অলৌহ জাতীয় খনিজঃ
বক্সাইটৰ বাহিৰে ভাৰতবৰ্ষত অলৌহ ধাতৱিক খনিজৰ বৰ অভাৱ থকা দেখা যায়।
বক্সাইট
বক্সাইটৰ আকৰ, এলুমিনিয়ামৰ শিল্পসমূহত ব্যৱহিত হয়। বক্সাইটবোৰ দৰাচলতে, তৃতীয়ক মহাকল্প সময়ছোৱাতে থিতাপি লোৱা অৱক্ষেপণ আৰু ই বোকা শিলৰ সৈতে জড়িত হৈ থাকে. দাক্ষিণাত্য মালভূমি অতবা পাহাৰীয়া অঞ্চলটোত আৰু দেশৰ উপকূলীয় সীমান্তৱতী ঠাইসমূহত বিস্তৃতভাৱে বক্সাইটৰ আকৰ পোৱা যায়।
উৰিষ্যাই দেশৰ ভিতৰত আটাইতকৈ বেছি বক্সাইট উৎপাদন কৰি আহিছে। কালাহাণ্ডি আৰু চম্বলপুৰ হল আগশাৰীৰ উৎপাদক আৰু আন দুটা অঞ্চলেও উৎপাদনৰ মাত্ৰা বৰ্ধিত কৰিবলৈ লৈছে। সেই ঠাই দুখন হল ত্ৰুমে বলাংগীৰ আৰু কৰাপুট। লোহাৰদাগাত থকা ঝাৰখণ্ডৰ পাদদেশীয় অঞ্চলটোত প্ৰচুৰ পৰিমাণৰ বক্সাইটৰ ভাণ্ডাৰ আছে। অন্যান্য মুখ্য উৎপাদনকাৰী অঞ্চলবোৰ হল গুজৰাট, ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ। গুজৰাট ভাৱনাগৰ আৰু জমানগৰত বহু পৰিমাণে বক্সাইটৰ আকৰ আছে। ছত্তীশগড়ৰ অমৰকণ্কক মালভূমিত বক্সাইটৰ ভাণ্ডাৰ আছে আৰু আনহাতে মধ্য়প্ৰদেশৰ কাটনি - জব্বলপুৰ অঞ্চল আৰু বালাঘাটতো যথেষ্ট পৰিমাণৰ বক্সাইটৰ আকৰ সঞ্চিত হৈ আছে। মহাৰাষ্ট্ৰৰ, কোলাৰা, থানে, ৰত্নগিৰি, ছাটাৰা, পুনে আৰু কলহাপুৰ উল্লেখযোগ্য উৎপাদক অঞ্চল। তামিলনাডু, কৰ্ণাটক আৰু গোৱাত কিছু পৰিমাণে বক্সাইটৰ উৎপাদন হয়।
তামঃ
বৈদ্যুতিক নিৰ্মাণ শিল্পসমূহৰ বাবে তাম এবিধ অপৰিহাৰ্য ধাতু, যাৰ দ্ৰাৰা তাঁৰ, বৈদ্যুতিক মটৰ, ট্ৰেন্সফৰ্মাৰ আৰু জেনেৰেটৰ আদিৰ নিৰ্মাণকাৰ্য কৰা হয়। তাম বা আন ধাতুৰ লগত মিশ্ৰ কৰিবও পাৰি, ভিন্ন ৰূপত গঢ় দিব পাৰি আৰু দৈৰ্ঘত্য বৃদ্ধি কৰিবও পাৰি। ইয়াক সোণৰ সৈতে মিশ্ৰণ কৰাই, গহনা - গাথৰিক শক্তিশালী কৰিবও পৰা যায়।
Type - Boby Bora