মৰা পুত্ৰ টনা টনি


মৰা পুত্ৰ টনা টনি কৰে দুয়ো ৰাজা ৰাণী
 
বুকুতে সাৱতি লৈ কান্দে হিয়া ধুণী। 

বুকুৰে ধন গুণ মণি

ক’ত গলি মোৰ সোণমণি।।

কি ঐ ৰাণীয়ে সাৱতি লয়,
 
কান্দিয়া কান্দিয়া কয় 

বুকুৰ ধন গুণ মণি ক’ত গলি মোৰ সোণমণি

বুকুতে সাৱতি লৈ কান্দে ৰাজা আকুল হৈ 

বুকুৰ কলিজা বাচা 

বাৰ তই পিতা বুলি মাত ও 

বুকুৰে...


কি ও সত সতিনী গণ, কৰে সবে আলোচন 

কান্দি কান্দি আহে সেহি ঠাই 

আমাৰ ঘৰে জন্ম পালি

একশ জনী মাতৃ পালি

নয়ন জুৰালো তোক চাই।

বুকুৰে...