তথ্যৰ ব্যৱহাৰ

অনুশীলনী 5.1

(1) অষ্টম শ্ৰেণীৰ 46 জন ছাত্ৰ-ছাত্ৰীৰ বগা, ৰঙা, ক’লা আৰু হালধীয়া এই ৰং চাৰিটা কোনে কোনটো ৰং ভালপায় সেয়া তলৰ তালিকাত দেখুওৱা হ’ল । প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে যি কোনো এটাহে প্ৰিয় ৰং হিচাপে ল’ব পাৰিব আৰু ৰং চাৰিটা ক্ৰমে W, R,B আৰু Y ৰে চিহ্নিত কৰা হৈছে ।

W, R, R, Y, B, B, Y, R, W, W, R,
Y, B, B, Y, B, R, R, W, B, B, R, Y,
Y, B, W, Y, Y, R, W, W, R, R, B, B, 
R, Y, B, W, W, B, Y, B, W, W
দাগচিহ্ন ব্যৱহাৰ কৰি এখন বাৰং বাৰতা তালিকা প্ৰস্তুত কৰা । ইয়াক ব্যাখ্যা কৰিবলৈ এডাল দণ্ডলেখ অংকন কৰা ।
সমাধান ঃ
প্ৰথম খণ্ডত বাৰংবাৰতা বিভাজন তালিকা





দ্বিতীয় অংশ (দণ্ডচিত্ৰ)


(2) ‘জোনাকী আত্মসহায়ক গোটৰ 35 জন সদস্যৰ প্ৰতি মাহৰ জমা (টকাত) তলত দিয়া ধৰণৰ ঃ

110, 125, 110, 140, 150, 150, 150, 110, 180, 180, 110, 140, 140, 120, 120, 120, 140, 140, 170, 175, 175, 175, 145, 145, 140, 175, 120, 125, 130, 135, 135, 155, 145, 145
110 – 120, 120 – 130, 130 – 140…… আদি অন্তৰাল লৈ দাগচিহ্ন ব্যৱহাৰ কৰি বাৰংবাৰতা তালিকা এখন প্ৰস্তুত কৰা ।

সমাধান ঃ
বাৰংবাৰতা তালিকা ঃ



(3) 2 প্ৰশ্নৰ তথ্য ৰাখিৰ পৰা প্ৰস্তুত কৰা বাৰংবাৰতা তালিকাখনৰ পৰা এটা হিষ্ট’গ্ৰাম বা স্তম্ভলেখ প্ৰস্তুত কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) কোনটো শ্ৰণী অন্তৰালত আটাইতকৈ বেছি সদস্য আছে ?

(ii) 150 বা তাতকৈ বেছি জমা ৰখা মুঠ সদস্য সংখ্যা কিমান ?

(iii) কোনকেইটা শ্ৰেণী অন্তৰালত সদস্য সংখ্যা সমান ?

সমাধান ঃ  
স্তম্ভলেখ


(i) ( 140-150 ) শ্ৰেণী অন্তৰাল আটাইতকৈ বেছি সদস্য আছে ।

(ii) 150 বা তাতকৈ বেছি জমা ৰখা মুঠ সদস্য সংখ্যা= 12

(iii) ( 110-120), (150-160) আৰু (130-140), (180-190) শ্ৰেণী অন্তৰালত সদস্য সংখ্যা সমান ।

(4) এখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰত্যেকে প্ৰতিদিনে কিমান সময় পঢ়ে (ঘন্টা হিচাপত) কাষত স্তম্ভলেখৰ সহায়ত দেখুওৱা হৈছে ---


স্তম্ভলেখৰ সহায়ত উত্তৰ দিয়া----

(i) বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে কিমান সময় পঢ়ে ?
(ii) প্ৰতিদিনে 5 ঘন্টাতকৈ বেছি পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান ?
(iii) 4 ঘন্টাকৈ কম সময় পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান ?
সমাধান    (i) বেছিভগ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে 4- ৰ পৰা 5 ঘন্টা 14 জন ছাত্ৰ-ছাত্ৰীয়ে পঢ়ে ।
(ii) প্ৰতিদিনে  5 ঘন্টাতকৈ বেছি পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা= 24 জন 
(iii) 4 ঘন্টাতকৈ কম সময় পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখঅযা= 22 জন

(5) 30 জন ছাত্ৰ-ছাত্ৰীৰ উচ্চতা ( চেমি ত ) তলত দিয়া ধৰণৰ ---

136, 138, 140, 140, 154, 160, 158, 147, 139, 153, 162, 162, 173, 137, 142, 156, 162, 164, 185, 143, 145, 182, 152, 163, 174, 138, 142, 152, 144, 146.
উপযুক্ত অন্তৰাল লৈ দাগচিহ্ন ব্যৱহাৰ কৰি বাৰংবাৰতা বিভাজন তালিকা এখন প্ৰস্তুত কৰা ।
সমাধান ঃ   




type: prerona bora



Post ID : DABP004058