লো আৰু তীখা উদ্যোগঃ
লো আৰু তীখা শিল্প উদ্যোগৰ উন্নয়নে ভাৰতবৰ্ষত দ্ৰুত উদ্যোগিক বিকাশৰ দুৱাৰ মোকলাই দিলে। ভাৰতৰ প্ৰায় সকলো উদ্যোগ খণ্ডই মূল বুনিয়াদৰ প্ৰয়োজনত লো আৰু তীখা উদ্যোগৰ ওপৰতে নিৰ্ভৰ কৰে।
আকৰিক লো আৰু কয়লাৰ বাহিৰেও লো আৰু তীখা শিল্পোদ্যোগত প্ৰয়োজন হোৱা অন্যান্য কেঁচামালবোৰ হল ত্ৰুমে চূণশিল, ডলমাইট, মেংগানিজ আৰু পোৰামাটি। আটাইতকৈ কেঁচা সম্পদ বেছি গধুৰ বাবে লো আৰু তীখা উদ্যোগৰ স্থানবোৰ, কেঁচামালৰ উৎসৰ ওচৰতে থাকে। ভাৰতবৰ্ষত ছত্তীশগড়, উত্তৰ উৰিষ্যা, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ পশ্চিম অংশ লগ লগালে এক অৰ্ধচন্দ্ৰাকৃতিৰ অবয়ব যেন দেখা যাব, যতঅতি উচ্চ গুণসম্পন্নতা থকা আকৰিক লো, প্ৰজ্বলন কৰা কয়লা আৰু অন্যান্য আনুষংগিকতা থকা কেঁচামালৰ প্ৰাচুৰ্য আছে।
দেশত বৃহত্তম অখণ্ড তীখা উদ্যোগ, লো আৰু তীখা উদ্যোগ আৰু আন বহুতো সৰু সুৰা তীখাৰ কলঘৰ আছে। তদুপৰি কিছুমান দ্বিতীয়ক পৰ্যায়ৰ উৎপাদক, ৰলিং কলঘৰ আৰু অন্যান্য লঘু উদ্যোগ অন্তৰ্ভুক্ত কৰিব পাৰি।
সমন্বিত সংকলিত ( পূৰ্ণাংগ ) তীখা উদ্যোগসমূহঃ
টাটা লো আৰু তীখা উদ্যোগঃ
মুম্বাই - কলকাতা ৰেল পথৰ নিকটৱৰ্তী অঞ্চলত টাট লো আৰু তীখা কেন্দ্ৰ অৱস্থিত। উৎপাদিত তীখা ৰপ্তানি কৰিব পৰাকৈ থকা কলকাতা বন্দৰ প্ৰায় ২৪০ কিলোমিটাৰ আঁতৰত আছে। সুবৰ্ণৰেখা আৰু খাৰকৈ নদীয়ে উদ্যোগ ক্ষেত্ৰলৈ পানীৰ যোগান ধৰে। নোৱামুণ্ডি আৰু বাদমম্পাহাৰৰ পৰা আকৰিক লো আহৰণ কৰা হয় আৰু ঝৰিয়া আৰু পশ্চিম বোকাৰো কয়লাক্ষেত্ৰৰ পৰা কয়লা এই উদ্যোগ অঞ্চলটোলৈ অনা হয়।
ভাৰতীয় লো আৰু তীখা কোম্পানীঃ
ভাৰত লো আৰু তীখা কোম্পানীয়ে প্ৰথম কাৰখানা হীৰাপুৰত প্ৰতিষ্ঠা কৰে আৰু পিচলৈ কুলটিত আন এটা কাৰখানা স্থাপন কৰে। ১৯৩৭ চনত ভাৰত লো আৰু তীখা কোম্পানীৰ সহযোগিতাত বেংগল তীখা নিগম গঠিত হয় আৰু বাৰ্ণপুৰত ( পশ্চিমবংগ ) আন এটা লো আৰু তীখা উৎপাদন কৰা কেন্দ্ৰ স্থাপিত হয়। ভাৰত লো আৰু তীখা কোম্পানী অধীনত থকা, এই তিনিওটা প্ৰতিষ্ঠান, দামোদৰ উপত্যকা কয়লা ক্ষেত্ৰসমূহৰ একেবাৰে ওচৰত অৱস্থিত হৈ আছে। ঝাৰখণ্ডৰ, সিংভূম অঞ্চলৰ পৰা আকৰিক লো সংগ্ৰহ কৰা হয় আৰু দামোদৰ নদীৰ উপনৈ বৰাকৰ পৰা, পানী আহৰণ কৰে। সমূহ উদ্যোগ ক্ষেত্ৰ কলকাতা - আচানচোল ৰেলৱেৰ দ্বাৰা সংযোজিত হৈ আছে। কিন্ত দুৰ্ভাগ্যবশত ভাৰত লো আৰু তীখা কোম্পানীৰ তীখা উৎপাদনৰ হাৰ ১৯৭২ - ৭৩ চনত নিম্নগামী হবলৈ ধৰে আৰু উদ্যোগসমূহ চৰকাৰৰ হাতলৈ গুচি যায়।
বিশ্বেশ্বৰায় লো আৰু তীখা উদ্যোগঃ
তৃতীয় পূৰ্ণাংগ তীখা উদ্যোগটোৰ নাম বিশ্বেশ্বৰায় লো আৰু তীখা প্ৰকল্প, যাক আৰম্ভণিতে মহীশূৰ লো আৰু তীখা নামেৰে জনাজাত আছিল, বাবাবুদল পাহাৰৰ বোমানগুন্ভি আকৰিক লো উৎপাদনকাৰী অঞ্চলৰ ওচৰত অৱস্থিত। ইয়াৰ আশে - পাশে চূণশিল আৰু মেংগানিজ অপৰ্যাপ্ত পৰিমাণত পোৱা যায়। কিন্ত এই অঞ্চলত কয়লা নাই। আৰম্ভণিৰে পৰা ১৯৫১ চনলৈকে দাঁতিকাষৰীয়া বনাঞ্চলৰ পৰা কাঠ কাটি আনি জ্বলাই লৈ, পোৰা কয়লা আহৰণ কৰি ইন্ধন হিচাপে ব্যৱহাৰ কৰি আছিল। পিছলৈ বৈদ্যুতিক ভাটি ব্যৱস্থা কৰি জগ্ জলপ্ৰপাত জলবিদ্যুৎ প্ৰকল্পৰ পৰা জলবিদ্যুৎ শক্তিৰ ব্যৱহাৰ কৰিবলৈ লয় এই উদ্যোগলৈ, ভদ্ৰাৱতী নদীৰ পৰা পানী অনা হয় আৰু প্ৰতিষ্ঠানটোৰ পৰা উৎকৃষ্ট তীখা আৰু মিশ্ৰ পদাৰ্থ উৎপাদন কৰা হয়।
স্বাধীনতাৰ পিচত দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত তিনিটা পূৰ্ণাংগ তীখা প্ৰকল্প, বিদেশী কোম্পানীৰ সহযোগিতাত, প্ৰতিষ্ঠা কৰে। উৰিষ্যাৰ ৰুৰুকেল্লা, ছত্তীশগড় ভিলাই আৰু পশ্চিমবংগৰ দুৰ্ণাপুৰ। এই তিনিওটা হিন্দুস্থান তীখালিমিটেডৰ ্ধীনত গঢ়ি উঠা ৰাজহুৱা খণ্ডৰ উদ্যোগ। ১৯৭৩ চনত Steel Authority of lndia Limited নামেৰে এটা প্ৰতিষ্ঠান গঢ় লৈ উঠে আৰু তিনিওতা উক্ত প্ৰকল্প পৰিচালনা কৰাৰ দায়িত্ব লয়।
ৰুৰকেল্লা তীখা উদ্যোগঃ
১৯৫৯ চনত উৰিষ্যাৰ সুন্দৰগড় জিলাত জাৰ্মানীৰ সহযোগিতাৰে ৰুৰকেল্লা তীখা উদ্যোগ স্থাপন কৰা হয়। কেঁচা সামগ্ৰীবোৰক ওচৰে - পাঁজৰে থকাৰ ওপৰত নিৰ্ভৰ কৰি এই উদ্যোগৰ অৱস্থান নিৰ্ণয় কৰা হয়। ফলত ওজনত হ্ৰাস পাবলগীয়া পদাৰ্থবোৰ কঢ়িওৱা খৰচ যথেষ্ট হ্ৰাস কৰিব পৰা হল। এই প্ৰকল্পটোৰ এক অন্যান্য স্থানিক প্ৰাধান্যতা আছে, যেনে- ঝাৰিয়াৰ পৰা কয়লা, সুন্দৰগড় আৰু কেণ্ডঝাৰ পৰা লোৰ আকৰ অনা হয় আৰু হীৰাকুড প্ৰকল্পৰ পৰা শক্তি, বৈদ্যুতিক ভাতীলৈ অনোৱা হয় আৰু কয়েল আৰু শংখ নদীৰ পৰা পানী আহৰণ কৰা হয়।
ভিলাই তীখা উদ্যোগঃ
ছত্তীশগড়ৰ দুৰ্গ জিলাত ৰাছিয়াৰ সহযোগিতাৰে ভিলাই তীখা উদ্যোগটোৱে প্ৰতিষ্ঠা লাভ কৰে আৰু ১৯৫৯ চনৰ পৰা উৎপাদনকাৰ্য আৰম্ভ হয়। এই উদ্যোগ প্ৰতিষ্ঠানটোলৈ ডাল্লি - ৰাজহাড়া খনিৰ পৰা আকৰিক লো আৰু কোৰ্ বা থাৰমেল শক্তি কেন্দ্ৰ পৰা বৈদ্যুতিক শক্তি আহৰণ কৰা হয়। এই উদ্যোগটো আনহাতে কলকাতা - মুম্বাই ৰেল পথৰ লগত সংলগ্ন হৈ আছে। উৎপাদিত তীখাৰ ভাণ্ডাৰবোৰ বিশাখাপট্টনমৰ হিন্দুস্থান জাহাজ নিৰ্মাণ বন্দৰলৈ নিয়া হয়।
দুৰ্গাপুৰ তীখা উদ্যোগঃ
বৃটিছ গণৰাজ্য ডৰকাৰৰ সহযোগিতাৰে পশ্চিমবংগত দুৰ্গাপুৰ তীখা উদ্যোগটোৱে প্ৰতিষ্ঠা লাভ কৰে আৰু ১৯৬২ চনৰ পৰা উৎপাদন আৰম্ভ কৰিবলৈ লয়। ৰাণিগঞ্জ আৰু ঝৰিয়া কয়লা ক্ষেত্ৰৰ ওচৰতে এই উদ্যোগস্থলী অৱস্থিত আৰু আকৰিক লো নোৱামুণ্ডিৰ পৰা সংগ্ৰহ কৰি লয়। দুৰ্গাপুৰ, কলকাতা - দিল্লী ৰেল পথৰ লগত সংযোজিত হৈ আছে। তদুপৰি দামোদৰ উপত্যকা নিগমৰ পৰা জলবিদ্যুৎ শক্তি আৰু পানী আহৰণ কৰা হয়।
বোকাৰো তীখা উদ্যোগঃ
ৰাছিয়াৰ সহযোগিতাৰে এই উদ্যোগ বোকাৰোত ১৯৬৪ চনত খণ্ডত প্ৰতিষ্ঠিত হৈ উঠিছিল। বোকাৰো ৰুৰুকেল্লাক একেলগ কৰি, পৰিবহণৰ খৰচ নিম্ন কৰা নীতি অৱলম্বন কৰি, এই উদ্যোগটো স্থাপিত হৈছিল। ৰুৰুকেল্লা অঞ্চলৰ পৰা ইয়ালৈ আকৰিক লো সৰবৰাহ কৰা হয় আৰু একেখন বাগীৰে আকৌ কয়লা কঢ়িয়াই অনা - নিয়া কৰে। আনবোৰ পদাৰ্থ, বোকাৰোলৈ প্ৰায় ৩৫০ কিলোমিটাৰমান দূৰত্বৰ ভিতৰতে সৰবৰাহ কৰা হয়। দামোদৰ উপত্যকা নিগমৰ দ্বাৰাই জলবিদ্যুৎ শক্তি আৰু পানীৰ যোগান ধৰা কাৰ্য চলি থাকে।
অন্যান্য তীখা উদ্যোগসমূহঃ
চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত হৈ গঢ়ি উঠা লো তীখা উদ্যোগসমূহ মুখ্য কেঁচাসামগ্ৰীবোৰৰ উৎসতকৈ বহু দূৰত্বত অৱস্থিত। এই তিনিওটা উদ্যোগ, দক্ষিণ ভাৰতত অৱস্থিত। অন্ধ্ৰপ্ৰদেশৰ, বিশাখাপট্টনমত থকা ভিঝাগ তীখা প্ৰকল্পটো সৰ্বপ্ৰথম বন্দৰ আধাৰিত উদ্যোগ। যাৰ ১৯৯২ চনৰ পৰাহে উৎপাদনকাৰ্য আৰম্ভ হৈ উঠিছিল। ইয়াৰ বন্দৰ অৱস্থানৰ বাবে যথেষ্ট গুৰুত্ব আছে।
কৰ্ণাটকৰ হছপেট অঞ্চলৰ বিজয়নগৰ তীখা উদ্যোগটোৱে থলুৱা প্ৰযুক্তি ব্যৱহাৰৰ দ্বাৰা বিকশিত হৈছিল। ইয়াত স্থানীয়ভাৱে পোৱা আকৰিত লো আৰু চূণশিল ব্যৱহিত হৈ আছে। তামিলনাডুৰ চালেম তীখা উদ্যোগটো ১৯৮২ চনত অনুমতি লাভ কৰি বৰ্তমান অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি উৎপাদন কাৰ্য অব্যাহত ৰাখিছে।
এই মুখ্য তীখা উদ্যোগবোৰৰ বাদেও দেশৰ বিভিন্ন প্ৰান্তত, ২০৬ টাতকৈও অধিক তীখা উদ্যোগ আছে। ইয়াৰ সৰহসংখ্যকেই এৰেহা লৌহক মুখ্য কেঁচামাল হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু প্ৰত্ৰুিয়াকৰণ কাৰ্য সাধাৰণ বৈদ্যুৎতিক ভাতীত সম্পন্ন কৰে।
Type - Boby Bora