অধ্যায় - ১১     আন্তৰ্জাতিক বাণিজ্য

    মানৱ ভূগোলৰ মৌলিক বিষয়বস্ত নামৰ কিতাপখনত তোমালোকে ইতিমধ্যে আন্তৰ্জাতিক বাণিজ্য বিভিন্ন গঢ় - গতিৰ বিষয়ে, অধ্যয়ন কৰিবলৈ পাইছা। যিহেতু কোনো এখন দেশেই স্বাৱলম্বী নহয়, গতিকে আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰা উভয় দেশেই উপকৃত হয়, ভাৰতবৰ্ষৰ আন্তৰ্জাতিক বাণিজ্যই সম্প্ৰতি আয়তন, উপাদান অথবা দিশ সাপেক্ষে বৃহৎ পৰিবৰ্তনৰ সোঁতৰ অতিত্ৰুম কৰিব পাৰিছে। যদিও পৃথিৱীৰ বাণিজ্যৰ সৰ্বমুঠ আয়তনৰ মাজত ভাৰতৰ অৰিহণা কেৱল এক শতাংশ বুলি কব পাৰি তথাপিতো পৃথিৱীৰ অৰ্থনীতিত ইয়াৰ এক তা পৰ্যপূৰ্ণ ভূমিকা আছে।

    ভাৰতবৰ্ষৰ আন্তৰ্জাতিক বাণিজ্যৰ পৰিৱৰ্তনৰ প্ৰভাৱ পেলোৱা পদ্ধতিবোৰ পৰীক্ষা কৰি চাওঁ আহা। ১৯৫০ চনত ভাৰতৰ বহিঃবাণিজ্যৰ টকাৰ মূল্য আছিল ১,২১৪০ কোটি, যি পিছত ২০০৪ - ০৫ চনলৈ বৃদ্ধি পাই ৮,৩৭,১৩৩০ কোটি হৈছেগৈ। ১৯৫০-৫১ৰ পৰা ২০০৪ - ২০০৫ ত বৃদ্ধি পাই যোৱা শতকৰা হাৰৰ পৰিমাণটো তোমালোকে গণনা কৰিব পাৰিবানে। সমুদ্ৰ পাৰ হৈ যোৱা বাণিজ্যৰ এনে প্ৰখৰ বৃদ্ধিৰ ভালেমান কাৰণ আছে, যেনে - নিৰ্মাণশিল্প খণ্ডই আৰম্ভ কৰা গতিবেগ, চৰকাৰৰ সংস্কাৰমুক্ত নীতি আৰু ভিন্নমুখী বজাৰৰ প্ৰতিত্ৰুিয়া, ইত্যাদি।

    বিগত বছৰবোৰতকৈ ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্য পদ্ধতিৰ পৰিবৰ্তন হৈছে। যদিও আমদানি ৰপ্তানিৰ মুঠ আয়তন বৃদ্ধি পাই গৈছে আমদানিজাত সামগ্ৰিক মূল্য ৰপ্তানিতকৈ বহু বেছি। তদুপৰি বিগত কেইটামান বছৰত বাণিজ্যত নাটনিও বৰ্ধিত হৈ আছে। ভাৰতৰ আমদানিৰ তালিকাৰ মুখ্য উপাদান খাৰুৱা তেলৰ বৰ্ধিত মূল্যই ঘাটি বৰ্দ্ধি হোৱাৰ মুখ্য কাৰণ।

    ভাৰতৰ ৰপ্তানিজাত সামগ্ৰীৰ পৰিবৰ্তনৰ ধাৰাঃ

    ভাৰতবৰ্ষৰ আন্তৰ্জাতিক বাণিজ্যত বহু বছৰৰ পৰাই সামগ্ৰীবোৰৰ উপাদানবোৰ পৰিবৰ্তনশীল হৈ আছে। কৃষিজাত আৰু মিশ্ৰ দ্ৰব্যৰ অংশ ভগ্নপ্ৰায় হৈছে, আনহাতে খাৰুৱা তেল আৰু আন আন পণ্যদ্ৰব্য কিছুমানৰ অংশ বৃদ্ধি পাইছে। ১৯৯৭ - ৯৮ৰ পৰা ২০০৩ - ০৪ বছৰখিনিত আকৰিক পৰ্দাথ, খনিজ আৰু নিৰ্মাণ শিল্পৰ দ্ৰব্যৰ মান বহুখিনি ধ্ৰুৱক হৈ আছে। পেট্ৰলজাত সামগ্ৰীৰ অংশ বৃদ্ধি পোৱাৰ মুখ্য কাৰণ এনেধৰণৰ - পেট্ৰলৰ মূল্য দিনক দিনে বাঢ়ি থকা আৰু সেই অনুপাতে ভাৰতবৰ্ষত শোধনাগাৰৰ ক্ষমতাও বৃদ্ধি পোৱা।

    পৰম্পৰাগতভাৱে চলি থকা দ্ৰব্য কিছুমান আন্তৰ্জাতিক বজাৰত কছিন প্ৰতিযোগিতাৰ সন্মুখীন হবলগা হোৱা কাৰণে ভগ্নপ্ৰায় হৈছে। কৃষিজাত লৌকিক পদাৰ্থৰ ৰপ্তানি প্ৰায় নাইকিয়া হোৱা এনে কিছুমান দ্ৰব্য হল ত্ৰুমে কফি, মছলা, খাদ্য - শস্য ইত্যাদি আৰু ইয়াৰ বাহিৰে ফুলজাতীয় শস্য, তাজা ফল - মূল, সাগৰীয় সামগ্ৰী আৰু চেনি ৰপ্তানি বৃদ্ধি পাইছে।

    ২০০৩ - ০৪ চনত ভাৰতবৰ্ষৰ সৰ্বমুঠ ৰপ্তানিৰ ৭৫.৯৬ শতাংশ নিৰ্মাণশিল্প খণ্ডই দখলত ৰাখিছে। ৰপ্তানিৰ তালিকাত কাৰিকৰী সামগ্ৰীবোৰে এক তাৎপৰ্যপূৰ্ণ বৃদ্ধি দেখুৱাবলৈ সক্ষম হৈছে। চৰকাৰ সংস্কাৰমুক্ত নীতিৰ প্ৰচলন হৈ থকা সত্ত্বেও কিছু বয়ন শিল্প খণ্ডই বেছি আগবাঢ়ি যাব পৰা নাই। এইক্ষেত্ৰত চীন দেশ আৰু আন কিছুমান পূব এছীয়া দেশবোৰ আমাৰ মুখ্য প্ৰতিযোগী। ভাৰতবৰ্ষক বৈদেশিক বাণিজ্যত মণি - মুকুতা আৰু মূল্যৱান পাথৰ, গহমা - গাঠৰি আদিয়ে বৃহৎ অংশৰ অৰিহণা যোগাইছে।

    ভাৰতৰ আমদানিকৃত সামগ্ৰীৰ পৰিবৰ্ত্তনৰ ধাৰাঃ

    ১৯৫০ আৰু ১৯৬০ চনৰ সময়খিনিত ভাৰতত এক ভয়ানক খাদ্য নাটনিয়ে দেখা দিছিল। সেই সময়ত আমদানি কৰা মুখ্য উপাদানবোৰ আছিল ত্ৰুমে খাদ্য - শস্য, মূলধনযুক্ত সামগ্ৰী, যান্ত্ৰীক সামগ্ৰী আৰু সঁজুলি ইত্যাদি।

    ১৯৭০ চনৰ পিচৰ পৰা খাদ্য শস্যৰ আমদানি নাইকিয়া হল, কাৰণ ভাৰতত তেতিয়া সেইজ বিপ্লৱে যথেষ্ট সফলতা আৰ্জিব পাৰিছিল। কিন্ত ১৯৭৩ চনত শক্তিৰ নাটনি আহি পৰাৰ লগে লগে খাৰুৱা তেলৰ দাম বাঢ়ি গল আৰু আমদানিৰ বাজেটত তাৰ প্ৰতিত্ৰুিয়াৰ বাৰুকৈ পৰিবলৈ ধৰে। ত্ৰুমে সাৰ আৰু পেট্ৰলিয়ামে খাদ্য - শস্যৰ আমদানিৰ খালী ঠাইখিনি দখল কৰি ললে। যন্ত্ৰপাতি আৰু সঁজুলি, বিশেষত্বপূৰ্ণ তীখা, খাদ্যত ব্যৱহাৰ কৰা তেল আৰু ৰাসায়নিক দ্ৰব্যৰ আমদানি বৃদ্ধি পালে। ১১.৪ নং তালিকাখনৰ পৰা আমদানিৰ পৰিবৰ্তনৰ ধাৰা লক্ষ্য কৰা আৰু তাৎপৰ্য বিচাৰি চোৱা।

    পেট্ৰলিয়ামজাত সামগ্ৰীবোৰৰে আমদানি আটাইতকৈ বেছি। এনে সামগ্ৰীক কেৱল ইন্ধন হিচাপেই ব্যৱহাৰ কৰিবলৈ অনা হোৱা নাই বৰঞ্চ উদ্যোগত ব্যৱহিত হোৱা কেঁচামাল হিচাপে চাহিদা বেছি থকা দেখা যায়। উদ্যোগিক প্ৰত্ৰুিয়াৰ বৃদ্ধি ঘটা আৰু তাৰ লগে লগে জনসাধাৰণৰ জীৱন - ধাৰণৰ মানদণ্ড উন্নত হোৱাটো এইবাবে লক্ষণীয় হৈ পৰিছে। আন্তৰ্জাতিক বজাৰত বিক্ষিপ্ত মূল্য বৃদ্ধি ঘটাও আন এটা কাৰণ বুলিব পাৰি। ৰপ্তানি বৃদ্ধি ঘটাৰ পৰা ঔদ্যোগিক আৰু খাৰুৱা খণ্ডৰ সামগ্ৰীবোৰৰ বাঢ়ি অহা চাহিদাৰ বাবেও শীৰ্ষস্থানীয় সামগ্ৰীবোৰৰ আমদানি এক সুস্থিৰ গতিত বৃদ্ধি পাই আছে। অবৈদ্যুতিক যন্ত্ৰপাতি, পৰিবহণৰ সঁজুলি, ধাতুৰ নিৰ্মাণ - কৰ্তা আৰু যান্ত্ৰিক সঁজুলিবোৰেই হল মুখ্য ষীৰ্ষস্থানীয় সামগ্ৰী খাদ্যজাত তৈল সামগ্ৰীৰ আমদানি বন্ধ হোৱাৰ লগে লগে খাদ্য আৰু আন মিশ্ৰ সামগ্ৰীৰ আমদানি ভগ্নপ্ৰায় হৈ পৰে। ভাৰতে আমদানি কৰি থকা অন্যান্য গুৰুত্বপূৰ্ণ সামগ্ৰীৰ ভিতৰত মুকুতা আৰু অৰ্ধ মূল্যাৱন পাথৰ, সোণ আৰু ৰূপ, লৌহ ধাতৱীয় আকৰ আৰু এৰেহা ধাতৱ, অ-লৌহ ধাতু, আৰু ইলেকট্ৰনিক বস্তবোৰেই প্ৰধান। 

বাণিজ্যৰ দিশঃ

    ভাৰতবৰ্ষৰ বেছিভাগ দেশৰ সৈতে বাণিজ্যক সম্পৰ্ক আছে আৰু পৃথিৱীৰ মুখ্য বাণিজ্যিক কেন্দ্ৰবোৰৰ সৈতে জড়িত হৈ আছে।

    আগন্তক পাঁচটা বছৰত ভাৰতে আন্তৰ্জাতিক বাণিজ্যত দ্বিগুণ অংশ বঢ়াবলৈ লক্ষ্য স্থিৰ কৰি কাৰ্যপন্থা হাতত লৈছে। ইতিমধ্যে কিছুমান উপযুক্ত ধাৰা অৱলম্বন কৰা আৰম্ভ কৰিছে যেনে - সংস্কাৰমুক্ত আমদানি, আমদানি কাৰ্যত শুক্ল হ্ৰাস কৰা, অনুমোদনৰ আৱশ্যক নথকা কৰা আৰপু সামগ্ৰীবোৰৰ প্ৰত্ৰুিয়াৰ পৰা এদনীয়া স্বত্বলৈ নিয়া ইত্যাদি।

    ভাৰতৰ পৰা হোৱা ৰপ্তানিৰ ৪৭.৭১ শতাংশ, এছিয়া আৰু ওছেনিয়ালৈ যায় আৰু ইউৰোপলৈ ৰপ্তানি হয় ২৩.৮০ শতাংশ আৰু আমেৰিকালৈ ২০.৪২ শতাংশ ৰপ্তানি হৈ আছে। একে সদৃশ এছিয়া আৰু ওছেনিয়াৰ পৰা আটাইতকৈ বেছিকৈ আমদানি হয়, তাৰ পিচত পশ্চিম ইউৰোপ আৰু আমেৰিকা, বছৰৰ সময়খিনিত।

    যুক্তৰাষ্ট্ৰ, ভাৰতবৰ্ষৰ বাণিজ্যৰ আটাইতকৈ ডাঙৰ আৰু ভাৰতৰ ৰপ্তানিজাত সামগ্ৰীবোৰৰ বাবে অতিকৈ প্ৰয়োজনীয় লক্ষ্যস্থান। আন আন তাৎপৰ্যপূৰ্ণ দেশবোৰ হল ত্ৰুমে সংযুক্ত গণৰাজ্য, বেলজিয়াম, জাৰ্মানী, জাপান, ছুইজাৰলেণ্ড, হংকং, সংযুক্ত আৰব ইমাইৰেটছ, টীনদেশ, ছিংগাপুৰ আৰু মালয়েছীয়া।

 Type - Boby Bora