ভাৰতত মানৱ সম্পদৰ বিকাশঃ

    ১.০৯ মহাপদ্ম জনসংখ্যাৰ দেশ ভাৰতবৰ্ষই মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত পৃথিৱীৰ ১৭২ খন দেশৰ ভিতৰত ১২৭ নম্বৰ স্থান লাভ কৰিছে। সমন্বিত মানৱ সম্পদ বিকাশৰ ০.৬০২ মূল্যমানেৰে সৈতে বিকাশৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ মান মধ্যমীয়া ।

    মানৱ সম্পদ বিকাশৰ নিম্ন সূচকাংক অতি গুৰুত্বৰ বিষয় যদিও বিচাৰ পদ্ধতিৰ প্ৰয়োগ আৰু সূচকাংক নিৰ্বাচন কৰি মূল্যমান উলিওৱাৰ কিছু সীমাবদ্ধতা আছে আৰু এইক্ষেত্ৰত প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে। ঔপনিবেশবাদ, সাম্ৰাজ্যবাদ আৰু নব্য সাম্ৰাজ্যবাদ আদি ঐতিহাসিক কাৰক, আৰ্থ - সামাজিক কাৰক যেনে- মানৱ অধিকাৰ উলংঘন, ভাষা, ধৰ্ম, লিংগ আৰু জাতিৰ ভিত্তিত সামাজিক বৈষম্য, সামাজিক সমস্যা যেনে- অপৰাধ, ভীতিপ্ৰদৰ্শন আৰু যুদ্ধ  - বিগ্ৰহ, ৰাজনৈতিক কাৰক যেনে গণতন্ত্ৰ, একনায়কত্ববাদ, সবলীকৰণৰ পৰ্যায় আদি মানৱ সম্পদ বিকাশৰ প্ৰকৃতি নিৰ্ধাৰণ কৰা অন্যতম কাৰক। এই কাৰকবোৰ অকল ভাৰতবৰ্ষৰ ক্ষেত্ৰতেই নহয় অন্যান্য উন্নয়নশীল ৰাষ্ট্ৰৰ ক্ষেত্ৰতো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰক হিচাপে বিবেচিত কৰা হয়।

    UNDPয়ে নিৰ্বাচন কৰা সূচকবোৰ ব্যৱহাৰ কৰি ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগে ভাৰতৰ মানৱ সম্পদ উন্নয়নৰ প্ৰতিবেদনও প্ৰস্তত কৰি উলিয়াইছে। ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক একোটা সুকীয়া গোট হিচাপে বিবেচনা কৰি পৰ্যালোচনা আগবঢ়াইছে। সেইদৰে প্ৰতিখন ৰাজ্যিক চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত ৰাজ্যিক মানৱ সম্পদ উন্নয়নৰ প্ৰতিবেদন প্ৰস্তত কৰাৰ কাম হাতত লৈছে। এইক্ষেত্ৰত জিলাসমূহক সুকীয়া গোট হিচাপে বিবেচনা কৰিছে। ভাৰতবৰ্ষৰ বাবে HDI প্ৰতিবেদনৰ আধাৰত সুচক মূল্যমান প্ৰস্তত কৰি উলিওৱা হৈছে। প্ৰাৰম্ভিক মানৱ ভূগোল নামৰ কিতাপখনত তিনিটা সূচক সুকীয়াকৈ বিবেচনা কৰি সূচকাংক গণনা কৰি উলিওৱা সন্দৰ্ভত আলোচনা কৰা হৈছে। অৱশ্যে আৰ্থিক সূচকা, সামাজিক সবলীকৰণ, সামাজিক ন্যায়, গম্যতা, পৰিষ্কাৰ - পৰিচ্ছন্নতা আৰু অন্যান্য কল্যাণমূলক বিষয়বিলাকো প্ৰয়োজন সাপেক্ষে বিবেচনাৰ আওতালৈ অনা হৈছে। সেইবোৰৰ কিছুমান তলত আলোচনা কৰা হল।

    আৰ্থিক প্ৰাপ্তিৰ সূচকবোৰঃ

    সম্পদৰ প্ৰাচুৰ্য আৰু সকলো স্তৰৰ সোতে বিশেষকৈ দৰিদ্ৰ জনগণে এইবোৰ পাব পৰাটোৱে উদ্ভাৱনা, মংগলজনক আৰু উন্নয়নৰ চাবিকাঠি। মুঠ জাতীয় উৎপাদন আৰু ইয়াৰ জনমুৰি প্ৰাপ্তিক দেশৰ সম্পদৰ আধাৰ/ বুদ্ধিবৃত্তি জোখাৰ বাবে লোৱা হয়। ভাৰতবৰ্ষৰ GDP ৩২০০ হেজাৰ কোটি টকা আৰু জনমুৰি আয় গড়ে ২০,৮১৩ টকা। আপাতত এয়া সন্তোষজনক যদিও দৰিদ্ৰতা, বঞ্চনা, পুষ্টিহীনতা, অশিক্ষিত, অবিচাৰ - অন্যায় আৰু আঞ্চলিক ভাৰসাম্যতাৰ প্ৰদুৰ্ভাৱে অৰ্থনৈতিক প্ৰগতিৰ স্বৰূপ উদঙাই দিয়ে।

    ভাৰতবৰ্ষত উন্নত ৰাজ্যৰ সংখ্যা তাকৰ আনহাতে অনুন্নত ৰাজ্যৰ সংখ্যা অধিক উন্নত ৰাজ্যসমূহ হল মহাৰাষ্ট্ৰ, পঞ্জাৱ, হাৰিয়ানা, গুজৰাট আৰু দিল্লী। এই ৰাজ্যবোৰৰ গড় জনমুৰি আয় বছৰি ৪,০০০ টকা। আনহাতে উত্তপ্ৰদেশ, বিহাৰ, উৰিষ্যা, অসম, মধ্যপ্ৰদেশ, জন্মু আৰু কাশ্মীৰ আদি ৰাজ্যৰ গড় জনমুৰি আয় বছৰি ২,০০০ টকাতকৈও কম। সেইদৰে উন্নত ৰাজ্যকেইখনৰ জনমুৰি উপভোগৰ খৰচ অধিক। এক সমীক্ষামতে মহাৰাষ্ট্ৰ, পঞ্জাৱ, হাৰিয়ানা, কেৰালা, গুজৰাট আদি ৰাজ্যত মাহিলি জনমুৰি খৰচৰ পৰিমাণ প্ৰায় ৬৯০ টকা। আনহাতে অনুন্নত ৰাজ্য যেনে উত্তৰপ্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, অসম আদিত মাহিলি জনমুৰি খৰচ হল ৫২০ টকা মাত্ৰ। এনে বৈষম্যৰ অন্যতম কাৰণ হিটাপে দৰিদ্ৰতা, নিবনুৱা আৰু অৰ্ধনিবনুৱা সমস্যা আদি চিহিত কৰা হৈছে।

    বিহাৰ, উৰিষ্যা আধিৰ দৰে কেইবাখনো ৰাজ্যত ৪০ শতাংশতকৈও অধিক লোক দাৰিদ্ৰ্য সীমাৰেখাৰ তলত আছে। দাৰিদ্ৰতা হল বঞ্চনাৰ বহিৰ্প্ৰকাশ। মানুহ জীয়াই থাকিবলৈ ন্যূনতম প্ৰয়োজনীয়তাখিনিৰ অভাৱ হোৱাটো দৰিদ্ৰতাৰ লক্ষণ। অনুন্নত ৰাজ্যবোৰৰ নিয়োগৰ হাৰ হল মাত্ৰ ২৫ শতাংশ। আমাৰ দেশ ভাৰতৰ ক্ষেত্ৰতো ত্ৰুমাগতভাৱে বৃদ্ধি পোৱা নিবনুৱাৰ সংখ্যাই দৰিদ্ৰতাৰ মাত্ৰা অধিক কৰি তুলিছে।

স্বাস্থকৰ জীৱনৰ সূচক

    বেমাৰ আজাৰৰ পৰা মুক্ত এটা নিৰোগী শৰীৰ আৰু দীৰ্ঘায়ু জীৱন স্বাস্থ্যকৰ জীৱনৰ সূচক হিচাপে বিবেচনা কৰা হয়। গৰ্ভৱতী অৱস্থাত সুষম আহাৰৰ যোগান, মাতৃৰ যতন, শিশুৰ জন্মৰ পৰৱৰ্তী অৱস্থাত লবলগীয়া কাৰ্ষকৰী ব্যৱস্থাৰ সুবিধা, শিশু আৰু মাতৃৰ স্বাস্থ্যৰ যতন, বাঢ়ি অহা শিশুৰ প্ৰয়োদনীয় স্বাস্শ্যৰ ব্যৱস্থাৰ, বৃদ্ধাৱস্থাত প্ৰয়োজনীয় শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সুব্যৱস্থা, ব্যক্তিৰ সুৰক্ষা আদি স্বাস্থ্যকৰ আৰু দীৰ্ঘায়ু জীৱনৰ মাপকাঠী। ভাৰতবৰ্ষৰ স্থিতি এইক্ষেত্ৰত কিছু সন্তোষজনক কিয়নো মৃত্যুৰ হাৰ ১৯৫১ চনত তথ্য অনুসৰি প্ৰতি হেজাৰত গড়ে ২৫.১ৰ পৰা হ্ৰাস হৈ ১৯৯৯ চনত প্ৰতি হেজাৰত গড়ে ৮.১ হৈছে, তেনেদৰে শিশুৰ মৃত্যুৰহাৰ প্ৰতি হেজাৰত ১৪৮ৰ পৰা হ্ৰাস হৈ ৭০ গৰাকী হৈছে। এই কালছোৱাত পুৰুষৰ আয়ুস ৩৭.৩ বছৰ আৰু মহিলাৰ ক্ষেত্ৰত ৩৬.২ বছৰৰ পৰা ৬৫.৩ বছৰ হলগৈ। এয়া সুখবৰ যদিও অধিক কৰণীয় আছে। জন্মৰ হাৰৰ ক্ষেত্ৰত এই সময়ছোৱাত ৪০.৮ৰ পৰা হ্ৰাস হৈ ২৬.১ হৈছে যদিও অন্য বহুতো উন্নত দেশৰ তুলনাত ই অধিক।

    লিংগ, গ্ৰাম্য আৰু নগৰীয়া স্বাস্থ্য,ূচকৰ দৃষ্টিকোণৰ পৰা চাবলৈ গলে এই অৱস্থা অধিক উদ্বেগজনক। ভাৰতবৰ্ষত প্ৰতি হেজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হ্ৰাস পাইছে। ২০০১ চনৰ পিয়ল অনুসৰি ০-৬ বছৰৰ ভিতৰত নাবালিকাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। কেৰালাৰ বাহিৰে অন্য প্ৰাসবিলাক প্ৰদেশতেই বালিকাৰ হাৰ হ্ৰাস পাইছে। বিশেষকৈ হাৰিয়ানা আৰু পঞ্জাৱ আদিৰ দৰে উন্নত ৰাজ্যৰ প্ৰতি হেজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা মাত্ৰ ৮০০ গৰাকী। ইয়াৰ বাবে দায়ী কাৰকবোৰনো কি। নাবালিকাৰ বা মহিলাৰ প্ৰতি অৱহেলানে স্বাস্থ্য বিজ্ঞানৰ অগ্ৰগতি বাবে বৈজ্ঞানিক পদ্ধতিৰে গৰ্ভৱস্থাত লিংগ নিৰ্ণয় কৰিব পৰা ব্যৱস্থাৰ উদ্ভাৱন। যাৰ পৰিণতিত নাবালিকাৰ ভ্ৰূণ হত্যাৰ প্ৰবণতা চৰিতাৰ্থ কৰাৰ সুবিধা পাব পাৰি।

    সামাজিক সবলীকৰণৰ সূচকঃ

    উন্নয়ন সদায়েই স্বাধীন। ক্ষুধা, দৰিদ্ৰতা, দাসত্ব, গোলামী, অজ্ঞতা, নিৰক্ষৰতা, অন্ধ্ৰবিশ্বাস আদিয়ে উন্নয়ন ব্যাহত কৰে। প্ৰকৃতাৰ্থত স্বাধীনতা সম্ভৱপৰ হব পাৰে সবলীকৰণ তথা মানুহৰ সামৰ্থ্যৰ অনুশীলন আৰু সমাজৰ পছন্দৰ মতে। সমাজ আৰু পৰিৱেশৰ সম্যক জ্ঞান স্বাধীনতাৰ মৌলিক বিষয়। সাক্ষৰতাৰ মাধ্যমেৰে জ্ঞান আৰু হেঁপাহৰস্বাধীনতা লাভ কৰিব পাৰি।

    ১/ ভাৰতবৰ্ষত ২০০১ চনৰ তথ্য অনুসৰি শিক্ষিতৰ হাৰ হল ৬৫.৪ শতাংশ। মহিলা শিক্ষিতৰ হাৰ হল ৫৪.১৬ শতাংশ

    ২/ দক্ষিণ ভাৰতৰ প্ৰায়কেইখন ৰাজ্যতেই মুঠ শিক্ষিতৰ হাৰ আৰু মহিলাৰ শিক্ষিতৰ হাৰ ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অধিক।

    ৩/ শিক্ষিতৰ হাৰৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য বিৰাজমান বিহাৰৰ দৰে ৰাজ্যত শিক্ষিতৰ হাৰ মাত্ৰ ৪৭.৫৩ শতাংশ, কিন্ত কেৰালা আৰু মিজোৰামত এই হাৰ যথাত্ৰুমে ৯০.৯২ আৰু ৮৮.৪৯ শতাংশ।

    স্থানিক বৈষম্যৰ উপৰিও গ্ৰাম্য আৰু নগৰীয়া শিক্ষিতৰ হাৰৰ পাৰ্থক্য বিৰাজমান। তদুপৰি ক্ষুদ্ৰ আৰু উপান্তকৃষিজীৱী লোক, মহিলা অনুসূচিত জাতি আৰু জনজাতি কৃষি বনুৱা আদি লোকৰ মাজত শিক্ষিতৰ হাৰ তেনেই নগণ্য। উপান্ত লোকসকলৰ মাজত শিক্ষিতৰ হাৰ বাঢ়িছে যদিও ধনী  আৰু দুখীয়া লোকৰ মাজত শিক্ষিতৰ হাৰৰ প্ৰভেদ কিছু বছৰৰ পৰা বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে।

    ভাৰতত মানৱ সম্পদ উন্নয়ন সূচকাংকঃ

    উক্ত সূচকবোৰৰ ওপৰত ভিত্তি কৰি ভাৰতৰ পৰিকল্পনা আয়োগে মানৱ সম্পদ উন্নয়নৰ সূচকাংক হিচাক কৰি উলিয়াইছে। এইক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰ তৃণমূল পৰ্যায়ৰ গোট হিচাপে বিবেচনা কৰা হৈছে।

    মানৱ সম্পাদ উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি মধ্যমীয়া। পৃথিৱীৰ ১৭২ খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান কি। সমন্বিত সূচকাংক ০.৬৩৮ৰে কেৰালাৰ স্থান শীৰ্ষত। ইয়াৰ পিছত আছে পঞ্জাৱ (০.৫৩৭), তামিলনাডু (০.৫৩১), মহাৰাষ্ট্ৰ (০.৫২৩), আৰু হাৰিয়ানা (০.৫০৯)। আনহাতে একেবাৰে তলৰ ১৫ খন ৰাজ্যৰ ভিতৰত আছে বিহাৰ (০.৬৩৭), অসম (০.৩৮৬), উত্তৰ প্ৰদেেশ (০.৩৮৮), মধ্যপ্ৰদেশ (০.৩৯৪) আৰু উৰিষ্যা (০.৪০৪)

    এনে নিম্নমানৰ সূচকাংক বাবে ঐতিহাসিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক কাৰণ জড়িত হৈ আছে। কেৰালা ৰাজ্যৰ HDI মান উন্নত হোৱাৰ মূলতেই হল ২০০১ চনৰ পিয়লমতে কেৰালাত সাক্ষৰতাৰ হাৰ প্ৰায় ৯১ শতাংশ। আনহাতে মধ্যপ্ৰদেশ, বিহাৰ অসম, উৰিষ্যা, উত্তৰপ্ৰদেশ আদি ৰাজ্যত সাক্ষৰতাৰ হাৰ কম। উদাহৰণস্বৰূপে, বিহাৰৰ সাক্ষাৰতাৰ হাৰ হল ৬০.৩২ শতাংশ। যিবোৰ ৰাজ্যত সাক্ষৰতাৰ হাৰ অধিক সেইবোৰত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰৰ প্ৰভেদ নগণ্য। কেৰালাৰ ক্ষেত্ৰত এই প্ৰভেদ ৬.৩৪ শতাংশ আৰু বিহাৰ আৰু মধ্যপ্ৰদেশত যথাত্ৰুমে ২৬.৭৫ আৰু ২৫.৯৫ শতাংশ।

    শিক্ষাগত দিশৰ উপৰি আৰ্থিক উন্নতিৰ স্তৰে HDI সুচকাংকত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। অৰ্থনৈতিকভাৱে উন্নত প্ৰদেশসমূহ যেনে- মহাৰাষ্ট্ৰ, তামিলনাডু, পঞ্জাৱ, হাৰিয়ানা আদিৰ HDI সূচকাংক উচ্চমানৰ। আনহাতে আৰ্থিক দিশত অনগ্ৰসৰ অসম, বিহাৰ, মধ্যপ্ৰদেশ আদিৰ সূচকাংক নিম্নমানৰ।

    আঞ্চলিক বিকৃতি আকু সামাজিক বৈষ্যমৰ বীজ ঔপনিৱেশিক কালৰ পৰাই ভাৰতবৰ্ষত সিঁচি দিয়া হৈছিল আৰু তাৰেই ফল বৰ্তমানো কম-বেছি পৰিমাণে জনগণে ভোগ কৰি আছে। ইয়াৰ প্ৰভাৱ বিশেষকৈ অৰ্থনীতি, ৰাজনীতি, আৰু সমাজনীতিৰ ক্ষেত্ৰত বাৰুকৈ অনুভূত হয়। স্বাধীনতাৰ পিছত ভাৰত চৰকাৰে কিছুমান নিৰ্দিষ্ট আঁচনিৰ মাধ্যমেৰে আঞ্চলিক বৈষম্য দূৰীকৰণৰ প্ৰয়াস কৰিছে। আঁচনিৰবোৰৰূপায়ণৰ জৰিয়তে প্ৰভেদ হ্ৰাস কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে যদিও আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Type - Boby Bora