লৌকিকতা নথকা শক্তিৰ উৎসমূহঃ
জীৱাশ্মৰ পৰা উৎপত্তিজাত ইন্ধনবোৰ যেনে- কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিকক গেছ আৰু পাৰমাণৱিক শক্তি আদি নিঃশেষ হবলৈ ধৰা কেঁচা পদাৰ্থ। কেৱল পূৰ্ণভব কৰিব পৰা শক্তি উৎসসমূহ যেনে- সৌৰশক্তি, বতাহ, জলবিদ্যুৎ আৰু জৈৱ উপাদানক ধাৰণক্ষম শক্তি সম্পদ বুলি বুজা যায়। এই শক্তি সম্পদ, পৃথিৱীৰ বুকুত বহু পৰিমাণে বিস্তৃত হৈ আছে আৰু লগতে এনে সম্পদবোৰে পৰিৱেশৰ প্ৰতিও নজৰ ৰাখে। প্ৰাৰম্ভিক ব্যয় সামৰি লব পাৰিলে অনুমান কৰিব পাৰি যে অলৌকিকতা থকা শক্তিসম্পদ সমূহ বহু ধাৰণক্ষমতা সম্পন্ন আৰু পৰিৱেশ বন্ধু।
সৌৰশক্তিঃ
সূৰ্য ৰশ্মিক ফটোভল্টেয়িক কোষত টুকুৰিয়াই দি শক্তিলৈ ৰূপান্তৰিত কৰি তোলাকে সৌৰশক্তি বুলি কোৱা হয়। সৌৰ শক্তিক টোকৰ মাৰিবলৈ দুটা অতি ফলদায়ক অৱলম্বন কৰা হয়। সেয়া হল ত্ৰুমে ফটোভল্টেয়িকছ আৰু সৌৰ তাপ প্ৰযুক্তিবিদ্যা অন্যান্য পূৰ্ণভব কৰি তুলিব নোৱাৰা শক্তিৰ উৎসবোৰতকৈ সৌৰতাপ প্ৰযুক্তিৰ আপেক্ষিকভাৱে বিশেষ প্ৰাধান্য থাকে। ইয়াৰ খৰচ তুলনামূলকভাৱে কম। পৰিৱেশ সুৰক্ষক আৰু নিৰ্মাণ কৰি লোৱা সহজসাধ্য। সৌৰশক্তি, কয়লা অথবা তৈলযুক্ত উদ্ভিদতকৈ ৭ শতাংশতকৈ বেছি লাভজনক আৰু পাৰমাণৱিক শক্তিককৈ ১০ শতাংশতকৈ অধিক ফলপ্ৰসূ। কিছুমান আধাৰ যেনে- হিটাৰ. শস্য শুকোৱা যন্ত্ৰ, ৰন্ধন কাৰ্যৰ সামগ্ৰীবোৰত ইয়াৰ বহুল ব্যৱহাৰ হয়। গুজৰাট আৰু ৰাজস্থানত অৰ্থাৎ ভাৰতবৰ্ষৰ পশ্চিমাঞ্চলত সৌৰ শক্তি বিকাশৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে।
বতাহ শক্তিঃ
বতাহ শক্তি সম্পূৰ্ণৰূপে প্ৰদৃষণমুক্ত আৰু নিঃশেষ হৈ নোযোৱা শক্তি উৎস। বৈ থকা বতাহৰ পৰা শক্তি উদ্ভাৱন কৰা কৌশল বৰ সৰলধৰণৰ। টাৰবাইনৰ দ্বাৰা বতাহৰ চলন্ত শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। যিবোৰ স্থায়ী বতাহৰ ধাৰা বৈ থাকে যেনে - বাণিজ্যিক বতাহ, পশ্চিমা বতাহ আৰু মৌচুমী বতাহৰ দৰে ঋতু প্ৰবাহক, শক্তিৰ উৎস হিচাপে প্ৰয়োগ কৰিব পৰা যায়। ইয়াৰ বাহিৰেও স্থানীয় বতাহ, জলবতাহ আৰু স্তলবতাহ আদিকো বৈদ্যুতিক শক্তি উৎপাদন কৰাত ব্যৱহাৰ কৰিব পাৰি।
ভাৰতবৰ্ষই ইতিমধ্যে বতাহ শক্তি, উৎপাদন কৰাত সমৰ্থৱান হৈ উঠিছে। বিশেষকৈ উপকূলীয় অঞ্চলত বিস্তৃতভাৱে ১২ খনৰো অধিক উপযুক্ত স্থন, সৰ্বমুঠ ৪৫ মেগাৱাট থকা, ২৫০টা বতাহচালিত টাৰবাইনৰ এক উচ্চাভিলাষী কৰ্মসূচী হাতত লোৱা হৈছে। শক্তি মন্ত্ৰণালয়ৰ ধাৰণা অনুযায়ী ভাৰতবৰ্ষই এক উৎসৰ জৰিয়তে ৩,০০০ মেগাৱাট বৈদ্যুতিক শক্তি উৎপাদন কৰাত সমৰ্থ হৈ পৰিব। তেল আমদানিৰ বোজা কম কৰিবলৈ ভাৰতৰ অলৌকিক শক্তি উৎসৰ মন্ত্ৰণালয়ে বতাহৰ শক্তি বিকাশ ঘটাবলৈ যত্নপৰ হৈছে। দেশত সম্ভাৱনীয়তা থকা বতাহ শক্তি ৫০,০০০ মেগাৱাটলৈ বৃদ্ধি পাইছে। তাৰ ভিতৰত এক চতুৰ্থাংশৰ উপযুক্ত ব্যৱহাৰ কৰিব পৰা যাব। ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত বতাহ শক্তিৰ উপযুক্ত বাতাৱৰণ আছে। গুজৰাটৰ কচ্ছ অঞ্চলৰ লাম্বা বতাহ শক্তিৰ প্ৰকল্পটো এছিয়া মহাদেশৰ বৃহত্তম প্ৰকল্প। আনটো বতাহ শক্তিৰ প্ৰকল্প তামিলনাডুৰ টুটিকৰিনত আছে।
জোৱাৰ আৰু ঢৌ শক্তিঃ
সামুদ্ৰিক সোঁত অসীম শক্তিৰ ভঁৰালস্বৰূপ। সোতৰ আৰু ওঠৰ শতিকাৰ আৰম্ভণিৰে পৰা অবিৰমা গতিত থকা জোৱাৰৰ ঢৌ আৰু সমুদ্ৰ সোঁতৰ পৰা বহু শক্তি সৃষ্টি কৰাবলৈ অহৰ্নিশে প্ৰচেষ্টা চলাই থকা হৈছে।
ভাৰতবৰ্ষত পশ্চিম উপকূলীয় অঞ্চলত বৃহৎ জোৱাৰ ঢৌ থকা পৰিলক্ষিত হয়। সেয়েহে ভাৰতত, জোৱাৰ শক্তি বিকাশ ঘটাৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে যদিও এটিয়ালৈকে কোনোধৰণৰ তৎপৰতা দেখা পোৱা নাই।
ভূতাপীয় শক্তিঃ
পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা মেগমাবোৰ কোনো কাৰণত পৃষ্ঠভাগলৈ নিৰ্গত হলে প্ৰচণ্ড তাপৰ সৃষ্টি হয়। এই তাপ শক্তিক সফলতাৰে আহৰণ কৰি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰিব পৰা যায়। ইয়াৰ বাহিৰেও গৰম পানীৰ উঁহৰ পৰা যেতিয়া গৰম পানী। সজোৰে বাহিৰ হৈ আহে, তেতিয়া সেইখিনিৰ পৰা তাপশক্তি আহৰণ কৰিব পাৰি। ইয়াক সাধাৰণতে ভূতাপীয় শক্তি বুলিব পাৰি। এইবিধ শক্তিক বৰ্তমান যুগত এক প্ৰধান বিকল্প শক্তিৰ উৎস হিচাপে বিবেচিত হৈছে। আৰু বিকাশ ঘটাবলৈ যথাযথ চেষ্টা অব্যাহত ৰখা হৈছে। বহু যুগৰ আগৰ পৰা গৰম পানীৰ উঁহ আৰু নিজৰা আদিৰ ব্যৱহাৰ কৰাৰ বিষয়ে জানিব পৰা যায়। ভাৰতৰ হিমাচল প্ৰদেশৰ মণিকৰণত এটা ভূতাপীয় শক্তি উদ্যোগৰ আয়োগ গঠন কৰা হৈছে।
জৈৱ শক্তিঃ
জৈৱিক সামগ্ৰিৰ আধৰত ব্যুৎপত্তি লাভ কৰা শক্তিক জৈৱ শক্তি বুলিব পাৰি। কৃষিজাত অৱশিষ্ট, পৌৰ তথা উদ্যোগ আৰু অন্যান্য অৱশিষ্টবোৰক, জৈৱিক সামগ্ৰী বোলা হয়। জৈৱ শক্তিৰ অসীম সম্ভাৱনীয়তা আছে। ইয়াক বৈদ্যুতিক শক্তি, তাপ শক্তি আৰু ৰন্ধন গেছ আদিলৈ ৰূপান্তৰ কৰি লোৱা হয়। অৱশিষ্ট আৰু আবৰ্জনাবোৰৰ প্ৰত্ৰুিয়াকৰণৰ দ্বাৰা শক্তিৰ উৎপাদন কৰা হয়। উন্নয়নশীল দেশৰ গ্ৰামাঞ্চলবোৰত অৰ্থনৈতিক জীৱনধাৰাৰ উন্নতি, ইয়াৰ দ্বাৰা সম্ভৱপৰ হৈ উঠাৰ লগতে পৰিৱেশ প্ৰদূষণৰ মাত্ৰাও নিম্নগামী কৰি তুলিছে। স্বনিৰ্ভৰশীল হোৱাৰ ইন্ধন হিচাপে ব্যৱহাৰ হৈ অহা কাঠৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিছে। দিল্লীৰ ওখলা এনে এটা প্ৰকল্পৰ উদাহৰণ। যত পৌৰ াৱৰ্জনাবোৰক শক্তিলৈ ৰূপান্তৰ কৰা হৈছে।
খনিজ সম্পদৰ সংৰক্ষণঃ
ধাৰণক্ষম উন্নয়নৰ প্ৰত্যাহ্বানৰ বাবে পৰিৱেশৰ সমন্বয়ত থকা, অৰ্থনৈতিক বিকাশৰ বাবে, ঐক্যবদ্ধ অন্বেষণৰ প্ৰয়োজন। পৰম্পৰাগত পদ্ধতিৰ দ্বাৰা সম্পদৰ ব্যৱহাৰৰ ফলত, বহু পৰিমাণে আৱৰ্জনা নিৰ্গত হোৱাৰ লগতে অন্যান্য পৰিৱেশিক সমস্যাই উক দি উঠে। সেয়েহে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সম্পৰাজিত সুৰক্ষিত কৰি তোলাৰ বাবে ধাৰণক্ষম উন্নয়নৰ প্ৰতি নজৰ দিয়া হৈছে। সম্পদসমূহক সংৰক্ষণ কৰিবলৈ এক তৎকালীন প্ৰয়োজনীয়তা আহি পৰিছে। শক্তিৰ বিকল্প উৎসবোৰ হল ত্ৰুমে সৌৰশক্তি, বতাহ, সমুদ্ৰৰ ঢৌ আৰু ভূ - তাপশক্তি, যিবোৰ নিঃশেষ হৈ নাযায়। এই শক্তিবোৰক নিঃশেষ হবলৈ ধৰা সম্পদবোৰৰ ঠাই পূৰাব পৰাকৈ বিকাশ কৰা উচিত।
ধাতৱিক খনিজ পদাৰ্থৰ ক্ষেত্ৰত যদিহে এৰেহা দাতুৰ ব্যৱহাৰ কৰিব পৰা যায় তেতিয়া ধাতৱ পদাৰ্থক পুনঃব্যৱহাৰ কৰিব পাৰি। তাম, সীহ আৰু দস্তা আদিৰ নিচিনা ধাতুৰ ক্ষেত্ৰত এৰেহা বস্তৰ ব্যৱহাৰৰ বিশেষ তাৎপৰ্য থাকে। কাৰণ ভাৰতত এনে ধাতুৰ সঞ্চয় কমকৈ আছে। এৰেহা ধাতুৰ প্ৰতিভূ, অন্যান্য ধাতুৰ বিকল্প ব্যৱহাৰৰ দ্বাৰা উপভূতৰ মাত্ৰা হ্ৰাস কৰিব পৰা যায়। কৌশলগত আৰু দুৰ্লভ ধাতুৰ ৰপ্তানি হ্ৰাস কৰিব পাৰিলেও সংৰক্ষিত হৈ থকা ধাতুবোৰক দীৰ্ঘদিনলৈ ব্যৱহাৰ কৰিব পৰা যাব।
Type - Boby bora