ষষ্ঠ অধ্যায়
এয়োদশ শতিকাৰ অসম
১। পুৰাতত্ত্বৰ অৰ্থ কি ।
উত্তৰঃ পুৰাতত্ত্বৰ অৰ্থ হল অতীতৰ চিন-মোকাম ।
২। পুৰাতাত্ত্বিক অধ্যয়ন মানে কি বুজা ।
উত্তৰঃ অতীতৰ চিন -মোকামসমূহৰ অধ্যয়নেই হল পুৰাতাত্ত্বিক অধ্যয়ন ।
৩। আহোমৰ ৰাজধানী কত আছিল ।
উত্তৰঃ আহোমৰ ৰাজধানী গড়গাৱত ।
৪। লিপিসমূহ কেইটা ধৰণে ভাগ কৰিব পাৰি আৰু কি কি ।
উত্তৰঃ লিপিসমূহ ৫টা ভাগত ভাগ কৰিব পাৰি যেনে
ক) আহোম লিপিসমূহ।
খ) কোচ লিপিসমূহ
গ) কছাৰী লিপি-জয়ন্তীয়া লিপি-চুতীয়া লিপি
ঘ) বৰতোপ লিপি
ঙ) তাম্ৰশাসনসমূহ আৰু অন্যান্য লিপিসমূহ
৫। আহোম যুগৰ প্ৰথম লিপি হিচাপে কোনখন লিপিক জনা যায় ।
উত্তৰঃ গছতল শিলালিপিক ।
৬। লিপি জাৰি কৰা কেইজনমান ৰজাৰ নাম লিখা ।
উত্তৰঃ লিপি জাৰি কৰা কেইজনমান ৰজাৰ নাম হল মহামাণিক্য, মেঘনাৰায়ণ, হৰিচন্দ্ৰ নাৰায়ণ আৰু বীৰদৰ্প নাৰায়ণ ।
৭। ব্ৰাহ্মণক দান দিয়া গাওঁসমূহক কি বুলি কোৱা হয় ।
উত্তৰঃ ব্ৰাহ্মণক দান দিয়া গাওঁসমূহক অগ্ৰহাৰ বুলি কোৱা হয় ।
৮। অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰা দুটা উজ্জল জ্যোতিষ্কপ নাম লিখা ।
উত্তৰঃ অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰা দুটা উজ্জল জ্যোতিষ্কৰ নাম হল
ক) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
খ) শ্ৰী শ্ৰী মাধৱদেৱ
৯। মুদ্ৰাসমূহৰ অধ্যয়নক কি বুলি কোৱা হয় .
উত্তৰঃ মুদ্ৰাসমূহৰ অধ্যয়নক নিউমিচমেটিকছ বুলি কোৱা হয় ।
১০। গৌড়ৰ ৰজা ৰামপালৰ সেনাপতিজনৰ নাম আছিল ।
উত্তৰঃ গৌড়ৰ ৰজা ৰামপালৰ সেনাপতিজনৰ নাম হল মায়ন ।
১১। তবকাত-ই-নচিৰীৰ ৰচক কোন।
উত্তৰঃ তবকাত-ই-নচিৰীৰ ৰচক হল মিনহাজউদ্দিন চিৰাজ ।
১২। জিয়াউদ্দিন বাৰাণীয়ে লিখা গ্ৰন্থখনৰ নাম কি ।
উত্তৰঃ জিয়াউদ্দিন বাৰাণীয়ে লিখা গ্ৰন্থখনৰ নাম হল তাৰিখ-ই-ফিৰোচাহী ।
১৩। আকবৰ নামা গ্ৰন্থখন কোনে ৰচনা কৰিছিল ।
উত্তৰঃ আকবৰ নামা গ্ৰন্থখন আবুল ফজলে ৰচনা কৰিছিল ।
১৪ । আহোম যুগৰ মুদ্ৰাসমূহৰ আকৃতি কেনেকুৱা আছিল ।
উত্তৰঃ আহোম যুগৰ মুদ্ৰাসমূহৰ অষ্টবূজ আকৃতিৰ আছিল ।
১৫। ৰাজেশ্বৰ সিংহই জাৰি কৰা মুদ্ৰাত কি লিপিৰ প্ৰয়োগ দেখা যায় ।
উত্তৰঃ ৰাজেশ্বৰ সিংহই জাৰি কৰা মুদ্ৰাত দেৱনাগৰূ লিপিৰ প্ৰয়োগ দেখা যায় ।
১৬। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল ।
উত্তৰঃ চাওলুং চুকাফা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল ।
১৭। দুজন বিদেশী ভ্ৰমণকাৰীৰ নাম লিখা ।
উত্তৰঃ দুজন বিদেশী ভ্ৰমণকাৰীৰ নাম হল
ক) ৰালফ ফিটছ
খ) ষ্টিফেন কেচলা
১৮। আহোম ভাষাত বুৰঞ্জীসমূহক কেইটাভাগত ভগাব পাৰি আৰু কি কি ।
উত্তৰঃ আহোম ভাষাত বুৰঞ্জীসমূহক দুটা ভাগত ভাগ কৰিব পাৰি যেনে
ক) লাই-লিক বুৰঞ্জী
খ) লিট বুৰঞ্জী
১৯। লিট বুৰঞ্জীক অসমীয়াত কি বুৰঞ্জী বুলি আখ্যা দিয়া হয় ।
উত্তৰঃ লিট বুৰঞ্জীক অসমীয়াত বৰপাহী বুৰঞ্জী বুলি কোৱা হয় ।
২০। পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।
উত্তৰঃ পালবংশৰ প্ৰতিষ্ঠাতা হল ব্ৰহ্মপাল ।
২১। ভূঞা শব্দৰ অৰ্থ কি ।
উত্তৰঃ ভূঞা শব্দৰ হল মাটিৰ মালিক ।
২২। ভূঞাসকলৰ বিষয়ে বহলাই আলোচনা কৰা ।
উত্তৰঃ পাল ৰাজবংশৰ পতনৰ পিছত কামৰূপ ৰাজ্যৰ বাঙোন আৰম্ভ হৈ বহুতো সৰু-সৰু ৰাজ্যৰ সৃষ্টি হৈছিল । সেই সমূহৰ ভিতৰত ভূঞা নামৰ এচাম নতুন শাসকে মুৰ দাঙি উঠিছিল । পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ মাটি আৰু মাটি চহ কৰিবলৈ বনুৱা মজ্ঞুৰী হিচাপে পাই অহা সামন্ত শ্ৰেণীটোৰ পৰাই বূঞাসকলৰ আৱিৰ্ভাৱ হৈছিল বুলি ধাৰণা হয় । এই সামন্ত শ্ৰেণীটো জনজাতীয় কৰতলীয়া ৰজাসকল আৰু তেওঁলোকৰ অধীনৰ বিষয়াসকল, পূৰ্বৰ শাসন ব্যৱস্থাৰ উচ্চ বিষয়া আৰু তেওঁলোকৰ বংশধৰসকল আৰু পাছলৈ কনৌজমুখীয়া কায়স্থ সকলকলৈ গঠিত হৈছিল । এই সামন্ত শ্ৰেণীটোৰ হাতত অপৰ্যাপ্ত ধন-সম্পত্তি আৰু সৈন্যবল থকাৰ বাবে কোনো ৰাজশক্তি দুৰ্বল, যেন পালেই নিজকে স্বাধীন হিচাপে ঘোষণা কৰিছিল । কিন্তু কোনো শক্তিশালী ৰজা শাসনলৈ আহিলেই তেওঁলোকে ততালিকে বশ্যতা স্বীকাৰ কৰি ৰজাৰ তলত সাধাৰণ সামন্তৰ দৰে থাকিছিল । প্ৰথম অৱস্থাত ভূঞাসকলে উত্তৰ পাৰে দিকৰাই আৰু বৰনদীৰ মন্ধ্যাৰ ৰাজত্বকালৰ শেষৰফালে এই ভূঞাসকলে পশ্চিম অসমলৈও নিজৰ ক্ষমতা বিস্তাৰ কৰিছিল । ভূঞা শব্দৰ ্অৰ্থ হল মাটিৰ মালিক বা ভূ-স্বামী । সংস্কৃত ভাষাৰ ভৌমিক আৰু পাৰ্চী ভাষাৰ জমিদাৰ ভূঞা শব্দৰ সমাৰ্থক শব্দ । বৃহ ৎ এলেকাৰ মাটিৰ মালিক হৈ শক্তিশালী হৈ উঠা যিকোনো লোকেই ভূঞা হব পাৰিছিল । সেইবাবে ভূঞাসকল এটা শ্ৰেমী হৈ পৰিছিল । কিন্তু জাতি নাছিল । বিবিন্ন জাতি, জনজাতি আনকি মুছলমান সকলৰ পৰাও ভূঞা হোৱাৰ উদাহৰণ আছে । তথাপি ভূঞা শ্ৰেমীটোত ব্ৰাহ্মণ আৰু কায়স্থ অধিক দেখা যায় । কাৰণ প্ৰথম অৱস্থাত এই লোকসকলেহে ৰজাৰ পৰা দান হিচাপে বিস্তীৰ্ণ এলেকা লাভ কৰিছিল । অসমৰ বূঞা সকলৰ আৰম্ভ সম্পৰ্কে দুটা মত প্ৰচলিত থকা দেখা যায় ।
পশ্চিমে অসমত প্ৰচলিত এক মত অনুসৰি খৃঃ চতুদৰ্শ শতিকাৰ প্ৰথম ভাগত গৌড়ৰ ৰজা ধৰ্মনাৰায়ণ আৰু কামৰূপৰ ৰজা দুলৰ্ভ নাৰায়ণৰ মাজত হোৱা চুক্তি অনুসৰি ভূঞাসকল গৌড় দেশৰ পৰা কামৰূপলৈ আহিছিল । ভূঞাসকল আদিতে কনৌজত বাস কৰিছিল । তুৰ্কী-মুছলমান সকলে কনৌজ অধিকাৰ কৰাত তেওঁলোক প্ৰথমে গৌড় ৰাজ্যলৈ আৰু তাৰ পিছত কামৰূপলৈ আহে । কমতাৰাজ দুলৰ্ভনাৰায়ণে এই ভূঞাসকলক প্ৰথমে হাজোৰ পূবত আৰু বৰনদীৰ দক্ষিণে থকা ভূটান সীমান্তৰ লেঙ্গেনাগুৰি নামৰ ঠাইত স্থাপন কৰিছিল । বৈষ্ণৱ সাহিত্যসমূহত উল্লেখ থকামতে এই ভূঞাসকলে পুনৰ গৌড়ৰ পৰা তেোঁলোকৰ পা-পৰিয়াল বন্ধুবৰ্গ আৰু ঘৰুৱা পুৰোহিত কামৰূপলৈ ানে । ফলত মূল সাতঘৰ কায়স্থ লগত পাছত অহা পাচঘৰ কায়স্থ পৰিয়াল লগ-লাগি বাৰঘৰ ভূঞা বা বাৰভূঞা নামেৰে পৰিচিত হয় । লেঙ্গেনাগুৰিত এই ভূঞাসকল ভূটিয়াৰ অত্যাচাৰত তিষ্ঠিৱ নোৱাৰি নগাৱৰ আলিপুখুৰীলৈ াহি বসতি কৰে ।
ভূঞাসকলৰ আতি গুৰি সম্পৰ্কে থকা আনটো মত অনুসৰি ৰজা আৰিমত্তৰ মন্ত্ৰী সমুদ্ৰৰ নাতিনী লক্ষিমীৰ শান্তনু আৰু শ্যামন্ত নামেৰে দুজন পুতেক আছিল । শান্তনু বৈষ্ণৱ আৰু শ্যামন্ত শাক্ত আছিল । মাকৰ মৃত্যুৰ পাছত দুই-ভাই-ককািৰ মাজত মনোমালিন্য হোৱাত জেষ্ঠ পুত্ৰ শান্তনু নগাৱলৈ উঠি যায় । আনহাতে, শ্যামন্ত পূৰ্বৰ ঠাইতে লাগি থকাত নাম অনুসৰি ঠাইখনৰ নাম লক্ষীমপুৰ ৰাখে ।
২৩। চুতীয়া ৰাজ্যৰ বিষয়ে লিখা ।
উত্তৰঃ পালসকলৰ পতনৰ পাছত কামৰূপৰ ভাঙোন আৰম্ভ হওঁতে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত জনজাতীয় ৰাজ্য গঠনৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই ৰাজ্যসমূহৰ ভিতৰত চুতীয়া ৰাজ্য আছিল অন্যতম । এই চুতীয়াসকলৰ ৰাজ্য পশ্চিমে সোৱণশিৰিৰ উপনদী চিচিৰ পৰা পূবে ব্ৰহ্মপুত্ৰ আৰু উত্তৰে হিমালয়ৰ পাদদেশৰ পাহাৰ সমূহৰ পৰা দক্ষিণে বুঢ়ী দিহিং, নদীলৈকে বিস্তৃ আছিল । চুতীয়া সকল মঙ্গোলীয় মূলৰ আৰু ভাষাৰ ফালৰ পৰা বড়ো-কছাৰী সকলৰ ভাষাৰ লগত তেওঁলোকৰ ভাষাৰ বহু মিল দেখা যায় ।
চুতীয়াসকলৰ কেইবাটাও ভাগ থকাৰ কথা জানিব পাৰি ।
যেনে হিন্দু চুতীয়া, বৰাহী চুতীয়া, দেউৰী চুতীয়া, আহোম চুতীয়া, আৰু মিৰি চুতীয়া । এই ভাগবোৰে অৱশ্য কোনো গোষ্ঠীগত বিভাজন নাছিল । যিসকল চুতীয়ালোকে প্ৰথমে হিন্দুধৰ্ম গ্ৰহণ কৰিছিল তেওঁলোক হিন্দু চুতীয়া হিচাপে পৰিচিত হৈ পৰিছিল । দেউৰী চুতীয়াসকল আছিল চুতীয়া জাতিৰ পুৰোহিত এই দেউৰী চুতীয়াসকলেই অতীজৰে পৰা চুতীয়া জাতিৰ ধৰ্ম, ভাষা আৰু প্ৰথাসমূহ সংৰক্ষণ কৰি আহিছে । হিন্দু চুতীয়াসকলতকৈ পাছত হিন্দুধৰ্ম গ্ৰহণ কৰা চুতীয়াসকল বৰাহী চুতীয়া হিচাপে জনা গৈছিল । আহোম আৰু চুতীয়াৰ মাজত হোৱা বৈবৈহিক সম্পৰ্কৰ ফলত যিসকল চুতীয়াৰ সৃষ্টি হৈছিল তেওঁলোকক আহোম চুতীয়া নামেৰে জনা গৈছিল ।
২ত। চুতীয়াসকলৰ শেষৰজন শক্তিশালী ৰজাৰ নাম কি আছিল ।
উত্তৰঃ চুতীয়াসকলৰ শেষৰজন শক্তিশালী ৰজাৰ নাম হল ধীৰনাৰায়ণ ।
২৪। কছাৰীসকলৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ কামৰূপ ৰাজ্যৰ ভাভোনৰ পাছত কছাৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁলোকৰ ৰাজ্য গঠন কৰিছিল । অসমৰ অতি প্ৰাচীন শক্তিশালী এই কছাৰীসকলে বিভিন্ন সময়ত বিভিন্ন স্থানত নিজৰ সভ্যতা -সংস্কৃতি গঢ়ি তুলিছিল । মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্গত সকলো ঠাইতে কছাৰীসকল একে মূল্যৰে হলেও বিভিন্ন স্থানত তেওঁলোক বিভিন্ন নামেপে জনা গৈছিল । উত্তৰবঙ্গ আৰু গোৱালপাৰাত তেওঁলোক মেচ নামেৰে পৰিচিত আছিল । আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁলোক বড়ো বা বড়োফিচা আৰু উত্তৰ কাছাৰত ডিমাছা বা হিমা ফিচা হিচাপে জনা গৈছিল । আহোমসকলে তেওঁলোকক ডিমাচা বুলি কৈছিল ।
ছাৰ এডবাৰ্ড গেইটে কছাৰীসকলক ব্ৰহ্মপুত্ৰ উপত্যকাৰ আটাইতকৈ পুৰণি বাসিন্দা বুলি অভিহিত কৰিছে । পণ্ডিত এণ্ডেলেও কছাৰীসকলক অসমৰ আদি বূমিপুত্ৰ বুলি অভিহিত কৰিছে । কিন্তু বড়ো-কছাৰী সকলক নিজা প্ৰবাদ অনুসৰি তেওঁলোক তিব্বত চীনৰ পৰাহে বাৰতলৈ আহিছিল । ঐতিহাসিক ৰাজামোহন নাথে উল্লেখ কৰিছে যে এসময়ত উত্তৰ-চীনত বড নামেৰে এখন দেশ আছিল । প্ৰাগ-ঐতিহাসিক সময়ছোৱাতে ইন্দো-চীন ভাষী জনগোষ্ঠীসমূহৰ উত্তৰ পশ্চিম চীনৰ পৰা বিবিন্ন দিশত যাত্ৰা আৰম্ভ হৈছিল বুলি ঐতিহাসিক সুনীতি কুমাৰ চট্টোপাধ্যায়ে মতপোষণ কৰিছে । এই সকল পণ্ডিৰ মতে মহাবাৰতৰ যুদ্ধৰ আগতেই এই বড়ো-কছাৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰিছিল । চীনো-তিব্বতীয় -মঙ্গোলীয় গোষ্ঠীৰ এই লোকসকলে খৃ.পূ প্ৰায় দুহেজাৰ বছৰৰ পূৰ্বে চীনৰ পশ্চিম অঞ্চলত বাস কৰিছিল । তাৰ পৰা তেওঁলোক ক্ৰমে দক্ষিণ পূব এছিয়া আৰু তিৰ্ব্বতলৈ বসতি বিস্তাৰ কৰে । তিৰ্ব্বতৰ পৰা তেওঁলোক ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰবেশ কৰে । কছাৰীসকলৰ ৰাজ্য গঠন প্ৰক্ৰিয়া সম্পৰ্কে জানিব পৰা হোৱা নাই ।
২৫। বৰাহী আৰু কছাৰীসকলৰ বিষয়ে লিখা ।
উত্তৰঃ পালবংশৰ পতনৰ পাছত কামৰূপৰ ভাভোন হোৱাৰ ফলত মূৰ দাঙি উঠা অন্য দুখন ৰাজ্য আছিল মৰাণসকলৰ ৰাজ্য আৰু বৰাহীসকলৰ ৰাজ্য । এই দুইখন ৰাজ্যৰ বিষয়ে জানিবৰ বাবে নিৰ্ভৰযোগ্য তথ্য বৰ্তমানেও পৰ্যাপ্ত নহয় । এখন হাতেলিখা পুথিত উল্লেখ থকামতে মৰাণসকলে উত্তৰে বুঢ়ীদিহিঙৰ পৰা দক্ষিণে দিচাং আৰু পূবে চাফ্ৰাইৰ পৰা পশ্চিমে ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ অঞ্চলটোত বাস কৰিছিল । আহোম ৰজা চুকাফাৰ সমসাময়িক বৰাহী ৰজা আছিল বদৌচা । তেওঁ শদিয়াৰ দক্ষিণে কাকতল অঞ্চলৰ পৰা শাসন কৰিছিল । আনহাতে, বৰাহীসকলে উত্তৰে দিচাঙৰ পৰা দক্ষিণে দেখৌলৈ আৰু পূবে নগাহাটৰ পৰা পশ্চিমে বৰাহী ফিকাৰ অঞ্চলটোত শাসন কৰিছিল । চুকাফাৰ সমসাময়িক বৰাহী ৰজা আছিল থাকুমথা । এই বৰাহীসকলৰ ৰাজধানী আছিল চৰাইদেউ পাহাৰৰ ওচৰত । এই দুয়োটা জনগোষ্ঠীয়েই শ্বান-তাই অৰ্থা ৎ আহোম সকলৰ ওচৰত বশ্যতা স্বীকাৰ কৰিছিল । আহোমসকলে এই দুই জনগোষ্ঠীৰ লগত ৰাজনৈতিক সম্পৰ্কৰ বৈবাহিক সম্পৰ্কৰ দ্বাৰা মিত্ৰতা স্থাপন কৰিছিল ।
২৬। চুকাফাৰ পিতৃ-মাতৃৰ নাম আছিল ।
উত্তৰঃ চুকাফাৰ পিতৃ আৰু মাতৃৰ নাম হল ক্ৰমে চাও-চাং নিও আৰু নাংমং ব্লাক- খাম-চেন ।
২৭। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন াআছিল ।
উত্তৰঃ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা হল বিশ্বসিংহ ।
২৮। বিশ্বসিংহৰ পিতৃৰ নাম কি আছিল ।
উত্তৰঃ বিশ্বসিংহৰ পিতৃৰ নাম হল হাৰিয়া মণ্ডল ।
Author : Ali Rani Kakati
Post ID :DABP003726
0 Comments