9.5 বহনক্ষম উন্নয়নৰ কৌশলসমূহ (Strategies for Sustainable Development) :
অপৰম্পৰাগত শক্তিৰ উৎস সমূহৰ ব্যৱহাৰ (Use of Non-conventional Sources of Energy)
তোমালোকে জানা যে ভাৰতবৰ্ষই দেশখনৰ শক্তিৰ প্ৰয়োজনৰ বাবে বৃহৎভাৱে তাপ আৰু জলশক্তি প্রকল্পসমূহৰ ওপৰত নিৰ্ভৰ কৰে। এই দুয়োটাৰে পৰিৱেশৰ ওপৰত প্ৰতিকূল প্ৰভাৱ আছে। তাপ বিদ্যুৎ প্রকল্পসমূহৰ পৰা যথেষ্ট পৰিমাণে কার্বন-ডাই-অক্সাইড গেছ নির্গত হয়। এইটো এটা সেউজ গৃহ গেছ। এই প্রকল্পসমূহৰ পৰা নিৰ্গত হৈ উৰি ফুৰা ছাঁইবোৰ যদিহে সঠিকভাৱে ব্যৱহাৰ কৰা নাযায়, তেনেহ'লে ই জলাশয়বোৰ, ভূমি আৰু পৰিৱেশৰ আন উপাদানসমূহ দূষিত কৰিব পাৰে। জল বিদ্যুৎ প্রকল্পসমূহে অৰণ্য প্লাৱিত কৰে আৰু নদীৰ অৱবাহিকা আৰু নদী উপত্যকাত পানীৰ প্রাকৃতিক প্ৰৱাহত বাধা প্ৰদান কৰে। বতাহ শক্তি (Wind Power) আৰু সৌৰ ৰশ্মি (Solar Ray), পৰম্পৰাগত কিন্তু পৰিষ্কাৰ আৰু সেউজ কৌশলৰ উত্তম উদাহৰণ। ইহঁতক তাপ আৰু জলশক্তিৰ সলনি কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিব পাৰি।
গ্রামাঞ্চল সমূহত এল.পি.জি., গোবৰ গেছ (LPG, Gobar Gas in Rural Areas)
গ্রামাঞ্চলৰ পৰিয়াল সমূহত ইন্ধন হিচাপে সাধাৰণতে খৰি, গোবৰ পিঠা (Dung Cake) বা আন জীৱভৰ (Biomass) ব্যৱহাৰ কৰে। এই অভ্যাসৰ লগত নিৰ্বনানীকৰণ, সেউজ আৱৰণ হ্রাস, গৰু-ম'হৰ গোবৰৰ অপচয় আৰু বায়ু প্ৰদূষণ আদি কেতবোৰ নেতিবাচক দিশ সাঁঙোৰ খাই আছে। এই পৰিস্থিতিৰ উপশম ঘটাবলৈ ৰাজ সাহায্যত LPGৰ যোগান ধৰা হৈছে। ইয়াৰ লগতে গোবৰ গেছ প্রকল্প সমূহ সহজ ঋণ আৰু ৰাজ সাহায্যৰ জৰিয়তে আগবঢ়োৱা হৈছে। তৰলীকৃ ত পেট্ৰ'লিয়াম গেছ (Liquefied Petrolium Gas, LPG) এক পৰিষ্কাৰ ইন্ধন আৰু ই ঘৰুৱা প্ৰদূষণৰ যথেষ্ট পৰিমাণে হ্রাস কৰে। লগতে শক্তিৰ অপব্যয়ো ন্যূনতম হয়। গোবৰ গেছ প্ৰকল্পত গৰু ম'হৰ গোবৰ ব্যৱহাৰ কৰি গেছ উৎপাদন কৰা হয় আৰু এই গেছক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি ৰৈ যোৱা অৱশিষ্টসমূহ উত্তম জৈৱ সাৰ আৰু ভূমি পোষক?
নগৰাঞ্চল সমূহত চি.এন.জি. (CNG in Urban Areas)
দিল্লীত ৰাজহুৱা পৰিবহনৰ ক্ষেত্ৰত প্ৰচাপিত প্রাকৃতিক গেছ (Compressed Natural Gas, CNG)ৰ ব্যৱহাৰে বায়ু প্ৰদূষণ যথেষ্ট পৰিমাণে হ্ৰাস কৰিছে আৰু যোৱা কিছু বছৰত ইয়াৰ বায়ু যথেষ্ট পৰিষ্কাৰ হৈছে।
বতাহ শক্তি (Wind Power)
যিবোৰ অঞ্চলত বতাহৰ গতি সাধাৰণতে বেছি, বতাহ কলে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ নেপেলোৱাকৈ বিদ্যুৎ আগবঢ়াব পাৰে। বতাহ পাট চকৰি (Wind Turbines) সমূহ বতাহৰ সৈতে ঘূৰে আৰু বিদ্যুৎ উৎপাদিত হয়। সন্দেহ নাই যে ইয়াৰ প্ৰাৰম্ভিক ব্যয় যথেষ্ট বেছি। কিন্তু ইয়াৰ সুবিধা ইমান বেছি যে এই উচ্চ ব্যয় সহজে উচল হয়। আলোক বৈদ্যুতিক কোষৰ জৰিয়তে সৌৰ শক্তি (Solar Power Through Photovoltatic Cells)
ভাৰতবৰ্ষক সূৰ্যৰ ৰশ্মিয়ে সৌৰ শক্তিৰ বাবে প্রাকৃতিকভাৱে যথেষ্ট চহকী কৰিছে। আমি ইয়াক বিভিন্নভাৱে ব্যৱহাৰ কৰোঁ। উদাহৰণ স্বৰূপে আমি ইয়াৰ সহায়ত আমাৰ বস্ত্ৰ, শস্য, অন্যান্য কৃষিজাত সামগ্ৰীৰ লগতে বিভিন্ন দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী সমূহ শুকুৱাও। তদুপৰি শীতকালত আমি শৰীৰ উষ্ণ কৰি ৰাখিবলৈ সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰোঁ। উদ্ভিদসমূহে সালোকসংশ্লেষণৰ বাবে সৌৰ শক্তি ব্যৱহাৰ কৰে। বৰ্তমান আলোক বৈদ্যুতিক কোষৰ সহায়ত সৌৰ শক্তি বিদ্যুতলৈ ৰূপান্তৰ কৰিব পাৰি। এই কোষসমূহে বিশেষ ধৰণৰ পদাৰ্থ ব্যৱহাৰ কৰি সৌৰ শক্তি সংগ্ৰহ কৰে আৰু পিছত এই শক্তি বৈদ্যুতিক শক্তিলৈ পৰিৱৰ্তিত কৰে। ভিতৰুৱা অঞ্চল আৰু গ্ৰীড (Grid) আৰু বৈদ্যুতিক তাঁৰ ব্যৱহাৰ কৰি শক্তি সৰবৰাহ সম্ভৱপৰ নোহোৱা অথবা এনে ব্যৱস্থা ব্যয়বহুল হোৱা অঞ্চলসমূহৰ বাবে এই প্রযুক্তি অত্যন্ত উপযোগী। ই প্ৰদূষণ মুক্তও।
ক্ষুদ্র-জলবিদ্যুৎ প্রতিষ্ঠান (Mini-hydel Plants)
পার্বত্য অঞ্চলসমূহৰ প্ৰায় সকলোতে নিজৰা দেখা ইহঁতৰ বেছি ভাগতেই বাৰ মাহে পানী থাকে। ক্ষুদ্র জলবিদ্যুৎ প্রতিষ্ঠানসমূহে সৰু পাট চকৰি সমূহ ঘূৰাবৰ বাবে এই নিজৰা সমূহৰ শক্তি ব্যৱহাৰ কৰে। এই পাট-চকৰি সমূহে বিদ্যুৎ উৎপাদনকৰে আৰু ইয়াক স্থানীয়ভাৱে ব্যৱহাৰ কৰিব পাৰি৷ এই শক্তি প্রতিষ্ঠান সমূহ কম বেছি পৰিমাণে পৰিৱেশ অনুকূল (Environment Friendly) কিয়নো এই প্রতিষ্ঠানসমূহে ইয়াৰ অৱস্থিত স্থানত ভূমি ব্যৱহাৰ পদ্ধতিৰ পৰিৱৰ্তন নঘটায়; লগতে ইহঁতে স্থানীয় চাহিদা পূৰণ কৰিব পৰাকৈ যথেষ্ট শক্তি উৎপাদন কৰিব পাৰে। এই প্রতিষ্ঠানসমূহে বৃহৎ মাত্ৰাৰ বিদ্যুৎ প্ৰেৰণ স্তম্ভ আৰু তাঁৰৰ ব্যৱহাৰৰ প্রয়োজনীয়তা নোহোৱা কৰাৰ লগতে প্ৰেৰণ ব্যৰ্থতাৰো হাত সৰাব পাৰে।
পৰম্পৰাগত জ্ঞান আৰু ৰীতি সমূহ (Traditional Knowledge & Practices)
পৰম্পৰাগতভাৱে ভাৰতীয় লোকৰ পৰিৱেশৰ সৈতে নিকট সম্পর্ক আছে। তেওঁলোক পৰিৱেশ নিয়ন্ত্ৰক নহয়; ইয়াৰ উপাদানহে। আমি আমাৰ কৃষিব্যৱস্থা, স্বাস্থ্য যতন ব্যৱস্থা, গৃহ নির্মাণ, যাতায়াত আদিলৈ লক্ষ্য কৰিলে দেখিম যে আমাৰ সকলো ৰীতি পৰিৱেশ অনুকূল। অতি সম্প্ৰতিহে আমি পৰম্পৰাগত ব্যৱস্থাৰ পৰা পথচ্যুত হৈছোঁ আৰু পৰিৱেশ আৰু গ্ৰামীণ ঐতিহ্যৰ ক্ষতি সাধন কৰিছোঁ। এতিয়া পুনৰ উভতি যোৱাৰ সময়। স্বাস্থ্যৰ যতন ইয়াৰ এক উপযুক্ত উদাহৰণ। ভাৰতবৰ্ষই প্রায় 15,000 টা প্ৰজাতিৰ ঔষধি গুণ সম্পন্ন উদ্ভিদ থকাৰ বিশেষ সৌভাগ্য লাভ কৰিছে । ইয়াৰে প্ৰায় 8,000 টা প্রজাতি লোকপৰম্পৰাকে ধৰি বিভিন্ন চিকিৎসা পদ্ধতিত নিয়মীয়াকৈ ব্যৱহাৰ কৰা হয়। পশ্চিমীয়া চিকিৎসা পদ্ধতিৰ হঠাতে ঘটা আগ্রাসনত আমি জনসাধাৰণৰ মাজত প্ৰচলিত আয়ুর্বেদ, উনানি, তিব্বতীয় আৰু লোক প্ৰণালী আদি পৰম্পৰাগত পদ্ধতিসমূহক উপেক্ষা কৰিছোঁ। দীৰ্ঘদিনীয়া ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এই স্বাস্থ্যযতন পদ্ধতিসমূহৰ চাহিদা পুনৰ বৃদ্ধি পাবলৈ লৈছে। আজিকালি চুলিত ঘঁহা তেল, দন্তমঞ্জন, শৰীৰ আৰু মুখমণ্ডলত সনা ক্ৰীম আদি প্রসাধন সামগ্ৰীৰ প্ৰায় সকলোবোৰ বনৌষধিৰ যৌগ। এই সামগ্ৰীসমূহ কেৱল পৰিৱেশ অনুকূলেই নহয়, ইহঁত তুলনামূলকভাৱে পাশ্চক্ৰিয়াৰ পৰাও মুক্ত ৷ তদুপৰি ইহঁতৰ বাবে বৃহৎ ঔদ্যোগিক আৰু ৰাসায়নিক প্ৰক্ৰিয়াকৰণৰো প্ৰয়োজন নহয়।
জীৱ বিয়োজন (Biocomposting)
বিগত প্রায় পাঁচটা দশকত আমাৰ কৃষিজাত উৎপাদন বৃদ্ধিৰ সন্ধানত আমি পচন সাৰৰ ব্যৱহাৰক সম্পূৰ্ণভাৱে উলাই কৰি ৰাসায়নিক সাৰৰ ব্যৱহাৰক আঁকোৱালি লৈছোঁ। ইয়াৰ ফলস্বৰূপে বহু উৎপাদনক্ষম ভূমিৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰিল। ভূগৰ্ভৰ পানীকে ধৰি জলাশয়সমূহ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা দূষিত হ'ল আৰু বছৰে বছৰে জলসিঞ্চনৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিলে।
সমগ্র দেশতে বহু সংখ্যক কৃষকে বর্তমান বিভিন্ন প্ৰকাৰৰ জৈৱিক বৰ্জিত দ্ৰব্যৰ পৰা প্ৰস্তুত পচন সাৰ পুনৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। দেশখনৰ কেতবোৰ বিশেষ অঞ্চলত কেৱল মাত্র গোবৰৰ বাবে গৰু-ম'হ পালন কৰিছে। কিয়নো গোবৰ এবিধ গুৰুত্বপূৰ্ণ সাৰ আৰু ই ভূমিৰ পোষক। সাধাৰণ বিয়োজন প্ৰক্ৰিয়াতকৈ কেঁচুৱে সোনকালে জৈৱিক পদাৰ্থক পচন সাৰলৈ ৰূপান্তৰ কৰিব পাৰে। এই পদ্ধতি বর্তমান বিস্তৃতভাৱে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত পৌৰ কৰ্তৃপক্ষ সমূহো পৰোক্ষভাৱে লাভৱান হৈছে। কিয়নো ইবিলাকৰ বাবে পেলনীয়া আৱৰ্জনাৰ পৰিমাণ হ্রাস হৈছে।জীৱ কীট নিয়ন্ত্রণ (Biopest Control)
সেউজ বিপ্লৱ সূচনাৰ পিছত সমগ্ৰ দেশখনেই অধিক উৎপাদনৰ বাবে ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰিবলৈ উদ্বাউল হৈ উঠিছে। অনতিপলমেই ইয়াৰ বিৰূপ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে; খাদ্য সামগ্রী সমূহ দূষিত হৈছে, ভূমি, জলাশয় আৰু আনকি ভূগৰ্ভৰ পানীও কীটনাশক দ্ৰব্যৰ দ্বাৰা প্ৰদূষিত হৈছে। আনকি গাখীৰ, মাংস আৰু মাছো দূষিত হৈছে।
এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ কীট নিয়ন্ত্ৰণৰ বাবে উন্নত পদ্ধতি প্ৰয়োগৰ প্ৰচেষ্টা চলিছে। এনে এক পদক্ষেপ হ’ল উদ্ভিদৰ পৰা উৎপাদিত দ্ৰব্যৰ ওপৰত নিৰ্ভৰ কৰা কীটনাশকৰ ব্যৱহাৰ। এই ক্ষেত্ৰত নিমগছ অতি উপযোগী বুলি প্ৰমাণিত হৈছে। বিভিন্ন ধৰণৰ কীট নিয়ন্ত্রণকাৰী ৰাসায়নিক দ্রব্য নিমগছৰ পৰা পৃথক কৰি ব্যৱহাৰ কৰা হৈছে। মিশ্র শস্য পদ্ধতি (Mixed Cropping) আৰু একে ডোখৰ ভূমিত ক্রমাগতভাৱে বিভিন্ন শস্যৰ খেতিয়েও এই ক্ষেত্ৰত কৃষকসকলক সহায় কৰিছে।
লগতে কীট নিয়ন্ত্রণত সহায় কৰা বিভিন্ন জীৱ জন্তু আৰু চৰাই সম্পর্কেও সজাগতাৰ প্ৰসাৰ ঘটি আছে। উদাহৰণ স্বৰূপে এন্দুৰ, নিগনি আৰু আন কীট সমূহ ভক্ষণ কৰা জীৱসমূহৰ এটা প্রধান অংশ হ’ল সাপ। একেদৰে ফেঁচা, ময়ূৰপক্ষী আদি বিভিন্ন প্ৰজাতিৰ চৰায়ে ক্ষুদ্র ক্ষতিকাৰক কীট-পতঙ্গ আদি ভক্ষণ কৰি জীয়াই থাকে। ইহঁতক কৃষি ভূমিৰ আশে-পাশে বাস কৰাৰ সুবিধা দিলে ইহঁতে এই অপকাৰ কীট-পতঙ্গ সমূহ নাইকিয়া কৰিব পাৰে। এই ক্ষেত্ৰত জেঠীৰ ভূমিকাও গুৰুত্বপূৰ্ণ । আমি ইহঁতৰ মূল্য বুজি ইহঁতক ৰক্ষণাবেক্ষণ দিয়া উচিত।
বহনক্ষম উন্নয়ন বর্তমান এক জনপ্রিয় বাক্যাংশ। দৰাচলতে ই উন্নয়ন চিন্তাধাৰাৰ এক দৃষ্টান্তমূলক পৰিৱৰ্তন। ইয়াৰ ব্যাখ্যা বিভিন্ন ধৰণে দিয়া হৈছে যদিও এই পথৰ প্ৰতি আনুগত্যই সকলোৰে বাবে দীর্ঘস্থায়ী উন্নয়ন আৰু অ-নিম্নগামী কল্যাণ নিশ্চিত কৰে।
Type Janmoni Hazarika
Post ID : DABP005141