সোণেৰে সজোৱা পঁজা



সোণোৰে সজোৱা পঁজা জহি খহি যায়

কোনে  আজি সাজিবহি পাৰিব দুনাই

সোণোৰে সজোৱা...........

এধানি এধানিকৈ কেনিনো হেৰায়

সাতোৰঙী ৰামধেনু ডাৱৰত লুকাই

কোনেও নুবুজে কাকো নিজকে ধিয়ায়

সোণোৰে সজোৱা...........


বুঢ়ীআইৰ জুহালতে চকুলো শুকায়

দেউতাৰো একে দশা পদূলিলে চাই

বহুদিন হ'ল সৰু বোপাৰ মুখ দেখা নাই

চেনেহিৰ আকাশত আজি জোন-তৰা নাই

হালত গৰু গোৱাহিতে পথাৰো শুকায়

ৰাতি হ'লে গুলিৰ শব্দ ৰজনজনায়

সোণোৰে সজোৱা...........।।


স্বাধীনতা বুজ লওতে এশ বছৰ গ'ল

বিষ্ণু-জ্যোতিৰ জোনাকীৰ দেশ এতিয়াও নহ'ল

মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ

পঢ়া-শুনা সংস্কৃতি সকলো অসাৰ

এয়াই জানো সপোন আছিল কুৰি শতিকাৰ

সকলোতে মাথোঁ প্ৰশ্ন অনিয়ম অনাচাৰ।

সোণোৰে সজোৱা...........।।