অধ্যায় 5

প্ৰাচীন গ্ৰীচৰ নগৰ ৰাষ্ট্ৰ/পলিচ ৰাষ্ট্ৰ

   (Polis in ancient Greece) 



অতি চমু প্ৰশ্নঃ

১। পলিচ মানে কি ?

উত্তৰঃ পলিচ মানে হ'ল- প্ৰাচীন গ্ৰীচৰ বাসিন্দাসকল।

২। বলকান অঞ্চলৰ এখন প্ৰাচীন নগৰৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ  বলকান অঞ্চলৰ এখন প্ৰাচীন নগৰৰাষ্ট্ৰৰ নাম হ'ল- ইপিৰাছ।

৩। মধ্য গ্ৰীচৰ এখন প্ৰাচীন নগৰৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ মধ্য গ্ৰীচৰ এখন প্ৰাচীন নগৰৰাষ্ট্ৰৰ নাম হ'ল- এটিকা।

৪। গ্ৰীচৰ এটা প্ৰাচীন জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ গ্ৰীচৰ এটা প্ৰাচীন জনগোষ্ঠীৰ নাম হ'ল- ইজিয়ান।

৫। এথেন্সৰ প্ৰথম ৰজা কোন আছিল ?

উত্তৰঃ  এথেন্সৰ প্ৰথম জন ৰজা আছিল ছেক্ৰপছ।

৬। এথেন্সৰ শেষৰজন ৰজা কোন আছিল ?

উত্তৰঃ  এথেন্সৰ শেষৰজন ৰজা আছিল ক'ড্ৰাছ।

৭। এথেন্সৰ প্ৰথমজন আৰ্কন কোন আছিল ?

উত্তৰঃ  এথেন্সৰ প্ৰথমজন আৰ্কন আছিল একাষ্টাছ।

৮। ইক্লেছিয়া কি ?

উত্তৰঃ  ইক্লেছিয়া হ'ল সাধাৰণ নাগৰিকৰ সভা।

৯। লেক'নিয়ানসকল কোন আছিল ?

উত্তৰঃ  ডৰিয় নামৰ ইণ্ডো-ইউৰোপীয় গোষ্ঠীৰ কিছুমান মানুহে লেক'নিয়া নামৰ ঠাইখন জয় কৰি স্পাৰ্টা নগৰখন প্ৰতিষ্ঠা কৰিছিল। লেক'নিয়া অঞ্চলটো জয় কৰা কাৰণে তেওঁললোকক লেক'নিয়ান হিচাপে জনা যায়।

১০। হেল'টসকল কোন আছিল ?

উত্তৰঃ  ডৰিয় লোকসকলে মিচিনীয় অঞ্চল জয় কৰি স্পাৰ্টাৰ লগত চামিল হয়। এই যুদ্ধত পৰাজিত হোৱা মিচিনিয়াৰ লোকসকলক স্পাৰ্টাৰ লোকসকলৰ দাসত পৰিণত হয়। এই দাসসকলক হেল'ট হিচাপে জনা যায়।

চমু প্ৰশ্নঃ

১। আৰ্কনসকলৰ দুটা দায়িত্ব উল্লেখ কৰা ।

উত্তৰঃ  আৰ্কনসকলৰ দুটা দায়িত্ব হ'ল- 

                    ১। দেৱানী বিচাৰৰ মুখ্য বিচাৰক।

                   ২। উৎসৱসমূহৰ দায়িত্ব।

২। এৰিয়গেৰাছ পৰিষদ কি আৰু ক'ত অনুষ্ঠিত হৈছিল ?

উত্তৰঃ  এৰিয়গেৰাছ পৰিষদ হ'ল জ্যেষ্ঠ নাগৰিকৰ সভা য'ত গুৰুতৰ অপৰাধসমূহৰ বিচাৰৰ লগতে ৰাষ্ট্ৰৰ অইন সম্পৰ্কীয় বিষয়সমূহ আলোচনা হৈছিল। এৰেছ নামৰ এক পাহাৰত এই পৰিষদ অনুষ্ঠিত হৈছিল।

৩। ছ'ল'নে ভাগ কৰা সমাজৰ দুটা ভাগ উল্লেখ কৰা।

উত্তৰঃ  ছ'ল'নে ভাগ কৰা সমাজৰ দুটা ভাগ হ'ল- ১। যুগিটি ।

                                                                               ২। থেটিছ।

৪। ছ'ল'নৰ পাচৰ এথেন্সৰ দুজন শাসকৰ নাম উল্লেখ কৰা।

উত্তৰঃ ছ'ল'নৰ পাচৰ এথেন্সৰ দুজন শাসকৰ নাম হ'ল- থেমিষ্ট'ক্লিছ আৰু পেৰিক্লিছ।

৫। ছক্ৰেটিছৰ দুজন শিষ্যৰ নাম লিখা । 

উত্তৰঃ  ছক্ৰেটিছৰ দুজন শিষ্যৰ নাম হ'ল- প্লেটো আৰু এৰিষ্টট'ল।

চমুটোকাঃ

১। ছফিষ্ট দৰ্শন ।

উত্তৰঃ       গ্ৰীক সভ্যতাৰ সময়তে গ্ৰীচত এক উচ্চমানৰ দৰ্শনৰ বিকাশ ঘটিছিল। খ্ৰীঃ পূঃ পঞ্চম শতিকামানৰ পৰা গ্ৰীচত এই বৌদ্ধিক বিপ্লৱৰ সূচনা হৈছিল। এই চিন্তাধাৰাৰ মূল কেন্দ্ৰ আছিল এথেন্স। এথেন্সত গণতন্ত্ৰৰ বিকাশ আৰু নাগৰিকত্বৰ ধাৰণাৰ বিকাশৰ ফলতে মানুহৰ বৌদ্ধিক দিশত বহুতো নতুন জ্ঞানৰ সঞ্চাৰ হৈছিল। এই বৌদ্ধিক বিকাশৰ ফলত এচাম লোকে পূৰ্বৰে পৰা চলি অহা কথাবিলাকৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা ওপৰত অধ্যয়ন আৰম্ভ কৰে। পূৰ্বৰ ৰীতি-নীতিসমূহৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াই এইসমূহৰ প্ৰযোজনীয়তা বা অপ্ৰয়োজনীয়তা বিচাৰ কৰাৰ বাবে এচাম লোক আগবাঢ়ি আহে। মানুহৰ মানসিক জগতখনলৈ পূৰ্ণতা আনিবৰ বাবে মানুহক উচ্চশিক্ষা দিবলৈ এই লোকসকল আগবাঢ়ি আহিছিল। এনে লোকসকলক ছফিষ্ট হিচাপে জনা গৈছিল। জ্ঞানী বা কোনো বিষয়ত ব্যুৎপত্তি থকা লোকক বুজাবলৈ এই ছফিষ্ট শব্দটি ব্যৱহাৰ কৰা হৈছিল। তেওঁলোক লগ হৈ এখন বিশ্ববিদ্যালয়ৰ দৰে শিক্ষা ব্যৱস্থা তৈয়াৰ কৰিছিল যদিও তেওঁলোকৰ শিক্ষাদানৰ নিৰ্দিষ্ট স্থান বা কেন্দ্ৰ নাছিল। তেওঁলোক আছিল ভ্ৰাম্যমাণ শিক্ষক আৰু কোনো ৰাজহহুৱা স্থানত পইচাৰ বিনিময়ত তেওঁলোকে ডেকাচামক শিক্ষা দিছিল। এই ছফিষ্ট গোষ্ঠীৰ প্ৰতিষ্ঠাতা আছিল থ্ৰেছৰ এডবেৰাত জন্মগ্ৰহণ কৰা প্ৰ'টাগোৰাছ। তেওঁ সমগ্ৰ গ্ৰীচ দেশ ভ্ৰমণ কৰি শিক্ষাদান কৰিছিল যদিও বেছিভাগ সময় এথেন্সত কটাইছিল। তেওঁ আছিল ইউৰেপত ব্যাকৰণৰ ভেঁটি প্ৰতিষ্ঠাতা, প্ৰ'টাৰাছে বহু গ্ৰন্থ লিখি উলিয়াইছিল যদিও উল্লেখযোগ্য তথা বিতৰ্কৰ সৃষ্টি কৰা গ্ৰন্থখন আছিল নিৰীশ্বৰবাদ সম্পৰ্কে। এই গ্ৰন্থত তেওঁ দেৱতাৰ অস্তিত্ব সম্পৰ্কে প্ৰশ্ন তোলাৰ লগতে ধৰ্মীয় দেৱতাসকল জ্ঞানৰ লগত জড়িত নহয় বুলি ব্যাখ্যা আগবঢ়াইছিল। কিন্তু ধৰ্ম আৰু দেৱতাৰ ওপৰত বিশ্বাস ৰখা এথেন্সবাসী আৰু অন্যান্য গ্ৰীচবাসীসকলে তেওঁৰ এই কাৰ্য ৰাষ্ট্ৰৰ পৰিপন্থী হিচাপে গণ্য কৰি প্ৰ'টাগোৰাছৰ এই গ্ৰন্থখন পুৰি পেলাইছিল। জনৰোষত পৰি জীৱনলৈ শংকা অহাত তেওঁ চিচিলিলৈ পলায়ন কৰোঁতে খ্ৰীঃ পূঃ ৪১০ ত পানীত ডুবি মৃত্যুমুখত পৰে। ছ'ফিষ্ট দৰ্শনৰ মূল তত্ত্ব আছিল 'মানুহেই হৈছে সকলো বস্তুৰ মানদণ্ড' (Man is the measure of all things)। আন কেইজনমান উল্লেখযোগ্য ছফিষ্ট দাৰ্শনিক আছিল লিয়োনটিনি, গৰ্গিয়াছ, ইলিছ, হিপিয়াছ, কেয়ছ, প্ৰডিকাছ ইত্যাদি। এই ছফিষ্টসকলে বিভিন্ন বিষয়ৰ শিক্ষাদানৰ লগতে সামাজিক, ৰাজনৈতিক আদি সমস্যাৱলীৰ বিষয়েও আলোচনা কৰিছিল। সত্যানুসন্ধান কৰাটোৱেই আছিল তেওঁলোকৰ মূল লক্ষ্য।

২। ছক্ৰেটিছৰ দৰ্শন।

উত্তৰঃ  গ্ৰীচৰ সৰ্বশ্ৰেষ্ঠ দাৰ্শনিক ছক্ৰেটিছৰ দৰ্শনৰ মূল বিষয়বস্তু আছিল মানুহ। তেওঁ কোনো দৰ্শন প্ৰতিষ্ঠা কৰা নাছিল যদিও তেওঁ আছিল প্ৰকৃততে এজন নীতিবিদ। জ্ঞান অৰ্জন আৰু সত্য উদঘাটনেই আছিল তেওঁৰ জীৱনৰ প্ৰকৃত লক্ষ্য। তেওঁ কোনোধৰণৰ বিদ্যালয় প্ৰতিষ্ঠা কৰা নাছিল। ছফিষ্টসকলৰ দৰে ধনৰ বিনিময়ত তেওঁ শিক্ষাদানো কৰা নাছিল। অৱশ্যে ছফিষ্টসকলৰ দৰেই তেওঁ জ্ঞানৰ জৰিয়তে সত্যত উপনীত হ'বলৈ যুক্তিতৰ্কৰ অৱতাৰণা কৰিছিল। তেওঁ জনসমাগমৰ স্থানসমূহ, হাট-বজাৰ, ৰাস্তা-ঘাট আদি সকলোকে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা  আগবঢ়াবৰ বাবে অনুপ্ৰাণিত কৰিছিল। তেওঁ শিক্ষা দিয়াৰ পৰিৱৰ্তে বিভিন্ন বিষয়সমূহ জনসাধাৰণৰ মাজলৈ আলোচনা বাবে এৰি দিছিল। সকলোৰে লগত কৰা আলোচনাৰ অন্তত তেওঁ এটা সিদ্ধান্তত উপনীত হ'ব বিচাৰিছিল। ছক্ৰেটিছৰ মতে এজন লোক বৃদ্ধ হ'লেই শ্ৰদ্ধাৰ পাত্ৰ হ'ব নোৱাৰে। শ্ৰদ্ধাৰ পাত্ৰ হ'বলৈ লোক এজন জ্ঞানীও হ'ব লাগিব। তেওঁৰ মতে অজ্ঞ পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানৰ পৰা আনুগত্য দাবী কৰিব নোৱাৰে। মানৱ জীৱনক সু-শৃংখলিত কৰিবৰ বাবে বৌদ্ধিক জ্ঞানৰ প্ৰয়োজন।তেওঁ প্ৰতিটো বস্তুৰ সংজ্ঞা নিৰ্ধাৰণ কৰি সত্য উদঘাটনৰ বাবে চেষ্টা চলোৱাত গুৰুত্ব দিছিল। তেওঁৰ মতে সুখ-শান্তি পাবৰ বাবে মানুহে ভাল কাম কৰিব লাগে। ভাগ্য পৰীক্ষাৰ জৰিয়তে এথেন্সৰ শাসন ব্যৱস্থাত বিচাৰকসকলক মনোনীত কৰা কাৰ্য এথেন্সৰ বাবে বিপজ্জনক বুলি তেওঁ মন্তব্য কৰিছিল। ছক্ৰেটিছৰ নীতিবচনসমূহে সমাজৰ ৰক্ষণশীল মানুহসকলক আঘাত হানিছিল। কাৰণ, তেওঁৰ নীতিসমূহ আছিল সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰচলিত ধ্যান-ধাৰণাৰ সম্পূৰ্ণ বিপৰীত। ছক্ৰেটিছৰ এজন সংগী এলকিবিয়াডিছ ৰাষ্ট্ৰৰ স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থত অধিক আগ্ৰহী আছিল আৰু তেওঁ এথেন্সৰ বিৰুদ্ধাচৰণ কৰিছিল। তেওঁৰ অন্য এজন সংগী ক্ৰিটিয়াছে গণতন্ত্ৰৰ বিৰুদ্ধে গ্ৰন্থ ৰচনা কৰাৰ উপৰি থেছালিলৈ গৈ বিদ্ৰোহ কৰিছিল। পেল'পনেছাছ যুদ্ধত এথেন্সৰ পৰাজয়ৰ পাচত তাত ত্ৰিছজন শাসকৰ যি স্বৈৰাচাৰী শাসন প্ৰৱৰ্তন হৈছিল তাৰ এক অন্যতম শাসক আছিল ক্ৰিছিয়াছ। ছক্ৰেটিছৰ প্ৰধান শিষ্য প্লেটোৱে এথেন্সতকৈ অন্য ৰাষ্ট্ৰতকৈ গৈ অধিক সেৱা আগবঢ়াইছিল। ছক্ৰেটিছৰ এনে সহযোগী আৰু শিষ্যসকলৰ কাৰ্যৰ বাবে বহু লোকে ছক্ৰেটিছৰ শিকনিসমূহক জগৰীয়া কৰিছিল। ছক্ৰেটিছৰ শিক্ষাসমূহে এথেন্সৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰা আৰু ভৱিষ্যতে বিপদত পেলাব পাৰে বুলি অৱশেষত ছক্ৰেটিছৰ ওপৰত বিচাৰ আৰম্ভ হৈছিল। এই বিচাৰৰ গোচৰত ৰাজনৈতিক ক্ষেত্ৰতকৈ ধৰ্মৰ দিশটোত অধিক গুৰুত্ব দিয়া হৈছিল। তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কোৱা হৈছিল যে ছক্ৰেটিছে এথেন্সৰ পূৰ্বৰে পৰা প্ৰচলিত দেৱ-দেৱীসকলক স্বীকাৰ নকৰি নিজেই দেৱতাৰ সৃষ্টি কৰিছে আৰু এথেন্সৰ নৱপ্ৰজন্মক বিপথে পৰিচালনা কৰিছে। বিচাৰৰ শেষত খ্ৰীঃ পূঃ ৩৯৯ ত ছক্ৰেটিছক বিষপান কৰোৱাই মৃত্যদণ্ড দিয়া হৈছিল। 

৩। নাগৰিকত্বৰ ধাৰণা। 

উত্তৰঃ      ব্যক্তি আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক বুজাবৰ বাবে নাগৰিকত্ব শব্দটোৰ ব্যৱহাৰ কৰা হয়। নাগৰিকত্বৰ দ্বাৰা এজন ব্যক্তিয়ে ৰাষ্ট্ৰৰ পৰা সুৰক্ষা পোৱাৰ লগতে তেওঁৰো ৰাষ্ট্ৰৰ প্ৰতি থকা দায়িত্ব-কৰ্তব্য আদি পালন কৰা হয়। নাগৰিকত্বৰ দ্বাৰা এজন স্বাধীন মানুহৰ ৰাজনৈতিক ক্ষমতা নিৰ্ধাৰণ কৰা হয়। নাগৰিক এজনৰ প্ৰধান দায়িত্ব হ'ল ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য। তাৰ লগতে ৰাষ্ট্ৰক দিব পৰা কৰ সময়মতে পৰিশোধ কৰা আৰু সামৰিক বাহিনীত সেৱা আগবঢ়োৱা প্ৰাচীন কালত নাগৰিক এজনৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হিচাপে বিবেচনা কৰা হৈছিল।

 প্ৰাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহত প্ৰথমে নাগৰিকত্ব ধাৰণাৰ আৰম্ভণি হৈছিল। সেই সময়ৰ গ্ৰীক নগৰৰাষ্ট্ৰসমূহত সম্পত্তিৱান পুৰুষসকলৰ নাগৰিক হিচাপে গণ্য কৰা হৈছিল। আনহাতে মহিলা, দাস আৰু সমাজৰ দুখীয়া লোকসকলক নাগৰিক হিচাপে গণ্য কৰা হোৱা নাছিল। গ্ৰীক নগৰৰাষ্ট্ৰ বা পলিচসমূহৰ নাগৰিকসকলে ভোট দিব পৰা অধিকাৰ পাইছিল। কৰ আদায় দিয়া আৰু সামৰিক সেৱা আছিল তেওঁলোকৰ প্ৰধান দায়িত্ব।

        প্ৰাচীন গ্ৰীচত নাগৰিকত্বৰ ধাৰণা কেনেকৈ গঢ় লৈ উঠিছিল তাৰ ওপৰত ইতিহাসবিদসকলে ব্যাখ্যা আগবঢ়াইছে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে প্ৰাচীন কালত গ্ৰীচ নামেৰে কোনো এখন নিৰ্দিষ্ট দেশ বা নিৰ্দিষ্ট ৰাজ্য থকা দেখা নগৈছিল। তাৰ পৰিৱৰ্তে বহুতো সৰু সৰু নগৰ অঞ্চল গঢ়ি উঠিছিল। ব্যৱসায়িক কাৰণ আৰু প্ৰতিৰক্ষাৰ বাবে লাহে লাহে নগৰসমূহত জনসংখ্যা বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছিল। ভূমধ্যসাগৰীয় অঞ্চলত এই নগৰসমূহৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটাৰ লগে লগে এই নগৰসমূহৰ অৰ্থনৈতিক বিকাশ হৈছিল। এই নগৰসমূহৰ পৰিচালনাৰ বাবে ক্ৰমে ৰাজনৈতিক দিশতো বিকাশ হৈছিল আৰু এই সৰু সৰু নগৰসমূহ একো একোখন নগৰৰাষ্ট্ৰলৈ পৰিৱৰ্তিত হৈ পৰিছিল। এই নগৰৰাষ্ট্ৰসমূহক প্ৰাচীন গ্ৰীচৰ লোকসকলে 'পলিচ' হিচাপে অভিহিত কৰিছিল। এই পলিচসমূহ তেওঁলোকৰ মূল ঠিকনা হৈ উঠিছিল। অৰ্থাৎ এজন লোক যিখন পলিচৰ বাসিন্দা তেওঁক সেইখন পলিচৰ নামেৰে জনা গৈছিল। উদাহৰণস্বৰূপে এথেন্সৰ বাসিন্দাজন এথেনিয়ান হিচাপে, স্পাৰ্টাৰ বাসিন্দাজন স্পাৰ্টান হিচাপে পৰিচিত হৈ উঠিছিল। প্ৰতিখন নগৰৰাষ্ট্ৰৰ লোকক অন্য নগৰৰাষ্ট্ৰৰ অধিকাৰীসকলৰ পৰা পৃথক কৰি এক নিজস্ব পৰিচয় দিবৰ বাবে প্ৰতিখন নগৰৰাষ্ট্ৰই নিজ নগৰৰ বাসিন্দাক এক নিৰ্দিষ্ট চিনাকি দিবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰ পৰাই নাগৰিকৰ ধাৰণা সৃষ্টি হৈছিল বুলি বেছিভাগ পণ্ডিতে মতপোষণ কৰিছে।

        এজন লোকে কোনো এখন নগৰৰাষ্ট্ৰৰ নাগৰিক হিচাপে স্বীকৃতি পোৱাৰ অৰ্থ হ'ল যে তেওঁ সেইখন নগৰৰাষ্ট্ৰৰ বাসিন্দা আৰু সেইখন নগৰৰাষ্ট্ৰত তেওঁৰ আইনগত কিছুমান অধিকাৰ আছে। এই অধিকাৰসমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ অধিকাৰ হ'ল ৰাজনৈতিক অধিকাৰ। নগৰৰাষ্ট্ৰসমূহে এই নাগৰিকসকলক সুৰক্ষা প্ৰদান কৰিব লাগিছিল। অৱশ্য়ে এখন নগৰৰাষ্ট্ৰত বাস কৰা প্ৰতিজন লোককে নাগৰিক হিচাপে চিনাক্ত কৰা হোৱা নাছিল। কোনো এখন নগৰৰাষ্ট্ৰৰ নাগৰিক হ'বৰ বাবে কিছুমান নিৰ্দিষ্ট বিষয়ৰ ওপৰত ভিত্তি কৰিহে এজন লোকক নাগৰিকত্ব প্ৰদান কৰা হৈছিল। উদাহৰণস্বৰূপে এথেন্সৰ নাগৰিক হ'বৰ বাবে প্ৰয়োজনীয় দিষসমূহ আছিল-

    ১। তেওঁ সেই নগৰৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব।

   ২। তেওঁৰ পিতৃ মুক্ত লোক হ'ব লাগিব।

  ৩। তেওঁ পুৰুষ হ'ব লাগিব। 

   ৪। তেওঁৰ পিতৃ-মাতৃ উভয়ৰে জন্ম এথেন্সত হ'ব লাগিব।

    অৰ্থাৎ এথেন্সত জন্মগ্ৰহণ কৰা এথেনীয় মুক্ত পিতৃ-মাতৃৰ ল'ৰা সন্তানসকলে নাগৰিকত্ব লাভ কৰিছিল। মহিলাক ননাগৰিকত্ব প্ৰদান কৰা নহৈছিল যদিও সম্পৰ্কীয় লোকসকলৰ লগত তেওঁলোকৰ নাম জড়িত হৈ আছিল। দাসসকলক লগত নাগৰিকত্ব দিয়া নহৈছিল। আনহাতে সম্পত্তি বা জীৱিকাৰ ওপৰতো নাগৰিকত্ব নিৰ্ভৰশীল নাছিল। 

    এথেন্সৰ নাগৰিকৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য আছিল-

    ১। নাগৰিক এজনৰ প্ৰধান দায়িত্ব আছিল ভোটদান। তেওঁলোকে ভোটদানৰ অধিকাৰৰ উপৰি দায়িত্ব হিচাপেও গণ্য কৰিছিল। 

    ২। নাগৰিক এজনে নিজৰ সম্পত্তি আৰু দাস ৰাখিব পাৰিছিল।

   ৩। নাগৰিক সেৱা আগবঢ়োৱা কৰ্তব্য।

   ৪। কৰ আদায় দিয়াৰ দায়িত্ব।

   ৫। যুদ্ধৰ সময়ত ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ দায়িত্ব।

   ৬। এথেন্সৰ নাগৰিকসকলৰ শিক্ষাগ্ৰহণৰ সুবিধা দিয়া হৈছিল।

    প্ৰাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহত আৰম্ভ হোৱা নাগৰিকত্বৰ ধাৰণা পৰৱৰ্তী সময়ত ইউৰোপৰ অন্য সভ্যতা, ৰোমান সভ্যতা আদিতো দেখিবলৈ পোৱা গৈছিল।

৪। প্ৰাচীন গ্ৰীচৰ ধৰ্ম।

উত্তৰঃ প্ৰাচীন গ্ৰীচৰ সমাজ আৰু সাংস্কৃতিক জীৱনত ধৰ্মই এক উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে। অন্যান্য প্ৰাচীন সভ্যতাসমূহৰ দৰে গ্ৰীচতো বিভিন্ন দেৱ-দেৱীক পূজা-উপাসনা কৰা হৈছিল। গ্ৰীচত বহুতো সৰু সৰু নগৰৰাষ্ট্ৰ থকাৰ লগতে সেই নগৰৰাষ্ট্ৰসমূহত পৃথক ৰাজনৈতিক ব্যৱস্থা আছিল। কিন্তু ধৰ্মীয় দিশত ওই সকলোবোৰ অঞ্চলৰ মাজত সাদৃশ্য দেখা গৈছিল। দেৱ-দেৱীসকলক মানৱীয় গুণ প্ৰদান, বিভিন্ন বলি-বিধান, দৈৱবাণীৰ ব্যৱস্থামতে কাৰ্য সম্পাদন আদি সকলোতে এই সাদৃশ্যসমূহ দেখা গৈছিল। প্ৰাচীন গ্ৰীচৰ দেৱতাসকল আছিল-

জিউছ (Zeus) ঃ স্বৰ্গৰ দেৱতা আৰু অলিম্পাছৰ ৰজা।

হেৰা (Hera) ঃ বিবাহৰ দেৱী আৰু অলিম্পাছৰ ৰাণী।

প'ছ'ইডন (Posoidon) ঃ সাগৰৰ দেৱতা।

হাডেছ (Hades) ঃ মৃত্যুৰ দেৱতা।

এফ্ৰ'ডাইট (Aphrodite) ঃ প্ৰেম আৰু সৌন্দৰ্যৰ দেৱী।

এপ'ল' (Apollo) ঃ সংগীত আৰু ৰোগ নিৰাময়ৰ দেৱতা।

এৰেছ (Ares) ঃযুদ্ধৰ দেৱতা। 

আৰ্চিমিছ (Artemis) ঃ চিকাৰ আৰু সন্তান প্ৰসৱৰ সময়ত নাৰীৰ ত্ৰাণকৰ্তা দেৱতা।

এথেনা (Athena) ঃ জ্ঞানৰ দেৱী। 

হেফাইচটাছ (Hephaestus) ঃ অগ্নিদেৱতা।

হেচটিয়া (Hestia) ঃ জুহালৰ দেৱতা। 

হাৰমেছ (Hermes) ঃ ঈশ্বৰৰ দূত।

ডেমেটাৰ (Demeter) ঃ শস্যৰ দেৱী।

    দেৱ-দেৱীসকলৰ পূজা-উপাসনাৰ বাবে বিভিন্ন মঠ-মন্দিৰ স্থাপন কৰা হৈছিল। গ্ৰীচৰ বিখ্যাত মন্দিৰ আছিল ডেলফিত অৱস্থিত এপ'ল' মন্দিৰ। এই মন্দিৰসমূহত বিভিন্ন দেৱ-দেৱীক স্থাপন কৰা হৈছিল। আন এক উল্লেখযোগ্য মন্দিৰ হ'ল এক্ৰপলিছত অৱস্থিত পাৰ্থেনেন মন্দিৰ। আয়তাকাৰ এই মন্দিৰটো পাথৰেৰে নিৰ্মাণ কৰা হৈছিল। প্ৰাচীন গ্ৰীচৰ মন্দিৰসমূহ কেৱল ধৰ্মীয় উপাসনাথলীয়েই নাছিল। এইসমূহ এবিধ কলা-সংস্কৃতি আৰু স্থাপত্য-ভাস্কৰ্যৰ উৎকৃষ্ট উদাহৰণ আছিল। প্ৰাচীন গ্ৰীচৰ কেইটামান উল্লেখযোগ্য মন্দিৰ আছিল নক্সাচত অৱস্থিত খ্ৰীঃ পূঃ ষষ্ঠ শতিকাৰ এপ'ল' মন্দিৰ, কৰিষ্ঠৰ এপ'ল' মন্দিৰ খ্ৰীঃ পূঃ ৫৫০- খ্ৰীঃ পূঃ ৫৩০ ৰ ভিতৰত নিৰ্মিত, খ্ৰীঃ পূঃ পঞ্চম শতিকাত নিৰ্মিত ছেলিনাছৰ হেৰাৰ মন্দিৰ, খ্ৰীঃ দ্বিতীয় শতিকাত নিৰ্মিত এথেন্সৰ অলিম্পিয়ান জিউছ মন্দিৰ, খ্ৰীঃ পূঃ পঞ্চম শতিকাত নিৰ্মিত এগ্ৰিজেনট'ৰ কনকৰডিয়া মন্দিৰ, খ্ৰীঃ পূঃ পঞ্চম শতিকাত নিৰ্মিত চৌনি.নৰ পছেইডন মন্দিৰ, খ্ৰীঃ পূঃ পঞ্চম শতিকাত নিৰ্মিত ছেগেষ্টাৰ ডৰিক মন্দিৰ ইত্যাদি।

        প্ৰাচীন গ্ৰীচত মন্দিৰসমূহ পৰিচালনাৰ বাবে এম্ফিকটিয়ানিক ধৰ্ম পৰিষদ নামৰ এক পৰিষদ গঠন কৰা হৈছিল। বিভিন্ন অঞ্চলৰ পৰা অহা বাৰজন প্ৰতিনিধিয়ে এই পৰিষদখন পৰিচালনা কৰিছিল। বছৰত দুবাৰ ইয়াৰ অধিৱেশন পতা হৈছিল। গ্ৰীচৰ ধৰ্মৰ অন্য এটা বৈশিষ্ট্য আছিল দৈৱবাণীত বিশ্বাস যিকোনো অভিযানৰ আগতে তেওঁলোকে দৈৱবাণী গ্ৰহণ কৰাটো বাধ্যতামূলক আছিল।

ৰচনাধৰ্মী প্ৰশ্নঃ

১। এথেন্সত গণতন্ত্ৰৰ বিকাশৰ ওপৰত এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ  মধ্য গ্ৰীচৰ দক্ষিণ-পূব অংশত অৱস্থিত এটিকা প্ৰদেশক কেন্দ্ৰ কৰি এথেন্স নামৰ নগৰৰাষ্ট্ৰখনৰ উত্থান হয়। এটিকা প্ৰদেশৰ ৰাজধানী আছিল এথেন্স। এক্ৰ'পলিছ নামৰ এক পাহাৰক কেন্দ্ৰ কৰি এই নগৰৰাষ্ট্ৰখন গঢ়ি উঠিছিল। প্ৰথম অৱস্থাত এথেন্সত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। এথেন্সৰ প্ৰথমজন ৰজা আছিল ছেক্ৰপছ। চেক্ৰপছৰ উত্তৰাধিকাৰীসকলে বহু বছৰ ধৰি শাসন কৰিছিল। এথেন্সৰ এজন পৰাক্ৰমী ৰজা থেচিয়াছৰ ৰাজত্বকালত এথেন্সৰ সম্প্ৰসাৰণ ঘটে। পাচত পেল'পনেছাছৰ ডৰিয়সকলে এথেন্স আক্ৰমণ কৰি পৰাজিত কৰাৰ ফলত এথেন্সত ৰাজতন্ত্ৰৰ অৱসান ঘটে। এথেনীয় ৰাজতন্ত্ৰৰ শেষৰজন ৰজাৰ নাম আছিল ক'ড্ৰাছ।

        ডৰিয়সকলৰ আক্ৰমণত এথেন্সৰ ৰজা ক'ড্ৰাছৰ মৃত্যুৰ লগে লগে এথেন্সত ৰাজতন্ত্ৰৰো অন্ত পৰিছিল।তাৰ পৰিৱৰ্তে অভিজাতসকলে এক গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠাৰ দিশত আগবঢ়া পৰিলক্ষিত হয়। তেওঁলোকে এথেন্সত ৰাজতন্ত্ৰ সম্পূৰ্ণৰূপে উচ্ছেদ নকৰি ৰজাক অভিজাতসকলৰ নিয়ন্ত্ৰণলৈ আনে। আনু. খ্ৰীঃ পূঃ সপ্তম শতিকামানৰ পৰা এথেন্সৰ শাসনত গণতান্ত্ৰিক উপাদান দেখিবলৈ পোৱা যায়। কাৰণ, এই সময়ৰ শাসন ব্যৱস্থাৰ লগত জড়িত তিনিজন প্ৰধান বিষয়া আছিল-

১। বেছিলাছ (Basileus),

২। আৰ্কন (Archon) আৰু 

৩। প'লমাৰ্ক (Polemarch) ।

        এথেন্সত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰাৰম্ভিক পৰ্যায়ত ৰজাৰ পদৱী বিলুপ্ত নকৰি ৰাজ পৰিয়ালৰ লোকৰ হাতত সেই পদবী ৰখা হৈছিল। তেতিয়াৰ পৰা ৰজা বেৰিলাছ হিচাপে পৰিচিত হৈছিল। ৰজাৰ ক্ষমতাক সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনা হৈছিল। ৰজা প্ৰধান দায়িত্ব আছিল ৰাষ্ট্ৰৰ ধৰ্ম পৰিচালনা কৰা আৰু ধৰ্মবিষয়ক বিচাৰসমূহ সমাধান কৰা। ৰজাৰ ৰাজপ্ৰসাদ এগৰাত অৱস্থিত আছিল। তাৰ পৰাই তেওঁ নিজৰ কৰ্তব্যসমূহ পালন কৰিছিল। 

        এথেন্সত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ অন্য এক পদক্ষেপ হিচাপে শাসনকাৰ্যত সহায় কৰিবৰ বাবে আৰ্কন বা ৰাজ-প্ৰতিনিধি নামৰ এক নতুন পদবীৰ সৃষ্টি কৰা হয়। এই আৰ্কনজনৰ ক্ষমতা প্ৰায় ৰজাৰ সমানেই আছিল। এথেন্সৰ  প্ৰথমজন আৰ্কন আছিল একাষ্টাছ। তেওঁ এথেন্সৰ মেড'নটিড নামৰ এক বিখ্যাত পৰিয়ালৰ লোক আছিল। কেৱল মেড'নটিড পৰিয়ালৰ লোককহে এই পদবীত নিযুক্তি দিয়া আছিল। প্ৰথম অৱস্থাত আৰ্কনৰ প্ৰধান দায়িত্ব আছিল দেৱানী বিচাৰৰ মুখ্য বিচাৰক।  পাচলৈ তেওঁক উৎসৱসমূহৰ দায়িত্বও দিয়া হয়। প্ৰথম অৱস্থাত আৰ্কনজনক গোটেই জীৱনৰ বাবে নিযুক্তি দিয়া হৈছিল। আনু. খ্ৰীঃ পূঃ অষ্টম শতিকামানৰ পৰা আৰ্কনৰ কাৰ্যকাল দহ বছৰ স্থিৰ কৰা হয়।

        এথেন্সত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ এক উল্লেখযোগ্য পদক্ষেপ আছিল প'লমাৰ্ক নামৰ এজন বিষয়াক নিযুক্তি। অভিজাতসকলৰ মাজৰ পৰা এই বিষয়াজনক নিযুক্তি দিয়া হৈছিল আৰু তেওঁ আছিল ৰাষ্ট্ৰৰ সৰ্বাধিনায়ক। প'লমাৰ্কে সৈন্যবাহিনীৰ দায়িত্বৰ লগতে অসামৰিক আৰু বিদেশী লোকসকলৰ বিচাৰকাৰ্য সম্পাদন কৰিছিল।

        প্ৰাৰম্ভিক পৰ্যায়ত এথেনীয় গণতন্ত্ৰৰ অন্য এক অংগ আছিল এৰিয়'গেৰাছ পৰিষদ। এৰেছ নামৰ এক পাহাৰত অনুষ্ঠিত হোৱা সভাক এই নামেৰে জনা গৈছিল। এই পাহাৰটো এথেন্সবাসীয়ে দেৱতাৰ পাহাৰ হিচাপে গণ্য কৰিছিল। এই সভাত হত্যাকাৰীসকলৰ বিচাৰ কৰা হৈছিল। পাচত অভিজাতসকলৰ নেতৃত্বত এথেন্সত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ যি প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ হৈছিল। এই সভাক বহুতে জ্যেষ্ঠ নাগৰিকৰ সভা হিচাপেও অভিহিত কৰিছে। এই পৰিষদৰ সভাপতি আছিল বেছিলাছ বা এথেন্সৰ ৰজা। গুৰুতৰ অপৰাধসমূহৰ বিচাৰৰ লগতে ৰাষ্ট্ৰৰ আইন সম্পৰ্কীয় বিষয়সমূহৰ এই সভাত আলোচনা হৈছিল। 

        এথেন্সৰ গণতন্ত্ৰ প্ৰতিষ্ঠাত সহায় কৰা অন্য এক উপাদান হ'ল ইক্লেছিয়া বা সাধাৰণ নাগৰিকৰ সভা। দেশৰ সৰ্বসাধাৰণ লোকক লৈ গঠিত এই সভাই শাসনত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিব নোৱাৰিলেও পৰোক্ষভাৱে বহু উপদেশ দিয়াৰ লগতে শাসনৰ প্ৰকৃতি আৰু ৰজাৰ তথা অভিজাতসকলৰ গতিবিধিৰ ওপৰত চকু ৰাখিছিল।

        এথেন্সত ৰাজতন্ত্ৰৰ সলনি যি অভিজাততন্ত্ৰৰ শাসন গঢ়ি উঠিছিল সেই শাসন ব্যবস্থাই সৰ্বসাধাৰণ ৰাইজৰ বিশেষ সন্তুষ্টি দেখা নগৈছিল। সেয়েহে জনসাধাৰণক সন্তুষ্ট কৰিবৰ বাবে এথেন্সত বিচাৰকাৰ্যৰ বাবে আৰু দুজন লোকক নিযুক্তি দিয়া হয়। কিন্তু এই ব্যৱস্থাই এথেন্সৰ শাসনৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন ঘটোৱা নাছিল। ফলত জনু, খ্ৰীঃপূঃ ৬৩২ ত কাইলন নামৰ এজন সম্ভ্রান্ত বংশীয় লোকে এথেন্সৰ শাসন হস্তগত কৰিব বিচাৰিছিল। কিন্তু তেওঁ সফল হ'ব নোৱাৰিলে।

        কাইলনৰ বিদ্ৰোহৰ পাচত খ্ৰীঃ পূঃ ৬২০ মানত ড্ৰেক’ নামৰ এজন লোকক | দেশৰ আইনসমূহ সংশোধন কৰি লিপিবদ্ধ কৰিবৰ বাবে দায়িত্ব দিয়া হয়। এই আইনৰ এক উল্লেখযোগ্য সংযোজন আছিল 'ইফিটি' (Ephetae) নামৰ এক বিচাৰ সভাৰ প্রতিষ্ঠা, একাৱন্নজন বিচাৰকক লৈ এই বিচাৰ সভাখন গঠন কৰা হৈছিল। গুৰুতৰ অপৰাধসমূহ ইয়াত বিচাৰ কৰা হৈছিল। কিন্তু ড্ৰেক’ৰ আইনসমূহে এথেন্সৰ শাসনৰ | ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন অনা পৰিলক্ষিত নহৈছিল।


        খ্ৰীঃ পূঃ ৫৯৪ ত ছ'ল'ন (Solon) নামৰ এজন সম্ভ্রান্ত বংশীয় লোকক আর্কন | হিচাপে নিযুক্তি দি শাসন সংস্কাৰৰ বিশেষ দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত কৰা হৈছিল। | ছ'ল'নে সম্পূৰ্ণ নিৰপেক্ষভাৱে এথেন্স শাসন সংস্কাৰত মনোনিৱেশ কৰিছিল। ছ’ল’নৰ | সাংবিধানিক সংস্কাৰৰ প্ৰধান উদ্দেশ্য আছিল অভিজাতসকলৰ ক্ষমতা নিয়ন্ত্ৰণ কৰা। | অভিজাতসকলক নিয়ন্ত্রণ কৰিব নোৱাৰিলে জনসাধাৰণে অতিশীঘ্ৰেই বিদ্রোহ আৰম্ভ কৰিব বুলি তেওঁ অনুমান কৰিছিল। তেওঁ অর্থনৈতিক অৱস্থা বা বছৰেকীয়া আয়ৰ ওপৰত ভিত্তি কৰি এথেন্সৰ সমাজখনক চাৰিটা ভাগত ভাগ কৰিছিল—


১। পেণ্টাকছিয়’মেডিমি (Pentacosiomedimni),

২। হিপ্পিছ (Hippies),

৩। যুগিটি (Zeugitae) আৰু

৪। থেটিছ (Thetes) |


    এই সকলোকে এথেন্সৰ নাগৰিক হিচাপে গণ্য কৰা হৈছিল আৰু তেওঁলোকৰ মাজৰ পৰা আৰ্কন, প’লমাৰ্ক, বেছিলাছ আদি নির্বাচন কৰিব পাৰিছিল।

    এথেন্সত ছ'ল'নৰ গণতন্ত্র প্রতিষ্ঠাৰ অন্য এক উদাহৰণ হ'ল— 'হেলিয়া' (Haliaea) স্থাপন। এই হেলিয়া হ’ল এক বিচাৰসভা য'ত জনসাধাৰণৰ মাজৰ পৰা নির্বাচিত বিচাৰকে বিচাৰকাৰ্য সম্পন্ন কৰে। এই হেলিয়া আছিল ইক্লেছিয়াৰ এক প্রতিনিধিত্বমূলক বিচাৰসভা। সমাজৰ একেবাৰে নিম্নশ্রেণীৰ লোকো ইয়াৰ প্ৰতিনিধি হ’ব পাৰিছিল। ছ’লনে এথেন্সৰ অন্য এখন প্রতিনিধি সভা এৰিয়’পেগাচৰ ক্ষমতা হ্ৰাস কৰে। কাৰণ, সেইখন আছিল অভিজাতসকলৰ সভা। এনেদৰে ছ’ল’নে গণতন্ত্রক সবল কৰিব বিচাৰিছিল।

        ছ’ল'ন এথেন্সৰ পৰা আঁতৰি থকাৰ সুবিধা লৈ ডেমাছিয়াছ (Demasias) নামৰ এজন আর্কনে খ্রীঃ পূঃ ৫৮৩ ৰ পৰা খ্ৰীঃ পূঃ ৫৮১ লৈ এথেন্সৰ শাসনভাৰ হস্তগত কৰে। এওঁ এজন অত্যাচাৰী শাসক আছিল। ডেমাছিয়াক নিয়ন্ত্ৰণ কৰিবলৈ গৈ এথেন্সত অভিজাতসকল পুনৰ একগোট হৈছিল যদিও বিশেষ সুফল নাপালে। অৱশেষত পিছিষ্টেটাছ নামৰ এজন লোকে এথেন্সৰ শাসন হস্তগত কৰে। এই শাসনক এথেন্সৰ ইতিহাসৰ টাইৰেণ্ট বা অত্যাচাৰী শাসন হিচাপে জনা যায়।

    পিছিষ্টেটাছ বংশৰ শাসনৰ সমাপ্তি ঘটাই (খ্ৰীঃপূঃ ৫১০) ক্লাইথেনিছ নামৰ এজন লোকে এথেন্সৰ শাসনভাৰ লয়। ক্লাইথেনিছে এথেন্সত পুনৰ গণতন্ত্র সবল কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে। পূৰ্বতে ছ’ল’নে চাৰিটা জাতিৰ ওপৰত ভিত্তি কৰি ভাগ কৰাৰ ফলত এথেন্সত পাৰস্পৰিক হিংসা, ৰাজনৈতিক প্রতিদ্বন্দ্বিতা আদি বৃদ্ধি পাইছিল। তাৰ পৰা ক্লাইথেনিছে ভৌগোলিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি এথেন্সক তিনিটা অঞ্চলত ভাগ কৰিছিল—

১। নগৰাঞ্চল (Rigion of the city),

২। উপকূলীয় অঞ্চল ( Region of the Coast) আৰু ৩। আভ্যন্তৰীণ অঞ্চল (The inland) |

    এই প্ৰতিটো অঞ্চলত পুনৰ ত্ৰিছটা ত্ৰিটিত (Tritty) ভাগ কৰিছিল। এই ত্রিটিসমূহকপুনৰ দহটা ভাগত বিভক্ত কৰা হৈছিল। ইয়াৰ প্ৰতিটো ভাগকে একোটা ‘ডেমি’ (Deme) বা অঞ্চল হিচাপে জনা গৈছিল। অর্থাৎ নগৰ, উপকূল আৰু আভ্যন্তৰীণ অঞ্চলৰ মানুহক বিভিন্ন ডেমিত বিভক্ত কৰা হৈছিল। কোনো ডেমিৰ পৰা মানুহ গৈ অন্য ডেমিত বাস কৰিলেও তেওঁৰ পৰিচয় পূৰ্বৰ ডেমিতহে ৰখাৰ নিয়ম কৰা হৈছিল। এনেদৰে ক্ষেত্রভিত্তিত নতুনকৈ সম্প্রদায় গঠন কৰাৰ ফলত উচ্চ-নীচ, ধনী-দুখীয়া আৰু অভিজাত আৰু নিম্নসকলৰ মাজৰ ব্যৱধান লাহে লাহে কমি আহিছিল। এই প্ৰতিখন ডেমিৰ পৰা পঞ্চাছজনকৈ সদস্য লৈ এখন পৰিষদ গঠন কৰা হয়। এই পৰিষদৰ সদস্য সংখ্যা আছিল ৫০০ জন। এই কমিটীৰ হাততে এথেন্সৰ শাসনৰ| প্ৰায়বোৰ ক্ষমতা প্ৰদান কৰা হৈছিল। প্ৰতিটো ডেমিৰ পৰা সামৰিক বাহিনীত গধুৰ অস্ত্ৰধাৰী (Hoplites) আৰু পদাতিক অশ্বাৰোহী বাহিনী (Squadron of horse men) যোগান ধৰাৰ নীতি নিৰ্ধাৰণ কৰা হয়।

    এনেদৰে ছল’নৰ পাচত ক্লাইথেনিছে এথেন্সত গণতান্ত্রিক শাসন প্রতিষ্ঠাত অৱদান আগবঢ়ায়। এথেন্সৰ গণতন্ত্র প্রতিষ্ঠাত অৰিহণা যোগোৱা আন কেইজনমান উল্লেখযোগ্য লোক হ'ল— থেমিষ্ট 'ক্লিছ (Themistocles), কাইমন (Cimon), ইফিয়েলটিছ (Ephialtes) আৰু পেৰিক্লিছ (Pericles)।

        এথেন্সত গণতন্ত্র সবল কৰাত পেৰিক্লিছৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। পেৰিক্লিছৰ শাসনৰ সময়ত (খ্রীঃ পূঃ পঞ্চম শতিকা) এথেন্সৰ শাসনৰ প্ৰধান অংগ আছিল এৰিয়পেগাছ, ইক্লোছিয়া, পাঁচশজনীয়া পৰিষদ আৰু হেলিয়া। তদুপৰি তেওঁ এথেন্সৰ আইনসমূহো দুটা ভাগত ভাগ কৰিছিল।

১। থেমছৈ (Themsoi) বা প্রাচীন কালৰ পৰা প্ৰচলিত অলিখিত আইন আৰু

২। ন'মৈ (Nomoi) বা মানুহৰ দ্বাৰা ৰচিত আইন। এথেন্সত গণতন্ত্রক পূৰ্ণ বিকশিত ৰূপ দিবৰ বাবে পেৰিক্লিছে গ্ৰহণ কৰা অন্য দুটা প্ৰথা আছিল—

১। ৰাষ্ট্ৰৰ কাম-কাজত জড়িত লোকসকলক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা আৰু 

২। ভাগ্য পৰীক্ষাৰ দ্বাৰা বিষয়া নিৰ্বাচনৰ ব্যৱস্থা।


 ২। প্ৰাচীন গ্ৰীচৰ বিজ্ঞান আৰু দৰ্শনৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ      বিজ্ঞান (Science) : পৃথিৱীৰ প্ৰাচীনতম সভ্যতাসমূহৰ ভিতৰত এক উল্লেখযোগ্য সভ্যতা হ’ল গ্ৰীক সভ্যতা। খ্ৰীঃ পূঃ পঞ্চম-চতুর্থ শকিতামানত এই সভ্যতাই পূর্ণ বিকশিত ৰূপ পাইছিল। পৃথিৱীৰ অন্যান্য সভ্যতাৰ ওপৰতো গ্ৰীক সভ্যতাই প্ৰভাৱ পেলোৱাপৰিলক্ষিত হয়।

    বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত গ্ৰীক সভ্যতাৰ সময়ছোৱাত যথেষ্ট অগ্রগতি হৈছিল। বিজ্ঞানৰ বহু নতুন নতুন তথ্যৰ উদ্ভাৱন গ্ৰীচত হৈছিল বুলি বৰ্তমানলৈকে প্রাপ্ত তথ্যসমূহে প্রমাণ কৰিছে। গ্ৰীচত জন্মগ্ৰহণ কৰা তথা বিজ্ঞানলৈ অৱদান আগবঢ়োৱা উল্লেখযোগ্য ব্যক্তিসকল আছিল ডেম’ক্ৰিটাছ (Democritus), ইউক্লিড (Euclide), পাইথাগোৰাছ (Pythagoras), হিপ’ক্ৰেটিছ (Hippocrates), এৰিষ্টাৰকাছ (Aristarchus), ইৰাট 'স্থেনিছ (Eratosthenus), আর্কিমিডিছ (Archimedes) ইত্যাদি।

    খ্ৰীঃ পূঃ ৪৬০ ত এথেন্সত জন্মগ্রহণ কৰা ডেম'ক্ৰিটাছ আছিল প্রকৃতি বিজ্ঞানী। তেওঁ পৃথিৱীখন অণুৰ দ্বাৰা গঠিত বুলি প্ৰথম ঘোষণা কৰিছিল। তেওঁৰ মতে অণুসমূহ হ’ল অতি ক্ষুদ্রাতিক্ষুদ্র বস্তুপুঞ্জ, এনেকুৱা অণুসমূহ লগ হৈয়ে সমগ্ৰ বিশ্বখনৰ সৃষ্টি কৰিছে বুলি তেওঁ মত আগবঢ়াইছিল। অংকশাস্ত্ৰ আৰু জ্যামিতিৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা গ্ৰীচৰ দুজন বিজ্ঞানী হ’ল ইউক্লিড আৰু পাইথাগোৰাছ। জ্যামিতিৰ ক্ষেত্ৰত পাইথাগোৰাছ হিচাপ আছিল সম্পূর্ণ নির্ভুল। তেওঁ ত্রিভুজৰ জোখ-মাখ সম্বন্ধে হিচাপ উলিয়াইছিল। পাইথাগোৰাছে নিজে একো লিখি থৈ যোৱা নাছিল। পৰৱৰ্তী সময়ত তেওঁৰ চ তেওঁ আৱিষ্কাৰ কৰা সূত্ৰসমূহ লিপিবদ্ধ কৰিছিল। পাইথাগোৰাছে উলিওৱা জ্যামিতিৰ এই আৱিষ্কাৰসমূহ ‘পাইথাগোৰাছৰ সূত্ৰ' (Pythagorean Theorem) হিচাপে জনা গৈছিল। এইজন বিখ্যাত গ্ৰীচৰ গণিতজ্ঞ আৰু দার্শনিক পাইথাগোৰাছৰ অনুগামীসকলে অপরিমেয় সংখ্যাৰ ওপৰত ব্যাখ্যা আগবঢ়াইছিল। সেই সময়ৰ আন এজন গণিতজ্ঞ আছিল ইউক্লিড। ইউক্লিডৰ জন্মস্থান আৰু কৰ্মস্থান লৈ ঐতিহাসিকসকলৰ মাজত মতবিৰোধ দেখা যায়। এচাম ঐতিহাসিকৰ মতে ইউক্লিডৰ জন্মস্থান আছিল ইজিপ্তৰ আলেকজেন্দ্ৰিয়া। আন এচামৰ মতে তেওঁৰ জন্মস্থান টাইৰেত আছিল যদিও কর্মস্থান আছিল গ্রীচ। ইউক্লিড আছিল এজন বিখ্যাত গণিতজ্ঞ। তেওঁৰ ৰচিত গণিতৰ পুথিখন হ’ল ‘এলিমেণ্টছ’ (El ements)। গণিত আৰু জ্যামিতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ইউক্লিডক ‘জ্যামিতিৰ পিতৃ' (Father of CGeometry) হিচাপে জনা যায়। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে হিপ 'ক্ৰেটিছে (B.C. 460-377B.C)। তেওঁক 'আধুনিক চিকিৎসা বিজ্ঞানৰ পিতৃ’ (Father of Modern Medicine) হিচাপে জনা যায়। বৰ্তমানৰ চিকিৎসকসকলেও নিজৰ কৰ্তব্য পালন কৰাৰ আগমুহূৰ্তত ‘হিপ’ক্ৰেটিছৰ শপতনামা’ (Hippocratis Oath) পাঠ কৰি ল'ব লাগে। হিপ’ক্ৰেটিছে যুগুত কৰা এই শপতনামাত চিকিৎসকসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ লগতে মানৱতাৰ বিষয়ে উল্লেখ আছে। এৰিষ্টাৰকাছ আছিল প্রাচীন গ্ৰীচৰ এজন বিখ্যাত জ্যোতির্বিদ (Astronomer)। খ্রীঃ পূঃ তৃতীয় শতিকাতে তেওঁ পৃথিৱী আৰু অন্যান্য গ্রহ-নক্ষত্ৰবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি সিদ্ধান্ত দিছিল। আন এজন বিজ্ঞানী ইৰাট’স্থেনিছে পৃথিৱীৰ পৰিধি জুখি উলিয়াইছিল। ইৰাট'স্থেনিছৰ ভৌগোলিক গণনাসমূহৰ ওপৰত ভিত্তি কৰিয়েই কেইবাবছৰৰ পাচত ইটালিৰ নাৱিক কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। গ্ৰীচৰ আন এজন বিখ্যাত বিজ্ঞানী আছিল আর্কিমিডিছ। তেওঁ ইটালীৰ চাইৰাকাছত জন্মগ্ৰহণ কৰিছিল। তেওঁক একেধাৰে গ্রীক গণিতজ্ঞ, চিকিৎসক, অভিযন্তা, আৱিষ্কাৰক আৰু জ্যোতির্বিজ্ঞানী হিচাপে অভিহিত কৰিব পাৰি। তেওঁৰ প্ৰধান উদ্ভাৱন আছিল আপেক্ষিক গুৰুত্ব তত্ত্ব।

         দর্শন (Philosophy) : গ্ৰীক সভ্যতাৰ সময়তে গ্ৰীচত এক উচ্চমানৰ দৰ্শনৰ বিকাশ ঘটিছিল। খ্রীঃ পূঃ পঞ্চম শকিতামানৰ পৰা গ্ৰীচত এই বৌদ্ধিক বিপ্লৱৰ সূচনা হৈছিল। এই চিন্তাধাৰাৰ মূল কেন্দ্ৰ আছিল এথেন্স। এথেন্সত গণতন্ত্ৰৰ বিকাশ আৰু নাগৰিকত্বৰ ধাৰণাৰ বিকাশৰ ফলতে মানুহৰ বৌদ্ধিক দিশত বহুতো নতুন জ্ঞানৰ সঞ্চাৰ হৈছিল। এই বৌদ্ধিক বিকাশৰ ফলত এচাম লোকে পূৰ্বৰে পৰা চলি অহা কথাবিলাকৰগুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ ওপৰত অধ্যয়ন আৰম্ভ কৰে। পূৰ্বৰ ৰীতি-নীতিসমূহৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াই এইসমূহৰ প্ৰয়োজনীয়তা বা অপ্রয়োজনীয়তা বিচাৰ কৰাৰ বাবে এচাম লোক আগবাঢ়ি আহে। মানুহৰ মানসিক জগতখনলৈ পূৰ্ণতা আনিবৰ বাবে মানুহক উচ্চশিক্ষা দিবলৈ এই লোকসকল আগবাঢ়ি আহিছিল। এনে লোকসকলক ছফিষ্ট (Sophist) হিচাপে জনা গৈছিল। জ্ঞানী বা কোনো বিষয়ত ব্যুৎপত্তি থকা লোকক বুজাবলৈ এই ছফিষ্ট শব্দটি ব্যৱহাৰ কৰা হৈছিল। তেওঁলোকে লগ হৈ এখন বিশ্ববিদ্যালয়ৰ দৰে শিক্ষা ব্যৱস্থা তৈয়াৰ কৰিছিল যদিও তেওঁলোকৰ শিক্ষাদানৰ নিৰ্দিষ্ট স্থান বা কেন্দ্র নাছিল। তেওঁলোক আছিল ভ্রাম্যমাণ শিক্ষক আৰু কোনো ৰাজহুৱা স্থানত পইচাৰ বিনিময়ত তেওঁলোকে ডেকাচামক শিক্ষা দিছিল। এই ছফিষ্ট গোষ্ঠীৰ প্ৰতিষ্ঠাতা আছিল থ্ৰেছৰ এডবোত জন্মগ্ৰহণ কৰা প্ৰ টাগোৰাছ (Protagoras)। তেওঁ সমগ্ৰ গ্ৰীচ দেশ ভ্ৰমণ কৰি শিক্ষাদান কৰিছিল যদিও বেছিভাগ সময় এথন্সত কটাইছিল। তেওঁ আছিল ইউৰোপত ব্যাকৰণৰ ভেঁটি প্রতিষ্ঠাতা, প্ৰ'টাৰাছে বহু গ্ৰন্থ লিখি উলিয়াইছিল যদিও উল্লেখযোগ্য তথা বিতৰ্কৰ সৃষ্টি কৰা গ্ৰন্থখন আছিল নিৰীশ্বৰবাদ সম্পর্কে। এই গ্ৰন্থত তেওঁ দেৱতাৰ অস্তিত্ব সম্পর্কে প্রশ্ন তোলাৰ লগতে ধৰ্মীয় দেৱতাসকল জ্ঞানৰ লগত জড়িত নহয় বুলি ব্যাখ্যা আগবঢ়াইছিল। কিন্তু ধৰ্ম আৰু দেৱতাৰ ওপৰত বিশ্বাস ৰখা এথেন্সবাসী আৰু অন্যান্য গ্ৰীচবাসীসকলে তেওঁৰ এই কাৰ্য ৰাষ্ট্ৰৰ পৰিপন্থী হিচাপে গণ্য কৰি প্ৰ'টাগোৰাছৰ এই গ্ৰন্থখন পুৰি পেলাইছিল। জনৰোষত পৰি জীৱনলৈ শংকা অহাত তেওঁ চিচিলিলৈ পলায়ন কৰোঁতে খ্ৰীঃ পূঃ ৪১০ত পানীত ডুবি মৃত্যুমুখত পৰে। ছ'ফিষ্ট দৰ্শনৰ মূল তত্ত্ব আছিল 'মানুহেই হৈছে সকলো বস্তুৰ মানদণ্ড' (Man is the measure of all things)। আন কেইজনমান উল্লেখযোগ্য ছফিষ্ট দার্শনিক আছিল লিয়োনটিনি (Leontini), গৰ্গিয়াছ (Gorgias), ইলিছ (Elis), হিপিয়াছ (Hippias), কেয়ছ (Ceos), প্রডিকাছ (Prodicus) ইত্যাদি। এই ছফিষ্টসকলে বিভিন্ন বিষয়ৰ শিক্ষাদানৰ লগতে সামাজিক, ৰাজনৈতিক আদি সমস্যাৱলীৰ বিষয়েও আলোচনা কৰিছিল। সত্যানুসন্ধান কৰাটোৱেই আছিল তেওঁলোকৰ মূল লক্ষ্য।

        গ্রীক দর্শনক এক উচ্চস্তৰত উপনীত কৰোৱাত প্রধান ভূমিকা লৈছিল ছক্ৰেটিছ (Socrates) আৰু তেওঁৰ দুজন শিষ্য প্লেটো (Plato) আৰু এৰিষ্টট'লে (Aristotle)। গ্ৰীচৰ সৰ্বশ্ৰেষ্ঠ দার্শনিক ছক্ৰেটিছৰ দৰ্শনৰ মূল বিষয়বস্তু আছিল মানুহ। তেওঁ কোনো দর্শন প্ৰতিষ্ঠা কৰা নাছিল যদিও তেওঁ আছিল প্ৰকৃততে এজন নীতিবিদ। জ্ঞান অর্জন আৰু সত্য উদ্‌ঘাটনেই আছিল তেওঁৰ জীৱনৰ প্ৰকৃত লক্ষ্য। তেওঁ কোনোধৰণৰ বিদ্যালয় প্রতিষ্ঠা কৰা নাছিল। ছফিষ্টসকলৰ দৰে ধনৰ বিনিময়ত তেওঁ শিক্ষাদানো কৰা নাছিল। অৱশ্যে ছফিষ্টসকলৰ দৰেই তেওঁ জ্ঞানৰ জৰিয়তে সত্যত উপনীত হ’বলৈ যুক্তিতৰ্কৰ অৱতাৰণা কৰিছিল। তেওঁ জনসমাগমৰ স্থানসমূহ, হাট-বজাৰ, ৰাস্তা-ঘাট আদি সকলোকে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা আগবঢ়াবৰ বাবে অনুপ্রাণিত কৰিছিল। তেওঁ শিক্ষণ দিয়াৰ পৰিৱর্তে বিভিন্ন বিষয়সমূহ জনসাধাৰণৰ মাজলৈ আলোচনাৰ বাবে এৰি দিছিল। লগত কৰা আলোচনাৰ অন্তত তেওঁ এটা সিদ্ধান্তত উপনীত হ'ব বিচাৰিছিল। ইক্রেটি মতে এজন লোক বৃদ্ধ হ'লেই শ্ৰদ্ধাৰ পাত্ৰ হ'ব নোৱাৰে। শ্ৰদ্ধাৰ পাত্ৰ হ'বলৈ লোক, এজন জ্ঞানীও হ’ব লাগিব। তেওঁৰ মতে অজ্ঞ পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানৰ পশ আনুগত্য দাবী কৰিব নোৱাৰে। মানৱ জীৱনক সু-শৃংখলিত কৰিবৰ বাবে বৌদ্ধিক জ্ঞানৰ প্রয়োজন। তেওঁ প্ৰতিটো বস্তুৰ সংজ্ঞা নিৰ্ধাৰণ কৰি সত্য উদ্ঘাটনৰ বাবে চেষ্টা চলোৱাত গুৰুত্ব দিছিল। তেওঁৰ মতে সুখ-শান্তি পাবৰ বাবে মানুহে ভাল কাম কৰিব লাগে। ভাগ পৰীক্ষাৰ জৰিয়তে এথেন্সৰ শাসন ব্যৱস্থাত বিচাৰকসকলক মনোনীত কৰা কাৰ্য এথেন্দৰ বাবে বিপজ্জনক বুলি তেওঁ মন্তব্য কৰিছিল। ছক্ৰেটিছৰ নীতিবচনসমূহে সমাজৰ বক্ষণশীল মানুহসকলক আঘাত হানিছিল। কাৰণ, তেওঁৰ নীতিসমূহ আছিল সমাজ আৰু ৰাষ্ট্ৰৰ প্রচলিত ধ্যান-ধাৰণাৰ সম্পূৰ্ণ বিপৰীত। ছক্ৰেটিছৰ এজন সংগী এলকিবিয়াডিছ ৰাষ্ট্ৰৰ স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থত অধিক আগ্ৰহী আছিল আৰু তেওঁ এথেন্সৰ বিৰুদ্ধাচৰণ কৰিছিল। তেওঁৰ অন্য এজন সংগী ক্রিটিয়াছে গণতন্ত্ৰৰ বিৰুদ্ধে গ্রন্থ ৰচনা কৰাৰ উপৰি থেছালিলৈ গৈ বিদ্ৰোহ কৰিছিল। পেল’পনেছাছ যুদ্ধত এথেন্সৰ পৰাজয়ৰ পাচত তাত ত্ৰিছন শাসকৰ যি স্বৈৰাচাৰী শাসন প্ৰৱৰ্তন হৈছিল তাৰ এক অন্যতম শাসক আছিল ক্ৰিছিয়াছ। ছক্ৰেটিছৰ প্ৰধান শিষ্য প্লেটোৱে এথেন্সতকৈ অন্য ৰাষ্ট্ৰতহে গৈ অধিক সেৱা আগবঢ়াইছিল। ছক্ৰেটিছৰ এনে সহযোগী আৰু শিষ্যসকলৰ কাৰ্যৰ বাবে বহু লোকে ছক্ৰেটিছৰ শিকনিসমূহক জগৰীয়া কৰিছিল। ছক্ৰেটিছৰ শিক্ষাসমূহে এথেন্সৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰা আৰু ভৱিষ্যতে বিপদত পেলাব পাৰে বুলি অৱশেষত ছক্ৰেটিছৰ ওপৰত বিচাৰ আৰম্ভ হৈছিল। এই বিচাৰৰ গোচৰত ৰাজনৈতিক ক্ষেত্ৰতকৈ ধৰ্মৰ দিশটোত অধিক গুৰুত্ব দিয়া হৈছিল। তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কোৱা হৈছিল যে ছক্ৰেটিছে এথেন্সৰ পূৰ্বৰে পৰা প্রচলিত দেৱ-দেৱীসকলক স্বীকাৰ নকৰি নিজেই দেৱতাৰ সৃষ্টি কৰিছে আৰু এথেন্সৰ নৱপ্ৰজন্মক বিপথে পৰিচালনা কৰিছে। বিচাৰৰ শেষত খ্ৰীঃ পূঃ ৩৯৯ ত ছক্ৰেটিছক বিষপান কৰোৱাই মৃত্যুদণ্ড দিয়া হৈছিল। 

    গ্ৰীচৰ আন এজন বিখ্যাত দার্শনিক আছিল প্লেটো। তেওঁ ছক্ৰেটিছৰ শিষ্য আছিল। ছক্ৰেটিছৰ মৃত্যুৰ পাচত তেওঁ এথেন্সত ‘একাডেমি’ (Academy) নামৰ এখন বিদ্যালয় খুলি দৰ্শন সম্পৰ্কীয় শিক্ষাদান কৰিছিল। প্লেটোৰ ৰচিত প্রধান গ্রন্থসমূহ হ’ল— ‘এপ’লজি (Apolosy), 'ফিডো’ (Phaedo), 'ছিমপছিয়াম (Symposium) আৰু ‘ৰিপাব্লিক (Republic)।

    গ্ৰীচৰ আন এজন বিখ্যাত দার্শনিক আছিল এৰিষ্টট’ল। তেওঁ ছক্ৰেটিছৰ শিষ্য হোৱাৰ লগতে প্ৰায় বিছবছৰ কাল প্লেটোৰ লগত আছিল। তেওঁ মেচিডনৰ ৰজা ফিলিপৰ পুত্ৰ আলেকজেণ্ডাৰৰ ঘৰুৱা শিক্ষক আছিল। দৰ্শনৰ ওপৰত তেওঁ প্ৰায় চাৰিশমান গ্ৰন্থ ৰচনা কৰিছিল যদিও তাৰ বেছিভাগেই বর্তমান পাবলৈ নাই।

    ইপিকিউৰিয়ান মতবাদ (Epicurian Theory) হ'ল গ্ৰীক দৰ্শনৰ অন্যতম তত্ত্ব। এই দৰ্শনৰ প্ৰতিষ্ঠাতা হ’ল ইপিকিউৰাছ। এই দৰ্শনৰ মূল নীতি আছিল ভোগবাদ। এই দৰ্শন অনুসৰি আনন্দ বা সুখৰ সন্ধানেই হৈছে জীৱনৰ উদ্দেশ্য। অৱশ্যে তেওঁ ইন্দ্ৰিয় সুখৰ লগতে মানসিক সুখ আৰু শাৰীৰিক যন্ত্ৰণাৰ ওপৰতো ব্যাখ্যা আগবঢ়াইছে। তেওঁৰ মতে কোনোধৰণৰ যন্ত্ৰণা নথকাকৈ মানসিক প্রশান্তি লাভ কৰাটোৱেই হ'ল সুখৰ মূল তত্ত্ব। তেওঁৰ মতে দেৱতাসকলক বিশেষ গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজনীয়তা নাই, কাৰণ, তেওঁলোক নিজৰ সুখক লৈয়ে সদায় ব্যস্ত থাকে। তেওঁৰ দৰ্শন অনুসৰি বিচক্ষণতা থাকিলেহে মানুহে বিচৰাতো পাব পাৰে।

         প্রাচীন গ্ৰীচৰ দৰ্শনৰ অন্য এক মতবাদ হ’ল ষ্টইক দর্শন। চাইপ্ৰাছত জন্মগ্ৰহণ কৰা জেনো (Zeno) নামৰ লোকজন আছিল এই দৰ্শনৰ প্ৰতিষ্ঠাতা। এই দৰ্শনৰ মূল তত্ত্ব হ’ল ব্যক্তিবাদ। এই দৰ্শনত বিশ্বাসীসকলে সমাজৰ উন্নয়নতকৈ ব্যক্তিৰ ভালৰ কাৰণে চিন্তা কৰাতহে অধিক গুৰুত্ব দিয়ে। ইপিকিউয়ানসকলৰ দৰেই এই ষ্টইকসকলো আছিল বস্তুবাদী। ষ্টইক শব্দৰ দ্বাৰা নিস্পৃহ অথবা স্থিতপ্রজ্ঞ লোকক বুজোৱা হয়। এই ষ্টইকসকল দুখতো ভাগি নপৰে আৰু সুখতো আত্মহাৰা হৈ নুঠে। তেওঁলোকৰ কাৰণে জাগতিক কাৰণত যিবোৰ ঘটনা ঘটি থাকে তাৰ ওপৰত মানুহৰ কোনো কৰ্তৃত্ব নাই বা মানুহৰ ইচ্ছা অনিচ্ছাৰ ওপৰত সেইবোৰ নিৰ্ভৰ নকৰে। এই জাগতিক ঘটনাসমূহক মানুহৰ হিতৰ বাবেই ঘটি আছে আৰু ঘটি থাকিব। গতিকে ইপিকিউৰিয়ান আৰু ষ্টইক দৰ্শনৰ মূল আধাৰ আছিল বস্তুবাদ বা ভোগবাদ আৰু ব্যক্তিবাদ। কিন্তু প্রাচীন গ্ৰীচত এই দৰ্শনে বিশেষ জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম নহ'ল। ৰোমান সাম্ৰাজ্যই গ্ৰীচ অধিকাৰ কৰাৰ পাচত এই দর্শন কিছু জনপ্রিয় হোৱা পৰিলক্ষিত হয়। ৰোমান ষ্টইক দৰ্শনত বিশ্বাসী কেইজনমান উল্লেখযোগ্য লোক আছিল এপিকটেটাছ (Epictetus) আৰু আৰেলিয়াছ (Aurelius)।

৩। প্ৰাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহৰ উত্থানৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ    প্রাচীন গ্ৰীচত ৰাজনৈতিক বিকাশৰ এক উল্লেখযোগ্য দিশ হ’ল নগৰৰাষ্ট্ৰৰ উত্থান। কম জনসংখ্যা থকা সৰু সৰু অঞ্চল একোটাক কেন্দ্ৰ কৰি এই নগৰ ৰাষ্ট্ৰসমূহ গঢ় লৈ উঠিছিল। প্রাচীন গ্ৰীচৰ বাসিন্দাসকলে এই নগৰ ৰাষ্ট্ৰসমূহক ‘পলিচ’ (Polis) হিচাপে অভিহিত কৰিছিল। এই পলিচ বা নগৰৰাষ্ট্ৰসমূহৰ মূল কেন্দ্ৰ আছিল একো একোখন নগৰ। এই নগৰসমূহ অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো দিশৰে মূল কেন্দ্ৰস্থলী আছিল। এই সৰু সৰু নগৰসমূহক কেন্দ্ৰ কৰি বাণিজ্যৰ সম্প্ৰসাৰণ হোৱাৰ লগে লগে জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক উন্নয়নো আৰম্ভ হয়। ফলত নগৰসমূহ পৰিচালনাৰ বাবে এক শ্ৰেণীৰ লোকৰ প্ৰয়োজনীয়তা আহি পৰে। এনেকৈয়ে ক্ৰমে ৰাজনৈতিক ধাৰণা তথা নগৰসমূহৰ নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি নগৰ ৰাষ্ট্ৰসমূহৰ উত্থান হয়। এই নগৰসমূহত বিভিন্ন প্রশাসনিক গৃহ, বজাৰ আৰু সভা-সমিতি পাতিব পৰা মুকলি ঠাই থকাৰ লগতে ধৰ্মীয় উপাসনাৰ বাবে স্থানো ৰখা হৈছিল। এই নগৰ এলেকাৰ চাৰিওফালে গাঁৱলীয়া আবাসিক অঞ্চলসমূহ থকাৰ লগতে কৃষিভূমি আৰু চৰণীয়া পথাৰসমূহ আছিল । প্ৰাক্‌-ধ্রুপদী যুগতেই (Pre-classical Period) গ্ৰীচত নগৰৰাষ্ট্ৰৰ বিকাশ হৈছিল বুলি প্ৰাপ্ত পুৰাতাত্ত্বিক আৰু সাহিত্যিক সমলসমূহে তথ্য যোগান ধৰিছে। গোষ্ঠীগত গ্রাম্য সমাজ (ethnic society)ক কেন্দ্ৰ কৰি এই নগৰৰাষ্ট্ৰবোৰৰ বিকাশ হৈছিল প্ৰথম অৱস্থাত নগৰৰাষ্ট্ৰসমূহ জনজাতীয় আৰ্হিৰ আছিল। কিন্তু জনসংখ্যা বৃদ্ধি আৰু বাণিজ্যিক সম্প্ৰসাৰণৰ ফলত এই নগৰৰাষ্ট্ৰসমূহত বিভিন্ন পৰিৱৰ্তন আহি পৰা পৰিলক্ষিত হয়। বজাৰ অঞ্চলক কেন্দ্ৰ কৰি গঢ় লোৱা এই নগৰসমূহে ব্যৱসায় বাণিজ্যৰ নিয়ন্ত্ৰণ কৰিছিল। বহিঃবাণিজ্যৰ বাবে তেওঁলোকে বন্দৰসমূহ নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল; কাৰণ, অর্থনৈতিক উন্নয়নৰ কাৰণে বহিঃবাণিজ্য অতি প্রয়োজনীয় হৈ উঠিছিল। অর্থনৈতিক বিকাশৰ লগে লগে এই নগৰ অঞ্চলসমূহত বৃহৎ ঘৰ-দুৱাৰ সজাৰ লগতে নগৰৰ প্ৰতিৰক্ষাৰ বাবে বিভিন্ন অঞ্চলত দূৰ্গ (Fort) নিৰ্মাণ কৰা হৈছিল। এনেদৰে গ্ৰাম্য জীৱনক কেন্দ্ৰ কৰি গঢ়ি উঠা ব্যৱসায়িক কেন্দ্ৰসমূহ নগৰলৈ পৰিৱৰ্তন হোৱাৰ লগতে ৰাজনৈতিক বিকাশ আৰম্ভ হয়।

        প্রথম অৱস্থাত প্রতিখন নগৰক কেন্দ্ৰ কৰি নগৰৰাষ্ট্ৰসমূহ গঢ়ি উঠাৰ ফলত গ্ৰীচত | নগৰৰাষ্ট্ৰৰ সংখ্যা শতাধিক দেখা গৈছিল। পাচলৈ প্রাচীন গ্রীচত নগৰৰাষ্ট্ৰৰ সংখ্যা হ্রাস | পাইছিল। প্রাচীন গ্ৰীচৰ কেইখনমান উল্লেখযোগ্য নগৰৰাষ্ট্ৰ আছিল—


১। বলকান অঞ্চলৰ নগৰৰাষ্ট্ৰ (City state of Balkan area) :

 (ক) থেছালি (Thesali) আৰু

(খ) ইপিৰাছ (Epirus)


২। মধ্য গ্ৰীচৰ নগৰৰাষ্ট্ৰ (City states of Central Greece) :

 (ক) আকাৰনেনিয়া (Acarnania)

(খ) এটিকা (Attica),

(গ) এয়িটলিয়া (Aetolia), (ঘ) ডৰিছ (Doris),

(ঙ) ফকিচ (Phocis),

(চ) পূব লক্রিছ (East Locris),

(ছ) পশ্চিম লক্ৰিছ (West Locris),

(জ) বোয়েচিয়া (Boetia) আৰু

(ঝ) মেগাৰিছ (Megaris )


৩। দক্ষিণ গ্ৰীচৰ নগৰৰাষ্ট্ৰ (City state of Southern Greece ) :

(ক) কৰিণ্ঠ (Corinth),

(খ) একেয়া (Achaia),

(গ) এলিছ (Elis),

(ঘ) আর্কেডিয়া (Arcadia),

(ঙ) মেছেনিয়া (Messenia), (চ) আগেলিছ (Argolis),

(ছ) লেক’নিয়া (Laconia) আৰু

(জ) পেল 'পনেয়াছ (Peloponneus)।


     প্ৰথম অৱস্থাত প্রাচীন গ্ৰীচৰ এই নগৰৰাষ্ট্ৰসমূহত ৰাজতান্ত্রিক শাসন ব্যৱস্থাৰ প্রচলন আছিল। এই ৰাষ্ট্ৰসমূহত সর্বোচ্চ ক্ষমতাৰ অধিকাৰী আছিল ৰজা (King)) তেওঁ বিধায়িনী (Legislative), প্রশাসনীয় (Administrative), ন্যায়িক বা বিচাৰ সম্পৰ্কীয় (Judicial), সামৰিক (Military) আৰু ধৰ্মীয় (Religious) ক্ষেত্ৰত সর্বোচ্চ ক্ষমতার অধিকাৰী আছিল। অৱশ্যে ৰজাৰ সকলো কাৰ্যৰ ওপৰত সকলো নাগৰিকে চতু দিব পাৰিছিল। ক্রমে নাগৰিকসকলৰ মাজত কিছু দক্ষ আৰু অভিজ্ঞ লোকৰ প্ৰসাৰ ঘটাত ক্ষমতাৰ বিভাজন ঘটাবলৈ আৰম্ভ হৈছিল। ফলত খ্ৰীঃ পূঃ অষ্টম শতিকামানত এই নগৰৰাষ্ট্ৰসমূহৰ শাসনক্ষমতা ৰজাৰ হাতৰ পৰা এই অভিজাত শ্ৰেণীটোৰ হাতড়ে যায়। এক শতিকামান নগৰৰাষ্ট্ৰসমূহ এই অভিজাতসকলৰ নিয়ন্ত্ৰণত আছিল। তার পাচত ‘টাইৰেণ্ট’ (Tyrant) নামেৰে জনাজাত এচাম লোকে নগৰৰাষ্ট্ৰসমূহৰ শাসনৰ ক্ষমতা হস্তগত কৰে। এই সময়ছোৱাত প্রাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহত এই টাইৰেণ্টসকলে অত্যাচাৰী শাসন প্রৱৰ্তন কৰিছিল। খ্ৰীঃ পূঃ নৱম শকিতাত প্রাচীন গ্ৰীচৰ এই নগৰৰাষ্ট্ৰসমূহত প্রজাতান্ত্রিক শাসন প্রতিষ্ঠা হয়। অৱশ্যে স্পার্টাত ৰাজতান্ত্রিক শাস ব্যবস্থাই অব্যাহত আছিল।

        প্রাচীন গ্ৰীচত বহুতো সৰু সৰু নগৰৰাষ্ট্ৰ আছিল যদিও এনে নগৰৰাষ্ট্ৰসমূহৰ মাজত বহুখিনি সাদৃশ্য থকাৰ লগতে একতাৰ ভাব থকাও পৰিলক্ষিত হৈছিল। বিচিত্র জনগাঁথনি, অর্থনৈতিক বিকাশ, বহিঃদেশৰ লগত সম্পৰ্ক আদিৰ ওপৰত নিৰ্ভৰ কৰি এই নগৰৰাষ্ট্ৰসমূহৰ স্বকীয় বৈশিষ্ট্য গঢ় লৈ উঠিছিল যদিও তেওঁলোকৰ মাজত সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল। গ্ৰীচৰ বিভিন্ন জনগোষ্ঠীসমূহ আছিল পেলাছগি (Pelasgi), ইজিয়ান (Aegean), আয় নিয়ান (lonian), একেয়ান (Achaen), ডৰিয়ান (Dorian), ইওলিয়ান (Acolian) ইত্যাদি। কিন্তু সকলো নৃগোষ্ঠী আছিল গ্রীকভাষী আৰু আৰ্য গোষ্ঠীৰ লোক। তেওঁলোক সকলোৱে 'হেলেন' নামৰ এজন কাল্পনিক পুৰুষক নিজৰ পূৰ্বপুৰুষ বুলি গণ্য কৰিছিল। ফলত গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহৰ মাজত বহু সাদৃশ্য দেখা গৈছিল। ইলিয়াড আৰু ওডিচিৰ প্ৰভাৱত গ্ৰীচৰ লোকসকলৰ মাজত একতাৰ ভাব সঞ্চাৰিত হৈছিল। ধর্মীয় উৎসৱ আৰু খেলা-ধূলাৰ ফলতো এই নগৰৰাষ্ট্ৰসমূহৰ মাজত মিল থকা দেখা গৈছিল। গ্ৰীচৰ বিভিন্ন অঞ্চলৰ পৰা অহা লোকসকলে নগৰৰাষ্ট্ৰসমূহত থকা ক্রীড়া কেন্দ্রসমূহত দৌৰ, মল্লযুঁজ, ৰথ পৰিচালনা আদি খেলত অংশ লব পাৰিছিল। এইছোৱা সময়ৰ উল্লেখযোগ্য খেলসমূহ আছিল— অলিম্পিক, ইষ্টেমিয়ান, পিথিয়ান আৰু নেমিয়ান।



Author: Monikongkona Saikia





Post ID : DABP004065