অ ধাতৱিক খনিজ পদাৰ্থঃ
ভাৰতবৰ্যত উৎপাদিত বোৱা অধাতৱিক খনিজৰ ভিতৰত, অভ্ৰ এক উল্লেখযোগ্য পদাৰ্থ। স্থানীয়ভাৱে উপভোগ কৰিবলৈ আহৰণ কৰা অন্যান্য খনিজবোৰ হল ত্ৰুমে চূণশিল, ডলমাইট, আৰু ফছফেট।
অভ্ৰঃ
বৈদ্যুতিক আৰু ইলেকট্ৰনিক নিৰ্মাণ শিল্পসমূহ, অভ্ৰ প্ৰধানকৈ ব্যৱহাৰ হৈ থাকে। ইয়াক অতি পাতল খিলাকৈ দীঘলে ফালিব পাৰি, যিবোৰ দৃঢ় আৰু নমনীয় হয়। ভাৰতবৰ্ষত অভ্ৰ উৎপাদন হোৱা অঞ্চলবোৰ হল ত্ৰুমে ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থান আৰু তাৰ পিছতে তামিলনাডু, পশ্চিমবংগ আৰু মধ্যপ্ৰদেশ ঝাৰখণ্ডত প্ৰায় ১৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু প্ৰায় ২২ কিলোমিটাৰ প্ৰস্থভাৱে বিস্তৃত হৈ থকা এলেকাৰ পৰা উৎকৃষ্ট গুণসম্পন্ন অভ্ৰ আহৰণ কৰা হয়। অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাতো উৎকৃষ্টমানৰ অভ্ৰ উৎপাদন হয়। ৰাজস্থানত অভ্ৰ উৎপাদিত অঞ্চলটো জয়পুৰৰ পৰা ভিলৱাৰালৈ প্ৰায় ৩২০ কিলোমিটাৰ ঠাইত বিস্তৃত হৈ আছে। অভ্ৰৰ অৱক্ষেপ থকা আন অঞ্চলবোৰ হল ত্ৰুমে কৰ্ণাটকৰ মহীশূৰ আৰু হাছান জিলা, তামিলনাডুৰ - কইমবাটোৰ, তিৰুচিৰাপল্লী, মাডুৰাই আৰু কন্যাকুমাৰী, কেৰালাৰ - আলোপ্পি, মহাৰাষ্ট্ৰৰ ৰত্নগিৰি আৰু পশ্চিমবংগৰ পুৰুলিয়া আৰু বাংকুৰা ইত্যাদি।
Type - Boby Bora