10.5 মানৱ উন্নয়নৰ নিৰ্দেশকসমূহ (Indicators of Human Development) :

    তোমালোকে চাগে’ আগেয়ে মানৱ উন্নয়নৰ নির্দেশকসমূহৰ গুৰুত্ব আৰু বিভিন্ন উন্নত আৰু উন্নয়নশীল দেশৰ স্থিতি সম্পর্কে পঢ়িবলৈ পাইছা মানৱ উন্নয়নৰ কিছু নির্বাচিত নিৰ্দেশকৰ ক্ষেত্ৰত ভাৰতচীন আৰু পাকিস্তানৰ সাদৃশ্যলৈ লক্ষ্য কৰোঁহক তালিকা 10.5 লৈ লক্ষ্য কৰা৷

    তালিকাত উল্লিখিত সূচকাৱলীলৈ লক্ষ্য কৰিলে দেখা যাব যে ভাৰত বা পাকিস্তানৰ তুলনাত চীন যথেষ্ট আগবঢ়া বিভিন্ন নির্দেশকযেনে জনমূৰি ঘৰুৱা উৎপাদন বা দৰিদ্ৰ সীমাৰ তলৰ জনসংখ্যাৰ হাৰৰ লেখীয়া আয়ৰ নিৰ্দেশক অথবা মৃত্যু-হাৰ, অনাময়তা তথা শিক্ষাৰ সুবিধা, জন্মকালীন জীৱন-প্রত্যাশা (life expectancy at birth) নতুবা পুষ্টিহীনতা আদি স্বাস্থ্য বিষয়ক নিৰ্দেশকসমূহৰ ক্ষেত্ৰতে এইটো দেখা যায়। দৰিদ্ৰতা দূৰীকৰণ, শিক্ষা, অনাময়তা, খোৱাপানীৰ উপলব্ধকৰণৰ ক্ষেত্ৰত পাকিস্তানো ভাৰততকৈ আগবঢ়া। কিন্তু এই দুয়োখন দেশৰ এখনেও মহিলাসকলক প্ৰসৱকালীন মৃত্যু (maternal mortality)ৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা নাই। চীনত প্ৰতি এক লাখ শিশুৰ জন্মহেতু প্রসূতি মৃত্যুৰ ঘটনা মাত্র 50 হোৱাৰ বিপৰীতে ভাৰত আৰু পাকিস্তানত ই 500 তকৈও বেছি। উল্লেখযোগ্য যে, বিশুদ্ধ পানী যোগানৰ ক্ষেত্ৰত ভাৰত আৰু পাকিস্তান চীনতকৈ আগবঢ়া। লক্ষ্য কৰিলে দেখা যাব যে চীন আৰু পাকিস্তানত দৈনিক এক ডলাৰ হিচাপৰ আন্তর্জাতিক দৰিদ্ৰ সীমাৰ তলত বাস কৰা জনসংখ্যাৰ অনুপাত একে, কিন্তু ভাৰতৰ ক্ষেত্ৰত ই প্রায় দুগুণ। এই পার্থক্যৰ কাৰণ নিজে বিচাৰি উলিয়াবলৈ যত্ন কৰা।

    পিছেএনেবোৰ কথাৰ বিচাৰ আৰু সেইবোৰৰ সন্দৰ্ভত মতামত গঠন কৰাৰ পূৰ্বে মানৱ উন্নয়নৰ উল্লিখিত নির্দেশকসমূহ গভীৰ প্রত্যয়েৰে ব্যৱহাৰ কৰাৰ এটা সমস্যাও মনত ৰখা উচিত ইয়াৰ কাৰণ এয়ে যেযদিওবা এই নির্দেশকসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ তথাপি পর্যাপ্ত নহয় এইবোৰৰ লগতে আমাক আৰু এটা নিৰ্দেশকৰ আৱশ্যক যাক ব্যক্তিস্বাতন্ত্র্য্যৰ নিৰ্দেশক (liberty indicator) বুলি অভিহিত কৰিব পৰা যায় সামাজিক আৰু ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত গণতান্ত্রিক অংশগ্ৰহণৰ ব্যাপ্তিৰ মাপসূচক এক নির্দেশক ইতিমধ্যেই যোগ কৰা হৈছে, কিন্তু ইয়াৰ ওপৰত কোনো অতিৰিক্ত গুৰুত্ব প্ৰদান কৰা হোৱা নাই। আন কিছুমান জল-জল পট-পট স্বাতন্ত্র্য্যৰ নিৰ্দেশক এতিয়াও প্রচলিত হোৱা নাই। উদাহৰণস্বৰূপে, নাগৰিকসকলৰ অধিকাৰৰ সাংবিধানিক সুৰক্ষাৰ ব্যাপ্তি, ‘আদি নির্দেশক এতিয়ালৈ সন্নিৱিষ্ট কৰা হোৱা নাই। এইবোৰ বা ততোধিক নির্দেশকক অধিক গুৰুত্বসহকাৰে অন্তর্ভুক্ত নকৰা পর্যন্ত মানৱ উন্নয়নৰ সূচক গঠন অসম্পূৰ্ণ হৈ থাকিব আৰু ইয়াৰ কাৰ্যকাৰিতাও সীমিত হৈ ৰ'ব।

 Type Janmoni Hazarika





Post ID : DABP005146