শক্তি সম্পদসমূহঃ
কৃষি, উদ্যোগ আৰু যাতায়াত - পৰিবহণ আদিত ব্যৱহিত হোৱা বিদ্যুৎ শক্তিৰ বাবে খনিজ ইন্ধনবোৰ অপৰিহাৰ্য সম্পদ খনিজাত ইন্ধনসমূহ যেনে- কয়লা , পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ। আণৱিক শক্তি থকা খনিজ আদিক শক্তি লৌকিক উৎস বুলিব পাৰি। এই লৌকিক উৎসবোৰ, নিঃশেষ হব পৰা সম্পদ।
কয়লাঃ
কয়লা এবিধ অতি প্ৰয়োজনীয় খনিজ পদাৰ্থ। তাপবিদ্যুৎ শক্তি উৎপাদন কৰোতে আৰু আকৰিক লোৰ পৃথিকীকৰণ কাৰ্যত, প্ৰধানকৈ কয়লা ব্যৱহিত হয়। দুটা অতি প্ৰধান ভূতাত্ত্বিক কালত, যেনে- গণ্ডোৱানা আৰু টাৰ্চিয়াৰী যুগত ভূগৰ্ভত কয়লাৰ সৃষ্টি হৈছিল।
ভাৰতবৰ্ষৰ ৮০ শতাংশ কয়লা ভাণ্ডাৰ, বিটুমিনাচ জাতীয় আৰু কমকৈ ধোঁৱায়। আটাইতকৈ উল্লেখযোগ্য গণ্ডোৱানা কয়লাক্ষেত্ৰসমূহ, ভাৰতবৰ্যৰ দামোদৰ উপত্যকাত অৱস্থিত। এইবোৰ ঝাৰখণ্ড আৰু বংগদেশৰ কয়লা পোৱা অঞ্চলত আছে আৰু উল্লেখযোগ্য কয়লাক্ষেত্ৰসমূহ হল ত্ৰুমে ৰাণিজগঞ্জ, ঝৰিয়া, বোকাৰো, গিৰিধি আৰু কৰুণপুক।
ৰামিগঞ্জৰ পিচতে ঝৰিয়া এক বিশাল কয়লাক্ষেত্ৰ। কয়লাৰ সৈতে জড়িত থকা অন্যান্য নদী উপত্যকাবোৰ হল ত্ৰুমে গোদাবৰী, মহানদী, আৰু সোণ। আটাইতকৈ প্ৰয়োজনীয় কয়লাখিনিৰ কেন্দ্ৰসমূহ হল, মধ্যপ্ৰদেশৰ শিংগ্ৰোলী, ছত্তীশগড়ৰ কোৰবা, উৰিষ্যাৰ তালছেৰ আৰু ৰামপুৰ, মহাৰাষ্ট্ৰৰ চন্দা - ৱাৰধা, কাম্পটি আৰু ভাণ্ডেৰ আৰু অন্ধ্ৰপ্ৰদেশৰ ছিংগাৰেনী আৰু পাণ্ডুৰ ইত্যাদি।
টাৰ্চিয়াৰী যুগৰ কয়লা, অসম, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডত পোৱা যায়। মেঘালয়ৰ দৰংগিৰি, চেৰাপুঞ্জী, মেডলং আৰু লেনগ্ৰিন, অলমৰ উজনি অঞ্চলৰ মাকুম, জয়পুৰ আৰু নাজিৰা, অৰুণাচল প্ৰদেশৰ নামাছিক - নাম্ফুক আৰু জম্মু আৰু কাশ্মীৰৰ কালাকট আদিৰ পৰা কয়লা আহৰণ কৰা হয়।
ইয়াৰ বাহিৰেও তামিলনাডু, পুণ্ডুচেৰী আৰু গুজৰাটৰ উপকূলীয় অঞ্চলত আৰু জম্মু আৰু কাশ্মীৰত লিগনাইট বা মুগাবৰণৰ কয়লা পোৱা যায়।
পেট্ৰলিয়ামঃ
বিভিন্ন ৰাসায়নিক উপাদান, বৰণ আৰু আপেক্ষিক ভাৰ থকা হাইড্ৰকাৰ্বনৰ দ্বাৰা, খাৰুৱা তেল গঠন হয়। গাড়ী - মটৰ, ৰেলগাড়ী আৰু উৰাজাহাজৰ অন্নৰ্দহনত্ৰিয়া থকা ইঞ্জিনবোৰৰ ই এক অপৰিহাৰ্য শক্তিৰ উৎস। পেট্ৰলিয়ামৰ পৰা বহুতো উপদ্ৰব্য পেট্ৰৰাসায়নিক জৰিয়তে উৎপাদিত হৈ আছে। যেনে- ৰাসায়নিক সাৰ, সংশ্লেষিক সূতা, দৰব, ভেছলিন, পিছল কৰা বস্ত, মম, চাবোন আৰু অন্যান্য় প্ৰসাধন সামগ্ৰী।
টাৰ্চিয়াৰী যুগৰ পৰাই, স্তৰীভূত শিলৰ ফাকে খৰুৱা তেলবোৰ জমা হৈ আছে। ১৯৫৬ চনত, যেতিয়া তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন হল, তাৰ পিছৰ পৰা অনুসন্ধান আৰু উৎপাদন কৰিবলৈ লোৱা কামবোৰ পদ্ধতিমূলকভাৱে কৰা হল। তাৰ আগতে অসমৰ ডিগবৈ, একমাত্ৰ তেল উৎপাদনকাৰী অঞ্চল হিচাপে পৰিগণিত হৈ আছিল। কিন্ত ১৯৫৬ চনৰ পিচত এই দৃশ্যপটৰ সলনি হবলৈ ললে। বৰ্তমান সময়ছোৱাত দেশৰ একেবাৰে পশ্চিম আৰু পূবৰ বহুতো অংশত নতুন তৈল সম্ভাৰৰ সন্ধান পোৱা গৈছে. অসমৰ ডিগবৈ, নাবৰকটীয়া আৰু মৰাণ উল্লেখযোগ্য তেল উৎপাদনকাৰী অঞ্চল। গুজৰাটৰ, অংকলেশ্বৰ, কালল, মেহচানা, নৱাগাম, কোচাম্বা আৰু লুনেজ আদি মুখ্য তৈলক্ষেত্ৰ অঞ্চল। মুম্বাইৰ পৰা ১৬০ কিলোমিটাৰৰ দূৰত্বত মুম্বাই হাই তৈলক্ষেত্ৰৰ সম্ভেদ পোৱা গৈছিল আৰু ১৯৭৬ চনৰ পৰা উৎপাদনৰ কাম আৰম্ভ কৰা হৈছিল. কৃষ্ণা - গোদাবৰী আৰু পূব উপকূলত থকা কাবেৰী অৱবাহিকা অঞ্চলত তেল আৰু প্ৰাকৃতিক গেছৰ খাদৰ সম্ভেদ পোৱা গৈছে।
তৈল খাদবোৰৰ পৰা আহৰণ কৰি অনা খাৰুৱা তেলবোৰৰ লগত বহুতো অশুদ্ধ পৰ্দাথ মিহলি হৈ থাকে। ইয়াক প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰিব নোৱাৰি। সেইবাবে সোধন কৰাৰ প্ৰয়োজন। ভাৰতবৰ্ষত দুইধৰণৰ শোধনাগাৰ আছেঃ
(ক) ক্ষেত্ৰৰ আধাৰত থকা আৰু (খ) বজাৰক কেন্দ্ৰ কৰি থকা। ক্ষেত্ৰৰ আধাৰত থকা শোধনাগাৰৰ উদাহৰণ হল, ডিগবৈ আৰু বজাৰকেন্দ্ৰিক শোধনাগাৰৰ উদাহৰণ হল বাৰাউনী।
ভাৰতত বৰ্তমান ১৮ টা শোধনাগাৰ আছে। এই শোদনাগাৰবোৰ থকা ৰাজ্যসমূহক চিনাক্ত কৰা।
প্ৰাকৃতিক গেছঃ
প্ৰাকৃতিক গেছৰ পৰিবহণ আৰু বজাৰৰ বাবে প্ৰাকৃতিক গেছ অথৰিটি অব্ ইণ্ডিয়া লিমিটেড নামেৰে এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ১৯৮৪ চনত গঢ় লৈ উঠে। এই প্ৰাকৃতিক গেছ, তেলৰ সৈতে তৈল ক্ষেত্ৰবোৰৰ পৰা আহৰণ কৰা হয়। তথাপিতো পূব ুপকূলীয় অঞ্চল, ত্ৰিপুৰা, ৰাজস্থান আৰু গুজৰাট আৰু মহাৰাষ্ট্ৰ পশ্চাৎ উপকূলীয় অঞ্চলবোৰৰ খাদবোৰত, ইয়াক একচেটীয়া সম্পদ হিচাপে পোৱা যায়।
Type - Boby bora