উদ্যোগৰ স্থান নিৰ্ণয়ঃ

    ভাৰতবৰ্ষৰ পূব আৰু দক্ষিণাংশত, লো আৰু তীখা উদ্যোগৰ স্থান থকাৰ কাৰণটোৰ বিষয়ে তোমালোকে কিবা অনুমান কৰিব পাৰানে। উত্তৰপ্ৰদেশ, হাৰিয়ানা, পঞ্জাব, ৰাজস্থান, আৰু গুজৰাট কিয় লো আৰু তীখা উদ্যোগ থকা দেখা নাই।

    কেতবোৰ কাৰকৰ দ্বাৰা উদ্যোগৰ স্থান নিৰ্ণয় হয়। যেনে- কেঁচাসামগ্ৰী থকা সুবিধা, শক্তি, বজাৰ, মূলধন, যাতায়াতৰ বন্দৱস্ত থকা আৰু শ্ৰমিক ইত্যাদি। আপেক্ষিকাৱে এই কাৰকবোৰৰ তাৎপৰ্য সময় আৰু স্থান সাপেক্ষে সালসলনি হৈ থকে। উদ্যোগৰ ধৰণ কেঁচা সামগ্ৰীৰ মাজত নিবিড় সম্পৰ্ক আছে। 

    মিতব্যয়ী তেতিয়াহে হব, যেতিয়া উৎপাদনৰ খৰচ আৰু নিৰ্মাণকাৰ্যৰ সামগ্ৰী উপভোক্তৰ ওচৰ পাঁওতে হোৱা খৰচ অতিকৈ কম হোৱা স্থান নিৰ্ণয় কৰিব পৰা যাব। কেঁচামাল আৰু উৎপাদনৰ দ্বাৰা প্ৰস্তত হোৱা সামগ্ৰীবোৰৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি পৰিবহণ খৰচবোৰ নিৰ্ধাৰণ কৰিব পাৰি। নিৰ্মাণ শিল্পসমূহৰ স্থান নিৰ্ণয় কৰাত প্ৰভাৱ বিস্তাৰ কৰা কাৰক কেইটামানৰ বিষয়ে তলত চমুকৈ বৰ্ণনা কৰাহলঃ

    কেঁচামালঃ

    সাধাৰণতে কেঁচামাল পোৱা অঞ্চলবোৰত এনে উদ্যোগ গঢ়ি উঠে। এইবোৰ শিল্প ওজনত হ্ৰাস পোৱা কেঁচামাল ব্যৱহাৰ কৰে। তোমালোকে জানানে, ভাৰতৰ চেনিকলবোৰ কিয়, কুঁহিয়াৰ উৎপাদন কৰা অঞ্চলবোৰৰ আশে - পাশে অৱস্থিত। একেসদৃশ, কাগজৰ মণ্ড উদ্যোগ, তাম গলোৱা উদ্যোগ আৰু পিগ্ আইৰণৰ উদ্যোগবোৰ ত্ৰুমে কেঁচামাল অনুসৰি অঞ্চলবিশেষে স্থাপন কৰা হয়। লো আৰু তীখা উদ্যোগত ব্যৱহিত হোৱা আকৰিক লো আৰু কয়লা, উভয়ে ওজন হ্ৰাস কৰিবলগা কেঁচামাল। সেয়েহে এক নিৰ্দিষ্ট ব্যৱধান সাপেক্ষে, লো আৰু তীখা উদ্যোগবোৰ কেঁচামাল পোৱা ঠাইৰ নিকটৱতী অঞ্চলত অৱস্থিত হোৱা উচিত। এই কাৰমে বেছিসংখ্যাক লো আৰু তীখা উদ্যোগ হয়তোবা কয়লাক্ষেত্ৰৰ নিকটৱতী অঞ্চলত অৱস্থান লয়। অথবা আকৰিক লোৰ উৎস অঞ্চলৰ ওচৰত অৱস্থিত। একেধৰণৰে যিবোৰ উদ্যোগ ক্ষয়িষ্ণু কেঁচামালক আধাৰ কৰি গঢ়ি উঠে, সেইবোৰো কেঁচামৰ উৎস নিকটৱতী ঠাইত স্থাপন কৰা হয়।

   শক্তিঃ

    যিকোনো উদ্যোগৰ স্থান নিৰ্ণয় কৰোতে শক্তিৰ যোগানৰ বিষয়টোত নিশ্চিত হোৱাটো প্ৰয়োজনীয়। কাৰণ যন্ত্ৰপাতিবোৰ শক্তিৰ দ্বাৰা চালিত হয়। তথাপিতো কেতবোৰ উদ্যোগ যেনে- এলুমিনিয়াম আৰু সাংশ্লেষিক নাইট্ৰজেন নিৰ্মাণ শিল্প সমূহ শক্তিৰ উৎসৰ নিচেই কাষত স্থাপন কৰা হয়। কাৰণ এনে উদ্যোগে অধিক শক্তি গ্ৰহণ কৰে আৰু সেয়েহে বৃহৎ পৰিমাণত বৈদ্যুতিক শক্তিৰ প্ৰয়োজন থাকে।

    বজাৰঃ

    নিৰ্মাণ শিল্পৰ প্ৰস্তত সামগ্ৰীবোৰৰ ওলাই যোৱা পথৰ ব্যৱস্থা বজাৰে যোগান ধৰে। গুৰু যন্ত্ৰপাতি, যন্ত্ৰৰ সঁজুলি, গুৰু ৰাসায়নিক সামগ্ৰীবোৰ উচ্চহাৰত চাহিদা থকা অঞ্চলবোৰৰ আশে - পাশে অৱস্থিত কাৰণ এই সকলোবোৰ সামগ্ৰীৰ বাবে বজাৰৰ অতি প্ৰয়োজনীয়তা থাকে। কপাহী বয়ন উদ্যোগবোৰে ওজন হ্ৰাস নোহোৱা কেঁচামালৰ ব্যৱহাৰ কৰে আৰু সাধাৰণতে এনেবোৰ উদ্যোগ বৃহৎ নগৰকেন্দ্ৰীক হৈ থাকে, উদাহৰণস্বৰূপে মুম্বাই, আহমেদাবাদ, চুৰাট ইত্যাদি। পেট্ৰলিয়াম শোধনাগাৰবোৰো বজাৰৰ ওচৰত অৱস্থিত হোৱাটো বাঞ্জনীয়। কাৰণ খাৰুৱা তেলক পৰিবহণ কৰা সহজ আৰু ভালেমান সামগ্ৰী ইয়াৰ পৰা ব্যুৎপত্তি লাভ কৰে যিবোৰক কেঁচামাল হিচাপে লৈ আন কিছুমান উদ্যোগ গঢ়ি উঠে। কেইটামান বিশেষ উদাহৰণ হল ত্ৰুমে ডিগবৈ, বঙাইগাঁও, কয়ালি, হালিদিয়া, মথুৰা, নুনমাটি, নুমলিগড়, আৰু বাৰাউনী শোধনাগাৰ। তেল শোধনাগাৰৰ স্তান নিৰ্ণয় কৰা কাৰক হিচাপে বন্দৰবোৰেও বিশেষ ভূমিকা লয়।

    যাতায়াতঃ

    মুম্বাই, চেন্নাই, দিল্লী আৰু কলকাতা আৰু এই মহানগৰবোৰৰ আশে - পাশে কিয় উদ্যোগবোৰ ঘনীভূত হৈ আছে, তোমালোকে কেতিয়াবা বিচাৰ কৰি চাবলৈ চেষ্টা কৰিছানে। এয়া প্ৰকৃততে সত্য যে এই অঞ্চলবোৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ কেন্দ্ৰবিন্দু আছিল। পিচলৈ যেতিয়া ৰেলৱে লাইনৰ ব্যৱস্থা নিয়াৰিকৈ হবলৈ ললে তেতিয়া উদ্যোগবোৰ অন্তৱৰ্তী স্থানসমূহলৈ স্থানান্তৰ হবলৈ ধৰে। এতিয়া মুখ্য ৰেলপথৰ লগত, সকলোবোৰ মুখ্য উদ্যোগিক প্ৰকল্পৰ সংলগ্ন হৈ আছে।

    শ্ৰমিকঃ

    শ্ৰমিকৰ অবিহনে থকা কোনো উদ্যোগৰ কথা আমি বাৰু ভাবিব পাৰিমনে। উদ্যোগবোৰত কায়িক আৰু কৌশলী শ্ৰমিকৰ প্ৰয়োজন থাকে। ভাৰতবৰ্ষত দুয়োধৰণৰ শ্ৰমিক বৃহৎ সংখ্যাত অপৰ্যাপ্ত পৰিমাণে আছে, কাৰণ আমাৰ বৃহ জনসংখ্যাৰ বাবে এয়া সম্ভৱপৰ হৈছে।

    ঐতিহায়িক কাৰকঃ

    কেৱল মুম্বাই, কলকাতা আৰু চেন্নাই, উদ্যোগ কেন্দ্ৰ হিচাপে পৰিগণিত কিয় হৈছিল, এই বিষয়ে কেতিয়াবা ভাবি চাইছানে। এই কেন্দ্ৰসমূহত অতীজৰ ঔপনিবেশিকসকলৰ বিশেষ প্ৰভাৱ লক্ষণীয়ভাৱে পৰিছিল। ঔপনিবেশিক সময়ছোৱাৰ প্ৰথমাৱস্থাত, ইউৰোপিয়ান বণিক শ্ৰেণীয়ে এই কেন্দ্ৰবোৰত নিৰ্মাণকাৰ্য কৰাৰ বাবে বিশেষ প্ৰেৰণা যোগাইছিল। সেইবাবে মুৰ্চিদাবাদ, ঢাকা, ভাদহি, চুৰাট, বৰোদা কঝিকভে, কইম্বাটোৰ, মহীশূৰ আদি ঠাইবোৰত উল্লেখযোগ্য নিৰ্মাণ শিল্পকেন্দ্ৰ হিচাপে গঢ়ি উঠিল। ঔপনিবেশকালৰ পিচৰ পৰ্যায়ৰ উদ্যোগ স্তৰত, নিৰ্মাণ শিল্পৰ এই কেন্দ্ৰবোৰ খৰচকীয়াকৈ বৃদ্ধি পাইছিল। ব্ৰিটেইনত নিৰ্মাণ হোৱা সামগ্ৰীৰ প্ৰতি থকা প্ৰতিযোগিতা আৰু ঔপনিবেশিক শাসনকালৰ, বিভেদযুক্ত নীতিসমূহৰ বাবে এনে হবলৈ পাইছিল। 

    ঔপনিবেশৰ সময়ছোৱাৰ শেষৰ স্তৰত বৃটিছসকলে কিছুমান নিৰ্বাচিত অঞ্চললৈ উদ্যোগবোৰক আগুৱাই লৈ গৈছিল। দেশখনত পিচলৈ বিভিন্নধৰণৰ উদ্যোগৰে বৃহ স্থান অধিকাৰ কৰিবলৈ আৰম্ভ কৰে।

    ঔদ্যোগিক নীতিঃ

    একন গণতান্ত্ৰিক দেশ হোৱা বাবে ভাৰতবৰ্ষত একক ভাৰসাম্যতা ৰাখি অঞ্চলসমূহত অৰ্থনৈতিক বৃদ্ধি ঘটাই বিকাশ কৰাৰ উদ্দেশ্য হাতত লোৱা হয়। দেশৰ অনগ্ৰসৰ জনজাতীয় লোকৰ অধ্যুষিত অঞ্চলবোৰ বিকশিত কৰাৰ উদ্যেশ্যে ভিলাই আৰু ৰুৰকেল্লাত লো আৰু তীখা উদ্যোগ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৰ্তমান ভাৰত চৰকাৰে অনগ্ৰসৰ অঞ্চলবোৰত উদ্যোগ স্থাপন কৰাৰ বাবে যথেষ্ট উৎসাহ আৰু উদগনিমূলক ব্যৱস্থা লৈছে।

    মুখ্য উদ্যোগসমূহঃ

    যিকোনো দেশৰ বাবে লো আৰু তীখাৰ উদ্যোগক নিৰ্মাণ শিল্পৰ বিকাশৰ বাবে মূল আধাৰ বা ভেটি হিচাপে ধৰা হয়। কপাহী বয়ন উদ্যোগ, আমাৰ পৰম্পৰাগত উদ্যোগৰ ভিতৰৰে এবিধ বুলি ধৰা হয়। চেনিকল উদ্যোগবোৰ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ ওপৰত আধাৰিত এইবিধ শিল্পই আনকি বৃটিচসকল ভাৰতত থকাৰ সময়তো সমাদৰ লাভ কৰি আহিছিল। তদুপৰি বৰ্তমান যুগৰ পেট্ৰৰাসায়নিক উদ্যোগ আৰু তথ্য প্ৰযুক্তি উদ্যোগৰ বিষয়েও এই অধ্যায়টোত আলোচনা কৰা হৈছে।

    

Type - Boby Bora