৫। অনুৰূপ শব্দঃ আচল শব্দৰ জোৰকৈ বা সমপৰ্যায়ৰ অন্য, বস্তু বা কথা বুজাবলৈ কেতিয়াবা একোটা শব্দৰ আগত বা পিছত একে নিচিনা অথবা অৰ্থশূণ্য যিবোৰ শব্দ বা শব্দাংশ ব্য়ৱহাৰ কৰা হয়। তাকে অনুৰূপ শব্দ বোলে। যেনে- গাড়ী-চাড়ী, চকী-তকী।


অনুৰূপ শব্দ তিনি প্ৰকাৰে সাধিত হয়।

ক) অনুকাৰ ৰূপঃ মূল শব্দৰ দৰে প্ৰায় একে উচ্চাৰণৰ শব্দ অথবা অৰ্থশূণ্য শব্দ মূল শব্দ আগত বা পাছত যোগ কৰি গঠণ হোৱা শব্দকে অনুকাৰ অনুৰূপ শব্দ বোলে।


১) আচল শব্দৰ পাছৰ শব্দটোৰ প্ৰথমতে থকা ব্যঞ্জন বৰ্ণ ঠাইত দন্তমূলীয়া ত আৰু প্ৰথম স্বৰ ধ্বনি ঠাইত চ যোগ কৰা হয়। যেনেঃ মাছ-তাছ, কিতাপ-চিতাপ। 


২) মূল শব্দৰ প্ৰথম আখৰ  চ,ছ থাকিলে অনুৰূপ শব্দৰ প্ৰথম আখৰ ত হয়। যেনেঃ চকু-তকু, চকী-তকী।


৩) কেতিয়াবা অনুকাৰ শব্দ দৰে মূল শব্দৰ প্ৰথম স্বৰ ধ্বনি লৈ শব্দৰ বাকী অংশ উচ্চাৰণ কৰি শব্দ গঠঁ কৰা হয়। যেনেঃ অকাই-পকাই।


খ) আদি ধ্বনি দ্বিৰুক্তি অনুৰূপ শব্দঃ কেতিয়াবা আচল শব্দটোৰ প্ৰথম ধ্বনি জোৰ দি বুজাবলৈ গৈ প্ৰথম ধ্বনিটো দ্বিৰুক্তি কৰা হয়। এনেবোৰ  অনুৰূপ শব্দক দ্বিৰুক্তি অনুৰূপ শব্দ বুলি কোৱা হয়। যেনেঃ পা-পইচা, ডা-ডাঙৰীয়া।


গ) অনিয়মিত অনুৰূপ শব্দঃ কেতিয়াবা মূল শব্দৰ লগত বেলেগ উচ্চাৰণৰ যুৰীয়া শব্দ প্ৰয়োগ কৰি যি শব্দ গঢ়ি তোলা হয় তেনেবোৰ শব্দক অনিয়মিত অনুৰূপ শব্দ বোলে। যেনেঃ চাকৰ-নাকৰ। 


Geetanjali Bora



Post ID : DABP003281