ্যা নিৰ্ধাৰণ কৰিব লাগে। বৰ্তমান অসমত ১২৬ টা বিধানসভাৰ সমষ্টি আছে।

বিধানসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী তলত আলোচনা কৰা হ'ল-

১। আইন প্ৰনয়ণমূলক ক্ষমতা আৰু কাৰ্য:- বিধানসভাৰ প্ৰধান কাৰ্য হ'ল আইন প্ৰণয়ন কৰা।ৰাজ্যিক সূচীৰ অন্তৰ্ভূক্ত আৰু সমৱৰ্তী তালিকাভূক্ত বিষয়ৰ ওপৰত বিধানসভাই আইন প্ৰণয়ন কৰিব পাৰে।

২। অৰ্থ সংক্ৰান্ত ক্ষমতা আৰু কাৰ্য:- বিত্তীয় বিষয়ত বিধানসভাৰ একচেতিয়া ক্ষমতা আছে। ৰাজ্যখনৰ বছৰেকীয়া বাজেট তথা যিকোনো অৰ্থ-সংক্ৰান্ত বিধেয়ক কেৱল বিধানসভাত উত্থাপিত কৰিব লাগে। বিধানসভাৰ বিনা অনুমতিত নতুন কৰ ধাৰ্য কৰিব বা কোনো কৰ কমাই দিব পৰা নাযায়। ৰাজ্যৰ সঞ্চিত নিধিৰ ধন খৰচ কৰিবলগীয়া হ'লেও বিধানসভাৰ অনুমোদনৰ প্ৰয়োজন হয়।

৩। নিৰ্বাচনী ক্ষমতা আৰু কাৰ্য:- বিধানসভাৰ নিৰ্বাচনী ক্ষমতা আছে।ৰাষ্ট্ৰপতি নিৰ্বাচনত বিধানসভাৰ সদস্যসকলে অংশ গ্ৰহণ কৰে।ৰাজ্যসভাৰ সদস্যসকলক বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে। ইয়াৰ উপৰিও বিধানসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰি লয়।

৪। সংবিধান সংশোধন ক্ষমতা আৰু কাৰ্য:- ভাৰতবৰ্ষৰ সংবিধানে সংবিধান সংশোধন কৰিৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত কেন্দ্ৰীয় সংসদত অসীম ক্ষমতা অপ্টণ কৰিছে। অৱশ্যে কেতবোৰ অনুচ্ছেদ সংশোধন কৰাৰ ক্ষেত্ৰত সংসদৰ উভয় সদনৰ দ্বাৰা গৃহীত হোৱাৰ পিছত সংশোধনী বিধেয়কখনত কমেও আধাসংখ্যক ৰাজ্যিক বিধানসভাৰ সন্মতিৰ প্ৰয়োজন হয়।

৫। মন্ত্ৰী-পৰিষদৰ ওপৰত নিয়ন্ত্ৰণ:- বিধানসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাজ্যপালে মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰে আৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ৰাজ্যপালে আন আন মন্ত্ৰীসকলক নিযুক্তি দিয়ে।মন্ত্ৰী-পৰিষদখন সমূহীয়াভাৱে বিধানসভাৰ ওচৰত দায়বদ্ধ।বিধানসভাৰ আস্থাৰ ওপৰত মন্ত্ৰী-পৰিষদৰ স্থায়িত্ব নিৰ্ভৰ কৰে।মন্ত্ৰী-পৰিষদৰ কাৰ্যৰ ওপৰত বিধানসভাৰ সদস্যসকলে সন্তুষ্ট নহ'লে অনাস্থা প্ৰস্তাৱ উত্নাপন কৰি মন্ত্ৰী-পৰিষদৰ পতন ঘটাব পাৰে।

৭। যুটীয়া বৈঠক কাক বোলে?  

উত্তৰঃ

৮। ৰাজ্যসভাৰ সদস্যৰ কাৰণে নিৰ্ধাৰণ কৰা যিকোনো দুটা অৰ্হতা উল্লেখ কৰা।                                                 [HS(XI) 2016) 

উত্তৰঃ ৰাজ্যসভাৰ সদস্যৰ কাৰণে নিৰ্ধাৰণ কৰা যিকোনো দুটা অৰ্হতা হ'ল-

(১) প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব।

(২) তেওঁৰ বয়সত অন্ততঃ ৩০ বছৰ হ'ব লাগিব।

৯। ৰাজ্যসভাৰ দুটা বিশেষ ক্ষমতা উল্লেখ কৰা। [HS(XI) 2018]  

উত্তৰঃ  ৰাজ্যসভাৰ দুটা বিশেষ ক্ষমতা হৈছে-

(১) শাসনসংক্ৰান্তীয় ক্ষমতাঃ চৰকাৰ গঠন, ইয়াৰ কাৰ্যকাল নিয়ন্ত্ৰণ আৰু অপসাৰণত ৰাজ্যসভাৰ প্ৰকৃত ক্ষমতা নাই। ৰাজ্যসভাই কাৰ্যপালিকাক লোকসভাৰ দৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে মন্ত্ৰীপৰিষদৰ বিৰুদ্ধে ই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰে। কিন্তু চৰকাৰক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্যসভাৰ যথেষ্ট ক্ষমতা আছে। ই চৰকাৰক সমালোচনা কৰিব পাৰে আৰু নানা প্ৰশ্ন সুধিব পাৰে। চৰকাৰে ৰাজ্যসভাৰ অস্তিত্বক উপেক্ষা কৰিব নোৱাৰে। কাৰণ, জনমতৰ ওপৰত ৰাজ্যসভাৰ যথেষ্ট প্ৰভাৱ আছে। মন্ত্ৰীসকলে ইয়াৰ আলোচনাত অংশগ্ৰহণ কৰে আৰু সদস্যসকলৰ প্ৰশ্নৰ উত্তৰ দিয়ে।

(২) সাংবিধানিক ক্ষমতাঃ ৰাজ্যসভাই লোকসভাৰ সৈতে কিছুমান সাংবিধানিক ক্ষমতা ভোগ কৰে। ৰাজ্যসভাত সংবিধান সংশোধনী বিল উত্থাপন কৰিব পাৰি। এই সম্পৰ্কত দুয়ো সদনেই সমানে ক্ষমতাশালী। সংবিধান সংশোধনী বিল উভয় সদনত বেলেগ বেলেগকৈ নিৰ্ধাৰিত সংখ্যাধিক্য ভোটত গৃহীত হ'ব লাগিব।

১০। লোকসভাৰ এজন সদস্য কেনেদৰে নিৰ্বাচিত হয়? 

উত্তৰঃ লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটীয়াভাৱে নিৰ্বাচিত কৰে।

১১। দলত্যাগ বিৰোধী আইন কি?  

উত্তৰঃ কোনো সদস্যই দলৰ নেতাৰ নিৰ্দেশ অমান্য কৰি সদনত উপস্থিত নাথাকিলে বা দলীয় নিৰ্দেশনাৰ বিপৰীতে ভোটদান কৰিলে বা ইচ্ছাকৃতভাৱে দলত্যাগ কৰিলে তেতিয়া সেইজন সদস্যই দলত্যাগ বুলি কোৱা হয়। 

১২। সংসদৰ দুখন স্থায়ী কমিটিৰ নাম লিখা।  

উত্তৰঃ সংসদৰ দুখন স্থায়ী কমিটিৰ নাম-

(১) আনুমানিক ব্যয় পৰীক্ষা কমিটি আৰু (২) চৰকাৰী হিচাপ পৰীক্ষা কমিটি।

১৩। সংসদৰ দুটা ন্যায়িক ক্ষমতা লিখা।  

উত্তৰঃ 

১৪। অনাস্থা প্রস্তাৱ কি?  

উত্তৰঃ

১৫। সংসদৰ কমিটিৰ দুটা কাৰ্য কি কি?  

উত্তৰঃ সংসদৰ কমিটিৰ দুটা কাৰ্য হ'ল-

(১) বিভিন্ন বিধায়িনী উদ্দেশ্যত কম সংখ্যক সদস্যক লৈ কমিটিসমূহক নিযুক্তি দিয়া হয়। এই কমিটিসমূহে আইন প্ৰণয়নৰ প্ৰস্তাৱসমূহ ভালদৰে পৰীক্ষা কৰাৰ উপৰিও সদনৰ দৈনন্দিন কাৰ্যসমূহতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ ফলত উন্নত ধৰণৰ আইন প্ৰণয়ন কৰা সম্ভৱপৰ হয়।

(২) কমিটিসমূহত বিশষজ্ঞসকল থাকে। তেওঁলোকে যিকোনো বিষয়ক ভালদৰে বিচাৰ-বিশ্লেষণ কৰিব পাৰে। সেয়েহে এই কমিটিসমূহৰ প্ৰয়োজনীয়তা আছে।

১৬।বর্তমান লোকসভাৰ অধ্যয়নৰ আসনত উপদেষ্টা ব্যক্তি গৰাকীৰ নাম লিখা।   

উত্তৰঃ

১৪। প্ৰশ্নৰ সময়ে কি বুজায়? 

উত্তৰঃ

১৮। বাজেট মানে কি বুজা?  

উত্তৰঃ বাজেট (ইংৰাজী: Budget) হৈছে এক নিৰ্ধাৰিত ম্যাদৰ (সাধাৰণতে এবছৰ) বাবে এক বিত্তীয় পৰিকল্পনা। ইয়াত পৰিকল্পিত বিক্ৰী-পৰিমাণ আৰু ৰাজহ, সম্পদৰ পৰিমাণ, খৰছ আৰু ব্যয়, সম্পত্তি, দায়বদ্ধতা বা লায়েবিলিটি আৰু নগদ প্ৰবাহ (কেশ্ব ফ্লো) অন্তৰ্ভুক্ত থাকিব পাৰে।

১৯। ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কেইজন সদস্য মনোনীত কৰে আৰু ইয়াৰ ভিত্তি কি?  

উত্তৰঃ ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে ১২ জন সদস্য মনোনীত কৰে।

    ২৩৮ জন সদস্য ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰতিনিধি। ৰাজ্যসভাত ৰাজ্যসমূহৰ সম-প্ৰতিনিধিত্ব নীতি গ্ৰহণ কৰা হোৱা নাই। জনসংখ্যাৰ ওপৰত প্ৰত্যেক ৰাজ্যৰ প্ৰতিনিধিৰ সংখ্যা নিৰ্ভৰ কৰে। ৰাজ্যসভাৰ এই সদস্যসকলক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হয়। ৰাজ্য বিধানসভাসমূহৰ নিৰ্বাচিত সদস্যসকলে সমানুপাতিক প্ৰতিনিধিত্বৰ একক হস্তান্তৰযোগ্য ভোটৰ দ্বাৰা ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচিত কৰে। কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক্ষেত্ৰত সংসদে আইনৰ দ্বাৰা প্ৰতিনিধি নিৰ্বাচনৰ পদ্ধতি স্থিৰ কৰে। ৰাজ্যসভালৈ অসমৰ পৰা ৭জন সদস্য নিৰ্বাচিত হয়।

২০। বাজেট কি? ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেট কোনে পাছ কৰে?  

উত্তৰঃ  বাজেট (ইংৰাজী: Budget) হৈছে এক নিৰ্ধাৰিত ম্যাদৰ (সাধাৰণতে এবছৰ) বাবে এক বিত্তীয় পৰিকল্পনা। ইয়াত পৰিকল্পিত বিক্ৰী-পৰিমাণ আৰু ৰাজহ, সম্পদৰ পৰিমাণ, খৰছ আৰু ব্যয়, সম্পত্তি, দায়বদ্ধতা বা লায়েবিলিটি আৰু নগদ প্ৰবাহ (কেশ্ব ফ্লো) অন্তৰ্ভুক্ত থাকিব পাৰে। 

বস্তুনিষ্ঠ প্রশ্নাৱলী:  

১। ভাৰতীয় কেন্দ্রীয় সংসদৰ কোনটো সদন বেছি ক্ষমতাশালী?  

উত্তৰঃ

২। ৰাজ্যসভাৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে?  

উত্তৰঃ ৰাজ্যবোৰৰ সদস্যসকলক ৰাজ্যবোৰৰ বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে।

৩। লোকসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?  

উত্তৰঃ লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটীয়াভাৱে নিৰ্বাচিত কৰে।

৪। ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান?  

উত্তৰঃ ৰাজ্যসভাৰ সদস্য সংখ্যা ২৫০ জন। 

৫। লোকসভাৰ বৰ্তমান সদস্য সংখ্যা কিমান? 

উত্তৰঃ লোকসভাৰ বৰ্তমান সদস্য সংখ্যা ৫৪৫ জন সদস্য আছে।

৬। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কেইবছৰ ?  

উত্তৰঃ ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল ৬ বছৰ। 

৭। সংসদৰ এখন কমিটিৰ নাম লিখা। 

উত্তৰঃ সংসদৰ এখন কমিটিৰ নাম- আনুমানিক ব্যয় পৰীক্ষা কমিটি। 

৮। উচ্চ সদন থকা এখন ৰাজ্যৰ নাম লিখা।  

উত্তৰঃ

৯। ভাৰতীয় সংসদৰ সদন কেইখন?  

উত্তৰঃ ভাৰতীয় সংসদৰ সদন দুখন।

১০। কার্যকালৰ আগতে কেন্দ্রীয় সংসদৰ কোনখন সদন ভংগ কৰি দিব পাৰি?  

উত্তৰঃ

১১। সংসদে কার্যপালিকাক নিয়ন্ত্ৰণ কৰাৰ এটা উপায় লিখা। 

উত্তৰঃ সংসদে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰাৰ এটা উপায় হ'ল-

(১) পৰ্যালোচনা আৰু আলোচনাঃ আমাৰ সংবিধানে ৭৫-নং অনুচ্ছেদ অনুযায়ী কাৰ্যপালিকা মন্ত্ৰীসভা সংসদৰ ওচৰত দায়িত্বশীল। সেয়ে সংসদৰ  সদস্যসকলে কাৰ্যপালিকাই গ্ৰহণ কৰা নীতি-নিৰ্দেশনা কিদৰে বাস্তবায়িত কৰা হয় সেই বিষয়ে পৰ্যালোচনা কৰিব পাৰে। পৰ্যালোচনা নিয়ন্ত্ৰণৰ উপৰিও সদনত আলোচনা হোৱা সাধাৰণ আলোচনাৰ ওপৰতো নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে।

১২। সংসদত উত্থাপিত বিধেয়ক কেইভাগত ভগাব পাৰি?  

উত্তৰঃ

১৩। ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডলখনৰ নাম কি?

উত্তৰঃ

১৪। বিল আৰু আইনৰ মাজত পার্থক্য কি?  

উত্তৰঃ বিল আৰু আইনৰ মাজত পাৰ্থক্য হৈছে-

বিল হ'ল আইনৰ প্ৰাথমিক অৱস্থা। আইন প্ৰণয়নৰ বাবে সংসদত উত্থাপিত প্ৰস্তাৱক 'বিল' বুলি কোৱা হয়। যেতিয়া এখন বিলক দুয়োটা সদনত গৃহীত হৈ ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে, তেতিয়া সেইবিলখনক 'আইন' বুলি কোৱা হয়।

১৫। সংসদত দুটা সদনৰ প্ৰয়োজন কি?  

উত্তৰঃ

শুদ্ধ নে অশুদ্ধ লিখাঃ  

১। ৰাজ্যসভা এখন অর্ধস্থায়ী সদন।  

উত্তৰঃ অশুদ্ধ।

২। অর্থবিল ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰি। 

উত্তৰঃ

৩। লোকসভাত কোনো মনোনীত সদস্য নাথাকে।  

উত্তৰঃ অশুদ্ধ।

৪। ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ ১২ জন সদস্যক মনোনীত কৰিব পাৰে।  

উত্তৰঃ শুদ্ধ।

৫। উপ ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ সদস্য।  

উত্তৰঃ

৬। ৰাষ্ট্ৰপতিৰ বিনা অনুমোদনত এখন বিধেয়ক আইনত পৰিণত হ'ব পাৰে।  

উত্তৰঃ

৭। সংসদত অনাস্থা প্রস্তাৱ গৃহীত হ'লে মন্ত্রীসভাৰ পতন ঘটে।  

উত্তৰঃ

৮। অসমত দ্বি-সদনীয় বিধানমণ্ডল আছে।  

উত্তৰঃ অশুদ্ধ।

৯। ৰাজ্যসভাৰ পদেন সভাপতি কোন?             [HS (XI) 2018]  

উত্তৰঃ ৰাজ্যসভাৰ পদেন সভাপতি উপ-ৰাষ্ট্ৰপতি।

১০। এখন বিধেয়ক অর্থবিধেয় হয় নে নহয় কোনে চিনাক্ত কৰে?  

উত্তৰঃ

১১। অসমৰ পৰা লোকসভালৈ কেইজন সদস্য নির্বাচিত হয়?

উত্তৰঃ অসমৰ পৰা ১৪ জন লোকসভালৈ সদস্য নিৰ্বাচিত হয়।

শুদ্ধ উত্তৰ বাছি উলিওৱা :

১। ভাৰতৰ সংসদ  হ'ল-

(a) এক সদনীয়                              (b) দ্বি-সদনীয়

(c) তিনি-সদনীয়                           (d) চাৰি সদনীয়  

উত্তৰঃ (b) দ্বি-সদনীয়।

২। ভাৰতীয় সংসদ নিম্ন সদনক কোৱা হয়— 

 (a) ৰাজ্যসভা (b) বিধানসভা (c) লোকসভা  (d) বিধান পৰিষদ 

উত্তৰঃ (c) লোকসভা।

 ৩। ৰাজ্যসভাৰ কাৰ্যকাল হ'ল—  

 (a) ৫ বছৰ      (b) ৪ বছৰ      (c) ৬ বছৰ      (d) ৩ বছৰ

উত্তৰঃ (c) ৬ বছৰ। 

 ৪। এখন বিধেয়ক সংসদত গৃহীত হোৱাৰ পিছত পঠোৱা হয় -

(a) অধ্যক্ষলৈ               (b) উচ্চতম ন্যায়ালয়লৈ 

(c) প্রধানমন্ত্রীলৈ           (d) ৰাষ্ট্ৰপতিলৈ

উত্তৰঃ (d) ৰাষ্ট্ৰপতিলৈ।

৫। লোকসভাৰ সৰ্বাধিক নির্বাচিত সদস্য হ'ল-

 (a) ৫৫০ জন   (b) ৫৫২ জন (c) ৫৪৩ জন (d) ৫৪৫ জন 

উত্তৰঃ (d) ৫৪৫ জন।

৬। ৰাজ্যসভাৰ সৰ্বাধিক নির্বাচিত সদস্য হ'ল-

(a) ২৪৪ জন      (b) ২৫০ জন     (c) ২৩৮ জন        (d) ২৬০ জন

উত্তৰঃ (c) ২৩৮ জন।

৭। ৰাজ্যসভাত কিমানজন মনোনীত সদস্য আছে— 

(a) ২জন      (b) ৬জন      (c) ৮ জন      (d) ১২জন

উত্তৰঃ (d) ১২ জন।

৮। লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীৰ বয়স কমেও-

(a) ২৫বছৰ  (b) ২১ বছৰ  (c) ৩০বছৰ      (d) ৩৫ বছৰ হ'ব লাগে

উত্তৰঃ (a) ২৫ বছৰ।

৯। সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে? 

(ক) ৰাষ্ট্ৰপতিয়ে                           (খ) প্রধানমন্ত্ৰীয়ে 

(গ) লোকসভাৰ অধ্যক্ষই      (ঘ) উপ-ৰাষ্ট্ৰপতিয়ে 

উত্তৰঃ (গ) লোকসভাৰ অধ্যক্ষই।

১০। ভাৰত ৰাষ্ট্ৰৰ মূৰব্বী কোন?  

(ক) ৰাষ্ট্ৰপতি                              (খ) উপ-ৰাষ্ট্ৰপতি  

(গ) প্রধানমন্ত্রী                            (ঘ) লোকসভাৰ অধ্যক্ষ 

উত্তৰঃ (গ) প্ৰধানমন্ত্ৰী।

১১। লোকসভাৰ থূল কিমান সদস্যৰে গঠন হয়  

উত্তৰঃ

Type: Himashree Bora.

Author: Pompi Hazarika

Post ID : DABP004963