9.4 বহনক্ষম উন্নয়ন (Sustainable Development) :
পৰিৱেশ আৰু অৰ্থব্যৱস্থা পৰস্পৰ নিৰ্ভৰশীল আৰু ইহঁতৰ এটাৰ বাবে আনটোৰ প্ৰয়োজন। গতিকে যি উন্নয়নে পৰিৱেশৰ ওপৰত ইয়াৰ প্রতিঘাত সম্বন্ধে আওকাণ কৰে, তেনে উন্নয়নে জীৱৰ ধাৰাবাহিকতা টিকাই ৰখাৰ বাবে প্রয়োজনীয় পৰিৱেশ বিনষ্ট কৰে। গতিকে আমাৰ প্ৰয়োজন হ’ল বহনক্ষম উন্নয়ন, যি উন্নয়নে অতি কম পক্ষেও বর্তমান প্রজন্মই উপভোগ কৰা জীৱন ধাৰণৰ মানৰ স্তৰৰ সমানে গড় পৰ্যায়ত ভৱিষ্যতৰ সকলো প্ৰজন্মক জীৱন ধাৰণৰ সম্ভাৱনীয় মান লাভ কৰাৰ কথা বিবেচনা কৰে। জাতি সংঘৰ পৰিৱেশ আৰু উন্নয়ন সম্পৰ্কীয় সন্মিলন (United Nations Conference on Environment and Development, UNCED)-এ বহনক্ষম উন্নয়নৰ ধাৰণাটোত গুৰুত্ব আৰোপ কৰিছে। UNCED-ৰ সংজ্ঞা মতে— যি উন্নয়নে ভৱিষ্যত প্রজন্ম সমূহৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাৰ সামৰ্থ্যৰ ক্ষেত্ৰত আপোচ নকৰাকৈ বর্তমান প্রজন্মৰ নিজ নিজ প্রয়োজনীয়তা পূৰণ কৰে সেয়াই বহনক্ষম উন্নয়ন। (“Development that meets the need of present genera tion without compromising the ability of the future generations to meet their own needs").
এই সংজ্ঞাটোৰ ‘প্ৰয়োজনীয়তা’ শব্দটো আৰু ‘ভৱিষ্যত প্রজন্মসমূহ’ বাক্যাংশ অতি লক্ষণীয়। সংজ্ঞাটোত ‘প্রয়োজনীয়তা’ৰ ধাৰণাটোৰ ব্যৱহাৰ সম্পদৰ বিতৰণৰ সৈতে জড়িত কৰা হৈছে। “সকলোৰে মৌলিক প্রয়োজনীয়তা সমূহ পূৰণ কৰা আৰু উন্নততৰ জীৱনৰ বাবে তেওঁলোকৰ আকাংক্ষাসমূহ পূৰণ কৰাৰ সুযোগ প্ৰসাৰিত কৰা” টোকে উল্লিখিত সংজ্ঞাটোত বহনক্ষম উন্নয়ন হিচাপে ব্যাখ্যা কৰাৰ মূলতে হ’ল আমাৰ উমৈহতীয়া ভৱিষ্যত (Our Common Future) শীর্ষক মৌলিক প্রতিবেদনখন। সকলোৰে প্ৰয়োজন পূৰাবৰ বাবে সম্পদৰ পুনৰ বিতৰণৰ আৱশ্যক আৰু সেয়েহে ই এক নৈতিক বিষয়। এড্ৱাৰ্ড বাৰ্বিয়েৰ (Edward Barbier)ৰ সংজ্ঞামতে তৃণমূল পৰ্যায়ৰ দুখীয়া লোকৰ জীৱন ধাৰণৰ বস্তুগত মান বৃদ্ধিত প্রত্যক্ষভাৱে জড়িত উন্নয়নেই বহনক্ষম উন্নয়ন। আয়, প্রকৃত আয়, শৈক্ষিক সেৱাসমূহ, স্বাস্থ্যৰ যতন, অনাময় ব্যৱস্থা, পানীযোগান ইত্যাদিৰ বৃদ্ধিৰে ইয়াক সাংখ্যিক ৰূপত পৰিমাপ কৰিব পাৰি। অধিক নির্দিষ্টকৈ ক’বলৈ হ'লে জীৱন ধাৰণৰ দীৰ্ঘস্থায়ী আৰু সুনিশ্চিত অৱলম্বনৰ জৰিয়তে পৰম দৰিদ্ৰতা হ্রাস কৰাটোৱে বহনক্ষম উন্নয়নৰ উদ্দেশ্য। এনে অৱলম্বনসমূহে আকৌ সম্পদৰ অৱক্ষয়, পৰিৱেশৰ অৱনমন, সাংস্কৃতিক বিশৃংঙ্খলতা আৰু সামাজিক অস্থিৰতা হ্রাস কৰে। এই অৰ্থত বহনক্ষম উন্নয়ন হৈছে এনে উন্নয়ন যিয়ে সকলোৰে, বিশেষকৈ সংখ্যাগৰিষ্ঠ দুখীয়া লোকৰ সংস্থান, খাদ্য, শক্তি, পানী, বাসস্থানৰ প্ৰয়োজনীয়তা পূৰণ কৰে আৰু এই প্ৰয়োজনসমূহ পূৰণৰ বাবে কৃষি, নিৰ্মাণ (manufacturing), শক্তি আৰু সেৱাৰ বিকাশ নিশ্চিত কৰে।
ব্রুণ্ডল্যাণ্ড আয়োগে (Brundtland Com mission)-এ ভৱিষ্যত প্রজন্মৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভৱিষ্যত প্রজন্মলৈ ভূ গ্ৰহটো সু-প্ৰকাৰত হস্তান্তৰ কৰাৰ আমাৰ নৈতিক দায়িত্ব থকাটোত গুৰুত্ব আৰোপ কৰি পৰিৱেশবিদ সকলে আগবঢ়োৱা যুক্তিৰ লগত ইয়াৰ মিল আছে। অর্থাৎ বর্তমান প্রজন্মই ভবিষ্যত প্রজন্মলৈ এক উন্নততৰ পৰিৱেশ এৰি যাব লাগিব। ভৱিষ্যত প্ৰজন্মৰ বাবে আমি অন্ততঃ এনে এক “জীৱনৰ মানবিশিষ্ট” (Quality of life)-ৰ ভাণ্ডাৰ এৰি যাব লাগিব— যিটো আমি উত্তৰাধিকাৰী সূত্রে জ পোৱাতকৈ কোনোগুণে কম নহয়।
বর্তমান প্রজন্মই উন্নয়ন প্ৰক্ৰিয়া এনে ধৰণে আগবঢ়াই নিব লাগিব যাতে ই প্ৰাকৃতিক আৰু নির্মিত পৰিবেশক কিছুমান নির্দিষ্ট বিষয়ৰ লগত খাপ খুৱাব পৰাকৈ উন্নত কৰে। এই বিষয়সমূহ হ'ল—
(i) প্রাকৃতিক পৰিসম্পদৰ সংৰক্ষণ (ii) বিশ্বৰ প্রাকৃতিক পাৰিস্থিতিক তন্ত্ৰৰ পুনৰ সৃষ্টিৰ ক্ষমতাক সুৰক্ষা প্রদান (iii) ভৱিষ্যত প্রজন্ম সমূহৰ ওপৰত বৰ্ধিত ব্যয় বা শংকাৰ বোজা বৰ্জন।
এগৰাকী আগশাৰীৰ পৰিৱেশ অর্থনীতিবিদ হাৰমান দ্যালে (Herman Daly)ৰ মতে বহনক্ষম উন্নয়ন সাধিবলৈ হ'লে তলত উল্লেখ কৰা ব্যৱস্থাসমূহৰ প্ৰয়োজন— (i) পৰিৱেশৰ বহনক্ষমতা (Carrying Capacity)ৰ ভিতৰত জনসংখ্যা সীমিতকৰণ । পৰিৱেশৰ বহনক্ষমতা হৈছে জাহাজৰ অনুমোদিত বোজাৰ সীমা চিহ্নক সূচোৱা ইয়াৰ বৈধ বহনক্ষমতা নির্দেশক ৰেখাডালৰ লেখীয়া। অৰ্থনীতিৰ বাবে এই ৰেখাডালৰ অবিহনে জনসংখ্যা ৰেখাডালে পৃথিৱীৰ বহনক্ষমতাক চেৰাই যাব, যিয়ে বহনক্ষম উন্নয়নক বাধা প্রাপ্ত কৰিব, (ii) প্রযুক্তিমূলক প্রগতি নিয়োজিত আহিলা (input) ব্যয়ী হোৱাৰ পৰিৱৰ্তে নিয়োজিত আহিলা কুশলী (input efficent) হে হ'ব লাগিব, (iii) নবীকৰণযোগ্য সম্পদসমূহ বহনক্ষমতাৰ ভিত্তিত আহৰণ কৰা উচিত, অর্থাৎ আহৰণৰ হাৰ পুনৰ সৃষ্টিৰ হাৰতকৈ অধিক হ’ব নালাগে, (iv) অনবীকৰণযোগ্য সম্পদ সমূহৰ অৱক্ষয়ৰ হাৰ নবীকৰণযোগ্য বিকল্প সৃষ্টিৰ হাৰতকৈ অধিক হ’ব নালাগে, (v) প্ৰদূষণৰ উদ্ভৱ হোৱা অদক্ষতা সমূহ শুধৰাব লাগিব।
Type Janmoni Hazarika