জনসংখ্যা, পৰিৱেশ আৰু উন্নয়নঃ

    সাধাৰণ উন্নয়ন আৰু মানৱ সম্পদ উন্নয়ন এই দুয়োটা ধাৰণাই সমাজ বিজ্ঞানৰ জটিল বিষয় আৰু সেয়েহে দুয়োটাকে সুকীয়াভাৱেআলোচনা কৰা হয়। এবাৰ উন্নয়ন সাধন হলে সমাজৰ সামাজিক - সাংস্কৃতিক আৰু পৰিৱেশৰ কুপ্ৰভাৱবোৰ দূৰ কৰা হয়। উন্নয়নে মানুহৰ জীৱনৰ গুণগত দিশবোৰৰ উত্তৰণ সাধিছে যদিও আঞ্চলিক বৈষম্য, সামাজিক প্ৰভেদ, বৈষম্যতা, বঞ্চনা, মানুহ স্থানান্তৰণ, মানৱ অধিকাৰ উলংঘন, মানৱীয় প্ৰমবল্যৰ ভুলুণ্ঠন আৰু পৰিৱেশৰ অৱনতি বাঢ়িছে। এনেবোৰ গভীৰতাৰ ওপৰত গুৰুত্ব দি UNDPয়ে ১৯৯৩ চনৰ এক প্ৰতিবেদনত উন্নয়ন সম্পৰ্কীয় বিষয়বোৰৰ কিছু সংশোধন আনে। উন্নয়নৰ আঁচনিৰবোৰত মানুহৰ অংশগ্ৰহণ আৰু সুৰক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰতিবেদনৰ অন্যতম মূল বিষয় আছিল। উন্নয়নকামী গণতান্ত্ৰিক ব্যৱস্থা আৰু মানুহৰ বৰ্ধিত সবলীকৰণ এই দুয়োটাই আছিল মানৱ সম্পদ বিকাশৰ বাবে গুৰুত্ব প্ৰদান কৰিবলগীয়া বিষয়। প্ৰতিবেদনখনত সৰ্বসাধাৰণ ৰাইজৰ উদগনিমূলক সঁহাৰিৰ জৰিয়তে শান্তি - সম্প্ৰীতি বজাই ৰাখি মানৱৰ বিকাশ সাঠন কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে। ৰাইজৰ মতামত সাকেক্ষে সামৰিক ব্যহ্ৰাস, সশস্ত্ৰ বাহিনীৰ দল ভংগকৰণ প্ৰতিৰক্ষা ব্যয়ৰ পৰিৱৰ্তে উৎপাদনশীলতালৈ ঢাপলি মেলাৰ প্ৰৱণতাৰ সৃষ্টি, উন্নত দেশবোৰৰ পাৰমাণিৱিক শক্তিযুদ্ধৰ আখৰা বন্ধ কৰা আদি অসামৰিক সমাজৰ কৰ্তব্য হিচাপে বিবেচনা হব লাগে। পাৰমাণৱিক বিশ্বত শান্তি, কল্যাণ আৰু প্ৰগতি সমগ্ৰ বিশ্ববাতীৰ স্বাৰ্থজড়িত বিষয় হব লাগে।

    এই বিচাৰ পদ্ধতিৰ বিপৰীতে নব্য মালথাছীয়, পৰিৱেশ বিজ্ঞানী আৰু পৰিবৰ্তনকামী পৰিস্থিতিবিদ সকলে অন্য মতবাদৰ পোষণ কৰিছে। তেওঁলোকে বিশ্বাস কৰে যে শান্তিপূৰ্ণ, সুখী সামাজিক জীৱন মানে হল জনসংখ্যা আৰু সম্পদৰ সন্তলন হল মানৱ সম্পদ উন্নয়নৰ বাবে প্ৰয়োজনীয় অৱস্থা। এওঁলোকৰ মতে ওঠৰ শতিকাৰ পিচৰ পৰা জনসংখ্যা আৰু সম্পদৰ মাজত প্ৰভেদ ত্ৰুমে বৃদ্ধি হৈছে। যোৱা তিনিশ বছৰৰ ভিতৰত সম্পদৰ বৃদ্ধি হৈছে নগণ্য আৰু আৰম্ভণিতে সম্পদ আৰু জনসংখ্যাৰ সমতা থকা বাঞ্ছনীয়।

     বিশিষ্ট অৰ্থনীতিবিদ ৰবাৰ্ট মানথাছে পোন প্ৰথমে সম্পদৰ নাটনি আৰু জনসংখ্যা বৃদ্ধিৰ এক তুলনামূলক বিশ্লেষণ দাঙি ধৰিছিল। আপাজ দৃষ্টিত এই ধাৰণাটো যুক্তিৰ খাতিৰত শুদ্ধ হলেও এই কথা ঠিক যে সম্পদ কোনো পক্ষপাতিত্বমূলক শ্ৰেণীভুক্ত নহয়। সম্পদৰ প্ৰাচুৰ্যতকৈ ইয়াৰ সামাজিক বিতৰণ বিশেষ গুৰুত্বপূৰ্ণ। ঐশ্বৰ্যশালী দেশবোৰৰ সম্পদৰ পৰিমানৰ ত্ৰুমে বৃদ্ধি হৈ গৈ আছেআৰু তুলনামূলকভাৱে দুখীয়া দেশবোৰৰ সম্পদৰ পৰিমাণ সংকুচিত হৈছে। সম্পদৰবিতৰণ সকলো ঠাইতেই সমাননহয়। ধনী দেশবোৰৰ সম্পদৰ প্ৰতি অধিক লালসাৰ বাবে দুৰ্বল দেশবোৰৰ পৰা বিভিন্ন উপায়েৰে সম্পদ আহৰণৰ প্ৰতিযোগিতা চলিছে। ইয়াতেই আৰম্ভ হৈছে জনসংখ্যা, সম্পদ আৰু উন্নয়মৰ মাজত অঘোষিত আত্ৰুোশমূলক যুদ্ধ।

    ভাৰতীয় সংস্কৃতি আৰু সভ্যতা, দীৰ্ঘকালজুৰি জনসংখ্যা সম্পদ আৰু উন্নয়নৰ প্ৰতি যথেষ্ট সজাগ হোৱা পৰিলক্ষিত হৈছে। অতীজৰ ষশিল্পকলা প্ৰকৃতি আৰু মানুহৰ সম্প্ৰীতি আৰু সন্তলনৰ আদাৰত চৰ্চিত হৈছিল বুলি কলেও ভুল কৰা নহয়। মবামানৱ মহাত্মা গান্ধীয়েও আনকি দুয়োটাৰ মাজত সম্প্ৰীতিৰ হকে দোহাৰিছিল আৰু সেইমৰ্মে কাম কৰিছিল। আধুনিক সমাজত শিল্পায়নৰ লগে লগে মানুহৰ মানসিকতা, উদ্যম, আত্মবিশ্বাস, অহিংসা, পাৰস্পৰিক সহযোগিতা আৰু পৰিৱেশৰ প্ৰতি কিছু অনীহাৰ ভাব অহা যেন অনুভৱ কৰিছিল। তেওঁৰ মতে মানুহৰ কৃচ্ছ্ৰসাধন বা বিষয় সুখ ত্যাগ সামাজিক সম্পদৰ প্ৰতি বিশেষ আস্থা আৰু অহিংসা আদি ব্যক্তি আৰু জাতিৰ আকাংক্ষাপ্ৰাপ্তিৰ চাবি - কাঠি। গান্ধীজীৰ এই ভাবধাৰা পুনৰ প্ৰতিধ্বনিত হৈছিল ১৯৭২ চনত Clud of Rome report-ৰ ''Limits of Growth Schumacher's প্ৰকাশিত গ্ৰন্থ 'Small is Beautiful'(১৯৭৪) আৰু Brundtland Commissions's Report 'Our Common Future' (১৯৮৭) আৰু অৱশেষত ৰিও - ডি - জেনিৰৰ বিশ্ব সন্মিলনৰ (Earth's Summit Agenda-21 (১৯৯৩) প্ৰতিবেদন।''

Type - Boby Bora