Back

অধ্যায় ১

শিক্ষাৰ অৰ্থ আৰু ধাৰণা

(Meaning and Concept of Education)

১। এজন মানুহক সভ্য নাগৰিক কৰি গঢ়ি তোলাৰ আঁৰত কিহে প্ৰধান ভূমিকা পালন কৰে?

উত্তৰঃ এজন মানুহক সভ্য নাগৰিক কৰি গঢ়ি তোলাৰ আঁৰত শিক্ষাই প্ৰধান ভূমিকা পালন কৰে।

২। শিক্ষা কি?

উত্তৰঃ শিক্ষা এক সৰ্বাত্মক ধাৰণা।

৩। শিক্ষা শব্দটো কি শব্দৰ পৰা আহিছে?

উত্তৰঃ শিক্ষা শব্দটো লেটিন শব্দৰ পৰা আহিছে।

৪। 'E' আৰু 'Duco' শব্দৰ অৰ্থ কি ?

উত্তৰঃ 'E' শব্দৰ অৰ্থ হ'ল Out of বা 'য'ৰপৰা  আৰু 'Duco' শব্দৰ অৰ্থ হ'ল 'I lead' বা মই আগুৱাই যাওঁ। অৰ্থাৎ 'য'ৰপৰা  মই আগুৱাই যাওঁ সেয়াই হ'ল শিক্ষা।

৫। প্ৰাচীন ভাৰতীয় শিক্ষাবিদসকলৰ মতে 'শিক্ষা' শব্দটো কি ভাষাৰ কৰ পৰা আহিছে?

উত্তৰঃ প্ৰাচীন ভাৰতীয় শিক্ষাবিদসকলৰ মতে 'শিক্ষা' শব্দটো সংস্কৃত ভাষাৰ 'শ্বাস' ধাতুৰ পৰা আহিছে।

৬। বহল অৰ্থত শিক্ষা কেনেকুৱা?

উত্তৰঃ বহল অৰ্থত শিক্ষা হৈছে ব্যক্তিক এনেকুৱা শিক্ষা প্ৰদান কৰা যিয়ে ব্যক্তিক এক স্বাভাৱিক আৰু সভ্য ব্যক্তি হিচাপে সমাজত বাস কৰিবলৈ শিকায় বা সামৰ্থ্য় লাভ কৰিবলৈ শিকায়।

৭। বহল অৰ্থত শিক্ষাক ইংৰাজীত কি বোলা হয়?

উত্তৰঃ Womb to Tomb  বোলা হয়।

৮। দ্বি-পাক্ষিক শিক্ষাৰ প্ৰক্ৰিয়াৰ প্ৰধান পৃষ্ঠপোষক কোন?

উত্তৰঃ দ্বি-পাক্ষিক শিক্ষাৰ প্ৰক্ৰিয়াৰ প্ৰধান পৃষ্ঠপোষক হ'ল- ছাৰ জন আদামচ।

৯। কোনখন পুথিত জন আদামচে শিক্ষাক এক দ্বি-পাক্ষিক প্ৰক্ৰিয়া বুলি মন্তব্য কৰিছিল?

উত্তৰঃ 'Evolution of Educational theory' ত শিক্ষা এক দ্বি-পাক্ষিক প্ৰক্ৰিয়া বুলি জন আদামচে মন্তব্য কৰিছিল।

১০। শিক্ষাৰ ব্য়াপক সংজ্ঞা প্ৰদান কৰি মহাত্মা গান্ধীয়ে কি কৈছিল?

উত্তৰঃ  শিক্ষাৰ ব্য়াপক সংজ্ঞা প্ৰদান কৰি মহাত্মা গান্ধীয়ে কি কৈছিল যে শিক্ষাৰ দ্বাৰা মই শিশু আৰু বয়স্কসকলৰ দেহ, মন আৰু আত্মাৰ সৰ্বতোকৃষ্ট বিকাশক বুজো।

১১। নীতি-নিয়ম আৰু উদ্দেশ্যৰ ভিত্তিত বহলভাৱে শিক্ষাক কেইভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ নীতি-নিয়ম আৰু উদ্দেশ্যৰ ভিত্তিত বহলভাৱে শিক্ষাক তিনি ভাগত ভগাব পাৰি আৰু সেইকেইটা হ'ল- ১) আনুষ্ঠানিক শিক্ষা, ২) অনানুষ্ঠানিক শিক্ষা, ৩) অগতানুগতিক শিক্ষা, 

১২। আনুষ্ঠানিক শিক্ষা কাক বোলে?

উত্তৰঃ এটা নিৰ্দিষ্ট আগত ৰাখি যেতিয়া শিক্ষাক সচেতন আৰু পৰিকল্পিত ভাৱে প্ৰদান কৰা হ'ব এই শিক্ষাক আনুষ্ঠানিক শিক্ষা বোলে।

১৩। আনুষ্ঠানিক শিক্ষা কি নহয়?

উত্তৰঃ আনুষ্ঠানিক শিক্ষা সাৰ্বজনীন নহয়।

১৪। কি শিক্ষাই মানুহৰ জীৱনৰ এক বিশেষ অংশক সামৰি লয়?

উত্তৰঃ আনুষ্ঠানিক শিক্ষাই মানুহৰ জীৱনৰ এক বিশেষ অংশক সামৰি লয়।

১৫। কি শিক্ষাই স্কুল, টিউচন আৰু নিৰ্দেশনা ৰূপ লয়?

উত্তৰঃ আনুষ্ঠানিক শিক্ষাই স্কুল, টিউচন আৰু নিৰ্দেশনা ৰূপ লয়।

১৬। আনুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্য কেইটা?

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্য ১০ টা।

১৭। আনুষ্ঠানিক শিক্ষাৰ মাধ্যমবোৰ কি কি?

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ মাধ্যমবোৰ হ'ল- (১) বিদ্যালয় (School), (২) মহাবিদ্যায়ল (College), (৩) বিশ্ববিদ্য়ালয় (University), (৪) প্ৰশিক্ষণ প্ৰতিষ্ঠান (Training Institutions)।

১৮। কোনে আধুনিক বিদ্যালয়ৰ ধাৰণাটো ভাৰতলৈ অহাৰ পিছৰ পৰাই আৰম্ভ কৰিছিল?

উত্তৰঃ বৃটিছে আধুনিক বিদ্যালয়ৰ ধাৰণাটো ভাৰতলৈ অহাৰ পিছৰ পৰাই আৰম্ভ কৰিছিল।

১৯। কিহক সমাজৰ ক্ষুদ্ৰ সংস্কৰণ বুলি অভিহিত কৰা হয়?

উত্তৰঃ বিদ্যালয়ক সমাজৰ ক্ষুদ্ৰ সংস্কৰণ বুলি অভিহিত কৰা হয়।

২০। কি দিশৰ পৰা চালে বিদ্যালয়ৰ প্ৰতিশব্দ "স্কুল" হয়?

উত্তৰঃ ব্যুৎপত্তিগত দিশৰ পৰা চালে বিদ্যালয়ৰ প্ৰতিশব্দ "স্কুল" হয়।

২১। বিদ্য়ালয়ৰ কাৰ্যসমূহক কেইভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ বিদ্যায়লয়ৰ কাৰ্যসমূহক দুই ভাগত ভগাব পাৰি আৰু সেইকেইটা হ'ল- ১) আনুষ্ঠানিক কাৰ্য। ২) অনানুষ্ঠানিক কাৰ্য।     

২২। 're' আৰু 'legue' অৰ্থ কি?

উত্তৰঃ 're' আৰু 'legue' অৰ্থ হ'ল-একেলগে বান্ধ খুৱাই দিয়া।  

২৩। একেলগে বান্ধ খুৱাই থকা ক্ষেত্ৰত গিছবাৰ্টে কি কৈছে?

উত্তৰঃ গিছবাৰ্টে কৈছে "ধৰ্মই দুইধৰণৰ বান্ধোনৰ সৃষ্টি কৰে, এটা হৈছে মানুহ আৰু ঈশ্বৰৰ মাজৰ বান্ধোন আৰু আনটো হৈছে ঈশ্বৰৰ সন্তান হিচাপে মানুহ আৰু মানুহৰ মাজৰ বান্ধোন।

২৪। ধৰ্মৰ মূল কি?

উত্তৰঃ আৰাধনা ধৰ্মৰ মূল।

২৫। ধৰ্মীয় অনুষ্ঠানসমূহে কেইপ্ৰকাৰে শিক্ষা দান কৰে আৰু কি কি?

উত্তৰঃ ধৰ্মীয় অনুষ্ঠানসমূহে দুই প্ৰকাৰে শিক্ষা দান কৰে আৰু সেইকেইটা হ'ল- প্ৰত্যক্ষ আৰু পৰোক্ষ।

২৬। সম্প্ৰদায়ৰ প্ৰতিশব্দ কি?

উত্তৰঃ সম্প্ৰদায়ৰ ইংৰাজী প্ৰতিশব্দ Community.

২৭। সম্প্ৰদায় কাক বোলে?

উত্তৰঃ একেলগে সেৱা আগবঢ়োৱাৰ বাবে বসবাস কৰাকে সম্প্ৰদায় বোলে।

২৮। গণ্যমাধ্যম কাক বোলে?

উত্তৰঃ সাধাৰণতে বৃহৎ সংখ্যক জনসাধাৰণক একে বাৰ্তা প্ৰদান কৰিবৰ বাবে প্ৰয়োগ কৰা যোগাযোগৰ মাধ্যমবোৰ হ'ল গণ্যমাধ্যম।

২৯। প্ৰাচীন কালত শিক্ষকে শিশুক কি দৰে শিকাইছিল?

উত্তৰঃ শিক্ষকে শিশুসকলক মৌখিকভাৱে শিকাইছিল।

৩০। কোনে দূৰদৰ্শন বা টিভিক 'তৃতীয় অভিভাৱক' স্বৰূপে বৰ্ণনা কৰিছিল?

উত্তৰঃ বাকমিষ্টাৰে (Buckmister) ৰে দূৰদৰ্শন বা টিভিক 'তৃতীয় অভিভাৱক' স্বৰূপে বৰ্ণনা কৰিছিল।

৩১। গণমাধ্যমে কেইপ্ৰকাৰৰ মাধ্যম কাৰ্য সম্পাদন কৰে?

উত্তৰঃ গণমাধ্যমে চাৰিপ্ৰকাৰৰ মাধ্যম কাৰ্য সম্পাদন কৰে।

৩২। গণ্যমাধ্য়মৰ চাৰিটা প্ৰকাৰৰ কি কি?

উত্তৰঃ গণ্য়মাধ্যমৰ চাৰিটা প্ৰকাৰ হ'ল-(ক) প্ৰভাৱশীলতা, (খ) তথ্য নিৰূপণ, (গ) বিনোদন, (ঘ) বিজ্ঞাপন।

৩৩। আধুনিক বিশ্বৰ শিক্ষা প্ৰদান কৰা এক মাধ্যমৰ নাম লিখা।

উত্তৰঃ ৰেডিঅ'।

৩৪। বৰ্তমান আমাৰ দেশত কেইটা আকাশবাণী অনুষ্ঠান গঢ়ি উঠিছে?

উত্তৰঃ বৰ্তমান আমাৰ দেশত ৮৬ টা আকাশবাণী অনুষ্ঠান গঢ়ি উঠিছে।

৩৫। কিমান চনত আমাৰ দেশত দূৰদৰ্শনৰ কাৰ্য আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫৯ চনৰ ১৫ আগষ্টত।