9.6 সামৰণি (Conclusion) :
ঊর্ধমুখী জনসংখ্যাৰ আৱশ্যকতা পূৰণৰ বাবে বর্ধিত সামগ্ৰী আৰু সেৱা উৎপাদনৰ লক্ষ্যৰে পৰিচালিত অর্থনৈতিক উন্নয়নে পৰিৱেশৰ ওপৰত অধিক চাপৰ সৃষ্টি কৰে। উন্নয়নৰ প্ৰাৰম্ভিক স্তৰত, পৰিৱেশমূলক সম্পদসমূহৰ চাহিদা ইবিলাকৰ যোগানতকৈ কম আছিল। বর্তমান বিশ্বই এনে সম্পদসমূহৰ বৰ্ধিত চাহিদাৰ সন্মুখীন হৈছে, কিন্তু মাত্ৰাধিক ব্যৱহাৰ আৰু অপব্যৱহাৰৰ বাবে ইহঁতৰ যোগান সীমিত হৈ পৰিছে। বহনক্ষম উন্নয়নৰ উদ্দেশ্য হ’ল এনে এক ধৰণৰ উন্নয়নক আগবঢ়াই নিয়াটো যিয়ে পৰিৱেশ সম্পৰ্কীয় সমস্যা সমূহ নিম্নতম কৰে আৰু ভৱিষ্যত প্রজন্ম সমূহৰ প্রয়োজনীয়তাবোৰ পূৰণ কৰাৰ সামর্থ্যৰ ক্ষেত্ৰত আপোচ নকৰাকৈ বৰ্তমান প্রজন্মৰ নিজ নিজ প্রয়োজনীয়তা পূৰণ কৰে।
Type Janmoni Hazarika
Post ID : DABP005142