10.1 সূচনা (Introduction) :

  ইয়াৰ আগৰ অধ্যায়সমূহত ভাৰতৰ অর্থনৈতিক উন্নয়নৰ অভিজ্ঞতাৰ বিষয়ে আমি বিশদ অধ্যয়ন কৰিছোঁ এই সন্দৰ্ভত ভাৰতে গ্ৰহণ কৰা নীতিসমূহ আৰু দেশৰ বিভিন্ন খণ্ডত ইবোৰে পেলোৱা প্ৰভাৱৰ বিষয়েও আমি অধ্যয়ন কৰিছোঁ যোৱা দুটামান দশকতআংশিকভাৱে গোলকীকৰণৰ প্ৰক্ৰিয়াৰ কাৰণে পৃথিৱীৰ বিভিন্ন দেশসমূহত যি অর্থনৈতিক পৰিৱৰ্তন ঘটিছে সিয়ে ভাৰতকে ধৰি প্ৰতিখন দেশৰ বাবে হ্রস্বম্যাদী আৰু দীৰ্ঘম্যাদী দুয়োধৰণৰ তাৎপর্য বহন কৰিছে শীতল যুদ্ধৰ পৰৱৰ্তীকালত বিশ্বৰ দেশসমূহে মূলতঃ নিজ নিজ দেশীয় অর্থব্যৱস্থা টনকিয়াল কৰিবৰ কাৰণে নানা ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰি আহিছে এই কাৰণেই দেশসমূহে ছার্ক (SAARC), ইউৰোপীয়ান ইউনিয়ন (EU), আছিয়ান (ASEAN), জি- (G-), জি-২০ (G-20) আদি বিভিন্ন আঞ্চলিক আৰু গোলকীয় জোঁট গঠন কৰিছে তদুপৰি নিজ নিজ উন্নয়ন প্ৰক্ৰিয়াৰ আপেক্ষিক শক্তি তথা দুৰ্বলতাসমূহৰ বিষয়ে ভালকৈ অনুধাৱন কৰাৰ উদ্দেশ্যে চুবুৰীয়া দেশসমূহৰ উন্নয়নত প্ৰক্ৰিয়াৰ প্ৰয়োগৰ প্ৰয়াস আৰু বুজ লোৱাৰ আগ্ৰহ বিশ্বৰ দেশসমূহত ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে। বিশ্বায়নৰ প্ৰক্ৰিয়াৰ লগে লগে উন্নয়নশীল দেশসমূহৰ মাজত এনে আগ্ৰহ আৰু প্ৰয়াস বিশেষভাৱে প্ৰয়োজনীয় হৈ পৰিছে। কিয়নো, এই দেশসমূহ অকল যে উন্নত দেশসমূহৰ সৈতেই প্রতিযোগিতাত অৱতীৰ্ণ হবলগীয়া হৈছে তেনে নহয়, বৰঞ্চ এই উন্নয়নশীল দেশসমূহৰ সীমিত অর্থনৈতিক ক্ষেত্ৰখনত ইখনে সিখনৰ লগতো পৰস্পৰ প্ৰতিযোগিতাত নামিবলগীয়া হৈছে। চুবুৰীয়া দেশসমূহৰ অৰ্থব্যৱস্থাৰ জ্ঞান আহৰণ কৰাটো এই বাবেও প্ৰয়োজনীয় যে সহভাগী পৰিৱেশত একোটা অঞ্চলৰ সকলো মুখ্য উমৈহতীয়া আর্থিক কাৰ্যই সামগ্রিক মানৱ উন্নয়নক প্ৰভাৱিত কৰে।

    এই অধ্যায়ত আমি ভাৰতবৰ্ষ আৰু ইয়াৰ দুখন ডাঙৰ চুবুৰীয়া দেশ পাকিস্তান আৰু চীনৰ উন্নয়নৰ কৌশলসমূহৰ মাজত তুলনা কৰিম। এইখিনিতে মন কৰিবলগীয়া যে প্রাকৃতিক সা সমলৰ ফালৰ পৰা এই দেশকেইখনৰ মাজত সামঞ্জস্য থাকিলেও কেউখন দেশৰ ৰাজনৈতিক পৰিৱেশ যেনে ভাৰতৰ আধাশতিকাৰ ধৰি প্রচলিত ধৰ্মনিৰপেক্ষ আৰু উদাৰ সংবিধান আধাৰিত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্র, পাকিস্তানৰ সামৰিক একনায়কত্ববাদী ৰাজনৈতিক ব্যৱস্থা আৰু সৌ সিদিনা মাত্ৰ উদাৰবাদী পুনৰ-গঠন প্ৰক্ৰিয়া হাতত লোৱা কৰ্তৃত্ববাদী অৰ্থব্যৱস্থাৰ চীনৰ-মাজত তেনেই সামান্য সাদৃশ্যহে আছে।

Type Janmoni Hazarika