8.5 শক্তি (Energy) :

    আমাক শক্তিৰ প্ৰয়োজন কিয় ? কি কি ৰূপত বাৰু ইয়াক পোৱা যায় ? শক্তি এটা জাতিৰ উন্নয়ন প্ৰক্ৰিয়াৰ এটা অতি গুৰুত্বপূৰ্ণ দিশ। ই উদ্য়োগৰ বাবে অত্য়াৱশ্য়কীয়। বৰ্তমানে কৃষি আৰু ইয়াৰ লগত সম্পৰ্কিত কাৰ্য যেনে- সাৰ, কীটনাশক দ্ৰব্য় আৰু খেতিৰ সঁজুলি আদিৰ উৎপাদন আৰু পৰিহহনত ইয়াক বৃহৎ মাত্ৰাত ব্য়ৱহাৰ কৰা হয়। পৰিয়ালসমূহে ৰন্ধা-বঢ়াৰ লগতে পোহৰ আৰু তাপৰ বাবে ইয়াক ব্য়ৱহাৰ কৰে। শক্তি অবিহনে এটা সামগ্ৰী বা সেৱা কাৰ্যৰ উৎপাদনৰS তথা চিন্তা কৰিব পাৰিবানে ?

শক্তিৰ উৎস (Sources of Energy) :

    শক্তিৰ বাণিজ্য়ক আৰু অবাণিজ্য়ক উৎস আছে। কয়লা, পেট্ৰ'লিয়াম আৰু বিদ্য়ুৎ কিনা-বেচা হয় বাবে ইবোৰক শক্তিৰ বাণিজ্য়ক উৎস হিচাপে ধৰা হয়। ভাৰতবৰ্ষত ব্য়ৱহৃত সকলোবোৰ শক্তি উৎসৰ ভিতৰত এই উৎস তিনিটাৰ অংশ 50% ৰো অধিক। অবাণিজ্য়ক শক্তিৰ উৎসবোৰ হল- খৰি, কৃষিৰ অৱশিষ্ট আৰু শুকান গোবৰ। এইবোৰ প্ৰকৃত বা বনাঞ্চলত পোৱা যায়বাবে ইহঁত অবাণিজ্য়ক। বাণিজ্য়ক উৎসবোৰ সাধাৰণতে নবীকৰণযোগ্য় নহয় যদিও (অৱশ্য়ে জলশক্তি ইয়াৰ ব্য়তিক্ৰম) অ-বাণিজ্য়ক উৎসবোৰ সাধাৰণতে নবীকৰণৰ যোগ্য়। ভাৰতীয় পৰিয়ালৰ শতকৰা 60 তকৈয়ো নৈমিত্তিক ৰন্ধন আৰু তাপৰ প্ৰয়োজনীয়তাৰ বাবে পৰম্পৰাগত শক্তিৰ উৎসৰ ওপৰতে নিৰ্ভৰ কৰে।

শক্তিৰ অ-পৰম্পৰাগত উৎসসমূহ (Non Conventional Sources of Energy) :

     শক্তিৰ বাণিদ্য়ক আৰু অ-বাণিজ্য়ক উভয় উৎসকে পৰম্পৰাগত উৎস বুলি কোৱা হয়। শক্তিৰ আন তিনিটা উৎ ক্ৰমে-- সৌৰশক্তি, বায়ুশক্তি আৰু জোৱাৰশক্তিক সাধাৰণতে অ-পৰম্পৰাগত উৎস বুলি ধৰা হয়। ইতিমধ্য়ে লব্ধ আৰু ব্য়ৱহৃত এক উপযুক্ত মিতব্য়য়ী প্ৰযুক্তি ব্য়ৱহাৰ কৰি গ্ৰীষ্মপ্ৰধান দেশ ভাৰতবৰ্ষত উপৰোক্ত তিনিওটা উৎসৰ পৰা শক্তি আহৰণ কৰাৰ এক অপৰিসীম সম্ভাৱনা আছে। আনকি আৰু অধিক কম খৰচী প্ৰযুক্তিৰো বিকাশ সাধিব পাৰি।

বাণিজ্য়ক শক্তিৰ ভোগৰ ধৰণ (Consumption Pattern of Commercial Energy) :

    বৰ্তমান ভাৰতবৰ্ষত ব্য়ৱহৃত মুঠ শক্তিৰ শতকৰা প্ৰায় 65% অংশই হৈছে বাণিজ্য়ক শক্তি।

    ইয়াৰ ভিতৰত শতকৰা 55 অংশেৰে কয়লাৰ স্থান প্ৰথম। ইয়াৰ পিছতে আছে ক্ৰমে- তেল যাৰ অংশ 31%, প্ৰকৃতিক গেছ 11% আৰু জলশক্তি 3%। মুঠ ব্য়ৱহৃত শক্তিৰ 30% তকৈয়ো অধিক আহে অবাণিজ্য়ক উৎসৰ পৰা। অ-বাণিজ্য়ক শক্তিৰ উৎসবোৰ হৈছ খৰি, শুকাল গোবৰ আৰু কৃষিৰ অৱশিষ্ট। ভাৰতৰ শক্তিখণ্ড আৰু অৰ্থব্য়ৱস্থাৰ লগত ইয়াৰ সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট হৈছে-- অপৰিশোধিত খনিজ তেল আৰু পেট্ৰ'জালত সামগ্ৰীৰ ক্ষেত্ৰত দেশখনৰ আমদানি নিৰ্ভৰশীলতা। অদূৰ ভৱিষ্য়তত এই নিৰ্ভৰশীলতা 100 শতাংশৰো অধিক বৃদ্ধি পাব পাৰে। বিভিন্ন খণ্ডত বাণিজ্য়ক শক্তি ব্য়ৱহাৰৰ ধৰণ 8.2 নং তালিকাত সন্নিৱিষ্ট কৰা হৈছে।

    1953-54 চনত পৰিবহণেই আছিল বাণিজ্য়ক শক্তিৰ সৰ্ববৃহৎ ব্য়ৱহাৰকাৰী। অৱশ্য়ে এই ক্ষেত্ৰত পৰিহণ খণ্ডৰ অংশ ক্ৰমাগতভাৱে হ্ৰাস পাইছে আৰু উদ্য়ােগৰ অংশ বৃদ্ধি পাইছে। বাণিজ্য়ক শক্তিসমূহৰ ভিতৰত তেল আৰু গেছৰ ব্য়ৱহাৰ সৰ্বাধিক। দ্ৰুতহাৰত হোৱা অৰ্থনৈতিক বৃদ্ধিৰ লগে লগে শক্তিৰ ব্য়ৱহাৰো বৃদ্ধি পাইছে। 

শক্তি/বিদ্য়ুৎ শক্তি (Power/ Electricity) : 

        সৰ্বাধিক দৃষ্টিগোচৰ হোৱা শক্তিৰ ৰূপটোৱেই হল বিদ্য়ুৎ শক্তি যাক আধুনিক সভ্য়তাৰ প্ৰগতিৰ লগত প্ৰায়ে সমজ্ঞান কৰা হয়। সাধাৰণতে শক্তি বুলিলে বিদ্য়ুৎ শক্তিৰ কথাকে কোৱা হয়। দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন নিৰ্ণয় কৰা আন্তঃগাঁথনিৰ ই এক গুৰুত্বপূৰ্ণ উপাদান। আমাৰ দেশত শক্তিৰ চাহিদাৰ বৃদ্ধিৰ হাৰ সাধাৰণতে মুঠ ঘৰুৱা উপাদান (GDP) ৰ বৃদ্ধিৰ হাৰতকৈ অধিক। বিভিন্ন অধ্য়য়নৰ পৰা জনা গৈছে যে মুঠ ঘৰুৱা উৎপাদনৰ বছৰি 8% বৃদ্ধিৰ বাবে শক্তিৰ যোগান বছৰি প্ৰায়ে 12% বৃদ্ধি পাব লাগিব।

    বিদ্য়ুৎ শক্তি হৈছে-- কয়লা, হাইড্ৰ'কাৰ্বন, জলশক্তি, পাৰমাণৱিক শক্তি, নবীকৰণযোগ্য় শক্তি প্ৰমুখ্য়ে বিভিন্ন প্ৰাথমিক শক্তি সম্পদৰ পৰা আহৰিত এক গৌণ ৰূপত শক্তি। প্ৰাথমিক শক্তি ব্য়ৱহাৰে ইন্ধনৰ প্ৰত্য়ক্ষ আৰু পৰোক্ষ দুয়োটা ব্য়ৱহাৰকেই সামৰি লয়। ই গ্ৰাহকসকলৰ শক্তিৰ চূড়ান্ত ব্য়ৱহাৰ সম্পৰ্কত এখন সম্পূৰ্ণ ছবি দাঙি ধৰিব নোৱাৰে। ভাৰতবৰ্ষত শক্তিৰ গৌণ উৎসমূহ হল কয়লা, তেল, বিদ্য়ুৎ আৰু প্ৰকৃতিক গেছ। 

    2003-04 চনত ভাৰতবৰ্ষৰ মুঠ শক্তি উৎপাদন ক্ষমতাৰ 70% ই আছিল তাপ উৎস (Thermal Sources) ভিত্তিক। জল, বায়ু আৰু আণৱিক উৎসৰ অংশ আছিল ক্ৰমে 28% আৰু 2.4%। ভাৰতবৰ্ষৰ শক্তি নীতিয়ে শক্তিৰ দুই উৎস ক্ৰমে জল আৰু বায়ুক উৎসাহিত কৰি আহিছে। কিয়নো জীৱাষ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল নোহোৱা হেতুকে ইহঁতৰ পৰা কাৰ্বন নিৰ্গমন নহয়। গতিকে এই দুয়োটা উৎসৰ পৰা আহৰিত বিদ্য়ুৎ শক্তিৰ উৎপাদন দ্ৰুত গতিত বৃদ্ধি পাইছে।

    আণৱিক শক্তি হৈছে বিদ্য়ুৎ শক্তিৰ এক গুৰুত্বপূৰ্ণ উৎস। ইয়াৰ পৰিৱেশগত সুবিধা আছে। বৰ্তমানে মুঠ প্ৰাথমিক শক্তি ব্য়ৱহাৰৰ ভিতৰত আণৱিক শক্তিৰ অংশ হৈছে মাত্ৰ 2.4%। এই ক্ষেত্ৰত বিশ্বৰ গড় হিচাপ 13% । এইক্ষেত্ৰত ভাৰতৰ স্থান অতি নিম্ন।

   শক্তি খণ্ডৰ কিছুমান প্ৰত্য়াহ্বান (Some Challanges in the Power Sector) : 

    বিভিন্ন শক্তিকেন্দ্ৰত উৎপাদিত বিদ্য়ুৎশক্তি শেষ পৰ্যায়ৰ উপভোক্তাই সম্পূৰ্ণৰূপে ব্য়ৱহাৰ নকৰে। ইয়াৰ এটা অংশ শক্তিকেন্দ্ৰৰ আনুসংগিক গোটসমূহত খৰচ হয়। আকৌ এটা অংশ বিদ্য়ুৎ প্ৰেৰণত বিনষ্ট হয়। আমি ঘৰত কাৰ্যালয়ত আৰু কাৰখানাত যিখিনি বিদ্য়ুৎশক্তি পাওঁ, সেইখিনি হল শুদ্ধ (net) ভাৱে লভ্য় পৰিমাণ।

ভাৰতবৰ্ষৰ শক্তি খণ্ডই সন্মুখীন হোৱা কিছুমান প্ৰত্য়াহ্বান তলত উল্লেখ কৰা ধৰণৰ--

    (i) অৰ্থনৈতিক বৃদ্ধি বছৰি 7% হাৰত উপনীত হবৰ বাবে ভাৰতত থকা বিদ্য়ুৎ শক্তিৰ উৎপাদনৰ ক্ষমতা যথেষ্ট নহয়। 2000-2012 চনৰ ভিতৰত বিদ্য়ুৎ শক্তিৰ বৰ্ধিত চাহিদা পূৰাবৰ বাবে ভাৰতে নতুনকৈ 1,00,000 মেগাৱাট ক্ষমতাহে বৃদ্ধি কৰিব লাগিব। কিন্তু বৰ্তমান দেশখনে বছৰি মাত্ৰ 20,000 মেগাৱাট পৰিমাপণ ক্ষমতাহে বৃদ্ধি কৰিব পাৰে। আনকি পূৰ্বতে স্থাপিত ক্ষমতাও অৰ্ধব্য়ৱহৃত হৈ আছে। কিয়নো বিদ্য়ুৎ প্ৰকল্পসমূহ সঠিকভাৱে চলি থকা নাই।

    (ii) বিদ্য়ুৎ শক্তি বিতৰণৰ দায়িত্বত থকা ৰাজ্য়িক বিদ্য়ুৎ পৰিষদসমূহ (Sate Electricity Boards) : SEB) এ যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। এই লোকচানৰ পৰিমাণ 500 বিলিয়ন চকাতকৈও অধিক।

    ইয়াৰ কাৰণ হৈছে বিদ্য়ুৎ প্ৰেৰণ আৰু বিতৰমৰ ক্ষেত্ৰত হোৱা লোকচান, বিদ্য়ুতৰ ভুল দৰ নীতি আৰু অন্য়ান্য় অদক্ষতা। কিছুমান পণ্ডিতৰ মতে এই লোকচানৰ প্ৰধান কাৰণ হল কৃষকসকলক বিদ্য়ুৎ বিতৰণ কৰাটো। বিভিন্ন অঞ্চলত ঘটি থকা বিদ্য়ুৎ চুৰি কাৰ্যবোৰেও ৰাজ্য়িক বিদ্য়ুৎ পৰিষদবোৰক অধিক ভাৰাক্ৰান্তকৰি তুলিছে।

    (iii) ব্য়ক্তিগত খণ্ডৰ বিদ্য়ুৎ উৎপাদনকাৰী গোটসমূহে এতিয়াও গুৰুত্বপূৰ্ণ ভূমিকা লব পৰা নাই; বিদেশী বিনিয়োগৰাকীৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য়।

    (iv) বিদ্য়ুতৰ উচ্চ হাৰৰ নিৰিখ আৰু দেশৰ বিভিন্ন প্ৰান্তত সঘনাই ঘটি থকা দীৰ্ঘকাল জোৰা বিদ্য়ুৎ যোগান ব্য়াহতৰ ঘটনাই জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে।

    (v) ভাৰতবৰ্ষৰ শক্তি খণ্ডৰ মূল ভেঁটি তাপ বিদ্য়ুৎ কেন্দ্ৰসমূহে প্ৰয়োজনীয় কেঁচামাল আৰু কয়লাৰ নাটনিত ভুগি আছে।

    এনেদৰে নীৰৱচ্ছিন্ন আৰ্থিক উন্নয়ন তথা জনসংখ্য়াৰ বৃদ্ধিয়ে ভাৰতবৰ্ষই বৰ্তমান উৎপাদন কৰা শক্তিৰ তুলনাত অধিক হাৰত ইয়াৰ চাহিদাৰ বৃদ্ধি ঘটাইছে।

    বৰ্ধিত চৰকাৰী বিনিয়োগ, উন্নতমানৰ গৱেষণা তথা উন্নয়নৰ প্ৰয়াস, উদঘাটন, প্ৰযুক্তিগত উদ্ভাৱন আৰু নবীকৰণযোগ্য় শক্তি উৎস ব্য়ৱহাৰে বিদ্য়ুতৰ অতিৰিক্ত যোগান নিশ্চিত কৰিব পাৰে। ব্য়ক্তিগত খণ্ডই এইক্ষেত্ৰত কিঞ্চিৎ অগ্ৰগতি লাভ কৰিছে যদিও এই খণ্ডটিয়ে বৃহৎ মাত্ৰাত শক্তি উৎপাদনৰ বাবে আগবাঢ়ি আহিবলৈ ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে। অৱশ্য়ে, এই ক্ষেত্ৰত হৈ থকা প্ৰচেষ্টা সমূহ নিশ্চিয় শলাগিবলগীয়া। উদাহৰণ স্বৰূপে, বায়ু শক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰত পঞ্চম বৃহৎ উৎপাদনকাৰী আৰু ইয়াত ব্য়ক্তিগত খম্ডৰ বিনিয়োগ 95% ৰো অধিক। নবীকৰণযোগ্য় শক্তি সম্পদৰ ওপৰত অধিক। নিৰ্ভৰশীলতাই প্ৰচুৰ আৰ্থিক, সামাজিক আৰু পাৰিৱেশিক লাভালাভৰ সৃষ্টি কৰে।

Type Janmoni Hazarika 




Post ID : DABP004125