Chapter 1

কীৰ্কেগাৰ্ডৰ দৰ্শন

1. What are the three existential transformation of human ? Explain them briefly . 

মানৱ অস্তিত্বৰ তিনিটা পৰিৱৰ্তন কি কি ? সেইবোৰ চমুকৈ ব্যাখ্যা কৰা ৷ 

উত্তৰঃ মানৱ আস্তিত্বৰ তিনিটা পৰিৱৰ্তন হল- 

(i) সৌন্দৰ্যাত্মক বা সাংবেদনিক স্তৰ

(ii) নৈতিক স্তৰ

(iii) ধৰ্মীয় স্তৰ

(i) সৌন্দৰ্যাত্মক বা সাংবেদনিক স্তৰঃ মানৱ অস্তিত্ব বা জীৱনৰ প্ৰথম স্তৰ হল সৌন্দৰ্যাত্মক বা সাংবেদনিক। কীৰ্কগাৰ্ডৰ ব্য়াখ্য়া অনুসৰি ব্য়ক্তি এই স্তৰত ইন্দ্ৰিয়ানুভূতি, সংবেদন, স্বাভাৱিক ইচ্ছা বা প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয়। মুঠতে, এই স্তৰত ব্য়ক্তি ' Eat, drink and be merry' এই আৰ্দশত বিশ্বাসী। সাংবেদনিক স্তৰত ব্য়ক্তি সৰ্বদা অন্য়ান্য় মানুহ-নিৰপেক্ষ, এক আত্মকেন্দ্ৰিক। ইয়াত ব্য়ক্তিয়ে কেৱল সুখভোগতে নিমগ্ন থাকে।এই স্তৰত ব্য়ক্তিৰ সেই বস্তুৰ প্ৰতি কামানা থাকে যাৰ দ্বাৰা তেওঁৰ জীৱনত সুখ প্ৰাপ্তি হয়।সুখ আৰু ঐশ্বৰ্যই এই স্তৰত ব্য়ক্তিৰ মূল লক্ষ্য় হিচাপে বিবেচিত হয়। ছলোমনৰ মতে, কীৰ্কেগাৰ্ড বৰ্ণিত এই স্তৰ জীৱনত নৈতিকতাৰ কোনো জ্ঞান নাথাকে, নাথাকে বৌদ্ধিক নীতি, আত্মসংযম, আত্ম-অনুশাসন, কৰ্তব্য় আৰু দায়িত্ববোধ। কীৰ্কেগাৰ্ডৰ মতে , এই স্তৰৰ জীৱন অ-মননশীল হলেও অবৌদ্ধিক নহবও পাৰে। কিন্তু কীৰ্কেগাৰ্ডৰ মতে, এই স্তৰৰ জীৱন পৰিণতিত হৈ পৰে বিৰক্তিকৰ । এনেকুৱা জীৱন নিৰ্বাহ কৰি মানুহ নিজে নিজৰ প্ৰতি বিৰক্তি হৈ পৰে।

             সাংবেদনিক অৱস্থাৰ বৰ্ণনাত কীৰ্কেগাৰ্ডে ইয়াৰ তিনিটা লক্ষণ উল্লেখ কৰিছে- সংবেদনশীল তৎকালীনতা, সংশয়, আৰু হতাশা। অনিয়ন্ত্ৰিত ইন্দিয় সুখৰ জীৱন প্ৰথম লক্ষণৰ ভিতৰত পৰে। কীৰ্কেগাৰ্ড এই স্তৰৰ লগত ডন জুৱানৰ জীৱনৰ তুলনা কৰিছে। দ্বিতীয় স্তৰত ব্য়ক্তিৰ সুখভোগ বা ইন্দ্ৰিয় তৃপ্তিৰ প্ৰতি ব্য়ৰ্থতা প্ৰতিষ্ঠিত হয় আৰু ব্য়ক্তিৰ এনে অনুভুতিৰ প্ৰতি সন্দেহ জন্মে এই বুলি যে কেৱল সুখভোগৰ পিছে পিছে ঘুৰি ফুৰা নিৰ্থক নহয়নে? এই স্তৰে সংশয়। কীৰ্কেগাৰ্ড ইয়াক তুলনা কৰিছে ফাউষ্টৰ জীৱনৰ লগত। তৃতীয় স্তৰত ব্য়ক্তিৰ সংশয়ে ক্ৰমশঃ এক নৈৰাশ্য় জীৱনৰ জন্ম দিয়ে। কীৰ্কেগাৰ্ড এই স্তৰৰ জীৱনৰ লগত তুলনা কৰিছে ভ্ৰাম্য়মান ইহুদি আহছেৰাচৰ জীৱনৰ। সেয়ে কীৰ্কেগাৰ্ড কৈছে,'' গতিকে এইটো প্ৰতীয়মান হয় যে জীৱন সম্পৰ্কীয় প্ৰতিটো সৌন্দৰ্যাত্মক মতবাদ হতাশাজনক আৰু যিয়ে সৌন্দৰ্যাত্মক মতবাদ হতাশাজনক আৰু যিয়ে সৌন্দৰেযাত্মক জীৱন অতিবাহিত কৰে তেওঁলোক প্ৰত্য়েকেই হতাশপীড়িত, তেওঁ এই সম্বন্ধে জ্ঞাত বা অজ্ঞাত যিয়ে নহওক।  

(ii) নৈতিক স্তৰঃ মানৱ জীৱন বা অস্তিত্বৰ দ্বিতীয় স্তৰ হল নৈতিক। এই স্তৰত ব্য়ক্তিয়ে উপলদ্ধি কৰে যে সাংবেদনিক স্তৰত যি সুখভোগৰ পিছে পিছে সি ফুৰিছিল সি ব্য়ৰ্থ প্ৰচেষ্টা, উপহাস মাত্ৰ।ব্য়ক্তিয়ে তেওঁৰ নৈৰাশ্য় জীৱনৰ কাৰণ হিচাপে আৱিষ্কাৰ কৰে তেওঁৰ আত্মকেন্দ্ৰিকতা। কাৰণ ইমান দিনে ব্য়ক্তি যি সুখ কামনা কৰিছে কেৱল নিজৰ বাবেহে, নিজক বাদ দি আন ব্য়ক্তিৰ সুখৰ কথা তেওঁ চিন্তা কৰা নাই। এই আত্মকেন্দ্ৰিকতাই তেওঁক অকলশৰীয়া কৰিছে আৰু ফলস্বৰূপে তেওঁ হৈ পৰিছে নিৰাশা। এই অকলশৰীয়া জীৱনৰ পৰা মুক্তি পোৱাৰ বাবে তেওঁ হৈ পৰে পৰকেন্দ্ৰিক-এক নৈতিক জীৱ। এই স্তৰত ব্য়ক্তি নিজকে সামাজিক জীৱ হিচাপে চিনাক্ত কৰে আৰু  সমাজৰ এজন সদস্য় হিচাপে নিজৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য়ক স্বীকাৰ কৰে। তেওঁ আন ব্য়ক্তিৰ সুখ-সুবিধাৰ কথা চিন্তা কৰিবলৈ ধৰে আৰু এইদৰে তেওঁ প্ৰৱেশ কৰে নৈতিক স্তৰত।

            কীৰ্কেগাৰ্ডৰ মতানুসাৰে এই স্তৰতো ব্য়ক্তি সম্পূৰ্ণ সন্তুষ্টি লাভ কৰিব নোৱাৰে। এই স্তৰতো ব্য়ক্তিৰ জীৱনত  এক প্ৰকাৰৰ হতাশাই আৱৰি ধৰে যাক নৈতিক হতাশা বুলি কোৱা হয়। কাৰণ নৈতিকতাৰ মানদনণ্ডই  তেওঁক বিমোৰত পেলায়। বাস্তৱ পৰিস্থিতিত ব্য়ক্তিয়ে কোন মানদণ্ড অনুসৰি কৰ্ম কৰা উচিত তেওঁ এই সম্বন্ধে কোনো সিদ্ধান্ত লব নোৱাৰে। কোনটো কৰা উচিত, কোনটো কৰা অনুচিত এই লৈ হতাশ হৈ পৰে। যি নিৰাশাৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্য় তেওঁ পৰকেন্দ্ৰিক হৈ পৰিছিল ,সেই পৰকেন্দ্ৰিকতাৰ লগত এটা সময়ত আত্মকেন্দ্ৰিকতাৰ দ্বন্দ্ব  পৰিলক্ষিত হয়। কীৰ্কেগাৰ্ডৰ মতে, এনে অনুভূতি ব্য়ক্তিক নৈতিক জীৱনৰ পৰাও নিৰাশা কৰি তোলে আৰু তেওঁ তেতিয়া ধৰ্মীয় জীৱনলৈ অগ্ৰসৰ হয়।

(iii) ধৰ্মীয় স্তৰঃ মানৱ জীৱনৰ তৃতীয় স্তৰ হৈছে ধৰ্মীয় স্তৰ। এই স্তৰ আস্থা বা বিশ্বাসৰ স্তৰ। এই স্তৰত ব্য়ক্তিয়ে ঈশ্বৰৰ প্ৰতি একান্ত আস্থা আৰু বিশ্বাস স্থাপন কৰে আৰু সেই অনুসাৰে জীৱন অতিবাহিত কৰে। কিন্তু ই ধৰ্মীয় স্তৰ হলেও ইয়াত কোনো বিশেষ ধৰ্মৰ নিয়ম পালন কৰা বা কোনো ধৰ্মীয় সংস্থাৰ আদেশ পালন কৰা নহয়। এই স্তৰ সম্পূৰ্ণৰূপে আন্তৰিক আস্থাৰ ক্ষেত্ৰ যত যুক্তি-তৰ্ক বা বুদ্ধি আৰু নৈতিকতাৰ আধাৰত ব্য়ক্তিয়ে কৰ্ম কৰিব লগা হয়। ইয়াত ব্য়ক্তিয়ে সম্পূৰ্ণৰূপে ঈশ্বৰাদেশ অনুসৰি জীৱন নিৰ্বাহ কৰে।

            ধৰ্মীয় স্তৰৰ আস্থা বা বিশ্বাস ব্য়াখ্য়া কৰিবলৈ গৈ কীৰ্কেগাডে আব্ৰাহাম আৰু আইজাকৰ দৃষ্টান্তৰ সহায় লৈছে। ঈশ্বৰৰ আদেশ অনুসাৰে কৰ্মৰত বাইবেলৰ শ্ৰেষ্ঠ চৰিত্ৰ আব্ৰাহামে নিজৰ একমাত্ৰ পুত্ৰ আইজাকক বলি দিবলৈকে তৎপৰ হয়। নৈতিক দিশৰ পৰা চিন্তা কৰিলে আব্ৰাহমৰ এই কৰ্ম নিসন্দেহে এটি অপৰাধ বা অনুচিত কাম; কিন্তু ধৰ্মীয় দৃষ্টিকোণৰ পৰা ঈশ্বৰৰ আদেশ অমান্য় কৰা পাপ- ঈশ্বৰনিন্দা। এনেহেন অৱস্থাত নৈতিক নিয়ম আৰু ঈশ্বৰাদেশৰ ভিতৰত কীৰ্কেগাৰ্ডে ঈশ্বৰৰ ওচৰত আত্ম-সমৰ্পণৰ বিষয়টোকে গুৰুত্ব দিছে। কীৰ্কেগাৰ্ডৰ মতে, ব্য়ক্তিৰ প্ৰথম কৰ্তব্য় হল ঈশ্বৰৰ প্ৰতি। ইয়াকে বুজাবলৈ গৈ তেওঁ এটি বিশেষ বাক্য়াংশ ব্য়ৱহাৰ কৰিছে যাক কোৱা হয় '' নৈতিক স্তৰৰ উদ্দেশ্য়মূলক স্থগিতকৰণ''। ইয়াৰ পৰা এইটো স্পষ্ট হয় যে, কীৰ্কেগাৰ্ডৰ বিচাৰত ঈশ্বৰৰ আদেশ বা ইচ্ছা হল শ্ৰেষ্ঠ নৈতিকতা। 

                            

2. What do you mean by stages of life ? Explain after Kierkegard ? 

 জীৱনৰ স্তৰ বা পৰ্যায় বুলিলে কি বুজা ? কীর্কেগার্ডক অনুসৰণ কৰি আলোচনা কৰা ।

উত্তৰঃ কীৰ্কেগাৰ্ড ব্য়াখ্য়াত মানৱ অস্তিত্ব বা জীৱনৰ যি পৰ্যায় বা স্তৰ ব্য়ক্তি নিৰ্বাচন কৰে সি আচলতে বিকল্প মূল্য় ব্য়ৱস্থা। কীৰ্কেগাৰ্ডৰ মতে, সত্য় আত্মিক। মানৱ অস্তিত্বৰ আত্মিক বিকাশত মানুহৰ অন্তৰত কিছুমান বিকল্প উপস্থিতি হয়। এইবোৰৰ পৰা মানুহে কিবা এটাক নিৰ্বাচন কৰিব লগা হয় আৰু সেই অনুসৰি মানুহে জীৱন নিৰ্বাহ কৰে বা মানৱ অস্তিত্বৰ ৰূপ গঠিত হয়। কীৰ্কেগাৰ্ডৰ মতে, এনে বিকল্প তিনিটা যাক মানৱ জীৱনৰ তিনিটা স্তৰ আৰু অস্তিত্বৰ অৱস্থিতি বুলি অভিহিত কৰা হয়।এই তিনিটা স্তৰ হল-

(i) সৌন্দৰ্যাত্মক বা সাংবেদনিক স্তৰ,

(ii) নৈতিক স্তৰ

(iii) ধৰ্মীয় স্তৰ

(i) সৌন্দৰ্যাত্মক বা সাংবেদনিক স্তৰঃ মানৱ অস্তিত্ব বা জীৱনৰ প্ৰথম স্তৰ হল সৌন্দৰ্যাত্মক বা সাংবেদনিক। কীৰ্কগাৰ্ডৰ ব্য়াখ্য়া অনুসৰি ব্য়ক্তি এই স্তৰত ইন্দ্ৰিয়ানুভূতি, সংবেদন, স্বাভাৱিক ইচ্ছা বা প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয়। মুঠতে, এই স্তৰত ব্য়ক্তি ' Eat, drink and be merry' এই আৰ্দশত বিশ্বাসী। সাংবেদনিক স্তৰত ব্য়ক্তি সৰ্বদা অন্য়ান্য় মানুহ-নিৰপেক্ষ, এক আত্মকেন্দ্ৰিক। ইয়াত ব্য়ক্তিয়ে কেৱল সুখভোগতে নিমগ্ন থাকে।এই স্তৰত ব্য়ক্তিৰ সেই বস্তুৰ প্ৰতি কামানা থাকে যাৰ দ্বাৰা তেওঁৰ জীৱনত সুখ প্ৰাপ্তি হয়।সুখ আৰু ঐশ্বৰ্যই এই স্তৰত ব্য়ক্তিৰ মূল লক্ষ্য় হিচাপে বিবেচিত হয়। ছলোমনৰ মতে, কীৰ্কেগাৰ্ড বৰ্ণিত এই স্তৰ জীৱনত নৈতিকতাৰ কোনো জ্ঞান নাথাকে, নাথাকে বৌদ্ধিক নীতি, আত্মসংযম, আত্ম-অনুশাসন, কৰ্তব্য় আৰু দায়িত্ববোধ। কীৰ্কেগাৰ্ডৰ মতে , এই স্তৰৰ জীৱন অ-মননশীল হলেও অবৌদ্ধিক নহবও পাৰে। কিন্তু কীৰ্কেগাৰ্ডৰ মতে, এই স্তৰৰ জীৱন পৰিণতিত হৈ পৰে বিৰক্তিকৰ । এনেকুৱা জীৱন নিৰ্বাহ কৰি মানুহ নিজে নিজৰ প্ৰতি বিৰক্তি হৈ পৰে।

             সাংবেদনিক অৱস্থাৰ বৰ্ণনাত কীৰ্কেগাৰ্ডে ইয়াৰ তিনিটা লক্ষণ উল্লেখ কৰিছে- সংবেদনশীল তৎকালীনতা, সংশয়, আৰু হতাশা। অনিয়ন্ত্ৰিত ইন্দিয় সুখৰ জীৱন প্ৰথম লক্ষণৰ ভিতৰত পৰে। কীৰ্কেগাৰ্ড এই স্তৰৰ লগত ডন জুৱানৰ জীৱনৰ তুলনা কৰিছে। দ্বিতীয় স্তৰত ব্য়ক্তিৰ সুখভোগ বা ইন্দ্ৰিয় তৃপ্তিৰ প্ৰতি ব্য়ৰ্থতা প্ৰতিষ্ঠিত হয় আৰু ব্য়ক্তিৰ এনে অনুভুতিৰ প্ৰতি সন্দেহ জন্মে এই বুলি যে কেৱল সুখভোগৰ পিছে পিছে ঘুৰি ফুৰা নিৰ্থক নহয়নে? এই স্তৰে সংশয়। কীৰ্কেগাৰ্ড ইয়াক তুলনা কৰিছে ফাউষ্টৰ জীৱনৰ লগত। তৃতীয় স্তৰত ব্য়ক্তিৰ সংশয়ে ক্ৰমশঃ এক নৈৰাশ্য় জীৱনৰ জন্ম দিয়ে। কীৰ্কেগাৰ্ড এই স্তৰৰ জীৱনৰ লগত তুলনা কৰিছে ভ্ৰাম্য়মান ইহুদি আহছেৰাচৰ জীৱনৰ। সেয়ে কীৰ্কেগাৰ্ড কৈছে,'' গতিকে এইটো প্ৰতীয়মান হয় যে জীৱন সম্পৰ্কীয় প্ৰতিটো সৌন্দৰ্যাত্মক মতবাদ হতাশাজনক আৰু যিয়ে সৌন্দৰ্যাত্মক মতবাদ হতাশাজনক আৰু যিয়ে সৌন্দৰেযাত্মক জীৱন অতিবাহিত কৰে তেওঁলোক প্ৰত্য়েকেই হতাশপীড়িত, তেওঁ এই সম্বন্ধে জ্ঞাত বা অজ্ঞাত যিয়ে নহওক।  

(ii) নৈতিক স্তৰঃ মানৱ জীৱন বা অস্তিত্বৰ দ্বিতীয় স্তৰ হল নৈতিক। এই স্তৰত ব্য়ক্তিয়ে উপলদ্ধি কৰে যে সাংবেদনিক স্তৰত যি সুখভোগৰ পিছে পিছে সি ফুৰিছিল সি ব্য়ৰ্থ প্ৰচেষ্টা, উপহাস মাত্ৰ।ব্য়ক্তিয়ে তেওঁৰ নৈৰাশ্য় জীৱনৰ কাৰণ হিচাপে আৱিষ্কাৰ কৰে তেওঁৰ আত্মকেন্দ্ৰিকতা। কাৰণ ইমান দিনে ব্য়ক্তি যি সুখ কামনা কৰিছে কেৱল নিজৰ বাবেহে, নিজক বাদ দি আন ব্য়ক্তিৰ সুখৰ কথা তেওঁ চিন্তা কৰা নাই। এই আত্মকেন্দ্ৰিকতাই তেওঁক অকলশৰীয়া কৰিছে আৰু ফলস্বৰূপে তেওঁ হৈ পৰিছে নিৰাশা। এই অকলশৰীয়া জীৱনৰ পৰা মুক্তি পোৱাৰ বাবে তেওঁ হৈ পৰে পৰকেন্দ্ৰিক-এক নৈতিক জীৱ। এই স্তৰত ব্য়ক্তি নিজকে সামাজিক জীৱ হিচাপে চিনাক্ত কৰে আৰু  সমাজৰ এজন সদস্য় হিচাপে নিজৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য়ক স্বীকাৰ কৰে। তেওঁ আন ব্য়ক্তিৰ সুখ-সুবিধাৰ কথা চিন্তা কৰিবলৈ ধৰে আৰু এইদৰে তেওঁ প্ৰৱেশ কৰে নৈতিক স্তৰত।

            কীৰ্কেগাৰ্ডৰ মতানুসাৰে এই স্তৰতো ব্য়ক্তি সম্পূৰ্ণ সন্তুষ্টি লাভ কৰিব নোৱাৰে। এই স্তৰতো ব্য়ক্তিৰ জীৱনত  এক প্ৰকাৰৰ হতাশাই আৱৰি ধৰে যাক নৈতিক হতাশা বুলি কোৱা হয়। কাৰণ নৈতিকতাৰ মানদনণ্ডই  তেওঁক বিমোৰত পেলায়। বাস্তৱ পৰিস্থিতিত ব্য়ক্তিয়ে কোন মানদণ্ড অনুসৰি কৰ্ম কৰা উচিত তেওঁ এই সম্বন্ধে কোনো সিদ্ধান্ত লব নোৱাৰে। কোনটো কৰা উচিত, কোনটো কৰা অনুচিত এই লৈ হতাশ হৈ পৰে। যি নিৰাশাৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্য় তেওঁ পৰকেন্দ্ৰিক হৈ পৰিছিল ,সেই পৰকেন্দ্ৰিকতাৰ লগত এটা সময়ত আত্মকেন্দ্ৰিকতাৰ দ্বন্দ্ব  পৰিলক্ষিত হয়। কীৰ্কেগাৰ্ডৰ মতে, এনে অনুভূতি ব্য়ক্তিক নৈতিক জীৱনৰ পৰাও নিৰাশা কৰি তোলে আৰু তেওঁ তেতিয়া ধৰ্মীয় জীৱনলৈ অগ্ৰসৰ হয়।

(iii) ধৰ্মীয় স্তৰঃ মানৱ জীৱনৰ তৃতীয় স্তৰ হৈছে ধৰ্মীয় স্তৰ। এই স্তৰ আস্থা বা বিশ্বাসৰ স্তৰ। এই স্তৰত ব্য়ক্তিয়ে ঈশ্বৰৰ প্ৰতি একান্ত আস্থা আৰু বিশ্বাস স্থাপন কৰে আৰু সেই অনুসাৰে জীৱন অতিবাহিত কৰে। কিন্তু ই ধৰ্মীয় স্তৰ হলেও ইয়াত কোনো বিশেষ ধৰ্মৰ নিয়ম পালন কৰা বা কোনো ধৰ্মীয় সংস্থাৰ আদেশ পালন কৰা নহয়। এই স্তৰ সম্পূৰ্ণৰূপে আন্তৰিক আস্থাৰ ক্ষেত্ৰ যত যুক্তি-তৰ্ক বা বুদ্ধি আৰু নৈতিকতাৰ আধাৰত ব্য়ক্তিয়ে কৰ্ম কৰিব লগা হয়। ইয়াত ব্য়ক্তিয়ে সম্পূৰ্ণৰূপে ঈশ্বৰাদেশ অনুসৰি জীৱন নিৰ্বাহ কৰে।

            ধৰ্মীয় স্তৰৰ আস্থা বা বিশ্বাস ব্য়াখ্য়া কৰিবলৈ গৈ কীৰ্কেগাডে আব্ৰাহাম আৰু আইজাকৰ দৃষ্টান্তৰ সহায় লৈছে। ঈশ্বৰৰ আদেশ অনুসাৰে কৰ্মৰত বাইবেলৰ শ্ৰেষ্ঠ চৰিত্ৰ আব্ৰাহামে নিজৰ একমাত্ৰ পুত্ৰ আইজাকক বলি দিবলৈকে তৎপৰ হয়। নৈতিক দিশৰ পৰা চিন্তা কৰিলে আব্ৰাহমৰ এই কৰ্ম নিসন্দেহে এটি অপৰাধ বা অনুচিত কাম; কিন্তু ধৰ্মীয় দৃষ্টিকোণৰ পৰা ঈশ্বৰৰ আদেশ অমান্য় কৰা পাপ- ঈশ্বৰনিন্দা। এনেহেন অৱস্থাত নৈতিক নিয়ম আৰু ঈশ্বৰাদেশৰ ভিতৰত কীৰ্কেগাৰ্ডে ঈশ্বৰৰ ওচৰত আত্ম-সমৰ্পণৰ বিষয়টোকে গুৰুত্ব দিছে। কীৰ্কেগাৰ্ডৰ মতে, ব্য়ক্তিৰ প্ৰথম কৰ্তব্য় হল ঈশ্বৰৰ প্ৰতি। ইয়াকে বুজাবলৈ গৈ তেওঁ এটি বিশেষ বাক্য়াংশ ব্য়ৱহাৰ কৰিছে যাক কোৱা হয় '' নৈতিক স্তৰৰ উদ্দেশ্য়মূলক স্থগিতকৰণ''। ইয়াৰ পৰা এইটো স্পষ্ট হয় যে, কীৰ্কেগাৰ্ডৰ বিচাৰত ঈশ্বৰৰ আদেশ বা ইচ্ছা হল শ্ৰেষ্ঠ নৈতিকতা। 

3. Discuss critically Kierkegard's concept of subjectivity and truth .

 কীৰ্কেগাৰ্ডৰ আত্মিকতা আৰু সত্যতাৰ ধাৰণাটো সমালোচনামূলক আলোচনা কৰা।

উত্তৰঃ কীৰ্কেগাৰ্ড সত্য়তাক আত্মিকতাৰ দ্বাৰা সংজ্ঞায়িত কৰি কৈছে, ''Subjectivity is the truth" । অৰ্থাৎ, আত্মিকতা বা বিষয়ীগততাই সত্য়তা। তেওঁৰ মতে, সত্য় আৰু আত্মিকতা উভয়ে এক আৰু অভিন্ন। সত্য়তা আৰু আত্মিকতা আলোচনা আগৱঢ়াৰ আগতে এটা পাৰ্থক্য় লক্ষ্য় কৰা প্ৰয়োজন। কীৰ্কেগাৰ্ডৰ মতে,'' বৌদ্ধিক আত্মা'' আৰু '' অস্তিত্বশীল আত্মাৰ'' মাজত এক ধৰণৰ পাৰ্থক্য় আছে। সত্য়ৰ অৱধাৰণ গঠন কৰিব নোৱাৰি, কিন্তু বৌদ্ধিক আত্মাই অৱধাৰণক বিচাৰ-বিশ্লষণ কৰে। যদি বৌদ্ধিক আত্মাই সত্য়ৰ কোনো চিত্ৰ প্ৰস্তুত কৰে, তেনেহলে ই বৌদ্ধিক সত্য় হব পাৰে,বাস্তৱিক সত্য় নহয়। বাস্তৱ সত্য়ৰ অৱধাৰণ গঠণ কৰা নাযায়--ইয়াক জীৱন্তৰূপে উপলদ্ধি কৰা হয়। সেইকাৰণে কীৰ্কেগাৰ্ডে কৈছে, '' I do not know Truth except when it becomes life with me'' অৰ্থাৎ 'মই সত্য়ক তেতিয়ালৈকে নাজানোঁ যেতিয়ালৈকে ই মোৰ ভিতৰত জীৱন্ত নহয়।

            কীৰ্কেগাৰ্ডৰ মতে, সত্য় হল প্ৰৱলৰূপত আৱেগাত্মক আন্তৰিকতাৰ পৰা জাগি উঠা আত্মিকৰণ প্ৰক্ৰিয়াৰ বস্তুনিষ্ঠ অনিশ্চয়তা।'' এই সংজ্ঞাৰ ওপৰত ভিত্তি কৰি সত্য়ক আত্মিক বুলি অভিহিত কৰা হয়।কীৰ্কেগাৰ্ডে ঈশ্বৰৰ উদাহৰণৰ সহায়ত  ইয়াক স্পষ্ট কৰিছে। ঈশ্বৰৰ  সত্য়তাৰ জ্ঞান বস্তুনিষ্ঠভাৱে লাভ কৰা নাযায়। ঈশ্বৰৰ সত্য়ৰ জ্ঞান আত্মিকভাৱে লাভ কৰা যায়। কীৰ্কেগাৰ্ডৰ মতে, ঈশ্বৰ বিশুদ্ধ মানৱীয় সত্য়-কাৰণ ঈশ্বৰৰ অনুভৱ মাত্ৰ মানৱৰ পক্ষে সম্ভৱ। সেইকাৰণে কীৰ্কেগাৰ্ডে কৈছে যি মনত ঈশ্বৰ সত্য়ৰ ৰূপত উপলদ্ধ হয় সি আত্মিকতাৰ ৰূপতহে উপলদ্ধ হয়। 

        কীৰ্কেগাৰ্ডৰ আত্মিক সত্য়ৰ ধাৰণা সম্পূৰ্ণ ক্ৰটিমুক্তি নহয়। কীৰ্কেগাৰ্ডৰ আত্মিক সত্য়ৰ ধাৰণা সুস্পষ্ট নহয়। কাৰণ কীৰ্কেগাৰ্ডৰ মতে, সত্য় আত্মিক,ইয়াক কোনো বস্তুগত সত্য়তা নাই। 

  

4. Is truth subjective ? Explain after Kierkegard . 

সত্য আত্মিক নে ? কীৰ্কেগার্ডক অনুসৰণ কৰি ব্যাখ্যা কৰা ৷

উত্তৰঃ হয়, সত্য় আত্মিক।

        সত্য় আমাৰ ওপৰত বাহিৰৰ পৰা আৰোপিত বস্তু নহয়। ই কোনো বাহ্য়িক জগতৰ পৰা আমাৰ চেতনাত প্ৰকাশিত নহয়। ই অন্তৰত উপলদ্ধ হয় আৰু সেইকাৰণে সত্য় আত্মিক। এই বিষয়বোৰ ওপৰত গুৰুত্ব দি কীৰ্কেগাৰ্ডে সত্য়ক সংজ্ঞায়িত কৰা  প্ৰচেষ্টা কৰিছে। তেওঁৰ মতে, '' সত্য় হল প্ৰৱলৰূপত আৱেগাত্মক আন্তৰিকতাৰ পৰা জাগি উঠা আত্মিকৰণ প্ৰক্ৰিয়াৰ বস্তুনিষ্ঠ অনিশ্চয়তা।'' এই সংজ্ঞাৰ ওপৰত ভিত্তি কৰি সত্য়ক আত্মিক বুলি অভিহিত কৰা হয়।

        সত্য় সম্পৰ্কীয় কীৰ্কেগাৰ্ড প্ৰদত্ত সংজ্ঞাৰ পৰা এইটো স্পষ্ট যে, যদি আমি সত্য়ক বস্তুনিষ্ঠ দৃষ্টিকোণৰ পৰা জানিবলৈ চেষ্টা কৰোঁ, তেনেহলে আমি সত্য় লাভ কৰিব নোৱাৰিম, আমি লাভ কৰিম অনিশ্চয়তা। এই বস্তুনিষ্ঠ অন্বেষণৰ পৰা প্ৰাপ্ত অনিশ্চিয়তাৰ চেতনা সম্ভৱতঃ কোনো মনত আন্তৰিক বিহ্বলতাৰ স্থিতি উৎপন্ন কৰিব পাৰে। যদি এই বিহ্বলতাত তেওঁ আৱেগাত্মকভাৱে উদীগ্ন হৈ যায়, তেনেহলে তেওঁৰ স্বমুখীনতাৰ পৰা উৎপন্ন অনিশ্চয়তাই সেই আৱেগাত্মক আত্মিকতাত সত্য়ক পোৱাৰ আধাৰ তৈয়াৰ হয়। কীৰ্কেগাৰ্ডে ঈশ্বৰৰ উদাহৰণৰ সহায়ত ইয়াক স্পষ্ট কৰিছে। ঈশ্বৰৰ সত্য়তাৰ জ্ঞান বস্তুনিষ্ঠভাৱে লাভ কৰা নাযায়। ঈশ্বৰৰ সত্য়ৰ জ্ঞান আত্মিকভাৱে লাভ কৰা যায়। কীৰ্কেগাৰ্ডৰ মতে, ঈশ্বৰ বিশুদ্ধ মানৱীয় সত্য়, কাৰণ ঈশ্বৰৰ অনুভৱ মাত্ৰ মানৱৰ পক্ষে সম্ভৱ। সেইকাৰণে কীৰ্কেগাৰ্ডে কৈছে যি মনত ঈশ্বৰ সত্য়ৰ ৰূপত উপলব্ধ হয় সি আত্মিকতাৰ ৰূপতহে উপলব্ধ হয়। কীৰ্কেগাৰ্ডে কৈছে, তীব্ৰ আন্তৰিক বিহ্বলতাৰ পৰাই আস্থা জাগি উঠে। আৱেগাত্মক ৰূপত বিশুদ্ধ আস্থা ঐশ্বৰিক সত্য়। এনে ধৰণৰ সত্য় কোনো বস্তুৰ তত্ত্ব পোৱাত নাথাকে, ই আত্মিকতাত ঈশ্বৰক পোৱাত নিহিত থাকে। গতিকে ইয়াৰ পৰা এইটো প্ৰতিপন্ন হয় যে, সত্য় আত্মিক। 

        সত্য়তাৰ এই আত্মিকতাৰ ধাৰণাক আন এটা দৃষ্টিকোণৰ পৰাও প্ৰতিপন্ন কৰিব পাৰি। দুটা আত্মাৰ মাজত সম্পূৰ্ণৰূপে বস্তুনিষ্ঠ সম্বন্ধ স্থাপন কৰা সম্ভৱ নহয়। আত্মা আৰু ঈশ্বৰৰ মাজত এই অৰ্থত বস্তুনিষ্ঠ সম্বন্ধ সম্ভৱ নহয়। যদি এনেকুৱা সম্বন্ধ দেখুওৱা যায়, তেনেহলে এই দুইটা যিকোনো এটাৰ আত্মা ৰূপ খণ্ডিত হৈ যাব। যদি আমি ঈশ্বৰক বস্তুনিষ্ঠ ৰূপত জানোঁ, তেনেহলে তাৰ অৰ্থ হল ঈশ্বৰ আত্মিক নহয়,ই বিষয়- বস্তুনিষ্ঠ। ইয়াৰ সহজ সৰল অৰ্থ হল ঈশ্বৰৰ জ্ঞান আত্মিকতাত সম্ভৱ। এই ধৰণৰে সত্য়ক আত্মিক বুলি প্ৰমাণ কৰা যায়। সেই কাৰণে কীৰ্কেগাৰ্ডে কৈছে, 'Truth is Subjectivity' ।


5. Subjectivity is the truth . ' Explain and examine the statement . 

“ আত্মিকতা বা বিষয়ীগততাই সত্যতা ” – এই উক্তিটো ব্যাখ্যা আৰু পৰীক্ষা কৰা ।

উত্তৰঃ কীৰ্কেগাৰ্ড সত্য়তাক আত্মিকতাৰ দ্বাৰা সংজ্ঞায়িত কৰি কৈছে, ''Subjectivity is the truth''। অৰ্থাৎ আত্মিকতা বা বিষয়ীগততাই সত্য়তা। ইয়াৰ অৰ্থ এইটো নহয় যে, আত্মিকতা কোনো পৃথক শ্ৰেণীভূক্ত যাক সত্য়ত আৰোপিত কৰা হয়। তেওঁৰ মতে, সত্য় আৰু আত্মিকতা উভয়ে এক আৰু অভিন্ন।

            সত্য়তা আৰু আত্মিকতাৰ আলোচনাত আগৱঢ়াৰ আগতে এটা পাৰ্থক্য় লক্ষ্য় কৰা প্ৰয়োজন। কীৰ্কেগাৰ্ডৰ মতে, বৌদ্ধিক আত্মা আৰু অস্তিত্বশীল আত্মাৰ মাজত এক ধৰণৰ পাৰ্থক্য় আছে। তেওঁৰ অভিমত অনুসাৰে সাধাৰণ প্ৰচলিত ধাৰণাৰ বিপৰীতে এইটো কোৱা হয় যে বৌদ্ধিক আত্মাৰ সত্য়ৰ জ্ঞান নহয়। সত্য়ৰ অৱধাৰণ গঠন কৰিব নোৱাৰি, কিন্তু বৌদ্ধিক আত্মাই অৱধাৰণক বিচাৰ-বিশ্লষণ কৰে। যদি বৌদ্ধিক আত্মাই সত্য়ৰ কোনো চিত্ৰ প্ৰস্তুত কৰে,তেনেহলে ই বৌদ্ধিক সত্য় হব পাৰে, কিন্তু বাস্তৱিক সত্য় নহয়। বাস্তৱ সত্য়ৰ অৱধাৰণ গঠন কৰা নাযায়-- ইয়াক জীৱন্তৰূপে উপলদ্ধি কৰা হয়। সেইকাৰণে কীৰ্কেগাৰ্ডে কৈছে,'মই সত্য়ক তেতিয়ালৈকে নাজানোঁ যেতিয়ালৈকে ই মোৰ ভিতৰত জীৱন্ত নহয়।' 

            যদি সত্য় এনেকুৱাই হয়, তেনেহলে ইয়াৰ অৰ্থ হল সত্য় আত্মিক। ইয়াৰ তাৎপৰ্য হল সত্য় আমাৰ ওপৰত বাহিৰৰ পৰা আৰোপিত বস্তু নহয়। ই কোনো বাহ্য়িক জগতৰ পৰা আমাৰ চেতনাত প্ৰকাশিত নহয়। ই অন্তৰত উপলদ্ধ হয় আৰু সেইকাৰণে সত্য় আত্মিক। এই বিষয়বোৰৰ ওপৰত গুৰুত্ব দি কীৰ্কেগাৰ্ডে সত্য়ক সংজ্ঞায়িত কৰা প্ৰচেষ্টা কৰিছে। তেওঁৰ মতে,'' সত্য় হল প্ৰৱলৰূপত আৱেগাত্মক আন্তৰিকতাৰ পৰা জাগি উঠা আত্মিকৰণ প্ৰক্ৰিয়াৰ বস্তুনিষ্ঠ অনিশ্চয়তা।'' এই সংজ্ঞাৰ ওপৰত ভিত্তি কৰি সত্য়ক আত্মিক বুলি অভিহিত কৰা হয়।


6 . What are the three stages of human existence ? Discuss .

 মানৱ অস্তিত্বৰ তিনিটা স্তৰ বা পর্যায় কি কি ? আলোচনা কৰা ।

উত্তৰঃ মানৱ অস্তিত্বৰ তিনিটা স্তৰ বা পৰ্যায় কেইটা তলত আলোচনা কৰা হল-

(i) সৌন্দৰ্যাত্মক বা সাংবেদনিক স্তৰঃ মানৱ অস্তিত্ব বা জীৱনৰ প্ৰথম স্তৰ হল সৌন্দৰ্যাত্মক বা সাংবেদনিক। কীৰ্কগাৰ্ডৰ ব্য়াখ্য়া অনুসৰি ব্য়ক্তি এই স্তৰত ইন্দ্ৰিয়ানুভূতি, সংবেদন, স্বাভাৱিক ইচ্ছা বা প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয়। মুঠতে, এই স্তৰত ব্য়ক্তি ' Eat, drink and be merry' এই আৰ্দশত বিশ্বাসী। সাংবেদনিক স্তৰত ব্য়ক্তি সৰ্বদা অন্য়ান্য় মানুহ-নিৰপেক্ষ, এক আত্মকেন্দ্ৰিক। ইয়াত ব্য়ক্তিয়ে কেৱল সুখভোগতে নিমগ্ন থাকে।এই স্তৰত ব্য়ক্তিৰ সেই বস্তুৰ প্ৰতি কামানা থাকে যাৰ দ্বাৰা তেওঁৰ জীৱনত সুখ প্ৰাপ্তি হয়।সুখ আৰু ঐশ্বৰ্যই এই স্তৰত ব্য়ক্তিৰ মূল লক্ষ্য় হিচাপে বিবেচিত হয়। ছলোমনৰ মতে, কীৰ্কেগাৰ্ড বৰ্ণিত এই স্তৰ জীৱনত নৈতিকতাৰ কোনো জ্ঞান নাথাকে, নাথাকে বৌদ্ধিক নীতি, আত্মসংযম, আত্ম-অনুশাসন, কৰ্তব্য় আৰু দায়িত্ববোধ। কীৰ্কেগাৰ্ডৰ মতে , এই স্তৰৰ জীৱন অ-মননশীল হলেও অবৌদ্ধিক নহবও পাৰে। কিন্তু কীৰ্কেগাৰ্ডৰ মতে, এই স্তৰৰ জীৱন পৰিণতিত হৈ পৰে বিৰক্তিকৰ । এনেকুৱা জীৱন নিৰ্বাহ কৰি মানুহ নিজে নিজৰ প্ৰতি বিৰক্তি হৈ পৰে।

             সাংবেদনিক অৱস্থাৰ বৰ্ণনাত কীৰ্কেগাৰ্ডে ইয়াৰ তিনিটা লক্ষণ উল্লেখ কৰিছে- সংবেদনশীল তৎকালীনতা, সংশয়, আৰু হতাশা। অনিয়ন্ত্ৰিত ইন্দিয় সুখৰ জীৱন প্ৰথম লক্ষণৰ ভিতৰত পৰে। কীৰ্কেগাৰ্ড এই স্তৰৰ লগত ডন জুৱানৰ জীৱনৰ তুলনা কৰিছে। দ্বিতীয় স্তৰত ব্য়ক্তিৰ সুখভোগ বা ইন্দ্ৰিয় তৃপ্তিৰ প্ৰতি ব্য়ৰ্থতা প্ৰতিষ্ঠিত হয় আৰু ব্য়ক্তিৰ এনে অনুভুতিৰ প্ৰতি সন্দেহ জন্মে এই বুলি যে কেৱল সুখভোগৰ পিছে পিছে ঘুৰি ফুৰা নিৰ্থক নহয়নে? এই স্তৰে সংশয়। কীৰ্কেগাৰ্ড ইয়াক তুলনা কৰিছে ফাউষ্টৰ জীৱনৰ লগত। তৃতীয় স্তৰত ব্য়ক্তিৰ সংশয়ে ক্ৰমশঃ এক নৈৰাশ্য় জীৱনৰ জন্ম দিয়ে। কীৰ্কেগাৰ্ড এই স্তৰৰ জীৱনৰ লগত তুলনা কৰিছে ভ্ৰাম্য়মান ইহুদি আহছেৰাচৰ জীৱনৰ। সেয়ে কীৰ্কেগাৰ্ড কৈছে,'' গতিকে এইটো প্ৰতীয়মান হয় যে জীৱন সম্পৰ্কীয় প্ৰতিটো সৌন্দৰ্যাত্মক মতবাদ হতাশাজনক আৰু যিয়ে সৌন্দৰ্যাত্মক মতবাদ হতাশাজনক আৰু যিয়ে সৌন্দৰেযাত্মক জীৱন অতিবাহিত কৰে তেওঁলোক প্ৰত্য়েকেই হতাশপীড়িত, তেওঁ এই সম্বন্ধে জ্ঞাত বা অজ্ঞাত যিয়ে নহওক।  

(ii) নৈতিক স্তৰঃ মানৱ জীৱন বা অস্তিত্বৰ দ্বিতীয় স্তৰ হল নৈতিক। এই স্তৰত ব্য়ক্তিয়ে উপলদ্ধি কৰে যে সাংবেদনিক স্তৰত যি সুখভোগৰ পিছে পিছে সি ফুৰিছিল সি ব্য়ৰ্থ প্ৰচেষ্টা, উপহাস মাত্ৰ।ব্য়ক্তিয়ে তেওঁৰ নৈৰাশ্য় জীৱনৰ কাৰণ হিচাপে আৱিষ্কাৰ কৰে তেওঁৰ আত্মকেন্দ্ৰিকতা। কাৰণ ইমান দিনে ব্য়ক্তি যি সুখ কামনা কৰিছে কেৱল নিজৰ বাবেহে, নিজক বাদ দি আন ব্য়ক্তিৰ সুখৰ কথা তেওঁ চিন্তা কৰা নাই। এই আত্মকেন্দ্ৰিকতাই তেওঁক অকলশৰীয়া কৰিছে আৰু ফলস্বৰূপে তেওঁ হৈ পৰিছে নিৰাশা। এই অকলশৰীয়া জীৱনৰ পৰা মুক্তি পোৱাৰ বাবে তেওঁ হৈ পৰে পৰকেন্দ্ৰিক-এক নৈতিক জীৱ। এই স্তৰত ব্য়ক্তি নিজকে সামাজিক জীৱ হিচাপে চিনাক্ত কৰে আৰু  সমাজৰ এজন সদস্য় হিচাপে নিজৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য়ক স্বীকাৰ কৰে। তেওঁ আন ব্য়ক্তিৰ সুখ-সুবিধাৰ কথা চিন্তা কৰিবলৈ ধৰে আৰু এইদৰে তেওঁ প্ৰৱেশ কৰে নৈতিক স্তৰত।

            কীৰ্কেগাৰ্ডৰ মতানুসাৰে এই স্তৰতো ব্য়ক্তি সম্পূৰ্ণ সন্তুষ্টি লাভ কৰিব নোৱাৰে। এই স্তৰতো ব্য়ক্তিৰ জীৱনত  এক প্ৰকাৰৰ হতাশাই আৱৰি ধৰে যাক নৈতিক হতাশা বুলি কোৱা হয়। কাৰণ নৈতিকতাৰ মানদনণ্ডই  তেওঁক বিমোৰত পেলায়। বাস্তৱ পৰিস্থিতিত ব্য়ক্তিয়ে কোন মানদণ্ড অনুসৰি কৰ্ম কৰা উচিত তেওঁ এই সম্বন্ধে কোনো সিদ্ধান্ত লব নোৱাৰে। কোনটো কৰা উচিত, কোনটো কৰা অনুচিত এই লৈ হতাশ হৈ পৰে। যি নিৰাশাৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্য় তেওঁ পৰকেন্দ্ৰিক হৈ পৰিছিল ,সেই পৰকেন্দ্ৰিকতাৰ লগত এটা সময়ত আত্মকেন্দ্ৰিকতাৰ দ্বন্দ্ব  পৰিলক্ষিত হয়। কীৰ্কেগাৰ্ডৰ মতে, এনে অনুভূতি ব্য়ক্তিক নৈতিক জীৱনৰ পৰাও নিৰাশা কৰি তোলে আৰু তেওঁ তেতিয়া ধৰ্মীয় জীৱনলৈ অগ্ৰসৰ হয়।

(iii) ধৰ্মীয় স্তৰঃ মানৱ জীৱনৰ তৃতীয় স্তৰ হৈছে ধৰ্মীয় স্তৰ। এই স্তৰ আস্থা বা বিশ্বাসৰ স্তৰ। এই স্তৰত ব্য়ক্তিয়ে ঈশ্বৰৰ প্ৰতি একান্ত আস্থা আৰু বিশ্বাস স্থাপন কৰে আৰু সেই অনুসাৰে জীৱন অতিবাহিত কৰে। কিন্তু ই ধৰ্মীয় স্তৰ হলেও ইয়াত কোনো বিশেষ ধৰ্মৰ নিয়ম পালন কৰা বা কোনো ধৰ্মীয় সংস্থাৰ আদেশ পালন কৰা নহয়। এই স্তৰ সম্পূৰ্ণৰূপে আন্তৰিক আস্থাৰ ক্ষেত্ৰ যত যুক্তি-তৰ্ক বা বুদ্ধি আৰু নৈতিকতাৰ আধাৰত ব্য়ক্তিয়ে কৰ্ম কৰিব লগা হয়। ইয়াত ব্য়ক্তিয়ে সম্পূৰ্ণৰূপে ঈশ্বৰাদেশ অনুসৰি জীৱন নিৰ্বাহ কৰে।

            ধৰ্মীয় স্তৰৰ আস্থা বা বিশ্বাস ব্য়াখ্য়া কৰিবলৈ গৈ কীৰ্কেগাডে আব্ৰাহাম আৰু আইজাকৰ দৃষ্টান্তৰ সহায় লৈছে। ঈশ্বৰৰ আদেশ অনুসাৰে কৰ্মৰত বাইবেলৰ শ্ৰেষ্ঠ চৰিত্ৰ আব্ৰাহামে নিজৰ একমাত্ৰ পুত্ৰ আইজাকক বলি দিবলৈকে তৎপৰ হয়। নৈতিক দিশৰ পৰা চিন্তা কৰিলে আব্ৰাহমৰ এই কৰ্ম নিসন্দেহে এটি অপৰাধ বা অনুচিত কাম; কিন্তু ধৰ্মীয় দৃষ্টিকোণৰ পৰা ঈশ্বৰৰ আদেশ অমান্য় কৰা পাপ- ঈশ্বৰনিন্দা। এনেহেন অৱস্থাত নৈতিক নিয়ম আৰু ঈশ্বৰাদেশৰ ভিতৰত কীৰ্কেগাৰ্ডে ঈশ্বৰৰ ওচৰত আত্ম-সমৰ্পণৰ বিষয়টোকে গুৰুত্ব দিছে। কীৰ্কেগাৰ্ডৰ মতে, ব্য়ক্তিৰ প্ৰথম কৰ্তব্য় হল ঈশ্বৰৰ প্ৰতি। ইয়াকে বুজাবলৈ গৈ তেওঁ এটি বিশেষ বাক্য়াংশ ব্য়ৱহাৰ কৰিছে যাক কোৱা হয় '' নৈতিক স্তৰৰ উদ্দেশ্য়মূলক স্থগিতকৰণ''। ইয়াৰ পৰা এইটো স্পষ্ট হয় যে, কীৰ্কেগাৰ্ডৰ বিচাৰত ঈশ্বৰৰ আদেশ বা ইচ্ছা হল শ্ৰেষ্ঠ নৈতিকতা। 


7. Explain the religious stage of human existence . 

মানৱ অস্তিত্ব সম্পৰ্কীয় ধর্মীয় স্তৰটো ব্যাখ্যা কৰা । 

উত্তৰঃ ধৰ্মীয় স্তৰঃ মানৱ জীৱনৰ তৃতীয় স্তৰ হৈছে ধৰ্মীয় স্তৰ। এই স্তৰ আস্থা বা বিশ্বাসৰ স্তৰ। এই স্তৰত ব্য়ক্তিয়ে ঈশ্বৰৰ প্ৰতি একান্ত আস্থা আৰু বিশ্বাস স্থাপন কৰে আৰু সেই অনুসাৰে জীৱন অতিবাহিত কৰে। কিন্তু ই ধৰ্মীয় স্তৰ হলেও ইয়াত কোমো বিশেষ ধৰ্মৰ নিয়ম পালন কৰা নহয়। এই স্তৰ সম্পূৰ্ণৰূপে আন্তৰিক আস্থাৰ ক্ষেত্ৰ যত যুক্তি-ৰ্তক বা বুদ্ধি আৰু নৈতিকতাৰ আধাৰত ব্য়ক্তিয়ে কৰ্ম কৰিব লগা নহয়। ইয়াত ব্য়ক্তিয়ে সম্পূৰ্ণৰূপে ঈশ্বৰাদেশ অনুসৰি জীৱন নিৰ্বাহ কৰে যিটো তেওঁৰ অন্তৰ্মন বা বিবেকৰ পৰা উদ্ভৱ হয়। এই স্তৰৰ মহত্বপূৰ্ণ কথা হল ঈশ্বৰৰ ইচ্ছা বা আদেশ। এই স্তৰত  ব্য়ক্তিয়ে নৈতিক নিয়মৰ পালন ঈশ্বৰৰ আদেশ বুলি ভাবিহে সম্পাদিত কৰে। 

            ধৰ্মীয় স্তৰৰ আস্থা বা বিশ্বীস ব্যাখ্য়া কৰিবলৈ গৈ কীৰ্কেগাডে আব্ৰাহাম আৰু আইজাকৰ দৃষ্টিৰ সহায় লৈছে। ঈশ্বৰৰ আদেশ অনুসাৰে কৰ্মৰত বাইবেলৰ শ্ৰেষ্ঠ চৰিত্ৰ আব্ৰাহামে  নিজৰ একমাত্ৰ পুত্ৰ আইজাকক বলি দিবলৈকে তৎপৰ হয়। নৈতিক দিশৰ পৰা চিন্তা কৰিলে আব্ৰাহামৰ এই কৰ্ম নিসন্দেহে এটি অপৰাধ বা  অনুচিত কাম; কিন্তু ধৰ্মীয় দৃষ্টিকোণৰ পৰা ঈশ্বৰৰ আদেশ অমান্য় কৰা পাপ- ঈশ্বৰনিন্দা। এই অৱস্থাত নৈতিক নিয়ম আৰু ঈশ্বৰাদেশৰ ভিতৰত কীৰ্কেগাৰ্ডে ঈশ্বৰৰ ওচৰত আত্ম- সমৰ্পণৰ বিষয়টোকে গুৰুত্ব দিছে। তেওঁৰ মতে , ব্য়ক্তিৰ প্ৰথম কৰ্তব্য় হল ঈশ্বৰৰ প্ৰতি। ইয়াকে বুজাবলৈ গৈ তেওঁ এটি বিশেষ বাক্য়াংশ ব্য়ৱহাৰ কৰিছে যাক কোৱা হয় '' নৈতিক স্তৰৰ উদ্দেশ্য়মূসক স্থগিতকৰণ''। ইয়াৰ পৰা এইটো স্পষ্ট হয় যে, কীৰ্কেগাৰ্ডৰ বিচাৰত ঈশ্বৰৰ আদেশ বা ইচ্ছাই হল শ্ৰেষ্ঠ নৈতিকতা। ধৰ্মীয় স্তৰত ব্য়ক্তি ঈশ্বৰৰ প্ৰতি গভীৰ আস্থা স্থাপন কৰি আশাবাদী হয়। জীৱনৰ প্ৰতি বা কোনো ব্য়ক্তিৰ প্ৰতি তেওঁ কোনো আক্ষেপ নাথাকে। 


8 . What do you mean by aesthetic stage of life ? Explain after Kierkegard .

 সৌন্দার্যত্মক বা সাংবেদনিক স্তৰ বুলিলে কি বুজা ? কীর্কেগার্ডক অনুসৰণ কৰি ব্যাখ্যা । 

উত্তৰঃ মানৱ অস্তিত্ব বা জীৱনৰ প্ৰথম স্তৰ হল সৌন্দৰ্যাত্মক বা সাংবেদনিক। কীৰ্কেগাৰ্ডৰ ব্য়াখ্য়া অনুসৰি ব্য়ক্তি এই স্তৰত ইন্দ্ৰিয়ানুভূতি, সংবেদন, স্বাভাৱিক ইচ্ছা বা প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয়।  এই স্তৰ ইন্দ্ৰিয় সুখ, ভোগ-বাসনাৰ দ্বাৰা পৰিচালিত হয়। মুঠতে, এই স্তৰত ব্য়ক্তি 'Eat, drink and be merry' এই আদৰ্শত বিশ্বাসী। ইয়াত ব্য়ক্তিয়ে কেৱল সুখভোগতে নিমগ্ন থাকে। এই স্তৰত ব্য়ক্তিৰ সেই বস্তুৰ প্ৰতি কামনা থাকে যাৰ দ্বাৰা তেওঁৰ জীৱনত সুখ প্ৰাপ্তি হয়। ছলোমনৰ মতে, কীৰ্কেগাৰ্ড বৰ্ণিত এই স্তৰ জীৱনত নৈতিকতাৰ কোনো জ্ঞান নাথাকে, নাথাকে বৌদ্ধিক নীতি, আত্মসংযম, আত্ম-অনুশাসন, কতৰ্ব্য় আৰু দায়িত্ববোধ। কীৰ্কেগাৰ্ডৰ মতে, এই স্তৰৰ জীৱন পৰিণতিত হৈ পৰে বিৰক্তিৰকৰ। এনুকুৱা জীৱন নিৰ্বাহ কৰি কৰি মানুহে নিজে নিজৰ প্ৰতি বিৰক্তি হৈ পৰে। 

            সেইবাবে সাংবেদনিক অৱস্থাৰ বৰ্ণনাত কীৰ্কেগাৰ্ডে ইয়াৰ তিনিটা লক্ষণ উল্লেখ কৰিছে-সংবেদনশীল তৎকালীনতা, সংশয় আৰু হতাশা। অনিয়ন্ত্ৰিত ইন্দ্ৰিয় সুখৰ জীৱন প্ৰথম লক্ষণৰ ভিতৰত পৰে। কীৰ্কেগাৰ্ড এই স্তৰৰ লগত ডন জুৱানৰ জীৱনৰ তুলনা কৰিছে।দ্বিতীয় স্তৰত ব্য়ক্তিৰ সুখভোগ বা ইন্দ্ৰিয় তৃপ্তিৰ প্ৰতি ব্য়ৰ্থতা প্ৰতিষ্ঠিত হয় আৰু ব্য়ক্তিৰ এনে অনুভূতিৰ প্ৰতি সন্দেহ জন্মে এই বুলি যে কেৱল সুখভোগৰ পিছে পিছে ঘুৰি ফুৰা নিৰৰ্থক নহয়নে? এই স্তৰেই সংশয়। কীৰ্কেগাৰ্ড ইয়াক তুলনা কৰিছে ফাউষ্টৰ জীৱনৰ লগত। তৃতীয় স্তৰত ব্য়ক্তিৰ সংশয়ে ক্ৰমশঃ এক নৈৰাশ্য় জীৱনৰ জন্ম দিয়ে। তেওঁ উপলদ্ধি কৰে সুখভোগৰ বাবে তেওঁ  পগলাৰ দৰে ঘুৰি ফুৰিছে সি তেওঁৰ বাবে উপভোগ্য় নহয়। কীৰ্কেগাৰ্ড এই স্তৰৰ জীৱনৰ লগত তুলনা কৰিছে ভ্ৰাম্য়মান ইহুদি আহছেৰাচৰ জীৱনৰ। সেয়ে কীৰ্কেগাৰ্ডে কৈছে, '' গতিকে এইটো প্ৰতীয়মান হয় যে জীৱন সম্পৰ্কীয় প্ৰতিটো সৌন্দৰ্যাত্মক মতবাদ হতাশাজনক আৰু যিয়ে সৌন্দৰ্যাত্মক জীৱন অতিবাহিত কৰে তেওঁলোক প্ৰত্য়েকেই হতাশপীড়িত; তেওঁ এই সম্বন্ধে জ্ঞাত বা অজ্ঞাত যিয়েই নহওক।''

 

9. Discuss after Kierkegard the ethical stage of human existence . 

কীৰ্কেগার্ডক অনুসৰণ কৰি মানৱ জীৱনৰ নৈতিক স্তৰটো আলোচনা কৰা ।

উত্তৰঃ নৈতিক স্তৰঃ মানৱ জীৱন বা অস্তিত্বৰ দ্বিতীয় স্তৰ হল নৈতিক। এই স্তৰত ব্য়ক্তিয়ে উপলদ্ধি কৰে যে সাংবেদনিক স্তৰত যি সুখভোগৰ পিছে পিছে সি ফুৰিছিল সি ব্য়ৰ্থ প্ৰচেষ্টা, উপহাস মাত্ৰ।ব্য়ক্তিয়ে তেওঁৰ নৈৰাশ্য় জীৱনৰ কাৰণ হিচাপে আৱিষ্কাৰ কৰে তেওঁৰ আত্মকেন্দ্ৰিকতা। কাৰণ ইমান দিনে ব্য়ক্তি যি সুখ কামনা কৰিছে কেৱল নিজৰ বাবেহে, নিজক বাদ দি আন ব্য়ক্তিৰ সুখৰ কথা তেওঁ চিন্তা কৰা নাই। এই আত্মকেন্দ্ৰিকতাই তেওঁক অকলশৰীয়া কৰিছে আৰু ফলস্বৰূপে তেওঁ হৈ পৰিছে নিৰাশা। এই অকলশৰীয়া জীৱনৰ পৰা মুক্তি পোৱাৰ বাবে তেওঁ হৈ পৰে পৰকেন্দ্ৰিক-এক নৈতিক জীৱ। এই স্তৰত ব্য়ক্তি নিজকে সামাজিক জীৱ হিচাপে চিনাক্ত কৰে আৰু  সমাজৰ এজন সদস্য় হিচাপে নিজৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য়ক স্বীকাৰ কৰে। তেওঁ আন ব্য়ক্তিৰ সুখ-সুবিধাৰ কথা চিন্তা কৰিবলৈ ধৰে আৰু এইদৰে তেওঁ প্ৰৱেশ কৰে নৈতিক স্তৰত।কীৰ্কেগাৰ্ডৰ কথা হল এই স্তৰত ব্য়ক্তি এই সিদ্ধান্ত লয় যে সাংবেদনিক স্তৰৰ পৰা উৎপন্ন নৈৰাশ্য় জীৱনৰ পৰা মুক্তি পোৱাৰ বাবে তেওঁ আন ব্য়ক্তিৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য় পালন কৰিব লগা হয়। 

            কীৰ্কেগাৰ্ডৰ মতানুসাৰে এই স্তৰতো ব্য়ক্তি সম্পূৰ্ণ সন্তুষ্টি লাভ কৰিব নোৱাৰে। এই স্তৰতো ব্য়ক্তিৰ জীৱনত  এক প্ৰকাৰৰ হতাশাই আৱৰি ধৰে যাক নৈতিক হতাশা বুলি কোৱা হয়। কাৰণ নৈতিকতাৰ মানদনণ্ডই  তেওঁক বিমোৰত পেলায়। বাস্তৱ পৰিস্থিতিত ব্য়ক্তিয়ে কোন মানদণ্ড অনুসৰি কৰ্ম কৰা উচিত তেওঁ এই সম্বন্ধে কোনো সিদ্ধান্ত লব নোৱাৰে। কোনটো কৰা উচিত, কোনটো কৰা অনুচিত এই লৈ হতাশ হৈ পৰে। যি নিৰাশাৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্য় তেওঁ পৰকেন্দ্ৰিক হৈ পৰিছিল ,সেই পৰকেন্দ্ৰিকতাৰ লগত এটা সময়ত আত্মকেন্দ্ৰিকতাৰ দ্বন্দ্ব  পৰিলক্ষিত হয়। কীৰ্কেগাৰ্ডৰ মতে, এনে অনুভূতি ব্য়ক্তিক নৈতিক জীৱনৰ পৰাও নিৰাশা কৰি তোলে আৰু তেওঁ তেতিয়া ধৰ্মীয় জীৱনলৈ অগ্ৰসৰ হয়।


10. Explain the religious stage of human existential transformation . 

মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় ধর্মীয় স্তৰটো ব্যাখ্যা কৰা ৷ 

উত্তৰঃ  ধৰ্মীয় স্তৰঃ মানৱ জীৱনৰ তৃতীয় স্তৰ হৈছে ধৰ্মীয় স্তৰ। এই স্তৰ আস্থা বা বিশ্বাসৰ স্তৰ। এই স্তৰত ব্য়ক্তিয়ে ঈশ্বৰৰ প্ৰতি একান্ত আস্থা আৰু বিশ্বাস স্থাপন কৰে আৰু সেই অনুসাৰে জীৱন অতিবাহিত কৰে। কিন্তু ই ধৰ্মীয় স্তৰ হলেও ইয়াত কোমো বিশেষ ধৰ্মৰ নিয়ম পালন কৰা নহয়। এই স্তৰ সম্পূৰ্ণৰূপে আন্তৰিক আস্থাৰ ক্ষেত্ৰ যত যুক্তি-ৰ্তক বা বুদ্ধি আৰু নৈতিকতাৰ আধাৰত ব্য়ক্তিয়ে কৰ্ম কৰিব লগা নহয়। ইয়াত ব্য়ক্তিয়ে সম্পূৰ্ণৰূপে ঈশ্বৰাদেশ অনুসৰি জীৱন নিৰ্বাহ কৰে যিটো তেওঁৰ অন্তৰ্মন বা বিবেকৰ পৰা উদ্ভৱ হয়। এই স্তৰৰ মহত্বপূৰ্ণ কথা হল ঈশ্বৰৰ ইচ্ছা বা আদেশ। এই স্তৰত  ব্য়ক্তিয়ে নৈতিক নিয়মৰ পালন ঈশ্বৰৰ আদেশ বুলি ভাবিহে সম্পাদিত কৰে। 

            ধৰ্মীয় স্তৰৰ আস্থা বা বিশ্বীস ব্যাখ্য়া কৰিবলৈ গৈ কীৰ্কেগাডে আব্ৰাহাম আৰু আইজাকৰ দৃষ্টিৰ সহায় লৈছে। ঈশ্বৰৰ আদেশ অনুসাৰে কৰ্মৰত বাইবেলৰ শ্ৰেষ্ঠ চৰিত্ৰ আব্ৰাহামে  নিজৰ একমাত্ৰ পুত্ৰ আইজাকক বলি দিবলৈকে তৎপৰ হয়। নৈতিক দিশৰ পৰা চিন্তা কৰিলে আব্ৰাহামৰ এই কৰ্ম নিসন্দেহে এটি অপৰাধ বা  অনুচিত কাম; কিন্তু ধৰ্মীয় দৃষ্টিকোণৰ পৰা ঈশ্বৰৰ আদেশ অমান্য় কৰা পাপ- ঈশ্বৰনিন্দা। এই অৱস্থাত নৈতিক নিয়ম আৰু ঈশ্বৰাদেশৰ ভিতৰত কীৰ্কেগাৰ্ডে ঈশ্বৰৰ ওচৰত আত্ম- সমৰ্পণৰ বিষয়টোকে গুৰুত্ব দিছে। তেওঁৰ মতে , ব্য়ক্তিৰ প্ৰথম কৰ্তব্য় হল ঈশ্বৰৰ প্ৰতি। ইয়াকে বুজাবলৈ গৈ তেওঁ এটি বিশেষ বাক্য়াংশ ব্য়ৱহাৰ কৰিছে যাক কোৱা হয় '' নৈতিক স্তৰৰ উদ্দেশ্য়মূসক স্থগিতকৰণ''। ইয়াৰ পৰা এইটো স্পষ্ট হয় যে, কীৰ্কেগাৰ্ডৰ বিচাৰত ঈশ্বৰৰ আদেশ বা ইচ্ছাই হল শ্ৰেষ্ঠ নৈতিকতা। ধৰ্মীয় স্তৰত ব্য়ক্তি ঈশ্বৰৰ প্ৰতি গভীৰ আস্থা স্থাপন কৰি আশাবাদী হয়। জীৱনৰ প্ৰতি বা কোনো ব্য়ক্তিৰ প্ৰতি তেওঁ কোনো আক্ষেপ নাথাকে। 

11.What do you mean by subjectivity of truth ? Explain characteristcs of subjective truth 

আত্মিক সত্যতা বুলিলে কি বুজা ? আত্মিক সত্যতাৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা ।

উত্তৰঃ  কীৰ্কেগাৰ্ড সত্য়তাক আত্মিকতাৰ দ্বাৰা সংজ্ঞায়িত কৰি কৈছে, ''Subjectivity is the truth''। অৰ্থাৎ আত্মিকতা বা বিষয়ীগততাই সত্য়তা। ইয়াৰ অৰ্থ এইটো নহয় যে, আত্মিকতা কোনো পৃথক শ্ৰেণীভূক্ত যাক সত্য়ত আৰোপিত কৰা হয়।

 আত্মিক সত্য়তাৰ বৈশিষ্ট্য়সমূহ হলঃ

(i) বস্তুগত সত্য় বিষয়ীৰ লগত বিষয়ৰ সম্বন্ধ বিবেচনা নকৰে। যি সম্পৰ্কৰ ভিত্তিত ব্য়ক্তি সত্য়ৰ লগত সম্পৰ্কযুক্ত হয়, সেই সম্পৰ্ক বিষয়ী ওচৰত অতি গুৰুত্বপূৰ্ণ। আমাৰ সকলো দৃষ্টিভংগী, জ্ঞান, বিশ্বাস, সত্য়তা সকলোবোৰেই আত্মিক বা ব্য়ক্তিগত। এইবোৰ কোনোটাকে বস্তুগত সত্য়ৰ দৰে এজন ব্য়ক্তিৰ পৰা আন ব্য়ক্তিলৈ সঞ্চাৰ কৰা সম্ভৱ নহয়। 

(ii) অস্তিত্বশীল ব্য়ক্তি বিষয়গত আৰু বিষয়ীগত দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰে। যি ব্য়ক্তি বিষয়ীগত বা আত্মিক দৃষ্টিভংগী গ্ৰহণ কৰে তেওঁ ঈশ্বৰ বা সত্য়তাক বস্তগত বা বিষয়ীগত ভাৱে যে দ্বান্দ্বিক অসুবিধা তাক বুজিব পাৰে। ইয়াতে আছে বিৰোধভাস, কাৰণ ব্য়ক্তি অসম্ভৱ আৰু অনিশ্চিয়তাক বিশ্বাস কৰিবলৈ বাধ্য় হয়।

(iii) সত্য় প্ৰকাশৰ মূহুৰ্ত হল এই চৰম আৱেগময় মূহুৰ্ত। যুক্তি দি সত্য়ক জনা নাযায়, বিশ্বাসৰ দ্বাৰাই সত্য়ক লাভ কৰিব পাৰি। আত্মিক চিন্তাবিদৰ এই বিৰোধভাস গ্ৰহণ কৰিব লাগিব; আৰু যদিও তেওঁ ইয়াক জানে তাত  তেওঁ বিশ্বাস ৰাখিব লাগিব। এই বিশ্বাসৰ নৱীকৰণ প্ৰয়োজন।

(iv) আত্মিক সত্য় মূৰ্ত, অমূৰ্ত নহয়। সত্য় ব্য়ক্তিনিৰপেক্ষ নহয়, আভ্য়ন্তৰীণ। অমূৰ্ত চিন্তা কৰ্তাবিহীন চিন্তা যি অস্তিত্ববাদী দৃষ্টিভংগীত অসম্ভৱ। স্থান-কালত অস্তিত্বশীল ব্য়ক্তিৰ চিন্তাই মূৰ্ত চিন্তা। সেইকাৰণে কীৰ্কেগাৰ্ড অভিমত আগবঢ়াইছে যে সত্য় কেতিয়াও অমূৰ্ত চিন্তাৰ বিষয় হব নোৱাৰে। 

(v) বস্তুগত সত্য়তা বিবেচনা কৰে 'কি' প্ৰশ্নৰ দিশ লৈ, আনহাতে আত্মিক সত্য়তা বিবেচনা কৰে 'কিদৰে' প্ৰশ্নৰ দিশ লৈ। সত্য়ক কি উপায়ে লাভ কৰা যাব বস্তুগত দৃষ্টিভংগীত যাৰ বিশেষ ব্য়াখ্য়াৰ প্ৰয়োদন নাই। কিন্তু আত্মিক সত্য়ৰ ক্ষেত্ৰত সত্য় লাভৰ উপায়টো মূখ্য় বিষয়, কাৰণ বৈজ্ঞানিক তথ্য়ভিত্তিক সত্য় প্ৰতিষ্ঠা ইয়াৰ উদ্দেশ্য় নহয়। আন্তৰিক, নিষ্ঠা আৰু ব্য়ক্তিৰ ভাবাৱেগই অন্তৰ্মুখীনতা আৰু সত্য়তা গঠন কৰে।

 

12. What are the characteristic features of subjective truth ? Discuss .

 আত্মিক সত্যতাৰ বৈশিষ্ট্যসমূহ কি কি ? আলোচনা কৰা । 

উত্তৰঃ আত্মিক সত্য়তাৰ বৈশিষ্ট্য়সূমহ হল-

(i) বস্তুগত সত্য় বিষয়ীৰ লগত বিষয়ৰ সম্বন্ধ বিবেচনা নকৰে। যি সম্পৰ্কৰ ভিত্তিত ব্য়ক্তি সত্য়ৰ লগত সম্পৰ্কযুক্ত হয়, সেই সম্পৰ্ক বিষয়ী ওচৰত অতি গুৰুত্বপূৰ্ণ। আমাৰ সকলো দৃষ্টিভংগী, জ্ঞান, বিশ্বাস, সত্য়তা সকলোবোৰেই আত্মিক বা ব্য়ক্তিগত। এইবোৰ কোনোটাকে বস্তুগত সত্য়ৰ দৰে এজন ব্য়ক্তিৰ পৰা আন ব্য়ক্তিলৈ সঞ্চাৰ কৰা সম্ভৱ নহয়। 

(ii) অস্তিত্বশীল ব্য়ক্তি বিষয়গত আৰু বিষয়ীগত দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰে। যি ব্য়ক্তি বিষয়ীগত বা আত্মিক দৃষ্টিভংগী গ্ৰহণ কৰে তেওঁ ঈশ্বৰ বা সত্য়তাক বস্তগত বা বিষয়ীগত ভাৱে যে দ্বান্দ্বিক অসুবিধা তাক বুজিব পাৰে। ইয়াতে আছে বিৰোধভাস, কাৰণ ব্য়ক্তি অসম্ভৱ আৰু অনিশ্চিয়তাক বিশ্বাস কৰিবলৈ বাধ্য় হয়।

(iii) সত্য় প্ৰকাশৰ মূহুৰ্ত হল এই চৰম আৱেগময় মূহুৰ্ত। যুক্তি দি সত্য়ক জনা নাযায়, বিশ্বাসৰ দ্বাৰাই সত্য়ক লাভ কৰিব পাৰি। আত্মিক চিন্তাবিদৰ এই বিৰোধভাস গ্ৰহণ কৰিব লাগিব; আৰু যদিও তেওঁ ইয়াক জানে তাত  তেওঁ বিশ্বাস ৰাখিব লাগিব। এই বিশ্বাসৰ নৱীকৰণ প্ৰয়োজন।

(iv) আত্মিক সত্য় মূৰ্ত, অমূৰ্ত নহয়। সত্য় ব্য়ক্তিনিৰপেক্ষ নহয়, আভ্য়ন্তৰীণ। অমূৰ্ত চিন্তা কৰ্তাবিহীন চিন্তা যি অস্তিত্ববাদী দৃষ্টিভংগীত অসম্ভৱ। স্থান-কালত অস্তিত্বশীল ব্য়ক্তিৰ চিন্তাই মূৰ্ত চিন্তা। সেইকাৰণে কীৰ্কেগাৰ্ড অভিমত আগবঢ়াইছে যে সত্য় কেতিয়াও অমূৰ্ত চিন্তাৰ বিষয় হব নোৱাৰে। 

(v) বস্তুগত সত্য়তা বিবেচনা কৰে 'কি' প্ৰশ্নৰ দিশ লৈ, আনহাতে আত্মিক সত্য়তা বিবেচনা কৰে 'কিদৰে' প্ৰশ্নৰ দিশ লৈ। সত্য়ক কি উপায়ে লাভ কৰা যাব বস্তুগত দৃষ্টিভংগীত যাৰ বিশেষ ব্য়াখ্য়াৰ প্ৰয়োদন নাই। কিন্তু আত্মিক সত্য়ৰ ক্ষেত্ৰত সত্য় লাভৰ উপায়টো মূখ্য় বিষয়, কাৰণ বৈজ্ঞানিক তথ্য়ভিত্তিক সত্য় প্ৰতিষ্ঠা ইয়াৰ উদ্দেশ্য় নহয়। আন্তৰিক, নিষ্ঠা আৰু ব্য়ক্তিৰ ভাবাৱেগই অন্তৰ্মুখীনতা আৰু সত্য়তা গঠন কৰে।

  

13. Explain briefly Kierkegaard's concept of truth .

 কীর্কেগাৰ্ডৰ সত্যৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা ।

উত্তৰঃসত্য় আমাৰ ওপৰত বাহিৰৰ পৰা আৰোপিত বস্তু নহয়। ই কোনো বাহ্য়িক জগতৰ পৰা আমাৰ চেতনাত প্ৰকাশিত নহয়। ই অন্তৰত উপলদ্ধ হয় আৰু সেইকাৰণে সত্য় আত্মিক। এই বিষয়বোৰ ওপৰত গুৰুত্ব দি কীৰ্কেগাৰ্ডে সত্য়ক সংজ্ঞায়িত কৰা  প্ৰচেষ্টা কৰিছে। তেওঁৰ মতে, '' সত্য় হল প্ৰৱলৰূপত আৱেগাত্মক আন্তৰিকতাৰ পৰা জাগি উঠা আত্মিকৰণ প্ৰক্ৰিয়াৰ বস্তুনিষ্ঠ অনিশ্চয়তা।'' এই সংজ্ঞাৰ ওপৰত ভিত্তি কৰি সত্য়ক আত্মিক বুলি অভিহিত কৰা হয়।

        সত্য় সম্পৰ্কীয় কীৰ্কেগাৰ্ড প্ৰদত্ত সংজ্ঞাৰ পৰা এইটো স্পষ্ট যে, যদি আমি সত্য়ক বস্তুনিষ্ঠ দৃষ্টিকোণৰ পৰা জানিবলৈ চেষ্টা কৰোঁ, তেনেহলে আমি সত্য় লাভ কৰিব নোৱাৰিম, আমি লাভ কৰিম অনিশ্চয়তা। এই বস্তুনিষ্ঠ অন্বেষণৰ পৰা প্ৰাপ্ত অনিশ্চিয়তাৰ চেতনা সম্ভৱতঃ কোনো মনত আন্তৰিক বিহ্বলতাৰ স্থিতি উৎপন্ন কৰিব পাৰে। যদি এই বিহ্বলতাত তেওঁ আৱেগাত্মকভাৱে উদীগ্ন হৈ যায়, তেনেহলে তেওঁৰ স্বমুখীনতাৰ পৰা উৎপন্ন অনিশ্চয়তাই সেই আৱেগাত্মক আত্মিকতাত সত্য়ক পোৱাৰ আধাৰ তৈয়াৰ হয়। কীৰ্কেগাৰ্ডে ঈশ্বৰৰ উদাহৰণৰ সহায়ত ইয়াক স্পষ্ট কৰিছে। ঈশ্বৰৰ সত্য়তাৰ জ্ঞান বস্তুনিষ্ঠভাৱে লাভ কৰা নাযায়। ঈশ্বৰৰ সত্য়ৰ জ্ঞান আত্মিকভাৱে লাভ কৰা যায়। কীৰ্কেগাৰ্ডৰ মতে, ঈশ্বৰ বিশুদ্ধ মানৱীয় সত্য়, কাৰণ ঈশ্বৰৰ অনুভৱ মাত্ৰ মানৱৰ পক্ষে সম্ভৱ। সেইকাৰণে কীৰ্কেগাৰ্ডে কৈছে যি মনত ঈশ্বৰ সত্য়ৰ ৰূপত উপলব্ধ হয় সি আত্মিকতাৰ ৰূপতহে উপলব্ধ হয়। কীৰ্কেগাৰ্ডে কৈছে, তীব্ৰ আন্তৰিক বিহ্বলতাৰ পৰাই আস্থা জাগি উঠে। আৱেগাত্মক ৰূপত বিশুদ্ধ আস্থা ঐশ্বৰিক সত্য়। এনে ধৰণৰ সত্য় কোনো বস্তুৰ তত্ত্ব পোৱাত নাথাকে, ই আত্মিকতাত ঈশ্বৰক পোৱাত নিহিত থাকে। গতিকে ইয়াৰ পৰা এইটো প্ৰতিপন্ন হয় যে, সত্য় আত্মিক। 

        সত্য়তাৰ এই আত্মিকতাৰ ধাৰণাক আন এটা দৃষ্টিকোণৰ পৰাও প্ৰতিপন্ন কৰিব পাৰি। দুটা আত্মাৰ মাজত সম্পূৰ্ণৰূপে বস্তুনিষ্ঠ সম্বন্ধ স্থাপন কৰা সম্ভৱ নহয়। আত্মা আৰু ঈশ্বৰৰ মাজত এই অৰ্থত বস্তুনিষ্ঠ সম্বন্ধ সম্ভৱ নহয়। যদি এনেকুৱা সম্বন্ধ দেখুওৱা যায়, তেনেহলে এই দুইটা যিকোনো এটাৰ আত্মা ৰূপ খণ্ডিত হৈ যাব। যদি আমি ঈশ্বৰক বস্তুনিষ্ঠ ৰূপত জানোঁ, তেনেহলে তাৰ অৰ্থ হল ঈশ্বৰ আত্মিক নহয়,ই বিষয়- বস্তুনিষ্ঠ। ইয়াৰ সহজ সৰল অৰ্থ হল ঈশ্বৰৰ জ্ঞান আত্মিকতাত সম্ভৱ। এই ধৰণৰে সত্য়ক আত্মিক বুলি প্ৰমাণ কৰা যায়। সেই কাৰণে কীৰ্কেগাৰ্ডে কৈছে, 'Truth is Subjectivity' ।  


2 . সংক্ষিপ্ত প্রশ্ন ( Short questions ) 

1 . Who is the father of existentialism ?

 অস্তিত্ববাদৰ জনক কোন ? 

উত্তৰঃ অস্তিত্ববাদৰ জনক হল- ছোৰেন কীৰ্কেগাৰ্ড।


2. Name of any two books of Kierkegaard

কীর্কেগাৰ্ডৰ যিকোনো দুখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ কীৰ্কেগাৰ্ডৰ যিকোনো দুখন গ্ৰন্থ হল- 1)Either/or, and  2)The Sickness Unto Death ।


3. When and where Kierkegaard was born ? 

ক’ত আৰু কেতিয়া কীৰ্কেগার্ডে জন্মগ্ৰহণ কৰিছিল ? 

উত্তৰঃ ১৮১৩ চনৰ ৫ মে ত ডেনমাৰ্কত কীৰ্কেগাৰ্ডে জন্মগ্ৰহণ কৰিছিল।


4.Who was the father of Kierkegaard? 

কীৰ্কেগাৰ্ডৰ পিতৃ কোন আছিল? 

উত্তৰঃ কীৰ্কেগাৰ্ডৰ পিতৃ হল- মাইকেল পেডাৰছন কীৰ্কেগাৰ্ড।  


5. Who is the author of ' Concluding Unscientific Postscript ' ?

 ' Concluding Unscientific Postscript ' গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?

উত্তৰঃ 'concluding Unscientific Postscript' গ্ৰন্থখনৰ গ্ৰন্থকাৰ হল- কীৰ্কেগাৰ্ড।


 6. Who is the author of ' Either / or ' ?

 ' Either / or ' গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ? 

উত্তৰঃ 'Either/or' গ্ৰন্থখনৰ গ্ৰন্থকাৰ হল- কীৰ্কেগাৰ্ড।


7. Who is the author of ' Fear and Trembling ' ?

Fear and Trembling ' গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ? 

উত্তৰঃ 'Fear and Trembling' গ্ৰন্থখনৰ গ্ৰন্থকাৰ হল- কীৰ্কেগাৰ্ড।


8. Who is the author of ' Journals ' ?

 ' Journals ' গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?

উত্তৰঃ 'Journals' গ্ৰন্থখনৰ গ্ৰন্থকাৰ হল- কীৰ্কেগাৰ্ড। 


9. Who is the author of ' Philosophical Fragments " ?

 " Philosophical Fragments ' গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?

উত্তৰঃ '' philosophical Fragments'' গ্ৰন্থখনৰ গ্ৰন্থকাৰ হল- কীৰ্কেগাৰ্ড।


10. Who is the author of ' The Point of View ' ?

 ' The Point of View ' গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ? 

উত্তৰঃ' The Point of View' গ্ৰন্থখনৰ গ্ৰন্থকাৰ হল- কীৰ্কেগাৰ্ড।


11. Who is the author of ' Stages on Life's Way ?

 ' Stages on Life's Way ' গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ? 

উত্তৰঃ ' Stages on Life's Way' গ্ৰন্থখনৰ গ্ৰন্থকাৰ হল- কীৰ্কেগাৰ্ড।


12. Who is the author of ' The Sickness Unto Death ' ?

 " The Sickness Unto Death ' গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ? 

উত্তৰঃ 'The Sickness Unto Death' গ্ৰন্থখনৰ গ্ৰন্থকাৰ হল- কীৰ্কেগাৰ্ড।


13. Who is the author of ' Training in Christianity ' ?

 ‘ Training in Christianity ' গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?

উত্তৰঃ ' Training in Christianity' গ্ৰন্থখনৰ গ্ৰন্থকাৰ হল- কীৰ্কেগাৰ্ড।

 

14. Who is the author of ' The Concept of Dread ’ ? 

' The Concept of Dread ' গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?

উত্তৰঃ ' The Concept of Dread' গ্ৰন্থখনৰ গ্ৰন্থকাৰ হল- কীৰ্কেগাৰ্ড।


15. Who is the author of ' Works of Love ' ?

 ' Works of Love ' গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ? 

উত্তৰঃ 'Works of Love' গ্ৰন্থখনৰ গ্ৰন্থকাৰ হল- কীৰ্কেগাৰ্ড।


16. What are the three stages of human existence ?

 মানৱ অস্তিত্বৰ তিনিটা স্তৰ কি কি ? 

উত্তৰঃ মানৱ অস্তিত্বৰ তিনিতা স্তৰ হল-

(i) সৌন্দৰ্যাত্মক বা সাংবেদনিক স্তৰ(Aesthetic Stage)

(ii) নৈতিক স্তৰ(Ethical Stage)

(iii) ধৰ্মীয় স্তৰ (Religious Stage) । 

 

17. What are the three spheres of existence ?

 মানৱ অস্তিত্বৰ তিনিটা অৱস্থিতি কি কি ? 

উত্তৰঃ মানৱ অস্তিত্বৰ তিনিটা অৱস্থিতি হল- 

(i) সৌন্দৰ্যাত্মক বা সাংবেদনিক স্তৰ(Aesthetic Stage)

(ii) নৈতিক স্তৰ(Ethical Stage)

(iii) ধৰ্মীয় স্তৰ (Religious Stage) । 


18. What are the symptoms of Aesthetic Stage ? 

সাংবেদনিক স্তৰৰ লক্ষ্যণ কেইটা কি কি ?

উত্তৰঃ সাংবেদনিক স্তৰৰ লক্ষ্য়ণ কেইটা হল- 

(i) সংবেদনশীল তৎকালীনতা( sensual immediacy)

(ii) সংশয়(doubt)

(iii) হতাশা( despair)


19. Who is called by Kierkegaard the ‘ father of faith ’ ? 

কীর্কেগার্ডে ‘ বিশ্বাসৰ জনক ’ বুলি কাক কৈছে ? 

উত্তৰঃ কীৰ্কেগাৰ্ডে আব্ৰাহমক ' বিশ্বাসৰ জনক' বুলি কৈছে।


20. What is truth , according to Kierkegaard ? 

কীর্কেগাৰ্ডৰ মতে সত্য কি ? 

উত্তৰঃ কীৰ্কেগাৰ্ডৰ মতে সত্য় হল-আত্মিক।


21. " is the truth " ( fill the blank ) 

‘ সত্য হ’ল – ’ ( খালী ঠাই পুৰণ কৰা )

উত্তৰঃ ' সত্য় হল- আত্মিক।


22. According to Kirkegaard , truth is concrete / abstract . 

কীর্কেগাৰ্ডৰ মতে , সত্য মূর্ত / অমূর্ত বিষয় । 

উত্তৰঃ

23. According to Kierkegaard , truth is Subjectivity / objectivity .

 কীর্কেগাৰ্ডৰ মতে , সত্য আত্মগত / বস্তুগত ।

উত্তৰঃ আত্মগত।

 

24. Was Kierkegaard a theistic ? 

কীর্কেগার্ড এজন আস্তিক নে ?

উত্তৰঃ কীৰ্কেগাৰ্ড এজন আস্তিক।


25. Give Kierkegaard's difinition of truth . 

কীৰ্কেগাৰ্ডৰ সত্যৰ সংজ্ঞাটো দিয়া । 

উত্তৰঃ কীৰ্কেগাৰ্ডৰ সত্য়ৰ  সংজ্ঞাটো হল- 'সত্য় হল প্ৰৱলৰূপত আৱেগাত্মক আন্তৰিকতাৰ পৰা জাগি উঠা আত্মিকৰণ প্ৰক্ৰিয়াৰ বস্তুনিষ্ঠ অনিশ্চয়তা'।


26. What is the first stage of existential transformation according to Kierkegaard ?

 কীর্কেগাৰ্ডৰ মতে , মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় প্রথম স্তৰটো কি ?

উত্তৰঃ কীৰ্কেগাৰ্ডৰ মতে, মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় প্ৰথম স্তৰটো হল- সৌন্দৰ্যাত্মক বা সাংবেদনিক স্তৰ।


27. What is the second stage of existential transformation according to Kierkegaard ? 

কীর্কেগাৰ্ডৰ মতে , মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় দ্বিতীয় স্তৰটো কি ? 

উত্তৰঃ কীৰ্কেগাৰ্ডৰ মতে, মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় দ্বিতীয় স্তৰটো হল- নৈতিক স্তৰ।


28. What is the last stage of existential transformation according to Kierkegaard ? 

কীৰ্কেগাৰ্ডৰ মতে , মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় সর্বশেষ স্তৰটো কি ? 

উত্তৰঃ কীৰ্কেগাৰ্ডৰ মতে, মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় সৰ্বশেষ স্তৰটো হল- ধৰ্মীয় স্তৰ।


29. Why did Kierkegaard reject the emphasis upon objectivity ? 

বস্তুগততাৰ আধিপত্যক কীর্কেগার্ডে কিয় অস্বীকাৰ কৰিছে ?

উত্তৰঃ


30. Why did Kierkegaard emphasis upon subjectivity ? 

আত্মিকতাৰ ওপৰত কীকেগার্ডে কিয় জোৰ দিছে ?

উত্তৰঃ

 

31. What is aesthetic stage of existential transformation , according to Kierkegaard ? 

কীৰ্কেগাৰ্ডৰ  মতে , মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় সাংবেদনিক স্তৰটো কি ?

উত্তৰঃ  


32. What is ethical stage of existential transformation , according to Kierkegaard ? 

" কীকেগাৰ্ডৰ মতে , মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় নৈতিক স্তৰটো কি ?

উত্তৰঃ

 

33. What is religious stage of existential transformation , according to Kierkegaard ? 

কীকেগাৰ্ডৰ মতে , মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় ধৰ্মীয় স্তৰটো কি ? 

উত্তৰঃ


34. What are the three symptoms of aesthetic stage , according to Kierkegaard ? 

কীৰ্কেগাৰ্ডৰ  মতে , সাংবেদনিক স্তৰৰ তিনিটা লক্ষণ কি কি ? 

উত্তৰঃকীৰ্কেগাৰ্ডৰ মতে, সাংবেদনিক স্তৰৰ তিনিটা লক্ষ্য়ণ হল- 

(i)সংবেদনশীল তৎকালীনতা(sensual immediacy)

(ii) সংশয়(doubt)

(iii) হতাশা( despair)

35. What is ethical despair , according to Kierkegaard ?

 কীকেগাৰ্ডৰ মতে , নৈতিক হতাশা কি ? 

উত্তৰঃ কীৰ্কেগাৰ্ডৰ মতানুসাৰে এই স্তৰতো ব্য়ক্তি সম্পূৰ্ণ সন্তুষ্টি লাভ কৰিব নোৱাৰে। এই স্তৰতো ব্য়ক্তিৰ জীৱনত এক প্ৰকাৰৰ হতাশাই আৱৰি ধৰে যাক নৈতিক হতাশা বুলি কোৱা হয়।


36. What is the stage of faith , according to Kierkegaard ? 

কীর্কেগাৰ্ডৰ মতে , বিশ্বাসৰ স্তৰ কোনটো ? 

উত্তৰঃ কীৰ্কেগাৰ্ডৰ মতে, বিশ্বাসৰ স্তৰটো হল- ধৰ্মীয় স্তৰ।


37. What is the highest morality , according to Kierkegaard ? 

কীর্কেগাৰ্ডৰ মতে , শ্রেষ্ঠ নৈতিকতা কি ? ------ 

উত্তৰঃ


38. According to Kierkegaard , God can be known by - ( subjectively /objectively ) . ( Choose the correct alternative ) - 

কীৰ্কেগাৰ্ডৰ মতে , ঈশ্বৰক জনা যায় ( আত্মিকভাৱে / বস্তুগতভাৱে ) ( শুদ্ধ বিকল্পটো বাছি উলিওৱা )

উত্তৰঃ কীৰ্কগাৰ্ডৰ মতে, ঈশ্বৰক জনা যায় আত্মিকভাৱে।

 

39. " I do not know Truth except when it becomes life with me " Who is associated with this statement ? 

“ I do not know Truth except when it becomes life with me ” এই উক্তিটোৰ লগত জড়িত দার্শনিক গৰাকী কোন ? 

উত্তৰঃ ''I do not know Truth except when it becomes life with me'' এই উক্তিটোৰ লগত জড়িত দাৰ্শনিক গৰাকী হল- কীৰ্কেগাৰ্ড। 


40. " Truth is subjectivity . " ---- Who expressed this view ? 

“ সত্য আত্মিক ” —– এই মত কোনে আগবঢ়াইছে ?

উত্তৰঃ ''সত্য় আত্মিক''- এই মত কীৰ্কেগাৰ্ডে আগবঢ়াইছে। 




Author: Jipika Hazarika