স্থানীয় চৰকাৰ | (Local Governments) | Chapter 8 | Class 11 Political Science Question and Answer | 1st Year Political Science Question and Answer Assamese Medium | Class 11 Political Science Solution |

স্থানীয় চৰকাৰ

(Local Government)

Chapter 8

প্ৰশ্নাৱলী

ৰচনাধৰ্মী প্ৰশ্ন ঃ

১। স্থানীয় চৰকাৰ কাক বোলে? স্থানীয় চৰকাৰৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।  

উত্তৰঃ যেতিয়া এখন দেশক ভাগ ভাগ কৰি প্ৰত্যেক অংশৰ শাসনভাৰ পৰিচালনা সেই অঞ্চলৰ লোকৰ হাতত ন্যস্ত কৰা হয় তাকে স্থানীয় চৰকাৰ বোলা হয়।

    স্থানীয় চৰকাৰৰ প্ৰয়োজনীয়তাবোৰ হৈছে-

(১) অঞ্চলভেদে সমস্যাৰ বৈচিত্ৰ্যৰ ৰূপটোক স্থানীয় চৰকাৰেহে অনুধাৱন কৰিব পাৰেঃ অসমৰ কথাই ভাবাচোন। আমাৰ সকলো অঞ্চলৰ সমস্যাৰ চৰিত্ৰ একেই নেকি। কোনোবা এটা অঞ্চলত যদি বানপানীৰ উপদ্ৰৱ বেছি,  অন্য কোনোবা এটা অঞ্চলত খৰাঙে সৃষ্টি কৰা সমস্যা অধিক। কোনোবা এটা অঞ্চলত বহুতো স্বাস্থ্য উপকেন্দ্ৰ আছে কিন্তু চিকিৎসা কৰ্মী নাই। অন্য এটা অঞ্চলত আকৌ চিকিৎসা কৰ্মী আছে কিন্তু স্বাস্থ্য উপকেন্দ্ৰৰ সঠিক গৃহ নাই। কোনোবা এটা অঞ্চলৰ ৰাস্তা-পদূলিৰ অৱস্থা অতি বেয়া, অন্য এটা অঞ্চলত হয়তো ৰাস্তা-পদূলি সদায়ে পানীৰ তলত থাকে। সমস্যাৰ এই যি বৈচিত্ৰ্য বা বহুত্ব ৰূপ তাক দিছপুৰ অথবা দিল্লীত থকা ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰে অনুধাৱন কৰিব নোৱাৰে। স্থানীয় জনসাধাৰণক লৈ গঠিত চৰকাৰেহে সমস্যাৰ প্ৰকৃত চৰিত্ৰ অনুধাৱন কৰিব পাৰে।

(২) স্থানীয় সমস্যা সমাধানৰ বাবে স্থানীয় পাৰদৰ্শিতা আৰু জ্ঞান প্ৰয়োগ কৰিব পাৰেঃ অঞ্চলভেদে সমস্যাৰ ৰূপ যেনেকৈ বেলেগ বেলেগ, ঠিক সেইদৰে সেই সমস্যাসমূহ সমাধানৰ বাবে বিভিন্ন অঞ্চলৰ জনসাধাৰণে প্ৰয়োগ কৰা কৌশলসমূহো বেলেগ বেলেগ। এইটো এই কাৰণেই হয় কাৰণ সমস্যাৰ জটিল ৰূপটোক স্থানীয় লোকেহে সঠিকভাৱে অনুুধাৱন কৰিব পাৰে আৰু এনে পটভূমিতেই স্থানীয় জনসাধাৰণে ভিন্ন সমস্যা সমাধানৰ স্বকীয় কৌশল বা পাৰদৰ্শিতা গঢ়ি তোলে। উদাহৰণস্বৰূপে এখন গাঁৱত যদি জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে তেতিয়া সেই গাঁৱৰ জনসাধাৰণেহে বেছি ভালকৈ জানিব। ঠিক সেইদৰে নদীৰ খহনীয়া ৰোধ কৰিবৰ বাবে স্থানীয় জনসাধাৰণে অতদিনে প্ৰয়োগ কৰি অহা পৰম্পৰাগত কৌশলসমূহো অধিকভাৱে ফলপ্ৰসূ হব পাৰে। দিল্লীৰ কেন্দ্ৰীয় চৰকাৰ আৰু দিছপুৰৰ ৰাজ্যিক চৰকাৰ এনে পৰম্পৰাগত পাৰদৰ্শিতা সম্পৰ্কে জ্ঞান নহবও পাৰে। স্থানীয় চৰকাৰ এনে পাৰদৰ্শিতা সম্পৰ্কে সাধাৰণতে জ্ঞাত। গতিকে তেনে চৰকাৰে এই পাৰদৰ্শিতা সঠিকভাৱে প্ৰয়োগ কৰিব পাৰে।

(৩) স্থানীয় সম্পদৰ সঠিক মূল্যায়ন আৰু সদব্যৱহাৰ কৰিব পাৰেঃ কোনো অঞ্চলৰ বিকাশৰ বাবে সঠিক পৰিকল্পনা আৰু সম্পদ - দুয়োটাৰে প্ৰয়োজন। স্থানীয় চৰকাৰৰ অন্যতম লক্ষ্যই হল স্থানীয় সম্পদৰ সঠিক মূল্যায়নৰ ভিত্তিত স্থানীয় সমস্যা সমাধানৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰা হয়। উদাহৰণস্বৰূপে অসমৰ গোৱালপাৰা জিলাৰ কোনো কোনো অঞ্চলত বৃহৎ হাৰত মালভোগ কল উৎপাদন কৰা হয়। কিন্তু সচৰাচৰ এই কলসমূহ মধ্যভোগীয় উৎপাদনকাৰীৰ পৰা কিনি বাহিৰলৈ ৰপ্তানি কৰে। ফলত উৎপাদনকাৰীসকলৰ লগতে অঞ্চলৰ ৰাইজ বৰকৈ উপকৃত নহয়। স্থানীয় চৰকাৰৰ উদ্যোগত মালভোগ কলক কেন্দ্ৰ কৰি অঞ্চলটোৰ বিকাশৰ সঠিক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। কল উৎপাদনকাৰীসকলে যাতে সঠিক মূল্য পায় তাৰো ব্যৱস্থা কৰিব পাৰে। মাটিৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি কল উৎপাদনক এক উদ্যোগৰূপে গঢ়ি তোলাৰো পৰিকল্পনা কৰিব পাৰে।

২। স্থানীয় চৰকাৰ বুলিলে কি বুজা? স্থানীয় চৰকাৰৰ উপযোগিতা ব্যাখ্যা কৰা। 

উত্তৰঃ যেতিয়া এখন দেশক ভাগ ভাগ কৰি প্ৰত্যেক অংশৰ শাসনভাৰ পৰিচালনা সেই অঞ্চলৰ লোকৰ হাতত ন্যস্ত কৰা হয় তাকে স্থানীয় চৰকাৰ বোলা হয়।

স্থানীয় চৰকাৰৰ উপযোগিতাসমূহ হৈছে-

(১) জন-প্ৰতিনিধিত্বমূলক গণতন্ত্ৰক ৰাইজৰ একেবাৰে ওচৰ চপাই আনে।

(২) অঞ্চলভেদে সমস্যাৰ যি বেলেগ বেলেগ চৰিত্ৰ তাক সঠিকভাৱে অনুধাৱত কৰাত সহায় কৰে।

(৩) স্থানীয় সমস্যা সমাধানৰ বাবে স্থানীয় পাৰদৰ্শিতা আৰু জ্ঞান প্ৰয়োগৰ পথ প্ৰশস্ত কৰে।

(৪) স্থানীয় সম্পদৰ সঠিক মূল্যায়ন আৰু সদব্যৱহাৰৰ পথ মুকলি কৰি দিয়ে।

(৫) বিকাশ প্ৰক্ৰিয়াৰ স্ব-মূল্যায়নৰ সুবিধা প্ৰদান কৰে। 

৩। স্থানীয় চৰকাৰ কি? ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ লগত স্থানীয় চৰকাৰৰ সম্পৰ্ক আলোচনা কৰা। 

উত্তৰঃ যেতিয়া এখন দেশক ভাগ ভাগ কৰি প্ৰত্যেক অংশৰ শাসনভাৰ পৰিচালনা সেই অঞ্চলৰ লোকৰ হাতত ন্যস্ত কৰা হয় তাকে স্থানীয় চৰকাৰ বোলা হয়।

    ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ফলতেই স্থানীয় প্ৰশাসনৰ জন্ম হয়। এই বিকেন্দ্ৰীকৰণ মানে আপাততঃ চৰকাৰ আৰু স্থানীয় স্ব-শাসিত গোটবিলাকৰ মাজত ক্ষমতাৰ বিভাজন। যিবিলাক ক্ষমতা প্ৰয়োগত স্থানীয় প্ৰয়োগত স্থানীয় নেতৃত্ব, উদ্যম আৰু জ্ঞানৰ প্ৰয়োজন তেনেবিলাক ক্ষমতা অধিক স্বতন্ত্ৰতাৰে প্ৰয়োগ কৰিব পৰাকৈ স্থানীয় প্ৰশাসনলৈ বিকেন্দ্ৰীকৰণ কৰা হয়। কিন্তু ক্ষমতাৰ এনে ধৰণৰ বিভাজন সংঘাত্মক ৰাষ্ট্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য়িক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজনৰ নিচিনা নহয়। যুক্তৰাষ্ট্ৰত সংবিধানে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য় চৰকাৰৰ মাজত ক্ষমতা ভাগ কৰি দিয়ে আৰু নিজ নিজ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত থাকি উভয় চৰকাৰে স্বতন্ত্ৰভাৱে ক্ষমতা প্ৰয়োগ কৰিব পাৰে। কিন্তু যিকোনো ৰাষ্ট্ৰতে স্থানীয় প্ৰশাসন আৰু চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন চৰকাৰী সংবিধান, নিয়ম, আদেশ আদিৰ জৰিয়তে কৰা হয়। কিয়নো এনে ব্যৱস্থাৰ দ্বাৰা স্থানীয় পৰিবেশ আৰু প্ৰয়োজনীয়তাৰ লগত খাপ খুৱাব পৰাকৈ সহজে ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিব পৰা যায়। এনে কৰাৰ ফলত স্থানীয় প্ৰশাসনৰ  ক্ৰমোন্নতিও অধিক ফলপ্ৰসূ হয়। স্থানীয় প্ৰশাসনৰ ক্ষমতাৰ উৎস যদি সংবিধান হয়, তেনে স্থানীয় প্ৰশাসনৰ ওপৰত কেন্দ্ৰীয় নাইবা ৰাজ্যিক চৰকাৰৰ কৃৰ্তৃত্ব কমি যাব। সেয়ে চৰকাৰী আইন-নিয়ম আৰু আদেশৰ দ্বাৰা স্থানীয় গোটবোৰৰ ক্ষমতা আৰু কাৰ্য নিৰূপণ কৰা হয়।

    এইদৰে দেখা যায় যে স্থানীয় স্ব-শাসন আৰু বিকেন্দ্ৰীকৰণ ওতঃপ্ৰোতভাৱে জড়িত। অৰ্থাৎ দুয়োৰে সম্পৰ্কত অতি নিবিড়। কিয়নো ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ফলতেই স্থানীয় স্ব-শাসনৰ উৎপত্তি সম্ভৱ নহ'লহেঁতেন। আধুনিক যুগত প্ৰতিখন ৰাষ্ট্ৰতে এনে ধৰণৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ দেখা যায়, যাৰ ফলস্বৰূপে স্থানীয় চৰকাৰৰ উৎপত্তি হৈছে স্থানীয় অঞ্চলৰ বহুমুখী কাৰ্য-কলাপ সুচাৰুৰূপে পৰিচালনাৰ অৰ্থে।

৪। স্থানীয় চৰকাৰৰ বৈশিষ্ট্যবিলাক আলোচনা কৰা।

উত্তৰঃ স্থানীয় চৰকাৰৰ বৈশিষ্ট্যবিলাক হৈছে-

(১) সামাজিক সন্থাঃ স্থানীয় স্বায়ত্ব শাসনৰ গোটবিলাকৰ সংগঠিত সত্বা আছে। আইনৰ দৃষ্টিকোণৰ পৰা চালে স্থানীয় স্ব-শাসনৰ নিজস্ব কৰ্মৰ কাৰণে প্ৰাণ, ইচ্ছা আৰু ক্ষমতা আছে। অৰ্থাৎ স্থানীয় স্ব-শাসনৰ বিধিসন্মত অৱস্থিতি আছে। ই নিজে নিজৰ কাৰণে আইন প্ৰণয়ন কৰি ল'ব পাৰে আৰু এইবোৰ নিজ এলেকাত বলৱৎ থাকে। তদুপৰি এইবিলাকৰ নিজা নিজা সমূহীয়া নামমুদ্ৰা আছে। এই সমূহীয়া নামমুদ্ৰাৰ অবিহনে স্থানীয় স্ব-শাসনৰ কোনমো কাম বৈধ হ'ব নোৱাৰে।

(২) প্ৰশাসনসুলভ স্বভাৱঃ ইয়াৰ এটা প্ৰশাসনসুলভ স্বভাৱ আছে। কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্যিক চৰকাৰৰ দৰে স্থানীয় চৰকাৰসমূহ একে নীতি আৰু পদ্ধতিৰে গঠিত হয়। ইয়াৰো এখন নিজা সভা বা পৰিষদ থাকে। ইয়াৰ সদস্যসকল এক নিৰ্দিষ্ট সময়ৰ বাবে এলেকাৰ প্ৰাপ্তবয়স্ক নাগৰিকসকলৰ প্ৰত্যক্ষ ভোটত নিৰ্বাচিত হয়।

(৩) স্বতন্ত্ৰতাঃ স্থানীয় স্বায়ত্ব শাসন কৰ্তৃপক্ষই যথেষ্টৰূপে স্ব-শাসনৰ ক্ষমতা ভোগ কৰে। স্থানীয় কাৰ্য-কলাপ আৰু ক্ষমতা প্ৰয়োগ কৰিবৰ বাবে ই প্ৰয়োজনীয় উপ-বিধি ৰচনা কৰিব পাৰে। স্থানীয় স্ব-শাসনৰ গোটবিলাকে স্থানীয় উদ্দেশ্য আয়-ব্যয় নিৰ্ণয় কৰাত স্থানীয় ৰাইজৰ এপৰত নিৰ্দিষ্ট বিষয়ত কৰ লগোৱা আৰু আদায় কৰা, ৰাজ্যিক চৰকাৰৰ অনুমোদনসাপেক্ষে ঋণ লোৱাৰ ব্যৱস্থা কৰা আদি ক্ষমতা প্ৰয়োগ কৰিব পাৰে। স্থানীয় প্ৰশাসনত ৰাজ্যিক প্ৰশাসনে সাধাৰণতে হস্তক্ষেপ কৰিব নোৱাৰে। সেই কাৰণে স্থানীয় স্ব-শাসনৰ স্থানীয় স্বায়ত্ব শাসনৰ অধিকাৰ আৰু স্বতন্ত্ৰ থকা বুলি কোৱা হয়।

(৪) স্থানীয় সমস্যাঃ স্থানীয় স্ব-শাসন কেৱল স্থানীয় সমস্যাবোৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। স্থানীয় স্ব-শাসন এটা মৌলিক নীতিৰ ওপৰত গঢ়ি তোলা হৈছে। সেইটো হৈছে- ''যিসকল লোক স্থানীয় সমস্যাৰ দ্বাৰা প্ৰত্যক্ষভাৱে উপকৃত, ক্ষতিগ্ৰস্ত বা প্ৰভাৱিত হয় সেইসকল লোকেহে কেৱল স্থানীয় সমস্যাবোৰ সমাধান কৰিব পাৰে।'' স্থানীয় সন্থাবোৰে একেবাৰে স্থানীয় কামহে হাতত ল'ব পাৰে। ইয়াৰ ক্ৰিয়া-কলাপ বা সেৱাসমূহৰ দ্বাৰা স্থানীয় জনগণ উপকৃত হয়। যি সেৱাসমূহৰ ফল সমগ্ৰ দেশৰ জনসাধাৰণে ভোগ কৰে সেইবিলাকৰ প্ৰশাসনৰ লগত ইয়াৰ সম্পৰ্ক নাই। উদাহৰণস্বৰূপে গুৱাহাটী পৌৰ নিগমৰ সেৱাসমূহৰ সুফল অন্য ঠাইৰ জনসাধাৰণে ভোগ কৰিব নোৱাৰে।

(৫) স্থানীয় বৰঙণিঃ স্থানীয় বৰঙণি স্থানীয় স্ব-শাসনৰ এটা উল্লখেযোগ্য বৈশিষ্ট্য। স্থানীয় অধিবাসীসকলে স্থানীয় স্বায়ত্ব শাসনৰ খৰচ-পাতিৰ বুজন অংশ বহন কৰিব লাগে। টকা-পইচাৰ ক্ষেত্ৰত ৰাজ্যিক চৰকাৰৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ থাকিলে স্থানীয় উন্নতি সম্ভৱপৰ নহয়। অৱশ্যে স্থানীয় শাসনে যাতে আৰ্থিক অভাৱ-অনাটনত পৰি জনসাধাৰণলৈ সেৱা আগনবঢ়োৱাকৈ নাথাকে তাৰ কাৰণে ৰাজ্যিক তথা কেন্দ্ৰীয় চৰকাৰে অনুদান আগবঢ়ায়।

(৬) স্থানীয় স্ব-শাসনৰ প্ৰকৃতি পৃথকঃ স্ব-শাসনৰ প্ৰকৃৃতি কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ পৰা পৃথক। কেন্দ্ৰীয় চৰকাৰ বা শাসনে ভাৰ লোৱা কাৰ্যবিলাক সমগ্ৰ দেশবাসীৰ সমূহীয়া স্বাৰ্থবিহিতঃ যেনে- প্ৰতিৰক্ষা, মুদ্ৰা, ডাক-তাঁৰ, বৈদেশিক পৰিক্ৰমা ইত্যাদি। এই কাৰ্যবোৰৰ পৰা সমগ্ৰ দেশবাসী উপকৃত বা অপকৃত হয়। কিন্তু স্থানীয় প্ৰশাসনৰ ওপৰত ন্যস্ত কৰা কাৰ্যসমূহ সাধাৰণতে স্থানীয় সুবিধা আৰু স্বাৰ্থৰ কাৰণেহে অৰ্থাৎ স্থানীয় শাসে সাধাৰণতে স্থানীয় সমস্য়া সমূহক লৈহে কাম কৰে।

৫।স্থানীয় চৰকাৰ আৰু গণতন্ত্ৰৰ সম্পৰ্ক ব্যাখ্যা কৰা। 

উত্তৰঃ স্থানীয় প্ৰশাসনক গণতন্ত্ৰৰ মূল ভেঁটি বুলি কোৱা হয়। এখন আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰত স্ব-শাসনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। স্থায়ী আৰু সুস্থ স্থানীয় শাসনব্যৱস্থাৰ ওপৰত গণতন্ত্ৰৰ সাফল্য বহুলাংশে নিৰ্ভৰশীল। গণতান্ত্ৰিক চেতনা বিকাশৰ ক্ষেত্ৰত স্থানীয় স্ব-শাসনৰ গুৰুত্ব অপৰিসীম। লৰ্ড ব্ৰাইছে কৈছে-   গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ আটাইতকৈ উত্তম উপায় হৈছে স্ব-শাসন ব্যৱস্থা। গতিকে আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সাফল্য বহু পৰিমাণে নিৰ্ভৰ কৰে স্থানীয় স্ব-শাসন ব্যৱস্থাৰ ওপৰত। 

    চৰকাৰ পৰিচালনাত নাগৰিকৰ অংশগ্ৰহণ গণতন্ত্ৰৰ সাফল্যৰ এটা ঘাই কাৰণ। স্থানীয় স্ব-শাসন হৈছে গণতন্ত্ৰৰ এটা স্তৰ। সফল স্থানীয় স্ব-শাসনে গণতন্ত্ৰক সুস্থ, সৱল আৰু স্থায়ী কৰি তোলে।

    লৰ্ড উকিউভাইলে মন্তব্য কৰিছে যে এখন দেশে স্বাধীন চৰকাৰ এখন স্থাপন কৰিব পাৰে। কিন্তু পৌৰ সভাৰ নিচিনা সন্থাসমূহ নাথাকিলে ইয়াৰ কোনো গণতান্ত্ৰিক স্বতন্ত্ৰতা থাকিব নোৱাৰে। স্থানীয় স্ব-শাসন অনুষ্ঠানসমূহৰ ওপৰত ভিত্তি কৰি গণতন্ত্ৰই সফলতা লাভ কৰিব পাৰে। গণতন্ত্ৰৰ মূল আদৰ্শ কেৱল স্থানীয় স্ব-শাসনৰ জৰিয়তেহে বাস্তৱত ৰূপায়িত কৰিব পাৰি। দায়িত্বই মানুহৰ কৰ্তব্যবোধ জগাই তোলে। একমাত্ৰ স্থানীয় প্ৰশাসনতহে নাগৰিকসকলে তেওঁলোকক নিজকে উচ্চ-স্তৰ আৰু দায়িত্বপূৰ্ণ গণতান্ত্ৰিক কাৰ্যসমূহৰ কাৰণে প্ৰশিক্ষণপ্ৰাপ্ত কৰি তুলিব পাৰে।

    গণতান্ত্ৰিক ৰাষ্টৰ এখনৰ আৰ্দশ নাগৰিক হবলৈ হলে এজন ব্যক্তি গঠনমূলক আৰু জনহিতৈষী মনোভাব থকা আৰু নেতৃত্ব দিব পৰা গুণেৰে বিভূষিত হোৱা বাঞ্চনীয়। স্থানীয় শাসনত ভাগ লৈয়েই এজন ব্যক্তিয়ে গণতান্ত্ৰিক নাগৰিক হিচাপে তেওঁৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে ভালকৈ শিকিব পাৰে আৰু এই গুণসমূহ আহৰণ কৰিব পাৰে।

    নাগৰিকসকলক গণতান্ত্ৰিক শিক্ষাদানত স্থানীয় স্ব-শাসনৰ ভূমিকা অনস্বীকাৰ্য। স্থানীয় শাসনকাৰ্য পৰিচালনাৰ ক্ষেত্ৰত নাগৰিকসকলে যি অভিজ্ঞতা লাভ কৰে সেয়া তেওঁলোকক দেশৰ নেতৃত্ব বহনৰ ক্ষেত্ৰত সহায়ক হয়। দেশত বহুতো নেতাই স্থানীয় স্ব-শাসনৰ অভিজ্ঞতা লাভ কৰি সংসদী জীৱনত কৃতকাৰ্যতা লাভ কৰিছে। অৱশ্যে গণতান্ত্ৰিক প্ৰশিক্ষণ কেৱল ৰাজ্য়িক বা কেন্দ্ৰীয় ৰাজনীতিতি যোগদান কৰাৰ কাৰণে নহয় নাগৰিকসকলে যাতে সামাজিক দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ সমৰ্থ হয় তাৰ বাবেও গণতান্ত্ৰিক প্ৰশিক্ষণ লাগে।

৬। স্থানীয় চৰকাৰত ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ স্থানীয় চৰকাৰত ৰাজনৈতিক দলৰ ভূমিকাঃ বৃটিছ দাৰ্শনিক এডমাণ্ড বাৰ্কৰ মতে সকলো ধৰণৰ স্বাধীন চৰকাৰ পৰিচালনা কৰিবলৈ হলে ৰাজনৈতিক দলৰ একান্ত প্ৰয়োজন। যি চৰকাৰৰ কাৰ্যাৱলীত জনমতৰ ভূমিকা থাকে, তাতেই ৰাজনৈতিক দলৰ প্ৰয়োজন হয়। স্থানীয় চৰকাৰৰ কাৰ্যাৱলীক জনমতৰ ওপৰত ভিত্তি কৰি পৰিচালনা কৰা হয়। সেয়ে ইয়াতো ৰাজনৈতিক দলৰ এটা ভূমিকা আছে।

    যদিও স্থানীয় চৰকাৰ দলীয় ৰাজনীতিৰ পৰা মুক্ত তথাপি সুচাৰু প্ৰশাসনৰ বাবে গণতন্ত্ৰত বিভিন্ন ৰাজনৈতিক দল থকাটো প্ৰয়োজনীয়। বিশেষকৈ প্ৰতিনিধিমূলক চৰকাৰৰ সফলতাৰ কাৰণে দল ব্যৱস্থা অপৰিহাৰ্য। ইবিলাকে আদৰ্শৰ ঘটক হিচাপে কাম কৰে। কিন্তু স্ব-প্ৰশাসনে দলীয় নীতি নহলেও কৃতকাৰ্যতাৰে কাম কৰিব পাৰে যদিও আধুনিক যুগত স্থানীয় কৰ্তৃপক্ষৰ সদস্যসকল দলীয় নীতিৰ ভিত্তিত নিৰ্বাচিত হোৱা দেখা যায়। 

    স্থানীয় প্ৰশাসনত ৰাজনৈতিক দলৰ ভূমিকা বা কাৰ্য বৰ বেছি একো নাই।স্থানীয় শাসনে কৰিবলগীয়া কাৰ্য যেনে- শিক্ষা, পানী যোগানৰ ব্যৱস্থা, ৰাস্তা-ঘাট নিৰ্মাণ, কৃষি উন্নয়ন আঁচনি গ্ৰহণ কৰা, সংক্ৰামক ৰোগৰ প্ৰতিষেধক ব্যৱস্থা আদি বিষয়বোৰত দলীয় ৰাজনীতিৰ প্ৰয়োজন নাই। কিয়নো এইবোৰ কোনো ৰাজনৈতিক সমস্যা বা বিষয় নহয়। তদুপৰি বেছিভাগ ৰাজনৈতিক দলে স্থানীয় প্ৰশাসনত কম গুৰুত্ব আৰোপ কৰে। 

    স্থানীয় প্ৰশাসনত ৰাজনৈতিক দলসমূহৰ ভূমিকা নাথাকিলে ইয়াৰ ভূমিকা একেবাৰে নোহোৱা নহয়। ৰাজনৈতিক দলসমূহে আগবঢ়োৱা মহৎ আদৰ্শ আৰু বিস্তিত কৰ্মসূচীসমূহে স্থানীয় ঠেক মনোবৃত্তি নিঃশেষ কৰি জাতীয় মহৎ আদৰ্শৰ হকে প্ৰকৃত ধাৰণা অনুধাৱন কৰিবলৈ স্থানীয় প্ৰশাসনক উদ্গণি দিয়ে। 

৭। ধৰা হ'ল তোমাক এখন ৰাজ্যৰ স্থানীয় চৰকাৰৰ আঁচনি এখন তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হ'ল। গাঁও পঞ্চায়তক স্থানীয় প্রশাসনৰ এটা গোট হিচাপে কার্য সম্পাদন কৰিবলৈ তুমি কি কি ক্ষমতা দিবা? পাঁচটা ক্ষমতা উল্লেখ কৰা আৰু এই ক্ষমতা দিয়াৰ বাবে প্ৰতিটোৰে দুটা বাক্যত কাৰণ দর্শােৱা।  

উত্তৰঃ

৮। ভাৰতীয় সংবিধানৰ ৭৩নং সংশোধনী অনুসৰি পঞ্চায়তীৰাজ অনুষ্ঠানৰ নিৰ্বাচনী ব্যৱস্থাক ব্যাখ্যা কৰা। [HS(XT) 2019]

উত্তৰঃ সংবিধানৰ ৭৩ তম সংশোধনীয়ে পঞ্চায়তীৰাজ ব্যৱস্থাবোৰৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে। এই পৰিৱৰ্তন বা সংশোধনৰ লক্ষ্য হ'ল ''পঞ্চায়তসমূহক স্ব-শাসনৰ প্ৰতিষ্ঠান হিচাপে কাম কৰিবলৈ সক্ষম হোৱাকৈ প্ৰয়োজনীয় ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰা।'' এই লক্ষ্য আগত ৰাখি ৭৩তম সংশোধনীয়ে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ অৱস্থান শক্তিশালী কৰিবৰ বাবে সংবিধানত তলত উল্লেখ কৰা ব্যৱস্থাৱলী সংযোজন কৰে।

(১) তিনিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থাঃ ৭৩তম সংশোধনী গোটেই দেশখনতে প্ৰযোজ্য হোৱাকৈ তিনিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰে। এই ব্যৱস্থাত তৃণমূল  পৰ্যায়ত আছে গাঁও পঞ্চায়ত, মাজত আছে আঞ্চলিক পঞ্চায়ত আৰু ওপৰত জিলা পৰিষদ। এখন বা কেইবাখনো গাঁও লগ লাগি গাওঁ পঞ্চায়ত গঠন কৰা হয়। গণ্ড পৰ্যায়ত গঠন কৰা হয় আঞ্চলিক পঞ্চায়ত আৰু একোখন জিলাৰ সমগ্ৰ গ্ৰামাঞ্চলক লৈ গঠিত হয় জিলা পৰিষদ।

(২) বাধ্যতামূলক গাঁওসভা গঠনঃ সংবিধানৰ ৭৩তম সংশোধনী ই এক অন্যতম দিশ। প্ৰতিখন গাঁওৰ পঞ্জীয়নভুক্ত সকলো ভৌটাৰক লৈ গাঁওসভা গঠিত হ'ব। স্থানীয় চৰকাৰৰ পৰিচালনাত গাঁওসভাই পালন কৰিবলগীয়া ভূমিকাও সাংবিধানিকভাৱে স্বীকৃত হ'ল। ইয়াৰ জৰিয়তে স্থানীয় চৰকাৰে সঁচা অৰ্থত গণতন্ত্ৰক জনসাধাৰণৰ চৰকাৰৰ শাৰীলৈ উন্নত কৰিলে।

(৩)  পোনপটীয়া নিৰ্বাচনঃ পঞ্চায়তৰ সকলো পৰ্যায়ৰ সদস্য \ সদস্যসকল জনসাধাৰণৰ পোনপটীয়া ভৌটৰ দ্বাৰা নিৰ্বাচিত হ'ব। পঞ্চায়তৰ বিভিন্ন স্তৰৰ বাবে সমষ্টি নিৰ্ধাৰণ কৰা হৈছে। পঞ্চায়তৰ সৰ্বমুঠ কাৰ্যকাল  পাঁচ বছৰ। সেয়েহে পাঁচ বছৰ পূৰ্ণ হোৱাৰ আগেয়েই পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাটোও বাধ্যতামূলক। কোনো কাৰণত পাঁচ বছৰ পূৰ্ণ হোৱাৰ আগেয়ে যদি ৰাজ্য চৰকাৰে পঞ্চায়ত ভংগ কৰি দিয়ে তেন্তে ভংগ কৰাৰ ছয় মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। 

(৪) পঞ্চায়তৰ বাবে বিষয়সমূহৰ হস্তান্তৰঃ ৭৩তম সংশোধনীয়ে সংবিধানত এক নতুন সূচী অন্তৰ্ভুক্ত কৰিছে। সেইখন হ'ল সংবিধানৰ একাদশ সূচী। এই সূচীত পঞ্চায়তৰ বাবে নিৰ্ধাৰণ কৰা মুঠ ২৯টা বিষয় অন্তৰ্ভুক্ত হৈছে। এই বিষয়সমূহ পূৰ্বে ৰাজ্যিক সূচীত আছিল আৰু ৰাজ্য চৰকাৰসমূহে এই বিষয়সমূহ হাতলৈ হস্তান্তৰ কৰাটো সাংবিধানিকভাৱে বাধ্যতামূলক। অৱশ্যে এই হস্তান্তৰ কেতিয়া আৰু কেনেকৈ হ'ব সেইটো ৰাজ্যিক বিধানসভাৰ ওপৰত নিৰ্ভৰ নিৰ্ভৰশীল।

৯। ৭৩-নং সংশোধনীত সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ কি কি ব্যৱস্থা আছে? এই ব্যৱস্থাবোৰে কেনেদৰে গাঁও পঞ্চায়তৰ  নেতৃত্বৰ আকৃতি সলনি কৰিছে?  

উত্তৰঃ 

১০। স্থানীয় চৰকাৰৰ ৭৩-নং সংশোধনীৰ আগৰ আৰু পিছৰ প্ৰধান পাৰ্থক্যবোৰ কি কি? 

উত্তৰঃ  কেন্দ্ৰীয় চৰকাৰে ১৯৮৯ চনত দুখন সংবিধান সংশোধনী বিধেয় উত্থাপন কৰিছিল। এই সংশোধনীৰ লক্ষ্য আছিল স্থানীয় চৰকাৰক শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে স্থানীয় প্ৰশাসনৰ গঠন আৰু কাৰ্যৰ সমৰূপতা প্ৰৱৰ্তন কৰা।

    ব্রাজিলৰ সংবিধানে ৰাজ্যিক যুক্তৰাষ্ট্ৰীয় জিলা আৰু পৌৰসভা গঠন কৰিছে । সেইবােৰৰ প্রত্যেককে স্বতন্ত্র ক্ষমতা আৰু ক্ষেত্ৰাধিকাৰ প্ৰদান কৰা হৈছে । গণৰাজ্যই যেনেকৈ ৰাজ্যৰ কাৰ্যত হস্তক্ষপ কৰিব নােৱাৰে ( সংবিধানে প্রদান কৰা বিশেষ ক্ষমতাৰ বাহিৰে ) সেইদৰে পৌৰসভাৰ কার্যাৱলীততা হস্তক্ষেপ কৰিবলৈ ৰাজ্যসমূহক বাধা দিয়া হৈছে । এই ব্যৱস্থাটোৱে স্থানীয় চৰকাৰৰ স্বতন্ত্রতাক ৰক্ষণাবেক্ষণ দিছে ।

     ইয়াৰ পিছত ১৯৯২ চনত সংসদে ৭৩ তম আৰু ৭৪ তম সংবিধান সংশােধনী বিধেয় পাছ কৰে । ৭৩ তম সংশােধনীয়ে গ্রাম্য স্থানীয় চৰকাৰৰ বিষয়ে ( যাক পঞ্চায়তৰাজ অনুষ্ঠান বুলি কোৱা হয় ) ( Panchayati Raj Institutions or PRIS ) আৰু ৭৪ তম সংশােধনীয়ে নগৰীয়া স্থানীয় চৰকাৰৰ ( নগৰ - পালিকা—– Nagar - palikas ) বিষয়ে ব্যৱস্থা কৰিছে । এই ৭৩ তম আৰু ৭৪ তম সংশােধনী কার্যকৰী হয় ১৯৯৩ চনত ।

     আমি আগতে লক্ষ্য কৰিছো যে স্থানীয় চৰকাৰ হ’ল এক ৰাজ্যিক তালিকাভুক্ত বিষয় । এই ক্ষেত্ৰত ৰাজ্যবিলাকে নিজা নিজা আইন প্রণয়ন কৰিব পাৰে । কিন্তু যিহেতু এবাৰ সংবিধান সংশােধন কৰা হৈছে সেয়ে ৰাজ্যবিলাকেও সিবিলাকৰ স্থানীয় প্রশাসনিক গােটৰ ওপৰত কৰা আইনৰ পৰিৱৰ্তন ঘটাই সংশােধিত সংবিধানৰ লগত সামঞ্জস্য ৰাখিব লাগে । সংবিধানৰ এই সংশােধনীৰ লগত খাপ খােৱাকৈ ৰাজ্যসমূহক নিজৰ নিজৰ ৰাজ্যিক আইনবিলাকৰ প্ৰয়ােজনীয় পৰিৱৰ্তন আনিবলৈ এক বছৰ সময় দিয়া হয় ।

১১। প্রাক্-স্বাধীনতাৰ কালত ভাৰতত স্থানীয় চৰকাৰৰ ক্ৰমবিকাশ সম্পর্কে আলোচনা কৰা।  

উত্তৰঃ

১২। স্বাধীন ভাৰতত স্থানীয় চৰকাৰৰ বিকাশ সম্পৰ্কে চমুকৈ লিখা। 

উত্তৰঃ স্বাধীনতাৰ পাছত ভাৰতবৰ্ষত স্থানীয় চৰকাৰ প্ৰতিষ্ঠাৰ প্ৰয়াস বিভিন্ন স্তৰৰ মাজেৰে পাৰ হৈ আহিছে। বিভিন্ন সময়ত ভাৰত চৰকাৰে স্থানীয় চৰকাৰৰ বিষয়ে সবিশেষ অধ্যয়নৰ বাবে কেইবাখনো কমিটিও গঠন কৰি দিছে। কমিটিও গঠন কৰি দিছে। কমিটিসমূহৰ প্ৰতিবেদনৰ আধাৰত স্থানীয় চৰকাৰ প্ৰতিষ্ঠা তথা তাক সঠিকভাৱে অনুশীলনৰো প্ৰচেষ্টা চলি আহিছে। কিন্তু স্থানীয় চৰকাৰে সঁচা অৰ্থত প্ৰাপ্য মৰ্যাদা লাভ কৰিলে ৭৩তম আৰু ৭৪তম সংশোধনীৰ পাছতহে। 

    স্বাধীনতাৰ পাছৰ পৰা ৭৩তম আৰু ৭৪তম সংবিধান সংশোধনীৰ সময়লৈকে স্থানীয় চৰকাৰ প্ৰতিষ্ঠাৰ আৰু অনুশীলনৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা হ'ল।

(১) সামূহিক বিকাশ আঁচনিঃ ভাৰতবৰ্ষত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হোৱাৰ সময়ৰে পৰা বিকাশ প্ৰক্ৰিয়াটোত জনসাধাৰণৰ অংশগ্ৰহণ কৰোৱাৰ প্ৰচেষ্টা চলিছিল। ইয়াৰ প্ৰথম পদক্ষেপ আছিল ১৯৫২ চনত গান্ধী জয়ন্তী (২ অক্টোবৰ ) তাৰিখে সূচনা কৰা সামূহিক বিকাশ আঁচনি। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য সমাজৰ জনসাধাৰণৰ আৰ্থ-সামাজিক জীৱনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিব বিচৰা হৈছিল। এই আঁচনিৰ উদ্যোগত জনসাধাৰণৰ মাজত প্ৰত্যাশা আৰু আত্মবিশ্বাস গঢ়ি তোলাৰো প্ৰচেষ্ঠা চলিছিল। সৰ্বপ্ৰথমে ৫৫টা সামূহিক প্ৰকল্পৰ জৰিয়তে সূচনা কৰা এই আঁচনি পৰৱৰ্তী সময়ত এই আঁচনিয়ে ডেৰ লাখৰো অধিক গাঁও সাঙুৰি ল'বলৈ সক্ষম হৈছিল। 

(২) বলৱন্তৰায় মেহতা কমিটি, ১৯৫৭ ঃ সামূহিক উন্নয়ন আঁচনিৰ সফলতা-বিফলতা অধ্যয়নৰ বাবে এই কমিটি গঠন কৰি দিয়া হৈছিল। এই কমিটিয়ে বিস্তিত অধ্যয়নৰ পাছত মতামত আগবঢ়ালে যে সামূহিক উন্নয়ন আঁচনি তেতিয়াহে সফল হ'ব যেতিয়া সম্প্ৰদায়সমূহক উন্নয়নৰ পৰিকল্পনা, সিদ্ধান্ত গ্ৰহণ তথা আঁচনি প্ৰয়োগৰ গোটেই প্ৰক্ৰিয়াটোৰ অংশীদাৰ কৰি তোলা হ'ব। এই কমিটিয়ে তৎকালে নিৰ্বাচিত স্থানীয় পৰিষদ গঠন আৰু সেই পৰিষদসমূহক প্ৰয়োজনীয় সম্পদ ক্ষমতা তথা কৰ্তৃত্ব প্ৰদানৰ পৰামৰ্শ আগবঢ়ালে।

১৩। ৭৩তম সংবিধান সংশোধনী আইনে গাঁও অঞ্চলৰ স্থানীয় শাসনত কেনে ধৰণৰ পৰিৱৰ্তন আনিছে বৰ্ণনা কৰা।  

উত্তৰঃ 

১৪। ৭৩তম সংবিধান সংশোধনী আইনৰ পাঁচটা বৈশিষ্ট্য লিখা।                                                                                      [HS(XI) 2018]  

উত্তৰঃ ৭৩তম সংবিধান সংশোধনী আইনৰ পাঁচটা বৈশিষ্ট্য হৈছে-

(১) তিনিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থাঃ ৭৩তম সংশোধনী গোটেই দেশখনতে প্ৰযোজ্য হোৱাকৈ তিনিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰে। এই ব্যৱস্থাত তৃণমূল  পৰ্যায়ত আছে গাঁও পঞ্চায়ত, মাজত আছে আঞ্চলিক পঞ্চায়ত আৰু ওপৰত জিলা পৰিষদ। এখন বা কেইবাখনো গাঁও লগ লাগি গাওঁ পঞ্চায়ত গঠন কৰা হয়। গণ্ড পৰ্যায়ত গঠন কৰা হয় আঞ্চলিক পঞ্চায়ত আৰু একোখন জিলাৰ সমগ্ৰ গ্ৰামাঞ্চলক লৈ গঠিত হয় জিলা পৰিষদ।

(২) বাধ্যতামূলক গাঁওসভা গঠনঃ সংবিধানৰ ৭৩তম সংশোধনী ই এক অন্যতম দিশ। প্ৰতিখন গাঁওৰ পঞ্জীয়নভুক্ত সকলো ভৌটাৰক লৈ গাঁওসভা গঠিত হ'ব। স্থানীয় চৰকাৰৰ পৰিচালনাত গাঁওসভাই পালন কৰিবলগীয়া ভূমিকাও সাংবিধানিকভাৱে স্বীকৃত হ'ল। ইয়াৰ জৰিয়তে স্থানীয় চৰকাৰে সঁচা অৰ্থত গণতন্ত্ৰক জনসাধাৰণৰ চৰকাৰৰ শাৰীলৈ উন্নত কৰিলে।

(৩)  পোনপটীয়া নিৰ্বাচনঃ পঞ্চায়তৰ সকলো পৰ্যায়ৰ সদস্য \ সদস্যসকল জনসাধাৰণৰ পোনপটীয়া ভৌটৰ দ্বাৰা নিৰ্বাচিত হ'ব। পঞ্চায়তৰ বিভিন্ন স্তৰৰ বাবে সমষ্টি নিৰ্ধাৰণ কৰা হৈছে। পঞ্চায়তৰ সৰ্বমুঠ কাৰ্যকাল  পাঁচ বছৰ। সেয়েহে পাঁচ বছৰ পূৰ্ণ হোৱাৰ আগেয়েই পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাটোও বাধ্যতামূলক। কোনো কাৰণত পাঁচ বছৰ পূৰ্ণ হোৱাৰ আগেয়ে যদি ৰাজ্য চৰকাৰে পঞ্চায়ত ভংগ কৰি দিয়ে তেন্তে ভংগ কৰাৰ ছয় মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। 

(৪) পঞ্চায়তৰ বাবে বিষয়সমূহৰ হস্তান্তৰঃ ৭৩তম সংশোধনীয়ে সংবিধানত এক নতুন সূচী অন্তৰ্ভুক্ত কৰিছে। সেইখন হ'ল সংবিধানৰ একাদশ সূচী। এই সূচীত পঞ্চায়তৰ বাবে নিৰ্ধাৰণ কৰা মুঠ ২৯টা বিষয় অন্তৰ্ভুক্ত হৈছে। এই বিষয়সমূহ পূৰ্বে ৰাজ্যিক সূচীত আছিল আৰু ৰাজ্য চৰকাৰসমূহে এই বিষয়সমূহ হাতলৈ হস্তান্তৰ কৰাটো সাংবিধানিকভাৱে বাধ্যতামূলক। অৱশ্যে এই হস্তান্তৰ কেতিয়া আৰু কেনেকৈ হ'ব সেইটো ৰাজ্যিক বিধানসভাৰ ওপৰত নিৰ্ভৰ নিৰ্ভৰশীল।

(৫) ৰাজ্যিক নিৰ্বাচনী আয়ুক্তঃ ৭৩তম  সংশোধনীৰ ব্যৱস্থা অনুসাৰে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা প্ৰস্তুতকৰণ তথা নিৰ্বাচন পৰিচালনাৰ গোটেই প্ৰক্ৰিয়াটো নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰিবৰ বাবে ৰাজ্যসমূহৰ ৰাজ্যপালক নিৰ্বাচনী আয়োগ গঠনৰ কৰ্তৃত্ব দিয়া হৈছে। এই নিৰ্বাচনী আয়োগ আৰু নিৰ্বাচনী আয়ুক্ত এটা স্বতন্ত্ৰ প্ৰতিষ্ঠান আৰু ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত। নিৰ্বাচনী আয়ুক্তগৰাকী  ভাৰতীয় নিৰ্বাচনী আয়োগৰ চাকৰিয়াল নহয়।

১৫। ৭৪তম সংবিধান সংশোধনী আইনে নগৰ অঞ্চলৰ স্থানীয় চৰকাৰৰ ক্ষেত্ৰত কি পৰিৱৰ্তন সাধন কৰিছে? 

উত্তৰঃ গ্ৰামাঞ্চলৰ বাবে প্ৰৱৰ্তন কৰা স্থানীয় চৰকাৰৰ ব্যৱস্থা নগৰ অঞ্চলৰ বাবে প্ৰৱৰ্তন কৰিবলৈ সংবিধানৰ ৭৪তম সংশোধনী সংযোজন কৰা হয়। ২০০১ চনৰ লোকপিয়ল অনুসাৰে ভাৰতবৰ্ষৰ প্ৰায় ২৮% লোক নগৰ অঞ্চলত বাস কৰে।

    ভাৰতীয় লোকপিয়লৰ সংজ্ঞানুসাৰে নগৰ অঞ্চলৰ কেতবোৰ বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যসমূহ হ'ল ক্ৰমেঃ (১) ন্যূনতম জনসংখ্যা ৫০০০, (২) কৰ্মৰত মুঠ পুৰুষৰ কমেও ৭৫% অ-কৃষিগত পেছাত নিয়োজিত, (৩) প্ৰতি কিল'মিটাৰত জনবসতি কমেও ৪০০ জন লোক।

    সংবিধানৰ ৭৪তম সংশোধনীয়ে নগৰ অঞ্চলৰ বাবেও তিনিখলপীয়া স্থানীয় চৰকাৰৰ প্ৰৱৰ্তন কৰিছে। সংবিধানৰ ৭৩তম সংশোধনীৰ জৰিয়তে তৈয়াৰ কৰা সকলো ব্যৱস্থাৱলী ৭৪তম সংশোধনীৰ জৰিয়তে প্ৰতিষ্ঠা কৰা নগৰ অঞ্চলৰ স্থানীয়  চৰকাৰসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য। অৰ্থাৎ এই প্ৰতিষ্ঠানসমূহতো নিয়মীয়াভাৱে নিৰ্বাচন অনুষ্ঠিত হ'ব, আসন সংৰক্ষণৰ জৰিয়তে দুৰ্বল শ্ৰেণী আৰু মহিলাৰ কাৰণে প্ৰতিনিধিত্ব ব্যৱস্থা কৰা হৈছে, 

তিনিখলপীয়া পৰিকল্পনা কমিটি গটন কৰা হৈছে, ৰাজ্যিক বিত্ত শ্ৰেণী  অয়োগ তথা নিৰ্বাচিত আয়োগে গঠিত হৈছে ইত্যাদি । সংবিধানত দ্বাদশ অনুসূচী অন্তৰ্ভুক্ত কৰি মুঠ ১৮টা বিষয় নগৰ অঞ্চলৰ স্থানীয় চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছে। এইয়সমূহ,সমূহৰ ভিতৰত আছে চহৰ পৰিলল্পনা, অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ পৰিকল্পনা, চহৰৰ বস্তি অঞ্চলৰ উন্নয়ন, জন্ম-মৃত্যুৰ পঞ্জীয়ন।

১৬। গুৱাহাটী পৌৰ নিগমৰ কাৰ্যাৱলী বর্ণনা কৰা।  

উত্তৰঃ পৌৰ নিগমৰ কাৰ্যও পৌৰসভাৰ সদৃশ। গুৱাহাটী পৌৰ নিগম আইনত ইয়াৰ কাৰ্যৰ এখন দীঘলীয়া কাৰ্যতালিকা লিপিবদ্ধ কৰা হৈছে। এই তালিকাত উল্লেখ কৰা আটাইবোৰেই জনহিতকৰ কাৰ্য। গুৱাহাটী পৌৰ নিগমে এইবোৰ যত্ন সহকাৰে আৰু দায়িত্বৰে সমাধা কৰিব লাগে। গুৱাহাটীৰ জনস্বাস্থ্য সংৰক্ষণৰ কাৰণে নলা, নৰ্দমা, ৰাজহুৱা পায়খানা, পেচাৱখানা আদি নিৰ্মাণ, সংৰক্ষণ আৰু পৰিষ্কাৰ কৰি ৰখা, ৰাস্তা-ঘাট আদি আৱৰ্জনামুক্ত কৰি সংৰক্ষণ কৰা, ময়লা, আৱৰ্জনা আৰু দুৰ্গন্ধযুক্ত বস্তুবিলাক দূৰীকৰণ কৰা ইয়াৰ কৰ্তব্য। অ-স্বাস্থ্যকৰ অঞ্চল অবাদকৰণ আৰু সকলো প্ৰকাৰৰ অপকৰ্ম নিবাৰণো ইয়াৰ কৰ্তব্য। জনস্বাস্থ্য আৰু জন-নিৰাপত্তাৰ কাৰণে হস্পিতেল, দাতব্য চিকিৎসালয় আদি পতা, মাতৃ মঙ্গল, শিশুকল্যাণ কেন্দ্ৰ স্থাপন কৰা, সংক্ৰামক আৰু সোঁচৰা ৰোগৰ প্ৰতিষেধক ব্যৱস্থা লোৱা, বসন্ত, কলেৰা প্ৰভৃতি সংক্ৰামক ৰোগৰ প্ৰকোপ যাতে নহয় সেইবাবে নিগমে চিটা, বেজি দিয়াৰ ব্যৱস্থা কৰাও ইয়াৰ কৰ্তব্য। 

১৭। ১৯৯৪চনৰ পঞ্চায়ত আইন মতে গাঁও পঞ্চায়তৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।                         [HS(XI) 2016] 

উত্তৰঃ ১৯৯৪ চনৰ পঞ্চায়ত আইন মতে গাঁও পঞ্চায়তৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ হৈছে-

(১) সাধাৰণ কাৰ্যাৱলীঃ

(ক) পঞ্চায়ত এলেকাত উন্নয়নৰ কাৰণে বছৰেকীয়া পৰিকল্পনা প্ৰস্তুত কৰিব।

(খ) গাওঁ পঞ্চায়তৰ বাজেট প্ৰস্তুত কৰিব।

(গ) প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্যোগত কষ্ট ভোগ কৰা লোকক সহায় দিয়াৰ ব্যৱস্থা কৰিব।

(ঘ) চৰকাৰী সম্পত্তিৰ বে-আইনী দখল উচ্ছেদ কৰিব।

(ঙ) স্বেচ্ছাসেৱী শ্ৰমিক সংগঠনৰ সৃষ্টি কৰিব আৰু ৰাজহুৱা কামত তেওঁলোকৰ সেৱা নিয়োগ কৰিব।

(চ) গাঁও সম্পৰ্কীয় দৰকাৰী পৰিসংখ্যা যুগুত কৰিব।

(২) কৃষি সম্পৰ্কীয় কাৰ্যঃ

(ক) গাঁও পঞ্চায়তে ৫০ হেজাৰ টকাতকৈ কম খৰছৰ কৃষি আঁচনি কাৰ্যকৰী কৰিব। এই বিষয়ত কৃযি বিভাগ, সমবায় বিভাগ আৰু জলসিঞ্চন বিভাগৰ সহায় ল'ব।

(খ) চন পৰি থকা মাটিৰ উন্নয়নৰ ব্যৱস্থা কৰিব আৰু

(গ) চৰণীয়া পথাৰ সংৰক্ষণ কৰিব, কৰ্তৃত্ববিহীনভাৱে যাতে কোনো লোকে চৰণীয়া পথাৰক ব্যৱহাৰ কৰিব নোৱাৰে, সেই বিষয়ে সতৰ্ক দৃষ্টি ৰাখিব।

(৩) পশুপালন সম্পৰ্কীয় কাৰ্যঃ

(ক) উন্নত জাতৰ গৰু পালন কৰাৰ প্ৰতি পঞ্চায়ত এলেকাৰ লোকক উৎসাহিত ব্যৱস্থা কৰিব।

(খ) হাঁহ, কুকুৰা, গাহৰি আদি পালনৰ কাৰণে জনসাধাৰণক উৎসাহিত কৰিব।

(গ) দুগ্ধ উৎপাদন আঁচনি কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিব।

(ঘ) ঘাঁহনি পথাৰৰ উন্নয়নৰ কাৰণে চেষ্টা কৰিব।

(৪) সামাজিক বননিকৰণঃ

(ক) পথৰ দাঁতিত গছ ৰোৱাৰ ব্যৱস্থা কৰিব আৰু গছবোৰৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব।

(খ) গাঁও পঞ্চায়ত এলেকাৰ ভিতৰত থকা চৰকাৰী মাটিত বননিকৰণৰ ব্যৱস্থা কৰিব।

(গ) খৰি হিচাপে ব্যৱহাৰ কৰিবলৈ গছ ৰোৱাৰ ব্যৱস্থা কৰিব।

(ঘ) বননিকৰণৰ কাৰণে পঞ্চায়ত এলেকাৰ লোকক উৎসাহ দিব আৰু

(ঙ) সামাজিক বননিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব।

(৫) খাদী আৰু কুটীৰ শিল্পৰ উন্নয়নঃ

(ক) গাঁও পঞ্চায়তে খাদী আৰু গ্ৰামোদ্যোগৰ উন্নতিৰ কাৰণে চেষ্টা কৰিব।

(খ) কুটীৰ শিল্পৰ উন্নয়নৰ কাৰণে চেষ্টা কৰিব আৰু

(গ) এনে উদ্যোগৰ প্ৰশাসনৰ কাৰণে সভা-সমিতি, প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰি জনসাধাৰণক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব।

(৬) গ্ৰাম্য গৃহ নিৰ্মাণঃ

(ক) গাঁও অঞ্চলত গৃহ নিৰ্মাণৰ কাৰণে পঞ্চায়তে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব।

(খ) পঞ্চায়ত এলেকাৰ ভিতৰত গৃহ নিৰ্মাণৰ স্থান বিতৰণ কৰিব আৰু

(গ) গৃহ, গৃহ নিৰ্মাণৰ স্থান আৰু অন্যান্য চৰকাৰী আৰু বে-চৰকাৰী সম্পত্তিৰ বিষয়ে তথ্য-পাতি ৰাখিব।

(৭) খোৱাপানীৰ যোগানঃ 

(ক) পঞ্চায়ত এলেকাৰ ভিতৰত জনসাধাৰণে যাতে বিশুদ্ধ খোৱাপানী পাব পাৰে, তাৰ কাৰণে পঞ্চায়তে কুঁৱা, নলী, নাদ, পুখুৰী আদিৰ ব্যৱস্থা কৰিব আৰু সেইবোৰৰ যত্ন লোৱাৰ কাৰণে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব।

(খ) খোৱাপানী যাতে দূষিত হ'ব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

(গ) গাঁও অঞ্চলৰ কাৰণে পানী যোগানৰ আঁচনি গ্ৰহণ কৰি তেনে আঁচনি কাৰ্যকৰী কৰিব।


চমু উত্তৰৰ প্রশ্ন (Short Answer Questions):  

১। স্থানীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।          [HS(XT) [2017]  

উত্তৰঃ স্থানীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হৈছেঃ

(১) সামাজিক সন্থাঃ স্থানীয় স্বায়ত্ব শাসনৰ গোটবিলাকৰ সংগঠিত সত্বা আছে। আইনৰ দৃষ্টিকোণৰ পৰা চালে স্থানীয় স্ব-শাসনৰ নিজস্ব কৰ্মৰ কাৰণে প্ৰাণ, ইচ্ছা আৰু ক্ষমতা আছে। অৰ্থাৎ স্থানীয় স্ব-শাসনৰ বিধিসন্মত অৱস্থিতি আছে। ই নিজে নিজৰ কাৰণে আইন প্ৰণয়ন কৰি ল'ব পাৰে আৰু এইবোৰ নিজ এলেকাত বলৱৎ থাকে। তদুপৰি এইবিলাকৰ নিজা নিজা সমূহীয়া নামমুদ্ৰা আছে। এই সমূহীয়া নামমুদ্ৰাৰ অবিহনে স্থানীয় স্ব-শাসনৰ কোনমো কাম বৈধ হ'ব নোৱাৰে।

(২) প্ৰশাসনসুলভ স্বভাৱঃ ইয়াৰ এটা প্ৰশাসনসুলভ স্বভাৱ আছে। কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্যিক চৰকাৰৰ দৰে স্থানীয় চৰকাৰসমূহ একে নীতি আৰু পদ্ধতিৰে গঠিত হয়। ইয়াৰো এখন নিজা সভা বা পৰিষদ থাকে। ইয়াৰ সদস্যসকল এক নিৰ্দিষ্ট সময়ৰ বাবে এলেকাৰ প্ৰাপ্তবয়স্ক নাগৰিকসকলৰ প্ৰত্যক্ষ ভোটত নিৰ্বাচিত হয়।

২। পঞ্চায়ত ব্যৱস্থাৰ সংগঠন।  

উত্তৰঃ ১৯৮৬ চনত পঞ্চায়তীৰাজ আইনৰ পিছত ১৯৯৪ চনত অসম পঞ্চায়ত আইন নামৰ এখন আইন গ্ৰহণ কৰা হয়। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে ভাৰতৰ সংবিধানৰ ৭৩-নং সংশোধনী প্ৰস্তাৱত গাঁও ভিত্তিত - গাওঁ পঞ্চায়ত, উন্নয়ন খণ্ডৰ ভিত্তিত- আঞ্চলিক পঞ্চায়ত আৰু জিলাভিত্তিত জিলা পৰিষদ গঠনৰ ব্যৱস্থা আছে। সংবিধানৰ এই সংশোধনী প্ৰস্তাৱৰ লগত সংগতি ৰাখি অসমতো ১৯৯৪ চনত পঞ্চায়ত আইন গ্ৰহণ কৰা হৈছে। এই আইনত গাওঁভিত্তিত গাঁও পঞ্চায়ত, উন্নয়ন খণ্ডৰ ভিত্তিত আঞ্চলিক পঞ্চায়ত আৰু জিলাভিত্তিক জিলা পৰিষদ গঠনৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। ১৯৮৬ চনৰ পঞ্চায়তীৰাজ আইনত মহকুমাভিত্তিত মহকুমা পৰিষদ গঠনৰ ব্যৱস্থা আছিল। কিন্তু নতুন আইনত মহকুমা পৰিষদৰ পৰিৱৰ্তে জিলা পৰিষদ গঠনৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে।

৩। স্থানীয় শাসনৰ চাৰিটা প্ৰয়োজনীয়তা উল্লেখ কৰা।  

উত্তৰঃ স্থানীয় শাসনৰ চাৰিটা প্ৰয়োজনীয়তা হৈছে-

(১) অঞ্চলভেদে সমস্যাৰ বৈচিত্ৰ্যৰ ৰূপটোক স্থানীয় চৰকাৰেহে অনুধাৱন কৰিব পাৰেঃ অসমৰ কথাই ভাবাচোন। আমাৰ সকলো অঞ্চলৰ সমস্যাৰ চৰিত্ৰ একেই নেকি। কোনোবা এটা অঞ্চলত যদি বানপানীৰ উপদ্ৰৱ বেছি,  অন্য কোনোবা এটা অঞ্চলত খৰাঙে সৃষ্টি কৰা সমস্যা অধিক। কোনোবা এটা অঞ্চলত বহুতো স্বাস্থ্য উপকেন্দ্ৰ আছে কিন্তু চিকিৎসা কৰ্মী নাই। অন্য এটা অঞ্চলত আকৌ চিকিৎসা কৰ্মী আছে কিন্তু স্বাস্থ্য উপকেন্দ্ৰৰ সঠিক গৃহ নাই। কোনোবা এটা অঞ্চলৰ ৰাস্তা-পদূলিৰ অৱস্থা অতি বেয়া, অন্য এটা অঞ্চলত হয়তো ৰাস্তা-পদূলি সদায়ে পানীৰ তলত থাকে। সমস্যাৰ এই যি বৈচিত্ৰ্য বা বহুত্ব ৰূপ তাক দিছপুৰ অথবা দিল্লীত থকা ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰে অনুধাৱন কৰিব নোৱাৰে। স্থানীয় জনসাধাৰণক লৈ গঠিত চৰকাৰেহে সমস্যাৰ প্ৰকৃত চৰিত্ৰ অনুধাৱন কৰিব পাৰে।

(২) স্থানীয় সমস্যা সমাধানৰ বাবে স্থানীয় পাৰদৰ্শিতা আৰু জ্ঞান প্ৰয়োগ কৰিব পাৰেঃ অঞ্চলভেদে সমস্যাৰ ৰূপ যেনেকৈ বেলেগ বেলেগ, ঠিক সেইদৰে সেই সমস্যাসমূহ সমাধানৰ বাবে বিভিন্ন অঞ্চলৰ জনসাধাৰণে প্ৰয়োগ কৰা কৌশলসমূহো বেলেগ বেলেগ। এইটো এই কাৰণেই হয় কাৰণ সমস্যাৰ জটিল ৰূপটোক স্থানীয় লোকেহে সঠিকভাৱে অনুুধাৱন কৰিব পাৰে আৰু এনে পটভূমিতেই স্থানীয় জনসাধাৰণে ভিন্ন সমস্যা সমাধানৰ স্বকীয় কৌশল বা পাৰদৰ্শিতা গঢ়ি তোলে। উদাহৰণস্বৰূপে এখন গাঁৱত যদি জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে তেতিয়া সেই গাঁৱৰ জনসাধাৰণেহে বেছি ভালকৈ জানিব। ঠিক সেইদৰে নদীৰ খহনীয়া ৰোধ কৰিবৰ বাবে স্থানীয় জনসাধাৰণে অতদিনে প্ৰয়োগ কৰি অহা পৰম্পৰাগত কৌশলসমূহো অধিকভাৱে ফলপ্ৰসূ হব পাৰে। দিল্লীৰ কেন্দ্ৰীয় চৰকাৰ আৰু দিছপুৰৰ ৰাজ্যিক চৰকাৰ এনে পৰম্পৰাগত পাৰদৰ্শিতা সম্পৰ্কে জ্ঞান নহবও পাৰে। স্থানীয় চৰকাৰ এনে পাৰদৰ্শিতা সম্পৰ্কে সাধাৰণতে জ্ঞাত। গতিকে তেনে চৰকাৰে এই পাৰদৰ্শিতা সঠিকভাৱে প্ৰয়োগ কৰিব পাৰে।

(৩) স্থানীয় সম্পদৰ সঠিক মূল্যায়ন আৰু সদব্যৱহাৰ কৰিব পাৰেঃ কোনো অঞ্চলৰ বিকাশৰ বাবে সঠিক পৰিকল্পনা আৰু সম্পদ - দুয়োটাৰে প্ৰয়োজন। স্থানীয় চৰকাৰৰ অন্যতম লক্ষ্যই হল স্থানীয় সম্পদৰ সঠিক মূল্যায়নৰ ভিত্তিত স্থানীয় সমস্যা সমাধানৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰা হয়। উদাহৰণস্বৰূপে অসমৰ গোৱালপাৰা জিলাৰ কোনো কোনো অঞ্চলত বৃহৎ হাৰত মালভোগ কল উৎপাদন কৰা হয়। কিন্তু সচৰাচৰ এই কলসমূহ মধ্যভোগীয় উৎপাদনকাৰীৰ পৰা কিনি বাহিৰলৈ ৰপ্তানি কৰে। ফলত উৎপাদনকাৰীসকলৰ লগতে অঞ্চলৰ ৰাইজ বৰকৈ উপকৃত নহয়। স্থানীয় চৰকাৰৰ উদ্যোগত মালভোগ কলক কেন্দ্ৰ কৰি অঞ্চলটোৰ বিকাশৰ সঠিক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। কল উৎপাদনকাৰীসকলে যাতে সঠিক মূল্য পায় তাৰো ব্যৱস্থা কৰিব পাৰে। মাটিৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি কল উৎপাদনক এক উদ্যোগৰূপে গঢ়ি তোলাৰো পৰিকল্পনা কৰিব পাৰে।

৪। স্থানীয় স্বায়ত্বশাসন কাক বোলে? স্থানীয় স্বায়ত্বশাসনৰ তিনিটা বৈশিষ্ট্য লিখা।                                     [HS(XI) 2015]

উত্তৰঃ ড॰ ভি, ভেঙ্কাটা ৰাওৰ মতে ,  ''চৰকাৰৰ যিটো অংশ স্থানীয় লোকসকলে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ হাতত এৰি নিদি নিজৰ হাতত ৰাখে তাকে স্থানীয় স্বায়ত্বশাসন বোলে।

    স্থানীয় স্বায়ত্বশাসনৰ তিনিটা বৈশিষ্ট্য হৈছে-

(১) স্থানীয় স্বায়ত্ব শাসন হ'ল স্বতন্ত্ৰ সংস্থা। তেওঁলোকে নিজৰ প্ৰয়োজন অনুসৰি আইন প্ৰণয়ন কৰি আৱশ্যকীয় কাৰ্য সম্পাদিত কৰে।

(২) স্থানীয় স্বায়ত্ব শাসন সাৰ্বভৌম সংস্থা নহয়। এই সংস্থাসমূহে সদায় চৰকাৰৰ তলত নিজস্ব কাম কৰিবলগীয়া হয়।

৫। পঞ্চায়ত ব্যৱস্থাৰ উন্নয়নৰ কাৰণে পঞ্চায়তীৰাজ আইনত থকা চাৰিটা ব্যৱস্থাৰ নাম লিখা।    

উত্তৰঃ 

৬।পঞ্চায়তীৰাজ আইনৰ চাৰিটা আসোঁৱাহ উল্লেখ কৰা।  

ত্তৰঃ 

৭। পঞ্চায়তীৰাজৰ গুৰুত্ব আলোচনা কৰা।  

উত্তৰঃ অসমৰ স্বায়ত্ব শাসিত জিলাকেইখনৰ বাহিৰে সমগ্ৰ অসমৰ গ্ৰাম্য অঞ্চলৰ বাবে এই কাৰ্যকৰী কৰা হয়। এই আইনৰ উল্লেখযোগ্য সংশোধন হৈছে পূৰ্বৰ দুই তৰপীয়া স্থানীয় কৰ্তৃপক্ষৰ শাসন ব্যৱস্থা প্ৰচলন কৰা হয়। এই কেইটা হৈছে- গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু মহকুমা পৰিষদ।

৮। পঞ্চায়ত আইনৰ আসোঁৱাহ দূৰ কৰাৰ কাৰণে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।   

উত্তৰঃ

৯। নগৰ অঞ্চলৰ স্থানীয় চৰকাৰৰ চাৰিটা কাৰ্য লিখা। 

উত্তৰঃ 

১০। জিলা পৰিষদৰ চাৰিটা কাৰ্য চমুকৈ বৰ্ণনা কৰা।  

উত্তৰঃ জিলা পৰিষদৰ চাৰিটা কাৰ্য হৈছে-

(১) জিলা পৰিষদে জিলাৰ উন্নতিৰ কাৰণে অৰ্থনৈতিক আৰু সামাজিক ন্যায় সম্পৰ্কীয় আঁচনি প্ৰস্তুত কৰি কাৰ্যকৰী কৰিব।

(২) কৃষিৰ উন্নতিৰ কাৰণে বৈজ্ঞানিক পদ্ধতিত কৃষিকাৰ্ষ সম্পাদন কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰিব, কৃষি পামৰ ব্যৱস্থা কৰিব, কৃষিজাত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰিব, গুদাম ঘৰৰ ব্যৱস্থা কৰিব আৰু কৃষিজাত সামগ্ৰী সংৰক্ষণৰ ব্যৱস্থা কৰিব, ফল-মূল সংৰক্ষণৰ ব্যৱস্থা কৰিব, কৃষি সম্পৰ্কীয় প্ৰশিক্ষণৰ ব্য়ৱস্থা কৰিব, পানী যোগানৰ ব্যৱস্থা কৰিব, ক্ষুদ্ৰ পানী যোগান ব্যৱস্থা আঁচনি কাৰ্যকৰী কৰিব।

(৩) জিলা পৰিষদে ফল-মূল সংৰক্ষণ কৰিব, ফল-মূল, শাক-পাঁচলি আদিৰ উৎপাদন বৃদ্ধিৰ ব্যৱস্থা কৰিব। ফুলনি, বাগিছা আদিৰ সংৰক্ষণ কৰিব।

(৪) গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কাৰ্যাৱলী সম্পৰ্কে তথ্য-পাতি সংগ্ৰহ কৰি প্ৰচাৰ কাৰ্য চলাব।

১১। সংবিধানৰ ৭৩তম আৰু ৭৪তম সংশোধনী আইনৰ কাৰ্যকাৰিতা আলোচনা কৰা। 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰে ১৯৮৯ চনত দুখন সংবিধান সংশোধনী বিধেয় উত্থাপন কৰিছিল। এই সংশোধনীৰ লক্ষ্য আছিল স্থানীয় চৰকাৰক শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে স্থানীয় প্ৰশাসনৰ গঠন আৰু কাৰ্যৰ সমৰূপতা প্ৰৱৰ্তন কৰা।

    ব্রাজিলৰ সংবিধানে ৰাজ্যিক যুক্তৰাষ্ট্ৰীয় জিলা আৰু পৌৰসভা গঠন কৰিছে । সেইবােৰৰ প্রত্যেককে স্বতন্ত্র ক্ষমতা আৰু ক্ষেত্ৰাধিকাৰ প্ৰদান কৰা হৈছে । গণৰাজ্যই যেনেকৈ ৰাজ্যৰ কাৰ্যত হস্তক্ষপ কৰিব নােৱাৰে ( সংবিধানে প্রদান কৰা বিশেষ ক্ষমতাৰ বাহিৰে ) সেইদৰে পৌৰসভাৰ কার্যাৱলীততা হস্তক্ষেপ কৰিবলৈ ৰাজ্যসমূহক বাধা দিয়া হৈছে । এই ব্যৱস্থাটোৱে স্থানীয় চৰকাৰৰ স্বতন্ত্রতাক ৰক্ষণাবেক্ষণ দিছে ।

     ইয়াৰ পিছত ১৯৯২ চনত সংসদে ৭৩ তম আৰু ৭৪ তম সংবিধান সংশােধনী বিধেয় পাছ কৰে । ৭৩ তম সংশােধনীয়ে গ্রাম্য স্থানীয় চৰকাৰৰ বিষয়ে ( যাক পঞ্চায়তৰাজ অনুষ্ঠান বুলি কোৱা হয় ) ( Panchayati Raj Institutions or PRIS ) আৰু ৭৪ তম সংশােধনীয়ে নগৰীয়া স্থানীয় চৰকাৰৰ ( নগৰ - পালিকা—– Nagar - palikas ) বিষয়ে ব্যৱস্থা কৰিছে । এই ৭৩ তম আৰু ৭৪ তম সংশােধনী কার্যকৰী হয় ১৯৯৩ চনত ।

     আমি আগতে লক্ষ্য কৰিছো যে স্থানীয় চৰকাৰ হ’ল এক ৰাজ্যিক তালিকাভুক্ত বিষয় । এই ক্ষেত্ৰত ৰাজ্যবিলাকে নিজা নিজা আইন প্রণয়ন কৰিব পাৰে । কিন্তু যিহেতু এবাৰ সংবিধান সংশােধন কৰা হৈছে সেয়ে ৰাজ্যবিলাকেও সিবিলাকৰ স্থানীয় প্রশাসনিক গােটৰ ওপৰত কৰা আইনৰ পৰিৱৰ্তন ঘটাই সংশােধিত সংবিধানৰ লগত সামঞ্জস্য ৰাখিব লাগে । সংবিধানৰ এই সংশােধনীৰ লগত খাপ খােৱাকৈ ৰাজ্যসমূহক নিজৰ নিজৰ ৰাজ্যিক আইনবিলাকৰ প্ৰয়ােজনীয় পৰিৱৰ্তন আনিবলৈ এক বছৰ সময় দিয়া হয় ।

১২। অসম পঞ্চায়ত আইন, ১৯৯৪ অনুসৰি গাঁও পঞ্চায়তৰ চাৰিটা কাৰ্য লিখা।   [HS(XI) 2016] 

উত্তৰঃ অসমত পঞ্চায়ত আইন, ১৯৯৪ অনুসৰি গাওঁ পঞ্চায়তৰ চাৰিটা কাৰ্য হৈছে-

(১) সাধাৰণ কাৰ্যাৱলীঃ

(ক) পঞ্চায়ত এলেকাত উন্নয়নৰ কাৰণে বছৰেকীয়া পৰিকল্পনা প্ৰস্তুত কৰিব।

(খ) গাওঁ পঞ্চায়তৰ বাজেট প্ৰস্তুত কৰিব।

(গ) প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্যোগত কষ্ট ভোগ কৰা লোকক সহায় দিয়াৰ ব্যৱস্থা কৰিব।

(ঘ) চৰকাৰী সম্পত্তিৰ বে-আইনী দখল উচ্ছেদ কৰিব।

(ঙ) স্বেচ্ছাসেৱী শ্ৰমিক সংগঠনৰ সৃষ্টি কৰিব আৰু ৰাজহুৱা কামত তেওঁলোকৰ সেৱা নিয়োগ কৰিব।

(চ) গাঁও সম্পৰ্কীয় দৰকাৰী পৰিসংখ্যা যুগুত কৰিব।

(২) কৃষি সম্পৰ্কীয় কাৰ্যঃ

(ক) গাঁও পঞ্চায়তে ৫০ হেজাৰ টকাতকৈ কম খৰছৰ কৃষি আঁচনি কাৰ্যকৰী কৰিব। এই বিষয়ত কৃযি বিভাগ, সমবায় বিভাগ আৰু জলসিঞ্চন বিভাগৰ সহায় ল'ব।

(খ) চন পৰি থকা মাটিৰ উন্নয়নৰ ব্যৱস্থা কৰিব আৰু

(গ) চৰণীয়া পথাৰ সংৰক্ষণ কৰিব, কৰ্তৃত্ববিহীনভাৱে যাতে কোনো লোকে চৰণীয়া পথাৰক ব্যৱহাৰ কৰিব নোৱাৰে, সেই বিষয়ে সতৰ্ক দৃষ্টি ৰাখিব।

(৩) পশুপালন সম্পৰ্কীয় কাৰ্যঃ

(ক) উন্নত জাতৰ গৰু পালন কৰাৰ প্ৰতি পঞ্চায়ত এলেকাৰ লোকক উৎসাহিত ব্যৱস্থা কৰিব।

(খ) হাঁহ, কুকুৰা, গাহৰি আদি পালনৰ কাৰণে জনসাধাৰণক উৎসাহিত কৰিব।

(গ) দুগ্ধ উৎপাদন আঁচনি কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিব।

(ঘ) ঘাঁহনি পথাৰৰ উন্নয়নৰ কাৰণে চেষ্টা কৰিব।

(৪) সামাজিক বননিকৰণঃ

(ক) পথৰ দাঁতিত গছ ৰোৱাৰ ব্যৱস্থা কৰিব আৰু গছবোৰৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব।

(খ) গাঁও পঞ্চায়ত এলেকাৰ ভিতৰত থকা চৰকাৰী মাটিত বননিকৰণৰ ব্যৱস্থা কৰিব।

(গ) খৰি হিচাপে ব্যৱহাৰ কৰিবলৈ গছ ৰোৱাৰ ব্যৱস্থা কৰিব।

(ঘ) বননিকৰণৰ কাৰণে পঞ্চায়ত এলেকাৰ লোকক উৎসাহ দিব আৰু

(ঙ) সামাজিক বননিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব।

১৩। ৰাজ্যিক বিত্তীয় আয়োগ কি? [HS (XI) 2017] 

উত্তৰঃ ১৯৯৪ চনৰ অসম পঞ্চায়ত আইনে পঞ্চায়তবিলাকক অধিক ক্ষমতা প্ৰদান কৰিছে। যদিও চৰকাৰৰ হাতত এই পঞ্চায়ত ব্যৱস্থাক নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট ক্ষমতা দিয়া হৈছে; কোনো পঞ্চায়ত অনুষ্ঠানে ক্ষমতাৰ অপব্যৱহাৰ কৰিলে বা ভালদৰে নিজৰ দায়িত্ব পালন কৰিব নোৱাৰিলে চৰকাৰে যিকোনো সময়ত সেইবিলাক ভংগ কৰিব পাৰে। ইয়াৰ পৰা এইটোকে বুজিব পাৰি যে পঞ্চায়তবিলাক এতিয়া অধিক ক্ষমতাশালী হ'লেও সেইবিলাক স্বেচ্ছাচাৰী হ'ব নোৱাৰে। এইবিলাকৰ ওপৰত চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ক্ষমতা আছে। আৰ্থিক বিষয়তো পঞ্চায়তবিলাক চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব।

অতি চমু উত্তৰৰ প্ৰশ্ন (Very Short Answer Questions ) :  

১। ভাৰতীয় সংবিধানে গাঁও পঞ্চায়তক স্থানীয় চৰকাৰৰ এটা গোট হিচাপে দেখুৱাইছে। তলত আলোচনা কৰা উক্তিবোৰৰ পৰিস্থিতিৰ বিষয়ে চিন্তা কৰা আৰু এই পৰিস্থিতিবোৰে গাঁও পঞ্চায়তক স্থানীয় চৰকাৰৰ গোট হিচাপে কেনেকৈ শক্তিশালী বা দুর্বল কৰিব ব্যাখ্যা কৰা।  

(ক) ৰাজ্য চৰকাৰে এটা ডাঙৰ কোম্পানীক এটা বৃহৎ তীখা প্রকল্প স্থাপন কৰিবলৈ অনুমতি দিলে। এই তীখা প্রকল্পটোৰ কাৰণে গাৱঁৰ বহুতো মানুহ ক্ষতিগ্রস্ত হ’ব। ক্ষতিগ্রস্ত গাৱঁৰ এখন গাঁওসভাই এটা প্ৰস্তাৱ লৈছিল যে এই অঞ্চলত কোনো ডাঙৰ শিল্প স্থাপন কৰাৰ আগতে গাঁওবাসীৰ লগত আলোচনা কৰিব লাগিব আৰু তেওঁলোকৰ অভিযোগবিলাক সমাধান কৰা উচিত।  

উত্তৰঃ

(খ) চৰকাৰে সিদ্ধান্ত লৈছিল যে ইয়াৰ সমুদায় খৰচৰ ২০শতাংশ পঞ্চায়তৰ জৰিয়তে খৰচ কৰা হ'ব।  

উত্তৰঃ

(গ) গাঁৱত এখন স্কুল স্থাপনৰ বাবে এখন গাঁও পঞ্চায়তে আর্থিক সাহায্য বিচাৰিছিল, কিন্তু চৰকাৰী বিষয়াই প্ৰস্তাৱটো অগ্রাহ্য কৰি কৈছিল যে এই ধন আন কিছুমান আঁচনিৰ বাবেহে আবণ্টন দিয়া হ'ব আৰু ইয়াক বেলেগে খৰচ কৰিব নোৱাৰিব।

উত্তৰঃ

(ঘ) চৰকাৰে দুংগাৰপুৰ (Dungarpur) গাঁৱক দুটা ভাগত ভাগ কৰি এটা ভাগক যমুনা আৰু আনটো ভাগক চাহা (Saha) গাঁৱৰ চামিল কৰি দিছিল। এতিয়া দুংগাৰপুৰ গাঁৱৰ অস্তিত্ব চৰকাৰী বহীত নাই।  

উত্তৰঃ

(ঙ) এখন গাঁও পঞ্চায়তৰ দৃষ্টিগোচৰ হ'ল যে তেওঁলোকৰ অঞ্চলৰ পানীৰ নিজৰাবিলাক দ্রুতগতিত শুকাই আছে। সেয়ে তেওঁলোকে বা ডেকাসকলক সমবেত কৰি স্বেচ্ছামূলক কামৰ জৰিয়তে গাঁৱৰ পুৰণি পুখুৰী আৰু নাদবিলাক সজীৱ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিলে। 

উত্তৰঃ

২। তলৰ কথোপকথনটো পঢ়া—এই কথোপকথনত উদয় হোৱা বিচার্য বিষয়সমূহৰ ওপৰত তোমাৰ মতামত ২০০টা শব্দৰ ভিতৰত লিখাঃ  

অজয়ঃ আমাৰ সংবিধানে পুৰুষ আৰু মহিলাৰ মাজত সমতা প্ৰদান কৰিছে। স্থানীয় গোটৰ মহিলাৰ বাবে সংৰক্ষণে ক্ষমতাৰ ক্ষেত্ৰত তেওঁলোকক সমতা প্ৰদান কৰিছে।  

দীপা : মহিলাসকল ক্ষমতাত থকা উচিত। কিন্তু ই যথেষ্ট নহয়। স্থানীয় প্রশাসনৰ বাজেটত মহিলাৰ বাবে তেতিয়া মহিলাৰ বহু আৰু স্বাধ  স্বতঃস্ফূর্তভাবে লোৱা হ'ব।  

উত্তৰঃ 

৩। ৭৩-নং সংশোধনীৰ অনুবন্ধসমূহ পঢ়া। তলত উল্লেখ কৰা কি কি বিষয়ত সংশোধনীয়ে উপস্থাপন কৰিছে।  

(ক) স্থান বা গাদী হেৰুওৱাৰ ভয়ত প্রতিনিধিসকল জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকে।  

উত্তৰঃ

(খ) উচ্চ জাতি আৰু জমিদাৰসকলে স্থানীয় গোটবোৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আছে।  

উত্তৰঃ

(গ) গ্ৰাম্য জাতি বহুত বেছি। নিৰক্ষৰ লোকে গাঁও অঞ্চলৰ উন্নয়নৰ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।  

উত্তৰঃ

(ঘ) গাঁও উন্নয়নৰ কৃতকাৰ্যতাৰ কাৰণে আঁচনি প্ৰস্তুত কৰিবলৈ গাঁও পঞ্চায়তক সম্পদ আৰু ক্ষমতাৰ প্ৰয়োজন। 

উত্তৰঃ

৪। স্থানীয় চৰকাৰৰ সমৰ্থনত তলত বিভিন্ন যুক্তি দিয়া হৈছে। সেইবিলাকক শ্রেণীবদ্ধ কৰা আৰু এটা বিশেষ যুক্তি আনবোৰৰ তুলনাত কিয় তাৎপর্যপূর্ণ। তোমাৰ মতে এই যুক্তি আৰু সিদ্ধান্তবোৰৰ কোনটোৰ ওপৰত ভাগোবাচল গাৱঁৰ গাঁও পঞ্চায়ত প্রতিষ্ঠিত।  

(ক) স্থানীয় জনসাধাৰণৰ লগত সহযোগ কৰি চৰকাৰে প্ৰকল্পবোৰ কম খৰচত সম্পাদন কৰিব পাৰে।  

উত্তৰঃ

(খ) চৰকাৰী বিষয়াই প্রস্তুত কৰা উন্নয়নমূলক পৰিকল্পনাবোৰতকৈ বেছি গ্রহণযোগ্য।  

উত্তৰঃ

(গ) স্থানীয় লোকে তেওঁলোকৰ অঞ্চল আৰু সমস্যাবিলাক সম্পর্কে ভালদৰে জ্ঞানে আৰু সেইমতে অগ্ৰাধিকাৰ দিয়ে। সামূহিক অংশগ্রহণেৰে  তেওঁলোকে আলাপ-আলোচনা কৰি তেওঁলোকৰ জীৱন-ধাৰণৰ বিষয়ে সিদ্ধান্ত লোৱা উচিত।  

উত্তৰঃ

(ঘ) কেন্দ্ৰীয় বা ৰাজ্যিক বিধানমণ্ডলৰ প্ৰতিনিধিসকলক যোগাযোগ কৰাটো জনসাধাৰণৰ বাবে বৰ জটিল কাম।  

উত্তৰঃ

৫। তোমাৰ মতে তলৰ কোনবোৰ বিকেন্দ্রীকৰণৰ লগত জড়িত! আনবোৰ বিকেন্দ্ৰীকৰণৰ বাবে কিয় উপযুক্ত নহয় ? (ক) গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰা।  

উত্তৰঃ

(খ) গাঁৱৰ বাবে কি আঁচনি আৰু কাৰ্যসূচী প্রয়োজনীয় সেই বিষয়ে গাঁওবাসীয়ে নিজে সিদ্ধান্ত লোৱা। 

উত্তৰঃ

(গ) গাঁওসভাৰ মিটিং বা সভা আহ্বান কৰা।  

উত্তৰঃ

(ঘ) ৰাজ্য চৰকাৰে আৰম্ভ কৰা এটা প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ খতিয়ান গাঁও পঞ্চায়তে খণ্ড উন্নয়ন বিষয়াৰ পৰা লোৱা।  

উত্তৰঃ

৬। দিল্লী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ ৰাঘবেন্দ্ৰ পাৰপানাই প্রাথমিক শিক্ষাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণত বিকেন্দ্ৰীকৰণৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰিছিল। তেওঁ গাঁওবাসীক কিছুমান প্রশ্ন সুধিছিল। এই প্রশ্নবোৰ তলত দিয়া হ’ল। যদি তুমি এই গাঁওবাসীৰ মাজৰে এজন তেন্তে তুমি তেতিয়া এই প্ৰতিটো প্ৰশ্নৰ উত্তৰ কি দিলাহেঁতেন? 

গাঁওসভাৰ এখন মিটিং আহ্বান কৰি গাৱঁৰ প্ৰতিটো ল'ৰা-ছোৱালী স্কুললৈ যোৱাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিলা হয়? 

(i) মিটিঙৰ বাবে কোনটো দিন সুবিধাজনক হ'ব পাৰে তুমি কেনেদৰে ভাবিবা? তোমাৰ পচন্দ মতে কোন এই মিটিঙত উপস্থিত থাকিবলৈ  সমৰ্থ হ'ব/নহ'ব সেই বিষয়ে ভাবা। 

(ক) খণ্ড উন্নয়ন বিষয়া বা সমহর্তাই নিৰ্দিষ্ট কৰা দিন 

(খ) ৰবিবাৰ

(গ) গাঁৱৰ বজাৰ হোৱা দিনটো

(ঘ) নাগ পঞ্চমী/দোমাহী

উত্তৰঃ (খ) ৰবিবাৰ।

(ii) সভা বা মিটিং অনুষ্ঠিত হোৱাৰ স্থান কি? কিয়? 

(ক) জিলা উপায়ুক্তই নিৰ্দিষ্ট কৰা স্থান  (খ) গাঁৱৰ ধৰ্মীয় স্থান 

(গ) দলিত মহল                         (ঘ) উচ্চ জাতিৰ ঘৰত (Tola)

(ঙ) গাঁৱৰ বিদ্যালয়ত

উত্তৰঃ (ঙ) গাঁৱৰ বিদ্যালয়ত


(iii) গাঁওসভাৰ মিটিঙত প্রথমে জিলা উপায়ুক্তই পঠোৱা জাননী এখন পঢ়া হৈছিল। ইয়াত এটা শিক্ষামূলক সমদল আহ্বান কৰিবলৈ কি উপযুক্ত প্রচেষ্টা লোৱা উচিত আৰু ইয়াৰ বাবে কি পথ লোৱা উচিত তাৰে পৰামৰ্শ দিয়া হৈছিল। কিন্তু মিটিং বা সভাত কোনোদিনে স্কুললৈ নহা শিশুসকলৰ বিষয়ে বা ছোৱালী শিক্ষাৰ বিষয়ে বা বিদ্যালয় ভৱনৰ বিষয়ে আৰু বিদ্যালয় বহাৰ সময়ৰ বিষয়ে আলোচনা কৰা হোৱা নাছিল। মিটিংখন ৰবিবাৰে অনুষ্ঠিত হোৱা বাবে কোনো মহিলা শিক্ষয়িত্রী উপস্থিত থকা নাছিল।

জনসাধাৰণৰ অংশগ্ৰহণৰ উদাহৰণ হিচাপে এই কাৰ্য বিষৰণীৰ পৰা কি বুজিলা ?

উত্তৰঃ

 (iv) তোমাৰ শ্ৰেণীটো গাঁওসভা বুলি ভাবি লোৱা। সভাৰ কাৰ্যসূচী আলোচনা কৰা আৰু লক্ষ্যত উপনীত হ'বলৈ কিছুমান পদক্ষেপৰ  পৰামৰ্শ আগবঢ়োৱা 


৭। গণতন্ত্ৰত স্থানীয় চৰকাৰৰ ভূমিকা কি?  

উত্তৰঃ স্থানীয় স্ব-শাসন আৰু গণতন্ত্ৰ ওতঃপ্ৰোতভাৱে জড়িত। স্থানীয় চৰকাৰক বাদ দি গণতন্ত্ৰ জীয়াই থাকিব নোৱাৰে। কিন্তু কিছুমান ৰাজনৈতিক পণ্ডিতে এই যুক্তি মানি ল'বলৈ টান পাইছে। তেওঁলোকে গণতন্ত্ৰ স্থানীয় স্ব-শাসন অপৰিহাৰ্য বুলি কোৱাতকৈ ইয়াক গণতন্ত্ৰৰ পৰিপন্থী বুলিহে ক'বলৈ বিচাৰে।

    প্ৰথমে স্থানীয় প্ৰশাসন আৰু গণতান্ত্ৰিক শাসনব্যৱস্থাৰ মাজত সম্বন্ধ পাৰস্পৰিক সম্পৰ্কযুক্ত বুলি কোৱা টান। যি দেশত স্থানীয় গণতন্ত্ৰ বৰ্তি থাকে ঐতিহাসিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে দেখা যায় যে ৰাজ্যিক চৰকাৰ জন্ম হোৱাৰ পিছতহে স্থানীয় স্ব-শাসনৰ জন্ম হৈছে। ৰাজ্যিক শাসনক যিমানে বিকেন্দ্ৰীকৰণ কৰা হয় ই সিমানেই বেছি গণতান্ত্ৰিক হৈ পৰে।

    দ্বিতীয়তে, অ-গণতান্ত্ৰিক দেশতো স্থানীয় স্ব-শাসনে ঠন্ ধৰি উঠিব পাৰে।

    তৃতীয়তে, স্থানীয় শাসনে নাগৰিকসকলৰ গণতান্ত্ৰিক শিক্ষাদানত বলিষ্ঠ অংশগ্ৰহণ কৰে বুলি কোৱা টান। কিয়নো ইয়াৰ পৰা লাভ কৰা অভিজ্ঞতা গৌণ অভিজ্ঞতাহে। স্থানীয় শাসনৰ কুপ্ৰভাৱে কেতিয়াবা কেতিয়াবা মানুহক ৰাজ্যিক স্বাৰ্থ বা জাতীয় স্বাৰ্থ বলিদান দি স্থানীয় স্বাৰ্থত খামোচ মাৰি ধৰিবলৈ উদ্ গনি দিয়ে। তদুপৰি ক্ষমতা, যুক্তিযুক্ততা আৰু স্বাধীনতাৰ অৰ্থ বুলি কাম নকৰিলে তাকো গণতান্ত্ৰিক ব্যক্তি বুলি ক'ব নোৱাৰি।

৮। পঞ্চায়তীৰাজত কি কি তিনিপ্ৰকাৰৰ পঞ্চায়ত আছে ? 

উত্তৰঃ পঞ্চায়তীৰাজত তিনিপ্ৰকাৰৰ ব্যৱস্থা হৈছে-

(১) গাঁও পঞ্চায়ত, (২) আঞ্চলিক পঞ্চায়ত আৰু (৩) মহকুমা পৰিষদ।

৯। তৃনমূল পৰ্যায়ত ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰাত পঞ্চায়তীৰাজ ব্যৱস্থাই কেনেদৰে সহায় কৰিছে?  

উত্তৰঃ ৭৩তম সংশোধনীয়ে গোটেই দেশখনতে প্ৰযোজ্য হোৱাকৈ তিনিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰে। এই ব্যৱস্থাত তৃণমূল পৰ্যায়ত আছে গাঁও পঞ্চায়ত, মাজত আছে আঞ্চলিক পঞ্চায়ত আৰু ওপৰত জিলা পৰিষদ। এখন বা কেইবাখনো গাঁও লগ লাগি গাঁও পঞ্চায়ত গঠন কৰা হয়। খণ্ড পৰ্যায়ত গঠন কৰা হয় আঞ্চলিক পঞ্চায়ত আৰু একোখন জিলাৰ সমগ্ৰ গ্ৰামাঞ্চলক লৈ গঠিত হয় জিলা পৰিষদ।

১০। গাঁওসভা মানে কি বুজা ? 

উত্তৰঃ গাঁওসভা হৈছে এখন গাঁওৰ ১৮ বছৰ বয়স প্ৰাপ্ত পুৰুষ-মহিলা আদি সকলো লোকৰ দ্বাৰা গাঁওৰ উন্নয়ন আৰু পঞ্চায়তক দিহা পৰামৰ্শ দিয়াৰ উদ্দেশ্য গঠিত এক স্থায়ী সভা বা গোট।

১১। ৰাজ্যিক নির্বাচন আযুক্ত।

উত্তৰঃ  

১২। গাঁওসভাৰ দুটা কাৰ্য উল্লেখ কৰা। 

উত্তৰঃ

 ১৩।   ৭৩তম সংশোধনীৰ দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ

১৪। ৭৪তম সংশোধনীৰ দুটা ব্যৱস্থাৰ নাম লিখা।  

উত্তৰঃ

১৫। পঞ্চায়তীৰাজ ব্যৱস্থাৰ দুটা সমস্যা কি কি?  

উত্তৰঃ

বস্তুনিষ্ঠ প্ৰশ্নাৱলী(Objective type questions)  

১) গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপন কৰা হৈছিল। 

উত্তৰঃ গুৱাহাটী পৌৰ নিগম ১৯৭৪ চনত স্থাপন কৰা হৈছিল।

২। স্থানীয় চৰকাৰৰ এটা বৈশিষ্ট্য লিখা।  

উত্তৰঃ স্থানীয় চৰকাৰৰ এটা বৈশিষ্ট্য হৈছে-

(১) সামাজিক সন্থাঃ স্থানীয় স্বায়ত্ব শাসনৰ গোটবিলাকৰ সংগঠিত সত্বা আছে। আইনৰ দৃষ্টিকোণৰ পৰা চালে স্থানীয় স্ব-শাসনৰ নিজস্ব কৰ্মৰ কাৰণে প্ৰাণ, ইচ্ছা আৰু ক্ষমতা আছে। অৰ্থাৎ স্থানীয় স্ব-শাসনৰ বিধিসন্মত অৱস্থিতি আছে। ই নিজে নিজৰ কাৰণে আইন প্ৰণয়ন কৰি ল'ব পাৰে আৰু এইবোৰ নিজ এলেকাত বলৱৎ থাকে। তদুপৰি এইবিলাকৰ নিজা নিজা সমূহীয়া নামমুদ্ৰা আছে। এই সমূহীয়া নামমুদ্ৰাৰ অবিহনে স্থানীয় স্ব-শাসনৰ কোনমো কাম বৈধ হ'ব নোৱাৰে।

৩। ৭৩-নং সংশোধনী আইনখন কোন চনত গৃহীত কৰা হৈছিল। 

উত্তৰঃ ৭৩ -নং সংশোধনী আইনখন ১৯৯৩ চনত গৃহীত কৰা হৈছিল।

৪। আধুনিক ভাৰতত স্থানীয় চৰকাৰৰ জনক বুলি কাক কোৱা হয়।  

উত্তৰঃ আধুনিক ভাৰতত স্থানীয় চৰকাৰৰ জনক বুলি লৰ্ড ৰিপনক কোৱা হয়।

(৫) ভাৰতৰ কোনখন ৰাজ্যই প্রথমে পঞ্চায়তৰাজ ব্যৱস্থা প্রৱর্তন কৰিছিল।  

উত্তৰঃ ভাৰতৰ ৰাজস্থান ৰাজ্যই প্ৰথমে পঞ্চায়তৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।

৬। কোন চনত সমূহীয়া উন্নয়ন আঁচনি আৰম্ভ কৰা হৈছিল।

উত্তৰঃ 

৭। ৭৩ তম সংশোধনী আইনে মহিলাৰ কাৰণে কিমান শতাংশ আসন সংৰক্ষণ কৰিছে।  

উত্তৰঃ ৭৩ তম সংশোধনী আইনে মহিলাৰ কাৰণে ৩৩% আসন সংৰক্ষণ কৰিছে।

৮। পঞ্চায়তৰ কাৰ্যকাল কেই বছৰ?  

উত্তৰঃ পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ।

৯। অসমত কেইখলপীয়া পঞ্চায়ত ব্যৱস্থা আছে।  

উত্তৰঃ অসমত তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থা আছে।

১০। জিলা পৰিষদৰ এটা কাৰ্য উল্লেখ কৰা।  

উত্তৰঃ জিলা পৰিষদৰ এটা কাৰ্য হৈছে-

(১) জিলা পৰিষদে জিলাৰ উন্নতিৰ কাৰণে অৰ্থনৈতিক আৰু সামাজিক ন্যায় সম্পৰ্কীয় আঁচনি প্ৰস্তুত কৰি কাৰ্যকৰী কৰিব।

১১। আঞ্চলিক পঞ্চায়তত কেই প্ৰকাৰৰ সদস্য থাকে ?

উত্তৰঃ আঞ্চলিক পঞ্চায়তত ১৫জন সদস্য থাকে।


শুদ্ধ উত্তৰ বাচি উলিওৱা (Choose the correct answer):

১। পঞ্চায়ত ব্যৱস্থা প্রতিষ্ঠা কৰা হৈছে -

(a) গাঁও      (b) নগৰ    (c) পাহাৰ অঞ্চলত   (d) সৰু চহৰত

উত্তৰঃ (a) গাওঁ। 


(২) ৭৩তম সংশোধনী  মতে সকলো ৰাজ্যতে পঞ্চায়তৰ  কাৰ্যকাল ধাৰ্য কৰা হৈছে-

(ক) ৬ বছৰ  (খ) ৩ বছৰ      (৩) ৫ বছৰ   (৪)৮ বছৰ 

উত্তৰঃ (৩) বছৰ।


৩। পঞ্চায়তৰ  অংশ আসন সংৰক্ষণ কৰা হৈছে -

 (a) পিছপৰা শ্ৰেণীৰ বাবে             (b) জনজাতিৰ কাৰণে

(c) জনজাতিৰ মহিলাৰ কাৰণে   (d) মহিলাৰ কাৰণে

উত্তৰঃ (d) মহিলাৰ কাৰণে।


৪। তলত উল্লেখ কৰা কোনটো গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ নামটো কি নহয়-

 (a) পঞ্চায়ত  (b) জিলা পৰিষদ   (৪) পৌৰনিগম  (d) গাঁওসভা

উত্তৰঃ (৪) পৌৰনিগম।


৫। বৃটিছৰ ৰাজত্বকালত ভাৰতৰ কোন ঠাইত প্রথমে পৌৰসভা প্রতিষ্ঠা কৰা হৈছিল?

(a) মুম্বাই (বোম্বাই)ত                                 (b) চেন্নাই (মাদ্রাজ)

(c) কলকাতাত                                            (d) নতুন দিল্লীত 

উত্তৰঃ (b) চেন্নাই (মাদ্ৰাজ) 

 


Type: Himashree Bora.

Author : Pompi Hazarika.






Post ID : DABP004965