পাৰমাণৱিক শক্তিসম্পদসমূহঃ
বৰ্তমান পাৰমাণৱিক শক্তি, এক বিকাশক্ষম উৎস হিচাপে বিবেচিত হৈছে। আণৱিক শক্তি নিৰ্গত কৰিবলৈ ব্যৱহিত হোৱা প্ৰয়োজনীয় খনিজবোৰ হল ইউৰেনিয়াম আৰু থৰিয়াম। ধাৰুৱাৰ শিলাস্তৰত ইউৰেনিয়ামৰ অৱক্ষেপণ পোৱা যায়। ভৌগোলিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা যাব ইউৰেনিয়ামৰ আকৰ সিংবূমৰ তাম পোৱা অঞ্চলৰ আশে পাশে থকা বহুতো এলেকাত সঞ্চিত হৈ আছে। তদুপৰি ৰাজস্থানৰ উদয়পুৰ, আলৱাৰ আৰু ঝুনঝুনো জিলাতো ইউৰেনিয়াম পোৱা যায়। ছত্তীশগড়ৰ দুৰ্গ জিলা, মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলা আৰু হিমাচল প্ৰদেশৰ কুল্লো জিলাতো এনে পদাৰ্থবিধৰ আকৰ পোৱা গৈছে। থৰিয়াম প্ৰধানকৈ কেৰালা আৰু তামিলনাডু উপকূলীয় অঞ্চলৰ বালিময় অংশত থকা মোনা়াইট আৰু ইল্ মেনাইটৰ পৰা আহৰণ কৰা হয়।
ভূগোলে ৰক্ষা কৰা বুৰঞ্জীঃ
পৃথিৱীৰ ভিতৰত চহকী মোনাজাইটৰ ভাণ্ডাৰ কেৰালাৰ পালাকাড আৰু কোল্লাম জিলাত পোৱা যায়। ইয়াৰ উপৰি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ ওচৰে - পাঁজৰে আৰু উৰিষ্যাৰ মহানদীৰ বদ্বীপীয় অঞ্চলবোৰতো উৎকৃষ্ট মোনাজাইট পাব পাৰি।
১৯৪৮ চনত পাৰমাণৱিক শক্তি আয়োগে গঠন কৰা হয়। কিন্ত ১৯৫৪ চনত ট্ৰম্বেত, পাৰমাণৱিক শক্তিৰ প্ৰতিষ্ঠিত হৈ উঠাৰ পিছতহে উন্নতিৰ ধাপলৈ আগুৱাব পৰা হৈছে। এই প্ৰতিষ্ঠানকে পুনৰ নতুনকৈ ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ বুলি ১৯৬৭ চনত নামকৰণ কৰা হয়। তাৰাপুৰ (মহাৰাষ্ট্ৰৰ), নিকটৱৰ্তী হৈ থকা ৰাৱাটভাটা ( ৰাজস্থান), কালপাক্কাম তামিলনাডু), নাৰোৰা ( উত্তৰ প্ৰদেশ), কইগা ( কৰ্ণাটক), আৰু কাক্ ৰাপাৰা (গুজৰাট) আদি উল্লেখযোগ্য পাৰমাণৱিক শক্তি প্ৰকল্প।
Type - Boby bora