4.5 দৰিদ্ৰতাৰ কাৰণসমূহ কি ? (What Causes Poverty) :

        দুখীয়া লোকৰ গাইগুটীয়া পৰিস্থিতি আৰু বিশিষ্ট, এই দুটাৰ এটা নাইবা দুয়োটাৰ ভিত্তিত দৰিদ্ৰতাৰ ব্য়াখ্য়া কৰা হয়। ইয়াৰ কিছুমান উদাহৰণ হল-- (1) নিম্ন স্তৰৰ শিক্ষা আৰু পাৰদৰ্শিতা (2) দুৰ্বলতা, স্বাস্থ্য়হীনতা আৰু ৰোগগ্ৰস্ততা (3) বৈষম্য় ইত্য়াদি। এইবোৰৰ কাৰণ হল-- (1) সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অসমতা (3) সামাজিক নিলগীকৰণ (Social Exclusion) (4) সামাজিক নিয়োগহীনতা (5) ঋণগ্ৰস্ততা (6) আয় আৰু সম্পদ বিতৰণৰ অসমতা। মুঠ বা সামগ্ৰিক দৰিদ্ৰতা (Aggregate poverty) হৈছে গাইগুটীয়া দৰিদ্ৰতাৰ যোগফল। সাধাৰণভাৱে অৰ্থব্য়ৱস্থা ব্য়াপি থকা বিভিন্ন সমস্য়া, যেনে-- (1) নিম্ন মূলধন গঠন (2) প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ (3) চাহিদাৰ অভাৱ (4) জনসংখ্য়াৰ হেঁচা (5) সামাজিক কল্য়াণমূলক ব্য়ৱস্থাৰ (nets) সীমাবদ্ধতা ইত্য়াদিৰ দ্ধাৰাও দৰিদ্ৰতাৰ বিশ্লেষণ কৰা হয়।

    প্ৰথম অধ্য়ায়ত তোমালোকে ভাৰতবৰ্ষত ইংৰাজ শাসনৰ বিষয়ে পঢ়ি আহিছা। যদিও বা ভাৰতীয় জীৱন ধাৰণৰ মানৰ ওপৰত ইংৰাজ শাসনৰ চূড়ান্ত প্ৰভাৱৰ বিষয়টো এতিয়াও বিতৰ্কিত হৈ আছে, কিন্তু এি বিষয়ত কোনো সন্দেহ নাই যে ভাৰতীয় অৰ্থব্য়ৱস্থা আৰু জনসাধাৰণৰ জীৱন ধাৰমৰ মানৰ ওপৰত ইয়াৰ যথেষ্ট নেতিবাচক প্ৰভাৱ আছিল। ইংৰাজ শাসনৰ অধীনত ভাৰতবৰ্ষত যথেষ্ট পৰিমাণে নিঃ উদ্য়োগীকৰণ (Deindustrialisation) ঘটিছিল। ইংলেণ্ডৰ লাংকাশ্বায়াৰ (Lancashire) ৰ পৰা উদ্য়োগত উৎপাদিত কপাহী কাপোৰৰ আমদানিয়ে স্থানীয় বহুতো উৎপাদক উচ্ছেদ কৰিছিল াৰু ভাৰতবৰ্ষ বস্ত্ৰ ৰপ্তানিৰ পৰিৱৰ্তে কপাহী সূতা ৰপ্তানিকাৰী দেশৰ পৰ্যায়লৈ পৰ্যবসিত হৈছিল। 

    ইংৰাজ ৰাজত্বৰ সমগ্ৰ কাল ছোৱাত 70 শতাংশৰো অধিক ভাৰতীয় লোক কৃষি খণ্ডত নিয়োজিত হৈ আছিল বাবে এই খণ্ডত পৰা প্ৰভাৱে জীৱণধাৰণৰ মানৰ ওপৰত অইন সকলোতকৈ অধিক প্ৰভাৱ পেলাইছিল। ইংৰাজৰ নীতিসমূহত অন্তৰ্ভুক্ত খৰতকীয়া গতিৰ উচ্চ হাৰত গ্ৰাম্য়কৰ আৰোপনৰ ব্য়ৱস্থাই মহাজন আৰু ঋণদাতাসকলক বৃহৎ ভূমিপতি হোৱাত সহায় কৰিছিল। ইংৰাজৰ অধীনত ভাৰতবৰ্ষই খাদ্য়শস্য় ৰপ্তানি কৰিবলৈ আৰম্ব কৰিছিল আৰু ফলস্বৰূপে 1875 আৰু 1900 চনৰ ভিতৰত 26 নিযুত লোকে দুৰ্ভিক্ষত মৃত্য়ু বৰণ কৰিবলগীয়া হৈছিল।

    ব্ৰিটিছ ৰাজত্ব প্ৰধান লক্ষ্য় আছিল ইংলণ্ডৰ ৰপ্তানিৰ বাবে বজাৰৰ সুবিধা প্ৰদান কৰা, ইংলণ্ডলৈ ভাৰতবৰ্ষক ঋণ পৰিষোধ আৰু ইংৰাজৰ সাম্ৰাজ্য়বাদী সেনাদলৰ বাবে ভাৰতবৰ্ষৰ পৰা মানৱ শক্তি সৰবৰাহৰ ব্য়ৱস্থা কৰা।

    ইংৰাজ ৰাজত্বই ভাৰতবৰ্ষৰ কেবা নিযুত লোকক দাৰিদ্ৰ্য়ৰ কবলত পেলাইছিল। আমাৰ প্ৰাকৃতিক সম্পদসমূহ লুট কৰি নিয়া হৈছিল, আমাৰ উদ্য়ােগসমূহ ইংৰাজসকলৰ বাবে সুলভ মূল্য়তে সামগ্ৰী উৎপাদনৰ কাম কৰিবলৈ বাধ্য় কৰোৱা হৈছিল আৰু আমাৰ খাদ্য় শস্য়বোৰ ৰপ্তানি কৰা হৈছিল। দুৰ্ভিক্ষ আৰু ক্ষুধাত বহু মানুহৰ মৃত্য়ু হৈছিল। 1857-58 চনত বহু সংখ্য়ক স্থানীয় নেতাক ক্ষমতাচ্য়ুতকৰণ, কৃষকসকলৰ ওপৰত অতিমাত্ৰা উচ্চ হাৰত কৰ আৰোপকৰণ আৰু অন্য়ান্য় অসন্তুষ্টিৰ বাবে ইংৰাজৰ আদেশাধীন ভাৰতীয় সেনাবাহিনীৰ চিপাহীসকলে ইংৰাজ শাসনৰ বিৰুিদ্ধে বিদ্ৰোহ কৰিছিল।

    আনকি আজিও গ্ৰামাঞ্চলৰ জনসাধাৰণৰ জীৱিকাৰ প্ৰধান উপায় হৈছে কৃষি আৰু ভূমিয়ে হৈছে এওঁলোকৰ প্ৰাথমিক পৰিসম্পদ; ভূমিৰ স্বত্বাধিকাৰ হৈছে ভৌতিক কল্য়াণৰ এক নিৰ্ধাৰক আৰু যিসকলৰ কিছু পৰিমাণে নিজা ভূমি আছে, তেওঁলোকৰ জীৱন ধাৰণৰ অৱস্থাৰ উন্নতকৰণৰ বাবে সুবিধা অধিক।

    স্বাধীনতাৰ সময়ৰ পৰাই দেশৰ চৰকাৰে ভূমিৰ পুনৰাবিতৰমৰ বাবে প্ৰচেষ্টা চলাইছে আৰু বৃহৎ ভূমিপতিৰসকলৰ পৰা ভূমি অধিগ্ৰহণ কৰি এইবোৰ ভূমিহীন কিন্তু কৃষিভূমিত কাম কৰা দিন মজুৰসকলৰ মাজত বিতৰণৰ ব্য়ৱস্থা কৰিছে। অৱশ্য়ে এই ব্য়ৱস্থাই সীমিত পৰিসৰতহে সফলতা লাভ কৰিছে। বৃহৎ অংশৰ কৃষি শ্ৰমিকে তেওঁলোকে লাভ কৰা ক্ষুদ্ৰ ভূমি খণ্ডত কৃষি কাৰ্য কৰিবলৈ সক্ষম হোৱা নাই। কিয়নো কৃষি ভূমিৰ উৎপাদনশীলতা বৃদ্ধি কৰিব পৰাকৈ তেওঁলোকৰ চকা-পইচা (পৰিসম্পদ) আৰু পাৰদৰ্শিকতা অভাৱ। তদুপৰি এই ভূমিখণ্ডসমূ আকাৰত যথেষ্ট সৰু বাবে ইবিলাকত সফল কৃষি কাৰ্য ৰূপায়ণ অসাধ্য়।

    ভাৰতবৰ্ষৰ গ্ৰামীণ দুখীয়া লোকসকলৰ এক বৃহৎ অংশই ক্ষুদ্ৰ কৃষক। তেওঁলোকৰ কৃষি ভূমিবোৰ সাধাৰণতে কম উৰ্বৰ াৰু বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে জীৱন ধাৰণৰ বাবে উৎপাদিত শস্য় আৰু মাজে-সময়ে কিছু পশুধনৰ ওপৰত নিৰ্ভৰ কৰে। দ্ৰুতহাৰত জনসংখ্য়া বৃদ্ধি আৰু কৰ্ম সংস্থানৰ বিকল্প উৎসৰ অভাৱত জনমূৰি কৃষি ভূমিৰ পৰিমাণ ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে আৰু ফলস্বৰূপে কৃষি ভূমি ক্ষুদ্ৰ ক্ষুদ্ৰ খণ্ডত বিভাজিত হৈছে। এই ক্ষুদ্ৰ কৃষি ভূমিখণ্ডবোৰৰ পৰা হোৱা আয় পৰিয়ালৰ নিম্নতম প্ৰয়োজনসমূহ পূৰণ কৰিব পৰাকৈ যথেষ্ট নহয়।

    কৃষি আৰু অন্য়ান্য় ঘৰুৱা প্ৰয়োজনৰ বাবে ঋণ লৈ পিছত খৰাং বতৰ আৰু অন্য়ান্য় প্ৰাকৃতিক দুৰ্যোগৰ বাবে কৃষিখণ্ডৰ উৎপাদন ব্য়ৰ্থ হোৱাৰ ফলত সময় মতে ঋণ পৰিশোধ কৰিব বহুতো কৃষকে আত্মহত্য়া কৰাৰ কথা তোমালোকে নিশ্চয় শুনিছা। (কক্ষ 4.3 দ্ৰষ্টব্য়)।

    অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলে লগৰ আৰু গ্ৰামীণ অৰ্থ ব্য়ৱস্থাৰ বিভিন্ন খণ্ডত ওলোৱা নিয়োগৰ সুবিধা গ্ৰহণ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই। কাৰণ এইবোৰৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু পাৰদৰ্শিকতা তেওঁলোকৰ নাই।

    ভাৰতবৰ্ষৰ নগৰীয়া দুখীয়াসকল হৈছে মূলতঃ গ্ৰাম্য় দুখীয়াৰ অধিক্য়ই সৃষ্টি কৰা উদ্ধৃত্ত লোকৰ বহিঃ প্ৰবাহৰ ফল। গ্ৰামাঞ্চলৰ এই অতিৰিক্ত লোকসকলে নিয়োগ আৰু জীৱিকাৰ উপায়ৰ সন্ধানত নগৰ অঞ্চললৈ প্ৰব্ৰজন কৰে। কিন্তু নগৰৰ ঔদ্য়োগীকৰণ প্ৰক্ৰিয়াই এই আটাইবোৰ লোককে সংস্থান দিব পৰা নাই। গতিকে নগৰীয়া দুখীয়াসকলৰ সৰহ সংখ্য়কেই হয় নিবনুৱা নৈমিত্তিক শ্ৰমিক (Casual Labourer) হিচাপে অনিময়ীভাৱে নিয়োজিত। এই অনিয়মীয়া নৈমিত্তিক শ্ৰমিকসকল সমাজৰ আটাইকে দুৰ্বল অংশৰ ভিতৰত পৰে। কাৰণ তেওঁলোকৰ কামৰ নিৰাপত্তা নাই, নিজস্ব কোনো পৰিসম্পদ নাই, পাৰদৰ্শিকতাও সীমিত, সুযোগ সুবিধাও তাকৰ আৰু দৈনন্দিন জীৱন চলাই নিব পৰাকৈ এওঁলোকৰ কোনো উদ্ধৃত্তও নাই।

    সেইবাবে কব পাৰি যে নিয়োগ আৰু কৰ্মসংস্থান ব্য়ৱস্থাৰ প্ৰকৃতিৰ লগত দৰিদ্ৰতাৰ ঘনিষ্ঠ সম্পৰ্ক আছে। গাওঁ আৰু নগৰ এলেকা উভয়তে নিয়োগহীনতা নাইবা অৰ্ধনিয়োগ (under employment) তথা কামৰ নৈমিত্তিক আৰু অনিয়মীয়া প্ৰকৃতিয়ে দুখীয়াসকলক ঋণগ্ৰস্ততাত নিমজ্জিত কৰায়; আৰু ই পুনৰাই দৰিদ্ৰতাৰ সমস্য়া প্ৰবল কৰে। ঋমগ্ৰস্ততা হৈছে দৰিদ্ৰতাৰ গুৰুত্বপূৰ্ণ কাৰণসমূহৰ অন্য়তম। 

    বিলাসী সামগ্ৰীৰ দামৰ তুলনাত খাদ্য়-শস্য় আৰু অত্য়াৱশ্য়কীয় সামগ্ৰীৰ ক্ষেত্ৰত হোৱা অতিশয় উচ্চ হাৰৰ দাম বৃদ্ধিয়ে নিম্ন আয়ৰ স্তৰৰ জনসাধাণৰ কষ্ট আৰু বঞ্চনাৰ মাত্ৰা বৃদ্ধি কৰে। আয় আৰু সম্পদৰ বিতৰণ অসমতাই ভাৰতবৰ্ষত দৰিদ্ৰতাৰ সমস্য়াটো অবিৰতভাৱে চলি থকাত সহায় কৰিছে।

    ওপৰত আলোচনা কৰা এই আটাইবোৰে সমাজত দুটা সুস্পষ্ট শ্ৰেণীৰ সৃষ্টি কৰিছে। ইয়াৰে এটা শ্ৰেণী হৈছে সেইসকলৰ যিসকলৰ হাতত উৎপাদনৰ উপাদানসমূহ আছে তথা যিসকলে বুজন পৰিমাণৰ আয় উপাৰ্জন কৰে। আনটো শ্ৰেণীত আছে সেইসকল যিসকলৰ বাবে নিজস্ব শ্ৰম শক্তিয়ে হৈছে জীয়াই থকাৰ একমাত্ৰ অৱলম্বন। বছৰৰ পিছত বছৰ ধৰি ভাৰতবৰ্ষত ধনী আৰু দুখীয়াৰ ব্য়ৱধান যথেষ্ট বৃদ্ধি পাইছে। ভাৰতবৰ্ষৰ বাবে দৰিদ্ৰতা হৈছে এক বহুমাত্ৰিক প্ৰত্য়াহ্বান আৰু ইয়াক সমাধান কৰাৰ বাবে যুদ্ধকালিন  তৎপৰতাৰে পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন হৈছে।

Type- Janmoni Hazarika 




Post ID : DABP004478