ভাৰতবৰ্ষত নগৰৰ উৎপত্তিঃ

    প্ৰাক ঐতিহাসিককালৰ পৰাই ভাৰতত নগৰৰ বিকাশ সম্পৰ্কে তথ্য পোৱা যায়। সিন্ধু উপত্যকাৰ সভ্যতাত হৰপ্পা আৰু মহেঞ্জদাৰো নামেৰে দুখন প্ৰাচীন নগৰত ভগ্নাৱশেষ আৱিষ্কাৰ কৰা হৈছে। তাত উল্লেখ কৰা তিনিওটা যুগতেই নগৰৰ উত্থান হোৱা দেখা গৈছে। খ্ৰীষ্টিয় ওঠৰ শতিকাৰ বৃটিছসকলৰ আগমনৰ সময়লৈকে নগৰবোৰৰ উত্থান - পতন হৈ আছিল। বিভিন্ন যুগত হোৱা উত্থানৰ ভিত্তিত ভাৰতৰ নগৰসমূহক তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি -

    ১/ পৌৰাণিক নগৰ 

    ২/ মধ্যযুগীয়া নগৰ আৰু 

    ৩/ আধুনিক নগৰ

    ভাৰতবৰ্ষত কেইবাখনো নগৰ প্ৰায় ২০০০ বছৰৰ পুৰণি। ইয়াৰ অধিকসংখ্যক নগৰ ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰকাৰ্ষৰ ভিত্তিত গঢ়ি উঠিছিল। বাৰানসী, প্ৰয়াগ, পাটলিপুত্ৰ, মাদুৰাই, পুৰী আদি ইয়াৰ উদাহৰণ।

    মধ্যগীয় চহৰঃ

    বৰ্তমান ভাৰতবৰ্ষত থকা প্ৰায় ১০০ খনমান চহৰ মধ্যাযুগত গঢ়ি উঠিছিল। ইয়াৰ অদিকসংখ্যকেই ৰাষ্ট্ৰীয় ৰাজধানী হিচাপে গঢ়ি উঠিছিল। এইবোৰ আচিল দুৰ্গ - চহৰ পুৰণি ধ্বংসপ্ৰাপ্ত দুৰ্গবোৰ ধ্বংসাৱশেষৰ ওপৰত এই চহৰবোৰ গঢ়ি উঠিছিল। দিল্লী, হায়দৰাবাদ, জয়পুৰ, লক্ষ্নৌ, আগ্ৰা আৰু নাগপুৰ ইয়াৰ উদাহৰণ।

    আধুনিক চহৰঃ

    বৃটিছ আৰু ইউৰোপীয় লোকসকলে ভাৰতত কেইবাখনো চহৰ গঢ়ি উঠাত অৰিহণা যোগাইচিল। ভাৰতত পদাৰ্পন কৰিয়েই তেওঁলোকে খোপনি পোতাৰ উদ্দেশ্যেৰে উপকূলীয় অঞ্চলত কেইখনমান ব্যৱসায়িক আৰু প্ৰশাসনিক বন্দৰ - চহৰ স্থাপন কৰিছিল। চুৰাট, গোৱা, পণ্ডিচেৰী, দমন আদি ইয়াৰ উদাহৰণ। পৰৱৰ্তীকালত বৃটিছৰ ঔপনিৱেশিক ব্যৱস্থাপনাই বোম্বাই, মাদ্ৰাজ, আৰু কলিকতা এই তিনিওটা মূখ্য সংগমস্থললৈ আধিপত্য বিস্তাৰ কৰি তেওঁলোকৰ নিজাধৰণে চৰহকেইখন গঢ়ি তুলিছিল। অতি কম সময়ৰ ভিতৰতেই বৃটিছসকলে ভাৰতৰ সৰু সৰু ৰাজ্যবোৰৰ উপৰিও পাৰ্বত্য স্বাস্থ্যনিবাস, গ্ৰীষ্মকালীন অৱসৰ বিনোদনৰ বাবে উচ্চ স্থানত প্ৰশাসনীয় কেন্দ্ৰবোৰ স্থাপন কৰিছিল। লগে লগে অসামৰিক শাসন আৰু সামৰিক শাসনৰ প্ৰতিষ্ঠা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল। ১৮৫০ চনৰ পিছত আধুনিক শিল্প নগৰ গঢ়ি উঠিছিল। ইয়াৰ উদাহৰণ হল জামছেদপুৰ।

    স্বৰাজোত্তকালত ভাৰতবৰ্ষত কেইবাখনো চহৰ গঢ়ি উঠে। এই চহৰবোৰ মূখ্যতঃ ৰাজ্যৰ ৰাজধানী বা প্ৰশাসনিক নগৰ হিচাপে গঢ়ি উঠে। চণ্ডীগড়, ভুবনেশ্বৰ, গান্ধীনগৰ, দিছপুৰ, ইত্যাদি, শিল্পকেন্দ্ৰিক নগৰ যেনে ভিলাই, দুৰ্গাপুৰ, সিন্ধ্ৰি - বাৰাউনী ইত্যাদি। পুৰণি বৃহৎ নগৰসমূহৰ আশে - পাশে কিছুমান উপগ্ৰহ নগৰীও গঢ়ি উঠে। উদাহৰণস্বৰূপে দিল্লীৰ আশে - পাশে গঢ়ি উঠা গাজিয়াবাদ, ৰহটক, গুৰগাঁও আদিৰ নাম উল্লেখযোগ্য। গ্ৰামাঞ্চলৰ ঠাই বিশেষে সঞ্চয় বঢ়াৰ লগে লগে কিছুমান সৰু সৰু চহৰ গঢ়ি উটে।

    ভাৰতৰ নগৰীকৰণঃ

    নগৰীকৰণৰ স্তৰ বুলিলে কোনো এটা অঞ্চলৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক নগৰত বাস কৰে তাৰেই আভাস দিয়ে। ২০০১ চনত ভাৰতৰ নগৰীয়া জনসংখ্যা আছিল ২৮ শতাংশ। বিশ্বৰ উন্নত দেশসমূহৰ তুলনাত এয়া যথেষ্ট নিম্নখাপৰ। কুৰি শতিকাত নগৰীয়া জনসংখ্যআ প্ৰায় এগাৰগুণ বৃদ্ধি হৈছে। নগৰবোৰৰ আকাৰ বাঢ়িছে আৰু আন নতুন ঠাইত বিভিন্ন প্ৰাকৰ্যৰে নতুন নগৰ গঢ়ি উঠিছে আৰু দেশৰ নগৰীকৰণৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে। বিগত দুটা দশকত নগৰীকৰণ লেহেমীয়া হৈছে।

Type - Boby Bora




Post ID : DABP004750