অধ্যায়ঃ ৩0


মধ্য আৰু পশ্চিম এছিয়াৰ অঘৰীসকল
( Nomadic Groups in Central and West Asia)


অতি চমু প্ৰশ্ন 

১।  মধ্য এছিয়াৰ এটি অঘৰী জাতিৰ নাম লিখা।

উত্তৰঃ মধ্য এছিয়াৰ এটি অঘৰী জাতিৰ নাম হ'ল- স্কাইথিয়ানসকল।

২। পশ্চিম এছিয়াৰ এটি অঘৰী জাতিৰ নাম লিখা।

উত্তৰঃ পশ্চিম এছিয়াৰ এটি অঘৰী জাতিৰ নাম হ'ল- হিট্টিসকল।

৩। তু্ৰ্কীসকল কোন আছিল ?

উত্তৰঃ  মধ্য এছিয়াৰ অন্য এক যাযাৱৰী জাতি আছিল তুৰ্কীসকল।

৪। ইৰাণী যাযাবৰসকলৰ আদি জীৱিকা কি আছিল ?

উত্তৰঃ  ইৰাণী যাযাবৰসকলৰ আদি জীৱিকা আছিল পশুপালন।

৫। ইউচিসকলৰ আদি বাসস্থান ক'ত ?

উত্তৰঃ  ইউচিসকলৰ আদি বাসস্থান হ'ল তুৰ্কীস্থানৰ 'কান-চু' অঞ্চল।

৬। এনাট'লিয়াৰ বৰ্তমান নাম কি ?

উত্তৰঃ এনাট'লিয়াৰ বৰ্তমান নাম হ'ল- তুৰ্কী।

৭। মিন'ৱান সভ্যতা ক'ত বিকশিত হৈছিল ?

উত্তৰঃ  মিন'ৱান সভ্যতা ইজিয়ান সাগৰত অৱস্থিত দ্বীপ ক্ৰীটক বিকশিত হৈছিল।

চমু উত্তৰ

১। মধ্য এছিয়াৰ দুটা যাযাবৰী জাতিৰ নাম লিখা ।

উত্তৰঃ মধ্য এছিয়াৰ দুটা যাযাবৰী জাতিৰ নাম হ'ল- হুনসকল আৰু তুৰ্কীসকল।

২। পশ্চিম এছিয়াৰ দুটা যাযাবৰী জাতিৰ নাম লিখা ।

উত্তৰঃ পশ্চিম এছিয়াৰ দুটা যাযাবৰী জাতিৰ নাম হ'ল- হিট্টি আৰু কাছুইটসকল।

৩। ইজিয়ান সভ্যতাৰ দুটা ভাগ উল্লেখ কৰা ।

উত্তৰঃ  ইজিয়ান সভ্যতাৰ দুটা ভাগ হ'ল- ক্ৰীটৰ সভ্যতা আৰু চাইক্লেড।

৪। মিন'ৱান সভ্যতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ মিন'ৱান সভ্যতাৰ দুটা বৈশিষ্ট্য হ'ল- ১। উচ্চ মানৰ গৃহ নিৰ্মাণশৈলীৰ বিকাশ আৰু ২। ঘৰৰ একেবাৰে ওপৰৰ মহলালৈকে পানী উঠাব পৰা প্ৰযুক্তিৰ বিকাশ হৈছিল।

৫। মিন'ৱান সভ্যতাৰ নাৰীসকলৰ দুটা ভাগ উল্লেখ কৰা ।

উত্তৰঃ  মিন'ৱান সভ্যতাৰ নাৰীসকলৰ দুটা ভাগ হ'ল- ১। অভিজাত মহিলা আৰু ২। সাধাৰণ মহিলা।

চমুটোকা

১। মধ্য এছিয়াৰ অঘৰীসকল

উত্তৰঃ  মধ্য এছিয়াৰ ঘাঁহনি অঞ্চলসমূহ বিভিন্নধৰণৰ যাযাবৰ লোকৰ বাসভূমি আছিল তেওঁলোকৰ ভিতৰত হুনসকল, তুৰ্কীসকল, পাৰ্ছীয়ানসকল, স্কাইথিয়ানসকল, শকসকল, ইউচিসকল, য়ুচুনসকল আৰু বিভিন্ন গোটৰ মংগোলসকল প্ৰধান।

             খ্ৰীঃ পূঃ ৩০০০ ৰ পৰা খ্ৰীঃ পূঃ ২০০০ ৰ ভিতৰত মধ্য এছিয়াৰ এক উল্লেখযোগ্য অঘৰী জনজাতি আছিল স্কাইথিয়ানসকল। তেওঁলোকৰ উপভাগ আফনাচ সকলে খ্ৰীঃ পূঃ ২০০০ ৰ পৰা খ্ৰীঃ পূঃ ১৭০০ ৰ ভিতৰত, এন্দ্ৰনিয়ানসকলে খ্ৰীঃ পূঃ ১৭০০ ৰ পৰা ১২০০ লৈ আৰু কাৰাচুসকলে খ্ৰীঃ পূঃ ১৩০০ ৰ পৰা খ্ৰীঃ পূঃ ৮০০ ৰ ভিতৰত সপ্তনদ আৰু আলটাই অঞ্চলত বসতি কৰিছিল। এই  উপজাতিসমূহ স্কাইথিয়ানসকলৰ উপৰিপুৰুষ আছিল বুলি ধাৰণা কৰা হৈছে। খ্ৰীঃ পূঃ সপ্তম শতিকাৰ পৰা স্কাইথিয়ানসকল মধ্য এছিয়াৰ উত্তৰাঞ্চলত সিঁচৰতি হৈ আছিল। তাৰ পৰা তেওঁলোক অক্সাচ উপত্যকা পৰ্যন্ত বিস্তাৰিত হৈছিল।

            প্ৰাচীন কালৰ মধ্য এছিয়াৰ অন্য এক যাযাবৰী জাতিৰ লোক আছিল হুনসকল। আদিতে চীনৰ উত্তৰাঞ্চলত এই পশুপালক অঘৰীসকলৰ বসতি আছিল। হুনসকলৰ বহুতো উপজাতি আছিল আৰু প্ৰত্যেকেই নিজ নিজ চৰ্দাৰ বা মুখিয়ালৰ দ্বাৰা পৰিচালিত হাছিল। খ্ৰীঃ পূঃ ১৪০০ ৰ পৰা খ্ৰীঃ পূঃ ২০০ ৰ ভিতৰত হুনসকলে বাৰে বৰে চীন আক্ৰমণ কৰিছিল। খ্ৰীঃ পূঃ ৩০০ মানত তেওঁলোকে চীনৰ চানচি, চেনচি আৰু চিলহি অঞ্চলত আধিপত্য চলাইছিল। 

            খ্ৰীঃ পূঃ দ্বিতীয় আৰু খ্ৰীঃ পূঃ তৃতীয় শতিকাৰ মধ্য এছিয়াৰ অন্য এক শক্তিশালী অঘৰী জাতি আছিল য়ুচুনসকল। ইছিকুল হ্ৰদৰ পাৰত তেওঁলোকৰ বসতি আছিল। চীন আৰু হুনসকলৰ মাজত বহু শতিকাজুৰি যুজঁ-বাগৰ চলি থকাৰ সময়ত দুয়োপক্ষই য়ুচুনসকলক নিজৰ ফলীয়া কৰি ল'বলৈ চেষ্টা চলাইছিল। য়ুচুনসকল ঘোঁৰাৰ বাবে বিখ্যাত আছিল। তেওঁলোক  ঘোঁৰাপালক আছিল আৰু তেওঁলোকৰ উন্নতমানৰ ঘোঁৰাসমূহৰ ব্যৱসায়ৰ জৰিয়তে যথেষ্ট লাভৱান হৈছিল।

               মধ্য এছিয়াৰ অন্য এক যাযাৱৰী জাতি আছিল তুৰ্কীসকল। তেওঁলোকক বহুতে হুণসকলৰ উপভাগ বুলিও অভিহিত কৰে। খ্ৰীঃ ৪৩৩ মানত আলটাই পৰ্বতৰ দক্ষিণত থকা উচ্ছেনা পৰিয়াল একত্ৰিত হৈ তুৰ্ক বা তুৰ্কী নামেৰে জনাজাত হয়। তেওঁলোকে প্ৰথম অৱস্থাত চীনৰ লিয়ন অঞ্চলত বসতি কৰিছিল। স্থানত বিস্তাৰিত হৈ পৰে। কালক্ৰমত তেওঁলোক দুটা শাখাত বিভক্ত হৈ এটা শাখাই উজবেকিস্তানৰ তাচখন্দ অঞ্চলত আৰু আনটো ইৰানৰ চিস্তান অঞ্চলত বসতি কৰে।

                   মধ্য এছিয়াৰ প্ৰাচীন কালৰ এক উল্লেখযোগ্য অঘৰী গোষ্ঠী আছিল ইউ-চিসকল। আদি অৱস্থাত তেওঁলোকে চীন অধিকৃত তুৰ্কীস্থানৰ 'কান-চু' অঞ্চলত বাস কৰিছিল। আনু. খ্ৰীঃ পূঃ ১৬৫ ত তেওঁলোক হিয়ুং-নু উপ-জাতিৰ হাতত পৰাস্ত হৈ দুটা ভাগত বিভক্ত হৈ সেই অঞ্চল ত্যাগ কৰে। পাচলৈ ইউচি জাতিৰ লোকসকল পাঁচটা ভাগত বিভক্ত হৈ পৰে- হিউ-চি, শুয়াং-চি, কুষাণ, হি-তুন আৰু কাত-ফু।

২। এনাট'লিয়া 

উত্তৰঃ   পূৰ্বৰ এছিয়া মাইনৰ বা বৰ্তমানৰ তুৰ্কী অঞ্চলটো আদিতে এনাট'লিয়া হিচাপে জনা গৈছিল। এই অঞ্চলটো এছিয়া মহাদেশৰ একেবাৰে পশ্চিম অঞ্চলত অৱস্থিত। এই অঞ্চলটো পশ্চিমে ইজিয়ান সাগৰ উপকূল অঞ্চলৰ পৰা পূৰ্বে আৰ্মেনিয়া উচ্চভূমি আৰু উত্তৰে কৃষ্ণ সাগৰৰ পৰা দক্ষিণে তুৰুচ পৰ্বত আৰু ভূমধ্য সাগৰৰ ঊপকূললৈকে বিস্তিত হৈ আছে। এনাট'লিয়া নামটো গ্ৰীকসকলে দিয়ে। ইয়াৰ অৰ্থ হ'ল-'সূৰ্যোদয়ৰ দেশ' (Place of the rising sun) । এনাট'লিয়াৰ অৱস্থিতি গ্ৰীচৰ পূবত হোৱাৰ বাবে সেই অঞ্চলক গ্ৰীচে সূৰ্য উদয়ৰ দেশ হিচাপে অভিহিত কৰিছিল। 

        এনাট'লিয়াৰ ইতিহাস অতি প্ৰাচীন। প্ৰাগ্-ঐতিহাসিক যুগৰ পৰা এই অঞ্চলৰ ইতিহাসৰ তথ্য পোৱা গৈছে। এই অঞ্চলটোত প্ৰস্তৰ যুগৰ পৰা বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে আহি খ্ৰীঃ পূঃ ১০০০ মানত এক পৰ্যায়ৰ সভ্যতাই বিকাশ লাভ কৰিছিল। এনাট'লিয়াৰ প্ৰাচীন ইতিহাসক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি-

                ১। প্ৰস্তৰ যুগ (Stone Age),

               ২। ব্ৰঞ্জৰ যুগ (Bronze Age) আৰু

               ৩। লৌহ যুগ (Iron Age)।

        অৱশ্যে প্ৰস্তৰ যুগ আৰু ব্ৰঞ্জৰ যুগৰ সময়ছোৱা বুজাবলৈ তাম্ৰ যুগ বা চেলক'লিথিক যুগ হিচাপেও বহুতো অন্য এটা ভাগ কৰা দেখা যায়। উত্তৰ এনাট'লিয়াৰ বাৰদূৰ অঞ্চলৰ পৰা প্ৰস্তৰ যুগৰ বিভিন্ন আহিলা, জীৱ-জন্তু আৰু উদ্ভিদৰ জীৱাশ্ম আদি উদ্ধাৰ হৈছে। এনাট'লিয়া অঞ্চলৰ প্ৰস্তৰ যুগৰ বিষয়ে বৰ বেছি তথ্য উদ্ধাৰ হোৱা নাই।

        ব্ৰঞ্জৰ সংস্কৃতিৰ সময়ৰপৰা এনাট'লিয়াৰ ইতিহাসৰ বহু তথ্য পোৱা গৈছে। সেই সময়ৰ এনাট'লিয়াৰ প্ৰধান অধিবাসী আছিল হিট্টিসকল, অক্কাডীয় সকল আৰু এচ্চিৰীয়সকল। খ্ৰীঃ পূঃ ৩০০০ ৰ পৰা খ্ৰীঃ পূঃ ১২০০ ৰ সময়ছোৱাক এনাট'লিয়াৰ ইতিহাসৰ ব্ৰঞ্জৰ যুগ হিচাপে জনা যায়। 

        খ্ৰীঃ পূঃ ১৩০০ ৰ পৰা খ্ৰীঃ পূঃ ৬০০ ৰ মাজৰ সময়ছোৱাক এনাট'লিয়াৰ ইতিহাসৰ লৌহ যুগ হিচাপে জনা যায়। এইছোৱা সময়ত এনাট'লিয়াত প্ৰচুৰ পৰিমাণে লো আৰু ষ্টীল ব্যৱহাৰ হোৱাৰ তথ্য পোৱা গৈছে। ব্ৰঞ্জৰ যুগৰ সমাপ্তি ঘটি লৌহ যুগৰ আৰম্ভণিৰ সময়ৰ পৰা এনাট'লিয়াত লিখন পদ্ধতিৰো বিকাশ হৈছিল। এই সময়ত এনাট'লিয়াত বৰ্ণমালাৰ লগতে সাহিত্যৰো বিকাশ হৈছিল।

৩। লোৰ ওপৰত বিতৰ্ক 

উত্তৰঃ     খ্ৰীঃ পূঃ দ্বাদশ শতিকাৰ পৰা খ্ৰীঃ পূঃ নৱম শতিকালৈ দক্ষিণ লেভণ্ট (Southern Levant) অঞ্চলৰ লৌহযুগৰ সময়সীমা ক্ৰম অনুসৰি সজোৱা আৰু ৰেডিঅ' কাৰ্বন ডেটিং(C14 Test) ৰ ওপৰত অক্সফ'ৰ্ড অধিৱেশনত যি তৰ্ক-বিতৰ্ক আৰম্ভ হৈছিল তাৰ প্ৰতি বিশ্বৰ বিভিন্ন পণ্ডিতৰ দৃষ্টি আকৰ্ষিত হৈছিল। গ্ৰাচ, চাইপ্ৰাচ আৰু লেভেণ্টৰ পুৰাতাত্ত্বিক অধ্যয়নৰ ক্ষেত্ৰত এই বিতৰ্কই যথেষ্ট গুৰুত্ব লাভ কৰিছে। এই ভূমধ্য সাগৰীয় আৰু ইজিয়ান সাগৰীয় দ্বীপসমূহ আৰু উপকূল অঞ্চলৰ লগতে পশ্চিম এছিয়া আৰু ইজিপ্তৰ বিভিন্ন অংশত সমাজ গঠন আৰু বিভিন্ন ভৌগোলিক পৰিসীমাৰ ভিতৰত ৰাজ্য গঠনৰ ক্ষেত্ৰত এই বিতৰ্কই বহু নতুন তথ্য পোহৰলৈ আনিছে। বিশেষকৈ বাইবেলৰ বৰ্ণিত কাহিনী আৰু পুৰাতাত্ত্বিক অধ্যয়নৰ মাজত সামঞ্জস্যৰ ক্ষেত্ৰত এই বিতৰ্ক প্ৰয়োজনীয় হৈ উঠিছিল। এই অঞ্চলসমূহত প্ৰাপ্ত বিভিন্ন পুৰাতাত্ত্বিক সমল, যেনে- প্ৰাচীন ধ্বংসাৱশেষ, বিভিন্ন অঞ্চলত খননকাৰ্যত উদ্ধাৰ হোৱা বসতিৰ বিভিন্ন স্তৰসমূহ, মাটিৰ পাত্ৰসমূহৰ ওপৰত আঞ্চলিক প্ৰভাৱ আদিৰ অধ্যয়নৰ দ্বাৰা এই বিতৰ্কৰ ওৰ পেলাবলৈ চেষ্টা কৰা হৈছে। সমসাময়িক সময়ৰ ইজৰাইল আৰু জৰ্ডান অঞ্চলত থকা পুৰাতাত্ত্বিক অঞ্চলসমূহৰ খননকাৰ্যৰ ফলত পোৱা তথ্যৰ লগত তুলনা কৰিও এই বিতৰ্কৰ ওৰ পেলাবলৈ চেষ্টা চলোৱা দেখা গৈছে। দক্ষিণ লেভেণ্ট অঞ্চলকে ধৰি দাঁতিকাষৰীয়া অঞ্চলসমূহৰ লৌহযুগৰ ইতিহাসৰ অনুসন্ধান, ক্ৰম অনুসৰিঘটনাসমূহ সজোৱাৰ চেষ্টা, সাহিত্যিক সমল সমূহৰ লগত পুৰাতাত্ত্বিক সমলসমবহৰ বৈজ্ঞানিক বিশ্লেষণ কৰি লৌহ যুগৰ ইতিহাসৰ নিৰফেক্ষ ব্যাখ্যা দিয়াই হ'ল বিতৰ্কৰ মূল লক্ষ্য।

ৰচনাধৰ্মী প্ৰশ্ন

১। ব্ৰঞ্জৰ যুগৰ পৰা লৌহ যুগলৈ সভ্যতাৰ বৰ্ণনা কৰা।

উত্তৰঃ   গ্ৰীচ ভূমধ্য সাগৰত অৱস্থিত এটি সৰু উপ দ্বীপ। গ্ৰীক সকলে নিজকে হেলেন নামৰ এজন কাল্পনিক লোকৰ পূৰ্বপুৰুষ হিচাপে বিশ্বাস কৰিছিল। এই হেলেন শব্দৰ পৰা তেওঁলোক হেলেনীজ হিচাপে পৰিচিত হয়। খ্ৰীঃ পূঃ অষ্টম শতিকাৰমানৰ পৰা খ্ৰীঃ পূঃ তৃতীয় শতিকামানলৈ গ্ৰীচক কেন্দ্ৰ কৰি অন্যান্য সৰু সৰু দ্বীপসমূহত এক সভ্যতাৰ বিকাশ হৈছিল। এই প্ৰাচীন সভ্যতা গ্ৰীচ, ইজিয়ান সাগৰ আৰু টেৰেণ্টাইন উপসাগৰীয় অঞ্চলত থকা দ্বীপসমূহ আৰু এছিয়া মাইনৰ তথা বল্কান অঞ্চললৈকে বিয়পি পৰিছিল। গ্ৰীক সভ্যতাক হেলেনীজ সভ্যতা হিচাপেও জনা যায়। ৰোমানসকলে গ্ৰীচ দ্বীপ আৰু অন্যান্য সৰু সৰু দ্বীপসমূহত নগৰ ৰাজ্য পাতি বাস কৰা লোকসকলক 'গ্ৰীক' নাম দিছিল। গতিকে গ্ৰীক আৰু হেলেনীজ দুয়োটা শব্দই গ্ৰীক সভ্যতাৰ লোকসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়। 

        বঞ্জৰ যুগৰ প্ৰথমছোৱাত গ্ৰীচৰ লোকসকলে পাহাৰীয়া অঞ্চলত বাস কৰিছিল। তাৰ পৰা ক্ৰমে পানীৰ কাষৰ সমতল ভূমিত বাস কৰিবলৈ লয়। এই অঞ্চলসমূহত সাৰুৱা আছিল বাবে কৃষিকাৰ্য আৰু বসতিৰ বাবে উপযোগী আছিল। ঘৰবোৰৰ ভেঁটি শিলেৰে আৰু বেৰবোৰ বোকামাটিৰে নিৰ্মাণ কৰা হৈছিল। ঘৰবোৰত সুকীয়া শোৱনি কোঠা, পাকঘৰ আদিৰ ব্যৱস্থা আছিল। কৃষিকৰ্ম, আহিলা নিৰ্মাণ, অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ, শিল্পকলা আৰু স্থাপত্য বিদ্যাৰ ওপৰতে তেওঁলোকৰ অৰ্থনীতি নিৰ্ভৰ কৰিছিল। খাদ্য হিচাপে ব্যৱহাৰ কৰা ধান, গোমধান আৰু ঘেঁহু আৰু মাহজাতীয় শস্যৰ খেতি এই অঞ্চলসমূহত নৱপ্ৰস্তৰ যুগৰ পৰাই হৈছিল। ব্ৰঞ্জৰ যুগৰ গ্ৰীচৰ কৃষকসকলে কৃষিৰ লগতে ছাগলী আৰু ভেৰা পালন কৰিছিল। বিভিন্ন ধাতুসমূহ দূৰ দূৰণিৰ পৰা সংগ্ৰহ কৰিবলগীয়া হোৱাত বিভিন্ন স্থানত তেওঁলোকৰ উপনিৱেশ স্থাপন হোৱাৰ লগতে বিনিময় মাধ্যমেদি ব্যৱসায় আৰম্ভ হৈছিল। মাটিৰ পাত্ৰসমূহ চীনা মাটিৰে নিৰ্মাণ কৰা হৈছিল আৰু তাত মটিয়া ৰং দিয়া হৈছিল। শিল, হাড় আৰু ধাতুৰ আহিলাসমূহ তৈয়াৰ কৰোঁতে উন্নত প্ৰযুক্তিৰ প্ৰয়োগ হৈছিল। সেইছোৱা সময়ত বিভিন্ন মূৰ্তি নিৰ্মাণ কৰা হৈছিল আৰু সেই মূৰ্তিসমূহৰ পৰা সামাজিক প্ৰতিচ্ছবি আৰু জীৱন ধাৰণ প্ৰণালীৰ বিষয়ে জানিব পাৰি । কৃষি আৰু পশুপালনৰ লগতে বোৱা-কটাও কৰা হৈছিল আৰু অৰ্থনৈতিক ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। গ্ৰীচৰ ব্ৰঞ্জৰ যুগৰ সময়ছোৱাত সমসাময়িক ইজিপ্ত, মেছোপটেমিয়া আৰু এনাট'লিয়াত সভ্যতাৰ বিকাশ হৈছিল।

    লৌহ যুগত গ্ৰীচৰ ৰাজনীতিৰ ক্ষেত্ৰতো পৰিৱৰ্তন আহিছিল। পূৰ্বৰ ৰাজপ্ৰাসাদ আৰু নগৰসমূহৰ ধ্বংস হোৱাৰ পাচত জনজাতীয় আৰ্হিৰ ৰাজতান্ত্ৰিক শাসন প্ৰতিষ্ঠা হৈছিল। ৰজাৰ ক্ষমতা একেবাৰে সীমিত আছিল। ৰজাৰ আইন প্ৰণয়ন আৰু বিচাৰ তথা অপৰাধীক শাস্তি বিধানৰ ক্ষমতা নাছিল। বিচাৰসমূহ ব্যক্তিগত পৰ্যায়ত কৰা হৈছিল। ৰজাই তাত মধ্যস্থতাকাৰী হিচাপে ভাগ ল'ব পাৰিছিল। ৰজাৰ প্ৰধান দায়িত্ব আছিল যুদ্ধ পৰিচালনা কৰা আৰু পুৰোহিতৰ কাৰ্য কৰা।

        লৌহ যুগৰ গ্ৰীকসকলৰ ধৰ্ম বিশ্বাস যথেষ্ট সহজ-সৰল আছিল। সৰ্বশক্তিমান ঈশ্বৰৰ পৰিৱৰ্তে তেওঁলোকে দেৱতাক সাধাৰণ মানুহৰ দৰে চিহ্নিত কৰিছিল। পূজা-অৰ্চনা, বলি-বিধানৰ প্ৰচলন আছিল। ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু নীতি-নিৰ্দেশনাৰ প্ৰচলন হোৱা নাছিল। প্ৰত্যেকেই নিজ ধৰ্মীয় বিশ্বাস আৰু পদ্ধতিৰ দ্বাৰা জীৱন ধাৰণ কৰিছিল।

২। ব্ৰঞ্জৰ যুগৰ পৰা লৌহ যুগলৈ এনাট'লিয়াৰ সভ্যতাৰ বৰ্ণনা কৰা।

উত্তৰঃ     বঞ্জৰ সংস্কৃতিৰ সময়ৰপৰা এনাট'লিয়াৰ ইতিহাসৰ বহু তথ্য পোৱা গৈছে। সেই সময়ৰ এনাট'লিয়াৰ প্ৰধান অধিবাসী আছিল হিট্টিসকল, অক্কাডীয় সকল আৰু এচ্চিৰীয়সকল। খ্ৰীঃ পূঃ ৩০০০ ৰ পৰা খ্ৰীঃ পূঃ ১২০০ ৰ সময়ছোৱাক এনাট'লিয়াৰ ইতিহাসক ব্ৰঞ্জৰ যুগ হিচাপে জনা যায়।

        খ্ৰীঃ পূঃ ১৩০০ ৰ পৰা খ্ৰীঃ পূঃ ৬০০ ৰ মাজৰ সময়ছোৱাক এনাট'লিয়াৰ ইতিহাসৰ লৌহ যুগ হিচাপে জনা যায়। এইছোৱা সময়ত এনাট'লিয়াত প্ৰচুৰ পৰিমাণে লো আৰু ষ্টীল ব্যৱহাৰ হোৱাৰ তথ্য পোৱা গৈছে। ব্ৰঞ্জৰ যুগৰ সমাপ্তি ঘটি লৌহ যুগৰ আৰম্ভণিৰ সময়ৰ পৰা এনাট'লিয়াত লিখন পদ্ধতিৰো বিকাশ হয়। এই সময়ত এনাট'লিয়াত বৰ্ণমালাৰ লগতে সাহিত্যৰো বিকাশ হৈছিল। এই সময়ত প্ৰাচীন হিট্টি সমাজৰ অন্ত হৈ বহুতো আঞ্চলিক শক্তিৰ উত্থান হৈছিল। সেইসমূহৰ ভিতৰত পশ্চিম অঞ্চলত ট্ৰ'ড ল'নিয়া, লিডিয়া, কাৰিয়া আৰু লিচিয়া; মধ্য ভাগত ফ্ৰাইগিয়া; উত্তৰ-পূবত চিমেৰিয়া আৰু উৰৰ্টু; আৰু দক্ষিণ-পূবত এচ্চিৰীয় শক্তিৰ উত্থান হৈছিল। 

    ব্ৰঞ্জৰ যুগত এনাট'লিয়াত গৃহ নিৰ্মাণ পদ্ধতিৰ বিকাশ হৈছিল। ইয়াৰ উৎকৃষ্ট উদাহৰণ হ'ল ট্ৰয় নগৰীত উদ্ধাৰ হোৱা ধ্বংসাৱশেষৰ উচ্চ মানৰ সামৰিক গৃহ নিৰ্মাণশৈলী । এই অঞ্চলত উদ্ধাৰ হোৱা এক ৰাজপ্ৰাসাদৰ ধ্বংসাৱশেষৰ মাজত বহুতো সোণৰ অলংকাৰ আৰু বহুমূলীয়া পাথৰক অলংকাৰ উদ্ধাৰ হৈছে। এনাট'লিয়াত প্ৰাচীন কালৰ ধৰ্মীয় উপাসনাৰ বেদীও উদ্ধাৰ হৈছে। অৱশ্যে মন্দিৰ আছিল নে নাই সঠিককৈ জানিব পৰা হোৱা নাই। এনাট'লিয়াত আৱিষ্কাৰ হোৱা ৰজাৰ মৈদামত পোৱা ধাতুবিদ্যাৰ নিদৰ্শন অতি উচ্চমানৰ আছিল। ব্ৰঞ্জৰ যুগৰ মধ্যভাগত এনাট'লিয়াত বিভিন্ন পোৰা মাটিৰ পাত্ৰ আৰু আহিলা সজাৰ তথ্য পোহৰলৈ আহিছে। তদুপৰি ধৰ্মীয় উদ্দেশ্যত ব্যৱহাৰ হোৱা মোহৰ, দেৱ-দেৱীৰ মূৰ্তি, উপাসনাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আদিও পোৱা গৈছে। শেষ ব্ৰঞ্জৰ যুগত এনাট'লিয়াত স্থাপত্যভাস্কৰ্যৰ চৰম বিকাশ হোৱা দেখা গৈছিল। সেইবেৰৰ ভিতৰত বিভিন্ন ৰাজপ্ৰাসাদৰ ধ্বংসাৱশেষ, মন্দিৰৰ ধ্বংসাৱশেষ, শৈলচিত্ৰ, বিভিন্ন মূৰ্তি আদি প্ৰধান। 

       ব্ৰঞ্জৰ যুগৰ পৰা লৌহ যুগলৈ পৰিৱৰ্তনৰ সময়ত এনাট'লিয়াৰ সামাজিক আৰু ৰাজনৈতিক দিশৰ বহু পৰিৱৰ্তন হৈছিল। ব্ৰঞ্জৰ যুগৰ ৰাজবংশসমূহ ধ্বংস হৈছিল। পূৰ্বৰ স্থাপত্য সমূহৰ অৱলুপ্তি হোৱাৰ লগতে বাণিজ্যিক নগৰ আৰু বাণিজ্যিক পথসমূহৰো পৰিৱৰ্তন ঘটিছিল। ভাষা আৰু লিপিৰ ক্ষেত্ৰতো ব্ৰঞ্জৰ যুগতকৈ লৌহযুগত পৰিৱৰ্তন আহি পৰা দেখা গৈছিল। খৰাং বতৰ, ভূমিকম্প, দুৰ্ভিক্ষ, সামাজিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবেই এনাট'লিয়াত ব্ৰঞ্জৰ যুগৰ সভ্যতাৰ ধ্বংস হৈছিল বুলি অনুমান কৰা হৈছে।

৩। মিন'ৱান সভ্যতাৰ বিষয়ে সবিশেষ আলোচনা কৰা।

উত্তৰঃ     ইজিয়ান সাগৰত অৱস্থিত দ্বীপ ক্ৰীটক কেন্দ্ৰ কৰি ব্ৰঞ্জৰ যুগত গ্ৰীচত যি সভ্যতা গঢ়ি উঠিছিল সেই সভ্যতা মিন'ৱান সভ্যতা হিচাপে জনা যায়। কিংবদন্তী ক্ৰিটান ৰজা মিনচ'ৰ নাম অনুসৰি এই সভ্যতা মিন'ৱান সভ্যতা হিচাপে নামকৰণ কৰা হৈছিল। এই সভ্যতাৰ প্ৰধান কেন্দ্ৰসমূহ আছিল নছাছ (Knossous), ফাইষ্টছ (Phaistos), মালিয়া (Malia) আৰু জৰকাছ (Zerkos)। ব্ৰঞ্জৰ যুগত ক্ৰীটক কেন্দ্ৰ কৰি মিন'ৱান সভ্যতা গঢ়ি উঠাৰ সময়তে চাইক্লিডক কেন্দ্ৰ কৰি চাইক্ৰেডিক সভ্যতা আৰু গ্ৰীচৰ মূল ভূ-খণ্ড হেল'ডিক সভ্যতাই গঢ় লৈ উঠিছিল। এই সভ্যতাসমূহৰ বিকাশ ইজিয়ান সাগৰস্থ দ্বীপসমূহত হৈছিল বাবে ইজিয়ান সভ্যতা হিচাপেও জনা যায়। এই ইজিয়ান সভ্যতাৰ মূল কেন্দ্ৰসমূহ আছিল ক্ৰিট(Crete), ট্ৰয় (Tray), মিচিনি (Mycenee) আৰু টিৰিনছ (Tiryns)। খ্ৰীঃ পূঃ ৩০০০ ৰ পৰা খ্ৰীঃ পূঃ ১৫০০ লৈ ইজিয়ান সভ্যতাৰ সময়ছোৱাক আদি ইজিয়ান সভ্যতা আৰু খ্ৰীঃ পূঃ ১৫০০ ৰ পৰা খ্ৰীঃ পূঃ ১২০০ লৈ ইজিয়ান সভ্যতাৰ সময়ছোৱাক পৰৱৰ্তী ইজিয়ান সভ্যতা বা মিচিনীয় সভ্যতা হিচাপে জনা যায়। 

        মিন'ৱান সভ্যতাৰ স্ৰষ্টাসকল প্ৰধানকৈ বণিক শ্ৰেণীৰ লোক আছিল। খ্ৰীঃ পূঃ ১৭০০ মানত এই সভ্যতাই চৰম বিকাশ লাভ কৰিছিল। এই সময়ত ক্ৰিটৰ লগত অন্যান্য ইজিয়ান দ্বীপসমূহ আৰু ভূমধ্য সাগৰীয় অঞ্চলৰ বাণিজ্যিক সম্পৰ্ক ঘটিছিল। ক্লাইড, ইজিপ্তৰ পুৰণি ৰাজ্য, চাইপ্ৰাচ, কেনান, লেভেনটাইন উপকূল আৰু এনাট'লিয়ালৈকে এই সভ্যতাৰ প্ৰভাৱ দেখা যায়।

        মিন'ৱান সভ্যতাৰ লোকসকলে গৰু, ভেড়া, গাহৰি আৰু ছাগলী পুহিছিল। তেওঁলোকে মৌ পালনো কৰিছিল। ঘেঁহু, বাৰ্লি, গম আদিৰ খেতিৰ লগতে আঙুৰ, জলফাই আদি ফলৰ খেতিও কৰিছিল। তেওঁলোকৰ দৈনন্দিন ব্যৱহাৰৰ আহিলাসমূহ কাঠ, হাড় আৰু ব্ৰঞ্জৰে তৈয়াৰ কৰা হৈছিল।

        মিন'ৱান সভ্যতাত মহিলাই এক উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে। এই সভ্যতাৰ বিভিন্ন চিত্ৰকলাই এই তথ্যৰ যোগান ধৰিছে। চিত্ৰকলাসমূহত নাৰী বিভিন্ন ভংগীমাত অংকিত কৰালৈ চাই বহু ঐতিহাসিক আনকি মিন'ৱান সমাজখন মাতৃপ্ৰধান আছিল বুলিও অভিহিত কৰিব বিচাৰিছে। মহিলাসকলক সন্তানৰ লালন-পালন, উৎসৱত অংশগ্ৰহণ আৰু ধৰ্মীয় উপাসনাক কেন্দ্ৰ কৰি অংকন কৰা হৈছে। এই সভ্যতাৰ নাৰীসকলক তলত দিয়া ধৰণেৰে ভাগ কৰিব পৰা যায়-    ১। অভিজাত মহিলা ( Elite Women),

           ২। সাধাৰণ মহিলা ( Women of Masses) আৰু

          ৩। দাসী ( Servents)।

        মহিলাসকলৰ প্ৰধান দায়িত্ব আছিল খাদ্য সংগ্ৰহ, খাদ্য প্ৰস্তুতকৰণ, ঘৰুৱা কাম-কাজ, চীনা মাটিৰ বাচন নিৰ্মাণ বা মৃৎশিল্পৰ লগত জড়িত হোৱা আৰু বয়ন ৰ লগত জড়িত হোৱা। মাতৃ যুগৰ প্ৰচলন থকাৰ পৰা সমাজত নাৰীৰ বিশেষ মৰ্যাদা আছিল বুলি অনুমান কৰিব পাৰি। 

        সামাজিক অৱস্থাৰ লগত জড়িত অন্য এটা দিশ হ'ল মৰাশ সৎকাৰ পদ্ধতি। মিন'ৱান সভ্যতাৰ সময়ত মৰাশসমূহ জুইত পুৰি সৎকাৰ কৰা হৈছিল বুলি অনুমান কৰা হৈছে। তাৰ ওপৰত সজা সমাধিসমূহ দুইধৰণৰ দেখা যায়-

            ১। দক্ষিণ ক্ৰিট অঞ্চলৰ ঘূৰণীয়া সমাধিসমূহ আৰু

            ২। উত্তৰ আৰু পূব ক্ৰিটৰ ঘৰৰ দৰে সমাধিসমূহ।


Author: Monikongkona Saikia