অধ্যায়-৩     

মানৱ সম্পদ উন্নয়ন


    ষাঠি বছৰ আগতে ঝাৰখণ্ডৰ এটা ক্ষুদ্ৰ কৃষক পৰিয়ালত ৰেখাৰ জন্ম হৈছিল। ঘৰুৱা ইটো - সিটো কাম - কাজত তেওঁ মাকক সহায় কৰিছিল। তেওঁৰ ভায়েককেইজন স্কুললৈ গৈছিল, কিন্ত ৰেখাই আনুষ্ঠানিক শিক্ষা লাভ কৰিব পৰা নাছিল। যথা সময়ত ৰেখাৰ বিবাহসম্পন্ন হৈছিল যদিও দুৰ্ভাগ্যত্ৰুমে তেওঁৰ পতিৰ বিয়োগ হয় আৰু সেয়েহে ৰেখাই শাহু - শহুৰৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হৈছিল আৰু বহু ক্ষেত্ৰত অৱহেলিত হবলগীয়া হৈছিল। তেওঁৰ বাতৃয়ে ৰেখাক দিল্লীলৈ প্ৰব্ৰজন হোৱাত সহায় কৰি দিছিল।

    জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ পোনতে বাছ আৰু তাৰ পিছত ৰেলগাড়ীত উঠি দিল্লীৰ দৰে ডাঙৰ চহৰত ভৰি থৈ অভিভূত হৈছিল। আদিতে চহৰখনৰ বৃহৎ আকৃতিৰ অট্টালিকা, ডাঙৰ বাট - পথ, দোকান - পোহাৰ, উদ্যান, মৰিশালী আদিয়ে তেওঁৰ মন পুলকিত কৰিছিল যদিও ত্ৰুমে চহৰখনৰ কিছুমান দৃশ্য আৰু সংঘটিত কৰ্ম - কাণ্ডই ৰেখাৰ পূৰ্বৰ মনৰ আকৰ্ষণ ত্ৰুমে ম্লান কৰি পেলাইছিল।

    চহৰখনৰ সৈতে ত্ৰুমে পৰিচয় হৈ ৰেখাৰ প্ৰত্যক্ষ কৰিলে জুপুৰিৰে গঠিত বস্তি অঞ্চলবোৰৰ পুতিবন্ধময় অৱস্থা। যান - জঁট, ক্ষুদ্ৰকায় বাট - পথ, দৰিদ্ৰতা, পেটৰ তাড়নাত সৰু সৰু লৰা ছোৱালীয়ে কৰা ভিক্ষা বৃত্তি, পদ পথত শুই থকা মানুহ, প্ৰদূষিত পানী, বায়ু ইত্যাদিৰ অন্য এক ৰূপ। ৰেখাই বাবিবলৈ ধৰিলে যে উন্নয়ন আৰু নিম্ন উন্নয়ন নলয় নেকি উন্নয়নে পোৱা আৰু নোপোৱা পৰিঘটনাবোৰ বুজিবলৈ চেষ্টা কৰো।

    কাহিনীত উল্লেখ কৰা তথ্যবোৰ অসম্ভৱ হলেও প্ৰকৃততে সত্য আৰু উন্নয়নৰ হাৰ সকলো ক্ষেত্ৰতেই সমান নোহোৱাটোৱেই হল ইয়াৰ মূল কাৰণ। কিছুমান নিৰ্দিষ্ট অঞ্চলৰ ক্ষিপ্ৰ উন্নয়ন, ব্যক্তি বিশেষৰ কম সময়ৰ ভিতৰত হোৱা উন্নয়নে আন কিছুমান ঠাইত দুৰ্ভিক্ষ, অনাহাৰ, অপৰিপুষ্টি আদিৰ সৃষ্টি কৰে। পৰিস্থিতিৰ অৱক্ষায়ৰ বাবে এনেবোৰ কাৰক বহুলাংশে জগৰীয়া। কিন্ত প্ৰশ্নৰ উদয় হল উন্নয়ন শ্ৰেণী পক্ষপাতিতামূলক নেকি।

    প্সষ্টৰূপে উন্নয়নক স্বাধীনতা বুলি ভবা হল যদিও আধুনিকতা, অৱসান বিনোদন, পয়োভৰ আদিৰ লগত নিবিড়ভাৱে জড়িত। বৰ্তমান যুগত কম্পিউটাৰকৰণ, ঔদ্যোগীকৰণ, সূচল যাতায়াত আৰু পৰিবহণ ব্যৱস্থা, আধুনিক চিকিৎসাৰ সুবিধা ব্যক্তিৰ নিৰাপত্তা আৰু সুৰক্ষা ইত্যাদিক উন্নয়নৰ মাপ - কাঠি হিচাপে চিহিত কৰা হয়। প্ৰতিজন ব্যক্তি, গোষ্ঠী আৰু চৰকাৰে উত্ত আহিলাবোৰৰ উপলদ্ধিতাৰ ওপৰত নিৰ্ভৰ কৰি উন্নয়নৰ স্তৰ নিৰ্ণয় কৰে। কিন্ত উন্নয়নৰ দৃষ্টিকোণৰ পৰা ই পক্ষপাতিত্বমূলক আৰু একতৰপীয়া হব পাৰে। ইয়াকেই কেতিয়াবা পশ্চিমীয়া বা ইউৰো - কেন্দ্ৰিকসদৃশ উন্নয়ন বোলে। ভাৰতবৰ্ষৰ নিচিনা প্ৰাতক্তন ঔপৰিৱেশিক দেশত উপনিৱেশকৰণ, উপান্তকৰণ, সামাজিক সূক্ষ্মদৰ্শী আঞ্চলিক বৈষম্যপূৰ্ণতা আদিয়ে উন্নয়নৰ অন্য দিশ দেখুৱায়।

    এইদৰে, ভাৰতৰ বাবে উন্নয়ন হল এক মিশ্ৰ সুবিধাজনক জোলোঙা যত অৱহেলা আৰু বঞ্চনাও প্ৰত্যক্ষ কৰা যায়। নগৰসদৃশ কিছুমান অঞ্চল আছে যত এক তাকৰীয়া জনসংখ্যাই আধুনিক সুবিধা ভোগ কৰিবলৈ সক্ষম হৈছে। আনহাতে গ্ৰাম্য অঞ্চল আৰু চহৰৰ বস্তিসদৃশ অঞ্চলত বসবাস কৰা এক বুজন পৰিমাণৰ লোকে জীৱন নিৰ্বাহৰ বাবে লাগতিয়াল ন্যূনতম সুবিধা যেনে নিৰ্মল জল, শিক্ষা, স্বাস্থ্য অনাময় ব্যৱস্থা আদিৰ পৰা বঞ্চিত হৈ আছে। সমাজৰ বিভিন্ন লোকৰ মাজত উপলদ্ধ সুবিধাবোৰৰ বিতৰণ লক্ষ্য কৰিলে দেখা যায় এক পয়া আৰু পুতৌলগা উন্নয়ন স্বৰূপ। এইটো প্ৰতীয়মান হৈছে যে সমাজৰ অনুসূচিত জাতি আৰু জনজাতিৰ লোক, বূমিহীন কৃষি বনুৱা দুখীয়া কৃষক আৰু বস্তিৰ বাসিন্দাসকল হল সমাজৰ উপান্ত লোক। মহিলাসকলৰ ওক বুজনসংখ্যকেই ইয়াৰ ভুক্তভোগী। বিগত কেইবছৰমানৰ পৰা এই উপান্ত লোকসকলৰ অৱস্থাৰ যথেষ্ট অৱনতি হোৱা পৰিলক্ষত হৈছে। ফলস্বৰূপে জনগণৰ একাংশই পুষ্টিহীনতাত ভোগাৰ উপৰি জীয়াতু ভুগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। মানৱ সমাজক প্ৰত্যক্ষভাৱে প্ৰবাৱান্বিত কৰা অন্য এক আনুষংগিক উন্নয়নৰ দিশো দেখা গৈছে। সেইটো হল পৰিৱেশৰ অৱনতি। অৱনতি অদিক অধোগতি হৈ প্ৰদূষণ সৃষ্টি কৰে। বায়ু, পানী, মাটি আৰু শব্দৰ প্ৰদূষণে মানুহক জীৱন যাত্ৰাত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰাৰ উপৰি সমাজৰ স্থিতি বিপদসংকুল পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেইদৰে দুখীয়া লোকসকলে তিনিটা আন্তঃসম্পৰ্কিত প্ৰত্ৰিয়াৰ ত্ৰুমহ্ৰাসমান যোগ্যতাৰ সন্মুখীন হবলগীয়া হৈছে যেনে- ১/ সামাজিক যোগ্যতা - জন্মস্থান চ্যুৎ হোৱাৰ বাবে আৰু সামাজিক বান্ধোন শিথিল হোৱা, ২/ পাৰিৱেশিক যোগ্যতা - প্ৰদূষণৰ বাবে, আৰু ৩/ ব্যক্তিগত যোগ্যতা - বেমাৰ - আজাৰ আৰু দুৰ্ঘটনাৰ কাৰণে। এিবোৰে মানুহৰ জীৱন নিৰ্বাহৰ গুণগত মান আৰু মানৱ সম্পদ বিকাশৰ অন্তৰায় হয়।

    ওপৰৰ অভিজ্ঞতাৰ ভিত্তিত এইটো ঠাৱৰ কৰিব পাৰি যে উন্নয়নেই হল জনসাধাৰণৰ অন্যায়বোৰ প্ৰতিফলিত কৰিব পৰা ওক নাম, আঞ্চলিক বিকাশৰ অসমতা আৰু পৰিৱেশ প্ৰদূষণৰ প্ৰয়োজনীয় ক্ষিপ্ৰ ফলপ্ৰসূ ব্যৱস্থা কাৰ্যকৰী কৰিবৰ বাবেও ই মূল্যৱান। সামাজিক, অন্যায়, মূল্যবোধৰ অৱক্ষয় আৰু মানৱ সম্পদ বিকাশৰ বাধাৰ অন্যতম মূল কাৰণ হিচাপে এইবোৰ চিহিত কৰা হৈছে। পৰিস্থিতিৰ সংকট আৰু সামাজিক অশান্তিৰো এইবোৰ মূল কাৰণ। সেয়েহে পষ্চিমীয়া ভাবধাৰাৰ বিপৰীয়ে মানৱ সম্পদ বিকাশক এক সুকীয়া বিষয় বিচাপে গশ্য কৰা হৈছিল। পশ্চিমীয়া বিকাশৰ ভাবধাৰাত মানৱ বিকৰাশক সাধাৰণতে গৌণ বিষয় হিচাপে গণ্য কৰা হয়। আঞ্চলিক বৈষম্য আৰু পৰিৱেশিক সংকট উন্নয়নে সমাধান কৰিব পাৰে, এনে ধাৰণাৰ বশৱতী হৈ পশ্চিমীয়া উন্নয়ন নীতিৰ কাৰ্যকৰী ব্যৱস্থা লোৱা হয়।

    অতীজতে, উন্নয়ন বুলিলে বিভিন্ন সময়ত এক সন্বিিত প্ৰচেষ্টাৰে আগবঢ়োৱা বিষয়ে সূচাইছিল। কিন্ত ১৯৯০ চনত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা মানৱ সম্পদ উন্নয়ন আঁচনিৰ প্ৰতিবেদনখন প্ৰণালীবদ্ধ প্ৰচেষ্টা। তেতিয়াৰ পৰাই প্ৰতিবছৰে এই অনুষ্ঠানটোৱে মানৱ সম্পদ উন্নয়নৰ খতিয়ান প্ৰস্তত কৰি আহিছে। এই প্ৰতিবেদনখনে যে অকল মানৱ সম্পদ বিকাশৰ সংজ্ঞা দিছে সেয়াই নহয়- ইয়াৰ সংকেতবোৰৰ সংশোধন আৰু সময়ে সময়ে সলনি কৰাৰ উপৰি নিৰ্দিষ্ট গণনাৰ জৰিয়তে লাভ কৰা নম্বৰৰ ভিত্তিত পৃথিৱীৰ দেশসমূহত স্থান নিৰ্ণয় কৰি উলিয়াইছে। ১৯৯৩ চনৰ প্ৰতিবেদন অনুসৰি ত্ৰুমবৰ্ধমান গণতন্ত্ৰকৰণৰ আৰু জনগণৰবৰ্ধিত সবলীকৰণক মানৱ সম্পদ বিকাশৰ ন্যূনতম অৱস্থা হিচাপে গণ্য কৰা হৈছে। তদুপৰি উনিনয়ন মানৱকেন্দ্ৰিক হব লাগিব আৰু মানৱ উন্নয়নকেন্দ্ৰিক হোৱা অনুচিত যিটো আগৰে পৰাই চলি আহিছে।

     তোমালোকে ইতিমধ্যে মানৱ সম্পদ উন্নয়নৰ ধাৰণা, সংকেতবোৰ, অধ্যয়ন বিধি, সূচকৰ গণনাৰ প্ৰণালী আদিৰ বিষয়ে মানৱ ভূগোলৰ প্ৰাৰম্ভিক তত্ত্ব কিতাপখনত অধ্যয়ন কৰিছা। এই অধ্যায়ত আমি ধাৰমাবোৰ প্ৰায়োগিকতা আৰু সূচকবোৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম।

Type - Boby Bora





Post ID : DABP005149