অষ্টম অধ্যায় ঃ 

খ্ৰীঃ সপ্তদশ শতিকাৰ দ্বিতীয়াৰ্ধ্বৰ অসম 


১। খ্ৰীঃ সপ্তদশ শতিকাৰ দ্বিতীয়াৰ্ধৰত  আহোম-মোগল যুদ্ধৰ কাৰণ কি আছিল লিখা ।

উত্তৰঃ পূৰ্বতে হোৱা খ্ৰীঃ ১৬৩৯ ৰ সন্ধিয়ে আহোম আৰু মোগলৰ মাজত বিবাদৰ স্থায়ী সমাধান দিব পৰা নাছিল । এই সন্ধিৰ সময়ৰ পৰা বংগৰ মোগল শাসনকৰ্তা আছিল সম্ৰাট ছাহজানানৰ দ্বিতীয় পুত্ৰ মহম্মদ চুজা আৰু গুৱাহাটীৰ মোগল ফৌজদাৰ আছিল আলহয়াৰ খান । আনহাতে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ পৰৱৰ্তী আহোম ৰজা চুৰামফা বা ভগাৰজা আৰু চু্তিনফা বা নৰিয়া ৰজা দুৰ্বল আছিল । সেই সময়ত আহোম আৰু মোগলৰ মাজৰ কুটনৈতিক সম্পৰ্ক আহোমৰ হৈ মোমাই তামুলী বৰবৰুৱা আৰু মোগলৰ হৈ আলহয়াৰ খানে ৰক্ষা কৰিছিল । খ্ৰীঃ ১৬৫৮ লৈ দুয়োপক্ষৰ মাজত সামাজিক উত্তেজনা বিৰাজ কৰিছিল । যদিও মুখামুখি সংঘৰ্ষৰ ৰূপ লোৱা নাছিল । কিন্তু খ্ৰীঃ ১৬৫৮ত দিল্লীত মোগলৰ উত্তৰাধিকাৰী যুদ্ধৰ সুবিধা লৈ আহোম ৰজা স্বৰ্দগেউ জয়ধ্বজ সিংহই মোগলক খেদাৰ পৰিকল্পনা কৰে । সীমা বিবাদক লৈ আহোম-মোগল সংঘৰ্ষৰ এটা অন্যতম কাৰণ । খ্ৰীঃ ১৬৩৯ ৰ সন্ধিয়ে দুয়ো ৰাজ্যৰ সীমা উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলি নিৰ্ধাৰণ কৰি দিছিল । কিন্তু এই সীমাক লৈ দুয়োপক্ষ সন্তুষ্ট হব পৰা নাছিল । সেয়েহে সুবিধা পালেই দুয়োপক্ষই সীমা অতিক্ৰম কৰি নতুন-নতুন অঞ্চল দখলৰ প্ৰচেষ্টা অব্যহত ৰাখিছিল । 

আহোম আৰু মোগলৰ মাজৰ পাৰস্পৰিক সন্দেহ আৰু ঘৃণাই ইমান বেছি পৰ্যায় পাইছিলগৈ যে সংগীতৰ প্ৰতি বিশেষ ৰাপ থকা মোগলৰ সাধাৰণ লোকএজনক আহোম ৰাজ্যত হত্যা কৰা হৈছিল । একেদৰে তিনিজন আহোম ৰাজ্যৰ প্ৰজাক মোগলৰ অঞ্চলত প্ৰৱেশ কৰাৰ অপৰাধত গুৱাহাটীৰ মোগল ফৌজদাৰে গেপ্তাৰ কৰিছিল ।

ব্যৱসায়িক কাৰণক লৈও আহোম আৰু মোগলৰ মাজত বিবাদৰ সুত্ৰপাত হৈছিল । খ্ৰীঃ ১৬৩৯ৰ সন্ধিয়ে আহোমৰ লগত মোগলৰ ব্যৱসায়ৰ স্থায়ী সমাধান দিব পৰা নাছিল । এই বাণিজ্যিক সম্পৰ্ক নিৰ্ধাৰণৰ বাবে দুয়োপক্ষৰ প্ৰতিনিধিক লৈ এখন যুটীয়া সভা আহ্বান কৰিবৰ বাবে মোগলৰ গুৱাহাটীত থকা ফৌজদাৰে আহোম কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছিল । কিন্তু আহোমৰ মোমাই তামুলী বৰবৰুৱাই এই দাবী প্ৰত্যাখ্যান কৰিছিল । 

 ২। মীৰজুমলাৰ অসম আক্ৰমণৰ বিষয়ে লিখা । 

উত্তৰঃ মীৰজুমলাই আহোম ৰাজ্য আৰু কোচবিহাৰ আক্ৰমণৰ উদ্দেশ্য খ্ৰীঃ ১৬৬১ৰ ১ নৱেম্বৰ তাৰিখে ঢাকাৰ পৰা যাত্ৰা আৰম্ভ কৰে । তেওঁৰ সৈন্যবাহিনীত আছিল বাৰ হেজাৰ ঘোৰা, ত্ৰিশ হেজাৰ সৈনিক, তিনিশ বত্ৰিছখন যুদ্ধ জাহাজ আৰু এক শক্তিশালী গোলণ্ডাজ বাহিনী। পৰ্টুগীজ ,ডাচ আৰু ইংৰাজ বিষয়াক লৈ মীৰজুমলাৰ নৌ-বাহিনী গঠিত আছিল । এক বিশাল মোগল বাহিনীৰ ওচৰত তিষ্ঠিৱ নোৱাৰি কোচবিহাৰৰ ৰজা প্ৰাণনাৰায়ণ বূটানলৈ পলাই যোৱাত খ্ৰীঃ ১৬৬১ ৰ পৰা ১৯ ডিচেম্বৰত মীৰজুমলাই কোচবিহাৰ দখল কৰে । এই বিজয়ৰ পাছত তেওঁ কোচবিহাৰ নগৰখন জাহাংগীৰ নগৰ নামেৰে নামাকৰণ কৰাৰ লগতে মোগল সম্ৰাট উৰংজেৱৰ নামত মোহৰ মৰায় । কোচবিহাৰত পাঁচহেজাৰমান সৈন্য ৰাখি এইবাৰ মীৰজুমলাই অসম অভিমুখে ৰাওনা হয় । এই অভিযানৰ বাবে তেওঁৰ সৈন্যবাহিনীক দিলিব খান, মীৰ মুৰতাজা , ইৱন হুছেইন আদি সুদক্ষ সেনানায়কৰ অধীনত বিভক্ত কৰি দিয়ে । ৰছিদ খানক মীৰজুমলাই নিজৰ লগত ৰাখে । আহোমৰ সৈন্যই এই বিশাল মোগল সেনাক মানাহৰ মুখত প্ৰতিৰোধৰ চেষ্টা চলাইছিল যদিও বিফল হৈ শৰাইঘাট আৰু পাণ্ডূূৰ ওচৰলৈকে পিছুৱাই আহিবলৈ বাধ্য হয় । এই বাতৰি পাই আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই মনথিৰ ভৰালী বৰুৱাৰ নেতৃত্বত এক বিশাল সৈন্যবাহিনী গুৱাহাটীলৈ প্ৰেৰণ কৰে । পিছে নতুন সেনানায়কৰ নিযুক্তিয়ে আহোম সৈন্যবাহিনীয়ে বিতৰচৰাত বিৰূপ প্ৰভাৱ পেলায় । মনথিৰ ভৰালী বৰুৱাৰ নিযুক্তিয়ে পূৰ্বৰ বৰফুকনৰ কৰ্তৃত্বক অৱমানণা কৰিছে বুলি ভাবি তেওঁৰ অধীনৰ সৈন্যসকলে ভালদৰে যুদ্ধ নকৰিলে । ফলত পাণ্ডূ আৰু শৰাইঘাটত হোৱা যুদ্ধত জিকি মোগল বাহিনীয়ে সেই অঞ্চল দখল কৰে । ইয়াৰ পাছত বেলতলাৰ যুদ্ধতো জয়লাব কৰি মীৰজুমলাৰ সৈন্যবাহিনীয়ে খ্ৰীঃ ১৬৬২ ৰ ৪ ফ্ৰেব্ৰুৱাৰীত সমগ্ৰ গুৱাহাটী দখল কৰে । গুৱাহাটীত পৰাজয়ৰ পাছত াহোম সেনা নগাৱলৈ পিছুৱাই আহে । তেওঁলোকে কাজলীত শিবিৰ পাতি কলিয়াবৰৰ ওচৰৰ শিমলুগড় দুৰ্গত শক্তিশালী সৈন্যবাহিনী মজুত ৰাখে । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত চামধৰা দুৰ্গতো আহোম সৈন্যবাহিনী মোগলৰ মুখামুখি হব পৰাকৈ সাজু হৈ থাকে । গুৱাহাটী দখলৰ পাছত মোগল সেনাপতি তথা বংগৰ শাসক মীৰজুমলাই তিনিদিন গুৱাহাটীত বাহৰ পাতি আছিল । সেই সময়ত দৰং আৰু ডিমৰুৱা ৰজাই আহি মোগলৰ লগত যোগদান কৰিছিল । তদুপৰি কেইবাজনো াহোম বিষয়াই বিশ্বাসঘাটকতা কৰি মোগলকহে সহায় কৰে । মোগল সেনাই হেলাৰঙে কাজলী, ধলা, কলিয়াবৰ, আদিত আহোমৰ প্ৰতিৰোধ হেলাৰঙে ওফৰাই পেলাইছিল ।মোগল বাহিনী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেদি আহোমৰ ৰাজধানী গড়গাওঁ অভিমুখে যাত্ৰা কৰিছিল । 

৩। আহোমৰ ৰাজধানী গড়গাওঁ দখলৰ বিষয়ে লিখা ।

উত্তৰঃ কলিয়াবৰ আৰু চামধৰাৰ পতনৰ পাছত মীৰজুমলাৰ লক্ষ্য আছিল আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰা । তেওঁৰ সৈন্যবাহিনীয়ে লখৌ গড়তো আহোমৰ প্ৰতিৰোধ প্ৰতিহত কৰি গড়গাওঁ অভিমুখে যাত্ৰা আৰম্ভ কৰে । আহোমৰ এনে বিপৰ্যয় দেখি স্বৰ্গদেউ জয়ধ্বজ সিংহই তিনিজন মন্ত্ৰী, গোহাইৰ হাতত গড়গাওঁৰ প্ৰতিৰক্ষাৰ দায়িত্ব দি নিজে চৰাইদেউলৈ পলাই যায় । চৰাইদেউৰ পৰা পুনৰ তেওঁ নামৰূপলৈ পলাই যায় । ৰজাৰ পলায়নৰ বাতৰি পাই বহু আহোম সেনা গৈ মোগলৰ শিবিৰত যোগ দিয়েগৈ । এনে পৰিস্থিতিত মীৰজুমলাৰ অধীনত মোগল বাহিনীয়ে ১৬৩৯ ৰ ১৭ মাৰ্চত অতি সহজেই গড়গাঁৱত প্ৰবেশ কৰি তাত মোগলৰ আধিপত্য প্ৰতিষ্ঠা কৰে । গড়গাঁৱত মোগলসকলে প্ৰায় নমাহ কাল আছিল । কিন্তু সেই সময়ছোৱাত তেওঁলোক বহুতো বিপৰ্যয়ৰ সন্মুখীন আছিল । যেনে 

ক) যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হোৱাৰ ফলত মোগল শিবিৰত খাদ্যৰ সমস্যাই দেখা দিছিল ।

খ) সেই বছৰৰ আগষ্ট মাহত মোগল শিবিৰত হোৱা মহামাৰীত বহু লোকৰ মৃত্যু হৈছিল ।

গ) মোগল শিবিৰত হোৱা অবৰ্ণনীয় পৰিস্থিতিৰ সুবিধা লৈ আহোম সেনাই গেৰিলা পদ্ধতিৰে মোগলৰ শিবিৰত আক্ৰমণ আৰম্ভ কৰিছিল । বাদুলী ফুকনৰ নেতৃত্বত আহোমসকলে গড়গাওঁ আৰু মথুৰাপুৰ বাদ দি অন্য অঞ্চলসমূহ নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল ।

ঘ) মোগলসকল উজনি অসমত ব্যস্ত হৈ থাকোতে কোচ ৰজা প্ৰাণনাৰায়ণে তেওঁৰ অঞ্চলৰ পৰা মোগলসকলক খেদি পঠাইছিল ।

ঙ) মোগল সৈনিকসকলে বহুদিন ঘৰৰ পৰা দূৰত থাকি বিদ্ৰোহ কৰিছিল । আৰু বিষয়াসকলেও নতুনকৈ যুদ্ধত লিপ্ত হব বিচৰা নাচিল ।

চ) মীৰজুমলা বাহিনী গড়গাওঁত থাকোতে বংগদেশত এক ভয়ানক দুৰ্ভিক্ষই দেখা দিয়াৰ ফলত তাৰ পৰা খাদ্য আৰু অন্যান্য যুদ্ধৰ সামগ্ৰীৰ যোগান বন্ধ হৈ পৰিছিল ।

ছ) অসমৰ জলবায়ু  মোগলৰ বাবে সুবিধাজনক নাছিল । মীৰজুমলাৰ নিজৰো টান নৰিয়া হোৱাত তেওঁ শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিল । খ্ৰীঃ ১৬৬২ ৰ নৱেম্বৰ-ডিচেম্বৰ মাহত আহোম স্বৰ্গদেই জয়ধ্বজ সিংহৰ হৈ আতন বৰগোহাইয়ে মোগল শিবিৰলৈ শান্তিৰ প্ৰস্তাৱ আগবঢ়ায় । মোগলে প্ৰথম অৱস্থাত এই প্ৰস্তাৱত সন্মতি দিয়া নাছিল যদিও পাছলৈ মোগল শিবিৰত হোৱা নানা বিপৰ্যয়ৰ বাবে মীৰজুমলাই এই প্ৰস্তাৱত সন্মতি দিবলৈ বাধ্য হয় । ফলত খ্ৰীঃ ১৬৬৩ ৰ ২২ জানুৱাৰীত টিপামৰ ঘিলাধাৰী ঘাটত আহোম আৰু মোগলৰ মাজত এখন সন্ধিপত্ৰ হয় । মীৰজুমলাই আহোমৰ লগত স্বাক্ষৰ কৰা এই সন্ধিপত্ৰখন ঘিলাধাৰীঘাটৰ সন্ধি হিচাপে জনা যায় । এই সন্ধিৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আহোম ৰজাৰ হৈ আতন বৰগোহাই আৰু মোগলৰ হৈ দিলিৰ খানে । এই ঘিলাধাৰীঘাটৰ সন্ধিৰ প্ৰধান চৰ্তসমূহ আছিল -

ক) ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণপাৰে কলং আহোমৰ আৰু মোগল ৰাজ্যৰ মাজৰ নতুন সীমা নিৰ্ধাৰণ কৰে ।

খ) ভৰলীৰ পশ্চিমে থকা দৰং ৰাজ্য আৰু কলংৰ পশ্চিমে থকা ডিমৰুৱা, বেলতলা আৰু ৰাণী মোগল সাম্ৰাজ্যৰ অধীন হয় ।

গ) আহোম ৰজাই অতি প্ৰসৰতাৰে মোগলক বিশ হেজাৰ তোলা সোণ, এক লাখ বিশ হেজাৰ তোলা ৰূপ আৰু চল্লিশটা হাতী মোগলক দিবলগীয়া হয় ।

ঘ) এবছৰৰ ভিতৰত আহোম ৰজাই তিনি লাখ তোলা ৰূপ আৰু নবৈটা হাতী তিনিটা কিস্তিত যুদ্ধৰ ক্ষতিপুৰণ দিবলৈ প্ৰতিশ্ৰুতি দিয়ে ।

ঙ) বিশটা হাতী আহোমে মোগলক দিবলগীয়া বাৰ্ষিক কৰ হিচাপে ধাৰ্য কৰা হয় ।

চ) স্বৰ্গদেউ জয়ধ্বজ সিংহৰ জীয়ৰী ৰমণী গাভৰু মোগলৰ হেৰেমলৈ পঠিয়ায় ।

ছ) স্বৰ্গদেউ জয়ধ্বজ সিহংৰ নিজ পুত্ৰৰ লগতে পাচজন ডা-ডাঙৰীয়াৰ পুত্ৰক এই ক্ষতিপুৰণ সম্পূৰ্ণ নিদিয়ালৈকে মোগল ৰাজ দৰবাৰত ৰাখিবলৈ বাধ্য হয় ।

৪। মীৰজুমলাৰ অসম আক্ৰমণৰ ফলাফলৰ বিষয়ে লিখা .

উত্তৰঃ মীৰজুমলাৰ অসম আক্ৰমণৰ ফলাফলসমূহ হল

ক)  মোগল সাম্ৰাজ্যৰ সম্প্ৰসাৰণ নীতিৰ প্ৰভাৱ উত্তৰ-পূৰ্বাঞ্চলত সম্পূৰ্ণৰূপে পৰিবলৈ সক্ষম হৈছিল ।

খ) আহোমসকল বিদেশীৰ হাতত কেৱল পৰাজিত হোৱাই নহয়, তেওঁলোকে অপমানজনক সন্ধিৰ চৰ্ত মানি লবলৈও বাধ্য হৈছিল ।

গ) এই পৰাজয়ে পৰৱৰ্তী সময়ত আহোমসকলক শক্তিশালী কৰি তুলিছিল । জয়ধ্বজ সিংহৰ পৰৱৰ্তী ৰজা চক্ৰধ্বজ সিংহই এই পৰাজয়ৰ পোটক তুলিবলৈ পুনৰ মোগলৰ লগত যুদ্ধত অৱৰ্তীণ হৈছিল ।

ঘ) বিশ্বাসঘাটক আহোম বিষয়াসকলক আঁতৰাই তাৰ ঠাইত সুদক্ষ লোকক নিয়োগ ।

ঙ) মীৰজুমলাৰ অসম আক্ৰমণ আৰু লুটপাতসমূহে অসমৰ অৰ্থনীতি দুৰ্বল কৰিছিল ।

চ) মীৰজুমলাৰ অসম আক্ৰমণৰ এক ইতিবাচক দিশ আছিল তেওঁৰ লগত অহা চিহাবুদ্দিন তালিছে লিখা ফাহিয়া-ই-ইব্ৰিয়া গ্ৰন্থত সমসাময়িক অসমৰ ইতিহাসৰ বহু তথ্য সন্নিৱিষ্ট হৈছে । 

৫। ৰামসিংহৰ অসম আক্ৰমণৰ বিষয়ে লিখা ।

উত্তৰঃ আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত ৰামসিংহই আহোম ৰাজ্যলৈ অভিযান চলাইছিল । ৰামসিংহ আছিল অম্বৰৰ ৰজা জয়সিংহৰ পুত্ৰ । মীৰজুমলাৰ প্ৰত্যাহবানৰ পাছত স্বৰ্গদেই চক্ৰধ্বজ সিংহৰ নিৰ্দেশত আহোমে নিজৰ হেৰোৱা অঞ্চলসমূহ পুনৰ মোগলৰ পৰা দখল কৰাৰ বাতৰি পাই মোগল সম্ৰাট ঔৰংজেৱে এক বিশাল সৈন্যবাহিনীসহ আহোম ৰাজ্য আক্ৰমণৰ বাবে প্ৰেৰণ কৰিছিল ।

ৰামসিংহৰ অসম অভিযানৰ প্ৰধান কাৰণ আছিল ।

পূৰ্বতে মীৰজুমলাৰ অভিযানত আহোমসকল পৰাস্ত হোৱাৰ পাছত ঘিলাধাৰী ঘাটত মোগলৰ লগত সন্ধি কৰিবলৈ বাধ্য হৈছিল । এই আক্ৰমণে আহোম ৰাজ্যৰ লগতে ৰাজধনী গড়গাঁৱত বিধ্বস্ত ৰূপ দিছিল । জয়ধ্বজ সিংহই ৰাজধনী পলাই যোৱাৰ বাবে ভগনীয়া ৰজা ৰজা নামেৰে পৰিচিত । মনৰ দুখতে কিছুদিন পাছত জয়ধ্বজ সিংহৰ মৃত্যু হোৱাত চাৰিং ৰজাই হিন্দু মতে  চক্ৰধ্বজ সিংহৰ নাম লৈ আহোম সিংহাসনত আৰোহণ কৰে । ৰাজপাটত বহিয়েই পূৰ্বতে মোগলৰ লগত হোৱা পৰাজয়ৰ পোটক তুলিবলৈ তেওঁ সংকল্পবদ্ধ হয় । সেই উদ্দেশ্য তেওঁ এখন সবাৰ আহ্বান কৰি ডা-ডাঙৰীয়াসকলৰ লগত মোগলৰ বিপক্ষে অভিযান চলোৱাৰ বাবে পৰিকল্পনা কৰে ।

ঘিলাধাৰী ঘাটৰ সন্ধিৰ চৰ্ত অনুসৰি আহোম ৰজাই মোগলক দিবলগীয়া তিনি লাখ তোলা ৰূপ আৰু নবৈটা হাতী অনাদায়  হৈ আছিল । গুৱাহাটীৰ ফৌজদাৰ ফিৰোজ খাই এই অনাদায় সামগ্ৰীসমূহ বিচাৰি কটকীৰ হাতত চক্ৰধ্বজ সিংহলৈ চিঠি পঠাইছিল । কিন্তু চক্ৰধ্বজ সিহই এই বিষয় এৰাই চলিছিল । এনে সময়তে গুৱাহাটীৰ মোগল ফৌজদাৰে মোগলৰ হেৰেমলৈ আহোম যুৱতী বিচৰাৰ বাতৰি পাই স্বৰ্গদেৱে মোগলক এশিকনি দিবৰ বাবে সংকল্পবদ্ধ হয় । ঘিলাধাৰী ঘাটৰ সন্ধিমতে যিহেতু আহোম ৰজা মোগলৰ অধীনৰ কৰতলীয়া ৰজা হিচাপে চিহ্নিত হৈছিল. সেয়ে মোগল সম্ৰাট ঔৰংজেৱে কটকীৰ হাতত কৰতলীয়া ৰজাই পিন্ধিবলগীয়া এযোৰ বিশেষ কাপোৰ গড়গাঁৱলৈ দি পঠাইছিল । পৰাধীনতাৰ প্ৰতীক এই কাপোৰযোৰ চক্ৰধ্বজ সিংহক পিন্ধিবলৈ কোৱাত তেওঁ চৰম অপমান পাইছিল । সেয়েহে বঙালৰ অধীনত থকাতকৈ মৰণেই শ্ৰেষ্ঠ বুলি বিবেচনা কৰি তেওঁ মোগলৰ বিপক্ষে অভিযান চলাবৰ বাবে সাজু আছিল । খ্ৰীঃ ১৬৬৭ ৰ মাৰ্চত আহোম-মোগলৰ চৰম অৱনতি ঘটিছিল । সেই সময়ত ফিৰোজ খানৰ ঠাইত ৰচিদ খানক গুৱাহাটীৰ মোগল ফৌজদাৰ নিযুক্তি দিয়া হৈছিল । ৰচিদ খানে আহিয়েই আহোমৰ পৰা পাবলগীয়া অনাদায় সম্পদসমূহ বিচাৰি কটু ভাষাৰে আহোম ৰজালৈ পত্ৰ প্ৰেৰণ কৰিছিল । এই পত্ৰত পূৰ্বতে কোৱা আহোম গাভৰুৰ বিষয়টোও আছিল । এই কথাত ক্ষুব্ধ হৈ আহোম ৰজাই মোগলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । 

৬। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বিপক্ষে কৰা যুদ্ধৰ পৰিকল্পনাসমূহ কি কি ।

উত্তৰঃ স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বিপক্ষে কৰা যুদ্ধৰ পৰিকল্পনাসমূহ হল 

আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিবৰ বাবে ডা-ডাভৰীয়া সকলৰ লগত আলোচনাত মিলিত হয় । তেওঁ এই অভিযানৰ সকলো দায়িত্ব ৰাজমন্ত্ৰী আতন বৰগোহাই আৰু মোমাই তামুলী বৰবৰুৱাৰ হাতত অৰ্পণ কৰে । এই অভিযানৰ বাবে তেওঁলোকে গ্ৰহণ কৰা প্ৰধান পদক্ষেপসমূহ আছিল ।

ক) পূৰ্বৰ আহোম-মোগলৰ সংঘৰ্যৰ সময়ত ষড়যন্ত্ৰ কৰা বিষয়াসকলক শাস্তি প্ৰদান .

খ) সামৰিক বাহিনীত নতুন সৎ বিষয়াৰ নিযুক্তি ।

গ) সামৰিক বিষয়াসকলক পুৰস্কাৰৰ জৰিয়তে মনোবল বৃদ্ধি কৰা ।

ঘ)  নৌ-যুদ্ধৰ দায়িত্বত থকা নাওঁশলীয়া বৰুৱাক যুদ্ধৰ জাহাজ বা নাওসমূহ প্ৰস্তুতৰ বাবে বিভিন্ন সুবিধা প্ৰদান ।

ঙ) উন্নতমানৰ সুবিধা প্ৰদান ।

চ) সৈন্যবাহিনীৰ লোকসকলক প্ৰয়োজনীয় সামগ্ৰী যেনে--- চাউল, নিমখ, মাছ, কাপোৰ, গাখীৰ আদিৰ বিনামুলীয়া বিতৰণ ।

ছ) আভ্যন্তৰীণ আৰ্থিক সংস্কাৰৰ ব্যৱস্থা । অভিযানৰ সময়ত যাতে খাদ্য সংকটে দেখা নিদিয়ে তাৰ বাবে ব্যৱস্থা লোৱা গৈছিল । 

জ) এক সু- পৰিকল্পিত বৈদেশিক নীতি গ্ৰহণ । স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ নেতৃত্বত মোগলৰ বিৰুদ্ধে এক সু-পৰিকল্পিত ৰাজনৈতিক মঞ্চ গঢ়ি তোলা হৈছিল । স্বৰ্গদেৱে নিজেই কোচবিহাৰ, জয়ন্তীয়া, কাছাৰ আৰু কামৰূপৰ বিভিন্ন শাসকৰ লগত টিঠিৰে যোগাযোগ কৰি সম্ভাব্য মোগলৰ বিৰুদ্ধে  অভিযানৰ বাবে তেওঁলোকক একত্ৰিত কৰিছিল । ৰাণী, লুকী, বেলতলা আদিৰ শাসকসকলেও মোগলৰ বিৰুদ্ধে থিয় দি আহোমক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

৭। আহোমৰ গুৱাহাটী দখলৰ বিষয়ে লিখা ।

উত্তৰঃ মোগলৰ বিৰুদ্ধে সম্পূৰ্ণ সমৰ প্ৰস্তুতি আৰম্ভ কৰাৰ পাছত মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকনক এই অভিযানৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছিল ।লাচিত বৰফুনৰ ন্তৃত্বত অসমীয়া সৈন্যই খ্ৰীঃ ১৬৬৭ ৰ আগষ্ট মাহত মোগলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । তেওঁলোকে প্ৰথমে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা মোগলৰ পাণবৰী দুৰ্গ দখল কৰে । ইয়াৰ পাছত ব্ৰহ্মপুত্ৰৰ দক্ষিণে থকা কাজলী, সোণাপুৰ, পানীখাইতী আৰু তাঁতীমৰা দুগ্গ দখল কৰে । এই বিজয়ৰ পাছত লাচিত বৰফুকনৰ নেতৃত্বত জয়ন্তীয়া, ৰাণী, লুকী, ডিমৰুৱা আদিৰ শাসকসকলো একত্ৰিত হৈ বোন্দা পাহাৰৰ কাষত যুদ্ধৰ নাওসমূহ একত্ৰিত কৰেগৈ । এইবাৰ আহোমৰ সন্মিলিত স্থলবাহিনী আৰু নৌ-বাহিনী একত্ৰিত হৈ গুৱাহাটী দখলৰ বাবে অভিযান আৰম্ভ কৰে । মোগলে বাধা দিবৰ চেষ্টা কৰি ব্যৰ্থ হোৱাত ৪ নৱেম্বৰ তাৰিখে লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সৈন্যই মোগল প্ৰশাসনৰ কেন্দ্ৰস্থল ইটাখুলি দুৰ্গ অধিকাৰ কৰে । ইটাখুলিৰ পতনৰ পাছত মোগল সৈন্যসকল প্ৰথমে আগীয়াঠুৰীলৈ আৰু তাৰ পৰা মানাহ নৈৰ সিপাৰলৈকে পিছুৱাই যায় । অসমীয়া সেনাৰ এই বীৰত্বৰ কাহিনী উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ মন্দিৰৰ কাষত থকা কানাই বৰশী বোৱা শিলালিপি , গুৱাহাটীত পোৱা এটা শিলৰ স্তম্ভ শিলঘাট আৰু দিকমৰ পৰা উদ্ধাৰ হোৱা পুৰণি বৰতোপত উল্লেখ আছে । এনেদৰে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৰিকল্পনা আৰু সবল পদক্ষেপৰ বাবে লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সেনাই মানাহকে ধৰি সমগ্ৰ অঞ্চলটো মোগলৰ হাতৰ পৰা পুনৰুদ্ধাৰ কৰে । এই বিজয়ৰ পাছত গুৱাহাটীত বৰফুকনৰ কাৰ্যালয় পাতি নতুনকৈ অধিকৃত অঞ্চলৰ প্ৰশাসনিক কাম-কাজ আৰম্ভ কৰে ।

৮। ৰামসিংহৰ অসম অভিযানৰ বিষয়ে লিখা ।

উত্তৰঃ আহোমৰ হাতত মোগলৰ পৰাজয়ৰ বাতৰি পাই মোগল সম্ৰাট ঔপংজেৱে ৰামসিংহৰ নেতৃত্বত এক বিশাল সৈন্যবাহিনী অসম আক্ৰমণৰ বাবে প্ৰেৰণ কৰে । ৰামসিংহৰ সৈন্যবাহিনীত ওঠৰ হেজাৰ অশ্বাৰোহী সৈন্য, ত্ৰিশ হেজাৰ পদাতিক সৈন্য আৰু চৈধ্যখন যুদ্ধ জাহাজ আছিল । গুৱাহাটীৰ পূৰ্বৰ থানাদাৰ ৰছিদ খানেও এই অভিযানত অংশ লৈছিল । তদুপৰি ৰামসিংহৰ অনুৰোধমৰ্মে পাটনাত বাহৰ পাতি থকা থকা শিৱ ধৰ্মগুৰু টেগবাহাদুৰে অন্য পাচজন পীৰৰ সৈতে মোহল সৈন্যবাহিনীৰ লগত আহিছিল । তেওঁলোক অহাৰ উদ্দেশ্য আছিল পূৰ্বৰে পৰা অসমত প্ৰচলিত যাদু বিদ্যা, তন্ত্ৰ-মন্ত্ৰৰ পৰা মোগল সৈন্যসকলক ৰক্ষা কৰা । খ্ৰীঃ ১৬৬৯ ৰ ফ্ৰেব্ৰুৱাৰী মাহত ৰামসিংহৰ নেতৃত্বত মোগল বাহিনী আহি মানাহৰ কাষৰ ৰঙামাটিত উপস্থিত হয়গৈ । ৰামসিংহৰ আগমনৰ বাতৰি পোৱাৰ লগে-লগেই আহোমসকলেও প্ৰতিৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছিল । স্বৰ্গদেৱে বৰফুকনৰ সাহায্যৰ বাবে এক সৈন্যবাহিনী প্ৰেৰণ কৰে । তদুপৰি গুৱাহাটী আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলসমূহৰ প্ৰতিৰক্ষাৰ বাবে তাৎক্ষণিকভাৱে বহু ব্যৱস্থা গ্ৰহণ কৰে । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁৱৰ শৰাইঘাট দুৰ্গত আতন বৰগোহাই, কুৰুৱাত বৰপাত্ৰ, গোহাই, পাণ্ডূত অন্য এজন বৰগোহাই, অসুৰৰ আলিত কলিয়াবৰীয়া ফুকন , ইটাখুলিত বৰফুকন আৰু নৌ-সেনাৰ দায়িত্বত নাওবৈচা ফুকন মোগলক ভেটিবৰ বাবে সাজু হৈ থাকে । পাছলৈ ইটাখুলি আৰু কামাখ্যা পাহাৰৰ মাজত অন্ধুৰা সৈন্যই বালিত বৰফুকনৰ সৈন্যই বাহৰ পাতি আছিল । 

৯। মোগলৰ হাজোলৈ অগ্ৰসৰৰ বিষয়ে লিখা ।

উত্তৰঃ ৰামসিংহৰ অধীনত মোগল সৈন্যই ৰঙামাটি পোৱাৰ পাছত মানাহ অতিক্ৰম কৰি হাজোলৈকে আগুৱাই আহে । হাজোৰ পৰা কামাখ্যালৈ লাচিত বৰফুকনলৈ পত্ৰ প্ৰেৰণ কৰি আহোমক গুৱাহাটী এৰি যাবলৈ জনায় । লাচিত বৰফুকনে আচলতে যুদ্ধৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি মোগলক প্ৰত্যাহ্বান জনায় । ফলত ৰামসিংহই হাজোৰ পৰা আগুৱাই আহি শৰাইঘাটৰ ওচৰ পায়হি । অৱশ্যে দক্ষিণপাৰে থকা মোমাই কটা গড় ভেদ কৰিব নোৱাৰি ব্ৰহ্মপুত্ৰ পাৰ হৈ দৰং অঞ্চললৈ আগুৱাই যোৱাৰ পৰিকল্পনা কৰে । এইছোৱা সময়ত হোৱা দুখন স্থলযুদ্ধত মোগলে জয়লাভ কৰিলেও নৌ-যুদ্ধত আহোমৰ হাতত মোগল সেনা পৰাস্ত হয় । ৰামসিংহৰ সৈন্যবাহিনীয়ে অশেষ চেষ্টা কৰিও গুৱাহাটীত প্ৰৱেশ কৰিব নোৱাৰি হাজোলৈ উভতি যাবলৈ বাধ্য হয় । এনে সময়তে মোগল সৈন্যবাহিনীৰ নেতৃত্বত থকা ৰামসিংহৰ লগত ৰচিদ খানৰ মনোমালিন্য হয় । ৰচিদ খানে অসমীয়াৰ লগত যোগাযোগ ৰক্ষা কৰি চলিছে বুলি অভিযোগ কৰি তেওঁক মোগল সৈন্যবাহিনীৰ পৰা বহিস্কাৰ কৰা হয় । এনে কথাই মোগল সৈন্যবাহিনীৰ বিৰূপ প্ৰভাৱ পেলাইছিল । ফলত শুৱালকুছি আৰু চেঁচাত হোৱা যুদ্ধতো মোগলৰ পৰাজয় হৈছিল ।


১০। আলাবৈ যুদ্ধৰ বিষয়ে লিখা ।

উত্তৰঃহাজোৰ পৰা গৈ মোগল সৈন্যই আলাবৈ পাহাৰৰ কাষত শিবিৰ পাতিলে । তেওঁলোকে দলিবাৰী, দদৰা, আগীয়াছুৰিৰ পৰা চেঁচা নৈলৈকে অঞ্চলটো আৱৰি লৈছিল । পাহাৰ আৰু নৈৰে আগুৰি ৰখা  এই অঞ্চলটো সামৰিক কৌশলৰ বাবে সুবিধাজনক আছিল । সেয়েহে আহোম সেনাপতি লাচিত বৰফুকনে এনে দুৰ্গম অঞ্চলত ৰাজপুত আৰু মোগল লৈ গঠিত মোগল সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাৰ পক্ষপাতী আছিল । কিন্তু স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ নিৰ্দেশত অসমীয়া সেনাই মোগলক আক্ৰমণ কৰিবলৈ বাধ্য হয় । এই আলাবৈ পাহাৰত হোৱা আহোম-মোগল যুদ্ধত একেদিনাই দহ হেজাৰ আহোম সেনাৰ মৃত্যু হৈছিল । কতদিনে যুদ্ধ কৰি কৰি ইতিমধেয দুয়োপক্ষ বাগৰি পৰিছিল । সেয়েহে দুয়োপক্ষই সাময়িকভাৱে শান্তিৰ চেষ্টা চলায় । ইফালে  এই যুদ্ধৰ বাতৰিত হতাশ হৈ চক্ৰধ্বজ সিংহৰ মৃত্যু হয় । তেওঁৰ মৃত্যুৰ পাছত চু্নিতফাই  উদয়াসিংহ সিংহ নাম লৈ আহোমৰ সিংহাসনত বহে ।


১১। শৰাইঘাটৰ যুদ্ধৰ বিষয়ে লিখা ।

উত্তৰঃ মোগল সেনাপতি ৰামসিংহৰ প্ৰধান উদ্দেশ্য আছিল গুৱাহাটী দখল কৰা । সেয়েহে আলাবৈ যুদ্ধৰ পাছতো বিজয়ৰ কোনো লক্ষণ নেদেখি তেওঁ লাচিত বৰফুকনলৈ শান্তিৰ প্ৰস্তাৱ আগবঢ়ায় । ৰামসিংহই যুদ্ধৰ সলনি পূৰ্বৰ খ্ৰীঃ ১৬৩৯ৰ সন্ধিৰ সীমা লৈ দুয়োপ৭ৰ মাজত শান্তিপূৰ্ণভাৱে মিত্ৰতা হোৱাৰ পোষকতা কৰে । কিন্তু আহোম স্বৰ্গদেউ উদয়াদিত্য সিংহই ৰামসিংহৰ  এই প্ৰস্তাৱ মানি লবলৈ সন্মত নহয় । বৰং আতন গোহাইৰ নেতৃত্বত বিশ হেজাৰ সৈন্য চামধৰাৰ পৰা শৰাইঘাটলৈ পঠিয়ায় । ইফালে মোগল সম্ৰাট ঔৰংজেৱও যুদ্ধ চলাই যাবলৈ ৰামসিংহক নিৰ্দেশ দিয়ে । ফলত দুয়োপক্ষই পূৰ্ণগতিত যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰে । আহোম াৰু মোগলৰ মাজত হোৱা স্থলযুদ্ধসমূহত আহোমৰ হাতত মোগল তিষ্ঠিৱ নোৱাৰা হৈ পৰিছিল । এনে সময়তে ৰামসিংহক সহায় কৰিবৰ বাবে ইউৰোপীয় নাৱিকৰ নেতৃত্বত এক বিশাল নৌ-বাহিনী আহি অসমত উপস্থিত হয়হি । এইবাৰ মোগল বাহিনীয়ে নৌ শক্তিৰ সহায়ত গুৱাহাটী দখলৰ চেষ্টা চলায় । মোগলৰ নৌ-বাহিনীয়ে গুৱাহাটী দখলৰ প্ৰথম পদক্ষেপ হিচাপে ইটাখুলি আৰু ভৰলুৰ মাজত আন্ধাৰু-বালি হৈ গুৱাহাটীত প্ৰবেশৰ চেষ্টা চলাইছিল । কিন্তু ব্যৰ্থ হোৱাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ গৈ জুৰীয়া নামৰ ঠাইত বাহৰ পাতে । আহোমসকলেও অশ্বক্লান্তৰ কাষে-পাজৰে শিবিৰ পাতি ৰল । খ্ৰীঃ ১৬৭১ ৰ মাৰ্চ মাহত দুয়োপক্ষৰ মাজত ব্ৰহ্মপুত্ৰত নৌ-যুদ্ধ আৰম্ভ হয় । সেই সময়ত অসমীয়া সেনাপতি লাচিত বৰফুকন অসুস্থ আছিল ।ফলত আহোম সেনা হতাশ হৈ পৰাত মোগলক প্ৰতিৰোধ কৰিব নোৱাৰি ইটাখুলিলৈ পিছুৱাই আহে । ফলত ৰামসিংহৰ নেতৃত্বত মোগল বাহিনী গুৱাহাটী দখলৰ বাবে আগুৱাই আহে । পৰিস্থিতি বিষম দেখি লাচিত বৰফুকনে নৰিয়া গাৰেই যুদ্ধক্ষেত্ৰলৈ আহে । লাচিতৰ এনে কাৰ্যই অসমীয়া সেনাৰ সাহস আৰু মনোবল বহুগুণে বৃদ্ধি কৰিলে । ফলত ১৬৭১ ৰ মাৰ্চ মাহত আহোম আৰু মোগলৰ মাজত শৰাইঘাটত হোৱা যুদ্ধত আহোমৰ হাতত মোগলৰ শোচনীয় পৰাজয় হয় । এই পৰাজয়ৰ পাছত এপ্ৰিলৰ ৫ তাৰিখে ৰামসিংহ নিজ দেশলৈ উভতি যায় । অসমীয়া সেনাই মোগলক খেদি নি মানাহ নৈ পাৰ কৰি থৈ আহে ।ফলত আহোম ৰাজ্যৰ সীমা মানাহ নৈলৈকে বিস্তৃ হয় । তেতিয়াৰ পৰা হৈদিৰাত নতুন সীমান্ত চকী স্থাপন কৰা হয় । 


১২। শৰাইঘাটৰ যুদ্ধৰ ফলাফলসমূহ কি আছিল ।

উত্তৰঃ শৰাইঘাটৰ যুদ্ধৰ প্ৰত্যক্ষ ফলাফলসমূহ আছিল 

১। আহোম মোগল সংঘৰ্ষৰ অন্ত পৰে ।

২। আহোম আৰু মোগলৰ মাজত স্থায়ী সীমা নিৰ্ধাৰণ হোৱাত বহুবছৰ চলিথকা আহোম-মোগল সংঘৰ্ষৰ অন্ত পৰি ৰাজ্যত শান্তি-শৃংখলা বিৰাজ কৰে ।

৩। শৰাইঘাটৰ যুদ্ধত আহোমৰ সামৰিক দক্ষতা বৃদ্ধি পায় । তাৰ কাৰণে গড়মৰা কাৰ্য, শত্ৰুৰ গতিবিধিৰ ওপৰত নিৰীক্ষণ, তাৎক্ষণিক সিদ্ধান্ত আদি দিশবোৰ আছিল মন কৰিবলগীয়া ।

৪। শৰাইঘাটৰ যুদ্ধই আহোমক উত্তৰ-পূৰ্বাঞ্চলৰ অপ্ৰতিৰোধ সাৰ্বভৌম ৰাজনৈতিক শক্তি হিচাপে চিহ্নিত কৰে ।

৫। উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত দেশপ্ৰেম জাগ্ৰত কৰি তোলে ।

৬। সামাজিক সম্প্ৰীতি বৃদ্ধি পোৱাৰ লগতে এক উমৈহতীয়া পৰিচয় গঢ়ি উঠে ।


১৪। ৰাজনৈতিক অস্থিৰতাৰ যুগ 

উত্তৰঃ শৰাইঘাটৰ যুদ্ধৰ পাছতে অসমত ৰাজনৈতিক অস্থিৰতাৰ সূচনা হৈছিল । স্বৰ্গদেউ উদয়াদিত্য সিংহৰ পাছৰ পৰা স্বৰ্গদেউ গদাধৰ সিংহই টুংখুঙীয়া বংশ প্ৰতিষ্ঠা কৰাৰ সময়লৈকে অসমৰ ৰাজনীতিত এই অস্থিৰতা বিৰাজ কৰিছিল । এই অস্থিৰতাৰ প্ৰধান কাৰণ আছিল 

ক) মোগলৰ গতিবিধি নিৰীক্ষণ কৰিবৰ বাবে আতন বৰগোহাইকে ধৰি কেইবাজনো দায়িত্বশীল বিষয়া বহুদিনলৈ ৰাজধানী গড়গাঁৱৰ পৰা আঁতৰি গুৱাহাটীত থাকিবলগীয়া হোৱা কাৰ্য ।

খ) মানাহ নৈৰ সিপাৰত  প্ৰায় পাঁচ বছৰ কাল মোগলৰ সেনাপতি ৰামসিংহই বাহৰ পাতি থাকি গুৱাহাটীত দখলৰ অহৰহ সুযোগৰ সন্ধান ।

গ) গড়গাঁৱত এচাম সুবিধাবাদী আৰু ক্ষমতাশালী বিষয়াৰ ৰাজনৈতিক ক্ষমতা হস্তক্ষেপৰ ষড়যন্ত্ৰ ।

আতন বৰগোহাই প্ৰমুখ্য আহোম ৰাজ্যৰ নিষ্ঠাৱান বিষয়াসকলে মোগলৰ পৰা দেশখনক বচাবৰ বাবে প্ৰতিৰক্ষা বিষয়ত গুৰুত্ব দি গুৱাহাটীত থাকোতে ৰাজধানী গড়গাঁৱত স্বাৰ্থলোভী বিষয়াই ক্ষমতাৰ লোভত ৰাজনৈতিক চক্ৰান্ত আৰম্ভ কৰে ।এইক্ষেত্ৰত গড়গাঁৱত ৰাজনৈতিক ক্ষমতা প্ততিষ্ঠাৰ বাবে উঠি-পৰি লাগিছিল । ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকনে । তেওঁলোকৰ চক্ৰান্তত আতন বৰগোহাইৰ নিচিনা দায়িত্বশীল আৰু নিষ্ঠাবান ব্যক্তিও বন্দী হৈছিল । 


১৫। তুংখুঙীয়া বংশ প্ৰতিষ্ঠা ।

উত্তৰঃ আহোম ৰাজ্যত ৰাজনৈতিক অস্থিৰতা চলি  থকাৰ শেষৰফালে গুৱাহাটীৰ প্ৰতিৰক্ষাৰ দায়িত্বত আছিল লালুকসোলা বৰফুকন ।খ্ৰীঃ ১৬৭৯ত লালুকসোলা বৰফুকনে বিনাযুদ্ধে গুৱাহাটীখন মোগৱক এৰি দিয়ে । তাৰ পাছত তেওঁ গড়গাঁৱলৈ গৈ আহোম ৰাজ সিংহাসন দখল কৰি দি আতন বৰগোহাইক হত্যা কৰি চুলিকফা নামৰ এজন চৈধ্য বছৰীয়া লৰাক ৰজা পাতে । কম বয়সত ৰজা হোৱাৰ বাবে চুলিকফাক লৰাৰজা হিচাপে পৰিচিত আছিল । লৰাৰজাক লালুকসোলাই নামমাত্ৰ ক্ষমতাত ৰাখি শাসনৰ সকলো ক্ষমতা নিজৰ হাতলৈ নিছিল । আহোমৰ ৰাজ সিংহাসন যাতে আন কোনেও লব নোৱাৰে তাৰ বাবে সম্ভাব্য ৰাজ  প্ৰাৰ্থীসকলক অংগক্ষত কৰোৱায় । কাৰণ আহোম পৰম্পৰা অনুসৰি  কোনো অংগক্ষত ৰাজকুমাৰ ৰজা হব নোৱাৰিছিল । লৰাৰজাৰ সিংহাসন নিষ্কটক কৰিবলৈ সকলো ৰাজকুমাৰক অংগক্ষত অংগক্ষত কৰাৰ চেষ্টা চলাইছিল যদিও তুংখুঙীয়া বংশৰ কোৱৰ গদাধৰ কোৱৰক অংগক্ষত কৰিবলৈ সক্ষম নহল । আহোম ৰাজ সিংহাসনৰ সম্ভাব্য প্ৰাৰ্থী গদাধৰ আছিল তুংখুঙীয়া ফৈদৰ গোৱৰ ৰজাৰ পুত্ৰ আৰু লাইথেপেনা বৰগোহাইৰ জোৱায়েক । পত্নী জয়মতীৰ পৰামৰ্শমতে গদাপানীয়ে নগা পাহাৰৰ ফালে আত্মগোপন কৰি আছিল । গদাপানিক বিচাৰি নাপাই ৰজাঘৰীয়া সৈন্যই গদাপানিৰ বাতৰি উলিয়াবলৈ পত্নী জয়মতীক ধৰি আনি নানা অত্যচাৰ চলাইছিল । ওঠৰ দিন একেৰাহে অত্যাচাৰ চলোৱাৰ পাছতো জয়মতীয়ে স্বামী গদাপানিৰ খবৰ নিদিয়াত চাওদাভে অকথ্য নিৰ্যাতন সহিব নোৱাৰি খ্ৰীঃ ১৬৮০ৰ ২৭ মাৰ্চ তাৰিখে জেৰেঙা পথাৰতে মৃত্যুক আকোৱালি লৈছিল । জয়মতীৰ এনে আত্মত্যাগে সকলো লোকৰ মনত প্ৰভাৱ পেলাইছিল । অন্যায়, অত্যচাৰৰ অন্ত পেলাই দেশত শান্তি প্ৰতিষ্ঠাৰ বাবে সমগ্ৰ ৰাজ্যত এক বিৰাট জাগৰণৰ সৃষ্টি হৈছিল । সকলো লোক একগোট হৈ ৰাজনৈতিক অৰাজকতাৰ অন্ত পেলাবলৈ বদ্ধপৰিকৰ হয় ।ইতিমধ্য লালুকসোলা বৰফুকনক হত্যা কৰি বন্দৰ নামৰ লোকজনক বৰফুকন পাতিলে । বন্দৰ বৰফুকন সম্বন্ধত গদাপানিৰ ভিনিহিয়েক আছিল । বন্দৰ বৰফুকনৰ নেতৃত্বত অন্যান্য আহোম ডা-ডাঙৰীয়াসকলে ৰাজ্যৰ অস্থিৰতা আৰু অৰাজকতা দূৰ কৰাৰ বাবে গদাপাণিক ৰজা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে । খ্ৰীঃ ১৬৮১ ৰ আগষ্ট মাহত গদাপানিক ৰজা বুলি ঘোষণা কৰা হয় । ইয়াৰ পাছতে গদাপাণিয়ে সসৈন্য ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰে । লৰাৰজাক  প্ৰথমে কামৰূপলৈ নিৰ্বাচন দি পাছত তাতে হত্যা কৰোৱা হয় । এনেদৰেই গদাপানীয়ে সিংহাসনত আৰোহণ কৰি কেইবাবছৰ ধৰি চলি থকা অল্থিৰতা দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় । গদাপানিয়ে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিল তুংখুঙীয়া ৰাজবংশ । শাসনভাৰ লৈয়েই গদাপাণিয়ে মোগলক খেদিবৰ বাবে তিনিজন ডাভৰীয়াৰ নেতৃত্বত এক বিশাল সৈন্যবাহিনী প্ৰেৰণ কৰে । খ্ৰীঃ ১৬৮২ত ইটাখুলিত হোৱা যুদ্ধত আহোমৰ হাতত মোগল সম্পূৰ্ণভাৱে পৰাস্ত হয় । এইখনেই আছিল আহোম-মোগলৰ শেষ যুদ্ধ । 



Author- Ali Rani Kakati






Post ID : DABP005107