10.6  উন্নয়নৰ কৌশলসমূহ- এক মূল্য়ায়ন (Development Strategies- An Appraisal) :

    সাধাৰণতেকোনো এখন দেশৰ উন্নয়নৰ কৌশলসমূহ আনদেশৰ উন্নয়নৰ ক্ষেত্ৰত শিক্ষা আৰু আৰ্হি স্বৰূপ বিশেষকৈ পৃথিৱীৰ বিভিন্ন দেশত অর্থনৈতিক সংস্কাৰৰ কাৰ্যসূচী হাতত লোৱাৰ লগে লগে এই কথা পৰিষ্কাৰ হৈ পৰে আমাৰ চুবুৰীয়া দেশসমূহৰ অৰ্থনৈতিক প্ৰদৰ্শনৰ পৰা শিক্ষা আহৰণ কৰিবলৈ 'লে সেই দেশবিলাকৰ সফলতা অথবা ব্যৰ্থতাৰ গুৰি অনুধাৱন কৰা অত্যন্ত প্রয়োজনীয় ইয়াৰ বাবে এই দেশসমূহে হাতত লোৱা উন্নয়নৰ কৌশলসমূহৰ বিভিন্ন পৰ্যায়ৰ মাজৰ প্ৰভেদ আৰু বৈপৰীত্যৰ বিষয়েও খৰচি মাৰি জানি লোৱা দৰকাৰ বিভিন্ন দেশে তেওঁলোকৰ উন্নয়নৰ স্তৰ ভিন ভিন ভাবে অতিক্ৰম কৰিছে যদিও অর্থনৈতিক সংস্কাৰ প্ৰক্ৰিয়াকে এক প্ৰাসংগিক স্তৰ বুলি আমি বিবেচনা কৰিম  আমি জানো যে চীনত অর্থনৈতিক সংস্কাৰ আৰম্ভ হৈছিল 1978 চনত আনহাতেপাকিস্তান আৰু ভাৰতত সংস্কাৰ-আঁচনি হাতত লোৱা হৈছিল ক্ৰমে 1988 আৰু 1991 চনত আমি এতিয়া এই দেশ কেইখনৰ সংস্কাৰ আঁচনিৰ আগৰ আৰু পাছৰ সফলতা আৰু বিফলতাৰ খতিয়ান 

    1978 চনত চীনে কিয় সংগ্ৰথনমূলক সংস্কাৰ আঁচনি (Structural reform) হাতত লৈছিলচীনে ভাৰত নাইবা পাকিস্তানৰ দৰে বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্রা নিধিৰ নিদেৰ্শত সংস্কাৰ আঁচনি হাতত বলৈ বাধ্য হোৱা নাছিল চীনৰ সেই সময়ৰ নতুন নেতৃত্ব মাওবাদী শাসনকালৰ লেহেমীয়া বৃদ্ধি আৰু আধুনিকীকৰণৰ অভাৱক লৈ মুঠেও সন্তুষ্ট নাছিল তেওঁলোকে অনুভৱ কৰিছিল যেবিকেন্দ্ৰীকৰণ আৰু স্ব-নিৰ্ভৰশীলতাৰ আধাৰত • প্রতিষ্ঠিত আৰু বিদেশী প্রযুক্তি, পুঁজি তথা দ্রব্য এৰাই চলিবলৈ বিচৰা মানসিকতাপুষ্ট মাওবাদী অর্থনৈতিক উন্নয়নৰ স্বপ্নভংগ হৈছে। ব্যাপক ভূমি সংস্কাৰ, সামূহিকীকৰণ, GLF আৰু অন্যান্য উৎসাহবর্ধক পদক্ষেপ লোৱা সত্ত্বেও 1978 চনৰ জনমূৰি শস্য উৎপাদন 1950ৰ দশকৰ লগত একেই আছিল।

    দেখা গৈছিল যে, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আন্তঃগাঁথনি নির্মাণ, ভূমি-সংস্কাৰ, বিকেন্দ্ৰীকৃত পৰিকল্পনা আৰু ক্ষুদ্র উদ্যোগৰ দীৰ্ঘদিনীয়া স্থিতিয়ে সংস্কাৰ-পৰৱৰ্তী কালৰ চীনৰ সামাজিক আৰু আয়ৰ নির্দেশকসমূহক ইতিবাচকভাৱে প্ৰভাৱিত কৰিছিল। অর্থনৈতিক সংস্কাৰ আঁচনি প্ৰৱৰ্তনৰ আগেয়ে চীনৰ গাঁও অঞ্চলসমূহত প্রাথমিক স্বাস্থ্যসেৱাৰ সা সুবিধাসমূহৰ ব্যাপক প্রসাৰ ঘটিছিল। প্ৰজা-সংঘ ব্যৱস্থাৰ জৰিয়তে খাদ্য-শস্যৰ অধিক সমতাপূর্ণ বিতৰণ নিশ্চিত কৰা হয়। বিশেষজ্ঞসকলে ইয়াকো আঙুলিয়াই দিছে যে প্ৰতিটো সংস্কাৰমূলক আঁচনিক প্ৰথমে ক্ষুদ্ৰ পৰিসৰত আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী সময়তহে ইয়াৰ ব্যাপক প্ৰসাৰ ঘটোৱা হৈছিল। বিকেন্দ্ৰীকৃত চৰকাৰৰ অধীনত পৰীক্ষা-নিৰীক্ষাই সফলতা আৰু বিফলতাৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যয়ৰ মূল্যায়ন সম্ভৱ কৰি তুলিছিল৷ উদাহৰণস্বৰূপে, আগেয়ে উল্লেখ কৰাৰ দৰে, কৃষি সংস্কাৰৰ অংশ হিচাপে কৃষি-ভূমিক কৃষকসকললৈ কৃষি কাৰ্যৰ বাবে হস্তান্তৰিত কৰাৰ পিছত বুজন সংখ্যক দুখীয়া লোকৰ অৱস্থাৰ উন্নতি হয়। ইয়ে পৰৱৰ্তী কালত গ্রাম্য উদ্যোগৰ উল্লেখযোগ্য বৃদ্ধিৰ বাবে পৰিবেশৰ সৃষ্টি কৰিছিল যি অধিক সংস্কাৰৰ বাবে এক শক্তিশালীআধাৰ গঢ়ি তুলিছিল। সংস্কাৰ আঁচনিয়ে বৃদ্ধিৰ হাৰত বৰঙণি যোগোৱা এনে বহু উদাহৰণ পণ্ডিতসকলে আগবঢ়াইছে।

    পণ্ডিতসকলে যুক্তি আগবঢ়াইছে যে পাকিস্তানত সংস্কাৰমূলক প্ৰক্ৰিয়াৰ ফলত দেশখনৰ সকলোবোৰ অর্থনৈতিক নির্দেশকেই নিম্নগামী হৈছে। আমি আগৰ এক অনুচ্ছেদত পাইছো যে 1980ৰ দশকৰ তুলনাত 1990ৰ দশকত মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ আৰু তাৰ খণ্ড-ভিত্তিক অংশসমূহো হ্রাস পাইছে।

    পাকিস্তান সম্পর্কীয় আন্তর্জাতিক দাৰিদ্ৰৰ সীমাৰেখাৰ তথ্য সন্তোষজনক হ'লেও পাকিস্তানৰ নিজা চৰকাৰী তথ্যৰ আলমত পণ্ডিতসকলে দেখুৱাইছে যে দেশখনত দাৰিদ্র্য বৃদ্ধি পাইছে। 1960ৰ দশকত পাকিস্তানত দৰিদ্ৰলোক আছিল মুঠ জনসংখ্যাৰ 40 শতাংশ। 1980ৰ দশকত ই 25 শতাংশলৈ হ্রাস পায় আৰু 1990ৰ দশকত পুনৰ বাঢ়িবলৈ ধৰে। পণ্ডিতসকলৰ মতে পাকিস্তানৰ বৃদ্ধিৰ হাৰ মন্থৰ হোৱাৰ আৰু দাৰিদ্র্য পুনৰ বৃদ্ধিৰ কাৰণসমূহ হ1) পাকিস্তানৰ কৃষি খণ্ডৰ বৃদ্ধি আৰু খাদ্য-শস্যৰ যোগানৰ অৱস্থা প্রযুক্তিগত পৰিৱৰ্তনৰ আনুষ্ঠানিক প্ৰক্ৰিয়াৰ ওপৰত নহয়; খেতি ভাল হোৱা-নোহোৱাৰ ওপৰতহে বেছি নিৰ্ভৰশীল আছিল। খেতি ভাল হলে অর্থনৈতিক পৰিস্থিতিও টনকিয়াল হৈছিল আৰু খেতি বেয়া হোৱা সময়ত অৰ্থনৈতিক নিৰ্দেশকসমূহে স্থবিৰতা অথবা অধোমুখী গতিধাৰা দৰ্শাইছিল, 2) মনত ৰখা ভাল যে ভাৰতেও বৈদেশিক লেন-দেনৰ সমতাৰ সংকট আঁতৰাবলৈ বিশ্ববেংক আৰু আন্তর্জাতিক সংকট মুদ্রা-নিধিৰ পৰা ধাৰ কৰিবলগীয়া হৈছিল। বৈদেশিক মুদ্রা যিকোনো দেশৰ বাবেই এক আৱশ্যকীয় উপাদানস্বৰূপ আৰু ইয়াৰ আহৰণৰ উপায় জনাটো অত্যন্ত দৰকাৰীউৎপাদিত সামগ্ৰীৰ বহনক্ষম ৰপ্তানিৰ জৰিয়তে বৈদেশিক মুদ্রা আহৰণ কৰিবলৈ সক্ষম হৈ থকা পর্যন্ত দেশ এখনৰ বাবে চিন্তাৰ কোনো কাৰণ নাথাকে ৷ পাকিস্তানৰ বৈদেশিক মুদ্ৰাৰ সৰহভাগেই মধ্য-পূব এছিয়াত থকা প্ৰৱাসী পাকিস্তানী শ্রমিকসকলে দেশলৈ পঠোৱা ধন আৰু চূড়ান্ত অনিশ্চিত কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ পৰা আহৰিত। তদুপৰি দেশখনত বৈদেশিক ঋণৰ ওপৰত ক্রমবর্ধমান নিৰ্ভৰশীলতা থকাৰ বিপৰীতে ঋণ পৰিশোধৰ বৰ্ধিত সমস্যাও আছিল।

    2004–05 চনৰ আগষ্ট মাহৰ বাবে ‘পাকিস্তান চৰকাৰৰ এবছৰীয়া প্ৰদৰ্শনত উল্লেখ কৰাৰ দৰে পাকিস্তানত যোৱা 2002–05ৰ একেৰাহে তিনিটা বছৰত মুঠ ঘৰুৱা আয় ৪ শতাংশ বৃদ্ধি হৈছে। কৃষি, নিৰ্মাণ আৰু সেৱা তিনিওটা খণ্ডই এই বৃদ্ধিত বৰঙণি যোগাইছে। মুদ্রাস্ফীতিৰ উচ্চ হাৰ আৰু দ্ৰুত ব্যক্তিগতকৰণ সত্ত্বেও চৰকাৰে দৰিদ্ৰতা দূৰীকৰণৰ বিভিন্ন ক্ষেত্ৰত ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰিছে। 

Type janmoni Hazarika 




Post ID : DABP005148