পাঠ ৯
তথ্য়ৰ ব্য়ৱহাৰ

1. নিজৰ নিজৰ ঘৰৰ পৰা বিদ্য়ালয়লৈ দূৰত্ব অনুযায়ী ছাত্ৰ-ছাত্ৰীৰ সংখ্য়াৰ তালিকা এখন দিয়া আছে।







তালিকা চাই তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ উলিওৱা
(i) আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰ কিমান কিমি দূৰত্বৰ ভিতৰত আছে?
উত্তৰঃ আধা কিমি ৰ।

(ii) শ্ৰেণীটোত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া কিমান?
উত্তৰঃ 46 জন।

(iii) দুই আৰু তিনি কিমিৰ দূৰত্বৰ ভিতৰত মুঠ কিমানজন ছাত্ৰ-ছাত্ৰী আছে?
উত্তৰঃ 18 জন।

(iv) আধা কিমিতকৈ বেছি দূৰৰ পৰা কিমানজন ছাত্ৰ-ছাত্ৰী বিদ্য়ালয়লৈ আহে?
উত্তৰঃ 30 জন।

(v) দুই কিমি তকৈ কম দূৰত্বৰ পৰা কিমান জন ছাত্ৰ-ছাত্ৰী বিদ্য়ালয়লৈ আহে?
উত্তৰঃ 38 জন।

(vi) তিনি কিমিতকৈ বেছি দূৰত্বৰ পৰা বিদ্য়ালয়লৈ অহা ছাত্ৰ-ছাত্ৰী আছেনে?
উত্তৰঃ নাই।


2. এখন বিদ্য়াালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40 জন ছাত্ৰ-ছাত্ৰীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল। তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰঃ
9       9     10     9     10    11    11    11     10    9      9      9
10    10    11    11    11    11    10     9       9    10    10    10
9      12    12    11    13    12     9    10      13   13     9    10
12    12    10    11











এতিয়া 10 বছৰ, 11 বছৰ, 12 বছৰ আৰু 13 বছৰৰ বাবে দাগচিহ্ন আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া নিৰ্ণয় কৰা আৰু তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ লিখা一
(a) 12 বছৰতকৈ কম বয়সৰ কিমানজন ছাত্ৰ-ছাত্ৰী আছে?
→ 32 জন।

(b) 9 বছৰ আৰু 13 বছৰৰ মুঠ কিমানজন ছাত্ৰ-ছাত্ৰ আছে?
→ 14 জন।

(c) আটাইতকৈ বেছি বয়সৰ কিমানজন ছাত্ৰ-ছাত্ৰী আছে?
→ 3 জন।

(d) কোনটো বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া আটাইতকৈ কম?
→ 13 বছৰ।

(e) কোনটো বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া আটাইতকৈ বেছি?
→ 10 বছৰ।


3. যিকোনো এখন দোকানৰ সপ্তাহটোত বিক্ৰী হোৱা চাইকেলৰ সংখ্য়া তলত দিয়া ধৰণৰ 一










(a) আটাইতকৈ বেছি চাইকেল কোন বাৰত বিক্ৰী হৈছিল?
→ বৃহস্পতি বাৰত।

(b) গোটেই সপ্তাহটোত মুঠ কেইখন চাইকেল বিক্ৰী হ'ল?
→ 29 খন।

(c) সমান সংখ্য়ক চাইকেল বিক্ৰী হোৱা বাৰ কেইটা কি কি?
→ মঙলবাৰ আৰু বুধবাৰ।

(d) দেওবাৰে কেইখন চাইকেল বিক্ৰী হ'ল?
→ 0
(e) আটাইতকৈ বেছি আৰু আটাইতকৈ কম বিক্ৰী হোৱা চাইকেলৰ মাজত পাৰ্থক্য় কিমান?
→ 6


4. 30 জন ছাত্ৰ-ছাত্ৰীৰ ঘৰৰ সদস্য় সংখ্য়া তলত দিয়া ধৰণৰ一

5    4    6    6    8    7    4    5    10    6    6    4    7    8    6    4    10    8    7    7    6    5    5    7    10    7    5    8    4    8    6

সদস্য়ৰ সংখ্য়াবোৰ ক্ৰমানুসাৰে সজাই দাগচিহ্নৰে দেখুওৱা।










5. কোনো এটা শ্ৰেণীৰ গণিত, অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞান আৰু বুৰঞ্জী বিষয়সমূহ ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া তলত দিয়া ধৰণৰ ( এজন ছাত্ৰ বা ছাত্ৰীয়ে যিকোনো এটা বিষয়হে প্ৰিয় বিষয় হিচাপে ল'ব পাৰিব )

বিষয়

ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

গণিত

🙂🙂🙂🙂🙂🙂🙂🙂

অসমীয়া

🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂🙂

বিজ্ঞান

🙂🙂🙂🙂🙂🙂🙂

সমাজ বিজ্ঞান

🙂🙂🙂🙂🙂🙂🙂🙂

ইংৰাজী

🙂🙂🙂🙂🙂🙂


🙂 য়ে এজন ছাত্ৰ বা ছাত্ৰীক বুজাইছে।

(a) শ্ৰেণীটোৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া কিমান?
→ 41 জন।

(b) আটাইতকৈ বেছি আৰু আটাইতকৈ কম ছাত্ৰ-ছাত্ৰীয়ে ভালপোৱা বিষয় দুটা কি কি?
→আটাইতকৈ বেছি আৰু আটাইতকৈ কম ছাত্ৰ-ছাত্ৰীয়ে ভালপোৱা বিষয় দুটা হৈছে ক্ৰমে অসমীয়া আৰু ইংৰাজী।

(c) বিজ্ঞান আৰু ইংৰাজী এই বিষয় দুটা মুঠ কিমানজন ছাত্ৰ-ছাত্ৰীয়ে ভাল পায়?
→ 12 জন।

(d) গণিত বিষয়টো ভালপোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া কিমান?
→ 8 জন।

(e) অসমীয়া বিষয়টো ইংৰাজী বিষয়তকৈ কিমানজনে বেছি বা কম ভাল পায়?
→ 6 জনে বেোছি ভাল পায়।


6. এখন গাঁৱৰ পাঁচঘৰ মানুহৰ ঘৰত থকা পোহনীয়া প্ৰাণীৰ সংখ্য়া তলত দিয়া ধৰণৰ।

ঘৰৰ গৰাকীৰ নাম

পোহনীয়া প্ৰাণীৰ সংখ্যা

বুধিন

10

কণমাই

8

গোমচেং

5

নাজমা

8

নিশা

11


(a) কাৰ ঘৰত আটাইতকৈ বেছি প্ৰাণী আছে?
→ নিশাৰ ঘৰত।

(b) আটাইতকৈ বেছি আৰু আটাইতকৈ কম প্ৰাণীৰ মাজৰ পাৰ্থক্য় কিমান?
→ 6

(c) নিশাৰ ঘৰৰ প্ৰাণীৰ সংখ্য়া গোমচেঙৰ ঘৰৰ প্ৰাণীৰ সংখ্য়াতকৈ কিমান বেছি?
→ 6

(d) 5 তকৈ বেছি প্ৰাণী কাৰ কাৰ ঘৰত আছে?
→ বুধিন, কণমাই, নাজমা আৰু নিশাৰ ঘৰত।


7. এজন পাচলি ব্য়ৱসায়ীৰ সপ্তাহটোৰ প্ৰথম চাৰিটা বাৰত বিক্ৰী হোৱা পাচলিৰ পৰিমাণ তলত দিয়া ধৰণৰঃ

বাৰ

পাচলিৰ পৰিমাণ (কি গ্ৰা)

সোমবাৰ

6

মঙলবাৰ

8

বুধবাৰ

5

বৃহস্পতিবাৰ

8



এটা সঠিক প্ৰতীক ব্য়ৱহাৰ কৰি তালিকাখন চিত্ৰ লেখল সহায়ত দেখুওৱা।

বাৰ

সচিত্ৰ লেখ

পাচলিৰ পৰিমাণ

(কি গ্ৰা)

সোমবাৰ

🥔🥔🥔🥔🥔🥔 

6

মঙলবাৰ

🥔🥔🥔🥔🥔🥔🥔🥔 

8

বুধবাৰ

🥔🥔🥔🥔🥔 

5

বৃহস্পতিবাৰ

🥔🥔🥔🥔🥔🥔🥔🥔 

8

🥔 = 1 কিগ্ৰা পাচলি


8. পলিঅ' টিকাকৰণৰ বাবে এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা পাঁচটা বছৰৰ কেঁচুৱাৰ সংখ্য়া তলত দিয়া ধৰণৰঃ

বছৰ

কেঁচুৱাৰ সংখ্যা

2014

570

2015

680

2016

720

2017

780

2018

800


1 একক দৈৰ্ঘ্য = 100 টা কেঁচুৱা হিচাপে লৈ তথ্য়খিনি দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা।
















(a) কোনটো চনত আটাইতকৈ বেছি কেঁচুৱাক পলিঅ'ৰ টিকাকৰণ কৰা হৈছিল?
→ 2018 চনত।

(b) 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱাক পলিঅ'ৰ টিকাকৰণ কৰা হৈছিল?
→ 1400 টা।

(c) পাঁচটা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ'ৰ টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্য়াৰ মাজত পাৰ্থক্য় কিমান?
→ 230 টা।


9. 5 জুন বিশ্ব পৰিৱেশ দিৱস'ৰ দিনা ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্য়েকেই মিলি গছৰ পুলি ৰুলে। তাৰ তালিকাখন তলত দিয়া ধৰণৰঃ

শ্ৰেণী

পুলিৰ সংখ্যা

ষষ্ঠ

50

সপ্তম

75

অষ্টম

60

নৱম

80

দশম

110


উপযুক্ত স্কেল ব্য়ৱহাৰ কৰি তালিকাখনৰ সহায়ত দণ্ডচিত্ৰ প্ৰস্তুত কৰা।














1 একক = 20 টা গছৰ পুলি



10. হৰেণৰ এখন কিতাপৰ দোকান আছে। তেওঁৰ কিতাপ বিক্ৰীৰ মাহিলী হিচাপ তলত দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হ'লঃ













দণ্ডচিত্ৰখন চাই তালিকাখন প্ৰস্তুত কৰা আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া।
(a) কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল?
→ ফেব্ৰুৱাৰী মাহত।

(b) এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমান কিতাপ বিক্ৰী হল?
→ 140 খন।

(c) জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্য়াৰ মাজত পাৰ্থক্য় কিমান?
→ 20 খন।


11. সোমবাৰৰ দিনা ষষ্ঠ, সপ্তম,অষ্টম, নৱম, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ তালিকা তলত দিয়া হ'লঃ

শ্ৰেণী

ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

ষষ্ঠ

65

সপ্তম

58

অষ্টম

75

নৱম

40

দশম

35


(a) আটাইতকৈ কম ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি কোনটো শ্ৰেণীত দেখা গৈছে?
→ দশম শ্ৰেণীত।

(b) সেইদিনা বিদ্য়ালয়ৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া কিমান?
→ 273 জন।

(c) নৱম আৰু দশম শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া কিমান?
→ 75 জন।


12. এখন বিদ্য়ালয়ত পাঁচটা বছৰত ছোৱাললীৰ সংখ্য়া তলত দিয়া ধৰণৰঃ

বছৰ

ছোৱালীৰ সংখ্যা

2008

200

2009

350

2010

400

2011

250

2012

420


তালিকাৰ পৰা পোৱা তথ্য়বোৰ দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা।















1একক = 50 জনী ছোৱালীৰ সংখ্য়া