ভাৰতত কৃষিৰ অগ্ৰগতিঃ
ভাৰত এখন কৃষিপ্ৰধান অৰ্থব্যৱস্থাৰ দেশ। ২০০১ চনত দেশৰ ৫৩ শতাংশ অধিবাসীয়েই কৃষিজীৱী আছিল। তদুপৰি দেশখনৰ প্ৰায় ৫৭ শতাংশ ভৌগোলিক ক্ষেত্ৰ কৃষিকাৰ্য উদ্দেশ্যে ব্।ৱহাৰ কৰা হৈছিল। ইয়াৰ বিপৰীতে সমগ্ৰ পৃথিৱীৰ মুঠ ভূমি এলেকাৰ মাত্ৰ ১২ শতাংশ কৃষিক্ষেত্ৰ ৰূপত ব্যৱহাৰ ঘটা দেখা যায়। ইফালে দেশখন অত্যন্ত জনবহুল হোৱাৰ কাৰণে পৃথিৱীৰ সামগ্ৰিকভাৱে জনমূৰি কৃষিভূমিৰ পৰিমাণ ০.৫৯ হেক্টৰ হোৱাৰ বিপৰীতে ভাৰতত জনমুৰি কৃষিভূমিৰ পৰিমাণ মাত্ৰ ০.৩১ হেক্টৰ। অৱশ্যে অনেকধৰণৰ প্ৰাকৃতিক আৰু সামাজিক সমস্যাৰ মাতজেই ভাৰতৰ এই কৃষিখণ্ডটোৱে বিশেষকৈ দেশখনৰ স্বাধীনতাপ্ৰাপ্তিৰ পাছৰ কালছোৱাত উল্লেখযোগ্য মাত্ৰাত উন্নতি লাভ কৰিছে। এই কৃষি খণ্ডটোৱে দেশৰ বৰ্তমান ১,০২৭ নিযুত অধিবাসী আৰু ৬৩০ নিযুত পশুধনৰ খাদ্যসম্ভাৰ যোগান ধৰাৰ লগতে আন ভালেমান উদ্যোগৰ কেঁচামালৰ অভাৱ দূৰ কৰিবলৈ সক্ষম হৈছে।
কৃষি উন্নয়নৰ কৌশলঃ
স্বাধীনতা লাভৰ আগলৈকে কৃষি প্ৰণালীটো প্ৰধানভাৱে পোষক অৰ্থনীতিকেন্দ্ৰিক আছিল। কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ সামৰণিপৰ্যন্ত ভাৰতৰ এই কৃষি প্ৰণালীটো সম্পূৰ্ণ অনিশ্চয়তাৰ অৱস্থা এটাৰ মাজেৰেই আগুৱাই আহি আছিল। সেয়েহে তেতিয়াৰ এই কৃষি ব্যৱস্থাৰ লগত অনাবৃষ্টিজনিত উৎপাদন হ্ৰাস আৰু তাৰ ফলত হোৱা সঘন দুৰ্ভিক্ষৰ অৱস্থাসমূহ সততে জড়িত হৈ আছিল। ইফালে দেশ বিভাজনৰ ফলশ্ৰুতিস্বৰূপে বিভাজনপূৰ্ব ভাৰতৰ এক তৃতীসাংশ জলসিঞ্চন এলেকা পাকিস্তানত সোমাই পৰিল। ফলত সুনিশ্চিত উৎপাদনৰ সুবৃহৎ এলেকা এটাৰ পৰা ভাৰতীয় কৃষি প্ৰণালীটো হঠাৎ বঞ্চিত হল। তেনে এক জটিল পৰিস্থিতিত ভাৰত খাদ্য - শস্যৰ পথাৰত উৎপাদনৰ পৰিমাণ বৃদ্ধি আৰু (৩) চন পৰা অথবা আন সকলোধৰণৰ পতিতভূমিত কৃষিকাৰ্য বিস্তাৰৰ জৰুৰী কাৰ্যসূচী গ্ৰহণ অবিকল্প হৈ পৰিল। প্ৰাথমিক পৰ্যায়ত এই তিনিধৰণৰ কাৰ্যপন্থাৰ পৰা কিছু সুফল পোৱা গৈছিল যদিও পঞ্চাশৰ দশকতোৰ সামৰণিৰ ফালে দেশত খাদ্যশস্যৰ উৎপাদন পুনৰ স্থবিৰ হৈ আহে। তেনেস্থলত জিলাভিত্তিক গহন কৃষি আঁচনি আৰু গহন কৃষি এলেকা আঁচনি নামৰ আন দুখন আঁচনিও হাতত লোৱা হয়। কিন্ত ষাঠিৰ দশকটোৰ মাজভাগতে লগালগিকৈ হোৱা দুটা খৰাংপীড়নৰ ফলত দেশত খাদ্য শস্যৰ তীব্ৰ অনাটন সৃষ্টি হয়। মূৰকত দেশখনে প্ৰচুৰ পৰিমাণে খাদ্য - শস্য আমদানি কৰিবলগা হয়।
১৯৫০ৰ দশকত মেক্সিকোত নতুনকৈ উদ্ভাৱন কৰা কৃত্ৰিম জাতৰ বীজ প্ৰয়োগৰ ফলত হেক্টৰে প্ৰতি ঘেঁহুৰ উৎপাদন ২.৫ গুণ বৃদ্ধি পাইছে। প্ৰায় ওচৰা - উচৰিকৈয়ে ফিলিপাইনত অনুৰূপ আৰ্হিৰ ধানৰ সঁচা উদ্ভাৱন হৈছিল। এনেবোৰ অধিক উৎপাদনক্ষম শস্যৰ বীজ ষাঠিৰ দশকত বজাৰত কমুকলি হয়। লগে লগেই ভাৰততো এনেধৰণৰ উন্নত বীজ প্ৰয়োগৰ লগতে ইয়াৰ সমান্তৰাল গতিত জলসিঞ্চন আৰু ৰাসায়নিক সাৰ প্ৰয়োগৰ এক সামগ্ৰিক কাৰ্যসূচীৰ অধীনত খাদ্য - শস্যৰ উৎপাদনৰ ক্ষিপ্ৰ প্ৰত্ৰুিয়া এটা আৰম্ভ হয়। প্ৰাৰম্ভিক পৰ্যায়ত পঞ্জাব, হাৰিয়ানা, উত্তৰপ্ৰদেশৰ পশ্চিম এলেকা, অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাটৰ জলসিঞ্চন এলেকাবোৰত এই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত কৰা হয়। এই কাৰ্যসূচীৰ মাধ্যমত ধাৰাবাহিক গতিত খাদ্য শস্যৰ উৎপাদন বৃদ্ধিৰ দেশব্যাপী পৰিত্ৰুমাটোৰ বাবেই সেউজ বিপ্লৱ। পৰীক্ষামূলকভাৱে ১৯৬৪ চনত লুধিয়ানা, দিল্লী, কানপুৰ আৰু উত্তৰ বিহাৰৰ পুসা নামৰ ঠাইত ঘেঁহুৰ উৎপাদন আগৰ চাৰিগুণলৈ বৃদ্ধি ঘটাই ভাৰতত আচল অৰ্থৰ সেউজ বিপ্লৱৰ সূচনা কৰা হয়। পৰৱৰ্তী পৰ্যায়ত এই বিপ্লৱৰ সুফল হিচাপে ১৯৬৭ - ৬৮ চনৰ কৃষিবৰ্ষত ঠিক আগৰটো বছৰৰ তুলনাত মুঠ খাদ্য শস্যৰ উৎপাদন ২৫ শতাংশ বৃদ্ধি কৰি সৰ্বকালৰ নজিৰ প্ৰতিষ্ঠা হয়।
সেউজ বিপ্লৱৰ তাৎক্ষণিক সুফল হিচাপে দেশত বিভিন্ন প্ৰকাৰৰ কৃষিজাত দ্ৰব্যৰ লগতে খাদ্য প্ৰস্ততকৰণকে ধৰি ভালেমান ক্ষুদ্ৰ উদ্যোগ বৃদ্ধি পায়। তদুপৰি কৃষি ফন্নয়নৰ একেটা সমৰ - নীতিৰ বলত আমাৰ দেশ খাদ্য - শস্যৰ ক্ষেত্ৰত স্বাৱলম্বী হৈ উঠে। কিন্ত এই সেউজ বিপ্লৱ পৰিত্ৰুমাটো দেশৰ জলসিঞ্চন এলেকাৰ পৰিসৰত সীমাবদ্ধ হৈ পৰাত কৃষি উৎপাদন আৰু ইয়াক আশ্ৰয় কৰি গঢ় লোৱা অৰ্থনৈতিক উন্নয়ন ৰাষ্ট্ৰব্যাপী আঞ্চলিক বৈষম্যই মূৰ দাঙি উঠে। অৱশ্যে সত্তৰৰ দশকৰ পৰা সেউজ বিপ্লৱজনিত এনে আঞ্চিক বৈষম্য আঁতৰ কৰাৰ নতুন এলানি প্ৰচেষ্টাও আৰম্ভ হয়।
১৯৮০ৰ দশকত পৰিকল্পনা আয়োগে বৃষ্টিনিৰ্ভৰ এলেকাবোৰত কৃষিকাৰ্যৰ সাম্ভব্য সমস্যাৱলী সম্বন্ধে গভীৰ সনোনিৱেশ আৰম্ভ কৰে। দেশব্যাপী কৃষিকাৰ্য উন্নয়নৰ ভাৰসাম্য প্ৰতিষ্ঠাৰ লক্ষ্য আগত লৈ ১৯৮৮ চনত এই আয়োগে কৃষি - জলবায়ু পৰিকল্পনা কাৰ্যসূচী আৰম্ভ কৰে। এই অনুসৰি আয়োগে জলবায়ুৰ লগত সংগতি ৰক্ষা হোৱাকৈ বিভিন্ন অঞ্চলত শস্যৰ শ্ৰেণী পৰিৱৰ্তনৰ লগতে কৃষিকাৰ্যৰ সমান্তৰালভাৱেই দুগ্ধ - উৎপাদন, হাঁহ - কুকুৰা পালন, উদ্যান কৃষি, পশুপালন আৰু মীন পালন প্ৰভৃতি কৃষিৰ আনুশংগিক ক্ষেত্ৰসমূহ সাম্প্ৰসাৰণ কৰাত মনোযোগ দিয়ে।
১৯৯০ চনৰ পাছৰ সময়ত ভাৰতত মুক্ত অৰ্থনীতি আৰু উদাৰ বাণিজ্যিক নীতিয়ে খোপনি লোৱাৰ ফলশ্ৰুতিস্বৰূপে দেশৰ কৃষিখণ্ডৰ ওপৰত এলানি নতুন প্ৰভাৱ আৰম্ভ হয়। গ্ৰামাঞ্চলসমূহত প্ৰয়োজনীয় অৱস্থাপক সা - সুবিধাৰ সীমাবদ্ধতা, অনুপূৰ্তি ব্যৱস্থা আৰু নিম্নতম বিত্ৰুীমূলৰ অৱসান আৰু গ্ৰাম্য কৃষি ঋণ প্ৰভৃতি পূৰ্বতে বাহাল থকা বহুধৰণৰ সা -সুবিধা ওৰ পৰাৰ ফলত সাম্প্ৰতিক ভাৰতৰ কৃষি খণ্ডটোত আন্তঃআঞ্চলিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি আন্তঃব্যক্তি পৰ্যায়লৈকে আন এলানি বৈষম্যজনিত সমস্যা ত্ৰুমে ঘনীভূত হোৱাৰ আশংকা আহি পৰিছে।
কৃষি প্ৰযুক্তি আৰু উৎপাদন বৃদ্ধিঃ বিগত ছয় দশকৰ সময়ছোৱাত ভাৰতৰ কৃষি খণ্ডটোত উন্নত কৃষি প্ৰযুক্তিৰ প্ৰয়োগ আৰু ইয়াৰ ফলোদ্ভৱ ত্ৰুমবৰ্ধমান উৎপাদনৰ গতিধাৰা মন কৰিবলগীয়া।
স্বাধীনোত্তৰ ভাৰতত ১৯৫০ চনৰ পৰা ২০০৩ চনৰ সময়ছোৱাত ধানৰ উৎপাদন ৪.২৩ গুণ আৰু ঘেঁহুৰ উৎপাদন ১১.১৫ গুণ বৃদ্ধি পাইছে। একেছোৱা সময়ৰ পৰিসৰত অন্যান্য শস্যসমূহৰ ভিতৰত কুঁহিয়াৰ(৪.১৪ গুণ), তৈলবীজ আৰু কপাহ(৪.৫ গুণ) উৎপাদনৰ পৰিমাণো চকুত লগাকৈ বাঢ়িছে। মাহজাতীয় শস্য, চাহ, মৰাপাট আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীত প্ৰথম। আনহাতে ধান, ঘেঁহু, কুঁহিয়াৰ, বাদাম আৰু শাক - পাচলি উৎপাদনত ভাৰতৰ স্থান পৃথিৱীত দ্বিতীয়।
ভাৰতৰ সামগ্ৰিক কৃষি, উন্নয়ন কাৰ্যসূচীৰ জলসিঞ্চনৰ প্ৰভাৱ শক্তিশালী। কাৰণ, জলসিঞ্চনৰ সুব্যৱস্থা থকা পথাৰতহে উন্নত জাতৰ বীজ আৰু ৰাসায়নিক সাৰ প্ৰয়োগৰ সহায়ত আশানুৰূপ উৎপাদন বৃদ্ধি সম্ভৱ হয়। জলসিঞ্চন, উন্নত জাতৰ বীজ আৰু ৰাসায়নিক সাৰ প্ৰয়োগৰ দৰে কৃষিপ্ৰযুক্তিৰ উপৰি শস্য নিৰাপদে ৰখাৰ প্ৰয়োজনসাপেক্ষে কীট নাশক ঔষধৰ প্ৰয়োগ আৰু মাটি চহোৱাৰ পৰা শস্য চপোৱাৰ পৰ্যায়লৈকে বহুধৰণৰ অপৰম্পৰাগত সা - সজুলিৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। ইফালে ১৯৫০ - ২০০০ চনৰ কালছোৱাত দেশত নিগুটি জলসিঞ্চন ক্ষেত্ৰৰ পৰিসৰ ২০.৮৫ নিযুত হেক্টৰৰ পৰা ৫৪.৬৬ নিযুত হেক্টৰলৈ বৃদ্ধি ঘটিছে। তদুপৰি এই সময়ছোৱাত একোটা কৃষিবৰ্ষত একাধিকবাৰ জলসিঞ্চন ঘটোৱা কৃষিভূমিৰ পৰিমাণো ১.৭১ নিযুত হেক্টৰৰ পৰা ২০.৪৬ নিযুত হেক্টৰলৈ সম্প্ৰসাৰণ কৰা হৈছে।
দেশৰ শস্যক্ষেত্ৰসমূহত কৃষি - প্ৰযুক্তিৰ প্ৰয়োগ দ্ৰুতগতিত বৃদ্ধি পাবলৈ লাগিছে। ষাঠিৰ দশকৰ মাজভাগৰ পৰা ২০০২ চনৰ ভিতৰত দেশৰ কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰৰ প্ৰয়োগ ১৫ গুণ বাঢ়িছে। ২০০২ -০৩ চনৰ কৃষিবৰ্ষত পৃথিৱীৰপ্ৰতি হেক্টৰ কৃষিভূমিৰত গড়ে ৯০ কিলোগ্ৰামকৈ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ বিপৰীতে ভাৰতত এই নিৰিখ ৯১ কিলোগ্ৰাম। পঞ্জাব, হাৰিয়ানা, প্ৰভৃতি কৃষিসমৃদ্ধ প্ৰদেশৰ ক্ষেত্ৰত সাৰ প্ৰয়োগৰ পৰিমাণ ৰাষ্ট্ৰীয় পৰিসংখ্যাৰ তিনি - চাৰি জোখ বৃদ্ধি পোৱাও দেখা গৈছে। অধিক উৎপাদনক্ষম শস্যৰ প্ৰজাতিসমূহ নানাবিধ ৰোগ আৰু পোক বৰুৱাৰ আত্ৰুমণৰ প্ৰতিও অধিক সংবেদনশীল হোৱাৰ পৰিপ্ৰেক্ষিতত এনেবোৰ প্ৰজাতিৰ শস্যক্ষেত্ৰত ষাঠিৰ দশকৰ পৰা ঔষধ আৰু কীটনাশক প্ৰয়োগ বৃদ্ধি পাইছে।
Type-Boby Bora
Post ID : DABP004756