অধ্যায়ঃ ৪
প্ৰাচীন গ্ৰীচৰ দাস সমাজ

(Slave Society in ancient Greece)

অতি চমু প্ৰশ্ন

১। কোন সভ্যতা সময়ৰ পৰা গ্ৰীচত দাস প্ৰথা প্ৰচলনৰ তথ্য পোৱা গৈছে ?

উত্তৰঃ মিচিনীয় সভ্যতাৰ সময়ৰ পৰা গ্ৰীচত দাস প্ৰথা প্ৰচলনৰ তথ্য পোৱা গৈছে।

২। এৰিষ্টট'লে দাস প্ৰথাৰ বিষয়ে কি বুলি মন্তব্য কৰিছে ?

উত্তৰঃ  এৰিষ্টট'লে দাস প্ৰথাক স্বাভাৱিক (Natural) আৰু প্ৰয়োজনীয়(Necessary) হিচাপে মন্তব্য কৰিছে।

৩। হেল'টসকল কোন ?

উত্তৰঃ  খ্ৰীঃ পূঃ অষ্টম আৰু খ্ৰীঃ পূৰ্ব সপ্তম শতিকাত হোৱা মিচিনীয় যুদ্ধত স্পাৰ্টাৰ প্ৰায় বেছিসংখ্যক লোকেই দাসলৈ পৰিণত হয়। এই লোকসকলক হেলে'ট হিচাপে জনা যায়।

৪। বন্ধা শ্ৰমিক কাক কোৱা হয় ?

উত্তৰঃ  ঋণ লৈ সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলে ঋণ দিওঁতাজনৰ ওচৰত দাস হিচাপে থাকিব লাগে। এনেধৰণৰ দাসসকলক বন্ধা শ্ৰমিক বুলি কোৱা হয়।

৫। 'পলিটিক্চ' গ্ৰন্থখনৰ ৰচক কোন ?

উত্তৰঃ   'পলিটিক্চ' গ্ৰন্থখনৰ ৰচক হ'ল- এৰিষ্ট'টল।

৬। 'ৰিপাব্লিক' গ্ৰন্থখনৰ ৰচক কোন ? 

উত্তৰঃ  'ৰিপাব্লিক' গ্ৰন্থখনৰ ৰচক হ'ল- প্লেটো।

৭। প্ৰাচীন গ্ৰীচত উৎপাদিত এবিধ শস্যৰ নাম লিখা।

উত্তৰঃ   প্ৰাচীন গ্ৰীচত উৎপাদিত এবিধ শস্যৰ নাম হ'ল- বন্ধাকবি।

৮। প্ৰাচীন গ্ৰীচৰ এবিধ ৰপ্তানি সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ  প্ৰাচীন গ্ৰীচৰ এবিধ ৰপ্তানি সামগ্ৰীৰ নাম হ'ল- জলফাই তেল।

৯। প্ৰাচীন গ্ৰীচৰ এবিধ আমদানি সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ  প্ৰাচীন গ্ৰীচৰ এবিধ আমদানি সামগ্ৰীৰ নাম হ'ল- গাহৰি।

১০। 'অৰ্কিমিডিয়ান স্কু' কি ?

উত্তৰঃ  'আৰ্কিমিডিয়ান স্কু' হ'ল এবিধ সঁজুলি।

চমু প্ৰশ্ন

১। প্ৰাচীন কালত দাস প্ৰথাৰ প্ৰচলন থকা দুটা সভ্যতাৰ নাম লিখা।

উত্তৰঃ প্ৰাচীন কালত দাস প্ৰথাৰ প্ৰচলন থকা দুটা সভ্যতাৰ নাম হ'ল-

                    ১। মিচিনীয় সভ্যতা

                   ২। ছুমেৰীয় সভ্যতা।

২। দাসসকল সৃষ্টি হোৱাৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ  দাসসকল সৃষ্টি হোৱাৰ দুটা কাৰণ হ'ল-

                            ১। বন্ধকী শ্ৰমিক

                           ২। দোষৰ শাস্তিস্বৰূপে হোৱা দাস।

৩। দাসসকলৰ দুটা নিয়োগথলী উল্লেখ কৰা ।

উত্তৰঃ  দাসসকলৰ দুটা নিয়োগথলী হ'ল-

                            ১। কৃষি

                            ২। গৃহ ভৃত্য।

৪। মিচিনীয় সভ্যতাৰ সময়ৰ দুই প্ৰকাৰৰ দাস কি কি আছিল ?

উত্তৰঃ  মিচিনীয় সভ্যতাৰ সময়ৰ দুই প্ৰকাৰৰ দাস হ'ল-

                        ১। দাস আৰু 

                        ২। ভগৱানৰ দাস। 

চমুটোকা 

১। দাস প্ৰথাৰ উৎপত্তি।

উত্তৰঃ    গ্ৰীচত দাসসকলৰ ইতিহাস এক দীঘলীয়া ইতিহাস। কেতিয়াৰ পৰা কেনেকৈ এই দাসসকলৰ সৃষ্টি হ'ল বা সমাজত দাস প্ৰথাৰ প্ৰচলন হ'ল তাৰ সঠিক ইতিহাস এতিয়াও উদ্ধাৰ হোৱা নাই। অৱশ্যে নগৰসমূহৰ উত্থানৰ লগে লগে এই দাসসকল সমাজ জীৱন আৰু অৰ্থনৈতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হ'বলৈ ধৰে। মিচিনীয় সভ্যতাৰ সময়ৰ পৰাই গ্ৰীচত দাসসকলৰ অৱস্থিতিৰ বিষয়ে জানিব পৰা গৈছে। প্ৰাচীন গ্ৰীচৰ লগতে সমসাময়িক অন্যান্য সভ্যতাসমূহতো সমাজত দাসসকল আছিল। প্ৰাচীন কালৰ বহুতো পণ্ডিতে দাস ব্যৱস্থাৰ সপক্ষে মাত মাতি গৈছে। গ্ৰীচৰ প্ৰথ্যাত দাৰ্শনিক এৰিষ্টট'লে দাস ব্যৱস্থাক স্বাভাৱিক আৰু প্ৰয়োজনীয় হিচাপে মন্তব্য কৰি থৈ গৈছে। অৱশ্যে খ্ৰীঃ পূঃ চতুৰ্থ শতিকাত গ্ৰীচত ৰচিত কিছুমান কাৰ্যত সুখ-দুখৰ নিৰ্বিকাৰ কষ্টসহিষ্ণু লোকসকলৰ প্ৰতি সহানুভুতি দেখুওৱা হৈছে।

            বিভিন্ন কাৰণত সমাজত দাসসকলৰ সৃষ্টি হোৱা দেখা যায়। উদাহৰণ হিচাপে-

            ১। বন্ধকী শ্ৰমিক।

           ২। দোষৰ শাস্তিস্বৰূপে হোৱা দাস।

           ৩। যুদ্ধবন্দী।

           ৪। অভিভাৱকে ত্যাগ কৰা শিশুসকল।

          ৫। দাসৰ ঘৰত জন্ম লোৱা দাসৰ সন্তানসকল ইত্যাদি।

        প্ৰাচীন গ্ৰীচত দাসসকলে ৰাজনীতি বাদ দি অন্যান্য কিছুমান সুবিধা লাভ কৰিছিল দাসসকলৰ প্ৰধান নিয়োগস্থলীসমূহ আছিল-

            ১। কৃষি।

           ২। শিলৰ কুৱৰী আৰু বিভিন্ন খনিসমূহ।

           ৩। গৃহ ভৃত্য।

            ৪। বিভিন্ন শিল্পকৰ্ম আৰু ব্যৱসায়ত জড়িত।

       এতিয়ালৈকে উদ্ধাৰ হোৱা মিচিনীয় সভ্যতাৰ বিভিন্ন পুৰাতাত্ত্বিক সমলত দাসসকলৰ তথ্য পোৱা গৈছে। পিল'চৰ পৰা সংগৃহীত প্ৰাচীন লিপিৰ টেবলেটসমূহত পোৱা তথ্যৰ ভিত্তিত দুই প্ৰকাৰৰ দাসৰ বিষয়ে জানিব পাৰি- ১। দাস আৰু

                     ২। ভগৱানৰ দাস।

        ভগৱানৰ দাস হিচাপে উল্লেখ কৰা লোকসকলৰ নাম আৰু তেওঁলোকৰ নিজৰ নামত থকা সম্পত্তিৰ বিষয়ে উল্লেখ পোৱা যায়। তেওঁলোকৰ আইনগত স্থিতি মুক্ত লোকসকলৰ প্ৰায় সমপৰ্যায়ৰ আছিল। তেওঁলোকক কেতিয়াৰ পৰা আৰু কি কাৰণে ভগৱানৰ দাস হিচাপে অভিহিত কৰা হ'ল এইবিষয়ে একো জানিব পৰা হোৱা নাই। সাধাৰণ দাসসকলৰ বহুতেই গ্ৰীচৰ পৰা কিছু দূৰত অৱস্থিত অন্যান্য ভূমধ্য সাগৰীয় দ্বীপসমূহৰ আছিল আৰু জলদস্যুৰ অপৰাধত তেওঁলোকক ধৰি আনি দাস হিচাপে ৰখা হৈছিল। প্ৰাচীন টেবলেটসমূহত উল্লেখ থকামতে দাস আৰু মুক্ত লোকসকলৰ মাজত ঐক্যসাধন হৈছিল আৰু দাসসকলে কাম কৰাৰ উপৰি কিছুমানে নিজৰ হিচাপে মাটি লাভ কৰিছিল। মিচিনীয় সভ্যতাৰ সময়ৰ দাসসকল আৰু সাধাৰণ মানুহৰ মাজত বিশেষ পাৰ্থক্য দেখিবলৈ পোৱা নগৈছিল। কিন্তু সাধাৰণ লোক আৰু ডাঙৰ ডাঙৰ অট্টালিকাত বাস কৰা লোকসকলৰ মাজতহে পাৰ্থক্য দেখা গৈছিল।

২। দাস প্ৰথাৰ ওপৰত বিতৰ্ক।

উত্তৰঃ       দাসসকলক লৈ অতীজৰে পৰা এইপৰ্যন্ত বিতৰ্কৰ ওৰ পৰা নাই। দাসসকলক 'অমুক্ত শ্ৰমিক' বা দাসত্বত পৰিণত কৰা লোক হিচাপে অভিহিত কৰালৈও পণ্ডিতসকলৰ মাজত ভিন্ন মত দেখা যায়। বহুতো ঐতিহাসিকে দাস শব্দটো অমানৱীয় হিচাপেহে গ্ৰাহ্য কৰে। কিন্তু অন্য এচাম ঐতিহাসিকৰ মতে পূৰ্বৰে পৰা চলি অহা দাস শব্দটোৰ সলনি কৰাৰ প্ৰয়োজন নাই। বৰ্তমান পৃথিৱীত সকলোবোৰ দেশতে যিহেতু দাস প্ৰথাৰ অৱলুপ্তি ঘটিছে, গতিকে অতীতৰ দাসসকলৰ বিষয়ে উল্লেখ কৰিবলৈ দাস শব্দৰ সলনি অন্য শব্দ ব্যৱহাৰ কৰাৰ যুক্তিযুক্ততা নাই বুলি এইসকল ঐতিহাসিকে মতপোষণ কৰিছে। বিভিন্ন ধৰণেৰে এজন মানুহ দাসলৈ পৰিৱৰ্তিত হ'ব পাৰে। উদাহৰণস্বৰূপে কোনো লোকে ঋণ লৈ সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলে ঋণ দিওঁতাজনৰ ওচৰত দাস হিচাপে থাকিবলগীয়া হয়। এনেধৰণৰ দাসসকলক বন্ধা শ্ৰমিক হিচাপেও জনা যায়। এনেধৰণৰ বন্ধা শ্ৰনিকসকলৰ ঋণ পৰিশোধ কৰাৰ কোনো ধৰাবন্ধা সময় নাথাকে। কেতিয়াবা ঋণ পৰিশোধ নকৰাপৰ্যন্ত কোনো লোকৰ পুৰুষাণুক্ৰমে বন্ধা শ্ৰমিক খটাৰ বহু উদাহৰণ পোৱা যায়। কিছুমান দাসক মালিকৰ ব্যক্তিগত সম্পত্তি হিচাপে গণ্য কৰা হৈছিল। এনে দাসক মালিকে নিজ ইচ্ছানুসৰি ব্যৱহাৰ আৰু বেচা-কিনা কৰিব পাৰিছিল। এনে দাসৰ সন্তানসকলেও জন্মসূত্ৰেই দাসত্বলাভ কৰিছিল। কিছুমান আইন অনুসৰি আনৰ ওপৰত নিৰ্ভৰশীল লোককো দাস হিচাপে জনা গৈছিল। জোৰ-জবৰদস্তি কৰা দাস আৰু অমুক্ত শ্ৰমিক সকলক তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল। তেওঁলোকক আনকি বিভিন্ন শাস্তি, ভাবুকি আদিৰ জৰিয়তেও শ্ৰম কৰিবলৈও বাধ্য কৰাইছিল।

৩। প্ৰাচীন গ্ৰীচৰ বাণিজ্য।

উত্তৰঃ      কৃষি আৰু শিল্পৰ লগে লগে নগৰায়ণৰ ফলত প্ৰাচীন গ্ৰীচত বাণিজ্যৰ প্ৰসাৰ ঘটিছিল। গ্ৰীচৰ প্ৰধান ৰপ্তানিকৃত দ্ৰৱ্য আছিল মদ(Wine), জলফাই তেল ( Olive Oil), মাটিৰ পাত্ৰ (Pottary) আৰু ধাতুৰ কৰ্ম (Metal Work) । আনহাতে চিচিলি, আৰব, ইজিপ্ত আদিৰ পৰা বিভিন্ন খাদ্যশস্য আৰু গাহৰি আমদানি কৰিছিল। 

        প্ৰাচীন গ্ৰীচত বিক্ৰীকেন্দ্ৰ বা বজাৰসমূহক অগোৰা হিচাপে জনা গৈছিল। ইয়াৰ অৰ্থ হ'ল- 'জনসমাৱেশ থলী' বা 'গোট খোৱা । এই স্থানত সকলো লোকৰ অহা-যোৱা হোৱাৰ ফলত ধৰ্মীয়, আধ্যাত্মিক, ৰাজনৈতিক, কলা, খেলা-ধূলা আদি সকলো কাৰ্য হৈছিল। খ্ৰীঃ পূঃ অষ্টদশ শতিকাৰ পৰা খ্ৰীঃ পূঃ অষ্টম শতিকালৈকে নাগৰিকসকলে এই স্থানসমূহত গোট খাই সামৰিক কাৰ্য আৰু ৰজাৰ নিৰ্দেশসমূহ শুনিব পাৰিছিল। প্ৰতিখন নগৰতে এই আগোৰাসমূহ আছিল আৰু ইয়াত বণিকসকলে নিজৰ  দ্ৰৱ্যসমূহ বিক্ৰী কৰিব পাৰিছিল। এই বজাৰ সমূহত বস্তুৰ দাম নিৰ্ধাৰিত কৰি থোৱা হৈছিল। গ্ৰীচত উৎপাদিত বিভিন্ন কৃষিসামগ্ৰী, শিল্পীসামগ্ৰী আৰু ধাতু সামগ্ৰীৰ বাহিৰেও অন্যান্য ৰাজ্যৰ পৰা অহা দ্ৰৱ্যও এই বজাৰসমূহত বিক্ৰী কৰা হৈছিল। সেই সময়ত গ্ৰীচত ইজিপ্তৰ পৰা অহা লিনেন কাপোৰ, আফ্ৰিকাৰ পৰা অহা হাতীৰ দাঁত, চিৰি, পৰা অহা মচলা আদিৰ যথেষ্ট সমাদৰ আছিল। 

        আন্তঃবাণিজ্যৰ উপৰি বহিঃবাণিজ্যয়ো প্ৰাচীন গ্ৰীচত যথেষ্ট প্ৰসাৰৰ লাভ কৰিছিল। প্ৰাচীন গ্ৰীচৰ লগত ভূমধ্যসাগৰীয় অন্যান্য দ্বীপসমূহৰ লগতে ইজিপ্ত, মেছোপটেমিয়া, আৰৱ, এনাট'লিয়া, চিৰিয়া আদি বাণিজ্যিক সম্পৰ্ক গঢ়ি উঠিছিল। প্ৰথম অৱস্থাত গ্ৰীচত দ্ৰৱ্য সৰবৰাহৰ ক্ষেত্ৰত ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰা দেখা নগৈছিল। পাচত বিভিন্ন 'নিগম' বা 'গ্ৰীণ্ড'সমূহ গঢ়ি উঠাৰ লগতে ব্যাপক হাৰত বাণিজ্যিক সম্প্ৰসাৰণ হোৱাৰ ফলত বাণিজ্যৰ ক্ষেত্ৰত বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছিল। খ্ৰীঃ পূঃ ষষ্ঠ শতিকাৰ পৰা লিডিয়াত মুদ্ৰাৰ প্ৰচলন হৈছিল। পাচলৈ মুদ্ৰা ব্যৱস্থাই গ্ৰীচৰ অৰ্থনীতিত বিভিন্ন প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। 

ৰচনাধৰ্মী প্ৰশ্ন  

১। প্ৰাচীন গ্ৰীচত দাস প্ৰথাৰ ওপৰত এখন ৰচনা লিখা ।

উত্তৰঃ   গ্ৰীচত দাসসকলৰ ইতিহাস এক দীঘলীয়া ইতিহাস। কেতিয়াৰ পৰা কেনেকৈ এই দাসসকলৰ সৃষ্টি হ'ল বা সমাজত দাস প্ৰথাৰ প্ৰচলন হ'ল তাৰ সঠিক ইতিহাস এতিয়াও উদ্ধাৰ হোৱা নাই। অৱশ্যে নগৰসমূহৰ উত্থানৰ লগে লগে এই দাসসকল সমাজ জীৱন আৰু অৰ্থনৈতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হ'বলৈ ধৰে। মিচিনীয় সভ্যতাৰ সময়ৰ পৰাই গ্ৰীচত দাসসকলৰ অৱস্থিতিৰ বিষয়ে জানিব পৰা গৈছে। প্ৰাচীন গ্ৰীচৰ লগতে সমসাময়িক অন্যান্য সভ্যতাসমূহতো সমাজত দাসসকল আছিল। প্ৰাচীন কালৰ বহুতো পণ্ডিতে দাস ব্যৱস্থাৰ সপক্ষে মাত মাতি গৈছে। গ্ৰীচৰ প্ৰখ্যাত দাৰ্শনিক এৰিষ্টট'লে দাস ব্যৱস্থাক স্বাভাৱিক আৰু প্ৰয়োজনীয় হিচাপে মন্তব্য কৰি থৈ গৈছে। অৱশ্যে খ্ৰীঃ পূঃ চতুৰ্থ শতিকাত গ্ৰীচত ৰচিত কিছুমান কাৰ্যত সুখ-দুখৰ প্ৰতি নিৰ্বিকাৰ কষ্টসহিষ্ণু লোকসকলৰ প্ৰতি সহানুভুতি দেখুওৱা হৈছে। 

               বিভিন্ন কাৰণত সমাজত দাসসকলৰ সৃষ্টি হোৱা দেখা যায়। উদাহৰণ হিচাপে-

                    ১। বন্ধকী শ্ৰমিক।

                   ২। দোষৰ শাস্তিস্বৰূপে হোৱা দাস। 

                   ৩। যুদ্ধবন্দী।

                   ৪। অভিভাৱকে ত্যাগ কৰা শিশুসকল।

                   ৫। দাসৰ ঘৰত জন্ম লোৱা দাসৰ সন্তানসকল ইত্যাদি।

            খ্ৰীঃ পূঃ অষ্টম আৰু খ্ৰীঃ পূৰ্ব সপ্তম শতিকাত হোৱা মিচিনীয় যুদ্ধত স্পাৰ্টাৰ প্ৰায় বেছিসংখ্যক লোকেই দাসলৈ পৰিণত হোৱা বুলি বেছিভাগ পণ্ডিতে মতপোষণ কৰিছে। এই লোকসকলক হেল'ট হিচাপে জনা গৈছিল। প্ৰখ্যাত ঐতিহাসিক হিৰ'ডটাছৰ মতে সমাজত হেল'ছসকলৰ সংখ্যা অত্যন্ত বেছি আছিল।  অৱশ্যে বৰ্তমানৰ বহু পণ্ডিতে এই হেল'টসকলক মুক্ত লোক আৰু দাসসকলৰ মাজত থকা অন্য এটা শ্ৰেণী বুলিহে অভিহিত কৰিছে। এসময়ত এই হেল'টসকলৰ বিদ্ৰোহ দমন কৰিবৰ বাবে গ্ৰীচৰ বহু নগৰৰাষ্ট্ৰ সামৰিক ৰাষ্ট্ৰলৈ পৰিণত হ'বলগীয়া হৈছিল। প্ৰাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহৰ ত্ৰিছ শতাংশ লোক দাস আছিল। নগৰসমূহৰ উত্থানৰ পাচত দাসসকল মসাজৰ জীৱন আৰু অৰ্থনৈতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ উঠিছিল। এথন্সৰ প্ৰায়বোৰ নাগৰিকৰে কমেও এজনকৈ দাস আছিল বুলি প্ৰাপ্ত তথ্যসমূহে সাক্ষ্য বহন কৰিছে। খ্ৰীঃ পূঃ ষষ্ঠ শতিকাৰ পৰা খ্ৰীঃ পূঃ পঞ্চম শতিকাৰ ভিতৰত এথেন্সত দাসৰ সংখ্যা সৰ্বাধিক আছিল। সেই সময়ৰ সমাজৰ ৮০,০০০ লোক দাস আছিল আৰু দুখীয়াসকলক বাদ দি প্ৰায়বোৰ ঘৰতে প্ৰায়ে তিনিৰ পৰা চাৰিজনকৈ দাস থকা দেখা গৈছিল। 

                        প্ৰাচীন গ্ৰীচত দাসসকলে ৰাজনীতি বাদ দি অন্যান্য কিছুমান সুবিধা লাভ কৰিছিল। দাসসকলৰ প্ৰধান নিয়োগস্থলীসমূহ আছিল- ১। কৃষি (Agriculture) ।

        ২। শিলৰ কুৱেৰী আৰু বিভিন্ন খনিসমূহ ( Stone quarey & different Mines) ।

             ৩। গৃহ ভৃত্য (Home slaves) ।

             ৪। বিভিন্ন শিল্পকৰ্ম আৰু ব্যসায়ত জড়িত ( Different crafts and business related)।

        প্ৰাচীন গ্ৰীচত দাসসকলক প্ৰধানকৈ কৃষিকাৰ্যত লগোৱা হৈছিল। প্ৰাচীন গ্ৰীকসকলৰ লেখনিত সঘনে দাসসকলৰ উল্লেখ পোৱা যায়। বৃহৎ খেতিয়কসকলৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ খেতিয়ক সকলোৱে কৃষিকাৰ্যত দাসকলক ব্যৱহাৰ কৰিছিল। বিভিন্ন খনিসমূহ আৰু শিলৰ কুৱৰীসমূহতো দাসসকল অপৰিহাৰ্য আছিল। লুৰিয়ামৰ ৰূপৰ খনিত কেইবাহাজাৰ দাস থকাৰ কথা প্ৰাচীন সাহিত্যসমূহৰ পৰা জানিব পৰা গৈছে। সেই সময়ত প্ৰতিজন নাগৰিকে অতি কমেও তিনিজনকৈ দাস ক্ৰয় কৰিব পাৰিছিল। কাৰখানাসমূহতো সৰ্বাধিক দাস নিয়োগ কৰা হৈছিল। লিছিয়াচৰ শামুকৰ কাৰখানাত প্ৰায় এশ বিছজন দাস থকাৰ কথা জানিব পৰা গৈছে। ব্যক্তিগত ঘৰত ব্যৱহাৰ কৰা দাসসকলে তেওঁৰ গৰাকী বা প্ৰভুৰ বিভিন্ন কামত সহায় কৰিব লাগিছিল। পুৰুষ দাসসকলে মালিকক ব্যৱসায়ত সহায় কৰাৰ সগতে অন্যান্য কাম-কাজ কৰাৰ লগতে বোৱা-কটা, খাদ্য প্ৰস্তুত আদি কাম কৰিব লাগিছিল। কেৱল অতি দুখীয়া লোকসকলৰ ঘৰতহে দাস ৰখা দেখা নগৈছিল।

            এতিয়ালৈকে উদ্ধাৰ হোৱা মিচিনীয় সভ্যতাৰ বিভিন্ন পুৰাতাত্ত্বিক সমলত দাসসকলৰ তথ্য পোৱা গৈছে। পিল'চৰ পৰা সংগৃহীত প্ৰাচীন লিপিৰ টেবলেটসমূহত পোৱা তথ্যৰ ভিত্তিত দুই প্ৰকাৰৰ দাসৰ বিষয়ে জানিব পাৰি- 

            ১। দাস (Slave) আৰু

            ২। ভগৱানৰ দাস (Slave of God) ।

             ভগৱানৰ দাস হিচাপে উল্লেখ কৰা লোকসকলৰ নাম আৰু তেওঁলোকৰ নিজৰ নামত থকা সম্পত্তিৰ বিষয়ে উল্লেখ পোৱা যায়। তেওঁলোকৰ আইনগত স্থিতি মুক্ত লোকসকলৰ প্ৰায় সমপৰ্যায়ৰ আছিল। তেওঁলোকক কেতিয়াৰ পৰা আৰু কি কাৰণে ভগৱানৰ দাস হিচাপে অভিহিত কৰা হ'ল এইবিষয়ে একো জানিব পৰা হোৱা নাই। সাধাৰণ দাসসকলৰ বহুতেই গ্ৰীচৰ পৰা কিছু দূৰত অৱস্থিত অন্যান্য ভূমধ্য সাগৰীয় দ্বীপসমূহৰ আছিল আৰু জলদস্যুৰ অপৰাধত তেওঁলোকক ধৰি আনি দাস হিচাপে ৰখা হৈছিল। প্ৰাচীন টেবলেটসমমূহত উল্লেখ থকামতে দাস  আৰু মুক্ত লোকসকলৰ মাজত ঐক্যসাধন হৈছিল আৰু দাসসকলে কাম কৰাৰ উপৰি কিছুমানে নিজৰ হিচাপে মাটি লাভ কৰিছিল। মিচিনীয় সভ্যতাৰ সময়ৰ দাসসকল আৰু সাধাৰণ মানুহৰ মাজত বিশেষ পাৰ্থক্য দেখিবলৈ পোৱা নগৈছিল। কিন্তু সাধাৰণ লোক আৰু ডাঙৰ ডাঙৰ অট্টাল্কাত বাস কৰা লোকসকলৰ মাজতহে পাৰ্থক্য দেখা গৈছিল।

        গ্ৰীচৰ অন্ধকাৰ যুগ চলি থকাৰ সময়ত দাসসকলৰ অৱস্থিতি আৰু অৱস্থাৰ বিষয়ে হোমাৰৰ লিখনিতসমূহত পোৱা যায়। হোমাৰৰ মহাকাব্য 'ইলিয়াড'ত বহুতো মহিলা দাসৰ উল্লেখ আছে। তেওঁলোকৰ বেছিভাগেই যুদ্ধত শক্ৰৰ হাতৰ পৰা হস্তগত কৰা। যুদ্ধত আহত বা নিহত সৈনিকসকলৰ পত্নীসকলক জয়ী হোৱা পক্ষই দাসী হিচাপে লৈ আহিছিল। হোমাৰৰ আনখন বিখ্যাত মহাকাব্য 'ওডিচী'তো দাসসকলৰ বিষয়ে উল্লেখ আছে। এই মহাকাব্যত উল্লেখ থকা বেছিভাগ মহিলা আছিল। এই দাসসকলে গৰাকীৰ কাৰণে কাম কৰিব লাগিছিল যদিও তেওঁলোকক পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰা হৈছিল। তেওঁলোকে পৰিয়ালৰ অন্যান্য সদস্যসকলৰ সগত থকা-খোৱা কৰিব পাৰিছিল।

২। দাস প্ৰথাৰ ওপৰত এৰিষ্টট'ল আৰু প্লেটোৰ ব্যাখ্যা বৰ্ণনা কৰা।

উত্তৰঃ      এৰিষ্টট'লৰ মতে দাসসকলৰ প্ৰধান বৈশিষ্ট্য হ'ল-

                        ১। তেওঁলোকৰ একো একোটা সম্পত্তিৰ অংশ,

                       ২। কামৰ আহিলা আৰু

                      ৩। আনৰ বাবে উৎসৰ্গিত।

        দাৰ্শনিক তথা পণ্ডিত এৰিষ্ট'টলৰ এই মন্তব্যক বৰ্তমানৰ পণ্ডিতসকলে যথেষ্ট সমালোচনা কৰা দেখা গৈছে। বহু পণ্ডিতে এৰিষ্টট'লৰ মন্তব্যক সমৰ্থন কৰাৰ বিপৰীতে অন্য এচামে তেওঁৰ বিৰোধিতা কৰি তুমূল বিতৰ্কত লিপ্ত হৈছে। এৰিষ্টট'লে দাসসকল গৰাকীৰ সম্পত্তি হিচাপে ব্যাখ্য়া কৰাৰ লগতে দাসত্বৰ সপক্ষে যুক্তি আগবঢ়াইছিল। তেওঁৰ মতে দাসত্ব হ'ল স্বাভাৱিক বা প্ৰকৃতিগত আৰু এই প্ৰথাৰ দ্বাৰা গৰাকী আৰু দাস দুয়ো লাভান্বিত হয়। তেওঁৰ মতে দাসসকলৰ কোনোধৰণৰ যুক্তিযুক্ততা বিচাৰ কৰিব পৰা শক্তি নাথাকে। তেওঁলোকে কেৱল গৰাকীৰ নিৰ্দেশ বুজি পায় আৰু সেইমতে কাম কৰে। এৰিষ্ট'টলে দাসত্বৰ সপক্ষে মাত মতাৰ প্ৰধান কাৰণ আছিল-

১। তেওঁৰ মতে দাসত্ব হ'ল স্বাভাৱিক প্ৰক্ৰিয়া। যিসকল লোক শ্ৰেষ্ঠ বা উচ্চমানৰ তেওঁলোকৰ তলৰসকলক নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ যিসকল লোকৰ বিচাৰপূৰ্বক সিদ্ধান্ত লোৱাৰ ক্ষমতা আছে তেওঁলোকে নিম্নমানৰ বিচাৰ ক্ষমতা থকাসকলক শাসন কৰে।তেওঁ দাসসকলতকৈ প্ৰভু বা গৰাকীসকল শাৰীৰিকভাৱে আৰু মানসিকভাৱে সবল বুলি মন্তব্য কৰিছে।

২। তেওঁৰ মতে দাস প্ৰথা প্ৰয়োজনীয়। কাৰণ, দাসসকলে কাম কৰাৰ ফলত মালিকসকলে চিন্তা-চৰ্চা আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ কথা চিন্তা কৰিবৰ বাবে আজৰি সময় পায়।

৩। তেওঁৰ মতে গ্ৰীচৰ সমাজ ব্যৱস্থা আৰু অৰ্থনৈতিক অৱস্থাৰ বাবে দাস প্ৰথা সুবিধাজনক । দাস প্ৰথাৰ বাবেই গ্ৰীচৰ সমাজত বিশৃংখলাৰ  স্থান নাই। দাস ব্যৱস্থাই মালিকপক্ষ আৰু দাস উভয়কে নিয়ম-শৃংখলাৰ মাজত বান্ধি ৰাখে।

    অৱশ্য এৰিষ্ট'টলে তলত দিয়াধৰণে দাস প্ৰথাক সমৰ্থন জনাইছে-

    ১। যিসকল লোকে মানসিকভাৱে দুৰ্বল তথা দুৰ্বল বিচাৰ-বুদ্ধিৰ।

   ২। অত্যাচাৰী আৰু নিষ্ঠৰ মালিকসকলক অইনগত শাস্তি প্ৰদান             কৰা উচিত।

  ৩। যিসকল দাসৰ বিচাৰপূৰ্বক সিদ্ধান্ত গ্ৰহণ ক্ষমতা আছে আৰু              নেতৃত্ব দিব পৰা ক্ষমতা আছে তেওঁলোকক দাসত্বৰ পৰা                       অব্যাহতি দিব লাগে।

   ৪। সমাজৰ সৰ্বাংগীণ উন্নয়নৰ বাবে দাসসকল প্ৰয়োজনীয়। কিন্তু         তেওঁলোকক গৰাকীৰ সহকাৰী হিচাপে গণ্য কৰা উচিত,                      পদদলিত হিচাপে নহয়।

        দাসসকলৰ ওপৰত এৰিষ্টট'লে কৰা মন্তব্যক লৈ পণ্ডিতসকলে বিভিন্নধৰণেৰে তৰ্কত লিপ্ত হৈ পৰা দেখা গৈছে। তেওঁলোকৰ মতে এৰিষ্টট'লে মানুহৰ ধাৰণ ক্ষমতাৰ ওপৰত ভিত্তি কৰি মালিক আৰু দাসৰ বিভাজন কৰিছে যদিও এনে বিভাজন নিৰ্ধাৰণৰ বাবে কোনোধৰণৰ নীতি-নিৰ্দেশনা দেখুৱাই দিয়া নাই। তেওঁ দাসসকলৰ উৎপত্তিক লৈও নিৰ্বিকাৰ হোৱা দেখা গৈছে। বৰং দাসত্বৰ গোড়ামি আৰু পুৰণিকলীয়া বিচাৰ হিচাপেহে মন্তব্য দিছে।

            গ্ৰীচৰ অন্য এজন প্ৰখ্যাত দাৰ্শনিক প্লেটোৰ দৰ্শনতো দাসত্বই স্থান পাইছে। অৱশ্যে প্লেটোৱে প্ৰত্যক্ষভাৱে দাসত্বৰ বিষয়ে উল্লেখ কৰা নাই দাসত্বৰ ওপৰত প্ৰত্যক্ষ মন্তব্যও আগবঢ়োৱা নাই। কিন্তু তেওঁৰ লিখনিসমূহত দাসসকলৰ বিষয়ে পৰোক্ষভাৱে উল্লেখ আছে। তেওঁ 'Law'ত এজন সাধাৰণ নাগৰিক আৰু এজন দাসৰ বৰ্ণনা আছে। ইয়াত দুয়োজনেই বেমাৰৰ চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰলৈ আহিছিল যদিও দুয়োজনৰ প্ৰকাশভংগী, চিন্তা-চৰ্চা, সামাজিক চেতনা তথা দায়িত্ববোধ আদিৰ মাজত বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই দুয়োটা চৰিত্ৰৰ বৰ্ণনা কৰি প্লেটোৱে উল্লেখ কৰিছে যে দাসজনৰ বিচাৰ যুক্তি আনজনতকৈ বহুত তলখাপৰ। এই দাসজনৰ দ্বাৰা প্লেটোৱে সমগ্ৰ দাস শ্ৰেণীৰ বাস্তৱ ছবি এখন দাঙি ধৰিবলৈ সক্ষম হৈছে। তেওঁৰ মতে দাসসকলৰ প্ৰকৃত বিশ্বাস থাকে, কিন্তু এই বিশ্বাসৰ আঁৰত থকা সভ্যতা  তেওঁলোকে বিচাৰ কৰিব নাজানে। দাসসকলে অভিজ্ঞতাৰ পৰা বাহ্যিক কাৰকৰ পৰা শিকিলেও কোনোধৰণৰ যুক্তিযুক্ততা বিচাৰিব পৰা শক্তি নাই। অৰ্থাৎ মানসিক আৰু বৌদ্ধিক দিশত দুৰ্বল বাবেই তেওঁলোকে দাসত্বৰ জীৱন কটাইছে বুলি প্লেটোৱে পৰোক্ষভাৱে উল্লেখ কৰিছে। প্লেটোৱে তেওঁৰ 'ৰিপাব্লিক'(Republic) গ্ৰন্থত সকলো শিশু ৰাষ্ট্ৰক উৎসৰ্গা কৰিব লাগে আৰু ৰাষ্ট্ৰৰ দ্বাৰা পালিত শিশুসকল প্ৰাপ্তবয়স্ক হ'লে তেওঁলোকৰ কোন কি কামৰ বাবে উপযুক্ত সেয়া ৰাষ্ট্ৰব্যৱস্থাই স্থিৰ কৰিব লাগে। তেওঁ মতে সকলো লোকেই নাগৰিক যদিও তেওঁলোকৰ অধিকাৰৰ পৰিৱৰ্তে দায়বদ্ধতাহে থাকে। তদুপৰি শাসক শ্ৰেণীৰ বাৰিৰে অন্য লোকৰ স্বাধীনতা নাই। প্লেটোৱে স্বাধীনতা নিৰ্মূল কৰাৰ পক্ষে যুক্তি দিয়াৰ পৰা সকলো লোককে দাসৰ শাৰীলৈ লৈ গৈছে। কিন্তু প্লেটোৰ দৰ্শনত 'দাস' শব্দটো ব্যাপক অৰ্থত ব্যৱহাৰ হৈছে। তেওঁৰ মতে শাসকলকলেও দাসত্বৰ শিকলি পিন্ধিবলগীয়া হয়; কাৰণ, তেওঁলোকৰ সকলো দায়িত্ব নিজে মূৰ পাতি ল'বৱগীয়া হয়। প্লেটোৰ মতে স্বাধীনতাইহে দাসত্বৰ ফালে আগুৱাই নিয়ে। গতিকে দেখা যায় দাসত্বৰ প্ৰতি প্লেটোৰ ধাৰণা যোগাত্মক। কিন্তু তেওঁ দাসত্ব শব্দতোৰ বিয়োগাত্মক দিশটো আঁতৰাবৰ বাবে হয়তো স্বাধীনতা শব্দটোকো দাসত্বৰ লগত সাঙুৰি পেলাইছিল। তদুপৰি দুষ্ট শাসকসকলক নিয়ন্ত্ৰণৰ বাবে তেওঁলোককো জনসাধাৰণৰ দাস হিচাপে অভিহিত কৰিছে। প্লেটো নিজেই এথেন্সৰ এক অভিজাত পৰিয়ালৰ লোক আছিল আৰু তেওঁ অভিজাততন্ত্ৰৰ সপক্ষে যুক্তি আগবঢ়াই থৈ গৈছে।

৩। প্ৰাচীন গ্ৰীচৰ কৃষি অৰ্থনীতি, নগৰীকৰণ আৰু বাণিজ্যত দাসসকলৰ  ভূমিকা আলোচনা কৰা।

উত্তৰঃ  প্ৰাচীন গ্ৰীচত কৃষি অৰ্থনীতিৰ লগত দাসসকল ওতপ্ৰোতভাৱে জড়িত হৈ আছিল। কৃষিক্ষেত্ৰসমূহত সৰ্বাধিক দাস নিয়োগ কৰা হৈছল। কৃষিভূমিৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি শস্য সিঁচা, ৰোৱা, চপোৱা আৰু খেতিয়কৰ ঘৰত জমা কৰা আদি সকলো কাৰ্য দাসসকলৰ সহায়ত কৰা হৈছিল। কৃষিজাত সামগ্ৰীৰ বেচা-কিনাৰ ক্ষেত্ৰতো দাসসকলক কামত লগোৱা হৈছিল।

        প্ৰাচীন গ্ৰীচত কৃষিৰ প্ৰধান সমস্যা আছিল ওখ অঞ্চলসমূহত কৃষিৰ বাবে পানীৰ অভাৱ। গ্ৰীচৰ ওখ অঞ্চলসমূহৰ বাহিৰেও সমতল ভূমিসমূহো শিলাময় আছিল। 'আৰ্কিমিডিয়ান স্কু' নামৰ এবিধ সঁজুলিৰ দ্বাৰা গ্ৰীচৰ খেতিয়কসকলে ওখ ঠাইলৈ পানী সিঁচি নি খেতি কৰিছিল। প্ৰাচীন বিশ্বৰ অন্যান্য সভ্যতাৰ অঞ্চলৰ লোকসকলৰ দৰেই গ্ৰীচৰ লোকসকলেও কৃষিকাৰ্যৰ বাবে কোৰ, নাঙল, কাঁচি আদি সঁজুলি ব্যৱহাৰ কৰিছিল। 

        কৃষিৰ লগে লগে প্ৰাচীন গ্ৰীচত বিভিন্ন শিল্পকৰ্মৰো বিকাশ হৈছিল। খ্ৰীঃ পূঃ অষ্টমশতিকাৰ পৰা খ্ৰীঃ পূঃ চতুৰ্থ শতিকাৰ ভিতৰত গ্ৰীচৰ অৰ্থনীতি বাণিজ্যৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা দেখা গৈছিল। দাসসকলক বিভিন্ন কাৰখানাসমূহত নিয়োগ কৰি বিভিন্ন শিল্পকলাৰ উন্নয়ন কৰা হৈছিল। তেওঁলোক প্ৰধানকৈ বোৱা-কটা, ধাতুবিদ্যা, চামৰাৰ কাৰখানা, কাঠৰ কাৰখানা আৰু মাটিৰ পাত্ৰ বনোৱা কাৰখানাসমূহত নিয়োজিত হৈছিল। শামুকৰ খোলাৰ পৰা বিভিন্ন আহিলা-পাতি বনাবৰ বাবে বহু কাৰখানা গঢ়ি উঠিছিল।

        শিল্পৰ উন্নতিৰ লগে লগে গ্ৰীচত কাৰখানাৰ মালিক আৰু কাৰখানাৰ পৰিচালক নামৰ এক নতুন শ্ৰেণীৰ উদ্ভৱ হ'ল। তেওঁলোকে কাৰখানাসমূহ পৰিচালনা কৰি নিয়ন্ত্ৰণ কৰিছিল। এইদৰে কাৰখানাসমূহক কেন্দ্ৰ কৰি ব্যৱসায়-বাণিজ্যই গা কৰি উঠাৰ লগতে সেই অঞ্চলসমূহত জনসংখ্যা বূদ্ধি পোৱাৰ ফলত নগৰসমূহৰ সূষ্টি হৈছিল। প্ৰাচীন গ্ৰীচৰ এক উল্লেখযোগ্য শিল্প আছিল মাটিৰ পাত্ৰ নিৰ্মাণ। এই কাৰখানাসমূহত মাটিৰ পাত্ৰ বনাবৰ বাবে মাটি সংগ্ৰহৰ পৰা আৰম্ভ কৰি পাত্ৰ নিৰ্মাণ, শুকোৱা, ৰং দিয়া আদি সকলো কাৰ্য কৰা হৈছিল। নিৰ্মাণ হোৱা পাত্ৰসমূহৰ বাণিজ্যিকীকৰণৰ লগে লগে গ্ৰীচৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়ন হৈছিল। মাটিৰ পাত্ৰৰ লগতে ধাতু শিল্পৰ বিকাশো গ্ৰীচত সমান্তৰালভাৱে হোৱা দেখা গৈছিল।

        কৃষি আৰু শিল্পৰ লগে লগে নগৰায়ণৰ ফলত প্ৰাচীন গ্ৰীচত বাণিজ্যৰ প্ৰসাৰ ঘটিছিল। গ্ৰীচৰ প্ৰধান ৰপ্তানিকৃত দ্ৰৱ্য আছিল মদ (Wine), জলফাই তেল (Olive Oil), মাটিৰ পাত্ৰ (Pottary) আৰু ধাতুৰ কৰ্ম (Metal Work)। আনহাতে চিচিলি, আৰব, ইজিপ্ত আদিৰ পৰা বিভিন্ন খাদ্যশস্য (Grains) আৰু গাহৰি  (Pork) আমদানি কৰিছিল।

        প্ৰাচীন গ্ৰীচত বিক্ৰীকেন্দ্ৰ বা বজাৰসমূহক আগোৰা (Agoras) হিচাপে জনা গৈছিল। ইয়াৰ অৰ্থ হ'ল-'জনসমাৱেশ থলী' (Gathering place) বা ' গোট খোৱা। এই স্থানত সকলো লোকৰ অহা-যোৱা ফলত ধৰ্মীয়, আধ্যাত্মিক, ৰাজনৈতিক, কলা, খেলা-ধূলা আদি সকলো কাৰ্য হৈছিল। খ্ৰীঃ পূঃ অষ্টদশ শতিকাৰ পৰা খ্ৰীঃ পূঃ অষ্টম শতিকালৈ নাগৰিকসকলে এই স্থানসমূহত গোট খাই সামৰিক কাৰ্য আৰু ৰজাৰ নিৰ্দেশসমূহ শুনিব পাৰিছিল। প্ৰতিখন নগৰতে এই অগোৰাসমূহ আছিল আৰু ইয়াত বণিকসকলে নিজৰ দ্ৰৱ্যসমূহ বিক্ৰী কৰিব পাৰিছিল। এই বজাৰ সমূহত বস্তুৰ দাম নিৰ্ধাৰিত কৰি থোৱা হৈছিল। গ্ৰীচত উৎপাদিত বিভন্ন কৃষিসামগ্ৰী, শিল্পীসামগ্ৰী আৰু ধাতু সামগ্ৰীৰ বাহিৰেও অন্যান্য ৰাজ্যৰ পৰা অহা দ্ৰৱ্যও এই বজাৰসমূহত বিক্ৰী কৰা হৈছিল। সেই সময়ত গ্ৰীচত ইজিপ্তৰ পৰা অহা লিনেন কাপোৰ, আফ্ৰিকাৰ পৰা অহা হাতীৰ দাঁত, চিৰিয়াৰ পৰা অহা মচলা আদিৰ যথেষ্ট সমাদৰ আছিল।

        আন্তঃবাণিজ্যৰ উপৰি বহিঃবাণিজ্যয়ো প্ৰাচীন গ্ৰীচত যথেষ্ট প্ৰসাৰ লাভ কৰিছিল। প্ৰাচীন গ্ৰীচৰ লগত ভূমধ্যসাগৰীয় অন্যান্য দ্বীপসমূহৰ লগতে ইজিপ্ত, মেছোপটেমিয়া, আৰৱ, এনাট'লিয়া, চিৰিয়া আদি বাণিজ্যৰ সম্পৰ্ক গঢ়ি উঠিছিল। প্ৰথম অৱস্থাত গ্ৰীচত দ্ৰৱ্য সৰবৰাহৰ ক্ষেত্ৰত ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰা দেখা নগৈছিল। পাচত বিভিন্ন 'নিগম' বা 'গ্ৰীণ্ড'সমূহ গঢ়ি উঠাৰ লগতে ব্যাপক হাৰত বাণিজ্যিক সম্প্ৰসাৰণ হোৱাৰ ফলত বাণিজ্যৰ ক্ষেত্ৰত বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছিল। খ্ৰীঃ পূঃ ষষ্ঠ শতিকাৰ পৰা লিডিয়াত মুদ্ৰাৰ প্ৰচলন হৈছিল। পাচলৈ মুদ্ৰা ব্যৱস্থাই গ্ৰীচৰ অৰ্থনীতিত বিভিন্ন প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়।

        এনেদৰে প্ৰাচীন গ্ৰীচৰ কৃষি অৰ্থনীতি, নগৰীকৰণ আৰু বাণিজ্যত দাসসকলৰ ভূমিকা অলোচনা কৰিব পাৰি।



Author: Monikongkona Saikia